Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২২

‘পবিত্ৰ আলিতʼ গৈ থাকক

‘পবিত্ৰ আলিতʼ গৈ থাকক

‘এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হব।ʼ —যিচ. ৩৫:৮.

গীত ৩১ ঈশ্বৰৰ সৈতে চলক

লেখৰ এক আভাস a

১-২. বাবিলত থকা যিহূদীসকলক কি গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছিল? (ইজ্ৰা ১:২-৪)

 বাবিলত ঘোষণা কৰা হʼল যে যিহূদীসকলে নিজৰ দেশ ইস্ৰায়েললৈ উভতি যাব পাৰে! তেওঁলোকে ৭০ বছৰলৈকে বাবিলত দাসত্ব হিচাপে আছিল কিন্তু এতিয়া তেওঁলোকক মুকলি কৰা হʼল। (ইজ্ৰা ১:২-৪ পঢ়ক।) এয়া যিহোৱাৰ সহায়তে সম্ভৱ হʼল। আমি এইদৰে কিয় কʼব পাৰোঁ? কিয়নো বাবিলৰ লোকসকলে সাধাৰণতে নিজৰ বন্দীসকলক কেতিয়াও মুকলি কৰা নাছিল। (যিচ. ১৪:৪, ১৭) কিন্তু এতিয়া বাবিলৰ পৰিস্থিতি সলনি হʼল। এতিয়া যিজনে ৰজা হʼল, তেওঁ যিহূদীসকলক কʼলে যে তেওঁলোকে যদি বিচাৰে বাবিল এৰি যাব পাৰে। সেইবাবে, এতিয়া প্ৰতিজন যিহূদীয়ে বিশেষকৈ পৰিয়ালৰ মুৰব্বীয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্ণয় লʼবলগীয়া আছে: তেওঁলোকৰ পৰিয়ালে বাবিল এৰি ইস্ৰায়েললৈ যাব নে তাতে থাকিব? কিন্তু এই নিৰ্ণয় ইমান সহজ নাছিল। কিয় বাৰু?

বহুতো যিহূদী বৃদ্ধ হৈ পৰিছিল, সেইবাবে ইমান দীঘলীয়া যাত্ৰা কৰা তেওঁলোকৰ বাবে কঠিন হʼলহেঁতেন। ইয়াৰ উপৰিও বেছিভাগ যিহূদী বাবিলতে জন্ম হৈছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ সকলো বাবিলতে আছে, ইস্ৰায়েলখন তেওঁলোকৰ পূৰ্বপুৰুষৰ দেশ হয়। এনে লাগিছিল যেন কিছুমান যিহূদী তাত বহুত ধনী হৈ পৰিছিল আৰু আৰামেৰে জীয়াই আছিল। সেইবাবে, তেওঁলোকে হয়তো মনতে ভাবিছিল ইয়াত ইমান সা-সুবিধা আৰু ভাল ব্যৱসায় এৰি এখন অচিনাকি দেশত গৈ থকাটো বুদ্ধিমানৰ কাম হʼবনে।

৩. ইস্ৰায়েললৈ উভতি যোৱা বিশ্বাসী যিহূদীসকলে কি আশীৰ্বাদ পালেহেঁতেন?

যিহোৱাৰ বিশ্বাসী যিহূদীসকলে জানিছিল যে এই যাত্ৰাত তেওঁলোকে বহুতো ত্যাগ কৰিব লাগিব। কিন্তু তেওঁলোকে এয়াও জানিছিল যে ইস্ৰায়েলত গৈ তেওঁলোকে যি আশীৰ্বাদ পাব তাৰ তুলনাত এই যাত্ৰাত কৰা ত্যাগবোৰ একোৱেই নহয়। সকলোতকৈ ডাঙৰ আশীৰ্বাদ হৈছে তেওঁলোকে তাত গৈ যিহোৱাৰ উপাসনা ভালদৰে কৰিব পাৰিব। বাবিলত মিছা দেৱী-দেৱতাবিলাকৰ ৫০-তকৈ বেছি মন্দিৰ আছিল। কিন্তু যিহোৱাৰ কাৰণে তাত কোনো মন্দিৰ নাছিল আৰু বেদীও নাছিল, যʼত মোচিৰ ব্যৱস্থাৰ অনুসৰি বলিদান দিব পাৰি আৰু সেই বলিদান দিবলৈ কোনো পুৰোহিতৰ ব্যৱস্থাও নাছিল। ইয়াৰ উপৰিও তাত তেওঁলোকৰ চাৰিওফালে মিছা দেৱী-দেৱতাবিলাকক উপাসনা কৰা আৰু যিহোৱাৰ ব্যৱস্থাৰ বিষয়ে চিন্তা নকৰা লোকসকল আছিল। তেওঁলোকৰ সংখ্যা যিহূদীসকলতকৈ বহুগুণে বেছি আছিল। সেইবাবে, হাজাৰ হাজাৰ বিশ্বাসী যিহূদীয়ে নিজৰ দেশ উভতি যাবলৈ আগ্ৰহী হৈ আছিল, যʼত তেওঁলোকে শুদ্ধ উপাসনা আকৌ আৰম্ভ কৰিব পাৰিলেহঁতেন।

৪. ইস্ৰায়েললৈ উভতি যোৱা যিহূদীসকলক যিহোৱাই কি প্ৰতিজ্ঞা কৰিছিল?

বাবিলৰ পৰা ইস্ৰায়েললৈকে এই কঠিন যাত্ৰা কৰিবলৈ প্ৰায় চাৰি মাহ লাগিলেহেঁতেন। কিন্তু যিহোৱাই যিহূদীসকলক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ তেওঁলোকৰ বাটত অহা সকলো বাধা দূৰ কৰি দিব। যিচয়াই এইদৰে লিখিছিল, ‘তোমালোকে অৰণ্যৰ মাজত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ নিমিত্তে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা। . . . বেঁকাবেঁকি ঠাই পোন কৰা, খলাবমা মাটি সমান কৰা।ʼ (যিচ. ৪০:৩, ৪) কল্পনা কৰক মৰুভূমিৰ মাজেদি এটা ঘাইপথ বা হাইৱে গৈছে। সেয়া একেবাৰে পোন আৰু কʼতো খলাবমা নাই। এই পথত যাত্ৰা কৰাবিলাকে পৰ্বত বা উপত্যকাত উঠা-নমা আৰু বেঁকাবেঁকিকৈ যোৱাৰ প্ৰয়োজন নহʼব। তেওঁলোকে এই পথত আৰামেৰে যাত্ৰা কৰিব আৰু তেওঁলোকে নিজৰ লক্ষ্য স্থান সোনকালে পাব।

৫. বাবিলৰ পৰা ইস্ৰায়েললৈ যোৱা ঘাইপথক কি নাম দিয়া হৈছিল?

আজি বেছিভাগ হাইৱে বা ঘাইপথৰ নাম বা নম্বৰ দিয়া হৈছে। যিচয়াই যি ঘাইপথৰ বিষয়ে কৈছিল, তাৰো এটা নাম দিয়া হৈছে। বাইবেলত এইদৰে লিখা আছে, ‘এক ৰাজপথ তৈয়াৰ কৰা হব; সেয়ে পবিত্ৰ আলি বুলি প্ৰখ্যাত হব; সেয়েদি কোনো অশুচি লোক অহা-যোৱা নকৰিব।ʼ (যিচ. ৩৫:৮) ঈশ্বৰে যিহূদীসকলক যি প্ৰতিজ্ঞা কৰিছিল, সেয়া তেওঁলোকৰ বাবে কি অৰ্থ ৰাখিছিল আৰু এয়া আমাৰ বাবে কি অৰ্থ ৰাখে?

“পবিত্ৰ আলি”—প্ৰাচীন সময়ত আৰু বৰ্তমান সময়ত

৬. এই পথক কিয় পবিত্ৰ বুলি কোৱা হৈছে?

“পবিত্ৰ আলি”—সঁচাকৈ এই পথৰ নাম বৰ ধুনীয়া! কিন্তু ইয়াক পবিত্ৰ বুলি কিয় কোৱা হৈছে? কিয়নো ইস্ৰায়েল দেশখন পুনৰ স্থাপন কৰাৰ পাছত তাত কোনো অশুচি ব্যক্তিক থাকিবলৈ দিয়া নহʼলহেঁতেন। যদি কোনোবাই অনৈতিক কাম, মূৰ্তিপূজা বা আন ডাঙৰ ডাঙৰ পাপবোৰ কৰিবলৈ নেৰে, তেনেহʼলে তেওঁক তাত থাকিবলৈ দিয়া নহʼলহেঁতেন। যিসকল যিহূদী নিজৰ দেশলৈ উভতি গৈছিল, তেওঁলোকক ঈশ্বৰৰ “পবিত্ৰ প্ৰজা” হোৱাৰ প্ৰয়োজন আছিল। (দ্বিতী. ৭:৬) কিন্তু ইয়াৰ অৰ্থ এয়া আছিলনে যে বাবিলৰ পৰা উভতি অহা লোকসকলে এতিয়া যিহোৱাক আনন্দিত কৰিবলৈ কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাছিল।

৭. কিছুমান যিহূদীয়ে কি সাল-সলনি কৰাৰ প্ৰয়োজন আছিল? এটা উদাহৰণ দিয়ক।

বাবিলত থকা বেছিভাগ যিহূদীৰ জন্ম তাতেই হৈছিল আৰু এনে লাগিছিল যেন তেওঁলোকৰ মাজৰ বহুতো যিহূদীয়ে বাবিলত থকা লোকসকলৰ নিচিনা ভাবিছিল আৰু আচাৰ-ব্যৱহাৰ কৰিছিল। আৰম্ভণিতে যিহূদীসকলে ইস্ৰায়েললৈ উভতি যোৱাৰ বহু বছৰৰ পাছত ইজ্ৰাই জানিব পাৰিলে যে কিছুমান যিহূদীয়ে মিছা দেৱী-দেৱতাক উপাসনা কৰা তিৰোতাসকলক বিয়া পাতিছিল। (যাত্ৰা. ৩৪:১৫, ১৬; ইজ্ৰা ৯:১, ২) পাছত যেতিয়া ৰাজ্যপাল নহিমিয়াই আহি দেখিলে যে ইস্ৰায়েলত জন্ম হোৱা লʼৰা-ছোৱালীবিলাকে যিহূদী ভাষা কʼব নাজানে, তেতিয়া তেওঁক বহুত দুখ লাগিল। (দ্বিতী. ৬:৬, ৭; নহি. ১৩:২৩, ২৪) ঈশ্বৰৰ বাক্যৰ বেছিভাগ অংশই ইব্ৰী ভাষাত লিখা আছিল। কিন্তু এই লʼৰা-ছোৱালীবিলাকে ইব্ৰী ভাষা বুজিয়েই পোৱা নাছিল। গতিকে তেওঁলোকে যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ উপাসনা কৰাৰ বিষয়ে কেনেকৈ জানিব পাৰিলেহেঁতেন? (ইজ্ৰা ১০:৩, ৪৪) এই উদাহৰণৰ পৰা জানিব পাৰি যে ইস্ৰায়েললৈ উভতি অহা যিহূদীসকলে নিজৰ জীৱনত ডাঙৰ ডাঙৰ বহুতো সাল-সলনি কৰাৰ প্ৰয়োজন আছিল। ইস্ৰায়েলত থাকি এই সাল-সলনি কৰা তেওঁলোকৰ বাবে সহজ আছিল, যʼত লাহে লাহে যিহোৱাৰ শুদ্ধ উপাসনা আকৌ আৰম্ভ হʼবলৈ ধৰিছিল।—নহি. ৮:৮, ৯.

১৯১৯ চনৰ পৰা লাখ লাখ পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীয়ে মহা-বাবিল এৰি ‘পবিত্ৰ আলিতʼ যাবলৈ ধৰিছে (অনুচ্ছেদ ৮)

৮. হাজাৰ বছৰৰ আগতেই হোৱা ঘটনা আজিও আমাৰ বাবে কিবা অৰ্থ ৰাখেনে? (বাহিৰত দিয়া ছবিখন চাওক।)

কিছুমান লোকে হয়তো কʼব পাৰে, ‘এয়া সঁচাকৈ আকৰ্ষণীয় আছিল, কিন্তু ই আজি আমাৰ বাবে কিবা অৰ্থ ৰাখেনে?ʼ নিশ্চয় ৰাখে। কিয়নো আমি সকলোৱে এনে এটা ‘পবিত্ৰ আলিতʼ গৈ আছোঁ। আমি অভিষিক্ত খ্ৰীষ্টানেই হওক বা ‘অন্য মেৰৰʼ লোক, আমাক সকলোকে এই ‘পবিত্ৰ আলিতʼ গৈ থকাৰ প্ৰয়োজন। এই পথত গৈ থাকিলে আজি আমি সকলোৱে যিহোৱাৰ উপাসনা কৰিব পাৰোঁ আৰু ভৱিষ্যতে যেতিয়া এই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼব, তেতিয়া আমি সকলোৱে বহুতো আশীৰ্বাদ লাভ কৰিম। b (যোহ. ১০:১৬) ১৯১৯ চনৰ পৰা লাখ লাখ পুৰুষ, মহিলা আৰু লʼৰা-ছোৱালীয়ে মহা-বাবিল অৰ্থাৎ গোটেই পৃথিৱীত বিয়পি থকা মিছা ধৰ্মক এৰি এই বাটত গৈ আছে। তেওঁলোকৰ মাজৰ হয়তো আপুনিও এজন। এই পথ প্ৰায় ১০০ বছৰৰ আগতে খোলা হৈছে, কিন্তু ইয়াক তৈয়াৰ কৰাৰ কাম বহু শতিকাৰ আগতেই আৰম্ভ কৰা হৈছিল।

ৰাস্তা তৈয়াৰ কৰা হʼল

৯. যিচয়া ৫৭:১৪ পদত যি পবিত্ৰ পথ তৈয়াৰ কৰাৰ বিষয়ে কোৱা হৈছে, সেয়া আমাৰ সময়ত কেনেকৈ পূৰ হʼল?

যিসকল যিহূদী বাবিল এৰি যাবলৈ ওলাইছিল তেওঁলোকে যাতে ৰাস্তাত কোনো বাধা নাপায়, তাৰ প্ৰতি যিহোৱাই বহুত ধ্যান দিছিল। (যিচয়া ৫৭:১৪ পঢ়ক।) আজি যিহোৱাই ‘পবিত্ৰ আলিৰʼ পৰা সকলো বাধা কেনেকৈ দূৰ কৰিছে? ১৯১৯ চনৰ বহু শতিকাৰ আগতে এনে বহুতো লোক জীয়াই আছিল, যিসকলে ঈশ্বৰক সন্মান আৰু প্ৰেম কৰিছিল। যিহোৱাই তেওঁলোকৰ যোগেদি মহা-বাবিলৰ পৰা ওলাই যোৱাৰ পথ তৈয়াৰ কৰিলে। (যিচয়া ৪০:৩ পদৰ লগত তুলনা কৰক।) তেওঁলোকে এই পথ তৈয়াৰ কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে। সেইবাবে, আগলৈ গৈ কিছুমান নম্ৰ মনৰ লোকসকলে মহা-বাবিল এৰি যিহোৱাৰ লোকসকলৰ লগত শুদ্ধ উপাসনা কৰিব পাৰিলে। এই ৰাস্তা তৈয়াৰ কৰিবলৈ বহুতো কাম কৰা হʼল। আহক তাৰে মাজৰ কিছুমান কামৰ ওপৰত মন কৰোঁ।

১৯১৯ চনৰ বহু শতিকাৰ আগৰে পৰা যিহোৱাক সন্মান কৰা লোকসকলে মহা-বাবিলৰ পৰা ওলাই আহিবলৈ ৰাস্তা তৈয়াৰ কৰিব ধৰিলে (অনুচ্ছেদ ১০-১১ চাওক)

১০-১১. বাইবেল ছপা কৰা আৰু ইয়াক অনুবাদ কৰাৰ বাবে কেনেকৈ বেছিতকৈ বেছি লোকসকলে বাইবেলৰ সত্যতা জানিব পাৰিলে? (ছবিখনো চাওক।)

১০ বাইবেল ছপা কৰা। প্ৰায় ১৪৫০ চনৰলৈকে হাতেৰে বাইবেলৰ নকল তৈয়াৰ কৰা হৈছিল। এই কামত বহুত সময় লাগিছিল, সেইবাবে বাইবেলৰ বেছি নকল পোৱা নগৈছিল আৰু যিবোৰ আছিল তাৰ বহুত দাম আছিল। কিন্তু যেতিয়া ছপা কৰা মেছিন আহিলে, তেতিয়া কম সময়ৰ ভিতৰতে বহুতো বাইবেল ছপা কৰা হʼল আৰু লোকসকলক বিতৰণ কৰা হৈছিল।

১১ বাইবেলৰ অনুবাদ। বহু শতিকালৈকে বাইবেলখন বিশেষকৈ লেটিন ভাষাত পোৱা গৈছিল, যাক শিক্ষিত লোকেহে বুজি পাইছিল। কিন্তু যেতিয়া ছপা কৰা সহজ হৈ পৰিল, তেতিয়া বাইবেলখন আৰু বহুতো ভাষাত অনুবাদ কৰা হʼল। ঈশ্বৰক সন্মান কৰা লোকসকলে বাইবেলখন আৰু বহুতো ভাষাত অনুবাদ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিলে, যিবোৰ সাধাৰণ লোকসকলে কয়। এতিয়া লোকসকলে বাইবেলখন নিজে পঢ়ি চাব পাৰিছিল যে গীৰ্জাত শিকোৱা কথাবোৰ বাইবেলৰ অনুসৰি সঠিক হয় নে নহয়।

আগৰে পৰা যিহোৱাক সন্মান কৰা লোকসকলে মহা-বাবিলৰ পৰা ওলাই আহিবলৈ ৰাস্তা তৈয়াৰ কৰিব ধৰিলে (অনুচ্ছেদ ১২-১৪ চাওক) c

১২-১৩. এটা উদাহৰণ দি বুজাওক যে বাইবেলৰ অধ্যয়ন কৰা কিছুমান লোকে ১৮৩৫ চনৰ পৰা কেনেকৈ গীৰ্জাত শিকোৱা শিক্ষা পোহৰলৈ আনিলে?

১২ বাইবেল অধ্যয়নৰ বাবে প্ৰকাশন। কিছুমান লোকে বাইবেলখন মন দি অধ্যয়ন কৰিলে আৰু ইয়াৰ যোগেদি তেওঁলোকে বাইবেলৰ বহুতো সত্যতা জানিব পাৰিলে। তেওঁলোকে যি শিকিছিল তাৰ বিষয়ে আনকো কৈছিল। এয়া দেখি পাদুৰিসকলক বৰ খং উঠিছিল। উদাহৰণস্বৰূপে, প্ৰায় ১৮৩৫ চনৰ পৰা কিছুমান নম্ৰ মনৰ লোকসকলে এনে কিছুমান ট্ৰেক্ট চপা কৰিছিল, যʼত গীৰ্জাত শিকোৱা মিছা কথাবোৰ পোহৰলৈ অনা হৈছিল।

১৩ তেওঁলোকৰ মাজৰ এজন আছিল হেনৰী গ্ৰু। তেওঁ ঈশ্বৰক বহুত সন্মান কৰিছিল আৰু প্ৰায় ১৮৩৫ চনত এখন ট্ৰেক্ট চপা কৰিছিল, যʼত কোৱা হৈছিল মৃত্যুৰ পিছত কি হয়। তাত তেওঁ বাইবেলৰ পদৰ পৰা প্ৰমাণ কৰিছিল যে গীৰ্জাত শিকোৱা অমৰ আত্মাৰ শিক্ষা ভুল হয়। কোনেও জন্মগতভাৱে অমৰ নহয়। ঈশ্বৰে অমৰ জীৱনৰ বৰ দিলেহে, তেওঁলোকে সদায় অমৰ হৈ থাকিব পাৰিব। তাৰ পিছত ১৮৩৭ চনত জৰ্জ ষ্টৰ্চ নামৰ এজন পাদুৰিয়ে ৰেলেৰে যাত্ৰা কৰাৰ সময়ত এখন ট্ৰেক্ট পালে। সেই ট্ৰেক্ট পঢ়ি তেওঁৰ বিশ্বাস হʼল যে তেওঁ এটা গুৰুত্বপূৰ্ণ সত্যতা পালে। তেওঁ আনকো এই সত্যতাৰ বিষয়ে জনাৱাৰ বিষয়ে ভাবিলে। সেইবাবে, ১৮৪২ চনত তেওঁ এটা আকৰ্ষণীয় বিষয়ৰ ওপৰত বহুতো ভাষণ দিলে। সেই বিষয়টো আছিল, “দুষ্ট লোকসকল প্ৰকৃততে অমৰনে?— ইয়াৰ ওপৰত অনুসন্ধান।” জৰ্জ ষ্টৰ্চে লিখা কথাই এজন ডেকাৰ ওপৰত বহুত প্ৰভাৱ পেলালে। সেই ডেকাজনৰ নাম আছিল চাৰ্ল্চ টেজ ৰছল।

১৪. প্ৰাচীন সময়ত পবিত্ৰ আলি তৈয়াৰ কৰিবলৈ যি পৰিশ্ৰম কৰা হৈছিল, তাৰ পৰা ভাই ৰছল আৰু তেওঁক সহযোগ কৰা লোকসকলৰ কিদৰে লাভ হʼল? (ছবিখনো চাওক।)

১৪ পবিত্ৰ আলি তৈয়াৰ কৰাৰ কাৰণে আগতে যি পৰিশ্ৰম কৰা হৈছিল, তাৰ পৰা ভাই ৰছল আৰু তেওঁক সহযোগ কৰা লোকসকলৰ কেনেকৈ লাভ হʼল? যেতিয়া তেওঁলোকে অধ্যয়ন কৰিছিল, তেতিয়া বাইবেলৰ বেলেগ বেলেগ অনুবাদ, শব্দকোষ (ডিক্সনেৰী) আৰু শব্দৰ সূচীপত্ৰত অনুসন্ধান কৰিছিল, যি তেওঁলোকৰ সময়ৰ পৰা আগতে তৈয়াৰ কৰা হৈছিল। ইয়াৰ উপৰিও হেনৰী গ্ৰু, জৰ্জ ষ্টৰ্চ আৰু আন লোকসকলে যি অনুসন্ধান বাইবেলৰ সত্যতাক বিচাৰি পাইছিল, তাৰ পৰা তেওঁলোকৰ বহুতো লাভ হৈছিল। ভাই ৰছল আৰু তেওঁক সহযোগ কৰা লোকসকলে নিজেও বহুতো কিতাপ, পত্ৰিকা আৰু ট্ৰেক্ট চপা কৰিছিল, যʼত বাইবেলৰ বেলেগ বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল। এইদৰে তেওঁলোকে পবিত্ৰ আলি তৈয়াৰ কৰাত সহায় কৰিছিল।

১৫. ১৯১৯ চনত কি কি হৈছিল?

১৫ ঈশ্বৰৰ লোকসকলে ১৯১৯ চনত মহা-বাবিলৰ পৰা মুকলি হʼল। সেই বছৰতে ‘বিশ্বাসী বুদ্ধিমান দাসকʼ নিযুক্ত কৰা হʼল। এয়া একেবাৰে সঠিক সময় আছিল। ‘পবিত্ৰ আলিʼ অলপতে খোলা হʼল! এই দাসে নিজৰ কাম আৰম্ভ কৰিলে আৰু এই পবিত্ৰ আলিত গৈ থাকিবলৈ নম্ৰ মনৰ লোকসকলক আদৰণি জনাবলৈ ধৰিলে। (মথি ২৪:৪৫-৪৭) অতীতত যিহোৱাৰ বিশ্বাসী লোকসকলে “পবিত্ৰ আলি” তৈয়াৰ কৰিবলৈ যি পৰিশ্ৰম কৰিছিল, তাৰ বাবে এই পথত চলা নতুন লোকসকলে যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে বহুতো কথা শিকিব পাৰিলেহেঁতেন। (হিতো. ৪:১৮) তেওঁলোকে যিহোৱাৰ মানদণ্ডৰ অনুসৰি নিজৰ জীৱনত সাল-সলনি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ লোকসকলে এদিনতে সকলোবোৰ সাল-সলনি কৰিব বুলি যিহোৱাই আশা কৰা নাছিল। তেওঁ জানে এনে কৰিবলৈ সময়ৰ প্ৰয়োজন, সেইবাবে তেওঁ লাহে লাহে তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰে। (“ যিহোৱাই লাহে লাহে নিজৰ লোকসকলৰ চিন্তাধাৰা শুধৰণি কৰে” নামৰ বক্স চাওক।) চিন্তা কৰকচোন, এনে এক সময় হʼব, যেতিয়া আমি সকলোৱে নিজৰ কামৰ পৰা যিহোৱাৰ মন আনন্দিত কৰিব পাৰিম!—কল. ১:১০.

“পবিত্ৰ আলি” এতিয়াও খোলা আছে

১৬. ‘পবিত্ৰ আলিতʼ ১৯১৯ চনৰ পৰা কি কি কাম হʼল? (যিচয়া ৪৮:১৭; ৬০:১৭)

১৬ যিদৰে এখন ৰাস্তাক একেৰাহে মেৰামতি কৰি থকাৰ প্ৰয়োজন হয়। ঠিক সেইদৰে ১৯১৯ চনৰ পৰা ‘পবিত্ৰ আলিতʼ একেৰাহে কাম চলি আছে যাতে নম্ৰ মনৰ লোকসকলে মহা-বাবিলৰ পৰা ওলাই আহি এই পথত গৈ থাকিব পাৰে। বিশ্বাসী বুদ্ধিমান দাসক নিযুক্ত কৰাৰ লগে লগে তেওঁলোকে এই কাম কৰিবলৈ ধৰিলে। ১৯২১ চনত তেওঁলোকে এখন কিতাপ তৈয়াৰ কৰিলে, যাৰ অধ্যয়ন কৰি লোকসকলে বাইবেলৰ সত্যতা জানিব পাৰিলে। সেই কিতাপৰ নাম আছিল দ্যা হাৰ্প অফ গড। পাছত এই কিতাপখন ৩৬ টা ভাষাত অনুবাদ কৰা হʼল আৰু ইয়াৰ প্ৰায় ৬০ লাখ কপি ছপা কৰা হʼল। ইয়াৰ যোগেদি বহুতো লোকে বাইবেলৰ সত্যতা জানিব পাৰিলে। অলপতে বাইবেল অধ্যয়ন কৰাবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ এখন সুন্দৰ প্ৰকাশন প্ৰস্তুত কৰা হʼল। এই শেষ কালত ‘পবিত্ৰ আলিতʼ যাতে কাম চলি থাকে, তাৰ বাবে যিহোৱাই সদায় ধ্যান দি থাকে। তেওঁ আমাক নিজৰ সংগঠনৰ যোগেদি তেওঁৰ বাক্যৰ পৰা আমাক নিয়মীয়াকৈ নিৰ্দেশনা দিয়ে যাতে আমি এই পথত গৈ থাকিব পাৰোঁ।যিচয়া ৪৮:১৭; ৬০:১৭ পঢ়ক।

১৭-১৮. ‘পবিত্ৰ আলিয়েʼ আমাক কʼলৈ লৈ যাব?

১৭ এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰিলে তেওঁ এই ‘পবিত্ৰ আলিতʼ গৈ আছে বুলি কʼব পাৰি। কিছুমানে অলপ দূৰলৈকে যোৱাৰ পাছত ইয়াত যাবলৈ এৰি দিয়ে। আন কিছুমানে যেতিয়ালৈকে নিজৰ লক্ষ্য স্থানত গৈ নাপায়, তেতিয়ালৈকে এই পথত গৈ থাকিবলৈ থিৰাং কৰে। সেই লক্ষ্য স্থাননো কি?

১৮ যিসকল লোকৰ স্বৰ্গত জীয়াই থকাৰ আশা আছে, তেওঁলোকক এই ‘পবিত্ৰ আলিয়েʼ “ঈশ্বৰৰ পৰম-দেশত” লৈ যাব। (প্ৰকা. ২:৭) আনহাতে যিসকল লোকৰ এই পৃথিৱীত জীয়াই থকাৰ আশা আছে, তেওঁলোকক এই ঘাইপথে খ্ৰীষ্টৰ ১,০০০ বছৰৰ শেষৰলৈকে লৈ যাব, যেতিয়া সকলো মানুহ সিদ্ধ হৈ পৰিব। যদি আপুনি আজি এই ঘাইপথত গৈ আছে, তেনেহʼলে পিছলৈ ঘূৰি নাচাব। যেতিয়ালৈকে আপোনাৰ যাত্ৰা সম্পূৰ্ণ নহয় আৰু আপুনি নতুন পৃথিৱীত গৈ নাপায়, তেতিয়ালৈকে এই পথত গৈ থাকক। আমি আশা কৰোঁ যে “আপোনালোকৰ যাত্ৰা আনন্দময় হওক!”

গীত ২৪ যিহোৱাৰ পৰ্বতলৈ আহক

a বাইবেলত বাবিলৰ পৰা ইস্ৰায়েললৈকে যোৱা এটা ঘাইপথৰ বিষয়ে কোৱা হৈছে, যাক যিহোৱাই “পবিত্ৰ আলি” বুলি কৈছে। আজিও যিহোৱাই নিজৰ লোকসকলৰ বাবে কোনো ঘাইপথ তৈয়াৰ কৰিছেনে? নিশ্চয় কৰিছে। ১৯১৯ চনৰ পৰা লাখ লাখ লোকে মহা-বাবিলক এৰি এই ‘পবিত্ৰ আলিতʼ যাবলৈ ধৰিছে। যেতিয়ালৈকে আমি নিজৰ লক্ষ্য স্থান নাপাওঁ, তেতিয়ালৈকে আমি সকলোৱে এই আলিত গৈ থকা উচিত।

c ছবিৰ বিষয়ে: ভাই ৰছল আৰু তেওঁক সহযোগ কৰা ভাইসকলে বাইবেল অধ্যয়নৰ বাবে সেই প্ৰকাশনবোৰ ব্যৱহাৰ কৰিলে, যিবোৰ তেওঁলোকৰ সময়ৰ আগতেই তৈয়াৰ কৰা হৈছিল।