Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১৬

যীচুৰ বলিদানৰ প্ৰতি সদায় কৃতজ্ঞ হওক

যীচুৰ বলিদানৰ প্ৰতি সদায় কৃতজ্ঞ হওক

“মানুহৰ পুত্ৰ . . . অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।”—মাৰ্ক ১০:৪৫.

গীত ১৮ মুক্তিপণৰ প্ৰতি কৃতজ্ঞ

লেখৰ এক আভাস *

১-২. (ক) মুক্তিপণৰ অৰ্থ কি? (খ) যীচুৱে মুক্তিপণ স্বৰূপ বলিদান কিয় দিব লগা হৈছিল?

আদম সিদ্ধ আছিল। কিন্তু তেওঁ যেতিয়া পাপ কৰিলে, তেতিয়া আদমৰ লগতে তেওঁৰ সন্তানসকলেও অনন্ত জীৱন হেৰুৱালে। আদমে জানি-শুনি পাপ কৰাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ লʼৰা-ছোৱালীয়ে কোনো ভুল কৰা নাছিল। (ৰোম. ৫:১২, ১৪) আদমৰ লʼৰা-ছোৱালীক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰিব পৰা গʼলহেঁতেননে? নিশ্চয়। আদমৰ লʼৰা-ছোৱালীক পাপ আৰু মৃত্যুৰপৰা যিহোৱাই কেনেকৈ উদ্ধাৰ কৰিব, তাৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰিছে। (আদি. ৩:১৫) সঠিক সমসয়ত যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰক ‘অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ’ পৃথিৱীলৈ পঠিয়ালে।—মাৰ্ক ১০:৪৫; যোহ. ৬:৫২.

মুক্তিপণৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে আদমে যি হেৰুৱাইছিল, তাক ঘূৰাই পাবলৈ যীচুৱে নিজৰ জীৱন বলিদান দি তাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত এই মূল্যক মুক্তিপণ বুলি কোৱা হৈছে। (১ কৰি. ১৫:২২) কিন্তু যীচুৱে কিয় এই মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল? কিয়নো যিহোৱাই মোচীক দিয়া নিয়মৰ অনুসৰি প্ৰাণৰ সলনি প্ৰাণ দিয়াৰ প্ৰয়োজন আছিল। (যাত্ৰা. ২১:২৩, ২৪) আদমে সিদ্ধ জীৱন হেৰুৱাইছিল। সেইবাবে, যিহোৱাৰ নিয়মৰ অনুসৰি যীচুৱে নিজৰ সিদ্ধ জীৱন বলিদান দিলে। (ৰোম. ৫:১৭) এইদৰে যীচুৱে তেওঁৰ মুক্তিপণ স্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ “অনন্তকালস্থায়ী পিতৃ” হʼল।—যিচ. ৯:৬; ৰোম. ৩:২৩, ২৪.

৩. যোহন ১৪:৩১ আৰু ১৫:১৩ পদৰ অনুসৰি যীচুৱে নিজৰ জীৱন কিয় বলিদান দিছিল?

যীচুৱে নিজৰ পিতৃ আৰু আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ নিজৰ জীৱন বলিদান দিছিল। (যোহন ১৪:৩১; ১৫:১৩ পঢ়ক।) এই প্ৰেমৰ বাবে যীচুৱে মৃত্যুৰ আগমুহূৰ্তলৈকে যিহোৱাৰ ইচ্ছা পূৰ কৰিলে আৰু তেওঁৰ বিশ্বাসী হৈ থাকিল। যীচুৰ বলিদানৰ বাবেহে পৃথিৱী আৰু মানৱজাতিৰ বাবে যিহোৱাৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ হʼব। এই লেখত আমি শিকিম যে যিহোৱাই যীচুক কিয় যাতনা ভুগি মৃত্যু হʼবলৈ দিছিল। আমি বাইবেলৰ এজন লেখকৰ বিষয়েও শিকিম, যিজন মুক্তিপণৰ প্ৰতি অতি কৃতজ্ঞ আছিল। আমি এয়াও শিকিম যে মুক্তিপণৰ প্ৰতি আমি কৃতজ্ঞ আছোঁ বুলি কি কি উপায়েৰে দেখুৱাব পাৰোঁ? যিহোৱা আৰু যীচুৱে আমাৰ বাবে যি কৰিলে, তাৰ প্ৰতি আমি কেনেকৈ মূল্যাংকন কৰিব পাৰোঁ?

যীচুৱে যাতনা ভুগি কিয় মৃত্যু হʼবলগীয়া হৈছিল?

চিন্তা কৰক, যীচুৱে আমাৰ বাবে কিমান সহ্য কৰিলে! (৪ অনুচ্ছেদ চাওক)

৪. যীচুৰ মৃত্যু কেনেকৈ হৈছিল? বৰ্ণনা কৰক।

কল্পনা কৰক যীচুৰ জীৱনৰ শেষ দিনাখন তেওঁৰ লগত কি কি হৈছিল। তেওঁ বিচৰা হʼলে নিজকে ৰক্ষা কৰিবলৈ বহুতো স্বৰ্গদূতক মাতিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এইদৰে নকৰিলে। ইয়াৰ পৰিৰ্ৱতে তেওঁ নিজকে ৰোমান সৈনিকসকলৰ হাতত দি দিলে আৰু তেওঁলোকে যীচুক নিষ্ঠুৰভাৱে মাৰ-পিট কৰিলে। (মথি ২৬:৫২-৫৪; যোহ. ১৮:৩; ১৯:১) তেওঁলোকে যীচুক ইমানেই কোবাইছিল যে তেওঁৰ পিঠিৰ ছাল এৰি গৈছিল। ইমান আঘাত পোৱাৰ সত্ত্বেও তেওঁলোকে যীচুক নিজৰ যাতনাৰ কাঠ উঠাবলৈ কৈছিল। কিছু সময়ৰ পাছত যেতিয়া যীচুৱে নিজৰ যাতনাৰ কাঠ উঠাব পৰা নাছিল, তেতিয়া ৰোমান সৈনিকসকলে এজন ব্যক্তিক যীচুৰ যাতনাৰ কাঠ উঠাবলৈ কৈছিল। (মথি ২৭:৩২) যীচুক মৃত্যুদণ্ড দিয়া ঠাইখনত যেতিয়া তেওঁলোকে পালে, তেতিয়া সৈনিকসকলে সেই কাঠতেই যীচুৰ হাত আৰু ভৰিত গজাল মাৰিলে। যীচুৰ শৰীৰৰ ওজন তেওঁৰ হাত আৰু ভৰিত পৰিবলৈ ধৰিলে, যাৰ বাবে তেওঁ আৰু বিষ সহ্য কৰিবলগীয়া হৈছিল। এয়া দেখি যীচুৰ বন্ধুসকলক বৰ দুখ লাগিছিল। যীচুৰ মাতৃয়ে কান্দি আছিল। কিন্তু যিহূদী শাসকসকলে তেওঁৰ ঠাট্টা কৰিছিল। (লূক ২৩:৩২-৩৮; যোহ. ১৯:২৫) কিছু ঘন্টাৰ পাছত উশাহ লোৱাটো তেওঁৰ বাবে আৰু কঠিন হৈ পৰিছিল। যীচুৱে জানিছিল যে তেওঁ যিহোৱাৰ বিশ্বাসী হৈ আছে, সেইবাবে মৃত্যুৰ আগমুহূৰ্তত তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু মূৰ দোঁৱাই নিজৰ প্ৰাণ ত্যাগ কৰিলে। (মাৰ্ক ১৫:৩৭; লূক ২৩:৪৬; যোহ. ১০:১৭, ১৮; ১৯:৩০) সঁচাকৈ যীচুৱে কিমান দুখ-কষ্ট আৰু অপমান সহ্য কৰিলে।

৫. যীচুক কি কথাৰ বাবে বেছি দুখ লাগিছিল?

যীচুক কেনেদৰে মৃত্যুদণ্ড দিয়া হʼব, তাৰ বিষয়ে চিন্তা কৰি তেওঁ দুখ কৰা নাছিল। ইয়াৰ পৰিৰ্ৱতে তেওঁৰ ওপৰত কি দোষাৰূপ কৰা হʼব, তাৰ বিষয়ে চিন্তা কৰিহে তেওঁ দুখ কৰিছিল। যীচুৱে ভালদৰে জানিছিল যে ঈশ্বৰ বা তেওঁৰ নাম নিন্দা কৰিছে বুলি তেওঁক দোষাৰূপ কৰা হʼব। (মথি ২৬:৬৪-৬৬) এই কথাৰপৰা তেওঁ ইমানেই আঘাত পাইছিল যে তেওঁ নিজৰ পিতৃক মিনতি কৰিছিল যাতে এই দোষাৰূপৰ বাবে তেওঁৰ মৃত্যু নহয়। (মথি ২৬:৩৮, ৩৯, ৪২) কিন্তু যিহোৱাই নিজৰ প্ৰিয় পুত্ৰক কিয় যাতনা ভুগি মৃত্যু হʼবলৈ দিলে? আহক ইয়াৰ তিনিটা কাৰণলৈ মন কৰোঁ।

৬. যীচুক যাতনা স্তম্ভত কিয় আঁৰি দিয়া হৈছিল?

প্ৰথম কাৰণ, যিহূদীসকলে অভিশাপৰপৰা মুক্ত হʼবলৈ যীচুৱে নিজৰ জীৱন বলিদান দিছিল। (গালা. ৩:১০, ১৪) যিহূদীসকলৰ ওপৰত এই অভিশাপ কেনেকৈ পৰিল? তেওঁলোকে প্ৰতিজ্ঞা কৰিছিল যে তেওঁলোকে যিহোৱাৰ সকলো আজ্ঞা পালন কৰিব। কিন্তু তেওঁলোকে এইদৰে নকৰিলে। আদমৰ সন্তান হিচাপে তেওঁলোকৰ ওপৰত আগৰেপৰা এটা অভিশাপ আছিল, কিন্তু এতিয়া তেওঁলোকৰ ওপৰত আৰু এটা অভিশাপ পৰিল। সেইবাবে, যিহূদীসকল মৃত্যুৰ যোগ্য আছিল। (ৰোম. ৫:১২) ঈশ্বৰে ইস্ৰায়েলীসকলক দিয়া নিয়মৰ অনুসৰি যদি কোনো ব্যক্তি মৃত্যুৰ যোগ্য হয়, তেনেহʼলে তেওঁক মৃত্যুদণ্ড দিয়াৰ পাছত তেওঁৰ মৃতদেহটো কাঠত আঁৰি দিয়া হৈছিল। * (দ্বিতী. ২১:২২, ২৩; ২৭:২৬) যি জাতিয়ে যীচুক অস্বীকাৰ কৰিলে, সেই জাতিক অভিশাপৰপৰা মুক্ত কৰিবলৈ যীচুৱে যাতনা স্তম্ভত মৃত্যু হʼবলগীয়া হৈছিল।

৭. যিহোৱাই যীচুক ইমান যাতনা ভুগি কিয় মৃত্যু হʼবলৈ দিছিল, ইয়াৰ দ্বিতীয় কাৰণ কওক?

দ্বিতীয় কাৰণ, যিহোৱাই যীচুক শিকাই আছিল, কিয়নো আগলৈ গৈ তেওঁ আমাৰ মহাপুৰোহিত হʼবলগীয়া আছিল। যীচুৱে নিজে অনুভৱ কৰিলে যে কঠিন পৰিস্থিতিত যিহোৱাৰ আজ্ঞা পালন কৰাটো সহজ নহয়। সইবাবে, তেওঁ “অতিশয় ক্ৰন্দন আৰু চকুলোৰে” যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। যেতিয়া আমি ‘পৰীক্ষাৰ’ সন্মুখীন হওঁ, তেতিয়া আমাৰ “উপকাৰ কৰিবলৈ [যীচুৰ] সমৰ্থ আছে,” কিয়নো তেওঁ নিজে পৰীক্ষাৰ সন্মুখীন হৈছিল আৰু তেওঁ আমাক ভালদৰে বুজি পায়। আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ যে তেওঁ আমাক এনে এজন মহাপুৰোহিত দিছে, যিজন আমাৰ “দুখত দুখিত” হয়।—ইব্ৰী ২:১৭, ১৮; ৪:১৪-১৬; ৫:৭-১০.

৮. যিহোৱাই যীচুক ইমান যাতনা ভুগি কিয় মৃত্যু হʼবলৈ দিছিল, ইয়াৰ তৃতীয় কাৰণ কওক?

তৃতীয় কাৰণ, যীচুৱে ইমান যাতনা ভুগি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিছিল: মানৱজাতিয়ে কঠিন পৰিস্থিতিতো যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিবনে? তেওঁলোকে বিশ্বাসী হৈ নাথাকিব বুলি চয়তানে কৈছিল। চয়তানে কৈছে যে মানৱজাতিয়ে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে যিহোৱাৰ উপাসনা কৰে। যিদৰে আদমে যিহোৱাক প্ৰেম কৰা নাছিল, ঠিক সেইদৰে মানৱজাতিয়েও যিহোৱাক প্ৰেম নকৰে। (ইয়ো. ১:৯-১১; ২:৪, ৫) যিহোৱাৰ সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁৰ পুত্ৰ যীচু তেওঁৰ বিশ্বাসী হৈ থাকিব। সেইবাবে, যিহোৱাই যীচুৰ সম্পূৰ্ণৰূপে পৰীক্ষা হʼবলৈ দিলে। যীচু যিহোৱাৰ বিশ্বাসী হৈ থাকিল আৰু চয়তান মিছলীয়া হয় বুলি প্ৰমাণ কৰিলে।

মুক্তিপণৰ প্ৰতি কৃতজ্ঞ হোৱা বাইবেলৰ এজন লেখক

৯. পাঁচনি যোহনৰপৰা আমি কি শিকিব পাৰোঁ?

মুক্তিপণ স্বৰূপ বলিদানৰ শিক্ষাৰ বাবে বহুতো খ্ৰীষ্টানৰ বিশ্বাস মজবুত হৈছে। সেইবাবে, তেওঁলোকে বিৰোধৰ সত্ত্বেও প্ৰচাৰ কাম কৰি থাকিল আৰু গোটেই জীৱন বেলেগ বেলেগ সমস্যাৰ সন্মুখীন হোৱাৰ সত্ত্বেও বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি থাকিল। পাঁচনি যোহনেও ঠিক এইদৰে কৰিলে। তেওঁ ৬০ তকৈ বেছি বছৰ খ্ৰীষ্ট আৰু মুক্তিপণৰ বিষয়ে প্ৰচাৰ কৰিলে। তেওঁ যেতিয়া ১০০ বছৰৰ হৈছিল, তেতিয়া ৰোমান চৰকাৰে তেওঁক বিপদ বুলি ভাবি পাত্ম নামৰ দ্বীপত বন্দী কৰিছিল। তেওঁৰ অপৰাধ কেৱল ইমানেই আছিল যে তেওঁ ‘ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্য’ দিছিল। (প্ৰকা. ১:৯) সঁচাকৈ যোহনে বিশ্বাস আৰু ধৈৰ্য্যৰ ভাল উদাহৰণ ৰাখিলে।

১০. যোহনৰ কিতাপবোৰৰপৰা কেনেকৈ জানিব পাৰি যে তেওঁ মুক্তিপণৰ প্ৰতি কৃতজ্ঞ আছিল?

১০ যোহনে নিজৰ কিতাপখনত উল্লেখ কৰিছে যে তেওঁ যীচুক কিমান প্ৰেম কৰে আৰু তেওঁ মুক্তিপণৰ প্ৰতি কিমান কৃতজ্ঞ। তেওঁ মুক্তিপণ আৰু ইয়াৰ লাভৰ বিষয়ে ১০০ বাৰতকৈ বেছি উল্লেখ কৰিছিল। উদাহৰণস্বৰূপে, তেওঁ এইদৰে লিখিছিল, “কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্ত্তা ধাৰ্ম্মিক যীচু খ্ৰীষ্ট আছে।” (১ যোহ. ২:১, ২) যোহনে ‘যীচুৰ বিষয়ে সাক্ষ্য’ দিয়াৰ প্ৰতিও গুৰুত্ব দিছিল। (প্ৰকা. ১৯:১০) সঁচাকৈ যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি যোহন কৃতজ্ঞ আছিল। আমি কেনেকৈ মুক্তিপণৰ প্ৰতি কৃতজ্ঞ হʼব পাৰোঁ?

মুক্তিপণৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ?

যদি আমি মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি কোনো বেয়া কাম নকৰিম (১১ অনুচ্ছেদ চাওক) *

১১. বেয়া কাম কৰিবলৈ হেঁচা অহাৰ সময়ত আমি কি কৰা উচিত?

১১ আমি বেয়া কাম কৰিবলৈ অস্বীকাৰ কৰা উচিত। যদি আমি মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি এয়া নাভাবিম: ‘মই মোৰ বেয়া ইচ্ছাবোৰৰ বিৰুদ্ধে যুঁজ কৰাৰ কোনো প্ৰয়োজন নাই। ভুল হʼবলৈ দিয়া পাছত মই যিহোৱাৰ পৰা ক্ষমা বিচাৰি লʼম।’ ইয়াৰ পৰিৰ্ৱতে আমাৰ ওপৰত বেয়া কাম কৰিবলৈ হেঁচা অহাৰ সময়ত আমি এইদৰে ভবা উচিত: ‘যিহোৱা আৰু যীচুৱে মোৰ বাবে বহুতো কাম কৰিলে, গতিকে তেওঁলোকৰ বিৰুদ্ধে মই এনে ভুল কাম কেনেকৈ কৰিম। মই তেওঁলোকৰ অন্তৰত কেতিয়াও আঘাত দিব নিবিচাৰোঁ।’ আমি সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে তেওঁ আমাৰ ‘পৰীক্ষা’ হʼবলৈ নিদিয়ে।—মথি ৬:১৩.

১২. প্ৰথম যোহন ৩:১৬-১৮ পদৰ অনুসৰি আমি কি কৰা উচিত?

১২ আমি ভাই-ভনীসকলক প্ৰেম কৰা উচিত। যদি আমি যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি কৃতজ্ঞ, তেনেহʼলে আমি ভাই-ভনীসকলক প্ৰেম কৰিম। এনে কৰাটো কিয় প্ৰয়োজন? কিয়নো যীচুৱে কেৱল আমাৰ বাবে নহয়, কিন্তু তেওঁলোকৰ বাবেও নিজৰ জীৱন বলিদান দিলে। ইয়াৰপৰা বুজিব পাৰি যে যীচুৱে তেওঁলোককো বহুত প্ৰেম কৰে। (১ যোহন ৩:১৬-১৮ পঢ়ক।) আমি আমাৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, সেয়া আমাৰ কামৰ যোগেদি দেখুওৱা উচিত। (ইফি. ৪:২৯, ৩১–৫:২) উদাহৰণস্বৰূপে, যেতিয়া তেওঁলোকে বেমাৰ হয় বা তেওঁলোকৰ ওপৰত কিবা ডাঙৰ সমস্যা আহে, যেনে প্ৰাকৃতিক দুৰ্যোগ, তেতিয়া আমি তেওঁলোকক সহায় কৰিম। কিন্তু ভাই-ভনীয়ে আমাৰ অন্তৰত আঘাত দিলে আমি কি কৰিম?

১৩. আমি আনক কিয় ক্ষমা কৰা উচিত?

১৩ কোনো ভাই বা ভনীক ক্ষমা কৰিবলৈ আমাক কঠিন লাগেনে? (লেবী. ১৯:১৮) যদি লাগে, তেনেহʼলে আমি এই পৰামৰ্শ পালন কৰা উচিত: “যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা।” (কল. ৩:১৩) যদি আমি আনক ক্ষমা কৰোঁ, তেনেহʼলে আমি দেখুৱাও যে আমি যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি কৃতজ্ঞ। কিন্তু মুক্তিপণৰ প্ৰতি কৃতজ্ঞতা বঢ়াবলৈ আমি আৰু কি কৰিব পাৰোঁ?

মুক্তিপণৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু কেনেকৈ বঢ়াব পাৰোঁ?

১৪. মুক্তিপণৰ বাবে কৃতজ্ঞতা বঢ়োৱাৰ এটা উপায় কি?

১৪ মুক্তিপণ স্বৰূপ বলিদানৰ বাবে আমি যিহোৱাক ধন্যবাদ দিয়া উচিত। ভাৰতৰ ৮৩ বছৰীয়া ভনী যʼয়ানাই কৈছে, “মই প্ৰতিদিনে প্ৰাৰ্থনাত যিহোৱাক ধন্যৱাদ দিওঁ। কিয়নো মুক্তিপণ স্বৰূপ বলিদানৰ বাবে মই বহুতো আশীৰ্বাদ লাভ কৰিছোঁ।” গোটেই দিনটোত আমি যি যি ভুল কৰোঁ, তাৰ বিষয়ে আমি যিহোৱাক জনোৱা উচিত আৰু তাৰ বাবে ক্ষমা বিচৰা উচিত। কিন্তু আমি যদি গম্ভীৰ পাপ কৰোঁ, তেনেহʼলে আমি প্ৰাচীনক জনোৱা উচিত। তেওঁলোকে আমাৰ কথা মনোযোগেৰে শুনিব, আমাক বাইবেলৰপৰা পৰামৰ্শ দিব আৰু আমাৰ বাবে প্ৰাৰ্থনা কৰিব, যাতে যিহোৱাই আমাক ক্ষমা কৰে আৰু তেওঁৰ লগত পুনৰ এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আমাক সহায় কৰিব।—যাকো. ৫:১৪-১৬.

১৫. মুক্তিপণৰ বিষয়ে পঢ়া আৰু ধ্যান কৰাৰ কিয় প্ৰয়োজন?

১৫ মুক্তিপণৰ বিষয়ে আমি ধ্যান কৰা উচিত। তেসত্তৰ বছৰীয়া ভনী ৰাজমণিয়ে এইদৰে কৈছে, “প্ৰতিবাৰে যেতিয়া মই পঢ়োঁ যে যীচুৱে আমাৰ বাবে কি কি সহ্য কৰিলে, তেতিয়া মোৰ চকু পানী উলায়।” যীচুৱে যি দুখ-কষ্ট সহন কৰিছিল, তাৰ বিষয়ে চিন্তা কৰি আমাকো দুখ লাগে। যদি আমি যীচুৰ বলিদানৰ বিষয়ে ধ্যান কৰোঁ, তেনেহʼলে যীচু আৰু যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম আৰু বাঢ়িব। ইয়াৰ বিষয়ে ধ্যান কৰিবলৈ আমি গভীৰভাৱে ব্যক্তিগত অধ্যয়ন কৰিব পাৰোঁ।

সাধাৰণ আহাৰৰ যোগেদি যীচুৱে নিজৰ শিষ্যসকলক দেখুৱাইছিল যে প্ৰতিবছৰে তেওঁৰ বলিদানক কেনেকৈ মনত ৰাখিব লাগে (অনুচ্ছেদ ১৬ চাওক)

১৬. আমি আনক মুক্তিপণৰ বিষয়ে শিকালে কি লাভ হয়? (বেটুপাতত দিয়া ছবিখন চাওক।)

১৬ আমি আনক মুক্তিপণৰ বিষয়ে শিকোৱা উচিত। যেতিয়া আমি আনক ইয়াৰ বিষয়ে শিকাওঁ, তেতিয়া মুক্তিপণৰ বাবে আমাৰ কৃতজ্ঞতা আৰু বাঢ়ে। সংগঠনে আমাক বহুতো প্ৰকাশন আৰু ভিডিঅʼ দিছে, যাৰ যোগেদি আমি লোকসকলক যীচুৰ মৃত্যু কিয় হৈছিল, তাৰ বিষয়ে শিকাব পাৰোঁ। উদাহৰণস্বৰূপে, ঈশ্বৰৰপৰা এটা ভাল খবৰ! নামৰ ব্ৰচাৰৰ পাঠ ৪ “যীচু খ্ৰীষ্ট কোন হয়?” অথবা বাইবেলে আমাক কি শিকায়? নামৰ কিতাপখনৰ ৫ অধ্যায় “মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ,” এই কিতাপখনৰপৰা আমি আনক শিকাব পাৰোঁ। প্ৰতিবছৰে যেতিয়া আমি স্মৰণীয় দিনত উপস্থিত হওঁ আৰু আনকো তাত উপস্থিত হʼবলৈ নিমন্ত্ৰণ দিওঁ, তেতিয়া মুক্তিপণৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়ে। সঁচাকৈ যিহোৱাই তেওঁৰ পুত্ৰৰ বিষয়ে আনক শিকাবলৈ আমাক এক ডাঙৰ সন্মান দিছে।

১৭. মুক্তিপণ কিয় ঈশ্বৰৰ ফালৰপৰা এক মূল্যৱান উপহাৰ হয়?

১৭ এই লেখত আমি শিকিলোঁ যে যীচুৰ মুক্তিপণ স্বৰূপ বলিদানৰ প্ৰতি আমি নিজৰ কৃতজ্ঞতা আৰু বঢ়োৱা উচিত। তেওঁৰ মুক্তিপণ স্বৰূপ বলিদানৰ বাবেহে আমি অসিদ্ধ হোৱাৰ সত্ত্বেও যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিছোঁ। মুক্তিপণৰ বাবেহে চয়তানৰ সকলো কাম ধ্বংস কৰা হʼব। (১ যোহ. ৩:৮) মুক্তিপণৰ যোগেদি পৃথিৱীৰ বাবে যিহোৱাৰ উদ্দেশ্য পূৰ হʼব। এই পৃথিৱী প্ৰমোদবনলৈ পৰিৱৰ্তন হʼব আৰু ইয়াত থকা প্ৰতিজন ব্যক্তিয়ে ঈশ্বৰক প্ৰেম কৰিব আৰু তেওঁক উপাসনা কৰিব। গতিকে, আহক আমি প্ৰতিদিনে নিজৰ কামৰ যোগেদি ঈশ্বৰে দিয়া এই মূল্যৱান উপহাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ।

গীত ২০ তুমি নিজৰ প্ৰিয় পুত্ৰক দিলা

^ অনু. 5 যীচুৱে যাতনা সহন কৰি কিয় মৃত্যু হʼবলগীয়া হৈছিল, তাৰ বিষয়ে এই লেখত আলোচনা কৰা হʼব। লগতে আমি এয়াও শিকিম যে মুক্তিপণৰ প্ৰতি আমি আৰু কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰোঁ।

^ অনু. 6 ৰোমান লোকসকলে অপৰাধীসকলক জীয়াই থকা অৱস্থাতে কাঠত বান্ধি দিছিল বা গজাল মাৰি দিছিল। যিহোৱাই নিজৰ পুত্ৰকো এইদৰে মৃত্যু হʼবলৈ দিলে।

^ অনু. 55 ছবিৰ বিষয়ে: প্ৰতিজন ভায়ে বেলেগ বেলেগ পৰিস্থিতিত বেয়া কাম কৰিবলৈ অস্বীকাৰ কৰিছে। প্ৰথমে, অশ্লীল ছবি চাবলৈ, দ্বিতীয়তে, চিগাৰেট খাবলৈ আৰু তৃতীয়তে, ঘোচ লʼবলৈ অস্বীকাৰ কৰিছে।