Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২২

যিহোৱাৰ পৰামৰ্শ পালন কৰি বুদ্ধিমান হওক

যিহোৱাৰ পৰামৰ্শ পালন কৰি বুদ্ধিমান হওক

“যিহোৱায়েই প্ৰজ্ঞা দিয়ে।”—হিতো. ২:৬.

গীত ৮৯ শুনি পালন কৰা

লেখৰ এক আভাস *

১. আমাক কিয় ঈশ্বৰৰপৰা পোৱা বুদ্ধিৰ প্ৰয়োজন আছে? (হিতোপদেশ ৪:৭)

 সঠিক নিৰ্ণয় লʼবলৈ সদায় বুদ্ধিৰ প্ৰয়োজন হয়। কঠিন নিৰ্ণয় লোৱাৰ সময়ত আপুনি হয়তো নিশ্চয় বুদ্ধি বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (যাকো. ১:৫) ৰজা চলোমনে এইদৰে কৈছে, “প্ৰজ্ঞাই অৰ্থাৎ বুদ্ধিয়েই মূল বস্তু, এই হেতুকে প্ৰজ্ঞা উপাৰ্জ্জন কৰা।” (হিতোপদেশ ৪:৭ পঢ়ক।) চলোমনে ইয়াত মানুহৰপৰা পোৱা বুদ্ধিৰ বিষয়ে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ যিহোৱাৰপৰা পোৱা বুদ্ধিৰ বিষয়ে কৈছিল। (হিতো. ২:৬) আজি আমি যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছোঁ, যিহোৱাৰপৰা পোৱা বুদ্ধিয়ে সেই সমস্যাবোৰ সমাধান কৰিব পাৰিবনে? নিশ্চয় পাৰিব। আহক ইয়াৰ বিষয়ে চাওঁ।

২. আমি কেনেকৈ বুদ্ধিমান হʼব পাৰিম?

বাইবেলত নিজৰ বুদ্ধিৰ বাবে বিখ্যাত দুজন ব্যক্তিৰ বিষয়ে কোৱা হৈছে। তেওঁলোকৰ মাজৰ এজন হৈছে ৰজা চলোমন। বাইবেলত তেওঁৰ বিষয়ে এইদৰে কোৱা হৈছে, “ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে।” (১ ৰাজা. ৪:২৯) দ্বিতীয়জন ব্যক্তি আছিল যীচু। তেওঁৰ সমান বুদ্ধিমান এই পৃথিৱীত আৰু কোনো জন্মই হোৱা নাই। (মথি ১২:৪২) বাইবেলত তেওঁৰ বিষয়ে এইদৰে ভৱিষ্যতবাণী কৰিছিল, ‘যিহোৱাৰ আত্মা, প্ৰজ্ঞা, আৰু সুবিবেচনাৰ আত্মা, তেওঁৰ ওপৰত স্থিতি হব।’ (যিচ. ১১:২) তেওঁলোকে যি শিকাইছিল, সেইবোৰ যদি আমি পঢ়োঁ আৰু তাৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আমিও বুদ্ধিমান হʼব পাৰিম।

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

ঈশ্বৰৰপৰা পোৱা বুদ্ধিৰ বাবে চলোমন আৰু যীচুৱে জীৱনৰ বহুতো বিষয়ত ভাল ভাল পৰামৰ্শ দিব পাৰিলে। এই লেখত আমি তাৰে মাজৰ তিনিটা বিষয়ত আলোচনা কৰিম। আমি শিকিম যে আমি টকা-পইচা, কাম আৰু নিজৰ বিষয়ে কেনেকৈ সঠিক দৃষ্টিভংগী ৰাখিব পাৰোঁ।

টকা-পইচাৰ বিষয়ে

৪. চলোমন আৰু যীচুৰ মাজত কি ডাঙৰ পাৰ্থক্য আছিল?

চলোমন বহুত ধনী আছিল আৰু তেওঁ আৰামদায়ক মহলত থাকিছিল। (১ ৰাজা. ১০:৭, ১৪, ১৫) আনহাতে, যীচু ইমান ধনী নাছিল, আনকি তেওঁৰ নিজৰ ঘৰো নাছিল। (মথি ৮:২০) কিন্তু তেওঁলোক দুয়োজনে টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰাখিছিল। কেনেকৈ বাৰু? কিয়নো তেওঁলোকক যিহোৱা ঈশ্বৰে বুদ্ধি দিছিল।

৫. টকা-পইচাৰ বিষয়ে চলোমনৰ কি দৃষ্টিভংগী আছিল?

চলোমনে কৈছিল যে, ‘ধনে ৰক্ষা কৰে।’ (উপ. ৭:১২) আমি টকা-পইচাৰ সহায়ত প্ৰয়োজনীয় বস্তুবোৰ কিনিব পাৰোঁ আৰু নিজৰ ইচ্ছাও পূৰ কৰিব পাৰোঁ। চলোমনৰ ওচৰত বহুত ধন-সম্পত্তি আছিল, তথাপি ধন-সম্পত্তিয়ে তেওঁৰ বাবে সকলো নাছিল। তেওঁ এইদৰে কৈছিল, “প্ৰচুৰ ধনত্‌কৈয়ো সুখ্যাতি বাঞ্ছনীয়, আৰু ৰূপ আৰু সোণত্‌কৈয়ো প্ৰসন্নতা ভাল।” (হিতো. ২২:১) তেওঁ এয়াও দেখিলে যে যিসকল লোকে বেছিকৈ টকা-পইচা গোটাবলৈ চেষ্টা কৰে, তেওঁলোক আনন্দত নাথাকে। (উপ. ৫:১০, ১২) তেওঁ কৈছিল যে আমি টকা-পইচাই সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি ভবা উচিত নহয়, কিয়নো আমাৰ ওচৰত টকা-পইচা আজি আছে, কালি নাথাকিবও পাৰে।—হিতো. ২৩:৪, ৫.

টকা-পইচা আৰু আনবস্তুবোৰ গোটোৱাৰ বিষয়ে আমাৰ দৃষ্টিভংগী কি? আমি এইবোৰক নিজৰ জীৱনত প্ৰথম স্থান দিছোঁ নে যিহোৱাৰ সেৱাক? (অনুচ্ছেদ ৬-৭ চাওক) *

৬. টকা-পইচা আৰু বস্তুবোৰৰ প্ৰতি যীচুৰ কি দৃষ্টিভংগী আছিল? (মথি ৬:৩১-৩৩)

টকা-পইচাৰ বিষয়ে যীচুৱেও সঠিক দৃষ্টিভংগী ৰাখিছিল। যেনে, তেওঁ খোৱা-বোৱাৰ আনন্দ লৈছিল। (লূক ১৯:২, ৬, ৭) তেওঁৰ প্ৰথম আচৰিত কৰ্ম হৈছে তেওঁ পানীক ভাল দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰিছিল। (যোহ. ২:১০, ১১) তেওঁ নিজৰ মৃত্যুৰ দিনাখন দামী চোলা পন্ধিছিল। (যোহ. ১৯:২৩, ২৪) কিন্তু যীচুৱে এইবোৰ বস্তুক কেতিয়াও বেছিকৈ গুৰুত্ব দিয়া নাছিল। তেওঁ নিজৰ শিষ্যসকলক এইদৰে কৈছিল, “কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে; . . . তোমালোকে ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব নোৱাৰা।” (মথি ৬:২৪) তেওঁ শিষ্যসকলক এয়াও শিকাইছিল যে যদি তেওঁলোকে ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে, তেনেহʼলে যিহোৱাই তেওঁলোকৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰিব।—মথি ৬:৩১-৩৩ পঢ়ক।

৭. এজন ভায়ে টকা-পইচাৰ প্ৰতি সঠিক দৃষ্টিভংগী ৰখাৰ বাবে কি কি আশীৰ্বাদ লাভ কৰিলে?

যেতিয়া বহুতো ভাই-ভনীয়ে টকা-পইচাৰ বিষয়ে যিহোৱাৰ পৰামৰ্শ পালন কৰিলে, তেতিয়া তেওঁলোকে বহুতো লাভৱান হʼল। ডেনিয়েল নামৰ এজন অবিবাহিত ভাইৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “যেতিয়া মই ডেকা আছিলোঁ, তেতিয়া মই যিহোৱাৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিম বুলি ভাবিলোঁ।” ভাইজনে সহজ-সৰল জীৱন-যাপন কৰিবলৈ শিকিলে। সেইবাবে, তেওঁ সাহাৰ্য্য কামত সহায় কৰিব পাৰিলে আৰু বেথেললৈও যাব পাৰিলে। ভাইজনে এইদৰে কৈছে, “মই যি নিৰ্ণয় লʼলোঁ, তাৰ বাবে মই একেবাৰে দুখ অনুভৱ নকৰোঁ। মই বিচৰা হʼলে বহুতো টকা-পইচা অৰ্জন কৰিব পাৰিলোঁহেঁতেন, কিন্তু এইদৰে কৰা হʼলে মই আজি যি আশীৰ্বাদ লাভ কৰিছোঁ, সেই আশীৰ্বাদবোৰ নাপালোঁহেঁতেন। মই যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিলোঁ আৰু বহুতো বন্ধু পাতিলোঁ। ইয়াৰ বাবে মই অতি আনন্দিত। গোটেই পৃথিৱীত যিমান ধন-সম্পত্তি আছে, সেই সকলোৱে মোক এই আনন্দ দিব নোৱাৰে।” সঁচাকৈ বেছিকৈ ধন-সম্পত্তি অৰ্জন কৰাৰ পৰিৱৰ্তে যেতিয়া আমি যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিওঁ, তেতিয়া আমি বহুতো আশীৰ্বাদ লাভ কৰোঁ।

কামৰ বিষয়ে

৮. কামৰ বিষয়ে চলোমনৰ কি দৃষ্টিভংগী আছিল? (উপদেশক ৫:১৮, ১৯)

চলোমনে কৈছিল যে পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব পাৰি আৰু ‘ই ঈশ্বৰৰ দান।’ (উপদেশক ৫:১৮, ১৯ পঢ়ক।) তেওঁ এইদৰে কৈছিল, “সকলো বিধ পৰিশ্ৰমত লাভ আছে।” (হিতো. ১৪:২৩) চলোমনে নিজেও পৰিশ্ৰম কৰিছিল। তেওঁ নিজৰ বাবে ঘৰ সাজিলে, দ্ৰাক্ষাবাৰী আৰু বাগিচা পাতিলে, পুখুৰী খানিলে আৰু কিছুমান নগৰ নিৰ্মাণ কৰিলে। (১ ৰাজা. ৯:১৯; উপ. ২:৪-৬) এইদৰে কৰাৰ বাবে চলোমনে হয়তো নিশ্চয় আনন্দিত হৈছিল। কিন্তু তেওঁ বুজি পাইছিল যে এইবোৰ কাম কৰাৰ পৰিৱৰ্তে যিহোৱাৰ সেৱা কৰিলে বেছিকৈ আনন্দ লাভ কৰিব পাৰি। সেইবাবে, তেওঁ যিহোৱাৰ বাবে আকৰ্ষণীয় মন্দিৰ নিৰ্মাণ কৰিলে আৰু এই মন্দিৰটো নিৰ্মাণ কৰিবলৈ সাত বছৰ লাগিছিল। (১ ৰাজা. ৬:৩৮; ৯:১) সকলো ধৰণৰ কাম কৰাৰ পাছত চলোমনে বুজিব পাৰিলে যে যিহোৱাৰ সেৱা কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। সেইবাবে, তেওঁ এইদৰে কৈছিল, “আহাঁ, আমি সকলোৰে সাৰ কথা শুনো। ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলোকৰ্ত্তব্য কৰ্ম্ম।”—উপ. ১২:১৩.

৯. যীচুৱে কামক সকলোতকৈ বেছি গুৰুত্ব দিয়া নাছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?

যীচুও বহুত প্ৰৰিশ্ৰমী আছিল। তেওঁ ডেকা হৈ থাকোতে বাঢ়ৈৰ কাম কৰিছিল। (মাৰ্ক ৬:৩) তেওঁৰ পিতৃ-মাতৃয়ে হয়তো তেওঁৰ প্ৰৰিশ্ৰমৰ বাবে মুল্যাংকন কৰিছিল, কিয়নো তেওঁলোকৰ ডাঙৰ পৰিয়াল আছিল আৰু ঘৰ চলোৱাটো ইমান সহজ নাছিল। যীচু সিদ্ধ আছিল। সেইবাবে, তেওঁ যিবোৰ বস্তু বনাইছিল, সেইবোৰ হয়তো সকলোতকৈ ভাল আছিল আৰু সেইবাবে লোকসকলে হয়তো যিকোনো বস্তু তেওঁকহে বনাবলৈ কৈছিল। যীচুৱে এই কামটো কৰি বহুত ভাল পাইছিল। কিন্তু তেওঁ সকলো সময়তে এই কামবোৰ কৰি থকা নাছিল। তেওঁ যিহোৱাৰ উপাসনা কৰিবলৈয়ো সময় উলিয়াইছিল। (যোহ. ৭:১৫) পাছলৈ তেওঁ যেতিয়া পূৰ্ণ সময়ৰ বাবে প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁৰ কথা শুনা লোকসকলক তেওঁ এইদৰে কৈছিল, “ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা।” (যোহ. ৬:২৭) পৰ্বতীয়া উপদেশ দিয়াৰ সময়ত তেওঁ এইদৰে কৈছিল, “স্বৰ্গত নিজলৈ ধন সাঁচা।”—মথি ৬:২০.

আমি কামৰ লগতে যিহোৱাৰ সেৱা কৰিবলৈ কেনেকৈ সময় উলিয়াব পাৰোঁ? (অনুচ্ছেদ ১০-১১ চাওক) *

১০. আমি কামৰ ঠাইত প্ৰৰিশ্ৰম কৰা উচিত কিন্তু কি কৰা উচিত নহয়?

১০ বাইবেলত যিহোৱাই যিবোৰ পৰামৰ্শ দিছে, সেইবোৰ পালন কৰিলে আমি কামৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিম। বাইবেলত এইদৰে কৈছে, আমি ‘সদ্‌ব্যৱসায়ত পৰিশ্ৰম কৰা’ উচিত। (ইফি. ৪:২৮) কামৰ ঠাইত প্ৰায়ে আমাৰ সততা অৰ্থাৎ ভাল কাম আৰু প্ৰৰিশ্ৰম দেখি মালিকে আমাৰ কামৰ বাবে প্ৰশংসা কৰে আৰু আমাৰ কামৰপৰা কিমান আনন্দিত আছে, তাৰ বিষয়ে কয়। এনে পৰিস্থিতিত তেওঁক আনন্দিত কৰিবলৈ আমি হয়তো আৰু বেছি ঘণ্টা কাম কৰিবলৈ সাজু থাকিব পাৰোঁ। আমি ভাবিব পাৰোঁ যে যদি আমি এইদৰে কৰোঁ, তেনেহʼলে তেওঁৰ ওপৰত যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ভাল প্ৰভাৱ পৰিব পাৰে। কিন্তু আমি যদি কামৰ ঠাইত বেছিকৈ সময় দিওঁ, তেনেহʼলে যিহোৱাৰ উপাসনা কৰিবলৈ আৰু নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ আমাৰ ওচৰত সময়ে নাথাকিব। যদি আমি এইদৰে কৰি আছোঁ, তেনেহʼলে আমি কিছুমান সাল-সলনি কৰিব লাগিব।

১১. ভাই উইলিয়ামে কামৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ কেনেকৈ শিকিলে?

১১ উইলিয়াম নামৰ এজন ডেকা ভাই আগতে এজন প্ৰাচীনৰ তাত চাকৰি কৰিছিল। উইলিয়ামে সেই প্ৰাচীনজনৰপৰা শিকিলে যে তেওঁ চাকৰিৰ বিষয়ে সঠিক দৃষ্টিভংগী কেনেকৈ ৰাখিব পাৰে। উইলিয়ামে এইদৰে কৈছে, “সেই ভাইজন সন্তোলন বজাই ৰাখি কাম কৰাত এটা ভাল উদাহৰণ হয়। তেওঁ বহুত পৰিশ্ৰমী হয় আৰু গ্ৰাহকসকলৰ মাজত তেওঁৰ এটা ভাল নাম আছে। কিয়নো তেওঁ ভালদৰে কাম কৰে। কিন্তু গধূলি তেওঁ নিজৰ কাম বন্ধ কৰে আৰু নিজৰ পৰিয়াল আৰু যিহোৱাৰ উপাসনাক বেছি সময় দিয়ে। সেইবাবে, তেওঁ সদায় বহুত আনন্দিত থাকে।” *

নিজৰ বিষয়ে

১২. (ক) চলোমনে নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিছিল বুলি আমি কেনেকৈ কʼব পাৰোঁ? (খ) পাছলৈ তেওঁ কেনেকৈ সলনি হʼল?

১২ যেতিয়ালৈকে চলোমনে যিহোৱাৰ বিশ্বাসী হৈ আছিল, তেতিয়ালৈকে তেওঁ নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিছিল। যেতিয়া তেওঁ ডেকা আছিল আৰু নতুনকৈ ৰজা হৈছিল, তেতিয়া তেওঁ বহুত নম্ৰ আছিল। তেওঁ স্বীকাৰ কৰিছিল যে তেওঁৰ অভিজ্ঞতা কম আছে। সেইবাবে, তেওঁ যিহোৱাৰপৰা সহায় বিচাৰিলে। (১ ৰাজা ৩:৭-৯) তেওঁ এয়াও বুজি পাইছিল যে অহংকাৰ কৰাটো কিমান বিপদজনক হয়। সেইবাবে, তেওঁ এইদৰে লিখিছিল, “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।” (হিতো. ১৬:১৮) কিন্তু দুখৰ বিষয় এই যে পাছলৈ চলোমনে এই কথা নিজেই পাহৰি গʼল। তেওঁ ইমানে অহংকাৰী হৈ পৰিল যে তেওঁ যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ এৰি দিলে। উদাহৰণস্বৰূপে, যিহোৱাই এটা আজ্ঞা দিছিল যে ৰজাৰ ‘মন যেন অপথে নাযায়, এই নিমিত্তে অনেক তিৰোতা বিয়া নকৰিব।’ (দ্বিতী. ১৭:১৬, ১৭) কিন্তু চলোমনে যিহোৱাৰ আজ্ঞা পালন নকৰিলে। তেওঁ বহুতো তিৰোতাক বিয়া পাতিলে। তেওঁৰ ৭০০ জনী পত্নী আৰু ৩০০ জনী উপপত্নী আছিল। তেওঁলোকৰ মাজৰ বেছিভাগে মিছা দেৱী-দেৱতাক পূজা কৰিছিল। (১ ৰাজা. ১১:১-৩) চলোমনে ভাবিছিল যে তেওঁৰ একো নহʼব। কিন্তু তেওঁৰ এই চিন্তাধাৰা ভুল আছিল। পাছলৈ এই পত্নীসকলৰ বাবে তেওঁ যিহোৱাৰপৰা আঁতৰি গʼল।—১ ৰাজা. ১১:৯-১৩.

১৩. আপুনি যীচুৰ দৰে কেনেকৈ নম্ৰ হʼব পাৰে?

১৩ যীচু সদায় নম্ৰ আছিল। তেওঁ পৃথিৱীলৈ অহাৰ আগতে স্বৰ্গত নিজৰ পিতৃৰ লগত বহুতো কাম কৰিছিল। ‘স্বৰ্গত আৰু পৃথিবীত, সকলোকে তেওঁৰ দ্বাৰাই স্ৰজা হল।’ (কল. ১:১৬) বাপ্তিষ্মা লোৱাৰ পাছত তেওঁক হয়তো সকলো কথা মনত পৰিল। (মথি ৩:১৬; যোহ. ১৭:৫) তথাপি এই কথা চিন্তা কৰি তেওঁ অহংকাৰ কৰা নাছিল। তেওঁ কেতিয়াও নিজৰ কথা আৰু কামৰপৰা নিজকে আনতকৈ ডাঙৰ হয় বুলি দেখুৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ শিষ্যসকলক কৈছিল যে তেওঁ পৃথিৱীলৈ “সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) তেওঁ এয়াও কৈছিল যে তেওঁ নিজৰ ইচ্ছাৰ অনুসৰি কাম নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ সদায় যিহোৱাৰ ইচ্ছাৰ অনুসৰি কাম কৰে। (যোহ. ৫:১৯) সঁচাকৈ যীচু বৰ নম্ৰ আছিল। আমিও তেওঁৰ দৰে নম্ৰ হোৱা উচিত।

১৪. নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ আমি যীচুৰ কোনটো কথা মনত ৰখা উচিত?

১৪ আমি নম্ৰ হʼব লাগে, কিন্তু আমি কোনো কামৰ যোগ্য নহয় আৰু আমাৰ কোনো মূল্য নাই বুলিও ভবা উচিত নহয়। যীচুৱেও এই কথা শিকাইছিল। এবাৰ তেওঁ এইদৰে কৈছিল, “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে।” (মথি ১০:৩০) এই পদৰপৰা আমাৰ বিশ্বাস বাঢ়ে যে যিহোৱাই আমাৰ কিমান যত্ন লয় আৰু তেওঁৰ দৃষ্টিত আমি বহুত মূল্যৱান হওঁ। সেইবাবে, যদি যিহোৱাই আমাক তেওঁৰ সেৱক হʼবলৈ আৰু অনন্ত জীৱন জীয়াই থাকিবলৈ বাছনি কৰিছে, তেনেহʼলে তেওঁৰ এই নিৰ্ণয়ত আমি কেতিয়াও প্ৰশ্ন কৰিব নালাগে।

যদি আমি কেৱল নিজৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে আমি কি কি আশীৰ্বাদ হেৰুৱাব পাৰোঁ? (অনুচ্ছেদ ১৫ চাওক) *

১৫. (ক) এখন প্ৰহৰীদুৰ্গই আমাক কেনেধৰণৰ চিন্তাধাৰা ৰাখিবলৈ উৎসাহিত কৰিছিল? (খ) আমি যদি ২৪ পৃষ্ঠাত দিয়া ছবিখনত দেখুৱাৰ দৰে কেৱল নিজৰ বিষয়ে চিন্তা কৰি থাকোঁ, তেনেহʼলে আমি কি কি আশীৰ্বাদ হেৰুৱাব পাৰোঁ?

১৫ প্ৰায় ১৫ বছৰৰ আগতে এখন প্ৰহৰীদুৰ্গত কোৱা হৈছিল যে যদি আমি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখোঁ, তেনেহʼলে আমাৰ নিজৰে লাভ হʼব। তাত এইদৰে লিখা আছিল, “অৱশ্যে আমি নিজকে ইমানে বৰ বুলি নাভাবিম, যাৰ বাবে আমি অহংকাৰী হৈ পৰিব পাৰোঁ আৰু নিজকে একেবাৰে তুচ্ছ্য বুলি গণ্য নকৰিম। ইয়াৰ পৰিৱৰ্তে আমি নিজৰ ভাল গুণবোৰ আৰু দুৰ্বলতাবোৰ মনত ৰাখি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰা উচিত।” এই বিষয়ে এগৰাকী ভনীয়ে এইদৰে কৈছিল, “মই সাধুও নহওঁ আৰু দুষ্টও নহওঁ। আনৰ দৰে মোৰো ভাল গুণ আৰু দুৰ্বলতাবোৰ আছে।” *

১৬. যিহোৱাই আমাক কিয় পৰামৰ্শ দিয়ে?

১৬ যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু আমি আনন্দিত থকাটো তেওঁ বিচাৰে। সেইবাবে, তেওঁ আমাক নিজৰ বাক্য বাইবেলৰ যোগেদি বহুতো পৰামৰ্শ দিছে, যিবোৰ পালন কৰিলে আমি বুদ্ধিমান হʼব পাৰোঁ। (যিচ. ৪৮:১৭, ১৮) যদি আমি জগতত চাওঁ বহুতোলোকে টকা-পইচা, কাম আৰু নিজৰ বিষয়ে চিন্তা কৰে। সেইবাবে, তেওঁলোকে বহুতো সমস্যাত পৰে। যদি আমি যিহোৱাৰ পৰামৰ্শ পালন কৰোঁ আৰু তেওঁৰ সেৱাক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে আমি টকা-পইচা, কাম আৰু নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিম আৰু আনন্দিত থাকিব পাৰিম। সেইবাবে, আহক আমি থিৰাং কৰোঁ যে আমি বুদ্ধিমান হৈ নিজৰ পিতৃ যিহোৱাৰ হৃদয় আনন্দিত কৰোঁ।—হিতো. ২৩:১৫.

গীত ৯৪ যিহোৱাৰ বাক্যৰ প্ৰতি কৃতজ্ঞ

^ চলোমন আৰু যীচু বহুত বুদ্ধিমান আছিল, কিয়নো যিহোৱাই তেওঁলোকক বুদ্ধি দিছিল। তেওঁলোক দুয়োজনে বহুতো পৰামৰ্শ দিছিল, সেই পৰামৰ্শবোৰ যদি আমি পালন কৰোঁ, তেনেহʼলে আমি টকা-পইচা, কাম আৰু নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিম। এই লেখত আমি তেওঁলোকৰ কিছুমান পৰামৰ্শৰ বিষয়ে আলোচনা কৰিম। আমি এয়াও আলোচনা কৰিম যে এই পৰামৰ্শ পালন কৰি কিছুমান ভাই-ভনীয়ে কেনেকৈ লাভৱান হʼল।

^ ফেব্ৰুৱাৰী ১, ২০১৫ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “নিজৰ কামৰপৰা কেনেকৈ আনন্দ লাভ কৰিব পাৰি?” নামৰ লেখটো পঢ়ক।

^ আগষ্ট ১, ২০০৫ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) “আনন্দ লাভ কৰিবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে” নামৰ লেখটো চাওক।

^ ছবিৰ বিষয়ে: জʼন আৰু টম একেখন মণ্ডলীৰে হয়। এফালে জʼনে নিজৰ গাড়ীৰ যত্ন লʼবলৈ বহুত সময় অতিবাহিত কৰিছে। আনফালে টমে নিজৰ গাড়ীত আনক প্ৰচাৰ আৰু সভালৈ নিছে।

^ ছবিৰ বিষয়ে: জʼনে অভাৰটাইম কৰি আছে। যেতিয়া জʼনক তেওঁৰ মালিকে অভাৰটাইম কৰিবলৈ কয়, তেতিয়া জʼনে তেওঁৰ মালিকক আনন্দিত কৰিবলৈ অভাৰটাইম কৰিবলৈ সাজু থাকে। সেইদিনাখন গধূলি পৰিচাৰক টমে এজন প্ৰাচীনৰ লগত মেৰ পালকৰ সাক্ষাৎ কৰিবলৈ গৈছে। টমে নিজৰ মালিকক আগতে কৈ থৈছে যে সপ্তাহৰ কিছুমান দিন গধূলিৰ সময়ত তেওঁৰ সভা আৰু আন দায়িত্ববোৰ থকাৰ বাবে তেওঁ অভাৰটাইম কৰিব নোৱাৰে।

^ ছবিৰ বিষয়ে: জʼনে কেৱল নিজৰ বিষয়ে চিন্তা কৰে। কিন্তু টমে যিহোৱাক নিজৰ জীৱনত প্ৰথম স্থান দিয়ে আৰু তেওঁ এখন ৰাজ্যগৃহ মেৰামতি কৰিবলৈ সহায় কৰিছে। ইয়াৰ বাবে তেওঁ বহুতো বন্ধু পাতিব পাৰিলে।