অধ্যয়নৰ বাবে বিষয়
অন্যায় কেনেকৈ সহন কৰিম?
আদিপুস্তক ৩৭:২৩-২৮; ৩৯:১৭-২৩ পঢ়ক আৰু জানক যে অন্যায় সহন কৰাৰ বিষয়ে আমি যোচেফৰ পৰা কি শিকিব পাৰোঁ।
বেছিকৈ জানিবলৈ আশে-পাশে থকা পদবোৰ পঢ়ক। যোচেফৰ লগত লোকসকলে অন্যায় কিয় কৰিলে? (আদি. ৩৭:৩-১১; ৩৯:১, ৬-১০) তেওঁ কিমান সময়লৈকে অন্যায় সহন কৰিবলগীয়া হʼল? (আদি. ৩৭:২; ৪১:৪৬) সেই সময়ছোৱাত যিহোৱাই তেওঁৰ বাবে কি কৰিলে আৰু কি নকৰিলে?—আদি. ৩৯:২, ২১; w২৩.০১ ১৭ ¶১৩.
গভীৰভাৱে অনুসন্ধান কৰক। ফৰৌণৰ পত্নীয়ে যোচেফৰ ওপৰত মিছা অভিযোগ লগালে, কিন্তু বাইবেলত কʼতো লিখা নাই যে যোচেফে নিজকে সঁচা বুলি প্ৰমাণ কৰিবলৈ কিবা কʼলে। তলত দিয়া পদবোৰৰ বিষয়ে চিন্তা কৰক যে যোচেফে হয়তো নিজকে সঁচা বুলি প্ৰমাণ কৰিবলৈ কিয় চেষ্টা নকৰিলে? এই বিষয়ে বাইবেলত সকলো কথা কিয় জনোৱা নাই? (হিতো. ২০:২; যোহ. ২১:২৫; পাঁচ. ২১:৩৭) কি গুণ থকাৰ বাবে যোচেফে অন্যায় সহন কৰিব পাৰিলে?—মীখা ৭:৭; লূক ১৪:১১; যাকো. ১:২, ৩.
আপুনি কি শিকিলে তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:
-
‘যীচুৰ শিষ্য হোৱাৰ বাবে মই কেনেধৰণৰ অন্যায় সহন কৰিবলগীয়া হʼব পাৰে?’ (লূক ২১:১২, ১৬, ১৭; ইব্ৰী ১০:৩৩, ৩৪)
-
‘সেই অন্যায় সহন কৰিবলৈ মই এতিয়াৰে পৰা কি কৰিব পাৰোঁ?’ (গীত. ৬২:৭, ৮; ১০৫:১৭-১৯; w১৯.০৭-HI ২-৭)