Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৪

‘তোমালোক খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা’

‘তোমালোক খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা’

“তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।”—১ পিত. ২:২১.

গীত ১৩ খ্ৰীষ্ট আমাৰ আৰ্হি

লেখৰ এক আভাস *

যীচুৰ খোজক অনুকৰণ কৰিবলৈ হʼলে আমি তেওঁৰ পিছে পিছে খোজকাঢ়িব লাগিব (অনুচ্ছেদ ১-২ চাওক)

১-২. যীচুৰ খোজক অনুকৰণ কৰিবলৈ আমি কি কৰা উচিত? উদাহৰণ দি বুজাওক।

কল্পনা কৰক আপুনি আৰু কিছুমান লোকে এক বিপদজনক এলেকাৰ মাজেৰে পাৰ হৈছে। এই এলেকা বৰফেৰে ঢাক খাই আছে। আপোনাৰ লগত এনে এজন পথ পদৰ্শক আছে, যিজনে ৰাস্তা ভালদৰে জানে। তেওঁ আপোনাৰ আগে আগে খোজ কাঢ়ি গৈছে আৰু আপুনি তেওঁৰ পিছে পিছে খোজ কাঢ়িছে। কিছুদূৰ যোৱাৰ পাছত আপুনি তেওঁক দেখি পোৱা নাই। কিন্তু আপুনি ভয়-ভীত হোৱা নাই, কিয়নো পথ পদৰ্শকজনে আগবাঢ়ি যাওঁতে তেওঁৰ ভৰিৰ চিন বৰফত থাকি গৈছে। আপুনি আৰু আপোনাৰ লগত যিসকল লোক আছে, তেওঁলোকে পথ পদৰ্শকজনৰ খোজৰ চিন চাই আগবাঢ়ি গৈছে।

সত্য খ্ৰীষ্টানসকলে আজি যি জগতত জীয়াই আছে, সেয়া বিপদজনক এলেকাৰ নিচিনা হয়। কিন্তু যিহোৱাই আমাক পথ দেখুৱাবলৈ সকলোতকৈ ভাল পথ পদৰ্শক দিছে। সেইজন হৈছে যীচু খ্ৰীষ্ট, যাৰ খোজক আমি অনুকৰণ কৰিব পাৰোঁ। (১ পিত. ২:২১) বাইবেলৰ ওপৰত মন্তব্য দিয়া এখন কিতাপে কয় যে পিতৰে ১ পিতৰ ২:২১ পদত যীচুক এজন পথ পদৰ্শকৰ লগত তুলনা কৰিছে। এজন পথ পদৰ্শকৰ দৰে যীচুৱেও আমাৰ বাবে নিজৰ ভৰিৰ খোজৰ চিন থৈ গৈছে, যাক আমি অনুকৰণ কৰা উচিত। এতিয়া আহক আমি এই তিনিটা প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ যীচুৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি? আমি তেওঁৰ খোজক কিয় অনুকৰণ কৰা উচিত আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

যীচুৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি?

৩. কোনো এজন ব্যক্তিৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি?

কোনো এজন ব্যক্তিৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি? বাইবেলৰ কিছুমান পদত যেতিয়া “চলাচল” বা ‘ভৰি’ শব্দটো উল্লেখ কৰা হয়, তেতিয়া তাৰ অৰ্থ হৈছে এজন ব্যক্তিৰ জীৱন প্ৰণালী। (আদি. ৬:৯; হিতো. ৪:২৬) এজন ব্যক্তিয়ে যিদৰে জীৱন-যাপন কৰে যদি আমি তেওঁৰ দৰে জীৱন-যাপন কৰোঁ, তেনেহʼলে আমি তেওঁৰ খোজক অনুকৰণ কৰাৰ দৰে হয়।

৪. যীচুৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি?

যীচুৰ খোজক অনুকৰণ কৰাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে যীচুৱে যি কৰিছিল, সেয়াই কৰা। এই লেখৰ মূখ্য পদত পাঁচনি পিতৰে কৈছে যে যীচুৱে দুখ-ভোগ কৰি আমাৰ বাবে এক উত্তম উদাহৰণ ৰাখিলে। কিন্তু ইয়াৰ উপৰিও যীচুৱে আৰু বহুতো ক্ষেত্ৰত আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। (১ পিত. ২:১৮-২৫) সঁচাকৈ যীচুৱে যি কৈছিল আৰু কৰিছিল, তাৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ।

৫. অসিদ্ধ লোকসকলে যীচুৰ খোজক অনুকৰণ কৰিব পাৰিবনে? বুজাওক।

আমি সকলোৱে অসিদ্ধ হয়, সেইবাবে আমি যীচুৰ খোজক অনুকৰণ কৰিব পাৰিমনে? নিশ্চয় পাৰিম। মনত পেলাওক পাঁচনি পিতৰে এয়া কোৱা নাছিল যে আমি যীচুৰ খোজক সম্পূৰ্ণৰূপে অনুকৰণ কৰিব পাৰিম। আমি অসিদ্ধ হোৱাৰ সত্ত্বেও যদি যিমান পাৰোঁ সিমান যীচুৰ খোজক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি পাঁচনি যোহনে কোৱা এই কথা পালন কৰাৰ দৰে হʼব “তেওঁ যেনে আচৰণ কৰিলে, তোৱোঁ তেনে আচৰণ কৰা উচিত।”—১ যোহ. ২:৬.

আমি কিয় যীচুৰ খোজক অনুকৰণ কৰা উচিত?

৬-৭. আমি যীচুৰ খোজক অনুকৰণ কৰিলে, যিহোৱাৰ কাষ চাপিব পাৰিম বুলি কিয় কʼব পাৰোঁ?

যীচুৰ খোজক অনুকৰণ কৰিলে আমি যিহোৱাৰ কাষ চাপিব পাৰিম। আমি এইদৰে কিয় কʼব পাৰোঁ? ইয়াৰ প্ৰথম কাৰণ হৈছে যীচুৱে যিদৰে জীৱন-যাপন কৰিছিল, তাৰপৰা যিহোৱা আনন্দিত হৈছিল। (যোহ. ৮:২৯) আমিও যীচুৰ দৰে জীৱন-যাপন কৰিলে যিহোৱা আনন্দিত হʼব। আমি বিশ্বাস কৰিব পাৰোঁ যে যেতিয়া আমি যিহোৱাৰ বন্ধু হʼবলৈ আৰু তেওঁৰ কাষ চাপিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেতিয়া তেৱোঁ আমাৰ কাষ চাপে।—যাকো. ৪:৮.

দ্বিতীয় কাৰণ হৈছে যীচুৱে তেওঁৰ পিতৃক অনুকৰণ কৰে। সেইবাবে, তেওঁ কৈছিল, “যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে।” (যোহ. ১৪:৯) আমিও যীচুৰ গুণক অনুকৰণ কৰা উচিত আৰু যীচুৱে আনৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, ঠিক সেইদৰে আমিও আনৰ লগত ব্যৱহাৰ কৰা উচিত। উদাহৰণস্বৰূপে, এজন কুষ্ঠৰোগীক দেখি তেওঁৰ মৰম উপজিছিল, এগৰাকী তিৰোতাই এটা ডাঙৰ বেমাৰত ভুগি থকা কষ্ট তেওঁ বুজি পাইছিল আৰু মৃত্যুত আপোনজনাক হেৰুৱা লোকসকলৰ লগত তেওঁ মৰমেৰে ব্যৱহাৰ কৰিছিল। যদি আমি এই ক্ষেত্ৰত যীচুৰ খোজক অনুকৰণ কৰোঁ, তেনেহʼলে আমি যিহোৱাক অনুকৰণ কৰাৰ দৰে হʼব। (মাৰ্ক ১:৪০, ৪১; ৫:২৫-৩৪; যোহ. ১১:৩৩-৩৫) আমি যিমানেই যিহোৱাক অনুকৰণ কৰিম, সিমানেই যিহোৱাৰ কাষ চাপিব পাৰিম।

৮. যীচুৰ খোজক অনুকৰণ কৰিলে আমি কেনেকৈ “জগতক জয়” কৰিব পাৰিম? বুজাওক।

যীচুৰ খোজক অনুকৰণ কৰিলে আমি এই দুষ্ট জগতৰ প্ৰলোভনৰপৰা আঁতৰি থাকিব পাৰিম আৰু যিহোৱাৰ সেৱা কৰি থাকিব পাৰিম। যীচুৱে এই জগতৰ প্ৰলোভনৰপৰা আঁতৰি থাকিব পাৰিলে। তেওঁ এই জগতৰ লোকসকলৰ ভাবধাৰা, লক্ষ্য আৰু আচাৰ-ব্যৱহাৰ গ্ৰহণ কৰা নাছিল। যিহোৱাৰ নাম আৰু শাসনক সমৰ্থন কৰিবলৈ যীচুক এই পৃথিৱীলৈ পঠিওৱা হৈছিল আৰু তেওঁ এই কথা কেতিয়াও পাহৰি যোৱা নাছিল। সেইবাবে, তেওঁ নিজৰ জীৱনৰ শেষ ৰাতিত এইদৰে কৈছিল, “ময়েই জগতক জয় কৰিলোঁ।” (যোহ. ১৬:৩৩) আজি জগতত এনে বহুতো বস্তু আছে, যাৰ যোগেদি আমাৰ ধ্যান বিচলিত হʼব পাৰে। যদি আমিও যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ সম্পূৰ্ণ ধ্যান দিওঁ, তেনেহʼলে আমি “জগতক জয়” কৰিব পাৰিম।—১ যোহ. ৫:৫.

৯. অনন্ত জীৱন লাভ কৰিবলৈ আমি কি কৰা উচিত?

যীচুৰ খোজক অনুকৰণ কৰিলে আমি অনন্ত জীৱন লাভ কৰিম। যেতিয়া এজন ডেকা ব্যক্তিয়ে সুধিছিল যে অনন্ত জীৱন লাভ কৰিবলৈ তেওঁ কি কৰা উচিত, তেতিয়া যীচুৱে কৈছিল, “আহাঁ, মোৰ পাছে পাছে চলাহি।” (মথি ১৯:১৬-২১) যীচুৱেই মচীহ হয় বুলি কিছুমান যিহূদীয়ে বিশ্বাস কৰা নাছিল। যীচুৱে তেওঁলোকক কৈছিল, “মোৰ মেৰবিলাকে . . . মোৰ পাছে পাছে আহে; আৰু মই সিবিলাকক অনন্ত জীৱন দিওঁ।” (যোহ. ১০:২৪-২৯) যেতিয়া মহাসভাৰ এজন সদস্য নীকদীমে যীচুৰ ওচৰত শিকিবলৈ আহিছিল, তেতিয়া যীচুৱে তেওঁক কৈছিল, ‘যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পাব।’ (যোহ. ৩:১৬) যদি আমিও অনন্ত জীৱন লাভ কৰিব বিচাৰোঁ, তেনেহʼলে আমি যীচুৰ ওপৰত বিশ্বাস কৰা উচিত। অৰ্থাৎ যীচুৰ শিক্ষাবোৰ আমি পালন কৰা উচিত আৰু তেওঁৰ খোজক অনুকৰণ কৰা উচিত।—মথি ৭:১৪.

আমি কেনেকৈ যীচুৰ খোজক অনুকৰণ কৰিব পাৰোঁ?

১০. যীচুৰ বিষয়ে ভালদৰে জানিবলৈ আমি কি কৰা উচিত? (যোহন ১৭:৩)

১০ যীচুৰ খোজক অনুকৰণ কৰিবলৈ হʼলে আমি তেওঁৰ বিষয়ে জনা উচিত। (যোহন ১৭:৩ পঢ়ক।) কিন্তু এবাৰতে আমি তেওঁৰ বিষয়ে শিকিব নোৱাৰোঁ। ইয়াৰ বাবে আমাক সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন। যীচুৰ কি কি গুণ আছে, তেওঁৰ চিন্তাধাৰা কি আৰু তেওঁৰ মানদণ্ড কি, তাৰ বিষয়ে আমি যিমানেই জানিবলৈ চেষ্টা কৰিম, সিমানেই আমি তেওঁক জানিব পাৰিম। যদিও আমি সত্যত বহুবছৰৰপৰা আছোঁ, তথাপি আমি যিহোৱা আৰু যীচুৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত।

১১. শুভবাৰ্তাৰ চাৰিখন কিতাপত কিহৰ বিষয়ে লিখা আছে?

১১ যীচুৰ বিষয়ে ভালদৰে জানিবলৈ যিহোৱাই শুভবাৰ্তাৰ চাৰিখন কিতাপ লিখাইছে। এই কিতাপ কেইখনত যীচুৰ জীৱন আৰু সেৱাকাৰ্য্যৰ বিষয়ে লিখা আছে। এই কিতাপ কেইখনৰপৰা জানিব পাৰি যে যীচুৱে কি কৈছিল, কি কৰিছিল, তেওঁ কেনেধৰণৰ ব্যক্তি আছিল আৰু তেওঁৰ কেনেধৰণৰ ভাৱনা আছিল। শুভবাৰ্তাৰ এই চাৰিখন কিতাপ পঢ়িলে আমি যীচুৰ ওপৰত ভালদৰে মনোযোগ দিব পাৰিম। (ইব্ৰী ১২:৩) আমি যিমানেই এই কিতাপ কেইখন অধ্যয়ন কৰিম, সিমানেই যীচুৰ বিষয়ে ভালদৰে জানিব পাৰিম আৰু তেওঁৰ খোজক অনুকৰণ কৰিব পাৰিম।

১২. শুভবাৰ্তাৰ কিতাপখনৰপৰা যীচুৰ বিষয়ে বেছিকৈ জানিবলৈ আমি কি কৰিব পাৰোঁ?

১২ যদি আমি শুভবাৰ্তাৰ কিতাপখনৰপৰা যীচুৰ বিষয়ে বেছিকৈ জানিব বিচাৰোঁ, তেনেহʼলে এই কিতাপ কেইখন ভালদৰে পঢ়াৰ লগতে অধ্যয়ন আৰু ধ্যান কৰিব লাগিব। (যিহোচূৱা ১:৮ পদৰ লগত তুলনা কৰক।) আমি শুভবাৰ্তাৰ কিতাপ কেইখনত পঢ়া কথাখিনি কেনেকৈ ধ্যান আৰু পালন কৰিব পাৰোঁ। আহক আমি ইয়াৰ দুটা পৰামৰ্শৰ ওপৰত লক্ষ্য কৰোঁ।

১৩. আপুনি ঘটনাবোৰ কেনেকৈ গভীৰভাৱে ধ্যান কৰিব পাৰে?

১৩ প্ৰথমে, ঘটনাবোৰ গভীৰভাৱে ধ্যান কৰক। আপুনি শুভবাৰ্তাৰ কিতাপখনত যিবোৰ ঘটনা পঢ়িছে, সেইবোৰ লক্ষ্য কৰক, শুনক আৰু অনুভৱ কৰক। সেইবোৰৰ বিষয়ে কল্পনা কৰক। ইয়াৰ বাবে সেই ঘটনাৰ আশে-পাশে দিয়া পদবোৰ পঢ়ক আৰু ইয়াত উল্লেখ থকা লোক আৰু ঠাইবোৰলৈ ধ্যান কৰক। আমাৰ আলোচনীবোৰতো ইয়াৰ বিষয়ে অনুসন্ধান কৰক। এই ঘটনাৰ বিষয়ে শুভবাৰ্তাৰ আন কিতাপ কেইখনৰ লগতো তুলনা কৰক। হয়তো এই কিতাপখনত উল্লেখ নথকা কিছুমান আকৰ্ষণীয় বিষয় শুভবাৰ্তাৰ আন কিতাপ কেইখনত বিতংভাৱে লিখা থাকিব পাৰে।

১৪-১৫. শুভবাৰ্তা কিতাপৰপৰা আমি যি শিকিলোঁ, সেয়া নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰোঁ?

১৪ দ্বিতীয়তে, যীচুৰ বিষয়ে আপুনি যি শিকিছে, সেয়া নিজৰ জীৱনত পালন কৰক। (যোহ. ১৩:১৭) আপুনি অধ্যয়ন আৰু ধ্যান কৰাৰ পাছত নিজকে এইদৰে সুধিব পাৰে, ‘শুভবাৰ্তাৰ কিতাপ কেইখনৰপৰা মই কি শিকিব পাৰোঁ, যিবোৰ মই নিজৰ জীৱনত পালন কৰা উচিত? এই কথাবোৰৰ যোগেদি মই আনক কেনেকৈ সহায় কৰিব পাৰোঁ?’ এনে এজন ব্যক্তিৰ বিষয়ে চিন্তা কৰক, যাক আপুনি সহায় কৰিব পাৰে। ইয়াৰ পাছত সঠিক সময় বিচাৰি ভাবি-চিন্তি আৰু মৰমেৰে তেওঁক এই বিষয়ে জনাওক।

১৫ এই দুটা পৰামৰ্শ আপুনি নিজৰ জীৱনত কেনেকৈ পালন কৰিব? আহক ইয়াৰ এটা উদাহৰণ চাওঁ। সেয়া হৈছে যীচুৱে মন্দিৰত লগ পোৱা এগৰাকী দুখীয়া বিধৱাৰ ঘটনা।

দুখীয়া বিধৱাৰ ঘটনা

১৬. কল্পনা কৰক আৰু কওক যে মাৰ্ক ১২:৪১ পদত কি হৈ আছে?

১৬ ঘটনাবোৰ গভীৰভাৱে ধ্যান কৰক। (মাৰ্ক ১২:৪১ পঢ়ক।) এয়া ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১১ তাৰিখ আৰু ইয়াৰ কিছুদিনৰ পাছত যীচুৰ মৃত্যু হʼব। তেওঁ গোটেই দিন ধৰি মন্দিৰত প্ৰচাৰ কৰিছে আৰু ধৰ্ম গুৰুসকলে আহি তেওঁৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰিছে। ইয়াৰ পাছত কিছুমান লোকে আহি নিজৰ কথাতে তেওঁক ফান্দত পেলাবলৈ প্ৰশ্ন কৰে। (মাৰ্ক ১১:২৭-৩৩; ১২:১৩-৩৪) ইয়াৰ পাছত যীচুৱে মহিলাৰ চোতাললৈ গৈছে, যʼত দান-পাত্ৰ ৰখা হয়। তাত তেওঁ বহিছে আৰু লোকসকলে দান দিয়া চাই আছে। তেওঁ লক্ষ্য কৰিলে যে ধনী লোকসকলে বহুত চিক্কা দান দিছে। হয়তো তেওঁ ওচৰতে বহি আছে, কিয়নো তেওঁ দান দিয়া চিক্কাৰ শব্দ শুনিবলৈ পাইছে।

১৭. মাৰ্ক ১২:৪২ পদত উল্লেখ কৰা দুখীয়া বিধৱাৰ বিষয়ে কওক।

১৭ মাৰ্ক ১২:৪২ পঢ়ক। কিছুসময়ৰ পাছত মন্দিৰত ‘দুখীয়া বাঁৰী’ আহিছিল। (লূক ২১:২) তাইৰ জীৱন দুখ-কষ্টৰে ভৰি আছিল। প্ৰয়োজনীয় বস্তু কিনিবলৈও তাইৰ ওচৰত পইচা নাই। যীচুৱে তাইক লক্ষ্য কৰিছে। তাই মনে মনে আহি দান-পাত্ৰত দুই পইচা সুমুৱাই দিছে। তাই দিয়া চিক্কাৰ কোনো শব্দ অহা নাই। কিন্তু তাই কিমান দান দিছে, তাৰ বিষয়ে যীচুৱে গম পাইছে। তাই দুই পাই সুমুৱাই দিছে, যাৰ মূল্য সেইসময়ত একেবাৰে কম আছিল। ইমানেই কম আছিল যে সেইসময়ত খাবলৈ এটি সস্তীয়া চৰায়ো কিনিব নোৱাৰে।

১৮. মাৰ্ক ১২:৪৩, ৪৪ পদৰ অনুসৰি যীচুৱে দুখীয়া বিধৱাৰ দানৰ বিষয়ে কি কʼলে?

১৮ মাৰ্ক ১২:৪৩, ৪৪ পঢ়ক। যীচুৱে সেই দুখীয়া বিধৱাৰ দানৰ বাবে অতি আনন্দিত হৈছে। তেওঁ নিজৰ শিষ্যসকলক মাতিছে আৰু এইদৰে কৈছে, “এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে। কিয়নো তেওঁবিলাক সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু তেওঁৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল, অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।” দান দিয়াৰ যোগেদি এই দুখীয়া বিধৱাই দেখুৱালে যে যিহোৱাই যত্ন লʼব বুলি তাইৰ সম্পূৰ্ণ ভৰসা আছে।—গীত. ২৬:৩.

যেতিয়া যিহোৱাৰ সেৱাত আনে পৰিশ্ৰম কৰে, তেতিয়া যীচুৰ দৰে তেওঁলোকৰ প্ৰশংসা কৰক (অনুচ্ছেদ ১৯-২০ চাওক) *

১৯. দুখীয়া বিধৱাৰপৰা আমি কি গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ?

১৯ যীচুৰ বিষয়ে আপুনি যি শিকিছে, সেয়া নিজৰ জীৱনত পালন কৰক। আপুনি নিজকে এইদৰে সোধক, “যীচুৱে দুখীয়া বিধৱাৰ বিষয়ে যি কʼলে, তাৰপৰা মই কি শিকিলোঁ?” সেই বিধৱাজনীৰ বিষয়ে চিন্তা কৰক, হয়তো তায়ো আনৰ নিচিনা বেছিকৈ দান দিব বিচাৰে। কিন্তু তাই নিজৰ পৰিস্থিতিৰ বাবে দিব নোৱাৰে, তথাপি তাই যিমান দিব পাৰিছিল, সিমান দিলে আৰু যীচুৱে জানিছিল যে যিহোৱা তাৰপৰা আনন্দিত হৈছে। ইয়াৰপৰা আমি এক গুৰুত্বপূৰ্ণ কথা শিকোঁ। যদি আমি নিজৰ পৰিস্থিতিৰ অনুসৰি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ সেৱা যিমান পাৰোঁ, সিমান কৰোঁ, তেনেহʼলে তেওঁ আনন্দিত হয়। (মথি ২২:৩৭; কল. ৩:২৩, ২৪) প্ৰচাৰ আৰু সভাৰ ক্ষেত্ৰতো যদি আমি যিমান পাৰোঁ, সিমান কৰোঁ, তেনেহʼলে যিহোৱা আনন্দিত হয়।

২০. আপুনি দুখীয়া বিধৱাৰপৰা যি শিকিলে, সেয়া নিজৰ জীৱনত কেনেকৈ পালন কৰিব পাৰে? এটা উদাহৰণ দি বুজাওক।

২০ দুখীয়া বিধৱাৰপৰা শিকা কথাৰ যোগেদি আপুনি আনক কেনেকৈ সহায় কৰিব পাৰে। আপুনি নিজৰ মণ্ডলীৰ ভাই-ভনীসকলৰ বিষয়ে চিন্তা কৰক। হয়তো আপুনি এনে এজন বৃদ্ধ ভনীৰ বিষয়ে জানে, যাৰ স্বাস্থ্য এতিয়া ভাল নাথাকে আৰু তাই আগৰ দৰে প্ৰচাৰ কৰিব নোৱাৰে। সেইবাবে, তাই অনুভৱ কৰে যে যিহোৱাই তাইৰ সেৱাকাৰ্য্যৰপৰা আনন্দিত নহয়। অথবা আপুনি এনে এজন ভাইৰ বিষয়ে জানে, যিজনে বহুদিনৰপৰা বেমাৰত ভুগি আছে আৰু নিয়মিতৰূপে সভালৈ যাব নোৱাৰে। সেইবাবে, কেতিয়াবা কেতিয়াবা তেওঁ নিৰাশ হৈ পৰে। আপুনি এনে ভাই-ভনীসকলক কেনেকৈ সহায় কৰিব পাৰে? আপুনি নিজৰ ‘ভাল কথাৰপৰা’ তেওঁলোকক উৎসাহিত কৰিব পাৰে। (ইফি. ৪:২৯) আপুনি দুখীয়া বিধৱাৰ বিষয়ে যি শিকিলে, তাৰ বিষয়ে কৈ তেওঁলোকক উৎসাহিত কৰিব পাৰে। আপুনি তেওঁলোকক ভৰসা দিব পাৰে যে তেওঁলোকে যিহোৱাৰ সেৱাত যি কৰিছে, তাৰপৰা যিহোৱা আনন্দিত হৈছে। (হিতো. ১৫:২৩; ১ থিচ. ৫:১১) যেতিয়া আপুনি তেওঁলোকৰ সেৱাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে, তেতিয়া আপুনি যীচুৰ খোজক অনুকৰণ কৰে।

২১. এতিয়াৰেপৰা আপুনি কি কৰিব?

২১ এয়া অতি আনন্দৰ বিষয় যে শুভবাৰ্তাৰ চাৰিখন কিতাপত যীচুৰ জীৱনৰ বিষয়ে বহুতো কথা উল্লেখ আছে। এই কিতাপ কেইখন পঢ়ি আমি যীচুৰ দৰে হʼব পাৰোঁ আৰু তেওঁৰ খোজক অনুকৰণ কৰিব পাৰোঁ। আমি এই কিতাপ কেইখন ব্যক্তিগত অধ্যয়ন আৰু পাৰিবাৰীক উপাসনাৰ সময়ত ভালদৰে অধ্যয়ন কৰিব পাৰোঁ। কিন্তু আমি যদি যীচুৰপৰা বেছিকৈ জানিব বিচাৰিছোঁ, তেনেহʼলে ঘটনাবোৰ গভীৰভাৱে ধ্যান কৰিব লাগিব আৰু আমি যি শিকিছোঁ, সেয়া নিজৰ জীৱনত পালন কৰিব লাগিব। এই লেখত আমি দেখিলোঁ যে যীচুৱে যি কৰিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ। পৰৰ্ৱতী লেখত আমি আলোচনা কৰিম যে যীচুৱে নিজৰ জীৱনৰ শেষমুহূৰ্তত যি কৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ।

গীত ১৫ যিহোৱাৰ প্ৰথম পুত্ৰৰ প্ৰশংসা কৰা!

^ অনু. 5 সত্য খ্ৰীষ্টানসকলে যীচুৰ খোজক অনুকৰণ কৰা উচিত। কিন্তু ইয়াৰ অৰ্থ কি? আমি কিয় যীচুৰ খোজক অনুকৰণ কৰা উচিত আৰু এয়া আমি কেনেকৈ কৰিব পাৰোঁ? এই লেখত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হʼব।

^ অনু. 60 ছবিৰ বিষয়ে: যীচুৱে দুখীয়া বিধৱাগৰাকীক যি কৈছিল, তাৰ ওপৰত এগৰাকী ভনীয়ে ধ্যান কৰিছে। ইয়াৰ পাছত তাই এগৰাকী বৃদ্ধ ভনীক কৈছে যে তাই যিহোৱাৰ সেৱাৰ বাবে যি কৰিছে, তাৰপৰা যিহোৱা আনন্দিত হৈছে।