Skip to content

Skip to table of contents

অধ্যয়নৰ লেখ ১

‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’

‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’

২০২০ চনৰ বাৰ্ষিক পাঠ: ‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’—মথি ২৮:১৯.

গীত ৭৯ তেওঁলোকক দৃঢ় হ’বলৈ শিক্ষা দিয়ক

লেখৰ এক আভাস *

১-২. যীচু খ্ৰীষ্টৰ কবৰৰ ওচৰত এজন স্বৰ্গদূতে তিৰোতাসকলক কি কৈছিল, আৰু যীচুৱে তেওঁলোকক কি আজ্ঞা দিছিল??

এয়া ৩৩ খ্ৰীষ্টাব্দৰ নিচান মাহৰ ১৬ তাৰিখৰ ৰাতি-পুৱাৰ কথা। যীচু খ্ৰীষ্টক কবৰত দিয়া প্ৰায় ৩৬ ঘন্টা হৈছিল আৰু কিছুমান তিৰোতাই দুখ মনেৰে সেই কবৰৰফালে আগবাঢ়ি গৈছে। যীচু খ্ৰীষ্টৰ মৃতদেহত তেওঁলোকে মচলা আৰু সুগন্ধি তেল দিবলৈ তেওঁলোকে তালৈ গৈছে। কিন্তু কবৰৰ ওচৰলৈ যোৱাৰ পাছত কবৰ খালি দেখি তেওঁলোক আচৰিত হৈ যায়, তেতিয়া তেওঁলোকক এজন স্বৰ্গদূতে দেখা দিয়ে আৰু তেওঁ কয় যে যীচু খ্ৰীষ্ট পুনৰ জীৱিত হ’ল। স্বৰ্গদূতে তেওঁলোকক এয়াও কলে যে: “তোমালোকৰ আগেয়ে তেওঁ গালীললৈ গৈছে; তোমালোকে তাতে তেওঁক দৰ্শন পাবা।”—মথি ২৮:১-৭; লূক ২৩:৫৬; ২৪:১০.

যেতিয়া এই তিৰোতাসকলে কবৰৰপৰা উভতি আহিছিল, তেতিয়া তেওঁলোকে ৰাস্তাত যীচুক লগ পাইছিল আৰু যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “তোমালোক যোৱা, মোৰ ভাইবিলাকক গালীললৈ যাবলৈ সম্বাদ দিয়াগৈ, তেওঁলোকে তাতে মোক দেখা পাব।” (মথি ২৮:১০) যীচুৱে হয়তো নিজৰ শিষ্যসকলক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিব বিচাৰিছিল। সেইবাবে, পুনৰ জীৱিত হোৱাৰ পাছত তেওঁ প্ৰথমে এই সভা ৰাখে।

যীচুৱে কাক আজ্ঞা দিছিল?

যীচুৰ পুনৰুত্থান হোৱাৰ পাছত গালীলত পাঁচনিসকল আৰু আন লোকসকলৰ লগত লগ কৰিছিল আৰু এই বুলি আজ্ঞা দিছিল ‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’ (অনুচ্ছেদ চাওক ৩-৪)

৩-৪. মথি ২৮:১৯, ২০ পদত দিয়া আজ্ঞা কেৱল পাঁচনিসকলৰ বাবে কিয় নাছিল? বুজাওক। (বেটুপাতত দিয়া ছবিখন চাওক।)

মথি ২৮:১৬-২০ পঢ়ক। যীচুৱে যি সভা ৰাখিছিল, তাত তেওঁ শিষ্যসকলক এক গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল। এই দায়িত্ব শিষ্যসকলে প্ৰথম শতিকাত পালন কৰাৰ প্ৰয়োজন আছিল। আজি আমিও সেইদৰে কৰি আছোঁ। যীচুৱে শিষ্যসকলক এইদৰে আজ্ঞা দিছিল: “যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”

যীচুৰ সকলো শিষ্যই প্ৰচাৰ কৰাটো তেওঁ বিচাৰে। তেওঁ এই দায়িত্ব কেৱল ১১ জন বিশ্বাসী পাঁচনিক দিয়া নাছিল। আমি ইমান বিশ্বাসেৰে কিয় ক’ব পাৰোঁ? কল্পনা কৰক যেতিয়া যীচুৱে গালীলত শিষ্য বনাবলৈ আজ্ঞা দিছিল, তেতিয়া তাত কেৱল শিষ্যসকল আছিল নেকি? নাছিল। মনত পেলাওক যে স্বৰ্গদূতে তিৰোতাসকলক কি কৈছিল: “তোমালোকে তাতে [গালীলত] তেওঁক দৰ্শন পাবা।” গতিকে, আমি ক’ব পাৰোঁ যে তাত পাঁচনিসকলৰ উপৰিও এই বিশ্বাসী তিৰোতা সকলো আছিল। পাঁচনি পৌলে কয় যে যীচুৱে, “পাঁচ শতকৈ অধিক ভাইবিলাককো একে সময়তে দেখা দিলে।” (১ কৰি. ১৫:৬) এই পাঁচ শতকৈ বেছি ভাইসকল ক’ত একগোট হৈছিল?

৫. আমি কিয় ক’ব পাৰোঁ যে ১ কৰিন্থীয়া ১৫:৬ পদত পৌলে যি সভাৰ বিষয়ে উল্লেখ কৰিছে, তাৰ বৰ্ণনা মথি ২৮ পদত উল্লেখ আছে?

আমি বিশ্বাস কৰাৰ সঠিক কাৰণ আছে যে ১ কৰিন্থীয়া ১৫:৬ পদত পৌলে যি সভাৰ বিষয়ে উল্লেখ কৰিছিল, তাৰ বৰ্ণনা মথি ২৮ পদত উল্লেখ আছে। আমি এনে কিয় ক’ব পাৰোঁ? প্ৰথম কাৰণটো হৈছে, যীচুৰ বেছিভাগ শিষ্য গালীলত বাস কৰিছিল। ইমান বেছি লোকৰ বাবে যিৰূচালেমৰ এটা ঘৰত সভা ৰখাৰ পৰিৱৰ্তে গালীলত সভা ৰখা বেছি সহজ আছিল। দ্বিতীয় কাৰণ হৈছে, পুনৰ জীৱিত হোৱাৰ পাছত যীচুৱে যিৰূচালেমৰ এটা ঘৰত নিজৰ ১১ জন পাঁচনিক লগ কৰিছিল। যদি যীচুৱে প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা দায়িত্ব কেৱল তেওঁলোককে দিব বিচৰা হ’লে, তাতে তেওঁ আজ্ঞা দিব পাৰিলেহেঁতেন। তেওঁ পাঁচনি, তিৰোতা আৰু অন্য লোকসকলক গালীলত আহিবলৈ নকলেহেঁতেন।—লূক ২৪:৩৩, ৩৬.

৬. (ক) মথি ২৮:২০ পদৰ অনুসৰি আমি কেনেকৈ জানিব পাৰোঁ যে শিষ্য বনোৱা আজ্ঞা আমাৰ বাবেও হয়? (খ) কিহে প্ৰমাণ কৰে যে আজি লোকসকলে এই আজ্ঞা পালন কৰিছে?

তৃতীয় কাৰণটোলৈ মন কৰক। যীচুৱে শিষ্য বনোৱা আজ্ঞা কেৱল প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক দিয়া নাছিল। এয়া কিয় ক’ব পাৰোঁ? কিয়নো শিষ্যসকলক আজ্ঞা দিয়াৰ পাছত যীচুৱে এইদৰে কৈছিল:“জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।” (মথি ২৮:২০) যীচুৱে কোৱাৰ দৰে আজি বহুতোলোকে শিষ্য বনোৱা কামত ভাগ লৈছে। প্ৰতি বছৰে প্ৰায় ৩,০০,০০০ লোক, যিহোৱাৰ সাক্ষী হিচাপে বাপ্তিষ্মা লৈছে আৰু যীচুৰ শিষ্য হৈছে। এয়া আচৰিত কথা নহয়নে?

৭. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম আৰু কিয়?

বাইবেল অধ্যয়ন কৰা কিছুমান লোকে উন্নতি কৰিছে আৰু আগলৈ গৈ বাপ্তিষ্মা লৈছে। কিন্তু কিছুমান বিদ্যাৰ্থীয়ে খ্ৰীষ্টৰ শিষ্য হ’বলৈ আগবাঢ়ি নাহে। যদিও তেওঁলোকে বাইবেল অধ্যয়ন কৰি ভাল পায়, কিন্তু বাপ্তিষ্মা ল’বলৈ পদক্ষেপ নলয়। যদি আপুনি কাৰোবাৰ লগত বাইবেল অধ্যয়ন কৰিছে, তেনেহ’লে আপুনি নিশ্চয় বিচাৰিব যে আপোনাৰ বিদ্যাৰ্থীয়ে শিকা কথাবোৰ নিজৰ জীৱনত পালন কৰা আৰু খ্ৰীষ্টৰ শিষ্য হোৱা। এই লেখত আমি আলোচনা কৰিম যে আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ বিদ্যাৰ্থীয়ে যিহোৱাক প্ৰেম কৰে আৰু উন্নতি কৰে। আমি এই বিষয়ে কিয় আলোচনা কৰা উচিত? কিয়নো হয়তো আমি কেতিয়াবা নিৰ্ণয় ল’বলগীয়া হ’ব পাৰে যে আমি অধ্যয়ন কৰি থাকিম নে বন্ধ কৰিম।

বিদ্যাৰ্থীৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়াওক

৮. কিছুমান বাইবেল বিদ্যাৰ্থীৰ বাবে যিহোৱাক প্ৰেম কৰাটো কিয় কঠিন হ’ব পাৰে?

লোকসকলে প্ৰেমৰ বাবে যিহোৱাৰ সেৱা কৰাটো তেওঁ বিচাৰে। আপুনি এনে কি কৰিব পাৰে, যাতে আপোনাৰ বিদ্যাৰ্থীয়ে যিহোৱাক প্ৰেম কৰে। যিহোৱাই তেওঁক প্ৰেম কৰে আৰু তেওঁৰ যত্ন লয় বুলি জানিবলৈ তেওঁক সহায় কৰক। তেওঁক জনাওক যে যিহোৱা “পিতৃহীনৰ পিতৃ, আৰু বিধৱাবিলাকৰ বিচাৰকৰ্ত্তা।” (গীত. ৬৮:৫) বাইবেল বিদ্যাৰ্থীয়ে যেতিয়া অনুভৱ কৰিব যে যিহোৱাই তেওঁক প্ৰেম কৰে, তেতিয়া তেৱোঁও যিহোৱাক প্ৰেম কৰিব। কিন্তু কিছুমান বাইবেল বিদ্যাৰ্থীৰ বাবে এয়া বুজিবলৈ কঠিন হ’ব পাৰে যে যিহোৱা এজন মৰমীয়াল পিতৃ কিয়নো তেওঁৰ পিতৃয়ে হয়তো কেতিয়াও তেওঁৰ প্ৰতি প্ৰেম দেখুৱা নাই আৰু যত্ন লোৱা নাই। (২ তীম. ৩:১, ৩) সেইবাবে, অধ্যয়নৰ সময়ছোৱাত যিহোৱাৰ আকৰ্ষণীয় গুণৰ বিষয়ে শিকাওক। তেওঁলোকক বুজাওক যে তেওঁলোকে অনন্ত জীৱন পোৱাটো যিহোৱা ঈশ্বৰে অন্তৰৰপৰা বিচাৰে আৰু ইয়াক পাবলৈ তেওঁলোকক সহায়ো কৰিব। ইয়াৰ উপৰিও আপুনি আৰু কি কৰিব পাৰে?

৯-১০. আপুনি কি কি কিতাপৰপৰা অধ্যয়ন কৰা উচিত আৰু কিয়?

নিজৰ বিদ্যাৰ্থীৰ লগত “বাইবেল আমাক কি শিকায়?” আৰু “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা” নামৰ কিতাপকেইখনৰ পৰা অধ্যয়ন কৰক। বিদ্যাৰ্থীৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱাৰ উদ্দেশ্যৰে এই কিতাপকেইখন তৈয়াৰ কৰা হৈছে। উদাহৰণস্বৰূপে, শিকায় কিতাপখনৰ প্ৰথম অধ্যায়ত এই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হৈছে: ঈশ্বৰে আমাৰ যত্ন লয়নে বা তেওঁ নিষ্ঠুৰনে? লোকসকলৰ দুখ-কষ্ট দেখি ঈশ্বৰে কেনে অনুভৱ কৰে? আপুনি যিহোৱাৰ বন্ধু হ’ব পাৰেনে? এতিয়া ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা নামৰ কিতাপখনলৈ মন কৰক। এই কিতাপখনৰ যোগেদি বিদ্যাৰ্থীসকলে বুজিব পাৰিব যে বাইবেলৰ সিদ্ধান্তৰ অনুসৰি জীৱন অতিবাহিত কৰিলে, তেওঁলোকৰ জীৱন পৰিৱৰ্তন হ’ব আৰু তেওঁলোকে যিহোৱাৰ কাষ চাপিব পাৰিব। আপুনি এই কিতাপখনৰপৰা হয়তো বহুতোলোকৰ লগত অধ্যয়ন কৰিছে, তথাপিও প্ৰতিটো অধ্যয়নৰ বাবে ভালদৰে প্ৰস্তুতি কৰক। এনে কৰাৰ সময়ত প্ৰতিজন বিদ্যাৰ্থীৰ প্ৰয়োজনীয়তাৰ বিষয়ে ধ্যান দিয়ক।

১০ যদি বিদ্যাৰ্থীয়ে সোধা কোনো এটা প্ৰশ্নৰ উত্তৰ শিক্ষাদানৰ সঁজুলিৰ বাকচত নাই, কিন্তু আন প্ৰকাশনত আছে, তেনেহ’লে আপুনি কি কৰিব। আপুনি বিদ্যাৰ্থীক উৎসাহিত কৰিব পাৰে যে পাছত তেওঁ সেই প্ৰকাশনৰপৰা নিজৰ উত্তৰ বিচাৰিব পাৰে। এই দৰে অধ্যয়নৰ সময়ছোৱাত আপুনি বেলেগ বিষয়ৰ ওপৰত আলোচনা কৰাৰ পৰিৱৰ্তে ইয়াত উল্লেখ কৰা কিতাপ কেইখনৰপৰা আলোচনা কৰিব পাৰে।

প্ৰাৰ্থনাৰে অধ্যয়ন আৰম্ভ কৰক (অনুচ্ছেদ ১১ চাওক)

১১. (ক) নতুন বাইবেল বিদ্যাৰ্থীৰ লগত কেতিয়াৰপৰা প্ৰাৰ্থনা কৰা উচিত? (খ) তেওঁলোকক প্ৰাৰ্থনাৰ গুৰুত্বতা বুজাবলৈ কি কৰা উচিত?

১১ অধ্যয়নৰ আৰম্ভণি প্ৰাৰ্থনাৰে কৰক। আপুনি নতুন বিদ্যাৰ্থীৰ লগত যিমান পাৰে, সিমান সোনকালে প্ৰাৰ্থনা কৰক। নিজৰ বাইবেল বিদ্যাৰ্থীক বুজিবলৈ সহায় কৰক যে কেৱল যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদিহে আমি তেওঁৰ বাক্য ভালদৰে বুজিব পাৰিম। কিছুমান বাইবেল শিক্ষকে প্ৰাৰ্থনাৰ গুৰুত্বতা বুজাবলৈ যাকোব ১:৫ পদ পঢ়ে। তাত এইদৰে লিখা আছে, “কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচনা কৰক।” তাৰ পাছত তেওঁ বিদ্যাৰ্থীক সোধে, “ঈশ্বৰৰপৰা বুদ্ধি বিচাৰিবলৈ আমি কি কৰা উচিত?” সাধাৰণতে বিদ্যাৰ্থীয়ে উত্তৰ দিয়ে যে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰা উচিত।

১২. গীতমালা ১৩৯:২-৪ পদৰ অনুসৰি আপুনি এনে কি কৰিব পাৰে, যাতে আপোনাৰ বিদ্যাৰ্থীয়ে হৃদয় খুলি যিহোৱাক প্ৰাৰ্থনা কৰিব পাৰে?

১২ প্ৰাৰ্থনা কৰিবলৈ বিদ্যাৰ্থীক শিকাওক। নিজৰ বিদ্যাৰ্থীৰ বিশ্বাস জন্মাওক যে যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিব বিচাৰে। তেওঁক কওক যে আনক ক’ব নোৱাৰা সকলো কথা তেওঁ হৃদয় খুলি যিহোৱাক ক’ব পাৰে। তেওঁক জনাওক যে যিহোৱাই আমাক ভালদৰে জানে আৰু আমাৰ হৃদয়ৰ সকলো কথা বুজি পায়। (গীতমালা ১৩৯:২-৪ পঢ়ক।) বিদ্যাৰ্থীক নিজৰ বেয়া চিন্তা আৰু অভ্যাসবোৰ এৰিবলৈ যিহোৱাৰপৰা প্ৰাৰ্থনা কৰি সহায় বিচাৰিবলৈ উৎসাহিত কৰক। উদাহৰণস্বৰূপে, আপোনাৰ বিদ্যাৰ্থীয়ে বহুসময়ৰপৰা বাইবেল অধ্যয়ন কৰি আছে, কিন্তু এতিয়াও তেওঁ মিছা ধৰ্মৰ লগত জড়িত থকা কিছুমান উৎসৱবোৰ পালন কৰি ভাল পায়। এয়া ভুল বুলি জনাৰ সত্ত্বেও তেওঁ এই উৎসৱবোৰৰ কিছুমান কথা ভাল পায়। নিজৰ বিদ্যাৰ্থীসকলক উৎসাহিত কৰক যে তেওঁলোকে হৃদয় খুলি যিহোৱা ঈশ্বৰক সকলো কথা জনায় আৰু সহায় বিচাৰে, যাতে তেওঁ যিহোৱাই যি ভাল পায় সেই বিষয়বোৰ ভাল পাব পাৰে।—গীত. ৯৭:১০.

বিদ্যাৰ্থীক সভালৈ নিমন্ত্ৰণ কৰক (অনুচ্ছেদ ১৩ চাওক)

১৩. (ক) আপোনাৰ বিদ্যাৰ্থীক যিমান পাৰে, সিমান সোনকালে সভালৈ নিমন্ত্ৰণ কৰাটো কিয় প্ৰয়োজন? (খ) আপুনি এনে কি কৰিব পাৰে, যাতে আপোনাৰ বিদ্যাৰ্থীয়ে সভালৈ আহিবলৈ ভাল পায়?

১৩ নিজৰ বিদ্যাৰ্থীক যিমান পাৰে, সিমান সোনকালে সভালৈ নিমন্ত্ৰণ কৰক। এয়া কিয় প্ৰয়োজন? বিদ্যাৰ্থীয়ে সভাত যি দেখে আৰু শিকে, সেইবোৰে তেওঁৰ হৃদয় স্পৰ্শ কৰে আৰু তেওঁক উন্নতি কৰিবলৈ সহায় কৰে। যিহোৱাৰ সাক্ষীসকলৰ সভাত কি হয়? নামৰ ভিডিঅ’খন দেখুৱাই আপুনি তেওঁক সভালৈ নিমন্ত্ৰণ কৰিব পাৰে নাইবা তেওঁক সভালৈ লগত লৈ যাব পাৰে। ইয়াৰ উপৰিও আপুনি বেলেগ বেলেগ ভাই-ভনীসকলক তেওঁৰ অধ্যয়নত লৈ যাব পাৰে। এইদৰে আপোনাৰ বিদ্যাৰ্থীয়ে ভাই-ভনীসকলক ভালদৰে জানিব পাৰিব। যেতিয়া তেওঁ সভালৈ আহিব, তেতিয়া তেওঁক অচিনাকি লোকৰ মাজত আছোঁ যেন নালাগিব।

উন্নতি কৰিবলৈ নিজৰ বিদ্যাৰ্থীক সহায় কৰক

১৪. এজন বিদ্যাৰ্থীয়ে কেতিয়া উন্নতি কৰে? বুজাওক।

১৪ আমি নিজৰ বাইবেল বিদ্যাৰ্থীক সহায় কৰাটোৱে হৈছে আমাৰ লক্ষ্য। (ইফি. ৪:১৩) যেতিয়া এজন ব্যক্তিয়ে বাইবেল অধ্যয়ন কৰিব বিচাৰে, তেতিয়া তেওঁ হয়তো ভাবিব পাৰে যে এই অধ্যয়ৰপৰা মোৰ কি লাভ হ’ব। কিন্তু যেতিয়া তেওঁৰ হৃদয়ত যিহোৱাৰ প্ৰতি প্ৰেম বাঢ়িব, তেতিয়া তেওঁ উন্নতি কৰিব। তেওঁ কেৱল নিজৰ বিষয়ে নহয়, তাৰ পৰিৱৰ্তে মণ্ডলীৰ ভাই-ভনী আৰু আন লোকসকলৰ বিষয়ে ভাবিবলৈ ধৰে আৰু তেওঁলোকৰ সহায় কৰিবলৈ সুযোগ বিচাৰে। (মথি ২২:৩৭-৩৯) আমি সুযোগ বিচাৰি নিজৰ বিদ্যাৰ্থীক এয়া কোৱা উচিত যে টকা-পইচা দান কৰি ৰাজ্যৰ কামত সহযোগ দিয়াটো খ্ৰীষ্টানসকলৰ দায়িত্ব।

সমস্যা অহাৰ সময়ত বিদ্যাৰ্থীসকলে কি কৰা উচিত তাৰ বিষয়ে শিকাওক (অনুচ্ছেদ ১৫ চাওক)

১৫. সমস্যা সমাধান কৰিবলৈ আপুনি নিজৰ বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰে?

১৫ সমস্যা আহিলে কি কৰা উচিত নিজৰ বিদ্যাৰ্থীক শিকাওক। উদাহৰণস্বৰূপে, আপোনাৰ বিদ্যাৰ্থী এজন প্ৰচাৰক হয় আৰু তেওঁ আহি আপোনাক কয় যে এজন ভাই বা ভনীয়ে তেওঁক আঘাত দিছে। তেতিয়া আপুনি কি কৰিব? কোন ভাল কোন বেয়া আপুনি তেওঁক লগে লগে ক’বনে? বা আপুনি তেওঁক বুজাবনে এনে পৰিস্থিতিত বাইবেল কোনটো সিদ্ধান্ত পালন কৰা উচিত? সেই সিদ্ধান্তৰ অনুসৰি তেওঁ হয়তো সেই ভাইজনক ক্ষমা কৰিব পাৰে। তেওঁ যদি ক্ষমা কৰিব পৰা নাই, তেন্তে তেওঁক লগ কৰি কথা পাতিব পাৰে। তেওঁক প্ৰেমেৰে আৰু দয়াৰে ব্যৱহাৰ কৰা উচিত, কিয়নো তেওঁৰ উদ্দেশ্য হৈছে নিজৰ ‘ভায়েৰাক পোৱা।’ (মথি ১৮:১৫ তুলনা কৰক।) নিজৰ বিদ্যাৰ্থীক প্ৰস্তুতি কৰিবলৈ সহায় কৰক যে তেওঁ সেই ভাইজনক কি ক’ব। তেওঁক দেখুৱাওক যে তেওঁ JW লাইব্ৰেৰী এপ, যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড্‌ আৰু আমাৰ jw.org ৱেবছাইটৰ সহায়ত কেনেকৈ সমস্যাৰ সমাধান কৰিব পাৰে। যদি বিদ্যাৰ্থীয়ে বাপ্তিষ্মাৰ আগতে সমস্যাবোৰ ভালদৰে সমাধান কৰিবলৈ শিকে, তেনেহ’লে বাপ্তিষ্মা লোৱাৰ পাছত মণ্ডলীৰ ভাই-ভনীৰ লগত তেওঁৰ সম্পৰ্ক ভাল হ’ব।

১৬. বাইবেল অধ্যয়নলৈ আন ভাই-ভনীসকলক লৈ যোৱা কিয় প্ৰয়োজন?

১৬ আন ভাই-ভনীসকলক আৰু চাৰ্কিট ওভাৰচিয়াৰক অধ্যয়নলৈ লৈ যাওক। এনে কৰা কিয় প্ৰয়োজন? আমি যেনেকৈ শিকিছিলোঁ যে আন ভাই-ভনীসকলে আপোনাৰ বিদ্যাৰ্থীক, সেই উপায়েৰে সহায় কৰিব পাৰে যি উপায়েৰে আপুনি হয়তো সহায় কৰিব পৰা নাই। উদাহৰণস্বৰূপে আপোনাৰ বিদ্যাৰ্থীয়ে চিগাৰেট এৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁ সক্ষম হোৱা নাই। এনে পৰিস্থিতি সেই ভাইজনক অধ্যয়নলৈ লৈ যাওক যিজনে এসময়ত চিগাৰেট সেৱন কৰিছিল আৰু ইয়াক এৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল। সেই ভাইজনে আপোনাৰ বিদ্যাৰ্থীক কিছুমান পৰামৰ্শ দিব পাৰে যি তেওঁৰ বাবে লাভদায়ক। যদি কোনো অনুভৱি ভাই আপোনাৰ লগত অধ্যয়নলৈ যায় আৰু তেওঁৰ আগত আপুনি অধ্যয়ন কৰিবলৈ সংকোচ কৰে, তেনেহ’লে তেওঁক অধ্যয়ন কৰিবলৈ কওক। এইদৰে আপোনাৰ বিদ্যাৰ্থীয়ে বেলেগ বেলেগ বিদ্যাৰ্থীৰ অভিজ্ঞতাৰপৰা লাভৱান হ’ব পাৰে। মনত ৰাখিব যে আমাৰ লক্ষ্য হৈছে আমাৰ বিদ্যাৰ্থীক উন্নতি কৰিবলৈ সহায় কৰা।

মই অধ্যয়ন বন্ধ কৰা উচিতনে?

১৭-১৮. অধ্যয়ন বন্ধ কৰাৰ আগতে আপুনি কি কি কথা মনত ৰখা উচিত?

১৭ যদি আপোনাৰ বিদ্যাৰ্থীয়ে শিকা কথাবোৰ পালন কৰা নাই, তেনেহ’লে আপুনি হয়তো ভাবিব পাৰে যে, ‘মই তেওঁৰ লগত অধ্যয়ন বন্ধ কৰা উচিতনে?’ যি কোনো নিৰ্ণয় লোৱাৰ আগত নিজৰ বিদ্যাৰ্থীৰ ক্ষমতাৰ বিষয়ে চিন্তা কৰক। কিছুমান লোকে হয়তো উন্নতি কৰিবলৈ বেছি সময় ল’ব পাৰে। এনে সময়ত নিজকে প্ৰশ্ন কৰক: ‘মোৰ বিদ্যাৰ্থীয়ে নিজৰ পৰিস্থিতিৰ অনুসৰি যিমান পাৰে সিমান উন্নতি কৰিছেনে?’ ‘তেওঁ শিকা বিষয়বোৰ পালন কৰিছে নে আৰু নিজৰ জীৱনত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিছেনে?’ (মথি ২৮২০) এজন বিদ্যাৰ্থীয়ে হয়তো লগে লগে ডাঙৰ পৰিৱৰ্তন নকৰে, তথাপিও তেওঁৰ জীৱনত সৰু সৰু পৰিৱৰ্তন প্ৰকাশ হোৱা উচিত।

১৮ আপোনাৰ বিদ্যাৰ্থীয়ে যদি বহুসময় অধ্যয়ন কৰাৰ পাছতো পৰিৱৰ্তন কৰা নাই, তেতিয়া আপুনি কি কৰিব? উদাহৰণস্বৰূপে, আপোনাৰ বিদ্যাৰ্থীয়ে শিকায় কিতাপখনৰপৰা অধ্যয়ন শেষ কৰিলে আৰু ঈশ্বৰৰ প্ৰেম কিতাপখনৰপৰা অধ্যয়ন কৰি আছে, কিন্তু তেওঁ এতিয়ালৈকে এটাও সভাত উপস্থিত হোৱা নাই আৰু লগতে স্মৰণীয় দিনতো উপস্থিত হোৱা নাই। ইয়াৰ উপৰিও তেওঁ সৰু সৰু কাৰণত অধ্যয়ন নকৰে। এনে পৰিস্থিতিত বিদ্যাৰ্থীৰ লগত ভালদৰে কথা পতাৰ প্ৰয়োজন। *

১৯. আপুনি বিদ্যাৰ্থীক কি প্ৰশ্ন সুধিব পাৰে আৰু তেওঁৰ উত্তৰ শুনি আপুনি কি কৰিব?

১৯ আপুনি বিদ্যাৰ্থীক এইদৰে সুধিব পাৰে, ‘যিহোৱাৰ সাক্ষী হ’বলৈ আপোনাৰ বাবে আটাইতকৈ ডাঙৰ বাধা কি?’ বিদ্যাৰ্থীয়ে হয়তো ক’ব পাৰে ‘মই বাইবেল অধ্যয়ন কৰি ভাল পাওঁ, কিন্তু মই যিহোৱাৰ সাক্ষী হ’ব নোৱাৰোঁ!’ যদি বিদ্যাৰ্থীয়ে এতিয়াও এইদৰে ভাবি আছে, তেনেহ’লে আমি তেওঁৰ লগত অধ্যয়ন কৰি থকা উচিতনে? আনহাতে, বিদ্যাৰ্থীয়ে প্ৰথমবাৰ হয়তো আপোনাক ক’ব পাৰে যে কি কথাই তেওঁক উন্নতি কৰিবলৈ বাধা দিছে। উদাহৰণস্বৰূপে, তেওঁ ক’ব পাৰে যে ঘৰে ঘৰে গৈ তেওঁ প্ৰচাৰ কৰিব নোৱাৰে। আপুনি এতিয়া তেওঁৰ হৃদয়ৰ কথা জানে আৰু তেওঁক ভালদৰে সহায় কৰিব পাৰিব।

উন্নতি নকৰা বিদ্যাৰ্থীৰ লগত অধ্যয়ন বন্ধ কৰক (অনুচ্ছেদ ২০ চাওক)

২০. পাঁচনিৰ কৰ্ম্ম ১৩:৪৮ পদৰ অনুসৰি আপুনি কেনেকৈ নিৰ্ণয় কৰিব যে আপুনি নিজৰ বিদ্যাৰ্থীৰ লগত অধ্যয়ন কৰি থাকিব নে বন্ধ কৰিব?

২০ দুখৰ বিষয় যে কিছুমান বিদ্যাৰ্থী যিহিষ্কেলৰ সময়ৰ ইস্ৰায়েলীসকলৰ দৰে হয়। যিহোৱাই সেই লোকসকলৰ বিষয়ে যিহিষ্কেলক এইদৰে কৈছিল: “চোৱা, তুমি তেওঁবিলাকৰ গুৰিত সুন্দৰ ডিঙিৰ মানুহৰ, আৰু ভালকৈ বাদ্য কৰিব পৰা লোকৰ মনোহৰ গান যেনহে; কিয়নো তেওঁবিলাকে তোমাৰ বাক্য শুনে, কিন্তু সেইদৰে কাৰ্য্য নকৰে।” (যিহি. ৩৩:৩২) আপুনি নিজৰ বিদ্যাৰ্থীক এয়া কোৱা সহজ নহয় যে, আপুনি অধ্যয়ন বন্ধ কৰিব বিচাৰে। কিন্তু মনত ৰাখিব “সেই কাল চুটি কৰা হৈছে।” (১ কৰি. ৭:২৯) গতিকে, যি বাইবেল বিদ্যাৰ্থীয়ে উন্নতি কৰা নাই তেওঁৰ লগত অধ্যয়ন কৰাৰ পৰিৱৰ্তে, “অনন্ত জীৱন পাবলৈ নিৰূপিত” লোকক বিচাৰিবলৈ নিজৰ সময় অতিবাহিত কৰক।—পাঁচনিৰ কৰ্ম্ম ১৩:৪৮ পঢ়ক।

আপোনাৰ এলেকাত হয়তো কোনোবাই সহায়ৰ বাবে প্ৰাৰ্থনা কৰি আছে (অনুচ্ছেদ ২০ চাওক)

২১. ২০২০ চনৰ বাৰ্ষিক পাঠ কি আৰু ইয়ে আমাক কি কৰিবলৈ উৎসাহিত কৰে?

২১ আমি শিষ্য বনোৱা কাম আৰু ভালদৰে কেনেকৈ কৰিব পাৰোঁ, তাৰ বিষয়ে ২০২০ চনৰ বাৰ্ষিক পাঠে আমাক সহায় কৰিব। এই বাৰ্ষিক পাঠত যীচুৱে গালীলৰ সভাত কোৱা বাক্য উল্লেখ কৰা হৈছে: ‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’মথি ২৮:১৯.

আহক আমি থিৰাং কৰোঁ যে শিষ্য বনোৱা কাৰ্য্য ভালদৰে কৰোঁ আৰু আমাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা ল’বলৈ সহায় কৰোঁ (অনুচ্ছেদ ২১ চাওক)

গীত ৭০ যোগ্য লোকসকলক বিচাৰক

^ অনু. 5 ২০২০ চনৰ বাৰ্ষিক পাঠে আমাক ‘শিষ্য কৰিবলৈ’ উৎসাহিত কৰে। যিহোৱা ঈশ্বৰৰ প্ৰতিজন সেৱকক এই আজ্ঞা পালন কৰা উচিত। আমি এনে কি কৰিব পাৰোঁ, যাতে আমাৰ বাইবেল বিদ্যাৰ্থীসকলে খ্ৰীষ্টৰ শিষ্য হ’বলৈ উৎসাহিত হয়? যিহোৱাৰ কাষ চাপিবলৈ আমি আমাৰ বিদ্যাৰ্থীসকলক কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে আমি এই লেখত শিকিম। আমাৰ বাইবেল বিদ্যাৰ্থীৰ লগত অধ্যয়ন কৰি থাকিম নে বন্ধ কৰিম, তাৰ বিষয়ে কিহৰ আধাৰত নিৰ্ণয় কৰিম, এই বিষয়েও আমি শিকিম।