Skip to content

Skip to table of contents

অধ্যয়ন লেখ ৩

যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে!

যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে!

“যি জনাই হীন-অৱস্থাৰ কালত আমাক সুঁৱৰিলে”—গীত. ১৩৬:২৩.

গীত ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত এৰি দিয়া

লেখৰ এক আভাস *

১-২. (ক) যিহোৱাৰ সেৱকসকলে কি কি পৰিস্থিতিৰ সন্মুখীন হৈছে? (খ) ইয়াৰ কি পৰিণাম হ’ব পাৰে?

এই তিনিটা পৰিস্থিতিৰ বিষয়ে মন কৰক। এজন ডেকা ভাই গম পাই যে তেওঁৰ এটা ডাঙৰ বেমাৰ আছে, যিয়ে তেওঁক লাহে লাহে দুৰ্ব্বল কৰি তুলিব। প্ৰায় ৫০ বছৰৰ এজন ভায়ে নিজৰ চাকৰি হেৰুৱাইছে। বহুত চেষ্টা কৰাৰ পাছতো তেওঁ চাকৰি বিচাৰি পোৱা নাই। এগৰাকী বৃদ্ধ ভনীয়ে বহুবছৰ ধৰি যিহোৱাৰ সেৱা কৰি আছে। কিন্তু তাই এতিয়া আগৰ দৰে কৰিব নোৱাৰে।

আপোনাৰ পৰিস্থিতিও যদি এইদৰে হয়, তেনেহ’লে আপুনিও হয়তো নিজকে কোনো কামৰ যোগ্য নহয় বুলি অনুভৱ কৰিব পাৰে। এনে চিন্তাই আপোনাক নিৰাশ কৰিব পাৰে। আপুনি নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবিব পাৰে আৰু আনৰ লগত আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে।

৩. চয়তান আৰু তাৰ লোকসকলে মানুহৰ জীৱনৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে?

চয়তানে মানুহৰ জীৱনক মূল্যৱান বুলি গণ্য নকৰে। এদন বাগিচাত চয়তানে ভালদৰে জানিছিল যে যদি হৱাই সেই ফলটো খাই, তেনেহ’লে তাইৰ নিশ্চয় মৃত্যু হ’ব। তথাপিও সি জানি-শুনি হৱাক সেই ফলটো খাবলৈ প্ৰলোভিত কৰিলে। আজি জগতে চয়তানৰ দৃষ্টিভংগী অনুকৰণ কৰে। জগতৰ ৰাজনীতি, ব্যৱসায় আৰু ধৰ্ম চয়তানৰ ইচ্ছাৰ অনুসৰি চলে। সেইবাবে, ব্যৱসায় কৰা লোকসকল, ৰাজনৈতিক নেতা আৰু ধৰ্ম গুৰুসকলে মানুহৰ জীৱন আৰু তেওঁলোকৰ অনুভূতি বিষয়ে চিন্তা নকৰে।

৪. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

যিহোৱাৰ দৃষ্টিভংগী চয়তানতকৈ একেবাৰে বেলেগ। যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰে আৰু এই কথা আমি মনত ৰখাটো তেওঁ বিচাৰে। কেতিয়াবা হয়তো এনে পৰিস্থিতি আহিব পাৰে, যেতিয়া আমি নিজকে অযোগ্য বুলি ভাবিব পাৰোঁ। তেতিয়া তেওঁ আমাক সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ সহায় কৰে। (গীত. ১৩৬:২৩; ৰোম. ১২:৩) এই লেখত আমি আলোচনা কৰিম যে এই পৰিস্থিতত যিহোৱাই আমাক কেনেকৈ সহায় কৰিব: (১) যেতিয়া আমি বেমাৰ হওঁ, (২) যেতিয়া আমাৰ টকা-পইচাৰ অভাৱ হয় আৰু (৩) বৃদ্ধ হোৱাৰ বাবে হয়তো আমি ভাবিব পাৰোঁ যে যিহোৱাৰ সেৱাৰ বাবে আমি যোগ্য নহয়। কিন্তু আহক চাওঁ, আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই প্ৰতিজনকে মূল্যৱান বুলি গণ্য কৰে।

যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰে

৫. কিহে দেখুৱাই যে যিহোৱাৰ দৃষ্টিত মানুহ মূল্যৱান?

যদিও আমাক মাটিৰে সৃষ্টি কৰা হৈছে, কিন্তু মাটিতকৈ আমাৰ মূল্য বেছি। (আদি. ২:৭) আমি যিহোৱাৰ দৃষ্টিত কিয় ইমান মূল্যৱান। ইয়াৰ কিছুমান কাৰণলৈ মন কৰক। যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে আমি তেওঁৰ গুণবোৰ বিকশিত কৰিব পাৰোঁ। (আদি. ১:২৭) সেইবাবে, আমি পৃথিৱীৰ সকলো সৃষ্টিতকৈ শ্ৰেষ্ঠ। তেওঁ আমাক পৃথিৱীৰ সকলো জীৱ-জন্তুক চোৱা-চিতা কৰিবলৈ অধিকাৰ দিছে।—গীত. ৮:৪-৮.

৬. কিহে প্ৰমাণ কৰে যে যিহোৱাই অসিদ্ধ মানুহক মূল্যৱান বুলি গণ্য কৰে?

আদমে পাপ কৰাৰ পাছতো যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰে। তেওঁ আমাক পাপৰপৰা উদ্ধাৰ কৰিবলৈ তেওঁৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টক বলিদান দিলে। (১ যোহন ৪:৯, ১০) আদমে পাপ কৰাৰ ফলত যিমান লোকসকলৰ মৃত্যু হৈছে, “ধাৰ্ম্মিক অধাৰ্ম্মিক” এই দুইবিধ লোকক যিহোৱাই মুক্তিপণস্বৰূপ বলিদানৰ আধাৰত পুনৰ জীৱিত কৰিব। (পাঁচ. ২৪:১৫) যদিও আমাৰ বেমাৰ, আৰ্থিক সমস্যা বা বৃদ্ধ কালৰ সমস্যা নহওক কিয়, ঈশ্বৰৰ বাক্যৰপৰা বুজিব পাৰি যে যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰে।—পাঁচ. ১০:৩৪, ৩৫.

৭. যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰাৰ আৰু কি কাৰণ আছে?

যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰাৰ বহুতো কাৰণ আছে। যিহোৱাই আমাক তেওঁৰ কাষ চাপিবলৈ সহায় কৰে আৰু আমি শুভবাৰ্ত্তাৰ প্ৰতি কেনে মনোবৃত্তি দেখুৱাও তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। (যোহন ৬:৪৪) আৰু যেনেকৈ আমি তেওঁৰ কাষ চাপো, তেনেকৈ তেৱোঁ আমাৰ কাষ চাপে। (যাকো. ৪:৮) যিহোৱাই আমাক শিকাবলৈ পৰিশ্ৰম কৰে। তেওঁ ভালদৰে জানে আমি কেনেধৰণৰ ব্যক্তি আৰু ভৱিষ্যতে আমি কেনেধৰণৰ ব্যক্তি হ’ব পাৰোঁ। সেইবাবে, তেওঁ ইমান পৰিশ্ৰম কৰে। তেওঁ আমাক প্ৰেম কৰে আৰু প্ৰয়োজন হ’লে আমাক শুধৰণি কৰায়। (হিতো. ৩:১১, ১২) সঁচাকৈ যিহোৱাই আমাক বহুত মূল্যৱান বুলি গণ্য কৰে!

৮. সমস্যাৰ সময়ত সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ গীতমালা ১৮:২৭-২৯ পদে আমাক কেনেকৈ সহায় কৰিব পাৰে?

কিছুমান লোকে ভাবিছিল যে ৰজা দায়ূদ কোনো কামৰ যোগ্য নহয়। কিন্তু, ৰজা দায়ূদৰ বিশ্বাস আছিল যে যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁক কেতিয়াও ত্যাগ নকৰে। সেইবাবে, তেওঁ কঠিন পৰিস্থিতিতো সঠিক দৃষ্টিভংগী বজাই ৰাখিব পাৰিলে। (২ চমূ. ১৬:৫-৭) হয়তো আজি আমিও কিবা সমস্যাৰ সন্মুখীন হ’ব পাৰোঁ বা নিৰাশ হ’ব পাৰোঁ। এনে পৰিস্থিতিত সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ আৰু সেই সমস্যা পাৰ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব পাৰে। (গীতমালা ১৮:২৭-২৯ পঢ়ক।) যদি যিহোৱা আমাৰ লগত আছে, তেনেহ’লে কোনো কথাই আমাক তেওঁক আনন্দৰে সেৱা কৰিবলৈ বাধা দিব নোৱাৰে। (ৰোম. ৮:৩১) এতিয়া আমি তিনিটা পৰিস্থিতিৰ ওপৰত আলোচনা কৰিম। এই পৰিস্থিতিত আমি মনত ৰাখিম যে যিহোৱাই আমাক প্ৰেম কৰে আৰু মূল্যৱান বুলি গণ্য কৰে।

যেতিয়া আমি বেমাৰ হওঁ

বেমাৰ ভুগি থকা সময়ত আমি হয়তো নিৰাশ হ’ব পাৰোঁ, কিন্তু বাইবেল পঢ়াৰ যোগেদি আমি এনে ভাৱনাৰপৰা আঁতৰি থাকিব পাৰোঁ। (অনুচ্ছেদ ৯-১২ চাওক)

৯. বেমাৰে আমাৰ চিন্তা-ভাৱনাৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে?

বেমাৰৰ সময়ছোৱাত ইয়ে আমাৰ চিন্তা-ভাৱনাৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় আৰু আমি ভাবিব পাৰোঁ যে আমি কোনো কামৰ যোগ্য নহওঁ। যেতিয়া আমাৰ বেমাৰ হয়, তেতিয়া আমি নিৰাশ হৈ পৰোঁ। কিয়নো সৰু সৰু কামৰ বাবে আমি হয়তো আনৰ ওপৰত নিৰ্ভৰ হ’বলগীয়া হয়। আনে আমাৰ বেমাৰৰ বিষয়ে জানক বা নাজানক, তথাপিও আমি নিজকে অযোগ্য বুলি ভাবোঁ। নিৰাশ কৰিব পৰা এনে পৰিস্থিতিত যিহোৱাই আমাক উৎসাহিত কৰিব পাৰে। কেনেকৈ বাৰু?

১০. বেমাৰৰ সময়ছোৱাত হিতোপদেশ ১২:২৫ পদে আমাক কেনেকৈ সহায় কৰিব পাৰে?

১০ বেমাৰৰ সময়ছোৱাত, “মঙ্গলৰ বাক্যই” আমাৰ মন আনন্দিত কৰিব পাৰে আৰু আমাক উৎসাহিত কৰিব পাৰে। (হিতোপদেশ ১২:২৫ পঢ়ক।) যিহোৱাই বাইবেলত বহুতো মঙ্গলৰ বাক্য উল্লেখ কৰিছে। ইয়ে আমাক মনত পেলাই দিয়ে যে যেতিয়া আমি দুৰ্ব্বল হওঁ বা বেমাৰ হওঁ, তেতিয়াও যিহোৱাই আমাক মূল্যৱান বুলি গণ্য কৰে। (গীত. ৩১:১৯; ৪১:৩) যদি আমি যিহোৱাৰ বাক্য বাৰে বাৰে পঢ়োঁ, তেনেহ’লে যিহোৱাই আমাক অসুস্থৰ বাবে হোৱা নিৰাশাৰ ভাবনাপৰা ওলাই আহিবলৈ সহায় কৰিব।

১১. যিহোৱাই ভাই হৰেহক সহায় কৰিলে বুলি তেওঁ কেনেকৈ অনুভৱ কৰিলে?

১১ হৰেহেৰ অনুভৱলৈ ধ্যান দিয়ক। ডেকা কালতে তেওঁৰ এনে এটা বেমাৰ হ’ল, যিয়ে বহুত সোনকালে এটা ভয়ানক ৰূপ ল’লে। হৰেহেয়ে নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবিছিল। তেওঁ এইদৰে কয়, “এই বেমাৰৰ বাবে মই বিভিন্ন বিষয় লৈ চিন্তা কৰিবলৈ ধৰিলোঁ। মোৰ পৰিস্থিতি দেখি সকলোৱে মোৰ ওপৰত ধ্যান দিবলৈ ধৰিলে। মই লাজ অনুভৱ কৰিছিলোঁ। এই সকলোৰ বাবে মই সাজু নাছিলোঁ। যেতিয়া মোৰ অৱস্থা আৰু বেয়া হ’ল, তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া মোৰ জীৱনটো কি হ’ব। মই একেবাৰে নিৰাশ হৈ পৰিছিলোঁ। মই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ আৰু কাকূতি-মিনতিৰে তেওঁৰ সহায় বিচাৰিছিলোঁ।” যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে? তেওঁ এইদৰে কয়, “মই বেছি সময়লৈকে কোনো বিষয় ওপৰত ধ্যান দিব পৰা নাছিলোঁ। সেইবাবে, মই গীতমালা কিতাপৰ সৰু সৰু ভাগ পঢ়িছিলোঁ। বিশেষকৈ সেই ভাগটো য’ত উল্লেখ কৰা হৈছে যে যিহোৱাই নিজৰ সেৱকসকলৰ কিমান যত্ন লয়। মই প্ৰতিদিনে এই পদবোৰ বাৰে বাৰে পঢ়িছিলোঁ আৰু ইয়াৰপৰা মই শান্ত্বনা লাভ কৰিলোঁ। লোকসকলে মন কৰিবলৈ ধৰিলে যে মই আগতকৈ বেছি আনন্দত আছোঁ। তেওঁলোক এইদৰে কৈছিল যে মোক আনন্দিত দেখি তেওঁলোক উৎসাহিত হৈছে। তেওঁলোকৰ কথা শুনি মই অনুভৱ কৰিলোঁ যে যিহোৱাই মোৰ প্ৰাৰ্থনা শুনিলে। মোৰ নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ যিহোৱাই মোক সহায় কৰিলে। এতিয়া মই নিজৰ বেমাৰৰ পৰিৱৰ্তে এই কথা বেছি ধ্যান দিওঁ যে যিহোৱাই মোৰ বিষয়ে কি ভাবে।”

১২. বেমাৰৰ সময়ছোৱাত আপুনি যিহোৱাৰপৰা সহায় কেনেকৈ বিচাৰিব পাৰে?

১২ যদি আপুনি কোনো বেমাৰ ভুগি আছে, তেনেহ’লে বিশ্বাস ৰাখক যে যিহোৱাই আপোনাৰ সমস্যা বুজি পায়। সঠিক দৃষ্টিভংগী বজাই ৰাখিবলৈ যিহোৱালৈ কাকূতি-মিনতি কৰক। ঈশ্বৰৰ বাক্য পঢ়ক কিয়নো ইয়াত যিহোৱাই বহুতো ভাল কথা উল্লেখ কৰিছে, যাৰ দ্বাৰা আপুনি শান্ত্বনা লাভ কৰিব পাৰে। আপুনি বিশেষকৈ সেই পদবোৰ পঢ়ি পাৰে য’ত উল্লেখ আছে যে যিহোৱাই নিজৰ সেৱকসকলক কিমান মূল্যৱান বুলি গণ্য কৰে। ইয়াৰ দ্বাৰা আপুনি অনুভৱ কৰিব পাৰিব যে যিহোৱাই নিজৰ বিশ্বাসী সেৱকসকলক প্ৰেম কৰে।—গীত. ৮৪:১১.

যেতিয়া আমাৰ টকা-পইচাৰ অভাৱ হয়

যেতিয়া চাকৰি পাবলৈ কঠিন হয়, তেতিয়া আমি মনত ৰখা উচিত যে যিহোৱাই আমাক প্ৰয়োজনীয় সকলো বস্তু দিম বুলি প্ৰতিজ্ঞা কৰিছে। (অনুচ্ছেদ ১৩-১৫ চাওক)

১৩. যেতিয়া এজন পৰিয়ালৰ মুৰব্বীয়ে নিজৰ চাকৰি হেৰুৱাই, তেতিয়া তেওঁ কেনে অনুভৱ কৰে?

১৩ প্ৰত্যেক পৰিয়ালৰ মুৰব্বীয়ে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰাটো বিচাৰে। এজন ভাইৰ বিষয়ে চিন্তা কৰক যিজনে একো দোষ নথকাকৈ নিজৰ চাকৰি হেৰুৱাইছিল। বহুত চেষ্টা কৰাৰ পাছতো তেওঁ বেলেগ চাকৰি পোৱা নাছিল। এনে পৰিস্থিতিত হয়তো তেওঁ নিজকে অযোগ্য বুলি ভাবিব পাৰে। যিহোৱাৰ প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰাৰ যোগেদি তেওঁ কেনেকৈ সহায় লাভ কৰিব পাৰে?

১৪. যিহোৱাই কি কি কাৰণৰ বাবে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে?

১৪ যিহোৱাই সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে। (যিহো. ২১:৪৫; ২৩:১৪) প্ৰতিজ্ঞা পূৰ কৰা বহুতো কাৰণ আছে। প্ৰথম কাৰণ হৈছে, তেওঁ নিজৰ নামৰ কাৰণে এইদৰে কৰে। তেওঁ কথা দিছে যে তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক চোৱা-চিতা কৰিব আৰু তেওঁ নিজৰ কথা নিশ্চয় পূৰ কৰিব। যদি তেওঁ নিজৰ কথা পূৰ নকৰে, তেনেহ’লে তেওঁৰ নাম কলংকিত হ’ব। (গীত. ৩১:১-৩) দ্বিতীয় কাৰণ হৈছে, আমি যিহোৱা ঈশ্বৰৰ পৰিয়ালৰ সদস্য হওঁ। যিহোৱাই ভালদৰে জানে যে যদি তেওঁ আমাৰ চোৱা-চিতা নকৰে, তেনেহ’লে আমি নিৰাশ হৈ পৰিম। তেওঁ প্ৰতিজ্ঞা কৰিছে যে আমি জীয়াই থাকিবলৈ আৰু তেওঁৰ সেৱা কৰিবলৈ আমাৰ যি প্ৰয়োজন তেওঁ নিশ্চয় দিব। এই প্ৰতিজ্ঞাবোৰ পূৰ কৰিবলৈ তেওঁক কোনো কথাই বাধা দিব নোৱাৰে।—মথি ৬:৩০-৩৩; ২৪:৪৫.

১৫. (ক) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল? (খ) গীতমালা ৩৭:১৮, ১৯ পদৰ অনুসৰি আমি কি বিশ্বাস কৰিব পাৰোঁ?

১৫ যদি আমি মনত ৰাখো যে যিহোৱাই কিয় নিজৰ প্ৰতিজ্ঞবোৰ কৰে, তেনেহ’লে আৰ্থিক সমস্যা অহাৰ সময়তো আমি তেওঁৰ ওপৰত ভৰসা কৰিম। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণলৈ মন কৰক। যেতিয়া যিৰূচালেমৰ মণ্ডলীৰ ওপৰত তাড়না হৈছিল তেতিয়া, “পাঁচনিবিলাকৰ বাহিৰে, সকলো শিষ্য . . . দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গল।” (পাঁচ. ৮:১) চিন্তা কৰকচোন সেই শিষ্যসকলক নিজৰ ঘৰ নিজৰ ব্যৱসায় সকলোবোৰ ত্যাগ কৰি পলাবলগীয়া হ’ল। তেওঁলোকৰ নিশ্চয় টকা-পইচাৰ অভাৱ হৈছিল, কিন্তু যিহোৱাই তেওঁলোকক ত্যাগ কৰা নাছিল আৰু তেওঁলোকে নিৰাশো হোৱা নাছিল। (পাঁচ. ৮:৪; ইব্ৰী ১৩:৫, ৬; যাকো. ১:২, ৩) যিহোৱাই এই বিশ্বাসী খ্ৰীষ্টানসকলৰ যত্ন লৈছিল আৰু তেওঁ আমাৰো যত্ন ল’ব।—গীতমালা ৩৭:১৮, ১৯ পঢ়ক।

যেতিয়া আমি বৃদ্ধ হওঁ

বৃদ্ধ অৱস্থাতো যদি আমি যি পাৰোঁ, তাক কৰাৰ যোগেদি আমি বিশ্বাস ৰাখিব পাৰিম যে যিহোৱাই আমাৰ সেৱাক মূল্যৱান বুলি ভাবে। (অনুচ্ছেদ ১৬-১৮ চাওক)

১৬. যিহোৱাৰ সেৱাত আমাৰ কোনো মূল্য নাই বুলি আমি কিয় ভাবিব পাৰোঁ?

১৬ যেতিয়া আমি বৃদ্ধ হওঁ, তেতিয়া আমি ভাবিব পাৰোঁ যে আমি যিহোৱাৰ সেৱা ইমান কৰিব পৰা নাই। ৰজা দায়ূদেও বৃদ্ধ কালত এইদৰে অনুভৱ কৰিছিল। (গীত. ৭১:৯) কিন্তু প্ৰশ্ন হয় যে যিহোৱাই আমাৰ কেনেকৈ সহায় কৰিব পাৰে?

১৭. ভনী যিৰিৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ?

১৭ যিৰিৰ অনুভৱলৈ মন কৰক। এবাৰ ৰাজ্যগৃহত সভা ৰখা হৈছিল আৰু তাত আলোচনা কৰা হৈছিল যে যিহোৱাৰ সেৱাৰ বাবে ব্যৱহাৰ হোৱা গৃহবোৰ কেনেকৈ চোৱা-চিতা কৰা হ’ব। ভনী যিৰিকো এই সভাত নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু ভনী গৰাকীয়ে যাবলৈ ইচ্ছা কৰা নাছিল। তাই এইদৰে কয়, “মই ভাবিছিলোঁ মোৰ বয়স হৈ গৈছে। মই এগৰাকী বিধৱা আৰু এই কামৰ বাবে মোৰ কোনো দক্ষতাও নাই। মই নো যিহোৱাৰ বাবে কি কৰিব পাৰোঁ।” সভালৈ যোৱাৰ আগনিশাত ভনী গৰাকীয়ে হৃদয়েৰে যিহোৱালৈ প্ৰাৰ্থনা কৰে। পাছদিনাখন তাই যেতিয়া ৰাজ্যগৃহত উপস্থিত হয়, তেতিয়াও তাই কোনো কামৰ যোগ্য নহয় বুলি অনুভৱ কৰিছিল। সভাত এজন ভায়ে নিজৰ ভাষণত কয় যে যিহোৱাৰপৰা শিক্ষা লাভ কৰা ইচ্ছাই হৈছে এটা ডাঙৰ দক্ষতা। ভনী যিৰিয়ে এইদৰে কয়, “মই ভাবিলোঁ ‘এই দক্ষতা মোৰ ওচৰত আছে’ এই কথাই মোৰ হৃদয় স্পৰ্শ কৰিলে যে যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছে। মই এনে অনুভৱ কৰিলোঁ যেন তেওঁ মোক কৈছে আজিও মোৰ ওচৰত এনে দক্ষতা আছে, যি মই তেওঁৰ সেৱাত ব্যৱহাৰ কৰিব পাৰোঁ আৰু তেওঁ মোক শিকাবলৈ সাজু আছে।” সেইসময়ৰ কথা মনত পেলাই ভনী গৰাকীয়ে এইদৰে কয়, “যেতিয়া মই সভালৈ গৈছিলোঁ, তেতিয়া মোক ভয় লাগিছিল আৰু নিৰাশ অনুভৱ কৰিছিলোঁ। কিন্তু সভাৰ পাছত মোৰ ভয় নাইকিয়া হ’ল আৰু মই সাহস পালোঁ। মই অনুভৱ কৰিলোঁ যে যিহোৱাই মোক তেওঁৰ সেৱাত ব্যৱহাৰ কৰিব পাৰে।”

১৮. বাইবেলৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই নিজৰ বৃদ্ধ সেৱকসকলৰ উপাসনাক মূল্যৱান বুলি ভাবে?

১৮ আমি বিশ্বাস কৰিব পাৰোঁ যে বৃদ্ধ হোৱাৰ সত্ত্বেও যিহোৱাই আমাক নিজৰ সেৱাত ব্যৱহাৰ কৰিব পাৰে। (গীত. ৯২:১২-১৫) যীচুৱে শিকাইছিল যে যিহোৱাৰ সেৱাত আমাৰ কাম যদিও সাধাৰণ কিন্তু যিহোৱাৰ বাবে ই মূল্যৱান। (লূক ২১:২-৪) সেইবাবে, আমি যিবোৰ কাম কৰিব পাৰোঁ তাৰ ওপৰত ধ্যান দিয়া উচিত। উদাহৰণস্বৰূপে, আমি যিহোৱাৰ বিষয়ে আনক জনাব পাৰোঁ, ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু তেওঁলোকক যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ উৎসাহিত কৰিব পাৰোঁ। আমাৰ দক্ষতা থকাৰ বাবে নহয়, কিন্তু তেওঁৰ আজ্ঞা পালন কৰাৰ বাবেহে যিহোৱাই আমাক নিজৰ সহকৰ্ম্মী বুলি ভাবে।—১ কৰি. ৩:৫-৯.

১৯. ৰোমীয়া ৮:৩৮, ৩৯ পদৰ অনুসৰি আমি কি বিশ্বাস কৰিব পাৰোঁ?

১৯ আমি ইমান কৃতজ্ঞ যে আমি যিহোৱাৰ উপাসনা কৰোঁ! কিয়নো তেওঁ নিজৰ সেৱকসকলক মূল্যৱান বুলি গণ্য কৰে। তেওঁ আমাক নিজৰ ইচ্ছা পূৰ কৰিবলৈ সৃষ্টি কৰিছে। (প্ৰকা. ৪:১১) তেওঁৰ উপাসনা কৰিলেহে আমি জীৱনত প্ৰকৃত আনন্দ লাভ কৰিব পাৰিম। যদিও এই জগতৰ লোকসকলে আমাক অযোগ্য বুলি ভাবে, কিন্তু যিহোৱাই এইদৰে নাভাবে। (ইব্ৰী ১১:১৬, ৩৮) যেতিয়া আমাৰ বেমাৰ হয়, যেতিয়া টকা-পইচাৰ অভাৱ হয় আৰু বৃদ্ধা অৱস্থাত নিৰাশ হৈ পৰোঁ, তেতিয়া আমাক মনত ৰখা উচিত যে কোনো কথাই আমাক যিহোৱাৰ প্ৰেমৰপৰা আঁতৰ কৰিব নোৱাৰে।—ৰোমীয়া ৮:৩৮, ৩৯ পঢ়ক।

^ অনু. 5 আপোনাৰ জীৱনত এনে পৰিস্থিতি আহিছেনে যেতিয়া আপুনি নিজকে কোনো কামৰ যোগ্য নহয় বুলি ভাবিছিল? এই লেখে আপোনাক মনত পেলাই দিব যে যিহোৱাই আপোনাক মূল্যৱান বুলি গণ্য কৰে। এই লেখত এয়াও আলোচনা কৰা হ’ব যে যি কোনো সমস্যা নহওক কিয় আপুনি নিজৰ বিষয়ে সঠিক দৃষ্টিভংগী কেনেকৈ বজাই ৰাখিব পাৰে।

গীত ৩০ যিহোৱা মোৰ ঈশ্বৰ, পিতৃ আৰু বন্ধু