Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৯

প্ৰকাশিত বাক্যৰপৰা আমি কি শিকিব পাৰোঁ

প্ৰকাশিত বাক্যৰপৰা আমি কি শিকিব পাৰোঁ

“যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যিবিলাকে শুনে, আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁবিলাকো ধন্য; কিয়নো কাল ওচৰ।”—প্ৰকা. ১:৩.

গীত ১৫ যিহোৱাৰ প্ৰথমে জন্মাজনৰ প্ৰশংসা কৰক!

লেখৰ এক আভাস *

১-২. প্ৰকাশিত বাক্যত লিখা কথাবোৰ আমি কিয় জনা উচিত?

 ধৰি লওক আপুনি কোনো পৰিয়ালক লগ কৰিবলৈ গৈছে আৰু তেওঁলোকে আপোনাক ফটোৰ এলবাম চাবলৈ দিছে। আপুনি সেই এলবামত বহুতো নতুন নতুন চেহেৰা দেখিবলৈ পাইছে, হঠাতে আপুনি এনে এখন ফটো দেখিবলৈ পাই, যʼত আপুনিও আছে। আপুনি সেই ফটোখন মন দি চাইছে। আপুনি সেই ফটোখনত চাই যে তাত কোন কোন আছে আৰু মনত পেলাবলৈ চেষ্টা কৰে যে সেই ফটোখন কʼত আৰু কেতিয়া তোলা হৈছিল।

প্ৰকাশিত বাক্য কিতাপখনো সেই ফটোৰ দৰে হয়। আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ দুটা কাৰণ আছে। প্ৰথম, এই কিতাপখন আমাৰ বাবে লিখোৱা হৈছে। ইয়াৰ প্ৰথম পদত এইদৰে লিখা আছে, “অলপতে যি যি ঘটিব লাগে, তাক যীচু খ্ৰীষ্টে তেওঁৰ দাসবিলাকক দেখুৱাবৰ কাৰণে, ঈশ্বৰে” তেওঁক দিছে। (প্ৰকা. ১:১) এই বাক্যৰপৰা জানিব পাৰি যে এই কিতাপখন সকলো মানুহৰ বাবে নহয়। কিন্তু বিশেষকৈ ঈশ্বৰৰ লোকসকলৰ বাবেহে লিখোৱা হৈছে। ইয়াতকৈও ডাঙৰ কথা এয়া যে ঈশ্বৰৰ লোক হোৱা হিচাপে আমি প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীবোৰ পূৰ কৰিবলৈ সহায় কৰি আছোঁ। এয়া সেই ফটোখনত আমি নিজকে চোৱাৰ দৰে হয়।

৩-৪. (ক) প্ৰকাশিত বাক্য কিতাপত লিখা ভৱিষ্যতবাণীবোৰ কেতিয়া পূৰ হʼব? (খ) বৰ্তমান সময়ত আমি প্ৰতিজনে কি কৰাটো অতি প্ৰয়োজনীয়?

প্ৰকাশিত বাক্যৰ ভৱিষ্যতবাণীৰবোৰৰ ওপৰত ধ্যান দিয়াৰ দ্বিতীয় কাৰণ হৈছে এই ভৱিষ্যতবাণীবোৰ বৰ্তমান সময়ত পূৰ হৈ আছে। আমি এনেদৰে কিয় কʼব পাৰোঁ? পাঁচনি যোহনে এইদৰে লিখিছিল, “মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ।” (প্ৰকা. ১:১০) এই কথাষাৰ পাঁচনি যোহনে খ্ৰীষ্টপূৰ্ব ৯৬-ত লিখিছিল। কিন্তু তেতিয়ালৈকে “প্ৰভুৰ দিন” আৰম্ভ হোৱা নাছিল। (মথি ২৫:১৪, ১৯; লূক ১৯:১২) বাইবেলৰ ভৱিষ্যতবাণীৰপৰা জানিব পাৰি যে প্ৰভুৰ দিন ১৯১৪ চনত আৰম্ভ হʼল আৰু যীচুক সেইসময়ত স্বৰ্গত ৰজা হিচাবে নিযুক্ত কৰা হʼল। তেতিয়াৰেপৰা ঈশ্বৰৰ লোকসকলৰ বিষয়ে প্ৰকাশিত বাক্যত উল্লেখ কৰা ভৱিষ্যতবাণীবোৰ পূৰ হʼবলৈ ধৰিলে। আজি আমি সকলোৱে প্ৰভুৰ দিনত জীয়াই আছোঁ!

সেইবাবে, আমি প্ৰকাশিত বাক্য ১:৩ পদত দিয়া পৰামৰ্শৰ ওপৰত ধ্যান দিয়াটো অতি প্ৰয়োজনীয়। তাত এইদৰে লিখা আছে, “যি জনে এই ভাববাণীৰ বাক্যবোৰ পঢ়ে, তেওঁ ধন্য; আৰু যিবিলাকে শুনে, আৰু ইয়াত লিখা কথাবোৰ পালন কৰে, তেওঁবিলাকো ধন্য; কিয়নো কাল ওচৰ।” আমি এই কথাবোৰ ‘মনোযোগ দি পঢ়া,’ ‘শুনা’ আৰু তাক “পালন” কৰা উচিত। গতিকে আহক ইয়াৰ কিছুমান কথাৰ ওপৰত ধ্যান দিওঁ।

আপোনাৰ উপাসনাৰপৰা যিহোৱাই আনন্দিত হয়নে?

৫. যিহোৱাই আমাৰ উপাসনাৰপৰা আনন্দিত হোৱাটো যদি আমি বিচাৰোঁ, তেনেহʼলে আমি কাৰ পৰামৰ্শ পালন কৰা উচিত আৰু কিয়?

প্ৰকাশিত বাক্য কিতাপৰ আৰম্ভণি অধ্যায়ত কোৱা হৈছে যে যীচুৱে এচিয়াৰ সাতখন মণ্ডলীলৈ বেলেগ বেলেগ বাৰ্তা পঠিয়াইছিল। সেইবোৰ পঢ়িলে জানিব পাৰি যে যীচুৱে তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে ভালদৰে জানিছিল। (প্ৰকা. ১:১২-১৬, ২০; ২:১) যীচুৱে তেওঁলোকক স্পষ্টকৈ নিৰ্দেশনা দিছিল যে যিহোৱাই তেওঁলোকৰ উপাসনাৰপৰা আনন্দিত হʼবলৈ তেওঁলোকে কি কৰা উচিত। ইয়াৰপৰা আমি কি শিকোঁ? বৰ্তমান সময়তো যীচুৱে জানে যে মণ্ডলীবোৰত কি হৈ আছে। তেওঁ আমাৰ নেতৃত্ব লয় আৰু তেওঁৰ দৃষ্টিত একোৱেই লুকাই নাথাকে। তেওঁ জানে যে আমাৰ প্ৰতিজনৰ যিহোৱাৰ লগত কেনেকুৱা সম্পৰ্ক আছে আৰু যিহোৱাৰ অনুমোদন পাবলৈ আমি কি কৰা উচিত। তেওঁ এচিয়াৰ মণ্ডলীবোৰত যি পৰামৰ্শ দিছিল, তাৰপৰা আমিও বহুতো কথা শিকিব পাৰোঁ। যীচুৱে সেই মণ্ডলীবোৰক কি কৈছিল আহক চাওঁ।

৬. (ক) প্ৰকাশিত বাক্য ২:৩, ৪ পদৰ অনুসৰি ইফিচৰ মণ্ডলীত কি সমস্যা আছিল? (খ) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?

প্ৰকাশিত বাক্য ২:৩, ৪ পঢ়ক। আমি যিহোৱাৰ প্ৰতি থকা প্ৰেম কম হʼবলৈ দিয়া উচিত নহয়। যীচুৱে ইফিচৰ মণ্ডলীলৈ যি বাৰ্তা পঠিয়াইছিল, তাৰপৰা বুজিব পাৰি যে সেই মণ্ডলীৰ ভাই-ভনীসকলে বহুতো তাড়নাৰ সন্মুখীন হৈছিল। তথাপি তেওঁলোকে ধৈৰ্য্য ধৰিলে আৰু যিহোৱাৰ সেৱা কৰি থাকিল। কিন্তু যিহোৱাৰ প্ৰতি তেওঁলোকৰ আগৰ নিচিনা প্ৰেম নাছিল। তেওঁলোকে সেই প্ৰেম বঢ়ালেহে যিহোৱাই তেওঁলোকৰ উপাসনাৰপৰা আনন্দিত হʼলহেঁতেন। ঠিক সেইদৰে যেতিয়া আমাৰ জীৱনত সমস্যা আহে, তেতিয়া আমি ধৈৰ্য্য ধৰোঁ। কিন্তু আমি ধৈৰ্য্য ধৰাটোৱেই যিহোৱাই লক্ষ্য কৰে এনে নহয়। তেওঁ এয়াও লক্ষ্য কৰে যে আমি কিয় ধৈৰ্য্য ধৰি আছোঁ। যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম আৰু কৃতজ্ঞতাৰ বাবে যিহোৱাৰ উপাসনা কৰাটো তেওঁ বিচাৰে।—হিতো. ১৬:২; মাৰ্ক ১২:২৯, ৩০.

৭. (ক) প্ৰকাশিত বাক্য ৩:১-৩ পদৰ অনুসৰি চাৰ্দ্দিত থকা মণ্ডলীৰ কি সমস্যা আছিল? (খ) আমি সচেতন হৈ থাকিবলৈ কি কৰা উচিত?

প্ৰকাশিত বাক্য ৩:১-৩ পঢ়ক। আমি সচেতন হৈ থকা উচিত। চাৰ্দ্দিত থকা মণ্ডলীৰ ভাই-ভনীসকলে প্ৰথমে উৎসাহেৰে সেৱা কৰিছিল। কিন্তু তেওঁলোকে যিহোৱাৰ সেৱাত দুৰ্বল হʼবলৈ ধৰিলে। সেইবাবে, যীচুৱে তেওঁলোকক “জাগ্ৰত” অৰ্থাৎ সচেতন হৈ থাকিবলৈ কৈছিল। এয়া সঁচা যে যিহোৱাই আমাৰ কাম কেতিয়াও নাপাহৰিব। কিন্তু আমি কেতিয়াও এইদৰে ভবা উচিত নহয় যে ‘মই বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰিলোঁ, গতিকে এতিয়া অলপ কৰিলেও হʼব।’ (ইব্ৰী ৬:১০) আমি নিজৰ পৰিস্থিতিৰ বাবে হয়তো বেছিকৈ সেৱা কৰিব নোৱাৰোঁ। কিন্তু “প্ৰভুৰ কাৰ্য্যত” আমি যিমান পাৰোঁ, সিমান কৰা উচিত। এনে কৰিলে আমি জগতৰ অন্তলৈকে সচেতন হৈ থাকিব পাৰিম। —১ কৰি. ১৫:৫৮; মথি ২৪:১৩; মাৰ্ক ১৩:৩৩.

৮. যীচুৱে লায়দিকেয়া মণ্ডলীক যি পৰামৰ্শ দিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (প্ৰকাশিত বাক্য ৩:১৫-১৭)

প্ৰকাশিত বাক্য ৩:১৫-১৭ পঢ়ক। আমি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ উপাসনা কৰা উচিত। লায়দিকেয়া মণ্ডলীত থকা ভাই-ভনীসকলে উপাসনাৰ ক্ষেত্ৰত “কুহুমীয়া” হৈ পৰিছিল। সেইবাবে, যীচুৱে তেওঁলোকক কৈছিল যে তেওঁলোকে ‘দুৰ্ভগীয়া আৰু দীনহীন’ হৈ পৰিছে। যীচুৱে তেওঁলোকক উৎসাহেৰে যিহোৱাৰ উপাসনা কৰিবলৈ পৰামৰ্শ দিছিল। (প্ৰকা. ৩:১৯) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? যদি যিহোৱাৰ সেৱাত আমাৰ উৎসাহ কমিবলৈ ধৰিছে, তেনেহʼলে আমি তাক বঢ়োৱা উচিত। আমি মনত ৰখা উচিত যে যিহোৱা আৰু তেওঁৰ সংগঠনে আমাৰ বাবে বহুতো কাম কৰিছে। (প্ৰকা. ৩:১৮) আমি কেতিয়াও ধন-সম্পত্তি গোটোৱাত ব্যস্ত হোৱা উচিত নহয়। যদি আমি ধন-সম্পত্তি গোটাবলৈ ধৰোঁ, তেনেহʼলে আমি যিহোৱাৰ সেৱাক অৱহেলা কৰিব পাৰোঁ।

৯. পৰ্গাম আৰু থুয়াতীৰাৰ খ্ৰীষ্টানসকলৰ দৰে আজি আমিও কোনটো বিপদত পৰিব পাৰোঁ?

আমি ধৰ্মত্যাগীসকলৰ শিক্ষাৰপৰা আঁতৰি থকা উচিত। যীচুৱে পৰ্গামত থকা মণ্ডলীৰ কিছুমান ভাই-ভনীসকলক কঠোৰভাৱে পৰামৰ্শ দিছিল, কিয়নো তেওঁলোকে মানৱীয় ভাবধাৰা বিয়পাই মণ্ডলীত বিভাজন সৃষ্টি কৰিছিল। (প্ৰকা. ২:১৪-১৬) কিন্তু যীচুৱে থুয়াতীৰাৰ মণ্ডলীৰ সেই ভাই-ভনীসকলৰ প্ৰশংসা কৰিছিল, যিসকলে নিজকে ‘চয়তানৰ গম্ভীৰ’ কথাবোৰৰপৰা আঁতৰাই ৰাখিছিল। যীচুৱে তেওঁলোকক সত্যতাক দৃঢ়তাৰে ‘ধৰি ৰাখিবলৈ’ উৎসাহিত কৰিছিল। (প্ৰকা. ২:২৪-২৬) এই দুয়োখন মণ্ডলীৰ কিছুমান ভাই-ভনীৰ বিশ্বাস দুৰ্বল হৈ পৰিছিল, যাৰ বাবে তেওঁলোক ধৰ্মত্যাগীসকলৰ শিক্ষা পালন কৰিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকক অনুতাপ কৰাৰ প্ৰয়োজন আছিল। বৰ্তমান সময়তো ধৰ্মত্যাগীসকলে যিহোৱাৰ সংগঠনৰ বিৰুদ্ধে কথা কয়। প্ৰথম চাওতে আমি ভাবিব পাৰোঁ যে তেওঁলোকে বাইবেলৰ শিক্ষা পালন কৰে, কিন্তু তেওঁলোকৰ কামে প্ৰমাণ কৰে যে তেওঁলোকে বাইবেলৰ শিক্ষাবোৰ পালন নকৰে। (২ তীম. ৩:৫) সেইবাবে, আমি তেওঁলোকৰ কথা শুনা উচিত নহয়। যদি আমি গভীৰভাৱে বাইবেলৰ অধ্যয়ন কৰিম, তেনেহʼলে আমি ধৰ্মত্যাগীসকলৰ শিক্ষাবোৰ চিনাক্ত কৰিব পাৰিম আৰু তাৰপৰা দূৰত থাকিব পাৰিম।—২ তীম. ৩:১৪-১৭; যিহূ. ৩, ৪.

১০. যীচুৱে পৰ্গাম আৰু থুয়াতীৰা মণ্ডলীক যি পৰামৰ্শ দিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১০ আমি সকলো ধৰণৰ অনৈতিক কামৰপৰা আঁতৰি থকা উচিত। পৰ্গাম আৰু থুয়াতীৰা মণ্ডলীত আৰু এটা সমস্যা আছিল। তাত থকা কিছুমান ভাই-ভনীয়ে অনৈতিক যৌন সম্পৰ্কৰ দৰে গম্ভীৰ পাপবোৰক সহজভাৱে লৈছিল। সেইবাবে, যীচুৱে তেওঁলোকক কঠোৰভাৱে পৰামৰ্শ দিলে। (প্ৰকা. ২:১৪, ২০) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? আমি সকলো ধৰণৰ অনৈতিক কামৰপৰা আঁতৰি থকা উচিত আৰু সেইবোৰক সহজভাৱে লোৱা উচিত নহয়। আমি এইদৰে কেতিয়াও ভবা উচিত নহয় যে মই বহুবছৰ ধৰি সেৱা কৰি আছোঁ আৰু ইমানবোৰ দায়িত্ব পালন কৰি আছোঁ। গতিকে যিহোৱাই মোৰ এই পাপ ক্ষমা কৰি দিব। (১ চমূ. ১৫:২২; ১ পিত. ২:১৬) জগতৰ নৈতিক মানদণ্ড যিমানে বেয়া নহওক কিয়, কিন্তু আমি যিহোৱাৰ উচ্চ নৈতিক মানদণ্ড পালন কৰাটো তেওঁ বিচাৰে।—ইফি. ৬:১১-১৩.

১১. এতিয়ালৈকে আমি কি শিকিলোঁ? (“ আজি আমাৰ বাবে শিক্ষা” নামৰ বক্স চাওক।)

১১ এই লেখত এতিয়ালৈকে আমি কি শিকিলোঁ? আমি যিহোৱাৰ উপাসনা কৰাৰ লগতে সঠিক কাম কৰা উচিত। যদি আমি যিহোৱাই ঘৃণা কৰা কাম কৰি আছোঁ, তেনেহʼলে আমি লগে লগে সেই কাম এৰি দিয়া উচিত। নহʼলে, আমাৰ উপাসনা ব্যৰ্থ হৈ পৰিব। (প্ৰকা. ২:৫, ১৬; ৩:৩, ১৬) যীচুৱে এচিয়াৰ মণ্ডলীবোৰলৈ যি বাৰ্তা পঠিয়াইছিল, তাৰপৰা আমি আৰু কিছুমান কথা শিকিব পাৰোঁ। আহক আমি তাৰ বিষয়ে চাওঁ।

অত্যাচাৰ সহন কৰিবলৈ সাজু থাকক

যেতিয়া চয়তানক স্বৰ্গৰপৰা উলিয়াই দিয়া হʼল, তেতিয়াৰেপৰা সি ঈশ্বৰৰ লোকসকলক কেনেকৈ অত্যাচাৰ কৰি আছে? (অনুচ্ছেদ ১২-১৬ চাওক)

১২. যীচুৱে স্মুৰ্ণা আৰু ফিলাদেলফিয়া মণ্ডলীলৈ যি বাৰ্তা পঠিয়াইছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (প্ৰকাশিত বাক্য ২:১০)

১২ এতিয়া আহক আমি চাওঁ যে যীচুৱে স্মুৰ্ণা আৰু ফিলাদেলফিয়া মণ্ডলীলৈ কি বাৰ্তা পঠিয়াইছিল। যীচুৱে তাত থকা ভাই-ভনীসকলক অত্যাচাৰৰ সন্মুখীন হʼলে ভয় নাখাবলৈ কৈছিল। কিয়নো যদি তেওঁলোকে বিশ্বাসী হৈ থাকে, তেনেহʼলে পাছলৈ তেওঁলোকক পুৰস্কাৰ দিয়া হʼব। (প্ৰকাশিত বাক্য ২:১০ পঢ়ক; প্ৰকা. ৩:১০) ইয়াৰপৰা আমি কি শিকোঁ? এয়া সঁচা যে আমাৰ ওপৰতো অত্যাচাৰ কৰা হʼব। কিন্তু আমি সেই অত্যাচাৰ সহন কৰিবলৈ সাজু হৈ থকা উচিত। (মথি ২৪:৯, ১৩; ২ কৰি. ১২:১০) বৰ্তমান সময়ত এই পৰামৰ্শবোৰ মনত ৰখাটো বেছিকৈ প্ৰয়োজনীয় হৈ পৰিছে।

১৩-১৪. চয়তানক পৃথিৱীত পেলাই দিয়াৰ পাছত ঈশ্বৰৰ লোকসকলৰ লগত কি হৈ আছে?

১৩ প্ৰকাশিত বাক্য কিতাপতপৰা জানিব পাৰি যে ঈশ্বৰৰ লোকসকলক “প্ৰভুৰ দিনত” অৰ্থাৎ বৰ্তমান সময়ত অত্যাচাৰ কৰা হʼব। যেতিয়া প্ৰভুৰ দিন আৰম্ভ হʼল, তেতিয়া কি হʼল আহক চাওঁ। প্ৰকাশিত বাক্য ১২ অধ্যায়ত কোৱা হৈছে যে স্বৰ্গত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে তাত এখন যুদ্ধ আৰম্ভ হʼল। মীখায়েল অৰ্থাৎ যীচু খ্ৰীষ্ট আৰু তেওঁ সেনাবাহিনীয়ে চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিলে। (প্ৰকা. ১২:৭, ৮) ইয়াৰ পৰিণাম কি হʼল? চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাক পৰাজয় হʼল আৰু সিহঁতক পৃথিৱীত পেলাই দিয়া হʼল। ইয়াৰ পাছত চয়তান আৰু দুষ্ট স্বৰ্গদূতবিলাকে মানৱজাতিৰ ওপৰত আৰু বেছিকৈ সমস্যা আনিবলৈ ধৰিলে। (প্ৰকা. ১২:৯, ১২) এনে পৰিস্থিতিত ঈশ্বৰৰ লোকসকলৰ কি হʼল?

১৪ চয়তানে স্বৰ্গলৈ উভটি যাব নোৱাৰিলে, সেইবাবে সি অতি খঙত আছে আৰু পৃথিৱীত বাকী থকা অভিষিক্ত খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰিলে। চয়তানে জানে যে অভিষিক্ত খ্ৰীষ্টানসকলে “যীচুৰ সাক্ষ্য” দিয়াৰ দায়িত্ব পাইছে আৰু তেওঁলোকে পাছলৈ ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব। সেইবাবে, চয়তানে তেওঁলোকৰ ওপৰত এটাৰ পাছত এটা অত্যাচাৰ কৰিবলৈ ধৰিলে। (প্ৰকা. ১২:১৭; ২ কৰি. ৫:২০; ইফি. ৬:১৯, ২০) চয়তানে এইদৰে কেনেকৈ কৰিলে আহক তাৰ বিষয়ে চাওঁ।

১৫. প্ৰকাশিত বাক্য ১১ অধ্যায়ত কোৱা ‘দুজন সাক্ষী’ কোন হয় আৰু তেওঁলোকৰ লগত কি হʼল?

১৫ চয়তানে সেই অভিষিক্ত ভাইসকলৰ ওপৰত বেছিকৈ অত্যাচাৰ কৰিবলৈ ধৰিলে, যিসকলে প্ৰচাৰ কামৰ নেতৃত্ব লৈছিল। সেই ভাইসকলক প্ৰকাশিত বাক্য ১১ অধ্যায়ত ‘দুজন সাক্ষী’ বুলি কোৱা হৈছে, যিসকলক হত্যা কৰা হʼব। * (প্ৰকা. ১১:২, ৩, ৭-১১) এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল? ১৯১৮ চনত নেতৃত্ব লোৱা আঠজন লোকক মিছা অভিযোগ কৰা হʼল আৰু তেওঁলোকক বহুবছৰলৈকে জেইলত শাস্তি দিয়া হʼল। সেইসময়ত এনে লাগিছিল যেন প্ৰচাৰ কাম একেবাৰে বন্ধ হৈ পৰিছে।

১৬. এনে কি ঘটনা ১৯১৯ চনত ঘটিছিল আৰু তেতিয়াৰেপৰা চয়তানে কি কৰি আছে?

১৬ প্ৰকাশিত বাক্য ১১ অধ্যায়ত এয়াও কোৱা হৈছে যে সেই ‘দুজন সাক্ষীক’ অলপ সময়ৰ পাছত জীৱিত কৰা হʼব। এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল? নেতৃত্ব লোৱা ভাইসকলক জেইলত বন্দী কৰা ঠিক পিছৰ বছৰতে অৰ্থাৎ ১৯১৯ চনত তেওঁলোকক মুকলি কৰা হʼল আৰু তেওঁলোকৰ ওপৰত কৰা সকলোবোৰ অভিযোগ আঁতৰোৱা হʼল। জেইলৰপৰা মুকলি হোৱাৰ লগে লগে তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কাম কৰিবলৈ ধৰিলে। কিন্তু চয়তানে মনে মনে থকা নাছিল। সি ঈশ্বৰৰ লোকসকলৰ ওপৰত যেন ‘নদীৰ নিচিনা পানীৰ সোঁত’ এৰি দিলে অৰ্থাৎ সি ঈশ্বৰৰ লোকসকলৰ ওপৰত একেৰাহে অত্যাচাৰ কৰি আছে। (প্ৰকা. ১২:১৫) সেইবাবে, আমি প্ৰতিজনে ‘ধৈৰ্য্য ধৰা আৰু বিশ্বাস ৰখা’ উচিত।—প্ৰকা. ১৩:১০.

যিহোৱাৰপৰা পোৱা কাম ভালদৰে কৰক

১৭. ঈশ্বৰৰ লোকসকলে কাৰপৰা সহায় লাভ কৰে?

১৭ প্ৰকাশিত বাক্য ১২ অধ্যায়ত কোৱা হৈছে যে ঈশ্বৰৰ লোকসকলে আশা নকৰাকৈ কিছুমান সহায় লাভ কৰে। ১৬ পদত লিখা আছে চয়তানে তেওঁলোকৰ ওপৰত ‘নদীৰ’ পানীৰ সোঁত এৰি দিয়ে, কিন্তু ‘পৃথিৱীয়ে’ তাক গিলি পেলায়। ইয়াৰ অৰ্থ কি? যদিও চয়তানে ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰে, কিন্তু বহুবাৰ চয়তানৰ জগতৰ অধিকাৰীসকলে ঈশ্বৰৰ লোকসকলক সহায় কৰে। উদাহৰণস্বৰূপে, বহুবাৰ দেখিবলৈ পোৱা গৈছে যে ন্যায়ালয়ে যিহোৱাৰ সাক্ষীসকলৰ পক্ষত নিৰ্ণয় লয়। ইয়াৰপৰা যিহোৱাৰ সাক্ষীসকলকে নিজৰ কাম কৰিবলৈ স্বাধীনতা লাভ কৰে আৰু তেওঁলোকে মুকলিভাৱে প্ৰচাৰ কৰিব পাৰে। (১ কৰি. ১৬:৯) কিন্তু তেওঁলোকে কিহৰ প্ৰচাৰ কৰে?

বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে কি দুটা বাৰ্তা শুনাই আছে? (অনুচ্ছেদ ১৮-১৯ চাওক)

১৮. জগতৰ অন্ত হোৱাৰ আগতে আমি কি কাম কৰিব লাগিব?

১৮ যীচুৱে ভৱিষ্যতবাণী কৰিছিল যে তেওঁৰ শিষ্যসকলে জগতৰ অন্ত হোৱাৰ আগতে গোটেই পৃথিৱীত ঈশ্বৰৰ ‘ৰাজ্যৰ শুভবাৰ্ত্তাৰ’ বিষয়ে প্ৰচাৰ কৰিব। (মথি ২৪:১৪) কিন্তু তেওঁলোকে এই কাম অকলে কৰা নাই। প্ৰকাশিত বাক্যত লিখা আছে যে এজন স্বৰ্গদূতৰ ওচৰত “সকলো জাতি, ফৈদ, ভাষা, আৰু লোকবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ অনন্ত শুভবাৰ্ত্তা” আছে। (প্ৰকা. ১৪:৬) ইয়াৰপৰা জানিব পাৰি যে ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰাত স্বৰ্গদূতসকলেও ঈশ্বৰৰ লোকসকলক সহায় কৰে।

১৯. যিহোৱাৰ লোকসকলে আৰু কি বাৰ্তা শুনায়?

১৯ ঈশ্বৰৰ লোকসকলে ৰাজ্যৰ শুৰ্ভবাৰ্তা শুনোৱাৰ লগতে চয়তানৰ জগতৰ লোকসকলক ন্যায়ৰ বাৰ্তাও শুনায়। তেওঁলোকৰ এই বাৰ্তাৰ তুলনা ‘শিলা আৰু জুইৰ’ লগত কৰা হৈছে। (প্ৰকা. ৮:৭, ১৩) এইদৰে ঈশ্বৰৰ লোকসকলে স্বৰ্গদূতক তেওঁলোকৰ কামত সহায় কৰি আছে। প্ৰকাশিত বাক্য ৮-ৰপৰা ১০ অধ্যায়ত কোৱা হৈছে যে যিসকল লোকে ঈশ্বৰৰ ৰাজ্যৰ অধীনত নাথাকে, তেওঁলোকৰ ওপৰত ডাঙৰ ডাঙৰ সমস্যা আহিবলগীয়া আছে বুলি স্বৰ্গদূতে ঘোষণা কৰে। যিহোৱাৰ সাক্ষীসকলে জানে যে লোকসকলৰ জীৱন বিপদত আছে। সেইবাবে, তেওঁলোকে লোকসকলক জনাই যে তেওঁলোকে জগতৰ অন্ত হোৱাৰ আগতে নিজকে সলনি কৰিলেহে যিহোৱাৰ ক্ৰোধৰ দিনত তেওঁলোকে বাচিব পাৰিব। (চফ. ২:২, ৩) কিন্তু বহুতোলোকক এই বাৰ্তা ভাল নালাগে। সেইবাবে, এই বাৰ্তা শুনাবলৈ আমাক সাহসৰ প্ৰয়োজন হয়। যেতিয়া মহা-ক্লেশ আৰম্ভ হʼব, তেতিয়া আমাক আৰু সাহসৰ প্ৰয়োজন হʼব। কিয়নো সেইসময়ত আমি শেষবাৰৰ বাবে স্পষ্টকৈ ন্যায়ৰ বাৰ্তা শুনাম আৰু বহুতোলোকে আমাৰ বিৰোধ কৰিব।—প্ৰকা. ১৬:২১.

‘এই ভাৱবাণীৰ বাক্যবোৰ পালন কৰা’

২০. পৰৱৰ্তী দুটা লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

২০ বৰ্তমান সময়ত প্ৰকাশিত বাক্যৰ বহুতো ভৱিষ্যতবাণী পূৰ হৈ আছে। ইয়াৰ উপৰিও এই ভৱিষ্যতবাণীবোৰ পূৰ কৰিবলৈ আমিও ভাগ লৈছোঁ। সেইবাবে, আমি ইয়াত লিখা কথাবোৰ পালন কৰা উচিত। (প্ৰকা. ১:৩) আমি অত্যাচাৰ সহন কৰিবলৈ সাজু থকা উচিত আৰু সাহসেৰে প্ৰচাৰ কৰা উচিত। এনে কৰিবলৈ আমি প্ৰকাশিত বাক্যৰ দুটা কথা মনত ৰাখিব পাৰোঁ। প্ৰথম, ঈশ্বৰৰ শত্ৰুসকলৰ কি হʼব আৰু দ্বিতীয়তে, যদি আমি ঈশ্বৰৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমি কি কি আশীৰ্বাদ লাভ কৰিম? পৰৱৰ্তী দুটা লেখত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম।

গীত ৩২ যিহোৱাৰ ফলীয়া হওক!

^ আমি এক ৰোমাঞ্চকৰ সময়ত জীয়াই আছোঁ! বৰ্তমান সময়ত প্ৰকাশিত বাক্য কিতাপত লিখা বহুতো ভৱিষ্যতবাণী পূৰ হৈ আছে। এই লেখত আৰু পিছৰ দুটা লেখত আমি প্ৰকাশিত বাক্যৰ বিশেষ কথাবোৰৰ বিষয়ে শিকিম। যেতিয়া আমি এই কথাবোৰ মনত ৰাখি যিহোৱাৰ উপাসনা কৰিম, তেতিয়া তেওঁ আমাৰপৰা বহুত আনন্দিত হʼব।

^ নৱেম্বৰ ১৫, ২০১৪ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৩০ পৃষ্ঠাত দিয়া “পাঠকসকলৰ প্ৰশ্ন” নামৰ লেখটো পঢ়ক।