আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?
আমাৰ ঈশ্বৰ যিহোৱাই যেতিয়া প্ৰথম মানৱ দম্পতী আদম আৰু হৱাক সৃষ্টি কৰিছিল, তেতিয়া গোটেই বিশ্বত কেৱল তেৱেঁ একমাত্ৰ ৰজা আছিল। সেই সময়ত যিহোৱাই তেওঁলোকক প্ৰেমেৰে শাসন কৰিছিল। যিহোৱাই তেওঁলোকক থাকিবলৈ এদন নামৰ এখন সুন্দৰ বাগিছা দিছিল। তাত তেওঁলোকৰ খোৱা-বোৱাৰ কোনো অভাৱ নাছিল আৰু যিহোৱাই তেওঁলোকক সন্তোষজনক কামো দিছিল। (আদিপুস্তক ১:২৮, ২৯; ২:৮, ১৫) যদি আদম আৰু হৱাই ঈশ্বৰৰ শাসনৰ অধীনত থকা হʼলে আজি গোটেই মানৱজাতি শান্তিত থাকিব পাৰিলেহেঁতেন।
বাইবেলত কোৱা হৈছে যে এজন স্বৰ্গদূত ঈশ্বৰৰ বিৰোধী হʼল আৰু সি চয়তান হৈ পৰিল। সি প্ৰশ্ন কৰিছিল যে ঈশ্বৰৰ শাসন কৰাৰ অধিকাৰ আছেনে। চয়তানে কোৱাৰ অৰ্থ এয়া আছিল যে মানুহে ঈশ্বৰৰ শাসনৰ অবিহনে বেছি সুখী হৈ থাকিব পাৰে। দুখৰ কথা যে চয়তানৰ দৰে আদম আৰু হৱাই ঈশ্বৰৰ বিৰোধে বিদ্ৰোহ কৰিলে।—আদিপুস্তক ৩:১-৬; প্ৰকাশিত বাক্য ১২:৯.
আদম আৰু হৱাই ঈশ্বৰক নিজৰ ৰজা বুলি মানিবলৈ অস্বীকাৰ কৰাৰ বাবে সেই সুন্দৰ বাগিছাখন হেৰুৱাই পেলালে। এয়াই নহয় তেওঁলোকে সদায় দিন জীয়াই থকাৰ আশীৰ্বাদো হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) তেওঁলোকে ভুল নিৰ্ণয় লোৱাৰ বাবে তেওঁলোকৰ আহিবলগীয়া সন্তানসকলেও দুখ ভুগিবলগীয়া হʼল। বাইবেলত কোৱা হৈছে যে আদমৰ “দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল।” (ৰোমীয়া ৫:১২) পাপৰ বাবে আন এটা ভয়ানক পৰিণাম হʼল, মানুহে “এজনে আন জনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা” পালে। (উপদেশক ৮:৯) আন কথাত কʼবলৈ গʼলে মানুহে মানুহৰ ওপৰত অধিকাৰ কৰি বেয়া পৰিণামহে পায়।
মানৱীয় শাসনৰ আৰম্ভ
বাইবেলত কোৱা হৈছে যে মানৱজাতিৰ প্ৰথম শাসক নিম্ৰোদ আছিল। তেওঁ যিহোৱাৰ শাসন স্বীকাৰ কৰা নাছিল। নিম্ৰোদৰ দিনৰ পৰাই শক্তিশালী লোকসকলে নিজৰ অধিকাৰক অপব্যৱহাৰ কৰি আহিছে। আজিৰ পৰা প্ৰায় ৩০০০ বছৰ আগতে ৰজা চলোমনে এইদৰে কৈছিল ‘চোৱা অত্যাচাৰ পোৱা লোকবিলাকৰ চকু-লো বৈছে, কিন্তু তেওঁবিলাকক শান্ত্বনা কৰোঁতা কোনো নাই; আৰু তেওঁবিলাকক অত্যাচাৰ কৰোঁতাবিলাকৰ বল আছে।’—উপদেশক ৪:১.
বৰ্তমান সময়তো জগতৰ পৰিস্থিতি ঠিক একেদৰে হৈ আছে। ২০০৯ চনত সংযুক্ত ৰাষ্ট্ৰৰ এখন আলোচনীত কোৱা হৈছিল যে দিনক দিনে এয়া স্পষ্ট হৈছে যে “পৃথিৱীত ঘটি থকা বেছিভাগ সমস্যাৰ বাবে চৰকাৰে দায়ী।”
এতিয়া পদক্ষেপ লোৱাৰ সময় হʼল!
এই পৃথিৱীত এজন ভাল শাসক আৰু চৰকাৰৰ প্ৰয়োজন আছে। আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰে এনেধৰণৰ চৰকাৰ আনিবলৈ প্ৰতিজ্ঞা কৰিছে।
ঈশ্বৰে নিজৰ এক ৰাজ্য অৰ্থাৎ চৰকাৰ গঠন কৰিছে আৰু এই চৰকাৰৰ যোগেদি সকলো মানৱীয় চৰকাৰক একেবাৰে শেষ কৰিব। তাৰ পাছত কেৱল “[ঈশ্বৰৰ ৰাজ্য] চিৰকাললৈকে থাকিব।” (দানিয়েল ২:৪৪) লাখ লাখ লোকে এই ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰে। (মথি ৬:৯, ১০) কিন্তু ঈশ্বৰে নিজে এই চৰকাৰক পৰিচালিত নকৰিব। তাৰ বাবে তেওঁ এজন উপযুক্ত ৰজা বাছনি কৰিছে, যিজনে এসময়ত এই পৃথিৱীত মানুহ হিচাপে জীয়াই আছিল। ঈশ্বৰে কাক নিজৰ ৰাজ্যৰ বাবে ৰজা হিচাবে বাছনি কৰিছে?