ঈশ্বৰৰ ৰাজ্য কি হয়?
বহুতো লোকে ঈশ্বৰৰ ৰাজ্য আহিবলৈ প্ৰাৰ্থনা কৰে। কিন্তু আপুনি কেতিয়াবা চিন্তা কৰিছেনে ঈশ্বৰৰ ৰাজ্য কি আৰু এয়া কি কৰিব?
মন কৰক পবিত্ৰ শাস্ত্ৰ বাইবেলে কি কৈছে:
ঈশ্বৰৰ ৰাজ্য কি হয়?
এয়া স্বৰ্গৰ পৰা শাসন কৰা চৰকাৰ হয়, যাৰ ৰজা যীচু খ্ৰীষ্ট।—যিচয়া ৯:৬, ৭; মথি ৫:৩; লূক ১:৩১-৩৩.
ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
এয়া সকলো দুষ্টতা নাইকিয়া কৰিব আৰু পৃথিৱীত শান্তি আনিব। —দানিয়েল ২:৪৪; মথি ৬:১০.
ঈশ্বৰৰ ৰাজ্যক বিচৰাৰ অৰ্থ কি?
ইয়াৰ অৰ্থ হৈছে যে আমি এই ৰাজ্যক সম্পূৰ্ণৰূপে সমৰ্থন কৰা আৰু কেৱল এই চৰকাৰেই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব বুলি ভৰসা ৰখা।—মথি ৬:৩৩; ১৩:৪৪.