Skip to content

Skip to table of contents

পাঠকসকলৰ প্ৰশ্ন

পাঠকসকলৰ প্ৰশ্ন

যীচুয়ে নিজৰ মৃত্যুৰ আগত এইদৰে কিয় কৈছিল, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা?”

যীচু নিৰাশ হৈ পৰিছিলনে অথবা তেওঁৰ বিশ্বাস দুৰ্বল হৈ পৰিছিল নেকি? নহয়। এনে কোৱাটো ভুল হʼব। মথি ২৭: ৪৬ পদত উল্লেখ থকা বাক্যশাৰী কৈ যীচুৱে গীতমালা ২২:১ পদত উল্লেখ কৰা ভৱিষ্যবাণীটো পূৰ কৰিছিল। (মাৰ্ক ১৫:৩৪) যীচুৱে কিয় মৃত্যু হʼব লাগিব, তাৰ বিষয়ে তেওঁ ভালদৰে জানিছিল আৰু তেওঁ মৃত্যু হʼবলৈও সাজু আছিল। (মথি ১৬:২১; ২০:২৮) যীচুৱে এয়াও জানিছিল যে তেওঁৰ মৃত্যুৰ সময়ত যিহোৱাই তেওঁৰ ৰক্ষা কৰিবলৈ “বেৰা” নিদিব। (ইয়ো. ১:১০) তেতিয়াহে যীচুৱে প্ৰমাণ কৰিব পাৰিব যে তেওঁ যিমানেই যাতনা ভুগি মৃত্যু নহওক কিয়, তেওঁ যিহোৱাৰ বিশ্বাসী হৈ থাকিব।—মাৰ্ক ১৪:৩৫, ৩৬.

যিহোৱাই তেওঁক এৰি দিছে বুলি যীচুৱে কিয় কৈছিল? আমি স্পষ্টৰূপে কʼব নোৱাৰোঁ যে তেওঁ এইদৰে কিয় কৈছিল, কিন্তু অনুমান কৰিব পাৰোঁ যে তেওঁ কি কি কাৰণত এইদৰে কৈছিল। *

এনে কোৱাৰ যোগেদি যীচুৱে হয়তো কৈছিল যে যিহোৱাই তেওঁক মৃত্যুৰপৰা ৰক্ষা নকৰিব। যিহোৱাৰ সহায়ৰ অবিহনে যীচুক মুক্তিপণ স্বৰূপ বলিদানৰ মূল্য পৰিশোধ কৰিবলগীয়া আছিল। তেওঁ এজন মানুহ আছিল আৰু পৃথিৱীৰ সকলো মানৱজাতিৰ বাবে তেওঁ ‘মৃত্যু’ হʼবলগীয়া আছিল।—ইব্ৰী ২:৯.

গীতমালাৰ এই বাক্য কৈ যীচুৱে হয়তো গোটেই গীতৰ ফালে শিষ্যসকলৰ ধ্যান আকৰ্ষিত কৰিছিল। প্ৰাচীন সময়ত যিহূদীসকলে গীতবোৰ মুখস্থ কৰিছিল। তেওঁলোকে গীতমালাৰ এটা পদ শুনিলে গীতমালাৰ গোটেই পদবোৰ তেওঁলোকৰ মনলৈ আহিছিল। হয়তো যীচুৱেও গীতমালা ২২ৰ কিছুমান বাক্য কৈ শিষ্যসকলক গীতমালাৰ গোটেই পদবোৰ মনত পেলাই দিবলৈ চেষ্টা কৰিছিল। কিয়নো সেই গীতমালাত ভৱিষ্যতবাণী কৰা হৈছিল যে যীচুৰ মৃত্যুৰ সময়ত কি কি হʼব। (গীত. ২২:৭, ৮, ১৫, ১৬, ১৮, ২৪) সেই গীতমালাৰ শেষৰ পদবোৰত যিহোৱাৰ প্ৰশংসা কৰা হৈছে আৰু তেওঁ গোটেই পৃথিৱীত শাসন কৰিব বুলি কোৱা হৈছে।—গীত. ২২:২৭-৩১.

গীতমালাৰ সেই বাক্য কৈ যীচুৱে হয়তো কৈছিল যে তেওঁ নিৰ্দোষী হয়। যীচুৰ মৃত্যুৰ আগতে তেওঁৰ ওপৰত আইনৰ বিৰুদ্ধে মোকৰ্দমা চলোৱা হৈছিল। তেওঁ ঈশ্বৰৰ নিন্দা কৰিছে বুলি তেওঁক দোষাৰূপ কৰা হৈছিল। (মথি ২৬:৬৫, ৬৬) মোকৰ্দমা খৰ-খেদাকৈ আৰু বহুত ৰাতিত কৰা হৈছিল। আইনত যিদৰে কোৱা হৈছিল, সেইদৰে নকৰি তাৰ বিৰুদ্ধেহে কৰা হৈছিল। (মথি ২৬:৫৯; মাৰ্ক ১৪:৫৬-৫৯) গতিকে তেওঁ যেতিয়া গীতমালা ২২:১ পদটো কৈছিল, তেতিয়া তেওঁ যেন এইদৰে কৈছিল, ‘হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা? মই একো ভুল কৰা নাই।’ হয়তো তেওঁ এইদৰে কোৱাৰ অৰ্থ আছিল যে তেওঁ নিৰ্দোষী হয়।

হয়তো যীচুৱে নিজৰ তুলনা গীতমালাৰ লেখক দায়ূদৰ লগত কৰিছিল। দায়ূদেও দুখ-কষ্টৰ সন্মুখীন হৈছিল, কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে যিহোৱাই তেওঁক ত্যাগ কৰিছিল। যেতিয়া দায়ূদে গীতমালাত লিখিছিল যে “হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা?” তেতিয়া ইয়াৰ অৰ্থ এয়া নাছিল যে ঈশ্বৰৰ ওপৰত দায়ূদৰ বিশ্বাস দুৰ্বল হৈ পৰিছিল। (গীত. ২২:২৩, ২৪, ২৭) দায়ূদে তাৰ আগৰ পদবোৰত কৈছিল যে যিহোৱাই তেওঁক ৰক্ষা কৰিব বুলি তেওঁৰ সম্পূৰ্ণ ভৰসা আছে। সঁচাকৈ যিহোৱাই তেওঁক ৰক্ষা কৰিলে আৰু আশীৰ্বাদ দিলে। ঠিক সেইদৰে, “দায়ূদৰ সন্তান” যীচু যদিও সেইসময়ত যাতনা স্তম্ভত দুখ ভোগ কৰিছিল, কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে যিহোৱাই তেওঁক ত্যাগ কৰিলে।—মথি ২১:৯.

হয়তো যীচুৱে নিজৰ দুখ প্ৰকাশ কৰিছিল যে যিহোৱাই বিচাৰিলেও তেওঁক ৰক্ষা কৰিব নোৱাৰে, কিয়নো যীচুৱে প্ৰমাণ কৰিবলগীয়া আছিল যে তেওঁ যিকোনো পৰিস্থিতিত যিহোৱাৰ কথা পালন কৰিব। যিহোৱাৰ পুত্ৰই যাতনা ভুগি মৃত্যু হোৱাটো তেওঁ আৰম্ভণিতে বিচৰা নাছিল। আদমে পাপ কৰাৰ বাবে এনে কৰাৰ প্ৰয়োজন হʼল। যীচুৱে কোনো ভুল কৰা নাছিল, তথাপি তেওঁ যাতনা ভুগি মৃত্যু হৈছিল, যাতে চয়তানে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিব পাৰে আৰু আদমে যি হেৰুৱাইছিল, তাক মুক্তিপণৰ মূল্যৰ যোগেদি ঘূৰাই পাব পাৰে। (মাৰ্ক ৮:৩১; ১ পিত. ২:২১-২৪) যদি যিহোৱাই খন্তেকৰ বাবে জীৱনত প্ৰথমবাৰ যীচুক সুৰক্ষা দিবলৈ এৰি দিয়ে, তেনেহʼলে এই ঘটনা হোৱাৰ সম্ভৱ আছিল।

হয়তো যীচুৱে নিজৰ শিষ্যসকলৰ ধ্যান এই কথাৰ ওপৰত আকৰ্ষিত কৰিছিল যে যিহোৱাই তেওঁক কিয় এইদৰে মৃত্যু হʼবলৈ দিলে। * যীচুৱে জানিছিল যে যেতিয়া এজন অপৰাধীৰ দৰে তেওঁৰ যাতনা স্তম্ভত মৃত্যু হʼব, তেতিয়া বহুতোলোকে উজুটি খাব। (১ কৰি. ১:২৩) কিন্তু যীচুৰ মৃত্যু এইদৰে কিয় হৈছিল যদি এই কথা তেওঁৰ শিষ্যসকলে মনত ৰাখে, তেনেহʼলে তেওঁলোকে যীচুক অপৰাধী হিচাপে স্বীকাৰ কৰাৰ পৰিৱৰ্তে উদ্ধাৰকৰ্তা স্বীকাৰ কৰিব।—গালা. ৩:১৩, ১৪.

যীচুৱে যিকোনো কাৰণত গীতমালাত লিখা বাক্যটো নকওক কিয়, কিন্তু তেওঁ এটা কথা ভালদৰে জানিছিল। তেওঁৰ এইদৰে মৃত্যু হোৱাটো যিহোৱাৰ ইচ্ছা আছিল। গীতমালাৰ এই বাক্য কোৱাৰ কিছুসময়ৰ পাছত যীচুৱে এইদৰে কৈছিল, “সিদ্ধ হল।” (যোহ. ১৯:৩০; লূক ২২:৩৭) হয়, যীচুক পৃথিৱীত যি কাম কৰিবলৈ পঠিওৱা হৈছিল, তেওঁ সেই সকলো কাম পূৰ কৰিলে। যিহোৱাই কিছুসময়ৰ বাবে তেওঁক সুৰক্ষা কৰিবলৈ এৰি দিয়াৰ বাবে তেওঁ এইদৰে কৰিব পাৰিলে। তেওঁ সেই সকলো ভৱিষ্যতবাণীও পূৰ কৰিব পাৰিলে, যি “মোচিৰ বিধানত, ভাববাদীসকলৰ পুস্তকত আৰু গীতমালাত” তেওঁৰ বিষয়ে লিখা হৈছিল।—লূক ২৪:৪৪.

^ অনু. 2 “যীচুৰ শেষ বাক্যৰপৰা শিকক” নামৰ লেখৰ অনুচ্ছেদ ৯ আৰু ১০ পঢ়ক।

^ অনু. 4 শিষ্যসকলৰ মনত চলি থকা এনে কিছুমান কথা আৰু প্ৰশ্ন যীচুৱে তেওঁলোকক সুধিছিল। এইবোৰ প্ৰশ্ন তেওঁৰ নিজৰ নাছিল। তেওঁ এনে প্ৰশ্ন সুধি জানিব বিচাৰিছিল যে ইয়াৰ বিষয়ে তেওঁৰ শিষ্যসকলে কি ভাবে।—মাৰ্ক ৭:২৪-২৭; যোহ. ৬:১-৫; অক্টোবৰ ১৫, ২০১০ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ৪-৫ পৃষ্ঠা পঢ়ক।