Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৪

আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব

আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব

“সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহঁক; কিয়নো আমি ক্লান্ত নহলে, উচিত সময়ত দাবলৈ পাম।”—গালা. ৬:৯.

গীত ৮৪ যিহোৱাৰ সেৱাত আগ বাঢ়ক

লেখৰ এক আভাস a

১. আমাৰ সকলোৰে কি সমস্যা হয়?

 আমি সকলোৱে যিহোৱাক আনন্দিত কৰিব আৰু ভালদৰে তেওঁৰ সেৱা কৰিব বিচাৰোঁ। সেইবাবে, আমি কিছুমান লক্ষ্য ৰাখোঁ। যেনে: প্ৰতিদিনে বাইবেল পঢ়া, ভালদৰে ব্যক্তিগত অধ্যয়ন কৰা, প্ৰচাৰ কৰাৰ দক্ষতা বঢ়োৱা বা কিবা গুণ বঢ়োৱা। হয়তো আপুনিও এনে কিবা লক্ষ্য ৰাখিছে কিন্তু এতিয়া তাত উপনীত হʼবলৈ আপোনাক কঠিন লাগিছে। যদি এইদৰে হয়, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। এই উদাহৰণবোৰলৈ মন কৰক, ফিলিপে ভালদৰে আৰু বেছিকৈ প্ৰাৰ্থনা কৰিব বিচাৰিছিল, কিন্তু প্ৰাৰ্থনা কৰিবলৈ তেওঁ সময়ে উলিয়াব পৰা নাছিল। এৰিকাই প্ৰচাৰ সভাত সময়মতে উপস্থিত হʼবলৈ লক্ষ্য ৰাখিছিল, কিন্তু তেওঁৰ প্ৰায়ে দেৰি হৈছিল। টমাচে সম্পূৰ্ণ বাইবেলখন পঢ়িব বিচাৰিছিল। কিন্তু তেওঁ এইদৰে কৈছে, “মোক বাইবেলখন পঢ়ি ভালে নালাগিছিল, মই তিনি বাৰ চেষ্টা কৰিলোঁ কিন্তু প্ৰতিবাৰে লেবীয় পুস্তকৰ পৰা আগবাঢ়িব নোৱাৰিলোঁ।”

২. যদি আমি এতিয়ালৈকে নিজৰ লক্ষ্যত উপনীত হʼব পৰা নাই, তেনেহʼলে আমি কিয় নিৰাশ হোৱা উচিত নহয়?

যদি আপুনি কিবা লক্ষ্য ৰাখিছে আৰু তাত এতিয়ালৈকে উপনীত হʼব পৰা নাই, তেনেহʼলে নিৰাশ নহʼব। বহু বাৰ এটা সৰু-সুৰা লক্ষ্যত উপনীত হʼবলৈ সময় আৰু পৰিশ্ৰম লাগে। তথাপিও আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ যদি চেষ্টা কৰি আছে, তেনেহʼলে এয়াই দেখুৱাব যে আপুনি যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক বহুত মূল্যৱান বুলি ভাবে, আপুনি তেওঁৰ সেৱা আৰু ভালদৰে কৰিব বিচাৰে। যিহোৱাই আপোনাৰ পৰিশ্ৰমক মূল্যাংকন কৰে। আপুনি যিবোৰ কাম কৰিব নোৱাৰে, সেই কাম কৰাটো যিহোৱাই আশা নকৰে। (গীত. ১০৩:১৪; মীখা ৬:৮) সেইবাবে, নিজৰ পৰিস্থিতিক মনত ৰাখি এনে লক্ষ্য ৰাখক, যিবোৰত আপুনি উপনীত হʼব পাৰে। আহক কিছুমান উপায়লৈ মন কৰোঁ, যিবোৰ মানি আপুনি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব।

লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা বঢ়াওক

নিজৰ ইচ্ছা দৃঢ় কৰিবলৈ প্ৰাৰ্থনা কৰক (অনুচ্ছেদ ৩-৪ চাওক)

৩. লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা থকাটো কিয় প্ৰয়োজন?

কিবা লক্ষ্যত উপনীত হʼবলৈ হʼলে তাক পাবলৈ দৃঢ় ইচ্ছা থকাটো অতি প্ৰয়োজন। ইচ্ছা থাকিলেহে আমি লক্ষ্যত উপনীত হʼবলৈ কঠিন পৰিশ্ৰম কৰিম। এই ইচ্ছা নদীৰ গতিৰ দৰে হয়। নদীৰ গতিৰ সহায়ত যিদৰে নাওঁখনে নিজৰ লক্ষ্য স্থানৰ ফালে আগবাঢ়ি যায়, ঠিক সেইদৰে ইচ্ছা থাকিলে আমি নিজৰ লক্ষ্য স্থানলৈ আগবাঢ়ি যাব পাৰোঁ। যদি গতি বাঢ়ে তেনেহʼলে নাবিকে সোনকালে নিজৰ লক্ষ্য স্থান পাবগৈ। ঠিক সেইদৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ যিমানেই বেছি আমাৰ ইচ্ছা থাকিব, সিমানে সোনকালে আমি তাত উপনীত হʼব পাৰিম। এল ছাল্ভাডʼৰত থকা ভাই ডেভিদে এইদৰে কৈছে, ‘যেতিয়া আপুনি কিবা কৰিবলৈ দৃঢ় ইচ্ছা ৰাখে, তেতিয়া আপুনি ইয়াৰ বাবে কঠিন পৰিশ্ৰম কৰে আৰু এনে কৰিবলৈ কোনো কথাই আপোনাক বাধা দিব নোৱাৰে।ʼ গতিকে আপুনি নিজৰ ইচ্ছা বঢ়াবলৈ কি কৰিব পাৰে?

৪. আমি কি কথাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ? (ফিলিপীয়া ২:১৩) (ছবিখনো চাওক।)

নিজৰ লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা বঢ়াবলৈ প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰিলে যিহোৱাই আপোনাক পবিত্ৰ শক্তি দিব। তেতিয়া নিজৰ লক্ষ্যত উপনীত হʼবলৈ আপোনাৰ আৰু বেছিকৈ মন যাব। (ফিলিপীয়া ২:১৩ পঢ়ক।) কেতিয়াবা কেতিয়াবা আমি সেইবাবে লক্ষ্য ৰাখোঁ কিয়নো আমি জানোঁ যে আমি এইদৰে কৰা উচিত আৰু এয়া ভাল কথা। কিন্তু সেই লক্ষ্যত উপনীত হʼবলৈ হয়তো আমাৰ ইচ্ছাই নাই। ইউগাণ্ডাত থকা ভনী নʼৰীনৰ লগতো এইদৰে হৈছিল। তেওঁ এটা বাইবেল অধ্যয়ন কৰাবলৈ লক্ষ্য ৰাখিছিল কিন্তু এইদৰে কৰাৰ তেওঁৰ ইমান ইচ্ছা নাছিল। কিয়নো তেওঁ ভালদৰে শিকাব নোৱাৰিম বুলি ভাবিছিল। কি কথাই তেওঁক সহায় কৰিলে? তেওঁ এইদৰে কয়, “বাইবেল অধ্যয়ন কৰাৰ ইচ্ছা বঢ়াবলৈ মই প্ৰতিদিনে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। ইয়াৰ লগতে মই নিজৰ শিকোৱাৰ দক্ষতা বঢ়াবলৈ কঠিন পৰিশ্ৰম কৰিলোঁ। ইয়াৰ কিছু মাহৰ পাছত মই দেখিলোঁ যে বাইবেল অধ্যয়ন কৰাৰ মোৰ ইচ্ছা বাঢ়িল। সেই বছৰতে মই দুটা বাইবেল অধ্যয়ন আৰম্ভ কৰিব পাৰিলোঁ।

৫. কিহৰ বিষয়ে চিন্তা কৰিলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আমাৰ ইচ্ছা আৰু দৃঢ় হʼব পাৰে?

যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে কি কি কৰিলে তাৰ বিষয়ে চিন্তা কৰক (গীত. ১৪৩:৫) পাঁচনি পৌলে যেতিয়া মনন কৰিলে যে যিহোৱাই তেওঁৰ ওপৰত কেনেকৈ অনুগ্ৰহ দেখুৱাইছে, তেতিয়া তেওঁ মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিলে। (১ কৰি. ১৫:৯, ১০; ১ তীম. ১:১২-১৪) ঠিক সেইদৰে যিহোৱাই এতিয়ালৈকে আপোনাৰ বাবে কি কি কৰিলে, তাৰ বিষয়ে চিন্তা কৰিলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ আপোনাৰ ইচ্ছা আৰু দৃঢ় হʼব। (গীত. ১১৬:১২) মন কৰক হণ্ডুৰাচত থকা এজনী ভনীয়ে কেনেকৈ সহায় পালে। তেওঁ অগ্ৰগামী সেৱা কৰিব বিচাৰিছিল। তেওঁ এইদৰে কয়, “মই এই বিষয়ে চিন্তা কৰিলোঁ যে যিহোৱাই মোক কিমান প্ৰেম কৰে, তেওঁ মোক নিজৰ পৰিয়ালৰ ভাগ হʼবলৈ সুযোগ দিছে, তেওঁ মোৰ বিষয়ে চিন্তা কৰে আৰু সুৰক্ষা দিয়ে। এইদৰে মনন কৰাৰ বাবে যিহোৱাৰ প্ৰতি মোৰ প্ৰেম বাঢ়িল আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ মোৰ ইচ্ছাও দৃঢ় হʼল।”

৬. নিজৰ ইচ্ছা দৃঢ় কৰিবলৈ আমি আৰু কি কৰিব পাৰোঁ?

নিজৰ লক্ষ্যত উপনীত হʼলে আপোনাৰ কি কি লাভ হʼব পাৰে তাৰ বিষয়ে চিন্তা কৰক। এৰিকাৰ উদাহৰণলৈ আকৌ মন কৰক, প্ৰচাৰ সভাত সময়মতে উপস্থিত হোৱাৰ তেওঁৰ লক্ষ্য আছিল। তেওঁ এইদৰে কয়, “মই ভাবিলোঁ যে দেৰিত গৈ পোৱাৰ বাবে মই কিমান কাম কৰিব নোৱাৰোঁ। সোনকালে গʼলে মই ভাই-ভনীসকলক লগ কৰিব পাৰিম, তেওঁলোকৰ লগত সময় কটাব পাৰিম আৰু তাত যি ভাল উপায়বোৰৰ বিষয়ে কোৱা হয় সেইবোৰ শুনিব পাৰিম। এইদৰে কৰিলে মই ভালদৰে প্ৰচাৰ কৰিব পাৰিম আৰু মোক বৰ ভাল লাগিব।” এৰিকাই চিন্তা কৰিলে যে সময়মতে গৈ পালে, তেওঁৰ কিমান লাভ হʼব পাৰে। সেইবাবে, তেওঁ নিজৰ লক্ষ্যত উপনীত হʼব পাৰিলে। আপুনি কিছুমান লাভৰ বিষয়ে চিন্তা কৰিব পাৰেনে? যদি ভালদৰে বাইবেল পঢ়া বা প্ৰাৰ্থনা কৰাৰ আপুনি লক্ষ্য ৰাখিছে, তেনেহʼলে চিন্তা কৰক এইদৰে কৰিলে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক কিমান মজবুত হʼব। (গীত. ১৪৫:১৮, ১৯) যদি আপুনি কোনো এটা গুণ বঢ়াব বিচাৰে, তেনেহʼলে চিন্তা কৰক ইয়াৰ বাবে ভাই-ভনীসকলৰ লগত আপোনাৰ সম্পৰ্ক কিমান ভাল হৈ পৰিব। (কল. ৩:১৩, ১৪) আপুনি কোনো এটা লক্ষ্য কিয় ৰাখিছে, তাৰ কাৰণবোৰ এঠাইত লিখি ৰাখক আৰু মাজে-সময়ে সেইবোৰ চালি-জাৰি চাওক। আগতে উল্লেখ কৰাৰ টমাচে এইদৰে কয়, “কোনো এটা লক্ষ্য ৰখাৰ মোৰ ওচৰত যিমানেই বেছি কাৰণ থাকে, সিমানে বেছি সেই লক্ষ্যত উপনীত হʼবলৈ মই পৰিশ্ৰম কৰোঁ।”

৭. ভাই হুলিঅ আৰু তেওঁৰ পত্নীয়ে নিজৰ লক্ষ্যত উপনীত হʼবলৈ কেনেকৈ সহায় পালে?

লক্ষ্যত উপনীত হʼবলৈ আপোনাক সহায় কৰা লোকসকলৰ লগত সময় কঠাওক। (হিতো. ১৩:২০) ভাই হুলিঅ আৰু তেওঁৰ পত্নীয়ে প্ৰচাৰকৰ প্ৰয়োজন হোৱা ঠাইলৈ গৈ সেৱা কৰিব বিচাৰিছিল। নিজৰ লক্ষ্যত উপনীত হʼবলৈ তেওঁলোকক কিহে সহায় কৰিলে। ভায়ে এইদৰে কৈছে, “আমি এনে লোকসকলৰ লগত বন্ধুত কৰিলোঁ, যিসকলে আমাক আৰু বেছিকৈ পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিলে। আমি তেওঁলোকৰ লগত নিজৰ লক্ষ্যৰ বিষয়ে খুলি কথা পাতিছিলো। তেওঁলোকৰ মাজৰ বহুতো বন্ধুৱে এনে লক্ষ্যত উপনীত হৈছিল। সেইবাবে, তেওঁলোকে আমাক ভাল পৰামৰ্শ দিব পাৰিলে। মাজে সময়ে তেওঁলোকে আমাক সুধিছিল যে সকলো ভালদৰে চলি আছে নে আৰু প্ৰয়োজন হʼলে তেওঁলোকে আমাক উৎসাহিতও কৰিছিল।”

যেতিয়া লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা দুৰ্বল হʼবলৈ ধৰে

লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰি থাকক (অনুচ্ছেদ ৮ চাওক)

৮. আমাৰ যেতিয়া মন যায়, কেৱল তেতিয়া লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰিলে কি হʼব পাৰে?

আমাৰ জীৱনত বহু বাৰ এনে সময় আহে যেতিয়া আমাক নিজৰ লক্ষ্যত উপনীত হʼবলৈ একো কৰিবলৈ মন নাযায়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে আমি একো কৰিব নোৱাৰোঁ? নহয়। নাওঁৰ উদাহৰণলৈ আকৌ মন কৰক, নদীৰ গতিত বহুত শক্তি থাকে, যাৰ সহায়ত এখন নাওঁ তাৰ লক্ষ্য স্থানত উপনীত হʼব পাৰে। কিন্তু বহু বাৰ বতাহ লাহে লাহে বলে আৰু বহু বাৰ একেবাৰে নবলে। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে নাবিকে আগবাঢ়ি যাব নোৱাৰিব? নহয়। কিছুমান নাওঁত মটৰ থাকে আৰু কিছুমানত বঠা। তাৰ সহায়ত নাবিকে নিজৰ লক্ষ্য স্থানৰ ফালে আগবাঢ়ি যাব পাৰে। আমাৰ ইচ্ছাও বতাহৰ দৰে হʼব পাৰে। কেতিয়াবা কেতিয়াবা আমাক বহুতো কাম কৰিবলৈ মন যাব পাৰে কিন্তু কেতিয়াবা একো কৰিবলৈ মন নাযাব পাৰে। যদি আমি ভাবোঁ যে আমাৰ যেতিয়া কৰিবলৈ মন যাব তেতিয়া পৰিশ্ৰম কৰিম, তেনেহʼলে আমি কেতিয়াও নিজৰ লক্ষ্যত উপনীত হʼব নোৱাৰিম। সেইবাবে, যদিও আমাৰ একো কৰিবলৈ মন নাযায়, তথাপি নাবিকৰ দৰে আমি আগবাঢ়ি গৈ থাকিবলৈ বেলেগ বেলেগ উপায় ব্যৱহাৰ কৰিব পাৰোঁ। এইদৰে কৰাটো সহজ নহয়, কিন্তু এইদৰে কৰিলে আমি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিম। গতিকে আমি কি কি কৰিব পাৰোঁ, এয়া জনাৰ আগতে আহক এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ মন কৰোঁ।

৯. নিজৰ লক্ষ্যত উপনীত হোৱাৰ ইচ্ছা নাথাকিলেও পৰিশ্ৰম কৰাটো উচিত হʼবনে? বুজাওক।

আমি আনন্দেৰে আৰু নিজৰ ইচ্ছাৰে যিহোৱাৰ সেৱা কৰাটো তেওঁ বিচাৰে। (গীত. ১০০:২; ২ কৰি. ৯:৭) যেতিয়া নিজৰ লক্ষ্যত উপনীত হʼবলৈ আমাৰ মন নাযায়, তেতিয়া আমি পৰিশ্ৰম কৰা উচিত হʼবনে? পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰক, তেওঁ এইদৰে কৈছিল, “মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছোঁ।” (১ কৰি. ৯:২৫-২৭) ইয়াৰ অৰ্থ হৈছে যেতিয়া সঠিক কাম কৰিবলৈ পৌলৰ মন নগৈছিল, তেতিয়াও তেওঁ জোৰ-জবৰদস্তি কৰি সেই কাম কৰিছিল। যিহোৱাই পৌলৰ সেৱা গ্ৰহন কৰিলেনে? নিশ্চয় কৰিলে। যিহোৱাই পৌলৰ পৰিশ্ৰমৰ বাবে তেওঁক পুৰস্কাৰো দিলে।—২ তীম. ৪:৭, ৮.

১০. আমাৰ মন নগʼলেও নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰি থাকিলে কি কি লাভ হʼব পাৰে?

১০ হয়তো কেতিয়াবা কেতিয়াবা আমাক একো কৰিবলৈ মন নাযাব পাৰে। তথাপিও যদি আমি নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৌলৰ দৰে পৰিশ্ৰম কৰোঁ, তেনেহʼলে যিহোৱাই আনন্দিত হʼব। তেওঁ জানে যে কোনো এটা কাম আমাক সদায় কৰিবলৈ ভাল নালাগিব পাৰে। কিন্তু আমি যিহোৱাক প্ৰেম কৰাৰ বাবে সেই কামটো কৰোঁ। সেইবাবে, তেওঁ আমাৰ পৰা আনন্দিত হয়। যিহোৱাই যেনেকৈ পৌলক আশীৰ্বাদ দিলে, ঠিক সেইদৰে তেওঁ আমাৰ পৰিশ্ৰমতো আশীৰ্বাদ দিব। (গীত. ১২৬:৫) যেতিয়া আমি চাম যে যিহোৱাই আমাৰ পৰিশ্ৰমত আশীৰ্বাদ দি আছে, তেতিয়া আমাৰ ইচ্ছা আৰু দৃঢ় হৈ পৰিব। পোলেণ্ডত থকা ভনী লুচিনাই এইদৰে কৈছে, “বহু বাৰ মোক প্ৰচাৰলৈ যাবলৈ মন নাযায়, বিশেষকৈ যেতিয়া মই ভাগৰি পৰোঁ। তথাপিও প্ৰচাৰলৈ গʼলে মই যি আনন্দ পাওঁ, সেয়া মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে আহক চাওঁ যে যেতিয়া আমাৰ ইচ্ছা দুৰ্বল হʼবলৈ ধৰে, তেতিয়া আমি কি কৰিব পাৰোঁ?

১১. আত্ম-সংযমৰ গুণ বঢ়াবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰিব পাৰে?

১১ আত্ম-সংযমৰ গুণ বঢ়াবলৈ প্ৰাৰ্থনা কৰক। আত্ম-সংযমৰ অৰ্থ হৈছে নিজৰ ভাবনা আৰু কামক নিয়ন্ত্ৰণ কৰি ৰখা। এই শব্দ বিষেশকৈ বেয়া কামৰ পৰা আঁতৰি থকাৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিন্তু এইটো গুণ ভাল কাম কৰাৰ সময়তো আমাক প্ৰয়োজন হʼব পাৰে। বিষেশকৈ যেতিয়া আমাক কিবা কাম কৰিবলৈ কঠিন লাগে বা আমাৰ মন নাযায়। মনত ৰাখক, এই গুণটো পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। সেইবাবে, এই গুণ বঢ়াবলৈ যিহোৱালৈ পবিত্ৰ শক্তি বিচাৰি প্ৰাৰ্থনা কৰক। (লূক ১১:১৩; গালা. ৫:২২, ২৩) ভাই ডেভিদ যাৰ বিষয়ে আগতে কোৱা হৈছে তেওঁ নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিব বিচাৰিছিল। প্ৰাৰ্থনা কৰাৰ বাবে তেওঁ কেনেকৈ সহায় পালে, তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “ মই বাৰে বাৰে আত্ম-সংযমৰ গুণ বঢ়াবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ। যিহোৱাৰ সহায়ত মই ব্যক্তিগত অধ্যয়নৰ বাবে এটা ভাল তালিকা বনাব পাৰিলোঁ আৰু তাৰ অনুসৰি কামো কৰিলোঁ।”

১২. উপদেশক ১১:৪ পদত দিয়া সিদ্ধান্তক মনত ৰাখি আমি কেনেকৈ নিজৰ লক্ষ্যত উপনীত হʼব পাৰোঁ?

১২ যেতিয়া সকলো ভালে থাকিব, তেতিয়া কৰিম বুলি কেতিয়াও নাভাবিব। এই পৃথিৱীত হয়তো এনে সময় কেতিয়াও নাহিব যেতিয়া সকলোবোৰ ঠিক হৈ যাব। যদি আমি ভাল পৰিস্থিতিৰ অপেক্ষা কৰি থাকিম, তেনেহʼলে আমি হয়তো আমাৰ লক্ষ্য কেতিয়াও নাপাম। (উপদেশক ১১:৪ পঢ়ক।) ডেনিয়েল নামৰ ভায়ে এইদৰে কয়, “পৰিস্থিতি যে একেবাৰে ভাল হৈ যাব, এয়া কেতিয়াও হʼব নোৱাৰে। সেইবাবে, আমি বাট চাই থকাৰ পৰিৱৰ্তে কাম আৰম্ভ কৰা উচিত।” ইউগাণ্ডাত থকা ভাই পৌলে আমি কিয় বাহানা মাৰিব নালাগে, তাৰ আৰু এটা কাৰণৰ বিষয়ে কয় যে, “বেয়া পৰিস্থিতিতো যেতিয়া আমি কিবা এটা কাম আৰম্ভ কৰোঁ, তেতিয়া আচলতে আমাক আশীৰ্বাদ দিবলৈ যিহোৱাক সুযোগ দিওঁ।”—মলা. ৩:১০.

১৩. প্ৰথমে সৰু সৰু লক্ষ্য ৰাখিলে কি লাভ হয়?

১৩ প্ৰথমে সৰু সৰু লক্ষ্য ৰাখক। হয়তো আমি কিবা লক্ষ্য ৰাখিছোঁ আৰু তাত উপনীত হʼবলৈ আমাক কঠিন লাগিছে আৰু সেইবাবে আমাক পৰিশ্ৰম কৰিবলৈও মন নাযায়। যদি আপোনাৰ লগতো এইদৰে হৈছে, তেনেহʼলে আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ কিছুমান সৰু সৰু লক্ষ্য ৰাখক। যেনে, যদি আপুনি কিবা গুণ বঢ়াবলৈ লক্ষ্য ৰাখিছে, তেনেহʼলে আপুনি সৰু সৰু উপায়েৰে সেই গুণ দেখুৱাব পাৰে। অথবা যদি আপুনি সম্পূৰ্ণ বাইবেল পঢ়াৰ লক্ষ্য ৰাখিছে, তেনেহʼলে প্ৰতিদিনে অলপ সময় বাইবেল পঢ়িবলৈ আৰম্ভ কৰক। আৰম্ভণিতে উল্লেখ কৰা টমাচে এবছৰত বাইবেল পঢ়াৰ লক্ষ্য ৰাখিছিল। কিন্তু তেওঁ সেই লক্ষ্যত উপনীত হʼব পৰা নাছিল। তেওঁ এইদৰে কৈছে, “মোৰ অনুভৱ হʼল যে মই এবাৰতে বহুতো ভাগ পঢ়িবলৈ চেষ্টা কৰি আছিলোঁ। সেইবাবে, মই আকৌ আৰম্ভ কৰিলোঁ কিন্তু এইবাৰ মই প্ৰতিদিনে কেৱল কিছুমানহে পদ পঢ়িম আৰু তাৰ বিষয়ে মনন কৰিম বুলি ভাবিলোঁ। এইদৰে বাইবেল পঢ়াত মোক ভাল লাগিবলৈ ধৰিলে।” যেতিয়া টমাচক এইদৰে কৰি ভাল লাগিলে, তেতিয়া তেওঁ আৰু বেছি সময়লৈকে বাইবেল পঢ়িবলৈ ধৰিলে। অৱশেষত তেওঁ সম্পূৰ্ণ বাইবেলখন পঢ়ি শেষ কৰিব পাৰিলে। b

বাধা আহিলে হাৰ নামানিব

১৪. আমাৰ ওচৰত কি কি বাধা আহিব পাৰে?

১৪ নিজৰ লক্ষ্যত উপনীত হোৱাৰ আমাৰ যিমানেই ইচ্ছা নাথাকক কিয় বা আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু কিবা নহয় কিবা বাধা নিশ্চয় আহে। যেনে: হয়তো হঠাতে কিবা ‘আপদৰ কালʼ আহিব পাৰে, যাৰ বাবে আমাৰ ওচৰত নিজৰ লক্ষ্যত উপনীত হʼবলৈ সময়ে নাথাকিব। (উপ. ৯:১২) অথবা আমি এনে কিবা সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে, আমি হয়তো নিৰাশ হৈ পৰিব পাৰোঁ আৰু আমাৰ সকলো শক্তি নাইকিয়া হʼব পাৰে। (হিতো. ২৪:১০) ইয়াৰ উপৰিও আমি অসিদ্ধ হয়। সেইবাবে, আমাৰ পৰা হয়তো কিবা ভুল হৈ যাব পাৰে, যাৰ বাবে আমি নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰোঁ। (ৰোম. ৭:২৩) অথবা আমি হয়তো ভাগৰি পৰোঁ। (মথি ২৬:৪৩) যদি আমাৰ ওচৰত এনে কিবা বাধা আহে, তেনেহʼলে আমি কি কৰিব পাৰোঁ?

১৫. যদি আমাৰ ওচৰত বাধা আহে, তেনেহʼলে ইয়াৰ অৰ্থ এয়ানে যে আমি বিফল হʼলোঁ? বুজাওক। (গীতমালা ১৪৫:১৪)

১৫ বাধা অহাৰ অৰ্থ এয়া নহয় যে আমি বিফল হʼলোঁ। বাইবেলত কোৱা হৈছে আমি বাৰে বাৰে পৰিব পাৰোঁ অৰ্থাৎ আমাৰ ওপৰত সমস্যা আহিব পাৰে। কিন্তু তাত এয়াও কোৱা হৈছে যে আমি আকৌ উঠিব পাৰোঁ, বিশেষকৈ যিহোৱাৰ সহায়ত। (গীতমালা ১৪৫:১৪ পঢ়ক।) ওপৰত উল্লেখ কৰা ভাই ফিলীপে এইদৰে কৈছে, “মই কিমান বাৰ পৰিলোঁ, তাৰ ওপৰত মোৰ সফলতা নিৰ্ভৰ নকৰে। ইয়াৰ পৰিৱৰ্তে মই কিমান বাৰ উঠি নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি গʼলোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে।” ওপৰত উল্লেখ কৰা ডেভিদে এইদৰে কৈছে, “যদি মোৰ ওচৰত কিবা বাধা আহে, তেনেহʼলে মই এইদৰে নাভাবোঁ যে মই এতিয়া নিজৰ লক্ষ্যত উপনীত হʼব নোৱাৰিম। ইয়াৰ পৰিৱৰ্তে মই যিহোৱাক কিমান প্ৰেম কৰোঁ তাক দেখুৱাৰ সুযোগ পাইছোঁ বুলি ভাবোঁ।” সঁচাকৈ, বাধা অহাৰ সত্ত্বেও যেতিয়া আমি নিজৰ লক্ষ্যৰ ফালে আগুৱাই যাওঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ। চিন্তা কৰকচোন, আমাক পৰিশ্ৰম কৰা দেখি যিহোৱাই কিমান আনন্দিত হয়।

১৬. বাধা আহিলে তাৰ পৰা আমি হয়তো কি জানিব পাৰোঁ?

১৬ বাধা আহিলে তাৰ পৰা শিক্ষা লাভ কৰক। চিন্তা কৰক সেই বাধা কিয় আহিলে আৰু নিজকে সোধক, ‘এইদৰে আকৌ নহʼবলৈ মই কি কৰিব পাৰোঁ?ʼ (হিতো. ২৭:১২) কিন্তু কেতিয়াবা কেতিয়াবা যেতিয়া বাধা আহে, তেতিয়া তাৰ পৰা জানিব পাৰি যে আমি যি লক্ষ্য ৰাখিছোঁ, সেয়া আমাৰ পৰিস্থিতিৰ অনুসৰি সঠিক নহয়। যদি আপুনিও এইদৰে ভাবে, তেনেহʼলে নিজৰ লক্ষ্যৰ বিষয়ে আকৌ চিন্তা কৰক আৰু আপুনি তাত উপনীত হʼব পাৰিব নে নোৱাৰে, সেয়া চাওক। c মনত ৰাখক, আপুনি যি লক্ষ্য ৰাখিছে, তাত উপনীত হোৱাটো আপোনাৰ বাবে সম্ভৱ নহয়, তেনেহʼলে আপুনি বিফল হʼল বুলি যিহোৱাই কেতিয়াও নাভাবিব।—২ কৰি. ৮:১২.

১৭. আমি এতিয়ালৈকে যি যি কৰিব পাৰিলোঁ, তাক কিয় মনত ৰখা উচিত?

১৭ আপুনি এতিয়ালৈকে যি যি কৰিলে, তাক মনত ৰাখক। বাইবেলত লিখা আছে যে “তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়।” (ইব্ৰী ৬:১০) আপুনিও নিজৰ কাম পাহৰি যোৱা উচিত নহয়। চিন্তা কৰক যে আপুনি এতিয়ালৈকে কি কি কৰিব পাৰিলে। যেনে, আপুনি যিহোৱাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিছে, আপুনি তেওঁৰ বিষয়ে আনক জনাই বা বাপ্তিষ্মাও লʼলে। আপুনি এতিয়ালৈকে যিদৰে উন্নতি কৰিলে আৰু নিজৰ লক্ষ্যত উপনীত হʼল। ঠিক সেইদৰে আগলৈ আপুনি উন্নতি কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব।—ফিলি. ৩:১৬.

যাত্ৰাৰ আনন্দ লওক (অনুচ্ছেদ ১৮ চাওক)

১৮. আমি নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰাৰ সময়ত কি কথা মনত ৰখা উচিত? (ছবিখনো চাওক।)

১৮ এজন নাবিকে যিদৰে নিজৰ লক্ষ্য স্থানত গৈ পাওঁতে আনন্দিত হয়, ঠিক সেইদৰে আপুনিও যিহোৱাৰ সহায়ত নিজৰ লক্ষ্যত উপনীত হʼব পাৰিব আৰু আনন্দিত হʼব। মনত ৰাখক বহুতো নাবিকে যাত্ৰাৰ আনন্দও লয়। ঠিক সেইদৰে যেতিয়া আপুনি নিজৰ লক্ষ্যত উপনীত হʼবলৈ পৰিশ্ৰম কৰে, তেতিয়া মন কৰক যে যিহোৱাই কেনেকৈ আপোনাক সহায় কৰিছে আৰু আশীৰ্বাদ দিছে আৰু এই কথাৰ পৰা আনন্দিত হওক। (২ কৰি. ৪:৭) আপুনি হাৰ নামানিলে আৰু বহুতো আশীৰ্বাদ লাভ কৰিব।—গালা. ৬:৯.

গীত ১২৬ পৰ দি থাকা, শক্তিশালী হোৱা

a যিহোৱাৰ সেৱা ভালদৰে কৰাৰ বাবে কিছুমান লক্ষ্য ৰাখিবলৈ আমাক বাৰে বাৰে উৎসাহিত কৰা হয়। হয়তো আমি কিবা লক্ষ্য ৰাখিছোঁ, কিন্তু তাত উপনীত হʼবলৈ আমাৰ বাবে কঠিন হৈছে। এনে পৰিস্থিতিত এই লেখত উল্লেখ কৰা উপায়বোৰ মানিলে আমি নিজৰ লক্ষ্যত উপনীত হʼব পাৰিম।

c এই বিষয়ে বেছিকৈ জানিবলৈ জুলাই ১৫, ২০০৮ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “নিজৰ পৰিস্থিতিৰ অনুসৰি লক্ষ্য ৰাখক আৰু আনন্দিত হওক” নামৰ লেখখন পঢ়ক।