আপুনি কেতিয়াবা চিন্তা কৰিছেনে?
যদি ঈশ্বৰে আমাক প্ৰেম কৰে, তেনেহʼলে হাজাৰ হাজাৰ বছৰৰ পৰা তেওঁ কিয় দুখ-কষ্ট থাকিব দিছে?
দুষ্টতাৰ অন্ত হʼব বুলি আমি কেনেকৈ ভৰসা কৰিব পাৰোঁ?
ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বাইবেলত যি লিখা আছে, সেইবোৰ নিশ্চয় পূৰ হʼব বুলি আমি কেনেকৈ জানোঁ?
বাইবেলৰ পৰামৰ্শ পালন কৰিলে মই লাভৱান হʼমনে?
আমাৰ সৃষ্টিকৰ্তা আমাক বহুত প্ৰেম কৰে, সেইবাবে তেওঁ বাইবেলত এই সকলো প্ৰশ্নৰ উত্তৰ দিছে। এই বিষয়ে আপুনি আমাৰ ৱেবছাইট www.pr418.com-ত পঢ়িব পাৰে। এয়া বাইবেলৰ শিক্ষা দিয়া ৱেবছাইট হয়।
এই ৱেবছাইটত বহুতো লেখ, অডিঅʼ ৰেকৰ্ডিং, ভিডিঅʼ, সাক্ষাৎকাৰ, ক্ৰিয়াকলাপ, কিতাপ-পত্ৰিকা আৰু বাইবেল উপলব্ধ আছে। এই সকলোবোৰ বিনামূলীয়া। এই ৱেবছাইটত আপুনি কোনো কথাৰ বাবে বাধ্য হʼব নালাগিব।