Skip to content

Skip to table of contents

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

আমি ঈশ্বৰৰ লগত কথা পতাটো তেওঁ বিচাৰে। পবিত্ৰ শাস্ত্ৰত লিখা আছে যে যেতিয়া আমি সম্পূৰ্ণ মনেৰে তেওঁলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ বহুত আনন্দিত হয় আৰু তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। কিন্তু শাস্ত্ৰত এয়াও লিখা আছে যে ঈশ্বৰে কিছুমান লোকৰ প্ৰাৰ্থনা নুশুনে। গতিকে আহক আমি চাওঁ যে আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত আৰু কেনেকৈ নহয়।

‘প্ৰাৰ্থনা কৰাৰ সময়ত একেটা কথাকে বাৰে বাৰে কৈ নাথাকিবা’—মথি ৬:৭.

যদি আপোনাৰ বন্ধুৱে একেটা কথাকে বাৰে বাৰে কৈ থাকে, তেনেহʼলে আপোনাৰ কেনেকুৱা লাগিব? আপোনাক নিশ্চয় আমনি লাগি যাব। ঠিক সেইদৰে যিহোৱা ঈশ্বৰেও আমি কিতাপত লিখা প্ৰাৰ্থনা কৰিলে বা মুখস্থ কৰি প্ৰাৰ্থনা কৰিলে ভাল নাপায়। আমি তেওঁক নিজৰ বন্ধু বুলি ভবাটো আৰু নিজৰ মনৰ সকলো কথা জনোৱাটো তেওঁ বিচাৰে।

“তোমালোকে খোজা কিন্তু নোপোৱা, কিয়নো তোমালোকে সঠিক মনোবৃত্তিৰে নোখোজা।”—যাকোব ৪:৩, NW.

যদি আমি জানি-শুনি এনে বিষয়ে প্ৰাৰ্থনা কৰোঁ যি ভুল হয়, তেনেহʼলে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা নুশুনিব। আপুনি কি ভাবে যদি এজন জুৱাৰীয়ে লটাৰি জিকিবলৈ প্ৰাৰ্থনা কৰে, তেনেহʼলে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিব নে? নুশুনে। পবিত্ৰ শাস্ত্ৰত ঈশ্বৰে স্পষ্টকৈ লিখুৱাইছে যে তেওঁ লুভীয়া লোকসকলক ঘৃণা কৰে। ইয়াৰ লগতে আমি ভাগ্যৰ ওপৰত বিশ্বাস কৰাটো তেওঁ নিবিচাৰে। (যিচয়া ৬৫:১১; লূক ১২:১৫) যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহʼলে আমি ধ্যান দিব লাগিব যে আমি প্ৰাৰ্থনাত কি বিচাৰি আছোঁ। আমি চিন্তা কৰিব লাগিব যে আমি যি বিচাৰি আছোঁ, সেয়া ঈশ্বৰৰ দৃষ্টিত সঠিক হয় নে। পবিত্ৰ শাস্ত্ৰ বাইবেলত কোৱা হৈছে যে আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰা উচিত।

“যি মানুহে ব্যৱস্থালৈ আওকাণ কৰে, তাৰ প্ৰাৰ্থনাও ঘিণলগীয়া হয়।”—হিতোপদেশ ২৮:৯.

পবিত্ৰ শাস্ত্ৰত লিখা আছে যে প্ৰাচীন সময়ত যিসকল লোকে বেয়া কামত লিপ্ত হৈ আছিল, ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনিলে। (যিচয়া ১:১৫, ১৬) আজিও যিহোৱা ঈশ্বৰে এনে লোকসকলৰ প্ৰাৰ্থনা নুশুনে, যিসকলে জানি-শুনি বেয়া কাম কৰি থাকে। (মলাখী ৩:৬) ইয়াৰ পৰা বুজিব পাৰি যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো যদি আমি বিচাৰোঁ, তেনেহʼলে সদায় তেওঁৰ দৃষ্টিত যি সঠিক সেয়া কৰি থকা উচিত। কিন্তু অতীতত যদি আমি কিবা ভুল কৰিছোঁ, তেনেহʼলে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা কেতিয়াও নুশুনিব নে? এনে নহয়। যদি আমি ক্ষমা বিচাৰোঁ আৰু সঠিক কাম কৰি থাকোঁ, তেনেহʼলে তেওঁ আমাৰ প্ৰাৰ্থনা নিশ্চয় শুনিব।—পাঁচনিৰ কৰ্ম্ম ৩:১৯.