Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২১

যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

‘তেওঁক যি যি যাচ্না কৰোঁ, সেই সকলোকে পাম বুলি আমি জানো।ʼ —১ যোহ. ৫:১৫.

গীত ৪১ মোৰ প্ৰাৰ্থনা শুনা

লেখৰ এক আভাস a

১-২. প্ৰাৰ্থনাৰ বিষয়ে আমি কি ভাবিব পাৰোঁ?

 আপুনি কেতিয়াবা এইদৰে অনুভৱ কৰিছেনে যে জানোঁ যিহোৱাই মোৰ প্ৰাৰ্থনাবোৰ শুনিছে নে নাই? যদি আপুনিও এইদৰে অনুভৱ কৰিছে, তেনেহʼলে আপুনি অকলশৰীয়া নহয়। বহুতো ভাই-ভনীয়ে কৈছে যে তেওঁলোকেও এইদৰেই অনুভৱ কৰে, বিশেষকৈ যেতিয়া তেওঁলোকে কিবা সমস্যাৰ সন্মুখীন হৈছিল। যদি আমি কিবা সমস্যাৰ সন্মুখীন হৈ আছোঁ, তেনেহʼলে হয়তো আমিও এইদৰেই অনুভৱ কৰিব পাৰোঁ। তেতিয়া হয়তো আমি বুজি নাপাবও পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিছে।

এই লেখত আমি আলোচনা কৰিম যে যিহোৱাই নিজৰ সেৱকসকলৰ প্ৰাৰ্থনা শুনে বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ। (১ যোহ. ৫:১৫) ইয়াৰ লগতে আমি এই দুটা প্ৰশ্নৰ বিষয়েও আলোচনা কৰিম যে কেতিয়াবা কেতিয়াবা যিহোৱাই আমাৰ প্ৰাৰ্থনা নুশুনে বুলি আমি কিয় ভাবিব পাৰোঁ? যিহোৱাই আজি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কি কি উপায়েৰে দিছে?

আমি বিচৰাৰ দৰে যিহোৱাই হয়তো প্ৰাৰ্থনাৰ উত্তৰ নিদিবও পাৰে

৩. যিহোৱালৈ প্ৰাৰ্থনা কৰাটো তেওঁ কিয় বিচাৰে?

বাইবেল পঢ়ি আমি জানিব পাৰোঁ যে যিহোৱাই আমাক বহুত প্ৰেম কৰে আৰু তেওঁ আমাক মূল্যৱান বুলি ভাবে। (হগ্‌. ২:৭; ১ যোহ. ৪:১০) সেইবাবে, প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ সহায় বিচাৰিবলৈ তেওঁ আমাক উৎসাহিত কৰে। (১ পিত. ৫:৬, ৭) যিহোৱাৰ লগত আমাৰ এটা ভাল সম্পৰ্ক থকাটো তেওঁ বিচাৰে, যাতে আমি সমস্যাৰ ভালদৰে সন্মুখীন হʼব পাৰোঁ। সেইবাবে, তেওঁ আমাক সহায় কৰিবলৈ সদায় সাজু থাকে।

যিহোৱাই দায়ুদক শত্ৰুসকলৰ পৰা ৰক্ষা কৰি, তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। (অনুচ্ছেদ ৪)

৪. যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনা শুনে বুলি আমি কিয় কʼব পাৰোঁ? (ছবিখনো চাওক।)

বাইবেলৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলৰ প্ৰাৰ্থনা শুনে। আপোনাৰ এনে কোনো উদাহৰণ মনত আছেনে? আপোনাৰ হয়তো ৰজা দায়ূদৰ কথা মনত পৰিছে। তেওঁৰ বহুতো শত্ৰু আছিল, যিসকলে তেওঁক হত্যা কৰিব বিচাৰিছিল। সেইবাবে, প্ৰায়ে তেওঁ যিহোৱালৈ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। এবাৰ তেওঁ যিহোৱাক এইদৰে প্ৰাৰ্থনা কৰিছিল, “হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিবোৰলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততাত আৰু ধাৰ্ম্মিকতাত মোক উত্তৰ দিয়া।” (গীত. ১৪৩:১) যিহোৱাই দায়ূদৰ প্ৰাৰ্থনা শুনিলে আৰু শত্ৰুসকলৰ পৰা তেওঁক বচালে। (১ চমূ. ১৯:১০, ১৮-২০; ২ চমূ. ৫:১৭-২৫) সেইবাবে দায়ূদে সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰিলে যে, “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে . . . তেওঁ সেই সকলোৰে ওচৰ।” দায়ূদৰ দৰে আমিও সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ।—গীত. ১৪৫:১৮.

আনহাতে পৌলক ধৈৰ্য্য ধৰিবলৈ শক্তি দি, তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে (অনুচ্ছেদ ৫)

৫. প্ৰতিবাৰে যিহোৱাৰ সেৱকসকলে বিচৰাৰ অনুসৰি যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিলনে? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)

আমি বিচৰাৰ দৰে যিহোৱাই হয়তো আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিবও পাৰে। পাঁচনি পৌলৰ লগতো এইদৰেই হৈছিল। তেওঁৰ এটা সমস্যা আছিল, যাক তেওঁ শৰীৰৰ কাঁইট বুলি কৈছিল। এই কাঁইট তেওঁ শৰীৰৰ পৰা উলিয়াই দিবলৈ তেওঁ যিহোৱালৈ তিনিবাৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলেনে? হয়, কিন্তু তেওঁ যিদৰে ভাবিছিল, যিহোৱাই সেইদৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাছিল। যিহোৱাই তেওঁৰ সমস্যা দূৰ কৰা নাছিল, তাৰ পৰিৱৰ্তে এই সমস্যা সহন কৰিবলৈ শক্তি দিলে, যাতে তেওঁ বিশ্বাসেৰে তেওঁৰ সেৱা কৰি থাকিব পাৰে।—২ কৰি. ১২:৭-১০.

৬. কেতিয়াবা কেতিয়াবা আমি কিয় এইদৰে অনুভৱ কৰিব পাৰোঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাবোৰ শুনা নাই?

আমি বিচৰাৰ দৰে হয়তো যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদি আন উপায়েৰে দিব পাৰে। কিন্তু আমি ভৰসা ৰাখিব পাৰোঁ যে আমাৰ কাৰণে কি ভাল যিহোৱাই ভালদৰে জানে। বাইবেলত লিখা আছে যে আমি তেওঁক যি বিচাৰোঁ আৰু যিমান চিন্তা কৰোঁ, তাতকৈ “অতিৰিক্ত” তেওঁ কৰিব পাৰে। (ইফি. ৩:২০) সেইবাবে, যিহোৱাই হয়তো আমাৰ প্ৰাৰ্থনাৰ উত্তৰ সেই সময়ত বা এইদৰে দিব পাৰে, যিদৰে আমি ভবাই নাই।

৭. আমি যি বিষয়ে প্ৰাৰ্থনা কৰিছিলোঁ তাৰ সলনি কিয় আন বিষয়ে প্ৰাৰ্থনা কৰিবলগীয়া হʼব পাৰে? এটা উদাহৰণ দিয়ক।

যেতিয়া আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে স্পষ্টকৈ বুজি পাওঁ, তেতিয়া হয়তো আমি আগতে যি বিষয়ে প্ৰাৰ্থনা কৰিছিলোঁ, তাৰ পৰিৱৰ্তে আন কিবা বিষয়ে প্ৰাৰ্থনা কৰিবলগীয়া হʼব পাৰে। ভাই মাৰ্টিন পʼৰ্টজিংগাৰৰ উদাহৰণলৈ মন কৰক। বিয়াৰ কিছুদিনৰ পাছতেই তেওঁক নাজী যাতনা শিবিৰলৈ লৈ যোৱা হʼল। আৰম্ভণিতে ভায়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল যে তেওঁক যাতনা শিবিৰৰ পৰা মুকলি কৰি দিয়া, যাতে তেওঁ নিজৰ পত্নীৰ যত্ন লʼব পাৰে আৰু আকৌ প্ৰচাৰ কাম কৰিব পাৰে। কিন্তু দুসপ্তাহৰ পাছতো তেওঁ একো চিন-চাপ দেখিবলৈ পোৱা নাছিল, যাৰ পৰা তেওঁ বুজিব পাৰে যে যিহোৱাই তেওঁক মুকলি কৰিবলৈ ব্যৱস্থা কৰিছে। সেইবাবে, ভায়ে এইদৰে প্ৰাৰ্থনা কৰিলে, “যিহোৱা, প্লীজ মোক জনাওক যে আপোনাৰ ইচ্ছা কি।” তাৰ পাছত ভাই মাৰ্টিনে যাতনা শিবিৰত থকা আন ভাইসকলৰ বিষয়ে চিন্তা কৰিলে। বহুতো ভায়ে নিজৰ পত্নী আৰু লʼৰা-ছোৱালীৰ বিষয়ে চিন্তা কৰিছিল। ভায়ে বুজি পালে যে যিহোৱাই তেওঁৰ পৰা কি বিচাৰে। সেইবাবে, তেওঁ এইদৰে প্ৰাৰ্থনা কৰিলে, “যিহোৱা এই নতুন দায়িত্ব দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। মোক সহায় কৰক যাতে মই ভাইসকলক উৎসাহিত আৰু মজবুত কৰিব পাৰোঁ।” ভায়ে ন বছৰলৈকে যাতনা শিবিৰত এইদৰেই কৰি থাকিল।

৮. প্ৰাৰ্থনা কৰাৰ সময়ত আমি কি কথা মনত ৰখা উচিত?

যিহোৱাৰ এটা উদ্দেশ্য আছে আৰু সেয়া তেওঁ নিৰ্ধাৰিত সময়ত পূৰ্ণ কৰিব, এই কথা আমি মনত ৰখা উচিত। তেওঁ আমাৰ সমস্যা একেবাৰে শেষ কৰিব বিচাৰে আৰু তেওঁ নিজৰ ৰাজ্যৰ যোগেদি এইদৰে কৰিব। যেতিয়া ঈশ্বৰৰ ৰাজ্য আহিব, তেতিয়া প্ৰাকৃতিক দুৰ্যোগ, বেমাৰ, মৃত্যু ইত্যাদি সমস্যাবোৰ একেবাৰে শেষ হৈ যাব। তাৰ পাছত কোনেও দুখ-কষ্ট ভুগিবলগীয়া নহʼব। (দানি. ২:৪৪; প্ৰকা. ২১:৩, ৪) কিন্তু ঈশ্বৰৰ ৰাজ্য নহালৈকে যিহোৱাই চয়তানক এই পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ অনুমতি দিছে। b (যোহ. ১২:৩১; প্ৰকা. ১২:৯) যদি যিহোৱাই আজি মানুহৰ সকলো সমস্যা দূৰ কৰি দিয়ে, তেনেহʼলে হয়তো চয়তানে এই পৃথিৱীৰ ওপৰত ভালদৰে শাসন কৰিছে যেন লাগিব পাৰে। সেইবাবে, যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ নকৰালৈকে আমি অপেক্ষা কৰিবলগীয়া হʼব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে যিহোৱাই আমাক সহায় কৰা নাই। আহক এই বিষয়ে চাওঁ যে যিহোৱাই আমাক কি কি উপায়েৰে সহায় কৰিছে।

আজি যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

৯. নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সহায় কৰে? এটা উদাহৰণ দিয়ক।

যিহোৱাই আমাক বুদ্ধি দিয়ে। তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে ভাল নিৰ্ণয় লʼবলৈ তেওঁ আমাক বুদ্ধি দিব। যেতিয়া আমি জীৱনৰ লগত জড়িত ডাঙৰ ডাঙৰ নিৰ্ণয়বোৰ লওঁ, তেতিয়া আমাক যিহোৱাৰ বুদ্ধিৰ প্ৰয়োজন হয়। যেনে আমি বিয়া কৰিম নে নকৰিম। (যাকো. ১:৫) মাৰিয়া নামৰ এগৰাকী অবিবাহিত ভনীৰ উদাহৰণলৈ মন কৰক। c তাই আনন্দেৰে অগ্ৰগামী সেৱা কৰি আছিল। তাৰ পাছত তাই এজন ভাইক লগ পালে। তাই কয়, “যেতিয়া আমি লাহে লাহে এজনে-সিজনক ভালদৰে বুজিবলৈ ধৰিলোঁ, তেতিয়া এজনে-আনজনক ভাল লাগিবলৈ ধৰিলে। মই জানিছিলোঁ যে এতিয়া মই এটা নিৰ্ণয় লʼবলগীয়া হʼব। সেইবাবে, মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ। মই জানিছিলোঁ যে যিহোৱাৰ অবিহনে মই সঠিক নিৰ্ণয় লʼব নোৱাৰোঁ। কিন্তু মই এয়াও জানিছিলোঁ যে যিহোৱাই মোৰ বাবে নিৰ্ণয় লʼব নোৱাৰে, এই নিৰ্ণয় মই নিজেই লʼব লাগিব।” তাই অনুভৱ কৰিব পাৰিলে যে যিহোৱাই তাইৰ প্ৰাৰ্থনা শুনিলে আৰু তাইক বুদ্ধি দিলে। কেনেকৈ বাৰু? যেতিয়া তাই আমাৰ প্ৰকাশনবোৰত অনুসন্ধান কৰিলে, তেতিয়া এই বিষয়ৰ লগত জড়িত বহুতো তথ্য জানিব পাৰিলে আৰু তাই নিজৰ সকলো প্ৰশ্নৰ উত্তৰ পালে। তাই নিজৰ মাৰ লগতো এই বিষয়ে কথা পাতিলে। তাইৰ মা এজনী যিহোৱাৰ সাক্ষী হয়। তাইৰ মাকে তাইক বহুতো ভাল পৰামৰ্শ দিলে, যাৰ বাবে তাই ভাবি-চিন্তি ভাল নিৰ্ণয় লʼব পাৰিলে।

যিহোৱাই আমাক কেনেকৈ শক্তি দিয়ে, যাতে আমি ধৈৰ্য্য ধৰিব পাৰোঁ? (অনুচ্ছেদ ১০)

১০. ফিলিপীয়া ৪:১৩ পদৰ অনুসৰি যিহোৱাই নিজৰ সেৱকসকলক কেনেকৈ সহায় কৰে? এটা উদাহৰণ দিয়ক। (ছবিখনো চাওক।)

১০ যিহোৱাই আমাক ধৈৰ্য্য ধৰিবলৈ শক্তি দিয়ে। পৌলক যিহোৱাই যেনেকৈ শক্তি দিছিল, ঠিক সেইদৰে আজি আমাকো সমস্যাৰ সময়ত ধৈৰ্য্য ধৰিবলৈ শক্তি দিব পাৰে। (ফিলিপীয়া ৪:১৩ পঢ়ক।) ভাই বেঞ্জামিনৰ উদাহৰণলৈ মন কৰক যে যিহোৱাই কেনেকৈ তেওঁক ধৈৰ্য্য ধৰিবলৈ শক্তি দিছিল। ভাই আৰু তেওঁৰ পৰিয়ালক বহুত সময়লৈকে আফ্ৰিকাৰ শৰণাৰ্থী শিবিৰত থাকিবলগীয়া হৈছিল। প্ৰায় তেওঁৰ ডেকা কাল শিবিৰতে শেষ হৈ গʼল। তেওঁ এইদৰে কৈছে, “মই যিহোৱালৈ শক্তি বিচাৰি প্ৰাৰ্থনা কৰিছিলোঁ, যাতে মই ভাল কাম কৰিব পাৰোঁ আৰু তেওঁক আনন্দিত কৰিব পাৰোঁ। যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিছিলে, তেওঁ মোক মনৰ শান্তি দিলে, প্ৰচাৰ কৰি থাকিবলৈ সাহস দিলে আৰু এনে বহুতো প্ৰকাশন লাভ কৰিলোঁ, যিবোৰ পঢ়াৰ যোগেদি তেওঁৰ লগত মোৰ সম্পৰ্ক দৃঢ় হʼল।” ভায়ে এয়াও কৈছে যে “যেতিয়া মই ভাই-ভনীসকলৰ অনুভৱ পঢ়িলোঁ আৰু জানিব পাৰিলোঁ যে যিহোৱাই তেওঁলোকক ধৈৰ্য্য ধৰিবলৈ কেনেকৈ সহায় কৰিলে, তেতিয়া যিহোৱাৰ বিশ্বাসী হৈ থকাৰ ইচ্ছা আৰু দৃঢ় হʼল।”

যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আপোনাক সহায় কৰিছেনে? (অনুচ্ছেদ ১১-১২) d

১১-১২. ভাই-ভনীসকলৰ যোগেদি যিহোৱাই কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে? (ছবিখনো চাওক।)

১১ যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে। যীচুৱে নিজৰ জীৱন বলিদান দিয়াৰ আগ নিশা যিহোৱালৈ মিনতি কৰিছিল। যিহোৱাক নিন্দা কৰাৰ অভিযোগ তেওঁৰ ওপৰত নাহিবলৈ তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু এই অভিযোগ যীচুৰ ওপৰত নালাগিবলৈ যিহোৱাই একো কৰা নাছিল কিন্তু যীচুক উৎসাহিত কৰিবলৈ তেওঁৰ এজন ভাই অৰ্থাৎ এজন স্বৰ্গদূতক পঠিয়ালে। (লূক ২২:৪২, ৪৩) আজি যিহোৱাই ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰে। তেওঁলোকে হয়তো আমাক লগ কৰিবলৈ আহিব পাৰে বা ফোন কৰি আমাক উৎসাহিত কৰিব পাৰে। সেইবাবে, আমি সুযোগ বিচাৰি ‘ভাল কথাʼ কৈ এজনে-আনজনক উৎসাহিত কৰিব লাগে।—হিতো. ১২:২৫.

১২ মিৰিয়ম নামৰ এগৰাকী ভনীৰ উদাহৰণলৈ মন কৰক, কিছু সপ্তাহৰ আগতেই তাইৰ স্বামীৰ মৃত্যু হৈছিল। এদিন তাই ঘৰত অকলে আছিল আৰু বহুত দুখত আছিল। তাই বহুত কান্দি আছিল আৰু কাৰোবাৰ লগত কথা পাতিব বিচাৰিছিল। কিন্তু তাই এইদৰে কৈছে, “কাৰোবাক ফোন কৰিবলৈ মোৰ ওচৰত শক্তিয়ে নাছিল। সেইবাবে, মই যিহোৱালৈ কান্দি কান্দি প্ৰাৰ্থনা কৰিলোঁ। মই প্ৰাৰ্থনা কৰিয়ে আছিলোঁ, তেতিয়াই ফোনটো বাজিলে এজন প্ৰাচীনে মোক ফোন কৰিছিল, তেওঁ মোৰ বহুত ভাল বন্ধু আছিল।” সেই প্ৰাচীন আৰু তেওঁৰ পত্নীৰ পৰা মিৰিয়মে বহুত শান্ত্বনা লাভ কৰিলে। তাইৰ সম্পূৰ্ণ বিশ্বাস আছে যে যিহোৱাই এই ভাইক ফোন কৰিবলৈ উৎসাহিত কৰিলে।

যিহোৱাই আমাক সহায় কৰিবলৈ আন লোকসকলক কেনেকৈ উৎসাহিত কৰিব পাৰে? (অনুচ্ছেদ ১৩-১৪)

১৩. এটা উদাহৰণ দি বুজাওক যে যিহোৱাই কেনেকৈ তেওঁৰ উপাসনা নকৰা লোকসকলৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে?

১৩ যিহোৱাই তেওঁৰ উপাসনা নকৰা লোকসকলৰ যোগেদিও আমাক সহায় কৰিব পাৰে। (হিতো. ২১:১) প্ৰাচীন সময়ত যিহোৱাই ৰজা অৰ্তক্ষত্ৰক উৎসাহিত কৰিছিল, যাতে তেওঁ নহিমিয়াক যিৰূচালেমলৈ যাবলৈ অনুমতি দিয়ে আৰু তেওঁ নগৰ পুনৰ নিৰ্মাণ কৰাৰ কাম সম্পূৰ্ণ কৰিব পাৰে। (নহি. ২:৩-৬) বৰ্তমান সময়ত যেতিয়া আমি কিবা সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া আমাক সহায় কৰিবলৈ যিহোৱাই তেওঁৰ উপাসনা নকৰা লোকসকলক উৎসাহিত কৰিব পাৰে।

১৪. ভনী ছু হিঙৰ অনুভৱৰ পৰা আপুনি কি শিকিলে? (ছবিখনো চাওক।)

১৪ ভনী ছু হিঙে অনুভৱ কৰিলে যে তেওঁক ডাক্তৰৰ যোগেদি যিহোৱাই সহায় কৰিলে। তাইৰ লʼৰাৰ কিছুমান মানসিক বেমাৰ আছে। এবাৰ তেওঁ এখন বৰ ওখ ঠাইৰ পৰা পৰিছিল আৰু তেওঁ বহুত দুখ পালে। তেওঁৰ চোৱা-চিতা কৰিবলৈ ভনী আৰু তাইৰ স্বামীয়ে নিজৰ চাকৰি এৰিবলগীয়া হৈছিল। সেইবাবে, তেওঁলোকৰ টকা-পইচাৰ অভাৱ হৈছিল। ভনীয়ে ভাবিছিল যে তেওঁলোকে আৰু সহ্য কৰিব নোৱাৰিব। তাইক এনে লাগিছিল যেন ৰবৰ বেণ্ডৰ দৰে তাইক ইমানেই টানি দিয়া হৈছে যে তেওঁ যিকোনো সময়তে ভাঙি যাব পাৰে। তাই হৃদয় খুলি যিহোৱালৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিলে। তাৰ পাছত তেওঁলোকৰ ডাক্তৰে তেওঁলোকক সহায় কৰাৰ বিষয়ে ভাবিলে। সেইবাবে, ভনী আৰু তাইৰ পৰিয়ালে চৰকাৰৰ পৰা সহায় লাভ কৰিলে আৰু কম খৰচতে থাকিবলৈ এখন ঘৰ পালে। পাছলৈ ভনীয়ে কয়, “আমি স্পষ্টকৈ দেখিব পাৰিলোঁ যে এই সকলোবোৰৰ আঁৰত যিহোৱাৰ হাত আছে। সঁচাকৈ তেওঁ ‘প্ৰাৰ্থনা শুনোতাʼ ঈশ্বৰ।”—গীত. ৬৫:২.

বিশ্বাস থাকিলেহে যিহোৱাই কেনেকৈ উত্তৰ দিয়ে চাবলৈ পাৰিম

১৫. এগৰাকী ভনীয়ে কেনেকৈ অনুভৱ কৰিলে যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে?

১৫ যিহোৱাই প্ৰতিবাৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আচৰিতভাৱে নিদিয়ে, কিন্তু তাৰ উত্তৰ নিদিয়াকৈ নাথাকে। তেওঁ ভালদৰে জানে যে তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ আমাক কিহৰ প্ৰয়োজন আৰু তেওঁ সেয়াই আমাক দিয়ে। সেইবাবে, সদায় এই কথাৰ প্ৰতি ধ্যান দিয়ক যে যিহোৱাই কেনেকৈ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে। ইয়োকʼ নামৰ এগৰকী ভনীয়ে ভাবিছিল যে যিহোৱাই তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই। তাই এখন বহীত সেই সকলো কথাবোৰ লিখি ৰাখিলে যাৰ কাৰণে তাই প্ৰাৰ্থনা কৰিছিল। কিছু সময়ৰ পাছত যেতিয়া তাই এই বহীখন উলিয়াই চালে তাই দেখিলে যে তাইৰ বেছিভাগ প্ৰাৰ্থনাৰ উত্তৰ যিহোৱাই দিছে আৰু এনে কিছুমান প্ৰাৰ্থনাৰ উত্তৰো দিছে, যাৰ বিষয়ে তেওঁ পাহৰি গৈছে। ভনীৰ দৰে আমিও কেতিয়াবা কেতিয়াবা অলপ সময় উলিয়াই চিন্তা কৰা উচিত যে যিহোৱাই কেনেকৈ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে।—গীত. ৬৬:১৯, ২০.

১৬. প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (ইব্ৰী ১১:৬)

১৬ আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি কেৱল প্ৰাৰ্থনা কৰাৰ যোগেদিয়ে নহয়, কিন্তু যিহোৱাই যি উত্তৰ দিয়ে সেয়া পালন কৰাৰ যোগেদিও আমি দেখুৱাও যে আমি তেওঁৰ ওপৰত বিশ্বাস কৰো। (ইব্ৰী ১১:৬ পঢ়ক।) ভাই মাইক আৰু তেওঁৰ পত্নী ক্ৰীছিৰ উদাহৰণলৈ মন কৰক। তেওঁলোক দুয়োজনে বেথেলত সেৱা কৰিব বিচাৰিছিল। ভাই মাইকে কৈছে, “আমি দুয়োজনে বেথেলত সেৱা কৰিবলৈ বহু বছৰলৈকে আবেদন দিলোঁ, কিন্তু আমি যিহোৱাৰ পৰা একো উত্তৰ পোৱা নাছিলোঁ। আমি বাৰে বাৰে এই বিষয়ে যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ, কিন্তু আমাক মতা নহʼল।” তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে তেওঁলোকে কেনেকৈ যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰে তেওঁ জানে। সেই সময়ত তেওঁলোকে যিমান কৰিব পাৰে, সিমান কৰি আছিল। তেওঁলোকে প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইত গৈ অগ্ৰগামী সেৱা কৰিলে, সংগঠনৰ নিৰ্মাণ কামত ভাগ লʼলে। আজি তেওঁলোকে চাৰ্কিট সেৱা কৰি আছে। ভায়ে এইদৰে কৈছে, “প্ৰতিবাৰে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ এইদৰে দিয়া নাছিল, যিদৰে আমি ভাবিছিলোঁ, কিন্তু তেওঁ প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াকৈ থকা নাছিল। আমি যিদৰে আশাই কৰা নাছিলোঁ, সেইদৰে তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল।”

১৭-১৮. গীতমালা ৮৬:৬, ৭ পদৰ অনুসৰি আমি কি কথাৰ ওপৰত ভৰসা ৰাখিব পাৰোঁ?

১৭ গীতমালা ৮৬:৬, ৭ পঢ়ক। যিহোৱাই দায়ূদৰ প্ৰাৰ্থনা শুনিলে আৰু তাৰ উত্তৰ দিলে বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। দায়ূদৰ দৰে আমিও যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ। এই লেখত আমি যিসকল লোকৰ উদাহৰণৰ ওপৰত মন কৰিলোঁ, তেওঁলোকৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই আমাৰো প্ৰাৰ্থনাৰ উত্তৰ দিব। তেওঁ আমাক বুদ্ধি দিব পাৰে আৰু সমস্যাৰ সন্মুখীন হʼবলৈ শক্তি দিব পাৰে। তেওঁ আমাক ভাই-ভনীসকলৰ যোগেদি নাইবা তেওঁৰ উপাসনা নকৰা লোকসকলৰ যোগেদিও সহায় কৰিব পাৰে।

১৮ প্ৰতিবাৰে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমি ভবাৰ দৰে নিদিবও পাৰে, কিন্তু তেওঁ প্ৰাৰ্থনাৰ উত্তৰ নিদিয়াকৈ নাথাকিব। তেওঁ ভালদৰে জানে যে আমাক কেতিয়া কি বস্তুৰ প্ৰয়োজন আৰু সেয়া সঠিক সময়ত তেওঁ আমাক দিব। সেইবাবে, যিহোৱালৈ প্ৰাৰ্থনা কৰি থাকক, বিশ্বাস ৰাখক যে তেওঁ আজি আপোনাৰ চোৱা-চিতা কৰিব আৰু ভৱিষ্যতে “সমুদায় প্ৰাণীৰে” ইচ্ছা পূৰ কৰিব।—গীত. ১৪৫:১৬.

গীত ৪৬ যিহোৱা তোমাৰ প্ৰতি কৃতজ্ঞ

a যিহোৱাৰ ইচ্ছাৰ অনুসৰি প্ৰাৰ্থনা কৰিলে তেওঁ সেই প্ৰাৰ্থনা শুনিম বুলি আমাক আশ্বাস দিছে। বিশেষকৈ সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আমাক যি প্ৰয়োজন সেয়া যিহোৱাই আমাক দিব বুলি আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ। এতিয়া আহক আমি চাওঁ যে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে।

b যিহোৱাই চয়তানক এই পৃথিৱীত শাসন কৰিবলৈ কিয় অনুমতি দিছে এই বিষয়ে বেছিকৈ জানিবলৈ জুন, ২০১৭ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া “গুৰুত্বপূৰ্ণ বিষয়টো সদায় মনত ৰাখক” লেখ পঢ়ক।

c কিছুমান নাম সলনি কৰা হৈছে।

d ছবিৰ বিষয়ে: এগৰাকী মাতৃয়ে তাইৰ সন্তানৰ লগত অন্য এখন দেশত শৰণাৰ্থী হিচাপে আহিছে। সেই ঠাইৰ ভাই-ভনীসকলে মৰমেৰে তেওঁলোকক স্বাগতম জনাইছে। তেওঁলোকে তাইৰ সকলো প্ৰয়োজনীয়তা পূৰ কৰাৰ ব্যৱস্থা কৰিছে।