Skip to content

Skip to table of contents

জীৱনৰ সন্মান কৰক

জীৱনৰ সন্মান কৰক

জীৱনৰ সন্মান কৰাটো কিয় প্ৰয়োজন?

যেতিয়া কোনো এজন ব্যক্তিয়ে এনে কাম কৰে, যাৰ পৰা তেওঁৰ স্বাস্থ্যৰ ক্ষতি হয় বা আনৰ জীৱন বিপদত পৰে, তেনেহʼলে জানিব পাৰি যে তেওঁ নিজৰ আৰু আনৰ জীৱনৰ বিষয়ে চিন্তাই নকৰে।

  • বিড়ি-চিগাৰেট খালে কেৱল কেন্সাৰে নহয়, কিন্তু শৰীৰো ইমান দুৰ্বল হৈ যায় যে ইয়ে এই বেমাৰৰ লগত যুঁজিব নোৱাৰে। লোকসকলে কয় যে যিসকলৰ মৃত্যু হাঁওফাঁওৰ কেন্সাৰ হোৱাৰ বাবে হয়, তেওঁলোকৰ মাজৰ ৯০ শতাংশ লোকসকলে নিজে চিগাৰেট খাইছিল বা তেওঁলোকৰ ওচৰে-পাঁজৰে থকা লোকসকলে খাইছিল।

  • কিছুমান দেশত স্কুল আৰু আন ঠাইবোৰত মুকলিভাৱে গুলি চালনা হয়। প্ৰতি বছৰে বহুতো লোকৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিছে। এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ ৰিৰ্পটত এইদৰে লিখা আছে, “যদিও কিছুমান লʼৰা-ছোৱালীয়ে গুলি চালনাৰ পৰা বাচি যায়। কিন্তু তেওঁলোকৰ ওপৰত ইয়াৰ মানসিকভাৱে প্ৰভাৱ পৰে। তেওঁলোকে ভয় অনুভৱ কৰে আৰু এই দুৰ্ঘটনা বহু বছৰলৈকে তেওঁলোকৰ মনত থাকে।”

  • যেতিয়া লোকসকলে ড্ৰাগ্ছ বা মদ খাই গাড়ী চলাই, তেতিয়া একচিডেণ্ট হʼব পাৰে। আনকি ফুতপাথত খোজকঢ়া লোকসকলৰ বাবেও বিপদজনক। যেতিয়া লোকসকলে নিজৰ জীৱনৰ প্ৰতি চিন্তা নকৰে, তেতিয়া নিৰ্দোষী লোকসকলে ইয়াৰ বেয়া পৰিণাম ভুগিবলগীয়া হয়।

আপুনি জীৱনৰ সন্মান কেনেকৈ কৰিব পাৰে?

নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। আপোনাৰ বিড়ি-চিগাৰেট, ই-চিগাৰেট, ড্ৰাগ্ছ বা বেছিকৈ মদ খোৱাৰ অভ্যাস আছেনে? এনেধৰণৰ বেয়া অভ্যাসবোৰ আপোনাৰ কাৰণে আৰু আনৰ, বিশেষকৈ নিজৰ পৰিয়ালৰ কাৰণে বিপদজনক হʼব পাৰে। সেইবাবে, এই বেয়া অভ্যাসবোৰ এতিয়াই এৰি দিয়ক।

‘আহা, আমি শৰীৰক অশুচি কৰিব পৰা সকলো ধৰণৰ বিষয়ৰ পৰা আঁতৰি থাকি নিজকে শুচি কৰোঁ।’—২ কৰিন্থীয়া ৭:১.

নিজৰ আৰু আনৰ সুৰক্ষাৰ প্ৰতি ধ্যান দিয়ক। নিজৰ ঘৰখন ভালদৰে ৰাখক। যদি মেৰামতিৰ প্ৰয়োজন, তেনেহʼলে কৰক; যাতে কোনো দুৰ্ঘটনা নহয়। নিজৰ গাড়ীখন ভাল অৱস্থাত ৰাখক আৰু ভালদৰে চলাওক। আনৰ কথা শুনি এনে কোনো কাম নকৰিব, যাৰ ফলত আপোনাক আঘাত লাগিব পাৰে বা আপোনাৰ জীৱন বিপদত পৰিব পাৰে।

“কোনো মানুহ তোমাৰ ঘৰৰ চালৰ পৰা পৰিলে তুমি নিজ ঘৰৰ ওপৰত ৰক্তপাতৰ দোষ নঘটাবৰ নিমিত্তে, তুমি নতুন ঘৰ সাজিলে, তাৰ চালৰ ওপৰত চাৰিওফালে বেৰ নিৰ্ম্মাণ কৰিবা।” —দ্বিতীয় বিবৰণ ২২:৮. a

সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰক। জীৱনৰ সন্মান কৰাৰ অৰ্থ এয়াও যে আমি সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰোঁ। যদিও তেওঁলোক বেলেগ দেশ বা জাতি, ধনী বা দুখীয়া, পঢ়া-লিখা হওক বা নহওক আমি সকলোৰে লগত ভালদৰে ব্যৱহাৰ কৰোঁ। এইদৰে কৰাটো ভাল, কিয়নো আজি গোটেই পৃথিৱীত যিমান হাই-কাজিয়া বা হুলস্থুল হয়, এই সকলোবোৰৰ কাৰণ হৈছে লোকসকলে পক্ষপাত কৰে আৰু এজনে-আনজনক হিংসা কৰে।

“সকলো ধৰণৰ ঈৰ্ষা, খং, ক্ৰোধ, আনৰ ওপৰত চিঞৰা আৰু গালি-শপনি লগতে হানি কৰা সকলো ধৰণৰ কথাক নিজৰ পৰা দূৰ কৰা। ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনৰ লগত কৃপাৰে ব্যৱহাৰ কৰা।”—ইফিচীয়া ৪:৩১, ৩২.

আমাৰ প্ৰচেষ্টা

আমি যিহোৱাৰ সাক্ষীসকলে লোকসকলক এক ভাল আৰু সুস্বাস্থ্যৰ জীৱন জীয়াই থাকিবলৈ উৎসাহিত কৰোঁ। আমাৰ সভা হয় আৰু আমি লোকসকলৰ লগত বাইবেলৰ পৰা আলোচনা কৰোঁ। ইয়াত আমি এনে কিছুমান সিদ্ধান্তৰ বিষয়ে আলোচনা কৰোঁ, যিয়ে লোকসকলক খং, ড্ৰাগ্ছ বা চিগাৰেট খোৱাৰ বেয়া অভ্যাস এৰাত সহায় কৰে।

আমাৰ নিৰ্মাণ কামৰ ঠাইত সুৰক্ষাৰ প্ৰতি ধ্যান দিয়া হয়। কিছুমান যিহোৱাৰ সাক্ষীয়ে ৰাজ্যগৃহ আৰু সংগঠনৰ বেলেগ বেলেগ নিৰ্মাণ কামত ভাগ লয়। তেওঁলোকক ট্ৰেনিং দিয়া হয়, যাতে তেওঁলোকে কোনো দুৰ্ঘটনা নোহোৱাকৈ কাম কৰিব পাৰে। ইয়াৰ উপৰিও মাজে সময়ে আমাৰ বিল্ডিঙবোৰৰ চোৱা-চিতা কৰা হয় আৰু মেৰামতি কৰা হয়। যাতে সেই এলেকাৰ নিয়মৰ অনুসৰি সকলো সুৰক্ষিত থাকে।

কোনো দুৰ্যোগ আহিলে আমি সাহায্য আগবঢ়াও। ২০২২ চনত গোটেই পৃথিৱীত প্ৰায় ২০০ টা ডাঙৰ ডাঙৰ দুৰ্যোগ আহিছিল। সেই সময়ছোৱাত লোকসকলৰ ওচৰলৈ সাহায্য সামগ্ৰী পঠিয়াবলৈ আমি প্ৰায় ৯০ কোটি খৰচ কৰিলোঁ।

যেতিয়া ২০১৪ চনত পশ্চিম আফ্ৰিকাৰ দেশবোৰত ইবʼলা ভাইৰাচ বিয়পিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে কি কি সাৱধানতা অৱলম্বন কৰিব পাৰে, তাৰ বিষয়ে আমি জনালোঁ। যাতে এই বিপদজনক ভাইৰাচ বিয়পি নাযায়। আমাৰ সংগঠনে কিছুমান লোকক তালৈ পঠিয়ালে, যাতে তেওঁলোকে বেলেগ বেলেগ সমূহৰ লোকসকলক এই বিষয়ে জনাব পাৰে যে “আজ্ঞা মানিলে, জীৱন বাচে।” আমাৰ উপাসনা কৰা সকলো ঠাইৰ বাহিৰত হাত ধোৱাৰ ব্যৱস্থা কৰা হʼল আৰু জনোৱা হʼল যে হাত ধোৱাটো কিয় ইমান গুৰুত্বপূৰ্ণ, লগতে এয়াও জনোৱা হʼল যে এই ভাইৰাচৰ পৰা হাত সাৰি থাকিবলৈ কি কি পদক্ষেপ লʼব পাৰি।

পশ্চিম আফ্ৰিকাৰ ছিয়েৰা লিঅʼন দেশত ৰেডিঅʼত যিহোৱাৰ সাক্ষীসকলৰ প্ৰশংসা কৰা হʼল যে তেওঁলোকে ইবʼলা ভাইৰাচৰ পৰা বাচিবলৈ কেৱল নিজৰ লোকসকলৰে নহয়, কিন্তু আন লোকসকলকো সহায় কৰিলে।

যেতিয়া ২০১৪ চনত লাইবেৰীয়াত ইবʼলা ভাইৰাচ বিয়পিবলৈ ধৰিলে, তেতিয়া ৰাজ্যগৃহৰ বাহিৰত হাত ধোৱাৰ ব্যৱস্থা কৰা হʼল।

a প্ৰাচীন মধ্য পূবৰ ঘৰৰ চাদবোৰ সমান আছিল আৰু দৈনন্দিন কামবোৰ তাতে কৰা হৈছিল। সেইবাবে, নিজৰ পৰিয়ালৰ লোক আৰু আন লোকসকলৰ সুৰক্ষাৰ বাবে এই নিয়ম দিয়া হৈছিল।