আমাৰ সমস্যা
সমস্যাবোৰ কেনেকৈ সম্পূৰ্ণৰূপে শেষ কৰিম?
আপুনি কি ভাবে আমাৰ শান্তি আৰু সুৰক্ষা বিপদত পেলোৱা সমস্যাবোৰ মানুহে সমাধান কৰিব পাৰিবনে? প্ৰকৃততে আমাৰ সমস্যাবোৰ তেতিয়াহে সমাধান হʼব, যেতিয়া এইবোৰ সম্পূৰ্ণৰূপে শেষ কৰা হʼব।
এয়া বুজিবলৈ এটা ঘটনালৈ মন কৰক, টʼম নামৰ এজন ব্যক্তি বেমাৰত পৰিল আৰু পাছত তেওঁৰ মৃত্যু হʼল। ইয়াৰ কাৰণ কি আছিল বাৰু? মৃত্যুৰ আগত যি হস্পিটালত টʼমৰ চিকিৎসা হৈছিল, তাৰ এজন ডাক্তৰে এইদৰে কৈছে, “আৰম্ভণিতে যেতিয়া তেওঁৰ বেমাৰৰ লক্ষণ দেখা গৈছিল, তেতিয়া কোনেও তেওঁৰ বেমাৰৰ কাৰণ জানিবলৈ চেষ্টা নকৰিলে। আৰম্ভণিতে যি ডাক্তৰসকলে তেওঁৰ চিকিৎসা কৰিছিল, তেওঁলোকে হয়তো মাত্ৰ কিছুমান দৰব দিছিল, যাতে তেওঁ অলপ আৰাম অনুভৱ কৰিব পাৰে।”
পৃথিৱীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত লোকসকলে এইদৰেই কৰিছে। যেনে, চৰকাৰে অপৰাধবোৰ শেষ কৰিবলৈ কিছুমান আইন অবলম্বন কৰে, ঠায়ে ঠায়ে ভিডিঅʼ কেমেৰা লগাই আৰু সুৰক্ষা বঢ়াবলৈ পুলিচৰ সংখ্যা বৃদ্ধি কৰে। এনেধৰণৰ পদক্ষেপ লʼলে অপৰাধ কিছু পৰিমানে কম হয়, কিন্তু সম্পূৰ্ণৰূপে শেষ নহয়। কিয়নো অপৰাধৰ মূল কাৰণ হৈছে, লোকসকলৰ চিন্তাধাৰা, ধাৰণা আৰু বেয়া ইচ্ছা।
ডেনিয়েল দক্ষিণ আমেৰিকাৰ এনে এখন দেশত বাস কৰে, যʼৰ আৰ্থিক পৰিস্থিতি ভাল নহয়। তেওঁ কৈছে, “এসময়ত আমি শান্তিৰে জীয়াই আছিলোঁ; বজাৰ, নগৰ আৰু গাঁৱবোৰত চোৰ-ডকাইতৰ কোনো ভয় নাছিল। কিন্তু তেনে পৰিস্থিতি এতিয়া নাই। দৰিদ্ৰতা বঢ়াৰ বাবে লোকসকলৰ আচল চৰিত্ৰ ওলাই পৰিছে। তেওঁলোকে ইমানেই লুভীয়া হৈ পৰিছে যে আনৰ বস্তু কাঢ়ি লʼবলৈ আৰু হত্যা কৰিবলৈ অলপো সংকোচ নকৰে।”
মধ্যপ্ৰাচ্যৰ এখন দেশৰ এজন ব্যক্তিয়ে কৈছে যে সেই ঠাইৰ লোকসকলৰ চিন্তাধাৰা কেনেকুৱা। তাত যুদ্ধ হোৱাৰ বাবে সেই ব্যক্তিজন তাৰ পৰা পলাই গʼল আৰু পাছত তেওঁ বাইবেলৰ সত্য পালে। তেওঁ কৈছে, “মই যি নগৰত ডাঙৰ-দীঘল হৈছিলোঁ, তাৰ ডেকাসকলক পৰিয়ালৰ লোকসকলে, ৰাজনৈতিক নেতা আৰু ধৰ্মগুৰুসকলে শিকাইছিল যে তেওঁলোকে যুদ্ধত যোৱা উচিত আৰু নিজকে বীৰ বুলি প্ৰমাণ কৰা উচিত। বিপক্ষৰ লোকসকলকো এয়াই শিকোৱা হৈছিল। নেতা আৰু ধৰ্মগুৰুসকলৰ কথা শুনাৰ কিমান বেয়া পৰিণাম হʼব পাৰে, এয়া মই ভালদৰে জানিব পাৰিলোঁ।”
এখন পুৰণি কিতাপত কিমান সঠিকভাৱে লিখা আছে:
-
“মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ।”—আদিপুস্তক ৮:২১.
-
“মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?”—যিৰিমিয়া ১৭:৯.
-
‘বেয়া চিন্তা, হত্যা, ব্যভিচাৰ, অনৈতিক শাৰীৰিক সম্পৰ্ক, চোৰ কৰা আৰু মিছা সাক্ষ্য হৃদয়ৰ পৰা ওলায়।ʼ—মথি ১৫:১৯.
মানুহৰ মনৰ পৰা বেয়া চিন্তাধাৰা উলিয়াই পেলাবলৈ লোকসকলে বিফল হৈ পৰিছে। লোকসকলৰ এই বেয়া গুণবোৰ দিনক-দিনে বাঢ়ি গৈ আছে। (২ তীমথিয় ৩:১-৫) যাৰ বাবে পৃথিৱীৰ পৰিস্থিতি বেয়ালৈ ঢাল খাইছে। এই বিষয়ে আগৰ লেখত উল্লেখ কৰা হৈছে। আজি লোকসকলৰ ওচৰত আগতকৈ বেছি তথ্য আছে আৰু এজনে আনজনক যোগাযোগ কৰাৰ সুবিধাবোৰ আছে। তথাপিও আমাৰ শান্তি আৰু সুৰক্ষা বিপদত আছে। শান্তি আৰু সুৰক্ষা আনিবলৈ আমি কিয় বিফল হৈছোঁ? ভৱিষ্যতে আমি সফল হʼমনে? শান্তি আৰু সুৰক্ষা অনাটো আমাৰ বাবে অসম্ভৱ নে?
আমি অসম্ভৱক সম্ভৱ কৰিবলৈ চেষ্টা কৰিছোঁ নেকি?
যদি আমি চমৎকাৰ কৰি লোকসকলৰ মনৰ পৰা বেয়া চিন্তাক উলিয়ায় দিওঁ, তথাপিও আমি পৃথিৱীত সুৰক্ষা আনিব নোৱাৰোঁ। কিয়? কিয়নো আমাৰ কিছুমান সীমা আছে।
এয়া সত্য যে ‘নিজ খোজ স্থিৰ কৰিবলৈ মানুহৰ অধিকাৰ নাই।ʼ (যিৰিমিয়া ১০:২৩) যিদৰে আমাক সমুদ্ৰৰ তলত বা মহাকাশত থাকিবলৈ সৃষ্টি কৰা নাই, ঠিক সেইদৰে মানুহে আনৰ ওপৰত শাসন কৰিব পৰাকৈ আমাক সৃষ্টি কৰা নাই।
খন্তেকৰ বাবে চিন্তা কৰক, যদি কোনোবাই আহি কয় যে কিদৰে জীৱন-যাপন কৰা উচিত, তেনেহʼলে লোকসকলক ভাল লাগিবনে? গৰ্ভপাত কৰিবনে নাই বা লʼৰা-ছোৱালীক কেনেকৈ অনুশাসন দিব এনেধৰণৰ বিষয়ত তেওঁলোকৰ বাবে যদি আনে নিৰ্ণয় লয়, তেনেহʼলে তেওঁলোকক ভাল লাগিবনে? সেইবাবে বাইবেলত কোৱা এই কথাষাৰ একেবাৰে সঠিক। মানুহে আনৰ ওপৰত শাসন কৰাৰ অধিকাৰ আৰু যোগ্যতাও নাই, তেনেহʼলে কোনে আমাক সঠিক পথ দেখুৱাব পাৰে?
আমাৰ সৃষ্টিকৰ্তাৰ বাহিৰে আন কোনেও আমাক সঠিক পথ দেখুৱাব নোৱাৰে। কিয়নো তেৱে আমাক বনাইছে! বহুতোলোকে বিশ্বাস কৰে যে ঈশ্বৰে আমাক পাহৰি গʼল, কিন্তু এয়া সঁচা নহয়। তেওঁ আমাৰ ভালৰ বিষয়ে চিন্তা কৰে। সেইবাবে তেওঁ বাইবেলত আমাৰ কাৰণে ভাল পৰামৰ্শ লিখোৱাইছে। বাইবেলৰ নিচিনা আন কোনো কিতাপ নাই। এই কিতাপখন পঢ়ি আমি মানুহৰ সীমাৰ বিষয়ে চিন্তা কৰিব পাৰোঁ আৰু এয়াও জানিব পাৰোঁ যে মানুহে কিয় ইমান দুখ-কষ্টৰ সন্মুখীন হৈ আছে। এজন জাৰ্মান বিশেষজ্ঞই কোৱাৰ দৰে আমি ইয়াৰ পৰা এয়াও বুজিব পাৰোঁ যে লোকসকলে আৰু চৰকাৰবোৰে ইতিহাসত হোৱা ঘটনাবোৰৰ পৰা কিয় একো নিশিকিলে?
বাইবেলৰ বুদ্ধিৰে ভৰা পৰামৰ্শ আমাৰ ভালৰ বাবেহে
এজন বুদ্ধিমান ব্যক্তিয়ে এইদৰে কৈছিল, “বুদ্ধি নিজৰ সকলো পৰিণামৰ যোগেদি সঠিক বুলি প্ৰমাণিত হয়।” (লূক ৭:৩৫) বাইবেলে আমাক চিন্তা কৰিবলৈ আৰু বিবেচনা কৰিবলৈ সহায় কৰিব পাৰে। যেনে, “নাকৰ বিন্ধাত নিশ্বাস থকা মনুষ্যৰ আশ্ৰয় তোমালোকে এৰি যোৱা।” (যিচয়া ২:২২) এই পৰামৰ্শ পালন কৰিলে আমি মিছা প্ৰতিজ্ঞাৰ ওপৰত ভৰসা নকৰিম আৰু কেতিয়াও পূৰ নোহোৱা কথাবোৰলৈ বাট চাই নাথাকিম। কেনেথ উত্তৰ আমেৰিকাৰ এনে এখন চহৰত থাকে যʼত বহুতো হিংসাত্মক কামবোৰ হয়। তেওঁ কৈছে, “নেতাসকলে প্ৰতিজ্ঞা কৰে যে তেওঁলোকে সকলো ঠিক কৰি দিব, কিন্তু কৰিব নোৱাৰে। তেওঁলোকৰ বিফলতাই প্ৰমাণ কৰে যে বাইবেলৰ কথা একেবাৰে সঠিক।”
ডেনিয়েল যাৰ বিষয়ে আগতো উল্লেখ কৰা হৈছিল। তেওঁ এইদৰে কৈছে, “দিনক-দিনে মোৰ বিশ্বাস দৃঢ় হʼল যে লোকসকলে শাসন কৰিব নোৱাৰে। যদি বেংকত আপোনাৰ ওচৰত বহুতো পইচা আছে বা আপুনি কোনো পেঞ্চন যোজনাত পইচা লগাইছে, তথাপিও ইয়াৰ কোনো গেৰান্টি নাই যে আপোনাৰ বৃদ্ধকাল ভালদৰে যাব। মই লক্ষ্য কৰিছোঁ যে এইবোৰৰ ওপৰত ভৰসা কৰাৰ বাবে লোকসকলে নিৰাশ হৈ পৰিছে আৰু একো লাভ হোৱা নাই।”
সঁচাকৈ, বাইবেলৰ পৰামৰ্শ পালন কৰিলে আমি পূৰ নোহোৱা কথাবোৰলৈ বাট নাচাম। লগতে, আমি এটা আশাও লাভ কৰিম। এই বিষয়ে আমি পৰৱৰ্তী লেখবোৰত আলোচনা কৰিম।