Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৭

যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে

যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে

“যিহোৱাই নিজ প্ৰজাবিলাকক প্ৰেম কৰে।”—২ বং. ২:১১.

গীত ১০৮ ঈশ্বৰৰ প্ৰকৃত প্ৰেম

লেখৰ এক আভাস *

আমাৰ পিতৃয়ে আমাৰ প্ৰতিজনকে “প্ৰেম কৰে” (অনুচ্ছেদ ১ চাওক)

১. যিহোৱাই আমাৰ কি গুণ চায়?

“যিহোৱাই নিজ প্ৰজাবিলাকক প্ৰেম কৰে।” (২ বং. ২:১১) এয়া জানি আমি কিমান আনন্দিত হওঁ। তেওঁ আমাৰ ভাল গুণবোৰ চায়। তেওঁ এয়া লক্ষ্য কৰে যে আমি আগলৈ গৈ এজন ভাল ব্যক্তি হʼব পাৰোঁ। সেইবাবে, তেওঁ আমাৰ লগত বন্ধুত্ব কৰে। যদি আমি তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ সদায় আমাৰ বন্ধু হৈ থাকিব।—যোহ. ৬:৪৪.

২. কিছুমান লোকে কিয় ভাবে যে যিহোৱাই তেওঁলোকক প্ৰেম নকৰে?

কিছুমান ভাই-ভনীয়ে হয়তো এইদৰে কয়, ‘মই জানোঁ যে যিহোৱাই নিজ লোকসকলক প্ৰেম কৰে। কিন্তু তেওঁ মোক প্ৰেম কৰে বুলি মই কেনেকৈ বিশ্বাস কৰিম?’ তেওঁলোকে এইদৰে কিয় ভাবে? হয়তো লʼৰালিকালত তেওঁলোকৰ লগত কিবা বেয়া ঘটনা ঘটিছিল, যাৰ বাবে তেওঁলোকে এইদৰে ভাবে। ভনী অলিনাৰ * উদাহৰণলৈ মন কৰক। তাই এইদৰে কৈছে, “মই বাপ্তিষ্মা লোৱাৰ সময়ত বহুত আনন্দিত আছিলোঁ। মই অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ। কিন্তু ১৫ বছৰৰ পাছত লʼৰালিকালৰ বেয়া স্মৃতিবোৰে মোক আমনি কৰিবলৈ ধৰিলে। মই ভাবিবলৈ ধৰিলোঁ যে যিহোৱাই মোক কেতিয়াও প্ৰেম নকৰিব।” এগৰাকী অগ্ৰগামী সেৱা কৰা ভনী য়ছিকাই এইদৰে কৈছে, “মই যিহোৱাক আনন্দিত কৰিবলৈ বিচাৰিছিলোঁ, সেইবাবে মই বাপ্তিষ্মা লʼলোঁ। কিন্তু মই মনতে ভাবিছিলোঁ যে যিহোৱাই মোক কেতিয়াও প্ৰেম নকৰিব।”

৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

ওপৰত উল্লেখ কৰা ভনীসকলৰ দৰে আপুনিও হয়তো ভাবিব পাৰে যে আপুনি সম্পূৰ্ণ হৃদয়েৰে যিহোৱাক প্ৰেম কৰে, কিন্তু যিহোৱাই আপোনাক প্ৰেম নকৰে। এই লেখত আমি এই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰিম: যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে বুলি আপুনি কিয় বিশ্বাস কৰিব পাৰে? তেওঁ আপোনাক প্ৰেম নকৰে বুলি যদি আপুনি ভাবে, তেনেহʼলে আপুনি কি কৰা উচিত?

যিহোৱাৰ প্ৰেমক সন্দেহ কৰাৰ বিপদ

৪. যিহোৱাই আমাক প্ৰেম নকৰে বুলি ভাবিলে কি বিপদ হʼব পাৰে?

যিহোৱাই আমাক প্ৰেম কৰে বুলি যদি আমি বিশ্বাস কৰোঁ, তেনেহʼলে সমস্যাৰ সত্ত্বেও আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰি থাকিম। কিন্তু যদি আমি ভাবোঁ যে যিহোৱাই আমাক প্ৰেম নকৰে, তেনেহʼলে আমি নিৰাশ হৈ পৰিম আৰু আমাৰ “বল কম” হʼব। (হিতো. ২৪:১০) যদি আমি নিৰাশ হওঁ, তেনেহʼলে আমি চয়তানৰ ফালৰপৰা অহা বিৰোধৰ সন্মুখীন হʼব নোৱাৰিম।—ইফি. ৬:১৬.

৫. কিছুমান ভাই-ভনীৰ কথাৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই আমাক প্ৰেম নকৰে বুলি ভবাটো বিপদজনক হয়?

আজি বহুতো ভাই-ভনীয়ে ভাবে যে যিহোৱাই তেওঁলোকক প্ৰেম নকৰে আৰু তেওঁলোকৰ যত্ন নলয়। সেইবাবে, তেওঁলোকৰ বিশ্বাস দুৰ্বল হৈ পৰে। জেম্ছ নামৰ ভাই এজন প্ৰাচীন হয়। তেওঁ এইদৰে কৈছে, “মই বেথেলত সেৱা কৰোঁ আৰু আন ভাষা কোৱা মণ্ডলীলৈ যাওঁ। মোক প্ৰচাৰ কৰি ভাল লাগে। তথাপি মই ভাবিবলৈ ধৰিলোঁ যে নাজানোঁ যিহোৱাই মোৰ সেৱাত আনন্দিত হৈছে নে নাই। এনে এক সময় আহি পৰিল যেতিয়া মই ভাবিলোঁ যে যিহোৱাই মোৰ প্ৰাৰ্থনা নাই শুনা।” পূৰ্ণ সময়ৰ সেৱা কৰা ভনী ইবাই এইদৰে কৈছে, “যিহোৱাই আমাক প্ৰেম নকৰে বুলি যেতিয়া আমি ভাবোঁ, তেতিয়া ইয়াৰ বেয়া প্ৰভাৱ পৰে। আমাক যিহোৱাৰ সেৱা কৰিবলৈ মন নাযায় আৰু আমাৰ আনন্দও নাইকিয়া হয়।” ভাই মাইকেল যি এজন প্ৰাচীন আৰু অগ্ৰগমী সেৱক হয়। তেওঁ এইদৰে কৈছে, “যিহোৱাই আমাক প্ৰেম কৰে বুলি যেতিয়া আমি বিশ্বাস নকৰোঁ, তেতিয়া আমি তেওঁৰপৰা আঁতৰি যাওঁ।”

৬. যিহোৱাই আপোনাক প্ৰেম নকৰে বুলি যদি আপুনি ভাবে, তেনেহʼলে আপুনি কি কৰা উচিত?

যিহোৱাই আপোনাক প্ৰেম নকৰে বুলি যেতিয়া আপুনি ভাবে, তেতিয়া আপুনি কি কৰা উচিত? এনেধৰণৰ ভাবনা মনৰপৰা লগে লগে উলিয়াই দিয়া উচিত। এনেধৰণৰ “কল্পনা” আপোনাৰ মনৰপৰা উলিয়াবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু ‘সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে আপোনালোকৰ হৃদয় আৰু মতিক পহৰা দিব।’ (গীত. ১৩৯:২৩; ফিলি. ৪:৬, ৭) মনত ৰাখক, এই যুদ্ধত আপুনি অকলশৰীয়া নহয়। আপোনাৰ দৰে আৰু বহুতো ভাই-ভনী আছে। প্ৰাচীন সময়ত যিহোৱাৰ বিশ্বাসী সেৱকসকলেও এনেধৰণৰ ভাবনাৰ বিৰুদ্ধে যুঁজিবলগীয়া হৈছিল। আহক পাঁচনি পৌলৰ উদাহৰণলৈ মন কৰোঁ।

পৌলৰপৰা আমি কি শিকিব পাৰোঁ?

৭. পৌলৰ কি কি সমস্যা আছিল?

আপোনাৰ বহুতো দায়িত্ব আছে নেকি আৰু আপুনি এই দায়িত্ব পূৰ কৰিব নোৱাৰিব বুলিও চিন্তিত হৈছে নেকি? পৌলৰ পৰিস্থিতিও ঠিক এইদৰেই আছিল। তেওঁ কেৱল এটা মণ্ডলীৰ বাবে নহয়, কিন্তু “সকলো মণ্ডলীৰ” বাবে চিন্তিত হৈছিল। (২ কৰি. ১১:২৩-২৮) আপুনি বহু সময়ৰপৰা বেমাৰত ভুগি আছে নেকি, যাৰ বাবে আপোনাৰ আনন্দ নাইকিয়া হৈছে? পৌলৰ ‘শৰীৰতো এটা কাঁইট’ আছিল। হয়তো তেওঁৰ স্বাস্থ্যৰ কিবা সমস্যা আছিল আৰু এয়া দূৰ হোৱাটো তেওঁ বিচাৰিছিল।(২ কৰি. ১২:৭-১০) আপুনি নিজৰ দুৰ্বলতাৰ বাবে নিৰাশ হয়নে? পৌলে নিজকে “দুৰ্ভগীয়া” বুলি ভাবিছিল, কিয়নো সঠিক কাম কৰিবলৈ তেওঁ সংঘৰ্ষ কৰিবলগীয়া হৈছিল।—ৰোম. ৭:২১-২৪.

৮. পৌলে নিজৰ সমস্যাৰ সত্ত্বেও কিয় যিহোৱাৰ সেৱা কিয় কৰিব পাৰিলে?

পৌলে সমস্যা আৰু চিন্তাৰ সত্ত্বেও যিহোৱাৰ সেৱা কৰি থাকিল। তেওঁ এইদৰে কিয় কৰিব পাৰিলে? কিয়নো যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। যীচুৱে প্ৰতিজ্ঞা কৰিছিল যে “তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব।” এই কথা পৌলে ভালদৰে জানিছিল। (যোহ. ৩:১৫; ৰোম. ৬:২৩) পৌলৰ বিশ্বাস আছিল যে ডাঙৰ ডাঙৰ ভুল কৰা লোকসকলে যদি অনুতাপ কৰে, তেনেহʼলে মুক্তিপণ স্বৰূপ বলিদানৰ আধাৰত যিহোৱাই তেওঁলোকক ক্ষমা কৰিব।—গীত. ৮৬:৫.

৯. গালাতীয়া ২:২০ পদত পৌলে যি লিখিছিল তাৰপৰা আমি কি শিকিব পাৰোঁ?

পৌলৰ বিশ্বাস আছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে। কিয়নো যিহোৱাই তেওঁৰ বাবে যীচুৰ মুক্তিপণ স্বৰূপ বলিদান দিলে। মন কৰক যে পৌলে কি কৈছিল, ঈশ্বৰৰ পুত্ৰই ‘মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে।’ (গালাতীয়া ২:২০ পঢ়ক।) পৌলে এইদৰে ভবা নাছিল, ‘যিহোৱাই আন ভাই-ভনীসকলক প্ৰেম কৰে, কিন্তু তেওঁ মোক কেতিয়াও প্ৰেম নকৰিব। কিয়নো আগতে মই বহুতো ভুল কৰিছিলোঁ।’ সেইবাবে, পৌলে ৰোমত থকা খ্ৰীষ্টানসকললৈ এইদৰে লিখিছিল, “যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে।” (ৰোম. ৫:৮) সঁচাকৈ যিহোৱাই নিজৰ সকলো সেৱকক প্ৰেম কৰে।

১০. ৰোমীয়া ৮:৩৮, ৩৯ পদৰপৰা আমি কি শিকিব পাৰোঁ?

১০ ৰোমীয়া ৮:৩৮, ৩৯ পঢ়ক। যিহোৱাৰ প্ৰেম ইমানেই গভীৰ যে কোনো বস্তুৱে আমাক তাৰপৰা “বিছিন্ন কৰিব নোৱাৰে।” এই কথাৰ ওপৰত পৌলৰ সম্পূৰ্ণ বিশ্বাস আছিল। পৌলে জানিছিল যে যিহোৱাই ইস্ৰায়েল জাতিৰ লগত ধৈৰ্য্যেৰে ব্যৱহাৰ কৰিছিল। যিহোৱাই পৌলৰ লগতো ধৈৰ্য্যেৰে ব্যৱহাৰ কৰিলে আৰু তেওঁক দয়া দেখুৱালে। আন কথাত কʼবলৈ গʼলে পৌলে এইদৰে কৈছিল, ‘যিহোৱাই মোৰ বাবে নিজৰ পুত্ৰক মৃত্যু হʼবলৈ দিলে। গতিকে যিহোৱাই মোক প্ৰেম কৰে বুলি বিশ্বাস কৰিবলৈ ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কি হʼব পাৰে।’—ৰোম. ৮:৩২.

এজন ব্যক্তিয়ে অতীতত যি ভুল কৰিছে সেয়া যিহোৱাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, কিন্তু এজন ব্যক্তিয়ে বৰ্তমানত কি কৰিছে আৰু ভৱিষ্যতে কি কৰিব সেয়া যিহোৱাৰ বাবে গুৰুত্বপূৰ্ণ (অনুচ্ছেদ ১১ চাওক) *

১১. (ক) প্ৰথম তীমথিয় ১:১২-১৫ পদৰ অনুসৰি পৌলে কি কি ভুল কৰিছিল? (খ) তথাপি যিহোৱাই তেওঁক প্ৰেম কৰে বুলি পৌলৰ কিয় বিশ্বাস আছিল?

১১ প্ৰথম তীমথিয় ১:১২-১৫ পঢ়ক। খ্ৰীষ্টান হোৱাৰ আগতে পৌলে যি কাম কৰিছিল, সেইবোৰ মনত পেলাই তেওঁ হয়তো দুখ কৰিছিল। তেওঁ বেলেগ বেলেগ ঠাইত গৈ খ্ৰীষ্টানসকলক জেলত বন্দী কৰিছিল। যেতিয়া কোনো খ্ৰীষ্টানক মৃত্যুদণ্ড দিয়াৰ কথা আলোচনা কৰা হৈছিল, তেতিয়া পৌলেও তাত সমৰ্থন কৰিছিল। (পাঁচ. ২৬:১০, ১১) সেইবাবে, তেওঁ নিজকে “পাপী লোকৰ মাজত ময়েই প্ৰধান” বুলি কৈছিল। কল্পনা কৰক সেইসময়ত পৌলক কেনেকুৱা লাগিছিল যেতিয়া তেওঁ এনে ডেকা খ্ৰীষ্টানক লগ পাইছিল, যাৰ পিতৃ-মাতৃক তেওঁৰ নিৰ্দেশনাত মৃত্যুদণ্ড দিয়া হৈছিল। পৌলে যি ভুল কৰিলে, তাৰ বাবে তেওঁ নিজকে দোষী অনুভৱ কৰিছিল। কিন্তু তেওঁ জানিছিল যে সেইবোৰ তেওঁ সলনি কৰিব নোৱাৰে। পৌলে এই কথা স্বীকাৰ কৰিছিল যে যীচুৱে তেওঁৰ পাপৰ বাবে নিজৰ জীৱন বলিদান দিলে। সেইবাবে তেওঁ সম্পূৰ্ণ বিশ্বাসেৰে এইদৰে কৈছিল, “মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ।” (১ কৰি. ১৫:৩, ১০) পৌলৰপৰা আপুনি কি শিকিব পাৰে? এই কথা স্বীকাৰ কৰক যে যীচুৱে আপোনাৰ বাবে নিজৰ জীৱন বলিদান দিলে। সেইবাবে, আপুনি যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছে। (পাঁচ. ৩:১৯) এজন ব্যক্তিয়ে সত্যত থকাৰ সময়ত বা সত্যত নথকাৰ সময়ত অতীতত যি ভুল কৰিছিল, সেয়া যিহোৱাৰ দৃষ্টিত গুৰুত্বপূৰ্ণ নহয়। কিন্তু এজন ব্যক্তিয়ে বৰ্তমান সময়ত কি কৰিছে আৰু ভৱিষ্যতে কি কৰিব, সেয়া যিহোৱাৰ বাবে গুৰুত্বপূৰ্ণ।—যিচ. ১:১৮.

১২. প্ৰথম যোহন ৩:১৯, ২০ পদত উল্লেখ থকা কোনটো কথা আমি মনত ৰখা উচিত?

১২ যেতিয়া আপুনি এই বিষয়ে চিন্তা কৰে যে যীচুৱে আপোনাৰ বাবে নিজৰ জীৱন বলিদান দিলে, তেতিয়া হয়তো আপুনি ভাবিব পাৰে যে, ‘মই এই প্ৰেমৰ যোগ্য নহয়।’ আপুনি এইদৰে কিয় ভাবিব পাৰে? কিয়নো আপুনি কাৰো প্ৰেমৰ যোগ্য নহয় বুলি আপোনাৰ হৃদয়ে আপোনাক অনুভৱ কৰাব পাৰে। (১ যোহন ৩:১৯, ২০ পঢ়ক।) কিন্তু মনত ৰাখক “ঈশ্বৰ আমাৰ হৃদয়তকৈয়ো মহান।” যিহোৱাই আপোনাক বহুত প্ৰেম কৰে আৰু আপোনাক ক্ষমা কৰিব বিচাৰে বুলি নিজৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰক। নিজৰ বিশ্বাস বঢ়াবলৈ প্ৰতিদিনে বাইবেল পঢ়ক, বাৰে বাৰে প্ৰাৰ্থনা কৰক আৰু ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰক। আহক চাওঁ এই সকলো কৰাৰ যোগেদি আপুনি কেনেকৈ সহায় লাভ কৰিব পাৰে।

বাইবেল অধ্যয়ন, প্ৰাৰ্থনা আৰু ভাই-ভনীসকলৰপৰা পোৱা সহায়

১৩. বাইবেল অধ্যয়নে আপোনাক কেনেকৈ সহায় কৰে? (“ বাইবেলৰপৰা তেওঁলোকে সহায় লাভ কৰিলে” নামৰ বক্স পঢ়ক।)

১৩ প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ক। আপুনি যিমানেই বাইবেলৰ অধ্যয়ন কৰিব, সিমানেই যিহোৱাৰ গুণৰ বিষয়ে শিকিব পাৰিব। আপুনি বুজিব পাৰিব যে তেওঁ আপোনাক কিমান প্ৰেম কৰে। অধ্যয়ন কৰাৰ পাছত ধ্যান কৰক। এনে কৰিলে আপুনি মনৰপৰা বেয়া ভাবনাবোৰ উলিয়াব পাৰিব। (২ তীম. ৩:১৬, ১৭) ভাই কেবিন এজন প্ৰাচীন হয়। তেওঁ নিজকে একেবাৰে অযোগ্য বুলি ভাবিছিল। তেওঁ এইদৰে কৈছে, “মই গীতমালা ১০৩ অধ্যয়ন কৰি তাৰ ওপৰত ধ্যান কৰিলোঁ। মই বুজি পালোঁ যে যিহোৱাই মোৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে আৰু মই নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিলোঁ।” ভনী ইবা যাৰ বিষয়ে প্ৰথমে উল্লেখ কৰা হৈছিল, তাই এইদৰে কৈছে, “যিহোৱাই মোৰ বিষয়ে কি চিন্তা কৰিছে, তাৰ বিষয়ে মই দিনটোৰ শেষত ধ্যান কৰোঁ। এইদৰে কৰিলে মই মনৰ শান্তি লাভ কৰোঁ আৰু যিহোৱাৰ ওপৰত মোৰ বিশ্বাস আৰু বাঢ়ে।”

১৪. প্ৰাৰ্থনা কৰিলে কি হয়?

১৪ বাৰে বাৰে প্ৰাৰ্থনা কৰক। (১ থিচ. ৫:১৭) কাৰোবাৰ লগত বন্ধুত্ব কৰিবলৈ হʼলে আমি প্ৰায়ে তেওঁৰ লগত কথা পাতোঁ আৰু তেওঁক নিজৰ মনৰ কথা জনাওঁ। যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্বও ঠিক এইদৰেই হয়। যেতিয়া আপুনি তেওঁক নিজৰ চিন্তা, ভাবনা আৰু মনৰ সকলো কথা জনাই, তেতিয়া ইয়াৰপৰা বুজিব পাৰি যে আপুনি তেওঁৰ ওপৰত ভৰসা কৰে আৰু তেওঁ আপোনাক প্ৰেম কৰে বুলি আপোনাৰ বিশ্বাস আছে। (গীত. ৯৪:১৭-১৯; ১ যোহ. ৫:১৪, ১৫) ভনী য়ছিকা, যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে, তাই এইদৰে কৈছে, “যেতিয়া মই যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া গোটেই দিনটোত মোৰ লগত কি কি হʼল কেৱল তাৰ বিষয়ে নজনাওঁ। ইয়াৰ পৰিৱৰ্তে মই মোৰ মনৰ সকলো কথা তেওঁক জনাওঁ। যেনে, মই কি চিন্তা কৰিছোঁ, কেনে অনুভৱ কৰিছোঁ। লাহে লাহে মই বুজিব পাৰিলোঁ যে যিহোৱা কোনো কোম্পানীৰ মালিক নহয়, যিজনক মই গোটেই দিনৰ ৰিপৰ্ট দিয়াৰ প্ৰয়োজন। ইয়াৰ পৰিৱৰ্তে তেওঁ এজন পিতৃৰ দৰে হয়, যিজনে নিজৰ লʼৰা-ছোৱালীক বহুত প্ৰেম কৰে।”—“ আপুনি এয়া পঢ়িছেনে?” নামৰ বক্স পঢ়ক।

১৫. যিহোৱাই আপোনাৰ যত্ন লয় বুলি কেনেকৈ জানিব পাৰি?

১৫ বিশ্বাসী বন্ধুসকলৰ লগত সময় অতিবাহিত কৰক। যিহোৱাই মণ্ডলীত এনে বহুতো ভাই-ভনী দিছে, যিসকলে আপোনাক “সকলো সময়তে ভাল পায়।” (হিতো. ১৭:১৭) তেওঁলোক সঁচাকৈ যিহোৱাৰ ফালৰপৰা দিয়া উপহাৰ হয়। (যাকো. ১:১৭) ইয়াৰপৰা জানিব পাৰি যে যিহোৱাই আপোনাৰ যত্ন লয়। কলচীয়া নামৰ চিঠিখনত পৌলে এনে কিছুমান খ্ৰীষ্টানৰ বিষয়ে উল্লেখ কৰিছিল, যিসকলৰপৰা তেওঁ ‘শান্তি’ লাভ কৰিছিল। (কল. ৪:১০, ১১) যীচুকো নিজৰ বন্ধুসকলৰ প্ৰয়োজন আছিল। যেতিয়া শিষ্যসকলে আৰু স্বৰ্গদূতসকলে তেওঁক সহায় কৰিছিল, তেতিয়া যীচু তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আছিল।—লূক ২২:২৮, ৪৩.

১৬. যিহোৱাৰ কাষ চাপিবলৈ বন্ধুসকলে আমাক কেনেকৈ সহায় কৰে?

১৬ আপোনালোকে নিজৰ বন্ধুৰ সহায় লয়নে? কোনো বন্ধুক নিজৰ চিন্তা আৰু সমস্যাৰ বিষয়ে কোৱাৰ অৰ্থ এয়া নহয় যে আপোনাৰ বিশ্বাস দুৰ্বল আছে। প্ৰকৃততে তেওঁলোকৰ লগত কথা পাতিলে আপোনাৰ বিশ্বাসৰ সুৰক্ষা হʼব। ভাই জেম্ছ যাৰ বিষয়ে ওপৰত উল্লেখ কৰা হৈছে, তেওঁ এইদৰে কৈছে, “ভাল বন্ধুৰপৰা মই বহুতো সহায় লাভ কৰিছোঁ। আজিও যেতিয়া মোক লাগে যে মই কাৰো প্ৰেমৰ যোগ্য নহয়, তেতিয়া তেওঁলোকে মোৰ কথা মনোযোগেৰে শুনে আৰু তেওঁলোকে মোক প্ৰেম কৰে বুলি বিশ্বাস দিয়ে। তেওঁলোকৰ প্ৰেম দেখি মই বুজিব পাৰোঁ যে যিহোৱাই মোক কিমান প্ৰেম কৰে।” সঁচাকৈ মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰাৰ কিমান প্ৰয়োজন।

ঈশ্বৰৰ প্ৰেমত থাকক

১৭-১৮. আপুনি কাৰ কথা শুনা উচিত আৰু কিয়?

১৭ আপুনি হাৰ মানি লোৱাটো চয়তানে বিচাৰে। আপুনি ভাল ব্যক্তি নহয়, যিহোৱাই আপোনাক প্ৰেম নকৰে আৰু যিহোৱাই আপোনাক কেতিয়াও ৰক্ষা নকৰিব বুলি চয়তানে আপোনাৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰে। কিন্তু আমি এই লেখত আলোচনা কৰিলোঁ যে এয়া সঁচা নহয়।

১৮ যিহোৱাৰ দৃষ্টিত আপুনি অতি মূল্যৱান। যদি আপুনি তেওঁৰ কথা শুনিব, তেনেহʼলে যীচুৰে দৰে আপুনিও “তেওঁৰ প্ৰেমত” থাকিব। (যোহ. ১৫:১০) চয়তান আৰু নিজৰ মনৰ কথা নুশুনিব, যিয়ে আপোনাৰ বিশ্বাস জন্মাবলৈ চেষ্টা কৰে যে আপুনি এজন ভাল ব্যক্তি নহয়। কেৱল যিহোৱাৰ কথা শুনক, যিজনে আপোনাৰ ভাল গুণবোৰ চায়। বিশ্বাস কৰক যে “যিহোৱাই নিজ প্ৰজাবিলাকক প্ৰেম কৰে” আৰু তেওঁ আপোনাকো প্ৰেম কৰে।

গীত ১৪১ জীৱনৰ আচৰিত কৰ্ম

^ অনু. 5 কিছুমান ভাই-ভনীয়ে ভাবে যে যিহোৱাই তেওঁলোকক কেতিয়াও প্ৰেম নকৰিব। এই লেখত আমি আলোচনা কৰিম যে যিহোৱাই প্ৰতিজন ব্যক্তিকে প্ৰেম কৰে বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ। আমি এয়াও শিকিম যে যিহোৱাই আমাক প্ৰেম নকৰে বুলি যদি আমি ভাবোঁ, তেনেহʼলে আমি কি কৰা উচিত।

^ অনু. 2 কিছুমান নাম সলনি কৰা হৈছে।

^ অনু. 67 ছবিৰ বিষয়ে: সত্য শিকাৰ আগতে পৌলে বহুতো খ্ৰীষ্টানক জেলত বন্দী কৰিছিল। কিন্তু যেতিয়া তেওঁ এই কথা স্বীকাৰ কৰিলে যে যীচুৱে তেওঁৰ বাবে নিজৰ জীৱন বলিদান দিলে, তেতিয়া তেওঁ নিজকে সলনি কৰিলে। তেওঁ এনে ভাই-ভনীসকলকো উৎসাহিত কৰিলে, যাৰ পৰিয়ালৰ সম্বন্ধীয় লোকসকলক তেওঁ তাড়না দিছিল।