Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২১

প্ৰকাশিত বাক্যত আমাৰ ভৱিষ্যতৰ বাবে আশা

প্ৰকাশিত বাক্যত আমাৰ ভৱিষ্যতৰ বাবে আশা

“আমেন; হে প্ৰভু যীচু, আহক।”—প্ৰকা. ২২:২০.

গীত ১৪২ নিজৰ আশাক দৃঢ়তাৰে ধৰি ৰাখক

লেখৰ এক আভাস *

১. বৰ্তমান সময়ত বহুতোলোকে কি গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা আৱশ্যক?

 বৰ্তমান সময়ত বহুতোলোকে এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱাটো আৱশ্যক। তেওঁলোকে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শাসনকৰ্তা যিহোৱাক সমৰ্থন কৰিব নে তেওঁৰ শত্ৰু চয়তানক? তেওঁলোকে দুখন নাৱত একেলগে কেতিয়াও ভৰি দিব নোৱাৰে। তেওঁলোকে যি নিৰ্ণয় লʼব, তাৰপৰা তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হʼব, সেয়া নিৰ্ধাৰিত আছে। (মথি ২৫:৩১-৩৩, ৪৬) “মহা-ক্লেশৰ” সময়ছোৱাত যেতিয়া লোকসকলৰ ন্যায় কৰা হʼব, তেতিয়া এয়া নিৰ্ণয় লোৱা হʼব যে কোন লোকসকল ৰক্ষা পৰিব আৰু কোন লোকসকল নাশ হʼব।—প্ৰকা. ৭:১৪; ১৪:৯-১১; যিহি. ৯:৪, ৬.

২. (ক) ইব্ৰী ১০:৩৫-৩৯ পদত আমাক কি কৰিবলৈ উৎসাহিত কৰিছে? (খ) প্ৰকাশিত বাক্য কিতাপখনৰ কথাবোৰ মনত ৰাখিলে আমি কি কৰিব পাৰিম?

ইব্ৰী ১০:৩৫-৩৯ পঢ়ক। যদি আপুনি যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰিবলৈ নিৰ্ণয় লৈছে, তেনেহʼলে আপুনি সঠিক নিৰ্ণয় লৈছে। এতিয়া আনকো এই নিৰ্ণয় লʼবলৈ আপুনি তেওঁলোকক সহায় কৰিব বিচাৰিছে। ইয়াৰ বাবে আপুনি প্ৰকাশিত বাক্য কিতাপত লিখা কথাবোৰ মনত ৰাখিব পাৰে। ইয়াত ঈশ্বৰৰ শত্ৰুসকলৰ কি অৱস্থা হʼব, তাৰ বিষয়ে কোৱা হৈছে। ইয়াৰ উপৰিও যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকে কি কি আশীৰ্বাদ লাভ কৰিব, তাৰ বিষেয়ও কোৱা হৈছে। যদি আপুনি এই কথাবোৰ পঢ়ে আৰু তাৰ বিষয়ে চিন্তা কৰে, তেনেহʼলে সমস্যা আহিলেও আপুনি যিহোৱাৰ সেৱা কৰি থাকিব পাৰিব। ইয়াৰ লগতে আপুনি আনক সহায় কৰি থাকিব পাৰিব, যাতে তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লয় আৰু তেওঁৰ সেৱা কৰি থাকে।

৩. এই লেখত আমি কি কি প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম?

এই লেখত আমি বিশেষকৈ দুটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। (১) যিসকল লোকে যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰিব, তেওঁলোকৰ কি হʼব? (২) যিসকল লোকে সেন্দুৰ বৰণীয়া পশুক সমৰ্থন কৰিব, তেওঁলোকৰ কি অৱস্থা হʼব?

বিশ্বাসী লোকসকলৰ বাবে পুৰস্কাৰ

৪. যোহনে স্বৰ্গত যীচুৰ লগত কাক থিয় হৈ থকা দেখিলে?

পাঁচনি যোহনে এটা দৰ্শনত দুটা সমূহৰ লোকসকলক দেখে, যিসকলে যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰে আৰু তেওঁলোকক অনন্ত জীৱন দিয়া হʼব। প্ৰথম সমূহত ১,৪৪,০০০ জন লোক আছে। (প্ৰকা. ৭:৪) তেওঁলোকে স্বৰ্গলৈ গৈ যীচুৰ লগত পৃথিৱীৰ লোকসকলৰ ওপৰত শাসন কৰিবলৈ তেওঁলোকক পৃথিৱীৰপৰা বাছনি কৰা হৈছে। (প্ৰকা. ৫:৯, ১০; ১৪:৩, ৪) যোহনে দেখে যে এই ১,৪৪,০০০ জন লোকে যীচুৰ লগত চিয়োন পৰ্বত অৰ্থাৎ স্বৰ্গত থিয় হৈ আছে।—প্ৰকা. ১৪:১.

৫. বাকী থকা অভিষিক্ত জনৰ ভৱিষ্যত কেনেকুৱা হʼব?

প্ৰথম শতিকাৰেপৰা ১,৪৪,০০০ জন লোকক বাছনি কৰা আৰম্ভ হʼল আৰু এতিয়ালৈকে ইয়াৰ মাজৰ হাজাৰ হাজাৰ লোক স্বৰ্গলৈ গʼল। (লূক ১২:৩২; ৰোম. ৮:১৭) যোহনক কোৱা হৈছিল যে শেষ-কালত পৃথিৱীত ইয়াৰ মাজৰ কিছুমান লোক “অৱশিষ্ট” অৰ্থাৎ বাকী থাকিব। মহা-ক্লেশ আৰম্ভ হোৱাৰ আগতে তেওঁলোকৰ ওপৰত শেষৰ “ছাব” মৰা হʼব। (প্ৰকা. ৭:২, ৩; ১২:১৭) ইয়াৰ পাছত মহা-ক্লেশৰ সময়ছোৱাত তেওঁলোকক স্বৰ্গলৈ নিয়া হʼব। সকলো ১,৪৪,০০০ জন লোকে যীচুৰ লগত মিলি ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব।—মথি ২৪:৩১; প্ৰকা. ৫:৯, ১০.

৬-৭. (ক) অভিষিক্ত খ্ৰীষ্টানসকলক দেখাৰ পাছত যোহনে কি দেখিলে? (খ) আমাৰ আশা স্বৰ্গত থকাৰ বাবে হওক বা পৃথিৱীত, আমি সকলোৱে কিয় প্ৰকাশিত বাক্য ৭ অধ্যায়ৰ ভৱিষ্যতবাণী পূৰ হোৱাটো চাবলৈ বিচাৰোঁ?

স্বৰ্গত ১,৪৪,০০০ জন লোকক দেখাৰ পাছত যোহনে কোনেও গনিব নোৱাৰা ‘এক বৰ লোকসমূহক’ দেখে। (প্ৰকা. ৭:৯, ১০) এই “বৰ লোকসমূহ” কোন? যোহনে এইদৰে লিখিছিল, “এওঁবিলাক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁবিলাকে মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।” (প্ৰকা. ৭:১৪) মহা-ক্লেশৰপৰা ওলাই অহাৰ পাছত এই ‘বৰ লোকসমূহে’ পৃথিৱীত সদায় কাললৈকে জীয়াই থাকিব আৰু তেওঁলোকে বহুতো আশীৰ্বাদ পাব।—গীত. ৩৭:৯-১১, ২৭-২৯; হিতো. ২:২১, ২২; প্ৰকা. ৭:১৬, ১৭.

কল্পনা কৰক, যেতিয়া প্ৰকাশিত বাক্য ৭ অধ্যায়ত উল্লেখ কৰা কথাবোৰ পূৰ হʼব, তেতিয়া আমি কেনে অনুভব কৰিম। এয়া সঁচাকৈ বহুত আনন্দৰ পৰিস্থিতি হʼব! আমাৰ আশা স্বৰ্গত জীয়াই থকাৰ বাবে হওক বা পৃথিৱীত, সেইসময়ত যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰাৰ বাবে আমি সকলোৱে বৰ আনন্দিত হʼম। কিন্তু আহক চাওঁ যে মহা-ক্লেশৰ সময়ছোৱাত ঈশ্বৰৰ শত্ৰুসকলৰ কি অৱস্থা হʼব।—মথি ২৪:২১.

বিৰোধীসকলৰ বেয়া পৰিণাম

৮. (ক) কোনটো ঘটনাৰপৰা মহা-ক্লেশ আৰম্ভ হʼব? (খ) বেছিভাগ লোকে কি কৰিব?

ইয়াৰ আগৰ লেখত আমি শিকিছিলোঁ যে জগতৰ চৰকাৰবোৰে অতি সোনকালে মহা-বাবিল অৰ্থাৎ গোটেই বিশ্বজুৰি বিয়পি থকা মিছা ধৰ্মবোৰ ধ্বংস কৰিব। (প্ৰকা. ১৭:১৬, ১৭) এই ঘটনাৰপৰা মহা-ক্লেশ আৰম্ভ হʼব। যেতিয়া সকলো ধৰ্ম ধ্বংস হʼব, তেতিয়া বহুতোলোকে যিহোৱাৰ উপাসনা কৰিব বিচাৰিবনে? এইদৰে নহʼব। প্ৰকাশিত বাক্য ৬ অধ্যায়ত লিখা আছে যে লোকসকলে পৰ্বতত লুকাব অৰ্থাৎ তেওঁলোকে চৰকাৰ আৰু বাণিজ্যিক জগতৰ ওপৰত ভৰসা কৰিব। তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক সমৰ্থন নকৰিব। সেইবাবে, যিহোৱাই তেওঁলোকক বিৰোধী বুলি কʼব।—লূক ১১:২৩; প্ৰকা. ৬:১৫-১৭.

৯. (ক) মহা-ক্লেশৰ সময়ছোৱাত যিহোৱাৰ লোকসকল কিয় আনতকৈ বেলেগ দেখা যাব? (খ) তেওঁলোকৰ লগত কি হʼব?

মহা-ক্লেশৰ এই কঠিন সময়ছোৱাত যিহোৱাৰ লোকসকলক, আনতকৈ বেলেগ দেখা যাব। কিয়নো কেৱল তেওঁলোকেহে নিজৰ ঈশ্বৰ যিহোৱাৰ উপাসনা কৰিব আৰু ‘পশুক’ সমৰ্থন নকৰিব। (প্ৰকা. ১৩:১৪-১৭) এয়া দেখি ঈশ্বৰৰ বিৰোধীসকলে বহুত খং কৰিব আৰু বহুতো ৰাষ্ট্ৰই মিলি ঈশ্বৰৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰিব। বাইবেলত ইয়াক মাগোগ দেশীয় গোগৰ আক্ৰমণ বুলি কোৱা হৈছে।—যিহি. ৩৮:১৪-১৬.

১০. যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ হোৱাৰ সময়ত যিহোৱাই কি কৰিব? (প্ৰকাশিত বাক্য ১৯:১৯-২১)

১০ যেতিয়া যিহোৱাৰ লোকসকলৰ ওপৰত আক্ৰমণ কৰা হʼব, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰিব? তেওঁ এইদৰে কৈছে, “মোৰ নাকত ক্ৰোধাগ্নি উঠিব।” (যিহি. ৩৮:১৮, ২১-২৩) প্ৰকাশিত বাক্য ১৯ অধ্যায়ত কোৱা হৈছে যে সেইসময়ত যিহোৱাই কি কৰিব। যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ আৰু শত্ৰুসকলক নাশ কৰিবলৈ নিজৰ পুত্ৰক পঠিয়াব। যীচুৰ লগত ‘স্বৰ্গীয় সৈন্যবিলাক’ অৰ্থাৎ বিশ্বাসী স্বৰ্গদূত আৰু ১,৪৪,০০০ জন লোকো থাকিব। (প্ৰকা. ১৭:১৪; ১৯:১১-১৫) এই যুদ্ধৰ পৰিণাম কি হʼব? যিসকল লোক আৰু সংগঠনে ঈশ্বৰৰ বিৰোধ কৰিব, তেওঁলোকক নাশ কৰা হʼব।—প্ৰকাশিত বাক্য ১৯:১৯-২১ পঢ়ক।

যুদ্ধৰ পাছত এখন বিয়া

১১. প্ৰকাশিত বাক্য কিতাপখনৰ শেষত কোনটো বিশেষ ঘটনাৰ বিষয়ে কোৱা হৈছে?

১১ যেতিয়া ঈশ্বৰৰ শত্ৰুসকলৰ ধ্বংস হʼব, তেতিয়া বিশ্বাসী লোকসকলে বহুত আনন্দিত হʼব। সেইসময়ত স্বৰ্গৰ পৰিস্থিতি কেনেকুৱা হʼব? মহা-বাবিল ধ্বংস হোৱাৰ সময়ত স্বৰ্গত বহুত আনন্দ কৰা হʼব। কিন্তু এতিয়া এনে এটা ঘটনা ঘটিব, যাৰ বাবে স্বৰ্গত তাতকৈ বেছি আনন্দ কৰা হʼব। (প্ৰকা. ১৯:১-৩) প্ৰকাশিত বাক্য কিতাপখনৰ শেষত ‘মেৰ পোৱালিৰ বিবাহ’ হʼব বুলি কোৱা হৈছে।—প্ৰকা. ১৯:৬-৯.

১২. প্ৰকাশিত বাক্য ২১:১, ২ পদৰ অনুসৰি মেৰ পোৱালিৰ বিয়া কেতিয়া হʼব?

১২ মেৰ পোৱালিৰ বিয়া কেতিয়া হʼব? হৰমাগিদোন আৰম্ভ হোৱাৰ কিছুসময়ৰ আগত সকলো ১,৪৪,০০০ জন লোক, স্বৰ্গত একগোট হʼব। কিন্তু সেইসময়ত এই বিয়া নহʼব। (প্ৰকাশিত বাক্য ২১:১, ২ পঢ়ক।) হৰমাগিদোনৰ যুদ্ধৰ পাছত যেতিয়া সকলো শত্ৰুৰ ধ্বংস হʼব, তাৰ পাছতহে মেৰ পোৱালিৰ বিয়া হʼব।—গীত. ৪৫:৩, ৪, ১৩-১৭.

১৩. মেৰ পোৱালিৰ বিয়াৰ অৰ্থ কি?

১৩ যেতিয়া এজন পুৰুষ আৰু তিৰোতাৰ বিয়া হয়, তেতিয়া তেওঁলোক এক হৈ পৰে। ঠিক সেইদৰে যেতিয়া মেৰ পোৱালিৰ বিয়া হʼব, তেতিয়া তেওঁ আৰু তেওঁৰ “কন্যা” অৰ্থাৎ ১,৪৪,০০০ জন লোক এক হৈ পৰিব। তেওঁলোকে একেলগে মিলি ১০০০ বছৰৰ বাবে পৃথিৱীত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিব।—প্ৰকা. ২০:৬.

এখন সুন্দৰ নগৰ আৰু তাৰপৰা পোৱা আশীৰ্বাদ

প্ৰকাশিত বাক্য ২১ অধ্যায়ত কোৱা হৈছে যে নতুন যিৰূচালেম ‘ঈশ্বৰৰ ওচৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামিছিল।’ ইয়াৰ অৰ্থ হৈছে হাজাৰ বছৰৰ সময়ছোৱাত এই নগৰৰ যোগেদি পৃথিৱীত ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলে বহুতো আশীৰ্বাদ পাব (অনুচ্ছেদ ১৪-১৬ চাওক)

১৪-১৫. প্ৰকাশিত বাক্য ২১ অধ্যায়ত ১,৪৪,০০০ জন লোকক কেনেকৈ চিত্ৰিত কৰা হৈছে? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৪ প্ৰকাশিত বাক্য ২১ অধ্যায়ত ১,৪৪,০০০ জন লোকক এখন সুন্দৰ নগৰ হিচাপে চিত্ৰিত কৰা হৈছে। এই নগৰৰ নাম হৈছে ‘নতুন যিৰূচালেম।’ (প্ৰকা. ২১:২, ৯) এই নগৰৰ ভিত্তিমূল ১২টা শিলৰ ওপৰত আছে। এই ১২টা শিলৰ ওপৰত “মেৰ পোৱালিৰ বাৰজন পাঁচনিৰ বাৰটা নাম লিখা আছে।” যেতিয়া যোহনে দৰ্শনত এয়া দেখিলে, তেতিয়া তেওঁ হয়তো আচৰিত হৈছিল। এটা শিলৰ ওপৰত তেওঁৰ নিজৰ নামো আছিল! এয়া দেখি তেওঁ হয়তো বৰ আনন্দিত হৈছিল।—প্ৰকা. ২১:১০-১৪; ইফি. ২:২০.

১৫ এই নগৰখন একেবাৰে বেলেগ। ইয়াৰ দীঘল, পথালি আৰু ওখ চাৰিওফালে সমান। এই নগৰৰ মূখ্য আলিবাট শুদ্ধ সোণেৰে বনোৱা আছে। ইয়াৰ বাৰখন দুৱাৰ মুকুতাৰে বনোৱা হৈছে আৰু নগৰৰ দুৱাৰ আৰু গাঁথনি অৰ্থাৎ দেৱাল আটাইবিধ বহুমূলীয়া মণিৰে সজোৱা হৈছে। (প্ৰকা. ২১:১৫-২১) কিন্তু সেই নগৰখনত এটা বস্তু নাই। যোহনে এইদৰে কৈছে, “তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ; কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালিয়েই তাৰ মন্দিৰ। সেই নগৰত দীপ্তি দিবৰ কাৰণে, সূৰ্য্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ পোৱালিয়েই তাৰ প্ৰদীপস্বৰূপ।” (প্ৰকা. ২১:২২, ২৩) সকলো অভিষিক্ত খ্ৰীষ্টানে স্বৰ্গত যিহোৱাৰ লগত থাকিব, সেইবাবে তেওঁলোকক কোনো মন্দিৰৰ প্ৰয়োজন নহʼব। (প্ৰকা. ২২:৩, ৪) ইয়াৰ উপৰিও যীচু স্বৰ্গত মহাপুৰোহিত হʼল আৰু তেওঁৰ নেতৃত্বত সকলো অভিষিক্ত জনে যিহোৱাৰ পবিত্ৰ সেৱা কৰিব। (ইব্ৰী ৭:২৭) এই কাৰণবোৰৰ বাবে যিহোৱা আৰু যীচুক নতুন যিৰূচালেমৰ মন্দিৰ বুলি কোৱা হৈছে।

“নদী” আৰু ‘বৃক্ষৰপৰা’ কোনে লাভৱান হʼব? (অনুচ্ছেদ ১৬-১৭ চাওক)

১৬. ঈশ্বৰৰ ৰাজ্যৰ হাজাৰ বছৰৰ শাসনৰ সময়ছোৱাত লোকসকলে কি কি আশীৰ্বাদ পাব?

১৬ যদিও নতুন যিৰূচালেমৰ ভৱিষ্যতবাণী বিশেষকৈ অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে হয়, তথাপি যিসকলে এই পৃথিৱীত জীয়াই থাকিবলৈ আশা ৰাখে তেওঁলোকেও এই কথাৰ ওপৰত ধ্যান দিয়া উচিত। ঈশ্বৰৰ ৰাজ্যৰ হাজাৰ বছৰৰ সময়ছোৱাত নতুন যিৰূচালেমৰ বাবে পৃথিৱীত থকা লোকসকলে বহুতো আশীৰ্বাদ পাব। যোহনে এই আশীৰ্বাদবোৰক “জীৱন-জলৰ নদী” বুলি কৈছে। তেওঁ এয়াও কৈছে যে নদীৰ দুয়োপাৰে “জীৱন-বৃক্ষ” আছে। যাৰ পাতৰপৰা “জাতিবিলাক সুস্থ” হʼব। (প্ৰকা. ২২:১, ২) “নদী” আৰু ‘বৃক্ষৰ’ অৰ্থ হৈছে ঈশ্বৰৰ এনে ব্যৱস্থা, যাৰ যোগেদি লোকসকলে হাজাৰ বছৰৰ সময়ছোৱাত সিদ্ধ হৈ পৰিব। তেতিয়া কোনেও বেমাৰ নহʼব আৰু দুখ-কষ্ট নাথাকিব।—প্ৰকা. ২১:৩-৫.

১৭. হাজাৰ বছৰৰ সময়ছোৱাত কোন লোকসকলে আশীৰ্বাদ পাব? (প্ৰকাশিত বাক্য ২০:১১-১৩)

১৭ হাজাৰ বছৰৰ সময়ছোৱাত কোন লোকসকলে এই আশীৰ্বাদ পাব? প্ৰথমতে হৰমাগিদোনৰপৰা ৰক্ষা পৰি ওলাই অহা বৰ লোক সমূহ। নতুন পৃথিৱীত যদি তেওঁলোকৰ কোনো সন্তান জন্ম হয়, তেনেহʼলে তেওঁলোকেও এই আশীৰ্বাদ পাব। ইয়াৰ উপৰিও প্ৰকাশিত বাক্য ২০ অধ্যায়ত কোৱা হৈছে যে মৃত লোকসকলক পুনৰ জীৱিত কৰা হʼব, সেই লোকসকলেও এই আশীৰ্বাদ পাব। (প্ৰকাশিত বাক্য ২০:১১-১৩ পঢ়ক।) যিসকল লোকক জীৱিত কৰা হʼব, তেওঁলোকৰ মাজত ধাৰ্মিক আৰু অধাৰ্মিক দুয়োটাই থাকিব। ইয়াৰ অৰ্থ এয়া নেকি যে যিমান লোকৰ মৃত্যু হৈছে, সেই সকলো লোকক পুনৰ জীৱিত কৰা হʼব? নহয়। “ধাৰ্ম্মিক” ইয়াৰ অৰ্থ হৈছে যিসকল লোকে যিহোৱাৰ বিশ্বাসী আছিল আৰু তাৰ পাছত তেওঁলোকৰ মৃত্যু হʼল আৰু ‘অধাৰ্ম্মিকৰ’ অৰ্থ হৈছে যিসকল লোকে যিহোৱাৰ বিষয়ে শিকিবলৈ সুযোগ নাপালে। (পাঁচ. ২৪:১৫; যোহ. ৫:২৮, ২৯) কিন্তু যিসকল লোকে যিহোৱাৰ বিষয়ে শিকিবলৈ সুযোগ পাইছিল, তথাপি এইদৰে নকৰিলে, তেওঁলোকক দুষ্ট বুলি কোৱা হʼব আৰু তেওঁলোকক জীৱিত কৰা নহʼব।—মথি ২৫:৪৬; ২ থিচ. ১:১০; প্ৰকা. ১৭:৮; ২০:১৫.

শেষ পৰীক্ষা

১৮. হাজাৰ বছৰ শাসন শেষ হোৱালৈকে কি হʼব?

১৮ হাজাৰ বছৰৰ শাসন শেষ হোৱালৈকে গোটেই পৃথিৱীৰ লোকসকলে লাহে লাহে সিদ্ধ হৈ পৰিব। আদমৰপৰা পোৱা পাপ আৰু তাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে শেষ হৈ যাব। (ৰোম. ৫:১২) এইদৰে মানৱজাতিয়ে আগতে পাপৰ বাবে মৃত্যু হোৱা যেন আছিল, কিন্তু ‘হাজাৰ বছৰ পূৰ হোৱালৈকে তেওঁলোকে জীৱিত’ হʼব।—প্ৰকা. ২০:৫.

১৯. শেষ পৰীক্ষা কিয় হʼব?

১৯ হাজাৰ বছৰ পূৰ হোৱাৰ পাছত চয়তানক অগাধ ঠাইৰপৰা মুকলি কৰা হʼব আৰু সি সকলো সিদ্ধ মানৱজাতিৰ ওপৰত পৰীক্ষা আনিব। (প্ৰকা. ২০:৭) যীচু সিদ্ধ হোৱাৰ সত্ত্বেও চয়তানে তেওঁৰ পৰীক্ষা লৈছিল, তথাপি যীচু, যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিল। শেষ পৰীক্ষাৰ সময়ছোৱাত প্ৰতিজন সিদ্ধ মানুহে এয়া প্ৰমাণ কৰিবলৈ সুযোগ পাব যে তেওঁলোকে যিহোৱাৰ বিশ্বাসী হৈ থাকিব নে নাথাকিব। সেইসময়ত যিসকলে যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তেওঁলোকে অনন্ত জীৱন লাভ কৰিব আৰু প্ৰকৃত অৰ্থত মুক্তি পাব। (ৰোম. ৮:২১) কিন্তু যিসকল লোকে তেওঁৰ বিশ্বাসী হৈ নাথাকে, তেওঁলোকক চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ লগত চিৰকালৰ বাবে ধ্বংস কৰা হʼব।—প্ৰকা. ২০:৮-১০.

২০. প্ৰকাশিত বাক্য কিতাপত দিয়া ভৱিষ্যতবাণীৰ বিষয়ে জানি আপোনাক কেনে লাগিল?

২০ প্ৰকাশিত বাক্য কিতাপৰপৰা আলোচনা কৰি আপুনি কেনে পালে? ইয়াত দিয়া ভৱিষ্যতবাণীবোৰ কেনেকৈ পূৰ হʼব আৰু তাত আপুনিও উপস্থিত থাকিব, তাৰ বিষয়ে চিন্তা কৰি আপুনি আচৰিত নহʼলনে? আনক যিহোৱাৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিবলৈ আপুনি অনুপ্ৰাণিত নহʼলনে? (প্ৰকা. ২২:১৭) সঁচাকৈ আমি সকলোৱে এইদৰে অনুভৱ কৰিলোঁ আৰু আমিও পাঁচনি যোহনৰ দৰে কʼব বিচাৰোঁ, “আমেন; হে প্ৰভু যীচু, আহক।”—প্ৰকা. ২২:২০.

গীত ২৭ ঈশ্বৰৰ সন্তানসকলৰ উপস্থিতি

[ফুটনোট]

^ এই লেখত আমি প্ৰকাশিত বাক্য কিতাপৰপৰা শিকিম যে আমাৰ ভৱিষ্যত কেনেকুৱা হʼব। যিসকল লোক যিহোৱাৰ বিশ্বাসী হৈ থাকিব আৰু তেওঁৰ ৰাজ্যক সমৰ্থন কৰিব, তেওঁলোকে ভৱিষ্যতে বহুতো আশীৰ্বাদ লাভ কৰিব। কিন্তু যিসকল লোকে যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ বিৰোধ কৰিব, তেওঁলোকক নাশ কৰা হʼব।