Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ২২

গীত ১২৭ মই কেনে ব্যক্তি হোৱা উচিত

ডেটিং কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক!

ডেটিং কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক!

‘আন্তৰিক মনুষ্যহে, বহুমূলীয়া।’১ পিত. ৩:৪.

কি শিকিম?

এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰাৰ সময়ত কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে আৰু মণ্ডলীৰ ভাই-ভনীসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে?

১-২. কিছুমান ভাই-ভনীয়ে ডেটিঙৰ বিষয়ে কি কৈছে?

 এজন লʼৰা আৰু ছোৱালীৰ বাবে ডেটিং কৰাৰ সময়টো আনন্দময় সময়। যদি আপুনি ডেটিং কৰিছে, তেনেহʼলে আপুনি নিশ্চয় আনন্দিত আৰু সকলো ভালে ভালে হৈ যোৱাটো বিচাৰে। ইথিউপিয়াত থকা ভনী চিয়ানে a এইদৰে কৈছে, “যেতিয়া মই আৰু মোৰ স্বামীয়ে ডেটিং কৰি আছিলোঁ, তেতিয়া মই বহুত আনন্দিত আছিলোঁ। আমি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ, কিন্তু একেলগে মিলি ফুৰ্তিও কৰিলোঁ। মই যেতিয়া অনুভৱ কৰিলোঁ যে মই মোৰ জীৱন সংগী বিচাৰি পালোঁ আৰু তেওঁ মোক বহুত প্ৰেম কৰে, তেতিয়া মোৰ আনন্দৰ সীমা নাইকিয়া হʼল।”

কিন্তু নেডাৰলেণ্ডত থকা ভাই অলেচʼৰ ডেটিঙৰ অনুভৱ অলপ বেলেগ আছিল। তেওঁ এইদৰে কৈছে, “যেতিয়া মই মোৰ পত্নীৰ লগত ডেটিং কৰি আছিলোঁ, তেতিয়া মোৰ বহুত ভাল লাগিছিল আৰু আনন্দিত আছিলোঁ। কিন্তু আমি কিছুমান সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল।” এই লেখত আমি শিকিম যে ডেটিং কৰাৰ সময়ত কি কি সমস্যা আহিব পাৰে আৰু বাইবেলৰ কোনবোৰ সিদ্ধান্তৰ সহায়ত লʼৰা-ছোৱালীয়ে সঠিক নিৰ্ণয় লʼব পাৰে? লগতে আমি এয়াও শিকিম যে মণ্ডলীৰ ভাই-ভনীসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে?

ডেটিঙৰ উদ্দেশ্য

৩. ডেটিং কৰাৰ উদ্দেশ্য কি? (হিতোপদেশ ২০:২৫)

সঁচাকৈ ডেটিং কৰাৰ সময়ত বহুত ভাল লাগে, কিন্তু এয়া সৰু কথা নহয়। কাৰণ ডেটিং কৰাৰ যোগেদি এজন লʼৰা আৰু ছোৱালীয়ে নিৰ্ণয় লয় যে তেওঁলোকে বিয়া পাতিব নে নাই। যদি তেওঁলোকে বিয়া পতাৰ নিৰ্ণয় লয়, তেনেহʼলে চিৰজীৱন লগতে থাকিব বুলি যিহোৱাৰ আগত শপত লʼব আৰু সদায় এজনে-আনজনক প্ৰেম আৰু আদৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিব। যিহোৱাৰ আগত শপত লোৱাটো গভীৰ কথা। বাইবেলত কোৱা হৈছে যে আমি ভাবি-চিন্তি শপত লোৱা উচিত। (হিতোপদেশ ২০:২৫ পঢ়ক।) এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰাৰ সময়ত এজনে-আনজনক জনাৰ ভাল সুযোগ পাই আৰু সঠিক নিৰ্ণয় লʼব পাৰে। কিছুমানে বিয়া পতাৰ নিৰ্ণয় লয়, আন কিছুমানে ডেটিং তাতে শেষ কৰাৰ নিৰ্ণয় লয়। যদি তেওঁলোকে ডেটিং বন্ধ কৰি দিয়ে, তেনেহʼলে এয়া কোনো বেয়া কথা নহয়। আমি বুজিব লাগিব যে ডেটিং কৰাৰ তেওঁলোকৰ উদ্দেশ্য পূৰ হʼল অৰ্থাৎ তেওঁলোকে এজনে-আনজনক ভালদৰে জানিব পাৰিলে আৰু বুজি পালে যে তেওঁলোকে এজনে-আনজনৰ বাবে ভাল জীৱন সংগী হʼব নে নাই?

৪. ডেটিঙৰ বিষয়ে আমি সঠিক দৃষ্টিভংগী কিয় বজাই ৰখা উচিত?

আমি ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী কিয় বজাই ৰখা উচিত? কাৰণ লʼৰা বা ছোৱালীয়ে ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিলে, এনে এজন ব্যক্তিৰ লগত ডেটিং নকৰিব যাৰ লগত তেওঁৰ বিয়া পতাৰ কোনো উদ্দেশ্য নাই। এই বিষয়ে অবিবাহিত ভাই-ভনীৰ লগতে আমি সকলোৱে সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত। কিছুমান লোকে ভাবে যে যদি এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰি আছে, তেনেহʼলে তেওঁলোকে বিয়া পাতিবই লাগিব। এনেধৰণৰ চিন্তাধাৰা তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে? আমেৰিকাৰ এজনী অবিবাহিত ভনী মেলিচাই এইদৰে কৈছে, “ডেটিং কৰিলে বিয়া পাতিবই লাগিব বুলি কিছুমান ভাই-ভনীয়ে ভাবে। সেইবাবে, কিছুমান লʼৰা-ছোৱালীয়ে ডেটিং বন্ধ কৰিব বিচাৰে কিন্তু তেওঁলোকে লোকসকলৰ ভয়ত এইদৰে নকৰে। আন কিছুমানে ডেটিং কৰিবই নিবিচাৰে। এইবোৰৰ বিষয়ে ভাবি লʼৰা-ছোৱালীয়ে বহুত চিন্তিত হৈ পৰে।”

এজনে-আনজনক ভালদৰে জানিবলৈ চেষ্টা কৰক

৫-৬. ডেটিং কৰা লোকসকলে এজনে-আনজনৰ বিষয়ে কি জনাটো গুৰুত্বপূৰ্ণ? (১ পিতৰ ৩:৪)

আপুনি যদি কাৰোবাৰ লগত ডেটিং কৰি আছে, তেনেহʼলে বিয়া পাতিব নে নাপাতে, এয়া কেনেকৈ নিৰ্ণয় লʼব? তেওঁৰ বিষয়ে ভালদৰে জনাৰ যোগেদি। ডেটিং কৰাৰ আগতে আপুনি হয়তো তেওঁৰ বিষয়ে কিছুমান কথা জানিছিল। কিন্তু তেওঁৰ ‘আন্তৰিক মনুষ্যত্ব’ কেনেকুৱা, সেয়া ডেটিং কৰাৰ সময়ত জনাৰ আপোনাৰ ওচৰত ভাল সুযোগ আছে। যেনে, যিহোৱাৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা বা তেওঁৰ স্বভাৱ আৰু চিন্তাধাৰাৰ বিষয়েও আপুনি জানিব পাৰিব। (১ পিতৰ ৩:৪ পঢ়ক।) কিছু সময়ৰ পাছত আপুনি এনে কিছুমান প্ৰশ্নৰ উত্তৰ পাব, যেনে: ‘তেওঁ মোৰ বাবে ভাল জীৱন সংগী হʼব নে?’ (হিতো. ৩১:২৬, ২৭, ৩০; ইফি. ৫:৩৩; ১ তীম. ৫:৮) ‘আমি এজনে-আনজনৰ যত্ন লʼব পাৰিম নে আৰু আমি এজনে-আনজনৰ ভাৱনা বুজি পাম নে? এজনে-আনজনৰ দুৰ্বলতা সহ্য কৰিব পাৰিম নে?’ b (ৰোম. ৩:২৩) আপোনালোকৰ পচন্দ আৰু চিন্তাধাৰা কিমান মিল খাই কেৱল সেয়া নাচাব। কিন্তু এজনে-আনজনৰ পচন্দ আৰু চিন্তাধাৰাক আকোঁৱালী লʼবলৈ সাজু আছে নে নাই সেয়াও চাব।

আপুনি যাৰ লগত ডেটিং কৰি আছে, তেওঁৰ বিষয়ে কি কি কথা জনাটো গুৰুত্বপূৰ্ণ? তেওঁৰ প্ৰেমত পৰাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিব পাৰে। যেনে, তেওঁৰ লক্ষ্য কি? তেওঁ ভৱিষ্যতে কি কৰিব বিচাৰে? আপুনি হয়তো তেওঁৰ ব্যক্তিগত কথাৰ বিষয়েও জানিবলৈ বিচাৰে। যেনে, তেওঁৰ কিবা বেমাৰ আছে নে? তেওঁৰ পইচাৰ অভাৱতো নাই বা তেওঁৰ লগত অতীতত হোৱা এনে কিবা স্মৃতি আছে নে, যাৰ লগত তেওঁ এতিয়াও যুঁজি আছে? এইবোৰ কথা জনাটো গুৰুত্বপূৰ্ণ। কিন্তু ডেটিঙৰ আৰম্ভণিতে এইবোৰৰ বিষয়ে কথা পাতিবই লাগিব এনে নহয়। (যোহন ১৬:১২ পদৰ লগত তুলনা কৰক।) যদি তেওঁ আপোনাৰ বিষয়ে কিবা প্ৰশ্ন সোধে, যাৰ বিষয়ে আপুনি তেওঁক এতিয়া কʼব নিবিচাৰে, তেনেহʼলে কʼব পাৰে এই বিষয়ে আমি পিছলৈ কথা পাতিম, কিন্তু এই বিষয়ে তেওঁক কʼবলৈ নাপাহৰিব। কাৰণ বিয়াৰ আগতে এই বিষয়ে জনাটো হয়তো তেওঁৰ বাবে বহুত গুৰুত্বপূৰ্ণ।

৭. যিসকলে ডেটিং কৰি আছে, তেওঁলোকে এজনে-আনজনক কেনেকৈ জানিব পাৰে? (“ যদি আপোনালোকে এজনে-আনজনৰ পৰা দূৰত থাকে, তেনেহʼলে কেনেকৈ ডেটিং কৰিব?” নামৰ বক্সখনো চাওক।) (ছবিখনো চাওক।)

যদি আপুনি কাৰোবাৰ লগত ডেটিং কৰি আছে, তেনেহʼলে তেওঁ কেনেধৰণৰ ব্যক্তি হয়, এয়া আপুনি কেনেকৈ জানিব পাৰে? এজনে-আনজনৰ লগত খুলি কথা পাতক, প্ৰশ্ন সোধক আৰু মনোযোগেৰে শুনক। (হিতো. ২০:৫; যাকো. ১:১৯) বেছিকৈ কথা পতাৰ সুযোগ পোৱা কাম কৰক। যেনে, একেলগতে আহাৰ খাব পাৰে, ফুৰিবলৈ যাব পাৰে আৰু প্ৰচাৰ কৰিব পাৰে। এজনে-আনজনক আৰু ভালদৰে জানিবলৈ আপুনি বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ লগত একেলগে সময় কটাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে একেলগে মিলি এনে কিছুমান কাম কৰক, যাতে আপুনি জানিব পাৰে যে বেলেগ বেলেগ পৰিস্থিতিত তেওঁ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে। নেডাৰলেণ্ডৰ ভাই আশ্বিনৰ উদাহৰণলৈ মন কৰক। এলিছাৰ লগত ডেটিং কৰাৰ সময়ৰ বিষয়ে তেওঁ এইদৰে কৈছে, “আমি কিছুমান সৰু সৰু কাম কৰিছিলোঁ, যাতে এজনে-আনজনক ভালদৰে জানিব পাৰোঁ। যেনে, আমি একেলগে মিলি আহাৰ ৰান্ধিছিলোঁ, ঘৰৰ কাম কৰিছিলোঁ। এইদৰে কৰাৰ বাবে আমি এজনে-আনজনৰ ভাল গুণ আৰু দুৰ্বলতাবোৰৰ বিষয়ে জানিব পাৰিলোঁ।”

আপোনালোকে একেলগে মিলি এনে কিবা কৰিব পাৰে, যাতে এজনে-আনজনক ভালদৰে জানিব পাৰে আৰু কথা পাতিব পাৰে (অনুচ্ছেদ ৭-৮ চাওক)


৮. একেলগে মিলি অধ্যয়ন কৰিলে কি লাভ হʼব?

এজনে-আনজনক আৰু ভালদৰে জানিবলৈ আপোনালোকে একেলগে মিলি বাইবেলৰ কোনো এটা বিষয়ত অধ্যয়ন কৰিব পাৰে। যদি আপোনালোকে আগলৈ গৈ বিয়া পাতে, তেনেহʼলে পাৰিবাৰিক উপাসনা নিশ্চয় কৰিব যাতে যিহোৱাৰ লগত আপোনালোকৰ সম্পৰ্ক দৃঢ় হয়। (উপ. ৪:১২) একেলগে অধ্যয়ন কৰিবলৈ সময় উলিয়াব পাৰে। যদিও আপোনালোকৰ বিয়া হোৱা নাই বা ভাই মুৰব্বী হোৱা নাই, তথাপিও একেলগে মিলি অধ্যয়ন কৰিব পাৰে যাতে জানিব পাৰে যে আপোনালোকৰ যিহোৱাৰ লগত সম্পৰ্ক কেনেকুৱা আছে। এইদৰে কৰাৰ বাবে আমেৰিকাত থকা মেক্স আৰু লিছাৰ আৰু এটা লাভ হʼল। তাৰ বিষয়ে মেক্সে এইদৰে কৈছে, “যেতিয়া আমি ডেটিং আৰম্ভ কৰিলোঁ, তেতিয়া এনে প্ৰকাশনবোৰৰ বিষয়ে আলোচনা কৰিলোঁ, যʼত ডেটিং, বিয়া আৰু পাৰিবাৰিক জীৱনৰ বিষয়ে ভালদৰে জনোৱা হৈছিল। এইদৰে কৰাৰ যোগেদি আমি এনে বিষয়ৰ ওপৰত কথা পাতিব পাৰিলোঁ, যাৰ বিষয়ে কথা পাতিবলৈ আমাৰ বাবে কঠিন হʼলহেঁতেন।”

মন কৰিবলগীয়া আন কিছুমান কথা

৯. ডেটিঙৰ বিষয়ে কাক কʼব লাগে, ইয়াৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত এজন লʼৰা-ছোৱালীয়ে কি কি কথাৰ ওপৰত ধ্যান দিব পাৰে?

আপুনি ডেটিং কৰিছে বুলি কাক জনোৱা উচিত? সেয়া আপোনালোকে মিলি নিৰ্ণয় লʼব পাৰে। আৰম্ভণিতে কিছুমান লোকক এই বিষয়ে জনাব পাৰে। (হিতো. ১৭:২৭) যদি এইদৰে কৰে, তেনেহʼলে বহুতো লোকে আপোনালোকক প্ৰশ্ন নুসুধিব আৰু অতি সোনকালে নিৰ্ণয় লʼব লাগিব বুলি ভাবিও আপুনি চিন্তিত নহʼব। যদি আপুনি ডেটিঙৰ বিষয়ে কাকো নজনায়, তেনেহʼলে লোকসকলে গম পালে কি হʼব বুলি ভাবি আপুনি চিন্তিত হʼব পাৰে আৰু লুকাই লুকাই লগ কৰিব পাৰে, যি আপোনাৰ বাবে বিপদজনক হʼব। সেইবাবে, এই বিষয়ে এনে লোকসকলক জনাওক, যাৰ পৰা আপুনি ভাল পৰামৰ্শ পাব পাৰে আৰু সহায় লাভ কৰিব পাৰে। (হিতো. ১৫:২২) যেনে, পৰিয়ালৰ কিছুমান লোক, কিছুমান বন্ধু বা কিছুমান প্ৰাচীনক জনাব পাৰে।

১০. ডেটিং কৰাৰ সময়ত এজন লʼৰা আৰু ছোৱালীয়ে কেনেকৈ ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিব পাৰে? (হিতোপদেশ ২২:৩)

১০ ডেটিং কৰাৰ সময়ত আপুনি কেনেকৈ ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিব পাৰে? আপোনালোকে এজনে-আনজনক যিমানে ভালদৰে জানিব, সিমানে প্ৰেম কৰিবলৈ ধৰিব। এনে পৰিস্থিতিত ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিবলৈ আৰু আপোনাৰ পৰা যাতে কোনো ভুল নহয়, তালৈ কেনেকৈ মন কৰিব পাৰে? (১ কৰি. ৬:১৮) আপোনালোকে বেয়া কথা নাপাতিব, অকলশৰীয়াকৈ নাথাকিব আৰু বেছিকৈ মদ নাখাব। (ইফি. ৫:৩) যদি এইদৰে নকৰে, তেনেহʼলে আপোনাৰ মনত বেয়া ইচ্ছা জাগিব পাৰে আৰু ভাল আচাৰ-ব্যৱহাৰ বজাই ৰখাটো আপোনাৰ বাবে কঠিন হʼব পাৰে। নিজৰ আচাৰ-ব্যৱহাৰ শুদ্ধ বজাই ৰাখিবলৈ কি কি কথাৰ ওপৰত ধ্যান দিব লাগিব, তাৰ বিষয়ে আপোনালোকে মাজে-সময়ে আলোচনা কৰিব পাৰে। (হিতোপদেশ ২২:৩ পঢ়ক।) ইথিউপিয়াত থকা ভাই ডাৱিট আৰু তেওঁৰ পত্নী আল্মাই এই বিষয়ে কি কৈছে তালৈ মন কৰক। তেওঁলোকে এইদৰে কৈছে, “আমি কেতিয়াও অকলশৰীয়াকৈ থকা নাছিলোঁ, যাতে আমাৰ পৰা কোনো ভুল হৈ নাযায়। আমি যেতিয়া লগ কৰিছিলোঁ, তেতিয়া আমাৰ লগত বন্ধুসকল বা আন লোকসকল থাকিছিল। আমি কেতিয়াও অকলশৰীয়াকৈ যাত্ৰা কৰা নাছিলোঁ বা ঘৰতো কেতিয়াও অকলে থকা নাছিলোঁ।”

১১. নিজৰ প্ৰেম প্ৰকাশ কৰাৰ সময়ত লʼৰা-ছোৱালীয়ে কি কি কথা মনত ৰাখিব পাৰে?

১১ যদি আপোনালোকৰ কথা আগবাঢ়ি গৈছে, তেনেহʼলে আপুনি হয়তো কিছুমান উপায়েৰে প্ৰেম দেখুৱাব বিচাৰে। এটা সীমাত থাকি এইদৰে কৰাত কোনো ভুল নাই। (পৰ. ১:২; ২:৬) এইদৰে কৰিলে যদি আপোনালোকৰ অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাৰ ইচ্ছা জাগি উঠে, তেনেহʼলে আপুনি তেওঁৰ বিষয়ে হয়তো ভালদৰে ভাবিব নোৱাৰিব আৰু আবেগিক হৈ নিৰ্ণয় লৈ লʼব। আনকি আপোনালোকে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আৰু ভুল কাম কৰিব পাৰে। (হিতো. ৬:২৭) সেইবাবে, আৰম্ভণিতে বাইবেল সিদ্ধান্ত মনত ৰাখি আপোনালোকে কেনেকৈ প্ৰেম দেখুৱাব আৰু কি নকৰিব, তাৰ বিষয়ে নিৰ্ণয় লওক। c (১ থিচ. ৪:৩-৭) আপোনালোকে নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰে, ‘যদি মই এইদৰে প্ৰেম দেখুৱাওঁ, তেনেহʼলে মই যি ঠাইত থাকোঁ তাৰ লোকসকলে কি বুলি ভাবিব? এইদৰে কৰিলে দুয়োজনৰ মাজৰ কাৰোবাৰ অনৈতিক ইচ্ছা জাগিব নে?’

১২. যেতিয়া সমস্যা হয় বা লʼৰা-ছোৱালীয়ে এজনে-আনজনৰ লগত সন্মত নহয়, তেতিয়া তেওঁলোকে কি মনত ৰখা উচিত?

১২ যদি সমস্যা হয় বা কোনো এটা কথাত আপোনালোকে সন্মত নহয়, তেতিয়া কি কৰিব পাৰে? কেতিয়াবা যদি আপোনালোকে কোনো এটা কথাত সন্মত নহয়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে আপোনালোকে এজনে-আনজনৰ বাবে সঠিক জীৱন সংগী হʼব নোৱাৰে। কাৰণ এইদৰে সকলোৰে লগত হয়। আজি সমস্যা আহিলে আপুনি যিদৰে সমাধান কৰে, তাৰ পৰা জানিব পাৰি যে বিয়াৰ পাছত আপুনি কি কৰিব আৰু আপোনালোকৰ সম্পৰ্ক কেনেকুৱা হʼব। বিবাহিত দম্পতীৰ চিন্তাধাৰা বেলেগ বেলেগ হʼব পাৰে, তথাপি তেওঁলোকে যেতিয়া একেটা নিৰ্ণয়ত উপনীত হয়, তেতিয়া তেওঁলোকৰ সম্পৰ্ক মজবুত হয়। সেইবাবে, একেলগে মিলি ইয়াৰ বিষয়ে চিন্তা কৰক, ‘আমি শান্তিৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ নে আৰু এজনে-আনজনক সন্মান কৰোঁ নে? আমি নিজৰ দুৰ্বলতাবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰোঁ নে? আমি এজনে-আনজনৰ কথাত সন্মত হওঁ নে? ক্ষমা খোজোঁ নে বা ক্ষমা কৰোঁ নে?’ (ইফি. ৪:৩১, ৩২) কিন্তু আপোনালোকৰ মাজত যদি তৰ্ক হৈ থাকে আৰু আপোনালোকে এজনে-আনজনৰ কথাত সন্মত নহয়, তেনেহʼলে বিয়াৰ পাছত আপোনালোকৰ পৰিস্থিতি সলনি হʼব বুলি নাভাবিব। আপোনাৰ যদি অনুভৱ হয় যে আপুনি যাৰ লগত ডেটিং কৰি আছে, তেওঁ আপোনাৰ বাবে সঠিক সংগী হʼব নোৱাৰে, তেনেহʼলে ডেটিং ইয়াতে বন্ধ কৰাটো দুয়োজনৰ বাবে ভাল হʼব। d

১৩. কিমান সময়লৈকে ডেটিং কৰিব, এই নিৰ্ণয় লʼবলৈ লʼৰা-ছোৱালীয়ে কি কথাৰ ওপৰত ধ্যান দিব পাৰে?

১৩ আপুনি কিমান সময়লৈকে ডেটিং কৰা উচিত? খৰ-ধৰকৈ নিৰ্ণয় লʼলে প্ৰায়ে বেয়া পৰিণাম হয়। (হিতো. ২১:৫) সেইবাবে, যেতিয়ালৈকে এজনে-আনজনৰ বিষয়ে ভালদৰে নাজানে, তেতিয়ালৈকে ডেটিং কৰি থাকক। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি ডেটিং কৰিয়েই থাকিব আৰু কোনো নিৰ্ণয় নলয়। বাইবেলত লিখা আছে, “আশা-সিদ্ধিৰ পলম হৃদয়ৰ পীড়াজনক।” (হিতো. ১৩:১২) ইয়াৰ উপৰিও যদি বেছি সময়লৈকে ডেটিং কৰি থাকে, তেনেহʼলে যৌন ইচ্ছাক নিয়ন্ত্ৰণ কৰা কঠিন হʼব পাৰে। (১ কৰি. ৭:৯) আপুনি কিমান সময়লৈকে ডেটিং কৰা উচিত তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে নিজকে সোধক যে ‘মই বিয়া পাতিম নে নাপাতোঁ, এই নিৰ্ণয় লʼবলৈ মই তেওঁৰ বিষয়ে আৰু কি জনাৰ প্ৰয়োজন আছে।’

আন ভাই-ভনীসকলে কেনেকৈ সহায় কৰিব পাৰে?

১৪. ডেটিং কৰা ভাই বা ভনীক মণ্ডলীৰ ভাই-ভনীসকলে কেনেকৈ সহায় কৰিব পাৰে? (ছবিখনো চাওক।)

১৪ যদি আপুনি জানিব পাৰিছে যে কোনো ভাই বা ভনীয়ে ডেটিং কৰি আছে, তেনেহʼলে আপুনি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে? আপুনি তেওঁলোকক আহাৰৰ বাবে বা পাৰিবাৰিক উপাসনাত মাতিব পাৰে বা একেলগে মনোৰঞ্জন কৰিব পাৰে। (ৰোম. ১২:১৩) যদি এইদৰে কৰে, তেনেহʼলে তেওঁলোকে কথা পাতিব পাৰিব আৰু এজনে-আনজনক ভালদৰে জানিবলৈ সুযোগ পাব। ইয়াৰ উপৰিও যদি তেওঁলোকে কʼৰবালৈ ফুৰিবলৈ যাব বিচাৰে বা একেলগে গাড়ীত যাব বিচাৰে, তেনেহʼলে আপুনি তেওঁলোকৰ লগত যাব পাৰে অথবা তেওঁলোকে অকলে কথা পাতিব বিচাৰিলে, আপুনি তেওঁলোকক নিজৰ ঘৰলৈ মাতিব পাৰে। (গালা. ৬:১০) ওপৰত উল্লেখ কৰা এলিছাই কৈছে যে তেওঁ আৰু তেওঁৰ স্বামীক কি কথা বহুত ভাল লাগিল। তাই কৈছে, “কিছুমান ভাই-ভনীয়ে আমাক কৈছিল যে যদি তোমালোকক কিবা কথা পাতিবলগীয়া থাকে, তেনেহʼলে তোমালোকে আমাৰ ঘৰলৈ আহিব পাৰা। এয়া শুনি আমাক বহুত ভাল লাগিল।” যদি এজন লʼৰা বা ছোৱালীয়ে আপোনাক কয় যে তেওঁলোকে এজনে-আনজনৰ লগত কথা পাতিব বিচাৰে আৰু সেই সময়ত আপুনি তেওঁলোকৰ লগত থকাটো বিচাৰে, তেনেহʼলে চিন্তা কৰক যে এয়া তেওঁলোকক সহায় কৰাৰ এক ভাল সুযোগ হয়। সেই সময়ত তেওঁলোকে যাতে আপোনাৰ সন্মুখত তাকে, তাৰ প্ৰতি ধ্যান দিয়ক। কিন্তু তেওঁলোকক অকলে সময় অতিবাহিত কৰিবলৈ আৰু কথা পাতিবলৈও সুযোগ দিয়ক।—ফিলি. ২:৪.

যদি আমি গম পাওঁ যে এজন ভাই বা ভনীয়ে ডেটিং কৰি আছে, তেনেহʼলে আমি বেলেগ বেলেগ উপায়েৰে তেওঁলোকক সহায় কৰিব পাৰোঁ (অনুচ্ছেদ ১৪-১৫ চাওক)


১৫. যিসকলে ডেটিং কৰি আছে, ভাই-ভনীসকলে তেওঁলোকক আৰু কেনেকৈ সহায় কৰিব পাৰে? (হিতোপদেশ ১২:১৮)

১৫ ডেটিং কৰি থকা ভাই বা ভনীক আমি আৰু এটা উপায়েৰে সহায় কৰিব পাৰোঁ। আমি কিবা কোৱা বা কৰাৰ আগতে চিন্তা কৰিব পাৰোঁ। কেতিয়াবা আমি নিজৰ জিভাক নিয়ন্ত্ৰণ কৰিবলগীয়া হʼব পাৰে। (হিতোপদেশ ১২:১৮ পঢ়ক।) যেনে, যদি কোনো ভাই বা ভনীয়ে ডেটিং কৰিছে বুলি আমি জানিব পাৰোঁ আৰু ইয়াৰ বিষয়ে হয়তো আমাক আনক জনাবলৈ মন যাব পাৰে। কিন্তু যদি তেওঁলোকে নিজেই জনাব বিচাৰে, তেনেহʼলে আমি নিজকে নিয়ন্ত্ৰণ কৰা উচিত আৰু আনক কৈ ফুৰা উচিত নহয়। তেওঁলোকে যি কৰে তাত আমি খুঁত বিচাৰি থকা উচিত নহয়। (হিতো. ২০:১৯; ৰোম. ১৪:১০; ১ থিচ. ৪:১১) ইয়াৰ উপৰিও আমি এনেধৰণৰ কথা বা প্ৰশ্ন সোধা উচিত নহয়, যাৰ যোগেদি তেওঁলোকে হেঁচাৰ অনুভৱ কৰিব যে তেওঁলোকে বিয়া পাতিবই লাগিব। এলিছ আৰু তেওঁৰ স্বামীয়ে এইদৰে কৈছে, “কিছুমান ভাই-ভনীয়ে আমাক বিয়াৰ বিষয়ে প্ৰশ্ন সুধিছিল। এয়া শুনি আমাৰ বহুত দুখ লাগিল, কিয়নো তেতিয়ালৈকে আমি বিয়া পতাৰ নিৰ্ণয় লোৱা নাছিলোঁ।”

১৬. যদি কোনো ভাই বা ভনীয়ে ডেটিং কৰিবলৈ বন্ধ কৰি দিয়ে, তেনেহʼলে আমি কি কৰা উচিত নহয়?

১৬ যদি কোনো ভাই বা ভনীয়ে ডেটিং কৰিবলৈ বন্ধ কৰি দিয়ে, তেনেহʼলে তেওঁলোকে কিয় ডেটিং কৰিবলৈ বন্ধ কৰি দিলে সেয়া জানিবলৈ আমি চেষ্টা কৰা উচিত নহয় আৰু খুঁত বিচাৰি থকাও উচিত নহয়। (১ পিত. ৪:১৫) লিয়াই কৈছে যে “যেতিয়া এজন ভাইৰ লগত মই ডেটিং কৰিবলৈ বন্ধ কৰি দিলোঁ, তেতিয়া লোকসকলে অনুমান কৰি আমাৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, সেই সময়ত মোৰ বহুত দুখ লাগিল।” আগতে আমি আলোচনা কৰিছিলোঁ যে ডেটিং বন্ধ কৰাত কোনো ভুল নাই। ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ ডেটিং কৰাৰ উদ্দেশ্য পূৰ হʼল অৰ্থাৎ তেওঁলোকে ভালদৰে জানিব পাৰিলে যে তেওঁলোকে এজনে-আনজনৰ বাবে ভাল সংগী হʼব নে নাই। ডেটিং বন্ধ কৰিলে হয়তো তেওঁলোকক দুখ লাগিব আৰু অকলশৰীয়া অনুভৱ কৰিব পাৰে। সেইবাবে, আমি বেলেগ বেলেগ উপায়েৰে তেওঁলোকক সহায় কৰা উচিত।—হিতো. ১৭:১৭.

১৭. যিসকলে ডেটিং কৰি আছে, তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰা উচিত?

১৭ ডেটিং কৰাৰ সময়ত কিছুমান সমস্যা আহিব পাৰে। কিন্তু সেয়া আনন্দময় যাত্ৰাৰ দৰেও হয়। ভনী জেচিকাই কৈছে, “আমি ডেটিং কৰাৰ সময়ত বহু কিছু কৰিবলগীয়া হʼল। কিন্তু আমাৰ পৰিশ্ৰম ব্যৰ্থ নহʼল। আমি এজনে-আনজনক ভালদৰে জানিব পাৰিলোঁ।” যদি আপুনি ডেটিং কৰি আছে, তেনেহʼলে এজনে-আনজনক ভালদৰে জানিবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনি সঠিক নিৰ্ণয় লʼব পাৰিব আৰু আপোনালোক আনন্দত থাকিব পাৰিব।

গীত ৪৯ যিহোৱাৰ হৃদয় আনন্দিত কৰোঁ

a কিছুমান নাম সলনি কৰা হৈছে।

b আপুনি আৰু কি কি বিষয়ে চিন্তা কৰিব পাৰে, তাৰ বিষয়ে জানিবলৈ কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন—ব্যৱহাৰিক উত্তৰ ভাগ ২ (ইংৰাজী) পৃষ্ঠা ৩৯, ৪০ চাওক।

c অনৈতিক শাৰীৰিক সম্পৰ্ক ৰখাত যৌনাঙ্গবোৰত হাত বুলোৱাও জড়িত হৈ আছে, ইয়াৰ বাবে মণ্ডলীৰ প্ৰাচীনসকলে ন্যায়িক সমিতি বহোৱাৰ প্ৰয়োজন হয়। স্তনত হাত বুলোৱা বা মেচেজৰ জৰিয়তে বা ফোনত অনৈতিক কথা পাতিলেও ন্যায়িক সমিতি বহোৱাৰ প্ৰয়োজন হʼব পাৰে। কিন্তু পৰিস্থিতিক মনত ৰাখি এই নিৰ্ণয় লোৱা হয়।

d বেছিকৈ জানিবলৈ আগষ্ট ১৫, ১৯৯৯ চনৰ প্ৰহৰীদুৰ্গত (হিন্দী) দিয়া লেখ “পাঠকসকলৰ প্ৰশ্ন” পঢ়ক।