Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২৩

‘যিহোৱাৰ অগ্নি-শিখাʼ কম হʼবলৈ নিদিব

‘যিহোৱাৰ অগ্নি-শিখাʼ কম হʼবলৈ নিদিব

‘[প্ৰেমৰ] শিখা অগ্নি-শিখা দৰে হয়, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা।ʼ —পৰ. ৮:৬.

গীত ১৩১ “ঈশ্বৰে যাক যোগ কৰিলে”

লেখৰ এক আভাস a

১. প্ৰকৃত প্ৰেমৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?

 প্ৰেমৰ ‘শিখা অগ্নি-শিখাৰ দৰে হয়, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা। জলসমূহেও প্ৰেমক নুমাব নোৱাৰে, আৰু বান পানীয়েও তাক তল নিয়াব নোৱাৰে।ʼ b (পৰ. ৮:৬, ৭) প্ৰকৃত প্ৰেম কেনেকুৱা হয়, তাৰ বিষয়ে ৰজা চলোমনে বৰ সুন্দৰকৈ বুজালে। গতিকে পতি-পত্নীসকল, বিশ্বাস ৰাখক যে আপোনালোকেও এজনে-আনজনক প্ৰকৃত প্ৰেম কৰিব পাৰে, এনে প্ৰেম যি কেতিয়াও শেষ নহয়।

২. পতি-পত্নীৰ মাজত থকা প্ৰেম বজাই ৰাখিবলৈ তেওঁলোকে কি কৰিব পাৰে?

পতি-পত্নীসকলৰ মাজত থকা প্ৰেম সদায় থাকিব নে নাথাকে, সেয়া তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে। এটা উদাহৰণলৈ মন কৰক। চিন্তা কৰক, আপুনি ঠাণ্ডাৰ পৰা বাচিবলৈ জুই জ্বলাইছে। কিন্তু সেই জুই সদায় জ্বলি থাকিবলৈ হʼলে আপুনি তাত খৰি দি থাকিব লাগিব। এইদৰে নকৰিলে সেই জুই লাহে লাহে নুমাই যাব। ঠিক সেইদৰে পতি-পত্নীয়ে তেওঁলোকৰ মাজত থকা সম্পৰ্ক মজবুত কৰি থাকিলেহে তেওঁলোকৰ প্ৰেম সদায় থাকিব। কিন্তু বহু বাৰ পতি-পত্নীয়ে ভাবিব পাৰে যে তেওঁলোকৰ মাজত থকা প্ৰেম কমি গৈছে। ইয়াৰ বহুতো কাৰণ হʼব পাৰে। হয়তো তেওঁলোকৰ টকা-পইচাৰ অভাৱ হৈছে, কাৰোবাৰ স্বাস্থ্য ভাল নাই বা তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাৰ কামত ব্যস্ত থাকে। যদি আপুনি বিবাহিত, তেনেহʼলে ‘যিহোৱাৰ অগ্নি-শিখাʼ অৰ্থাৎ প্ৰকৃত প্ৰেমৰ জুই কেনেকৈ জ্বলাই ৰাখিব পাৰে? এই লেখত আমি তিনিটা উপায়ৰ ওপৰত মন কৰিম, যাৰ সহায়ত পতি-পত্নীয়ে নিজৰ সম্পৰ্ক মজবুত কৰিব পাৰে আৰু আনন্দত থাকিব পাৰে। c

যিহোৱাৰ লগত থকা সম্পৰ্কক মজবুত কৰি থাকক

যোচেফ আৰু মৰিয়মৰ দৰে পতি-পত্নী দুয়োজনৰে যিহোৱাৰ লগত মজবুত সম্পৰ্ক থকা উচিত (অনুচ্ছেদ ৩ চাওক)

৩. পতি-পত্নীৰ যিহোৱাৰ লগত ভাল সম্পৰ্ক থাকিলে তেওঁলোকৰ মাজত থকা সম্পৰ্ক কেনেকৈ মজবুত হʼব? (উপদেশক ৪:১২) (ছবিখনো চাওক।)

পতি-পত্নীসকল, আপোনালোকৰ বিবাহিত জীৱনত ‘যিহোৱাৰ অগ্নি-শিখাʼ নুমাই যোৱাটো যদি আপোনালোকে নিবিচাৰে, তেনেহʼলে আপোনালোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰি থাকিব লাগিব। এইদৰে কৰিলে আপোনালোকৰ সম্পৰ্কও মজবুত হʼব। কেনেকৈ বাৰু? যেতিয়া পতি-পত্নীয়ে যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক গুৰুত্ব দিয়ে, তেতিয়া তেওঁলোকে সহজে যিহোৱাৰ পৰামৰ্শ মানিব পাৰে। এইদৰে তেওঁলোকে বহুতো সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে, যাৰ বাবে তেওঁলোকৰ প্ৰেম চেঁচা নহয়। যদিও তেওঁলোকৰ জীৱনত এনেধৰণৰ সমস্যা আহে, তথাপি তেওঁলোকে সেইবোৰ ভালদৰে সমাধান কৰিব পাৰে। (উপদেশক ৪:১২ পঢ়ক।) ইয়াৰ উপৰিও যিসকলৰ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকে, তেওঁলোকে যিহোৱাৰ দৰেই হʼবলৈ চেষ্টা কৰে। তেওঁলোকে যিহোৱাৰ দৰে ধৈৰ্য্য ধৰে, আনক ক্ষমা কৰে আৰু সকলোৰে লগত প্ৰেমেৰে ব্যৱহাৰ কৰে। (ইফি. ৪:৩২–৫:১) ইয়াৰ বাবে তেওঁলোকৰ মাজত থকা প্ৰেম বাঢ়ি থাকে। ভনী লীনা, যাৰ বিয়া হোৱা ২৫ বছৰতকৈ বেছি হʼল, তেওঁ এইদৰে কৈছে, “যিজন ব্যক্তিৰ যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থাকে, তেওঁক প্ৰেম আৰু সন্মান কৰিবলৈ সহজ হৈ পৰে।”

৪. যিহোৱাই যোচেফ আৰু মৰিয়মক মচীহৰ পিতৃ-মাতৃ হʼবলৈ কিয় বাছনি কৰিলে?

বাইবেলৰ এটা উদাহৰণলৈ মন কৰক। পৃথিৱীত মচীহৰ পিতৃ-মাতৃ কোন হʼব, তাৰ বিষয়ে যেতিয়া যিহোৱাই বাছনি কৰিছিল, তেতিয়া তেওঁ দায়ূদৰ বংশৰ যিকোনো দম্পতীক বাছনি কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ যোচেফ আৰু মৰিয়মক কিয় বাছনি কৰিলে? কিয়নো যিহোৱাৰ লগত তেওঁলোকৰ এক ভাল সম্পৰ্ক আছিল আৰু যিহোৱাই জানিছিল যে তেওঁলোকে দম্পতী হিচাপেও নিজৰ জীৱনত তেওঁক প্ৰথম স্থান দিব। গতিকে, পতি-পত্নীসকল আপোনালোকে যোচেফ আৰু মৰিয়মৰ পৰা কি শিকিব পাৰে?

৫. স্বামীসকলে যোচেফৰ পৰা কি শিকিব পাৰে?

যোচেফে যিহোৱাই দিয়া নিৰ্দেশনা লগে লগে পালন কৰিলে। সেইবাবে, তেওঁ এজন ভাল স্বামী হʼব পাৰিলে। বাইবেলত এনে তিনিটা ঘটনাৰ বিষয়ে উল্লেখ আছে, যেতিয়া যিহোৱাই পৰিয়ালৰ বিষয়ে তেওঁক নিৰ্দেশনা দিছিল। যদিও সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ যোচেফক বহুতো ডাঙৰ ডাঙৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছিল, তথাপি তেওঁ প্ৰতিবাৰে যিহোৱাৰ নিৰ্দেশনা মানিলে। (মথি ১:২০, ২৪; ২:১৩-১৫, ১৯-২১) যিহোৱাৰ পৰামৰ্শ মানি যোচেফে মৰিয়মক সুৰক্ষা দিব পাৰিলে, তাইক সহযোগ কৰিব পাৰিলে আৰু তাইৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিলে। চিন্তা কৰকচোন, যেতিয়া মৰিয়মে দেখিলে যে যোচেফে কেনেকৈ যিহোৱাৰ নিৰ্দেশনাবোৰ মানি আছে, তেতিয়া মৰিয়মে হয়তো কেনেকৈ তেওঁক আৰু বেছিকৈ প্ৰেম আৰু সন্মান কৰিবলৈ ধৰিলে! স্বামীসকল, আপোনালোকেও পৰিয়ালৰ চোৱা-চিতা কৰাৰ ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শ মানি যোচেফৰ নিচিনা হʼব পাৰে। d এনে কৰিবলৈ হয়তো আপোনাক ডাঙৰ ডাঙৰ সাল-সলনি কৰিবলগীয়া হʼব পাৰে। কিন্তু এনে কৰাৰ যোগেদি আপুনি নিজৰ পত্নীক প্ৰেম কৰে বুলি দেখুৱাব পাৰে। এইদৰে আপোনাকৰ সম্পৰ্ক আৰু মজবুত হʼব। বনুআটু দেশত থকা এগৰাকী ভনীৰ বিয়া হোৱা ২০ বছৰতকৈ বেছি হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে এয়া জানিবলৈ চেষ্টা কৰে যে কোনো এটা বিষয়ত যিহোৱাই কি পৰামৰ্শ দিছে আৰু তাক পালন কৰে, তেতিয়া মই তেওঁক আৰু বেছিকৈ সন্মান কৰিবলৈ ধৰোঁ। মোৰ বিশ্বাস আছে যে তেওঁ যি নিৰ্ণয় লʼব, সেয়া সঠিক হʼব আৰু মই কোনো কথাৰ বাবে চিন্তিত নহওঁ।”

৬. পত্নীসকলে মৰিয়মৰ পৰা কি শিকিব পাৰে?

যিহোৱাৰ লগত মৰিয়মৰ এক ভাল সম্পৰ্ক আছিল। তেওঁ নিজৰ বিশ্বাস বঢ়াবলৈ যোচেফৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ পৰিৱৰ্তে নিজেই পৰিশ্ৰম কৰিছিল। তেওঁৰ শাস্ত্ৰৰ ভাল জ্ঞান আছিল। e (লূক ১:৪৬) তেওঁ শিকা কথাবোৰ গভীৰভাৱে চিন্তা কৰিবলৈ সময়ো উলিয়াইছিল। (লূক ২:১৯, ৫১) যিহোৱাৰ লগত এক ভাল সম্পৰ্ক থকাৰ বাবে মৰিয়মে এগৰাকী ভাল পত্নী হʼব পাৰিলে। আজি বহুতো বিবাহিতা ভনীয়ে মৰিয়মৰ নিচিনা হʼবলৈ চেষ্টা কৰে। ভনী এমীকʼৰ উদাহৰণলৈ মন কৰক। তেওঁ এইদৰে কৈছে, “বিয়াৰ আগতে উপাসনাৰ লগত জড়িত কামবোৰ কৰাৰ মোৰ এখন ভাল তালিকা আছিল। কিন্তু বিয়াৰ পাছত মোৰ স্বামীয়ে আমাৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু পাৰিবাৰিক উপাসনাত নেতৃত্ব লৈছিল। সেইবাবে, এই সকলো কামৰ বাবে মই তেওঁৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিলোঁ। মই ভাবিলোঁ যে মই নিজৰ ভাৰ নিজে উঠাব লাগিব আৰু যিহোৱাৰ লগত থকা নিজৰ সম্পৰ্কক মজবুত কৰিবলৈ কিছুমান কাম কৰিব লাগিব। সেইবাবে, মই যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ, বাইবেল পঢ়িবলৈ আৰু তাৰ বিষয়ে মনন কৰিবলৈ সময় উলিয়াইছিলোঁ।” (গালা. ৬:৫) পত্নীসকল, আপোনালোকে যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ পৰিশ্ৰম কৰি থাকিলে আপোনাৰ স্বামীয়ে আপোনাক আৰু বেছিকৈ প্ৰেম আৰু প্ৰশংসা কৰিব।—হিতো. ৩১:৩০.

৭. পতি-পত্নীসকলে একেলগে মিলি উপাসনা কৰাৰ বিষয়ে যোচেফ আৰু মৰিয়মৰ পৰা কি শিকিব পাৰে?

যোচেফ আৰু মৰিয়মে যিহোৱাৰ লগত থকা সম্পৰ্কক মজবুত কৰিবলৈ একেলগে মিলি বহুতো কাম কৰিলে। তেওঁলোকে ভালদৰে জানিছিল যে পৰিয়াল হিচাপে যিহোৱাৰ উপাসনা কৰাটো অতি প্ৰয়োজন। (লূক ২:২২-২৪, ৪১; ৪:১৬) যেতিয়া তেওঁলোকৰ আৰু লʼৰা-ছোৱালী হʼল, তেতিয়া এইদৰে কৰিবলৈ তেওঁলোকৰ বাবে বৰ কঠিন আছিল। তথাপি তেওঁলোকে একেলগে মিলি উপাসনা কৰিলে। যোচেফ আৰু মৰিয়ম পতি-পত্নীৰ বাবে এটা ভাল উদাহৰণ হয়। যদি তেওঁলোকৰ দৰে আপোনাৰো লʼৰা-ছোৱালী আছে, তেনেহʼলে সভালৈ যোৱা আৰু পাৰিবাৰিক উপাসনাৰ বাবে সময় উলিওৱা আপোনাৰ বাবেও হয়তো সহজ নহয়। দম্পতী হিচাপে প্ৰাৰ্থনা আৰু অধ্যয়ন কৰাৰ বাবে সময় উলিয়াবলৈ হয়তো আৰু কঠিন হয়। মনত ৰাখক, যেতিয়া আপোনালোকে একেলগে মিলি যিহোৱাৰ উপাসনা কৰিব, তেতিয়া আপোনালোকে যিহোৱা আৰু লগতে এজনে-আনজনৰ বেছিকৈ কাষ চাপিব। সেইবাবে, যিহোৱাৰ উপাসনাক জীৱনত প্ৰথম স্থান দিয়ক।

৮. বিবাহিত জীৱনত সমস্যা আহিলে পাৰিবাৰিক উপাসনাৰ পৰা লাভৱান হʼবলৈ পতি-পত্নীয়ে কি কৰিব পাৰে?

আপোনালোকৰ কথা মিল নোখোৱাৰ বাবে হয়তো একেলগে মিলি পাৰিবাৰিক উপাসনা কৰিবলৈ মন নাযাব। তথাপি পাৰিবাৰিক উপাসনাত একেলগে মিলি কিবা কৰিবলৈ চেষ্টা কৰক। আপোনালোকে একেলগে মিলি এনে কিবা কাম কৰক, যাৰ পৰা আপোনালোকে আনন্দ পায়। এইদৰে কৰিলে আপোনালোকৰ সমস্যা কম হʼব আৰু আপোনালোকক হয়তো একেলগে মিলি যিহোৱাৰ উপাসনা কৰিবলৈ মন যাব।

একেলগে সময় কটাওক

৯. পতি-পত্নীসকলে এজনে-আনজনৰ লগত কিয় সময় কটোৱা উচিত?

পতি-পত্নীসকল, আপোনালোকে একেলগে সময় কটাই নিজৰ মাজৰ প্ৰেম বজাই ৰাখিব পাৰে। একেলগে সময় কটালে আপোনালোকে জানিব পাৰিব যে আপোনাৰ সংগীয়ে কেনে অনুভৱ কৰে আৰু কি ভাবে। (আদি. ২:২৪) ভাই ৰুচলান আৰু ভনী লিলিয়াৰ উদাহৰণলৈ মন কৰক। তেওঁলোকৰ বিয়া হোৱা ১৫ বছৰতকৈ বেছি হʼল। মন কৰক বিয়াৰ অলপ সময়ৰ পাছত তেওঁলোকে কেনে অনুভৱ কৰিলে। ভনীয়ে এইদৰে কৈছে, “আমি অনুভৱ কৰিলোঁ যে আমি এজনে-আনজনক যিমান সময় দিম বুলি ভাবিছিলোঁ, সিমান দিব পৰা নাই। গোটেই দিন চাকৰি আৰু ঘৰৰ কাম কৰোঁতেই ওলাই গৈছিল। আগলৈ গৈ যেতিয়া আমাৰ লʼৰা-ছোৱালী হʼল, তেতিয়া সময় কেনেকৈ পাৰ হৈছিল, গʼমেই নাপাইছিলোঁ। আমি বুজি পালোঁ যে যদি আমি এজনে-আনজনক সময় নিদিওঁ, তেনেহʼলে আমাৰ প্ৰেম চেঁচা হৈ পৰিব।”

১০. পতি-পত্নীসকলে ইফিচীয়া ৫:১৫, ১৬ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিব পাৰে?

১০ পতি-পত্নীসকলে একেলগে সময় কটাবলৈ কি কৰিব পাৰে? আপোনালোকে কেতিয়া একেলগে সময় কটাব, তাৰ বিষয়ে আগতীয়াকৈ সময় নিৰ্ধাৰিত কৰক। (ইফিচীয়া ৫:১৫, ১৬ পঢ়ক।) নাইজেৰিয়াত থকা ভাই উজʼণ্ডোৱে কৈছে, “যেতিয়া মই ভাবোঁ যে কোনটো কাম কেতিয়া কৰিম, তেতিয়া মই মোৰ পত্নীৰ লগত কেতিয়া সময় কটাম, তাৰো সময় নিৰ্ধাৰিত কৰোঁ। মই কেতিয়াও এই কথাক সহজভাৱে নলওঁ।” (ফিলি. ১:৯, ১০) মন কৰক, মলডবাত থকা ভনী এনেষ্টাচিয়াই কেনেকৈ নিজৰ সময়ৰ ভাল ব্যৱহাৰ কৰে। তেওঁৰ স্বামী চাৰ্কিট ওভাৰচিয়াৰ হয়। তেওঁ এইদৰে কৈছে, “যেতিয়া মোৰ স্বামীয়ে চাৰ্কিটৰ কামবোৰ কৰে, তেতিয়া মইয়ো অকলে কৰিবলগীয়া কামবোৰ কৰোঁ। এইদৰে আমি পাছত একেলগে সময় কটাব পাৰোঁ।” কিন্তু যেতিয়া আন কামবোৰৰ বাবে আপোনালোকে একেলগে সময় কটাব নোৱাৰে, তেতিয়া আপোনালোকে কি কৰিব পাৰে?

পতি-পত্নীসকল আপোনালোকে কি কি কাম একেলগে কৰিব পাৰে? (অনুচ্ছেদ ১১-১২ চাওক)

১১. আক্কিলা আৰু প্ৰিষ্কিলাই একেলগে মিলি কি কি কাম কৰিলে?

১১ পতি-পত্নীসকল, আপোনালোকে আক্কিলা আৰু প্ৰিষ্কিলাৰ পৰাও বহুতো কথা শিকিব পাৰে। প্ৰথম শতিকাৰ ভাই-ভনীসকলে তেওঁলোকক বৰ সন্মান কৰিছিল। (ৰোম. ১৬:৩, ৪) তেওঁলোকৰ বিবাহিত জীৱনৰ বিষয়ে বাইবেলত বেছি কথা উল্লেখ নাই, কিন্তু আমি এয়া জানোঁ যে তেওঁলোকে একেলগে মিলি কাম কৰিলে, প্ৰচাৰ কৰিলে আৰু আনক সহায়ো কৰিলে। (পাঁচ. ১৮:২, ৩, ২৪-২৬) আনকি বাইবেলত আক্কিলা আৰু প্ৰিষ্কিলাৰ নাম প্ৰায় একেলগে উল্লেখ কৰা হৈছে।

১২. পতি-পত্নীয়ে এজনে-আনজনৰ লগত বেছিকৈ সময় কটাবলৈ কি কৰিব পাৰে? (ছবিখনো চাওক।)

১২ পতি-পত্নীসকল, আপোনালোকে আক্কিলা আৰু প্ৰিষ্কিলাৰ পৰা কি শিকিব পাৰে? চিন্তা কৰক, আপোনালোকক কি কি কৰিবলগীয়া হয়। তাৰে মাজৰ কিছুমান কাম আপোনালোকে একেলগে মিলি কৰিব পাৰিবনে? আক্কিলা আৰু প্ৰিষ্কিলাই একেলগে মিলি প্ৰচাৰ কৰিছিল। আপোনালোকে প্ৰায়ে একেলগে মিলি প্ৰচাৰ কৰেনে? আক্কিলা আৰু প্ৰিষ্কিলাই একেলগে মিলি কামো কৰিছিল। আপোনালোকে একেলগে হয়তো চাকৰি নকৰে, কিন্তু ঘৰৰ কামবোৰ একেলগে মিলি কৰিব পাৰিবনে? (উপ. ৪:৯) যেতিয়া কোনো এটা কামত পতি-পত্নীয়ে এজনে-আনজনক সহায় কৰে, তেতিয়া কথা পাতিবলৈ তেওঁলোকৰ ওচৰত ভাল সুযোগ থাকে আৰু তেওঁলোকে এজনে-আনজনৰ কাষ চাপিব পাৰে। ভাই ৰবাৰ্ট আৰু ভনী লিণ্ডাৰ উদাহৰণলৈ মন কৰক, তেওঁলোকৰ বিয়া হোৱা ৫০ বছৰতকৈ বেছি হʼল। ভাই ৰবাৰ্টে এইদৰে কৈছে, “একেলগে সময় কটাবলৈ আমাৰ ওচৰত বেছি সময় নাথাকে। যেতিয়া মই কাহি-বাটি ধুওঁ আৰু মোৰ পত্নীয়ে ওচৰত থিয় হৈ কাপোৰেৰে সেইবোৰ মুচে বা যেতিয়া মই বাগিচাত কাম কৰোঁ আৰু তাই আহি মোক সহায় কৰে, তেতিয়া মোৰ বহুত ভাল লাগে। এইদৰে একেলগে মিলি কাম কৰাৰ বাবে আমি এজনে-আনজনৰ কাষ চাপোঁ আৰু আমাৰ মাজৰ প্ৰেম বাঢ়ি যায়।”

১৩. এজনে-আনজনৰ কাষ চাপিবলৈ পতি-পত্নীসকলে কি কৰা উচিত?

১৩ পতি-পত্নীসকল, মনত ৰাখক আপোনালোকে একেলগে থাকিলেই যে এজনে-আনজনৰ কাষ চাপিব এনে নহয়। ব্ৰাজিলত থকা এগৰাকী বিবাহিতা ভনীয়ে এইদৰে কৈছে, “কেতিয়াবা কেতিয়াবা আমাক লাগিব পাৰে যে আমি একেখন ঘৰতে আছোঁ, গতিকে একেলগে সময় কটাইছোঁ। কিন্তু এইদৰে ভাবি আমি নিজকে ঠগাৰ দৰে হʼব। কিয়নো আজি আমাৰ ওচৰত ধ্যান বিচলিত কৰাৰ বহুতো বস্তু আছে, যাৰ বাবে আমি একেলগে থাকিও নথকাৰ দৰে হয়। মোৰ অনুভৱ হʼল যে একেলগে থকাই যথেষ্ট নহয়। মই নিজৰ স্বামীৰ ওপৰত সম্পূৰ্ণৰূপে ধ্যান দিব লাগিব।” মন কৰক, ভাই ব্ৰুনʼ আৰু ভনী টাইচে এজনে-আনজনক ধ্যান দিবলৈ কি কৰে। ভায়ে এইদৰে কৈছে, “যেতিয়া আমি একেলগে থাকোঁ, তেতিয়া আমি নিজৰ ফোন দূৰত ৰাখোঁ, যাতে আমি এজনে-আনজনৰ লগত ভালদৰে সময় কটাব পাৰোঁ।”

১৪. যদি কোনো পতি-পত্নীক একেলগে সময় কটাই ভাল নালাগে, তেনেহʼলে তেওঁলোকে কি কৰিব পাৰে?

১৪ হয়তো আপোনালোকক এজনে-আনজনৰ লগত সময় কটাই ভাল নালাগে। হয়তো আপোনালোকৰ পচ্ছন্দবোৰ নিমিলে বা এজনে-আনজনৰ কথাত সোনকালে আমনি পায়। এনে পৰিস্থিতিত আপোনালোকে কি কৰিব পাৰে? জুইৰ উদাহৰণলৈ আকৌ মন কৰক। জুই জ্বলোৱাৰ লগে লগেই তাত অগ্নি-শিখা বাঢ়িবলৈ নধৰে। আমি তাত লাহে লাহে প্ৰথমে সৰু আৰু পাছত ডাঙৰ খৰি দি থাকিবলগীয়া হয়। ঠিক সেইদৰে আপোনালোকে প্ৰতিদিনে অলপ সময় কটাব পাৰে। মনত ৰাখক, আপুনি এনে কোনো কাম নকৰিব, যাৰ পৰা আপোনাৰ সংগীৰ খং উঠে। ইয়াৰ পৰিৱৰ্তে এনে কাম কৰিবলৈ চেষ্টা কৰক, যাৰ বাবে আপোনালোকে আনন্দিত হয়। (যাকো. ৩:১৮) এইদৰে যেতিয়া আপোনালোকে এজনে-আনজনৰ লগত অলপ অলপ কৰি সময় কটাবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকৰ প্ৰেম আকৌ বাঢ়িবলৈ ধৰিব।

এজনে-আনজনক সন্মান কৰক

১৫. পতি-পত্নীয়ে এজনে-আনজনক সন্মান কৰাটো কিয় প্ৰয়োজন?

১৫ পতি-পত্নীসকলে এজনে-আনজনক সন্মান কৰা উচিত। এয়া সেই বতাহৰ দৰে হয়, যাৰ পৰা একেৰাহে জুই জ্বলি থাকে। যদি বতাহ পোৱা নাযায়, তেনেহʼলে সোনকালে জুই নুমাই যাব। ঠিক সেইদৰে যদি পতি-পত্নীসকলে এজনে-আনজনক সন্মান নকৰে, তেনেহʼলে অতি সোনকালে তেওঁলোকৰ প্ৰেম কমি যাব। কিন্তু তেওঁলোকে এজনে-আনজনক সন্মান কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে, তেনেহʼলে তেওঁলোকৰ মাজত প্ৰেম বজাই ৰাখিব পাৰিব। কিন্তু এটা কথা মনত ৰাখক, হয়তো আপোনাক লাগিব পাৰে যে আপুনি নিজৰ সংগীক সন্মান কৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্কথা হৈছে, আপোনাৰ সংগীৰো অনুভৱ হʼব লাগিব যে আপুনি তেওঁক সন্মান কৰে। ভাই আৰিট আৰু ভনী পিনিৰ বিয়া হোৱা ২৫ বছৰতকৈ বেছি হʼল। ভনীয়ে এইদৰে কৈছে, “যেতিয়া আমি এজনে-আনজনক সন্মান কৰোঁ, তেতিয়া আমাৰ সুখৰ সংসাৰ হয়। আমি এজনে-আনজনক নিজৰ মনৰ কথা খুলি কʼব পাৰোঁ। কিয়নো আমি জানোঁ যে আমি এজনে-আনজনৰ মতামতক সন্মান কৰিম।” গতিকে, আপুনি নিজৰ সংগীক সন্মান কৰে বুলি অনুভৱ কৰাবলৈ কি কৰিব পাৰে? আহক অব্ৰাহাম আৰু চাৰাৰ উদাহৰণলৈ মন কৰোঁ।

এজন সত্য খ্ৰীষ্টান স্বামীয়ে নিজৰ পত্নীৰ কথা মনোযোগেৰে শুনা উচিত; এইদৰে কৰিলে তেওঁ নিজৰ পত্নীক সন্মান কৰে বুলি দেখুৱাব (অনুচ্ছেদ ১৬ চাওক)

১৬. স্বামীসকলে অব্ৰাহমৰ পৰা কি শিকিব পাৰে? (১ পিতৰ ৩:৭) (ছবিখনো চাওক।)

১৬ অব্ৰাহামে চাৰাক বহুত সন্মান কৰিছিল। তেওঁ চাৰাৰ মতামত জানিবলৈ চেষ্টা কৰিছিল আৰু তেওঁৰ অনুভূতিৰ প্ৰতি ধ্যান দিছিল। এবাৰ চাৰা বৰ চিন্তিত আছিল আৰু তাই অব্ৰাহামক বহুত কিবা-কিবি কৈ দিলে। আনকি তেওঁৰ ওপৰত অভিযোগো লগালে। এনে পৰিস্থিতিত অব্ৰাহামে তাইক খং কৰিলেনে? নহয়। অব্ৰাহামে জানিছিল যে চাৰা সদায় তেওঁৰ অধীনত থাকে আৰু তেওঁক সহযোগ কৰে। সেইবাবে, অব্ৰাহামে তাইৰ কথা মনোযোগেৰে শুনিলে আৰু বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিলে। (আদি. ১৬:৫, ৬) স্বামীসকলে অব্ৰাহামৰ পৰা কি শিকিব পাৰে? স্বামীসকল, যিহোৱাই আপোনালোকক নিজৰ পৰিয়ালৰ নিৰ্ণয় লʼবলৈ অধিকাৰ দিছে। (১ কৰি. ১১:৩) কিন্তু কোনো নিৰ্ণয় লোৱাৰ আগতে আপুনি নিজৰ পত্নীৰ মতামত লোৱাটো ভাল হʼব। বিশেষকৈ, সেই সময়ত যেতিয়া এই নিৰ্ণয়ৰ পৰা তেওঁৰ ওপৰতো প্ৰভাৱ পৰিব। (১ কৰি. ১৩:৪, ৫) হয়তো কেতিয়াবা কেতিয়াবা আপোনাৰ পত্নী বৰ চিন্তিত হৈ পৰে আৰু তাই কেনে অনুভৱ কৰে, তাৰ বিষয়ে আপোনাক জনাব বিচাৰে। সেই সময়ত মনোযোগেৰে তাইৰ কথা শুনক। এইদৰে কৰিলে আপুনি তাইক সন্মান কৰে বুলি দেখুৱাব। (১ পিতৰ ৩:৭ পঢ়ক।) ভাই দিমিত্ৰী আৰু ভনী এনজিলাৰ উদাহৰণলৈ মন কৰক, তেওঁলোকৰ বিয়া হোৱা প্ৰায় ৩০ বছৰ হʼল। তাইৰ স্বামীয়ে তাইক সন্মান কৰে বুলি কিয় অনুভৱ হয়, তাৰ বিষয়ে ভনীয়ে এইদৰে কৈছে, “যেতিয়া মই চিন্তিত হওঁ বা কিবা কথা পাতিব বিচাৰোঁ, তেতিয়া দিমিত্ৰীয়ে সদায় মোৰ কথা মনোযোগেৰে শুনে। বহু বাৰ যেতিয়া মই আবেগিক হৈ পৰোঁ, তেতিয়াও তেওঁ ধৈৰ্য্য ধৰে।”

১৭. পত্নীসকলে চাৰাৰ উদাহৰণৰ পৰা কি শিকিব পাৰে? (১ পিতৰ ৩:৫, ৬)

১৭ যেতিয়া অব্ৰাহামে কিবা নিৰ্ণয় লৈছিল, তেতিয়া চাৰাই তেওঁক সহযোগ কৰিছিল। (আদি. ১২:৫) এইদৰে তাই অব্ৰাহামক সন্মান কৰে বুলি দেখুৱালে। এবাৰ যেতিয়া হঠাতে কিছুমান আলহী আহিছিল, তেতিয়া অব্ৰাহামে অতিথি-সৎকাৰ কৰাৰ কথা ভাবিলে। সেইবাবে, চাৰাই যি কাম কৰি আছে, সেয়া এৰি বহুতো আটা খচি পিঠা বনাবলৈ কʼলে। তেওঁক বহুত আহাৰ বনাবলগীয়া আছিল। (আদি. ১৮:৬) কিন্তু তাই লগে লগে সেই কাম কৰিলে। পত্নীসকল, আপোনালোকেও চাৰাৰ দৰে নিজৰ স্বামীসকলৰ নিৰ্ণয়ক সহযোগ কৰিব পাৰেনে? এইদৰে কৰিলে আপোনালোকৰ সম্পৰ্ক আৰু মজবুত হʼব। (১ পিতৰ ৩:৫, ৬ পঢ়ক।) অনুচ্ছেদ ১৬-ত উল্লেখ কৰা ভাই দিমিত্ৰীয়ে কয় যে কি কথাৰ বাবে তেওঁৰ অনুভৱ হয় যে তেওঁৰ পত্নীয়ে তেওঁক সন্মান কৰে। তেওঁ এইদৰে কʼলে, “এনজিলাই মোক সদায় সহযোগ কৰে, আনকি যিবোৰ বিষয়ত আমাৰ মতামত মিল নাখায়, সেই সময়তো সহযোগ কৰে আৰু তাইৰ এই কথা মোৰ বহুত ভাল লাগে। কিন্তু পাছত যেতিয়া আমাৰ অনুভৱ হৈছিল যে মই যি নিৰ্ণয় লৈছোঁ, সেয়া ইমান ভাল নাছিল, তেতিয়া তেওঁ মোক বাৰে বাৰে সেই বিষয়ে কৈ নাথাকে।” সঁচাকৈ যিজন ব্যক্তিয়ে আপোনাক সন্মান কৰে তেওঁক প্ৰেম কৰিবলৈ আৰু সহজ হৈ পৰে।

১৮. পতি-পত্নীয়ে তেওঁলোকৰ মাজত থকা প্ৰেম বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিলে, তেওঁলোকৰ কেনেকৈ লাভ হয়?

১৮ আজিও খ্ৰীষ্টান পতি-পত্নীসকলৰ মাজত থকা প্ৰেম চয়তানে নাইকিয়া কৰিব বিচাৰে। সি জানে যে যদি পতি-পত্নীৰ মাজত প্ৰেম কমি যায়, তেনেহʼলে তেওঁলোকে যিহোৱাৰ পৰাও আঁতৰি যাব। কিন্তু আমি জানোঁ যে প্ৰকৃত প্ৰেম কেতিয়াও শেষ নহয়। গতিকে, পৰমগীত কিতাপত যি প্ৰেমৰ বিষয়ে কোৱা হৈছে, সেই প্ৰেম আপোনালোকৰ মাজত বজাই ৰাখিবলৈ চেষ্টা কৰক। থিৰাং কৰক যে আপোনালোকৰ বিবাহিত জীৱনত যিহোৱাক প্ৰথম স্থান দিব, এজনে-আনজনৰ লগত সময় কটাব, এজনে-আনজনক সন্মান কৰিব আৰু এজনে-আনজনৰ অনুভূতি আৰু প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিব। পতি-পত্নীসকল, আপোনালোকে এইদৰে কৰিলে যিহোৱাৰ মহিমা কৰিব পাৰিব, যিজনৰ পৰা প্ৰকৃত প্ৰেমৰ আৰম্ভণি হৈছে আৰু আপোনালোকৰ মাজত থকা প্ৰেম সদায় বজাই ৰাখিব পাৰিব।

গীত ১৩২ এতিয়া আমি এক হʼলোঁ

a বিয়াৰ বান্ধোন যিহোৱাৰ পৰা পোৱা বৰ সুন্দৰ উপহাৰ হয়। যেতিয়া এজন ব্যক্তি আৰু এজনী তিৰোতাই বিয়া কৰে, তেতিয়া তেওঁলোকে এটা বিশেষ বান্ধোনত বান্ধ খায় আৰু তেওঁলোকে এজনে-আনজনক প্ৰেম দেখুৱাব পাৰে। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁলোকৰ মাজত থকা প্ৰেম কমি যাব পাৰে। যদি আপুনি বিবাহিত, তেনেহʼলে এই লেখত দিয়া উপায়বোৰ মানিলে আপুনি নিজৰ সংগীৰ প্ৰতি প্ৰেম বঢ়াব পাৰিব আৰু আপোনালোকৰ বিবাহিত জীৱন সুখী হৈ পৰিব।

b প্ৰকৃত প্ৰেম কেতিয়াও শেষ নহয়, এয়া সদায় থাকে। বাইবেলত এই প্ৰেমক ‘যিহোৱাৰ অগ্নি-শিখাʼ বুলি কৈছে। কিয়নো ইয়াৰ আৰম্ভণি যিহোৱাৰ পৰাই হৈছিল।

c যদি আপোনাৰ সংগীয়ে যিহোৱাৰ উপাসনা নকৰে, তথাপিও এই পৰামৰ্শ পালন কৰিলে আপোনালোকৰ সম্পৰ্ক মজবুত হʼব পাৰে।—১ কৰি. ৭:১২-১৪; ১ পিত. ৩:১, ২.

d jw.org আৰু JW লাইব্ৰেৰী এপত “পৰিয়ালৰ বাবে সহায়”(হিন্দী) নামৰ ধাৰাবাহিকত দিয়া লেখ চাওক।