Skip to content

Skip to table of contents

“তেতিয়া তেওঁৰ সময় নৌ হয়”

“তেতিয়া তেওঁৰ সময় নৌ হয়”

“তেতিয়া তেওঁৰ সময় নৌ হয়”

“কোনেও তেওঁৰ গাত হাত নিদিলে; কিয়নো তেতিয়া তেওঁৰ সময় নৌ হয়।”যোহন ৭:৩০.

১. কি দুটা মুখ্য কাৰ্য্যৰ ওপৰত যীচুৰ জীৱন প্ৰণালী নিৰ্ভৰশীল আছিল?

 যীচুৱে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল “মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ, আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।” (মথি ২০:২৬) ঠিক সেইদৰে ৰোমীয়া শাসনকৰ্তা পন্তীয় পীলাতক তেওঁ কৈছিল: “সত্যৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭) যীচুৱে, সঠিকভাৱে জানিছিল যে তেওঁ কিয় মৃত্যু বৰণ কৰিব লাগিব আৰু মৃত্যুৰ আগত তেওঁ কি কাৰ্য্য সম্পন্ন কৰা আৱশ্যক। ইয়াৰ ওপৰিও তেওঁক দিয়া কাৰ্য্যক সম্পন্ন কৰিবলৈ কিমান সময় লাগিব তাৰ বিষয়েও অৱগত আছিল। কিয়নো এই পৃথিৱীত মচীহৰূপে পৰিচৰ্য্যা কৰিবলৈ তেওঁৰ হাতত মাত্ৰ চাৰে তিনি বছৰ কালহে আছিল। বাইবেলত ভৱিষ্যতবাণী কৰা লাক্ষণিক ৭০ সপ্তাহ আৰম্ভণি সময়ত এই কাল আৰম্ভ হয় যেতিয়া সা.যু. ২৯ চনত যীচুৱে যৰ্দন নদীত বাপ্তিষ্মা লয় আৰু সেই লাক্ষণিক সপ্তাহৰ মাজ ভাগত যেতিয়া সা.যু. ৩৩ চনত যাতনা স্তম্ভত যীচুৰ মৃত্যু হয় এই কালৰ সমাপ্তি ঘটে। (দানিয়েল ৯:২৪-২৭; মথি ৩:১৬, ১৭; ২০:১৭-১৯) এইবাবে, পৃথিৱীত যীচুৰ সমস্ত জীৱন দুটা মুখ্য কাৰ্য্যৰ ওপৰত নিৰ্ভৰশীল আছিল: প্ৰথমটো হৈছে পৃথিৱীলৈ অহা তেওঁৰ উদ্দেশ্য আৰু দ্বিতীয়টো হৈছে সময়ৰ আৱশ্যকতাৰ প্ৰতি গুৰুত্ব দিয়া।

২. পাচঁনিসকলৰ লিখনিত যীচু খ্ৰীষ্টৰ ব্যক্তিত্বক কিদৰে দাঙি ধৰিছে আৰু নিজৰ নিযুক্তি কাৰ্য্যৰ প্ৰতি থকা গুৰুত্বতাক তেওঁ কেনেকৈ প্ৰকাশ কৰিছিল?

পাচঁনিসকলৰ লিখনিয়ে যীচুক এনে এজন কাৰ্য্যকাৰক ব্যক্তিহিচাবে বৰ্ণনা কৰিছে যে যিজনে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ আৰু বহুতো আচৰিত কাৰ্য্য কৰিবলৈ পলেষ্টীয়া দেশৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিছিল। তেওঁৰ আচৰ্য্যজনক পৰিচৰ্য্যাৰ প্ৰাথমিক ভাগৰ বিষয়ে উল্লেখ কৰি বাইবেলে এইদৰে কৈছে: “তেতিয়া তেওঁৰ সময় নৌ হয়।” যীচুৱে নিজেই এইদৰে কৈছিল: “মোৰ কাল এতিয়া পূৰ নৌ হয়।” তেওঁৰ পৰিচৰ্য্যা কাৰ্য্যৰ শেষৰফালে, তেওঁ এই উক্তি ব্যৱহাৰ কৰি কৈছিল “সময় আহিল।” (যোহন ৭:৮, ৩০; ১২:২৩) গতিকে সময়ৰ আৱশ্যকতা, তেওঁক নিযুক্তি কৰা কাৰ্য্যৰ সময় আৰু নিজৰ বলিদানৰ প্ৰতি থকা যীচুৰ গুৰুত্বতাই স্পষ্টৰূপে প্ৰকাশ কৰে যে তেওঁ যেনেকৈ কৈছিল তেনেকৈ কাৰ্য্যও কৰিছিল। তেওঁৰ ব্যক্তিত্ব আৰু চিন্তা-ধাৰাৰ আৰ্হিৰ অনুকৰণ কৰাৰ দ্বাৰাই আমি নিবিড়ভাৱে তেওঁৰ “খোজৰ অনুগামী” হʼম।—১ পিতৰ ২:২১.

ঈশ্বৰৰ ইচ্ছাক পূৰণ কৰিবলৈ দৃঢ় সংকল্প প্ৰকাশ কৰিলে

৩, ৪. (ক)কান্না নগৰত হোৱা এখন বিবাহ উৎসৱত কি ঘটিছিল? (খ) মৰিয়মে বিবাহ উৎসৱত দ্ৰাক্ষাৰস শেষ হʼলত যীচুক কোনো উপায় কৰিবলৈ কোৱাত তেওঁ কিয় তাক কৰিবলৈ অগ্ৰাহ্য কৰিলে, আৰু আমি এই আৰ্হিৰ পৰা কি শিকিব পাৰোঁ?

সা.যু. ২৯ চনৰ মাত্ৰ কিছুদিনৰ পাছতে যীচুৱে ব্যক্তিগতভাৱে তেওঁৰ কিছুমান শিষ্যক নিৰ্বাচিত কৰিলে। তেওঁলোক সকলোৱে গালীল জিলাৰ কান্না নামৰ নগৰত এখন বিবাহ উৎসৱত উপস্থিত হয়। যীচুৰ মাক মৰিয়মো তাত উপস্থিত আছিল। বিয়া ঘৰত দ্ৰাক্ষাৰস শেষ হোৱাৰ বাবে মাক মৰিয়মে তাইৰ পুত্ৰ যীচুক কিবা উপায় কৰিবলৈ এইদৰে কʼলে: “তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।” কিন্তু যীচুৱে উত্তৰ দি এইদৰে কʼলে: “হে নাৰি, তোমাৰ লগত মোৰ কি কাম? মোৰ সময় এতিয়া নৌ হয়।”—যোহন ১:৩৫-৫১; ২:১-৪.

“হে নাৰি তোমাৰ লগত মোৰ কি কাম?” যীচুৱে কোৱা এই কথাষাৰ প্ৰাচীন কালত ব্যৱহাৰ কৰা এটা প্ৰশ্নবোধক বাক্যৰূপে নিৰ্দ্দেশ কৰে, যিয়ে প্ৰকাশ কৰিছে যে তেওঁৰ মাকে যি কৰিবলৈ পৰামৰ্শ দিছিল বা যি কৰিবলৈ কৈছিল তাক তেওঁ সমৰ্থন নকৰিলে। যীচুৱে তেওঁৰ মাক মৰিয়মৰ কথা কিয় অগ্ৰাহ্য কৰিলে? কিয়নো তেওঁ এতিয়া এজন ৩০ বছৰীয় যুৱক। মাত্ৰ কিছু সপ্তাহৰ আগতে তেওঁ বাপ্তিষ্মা লৈ ঈশ্বৰৰ পবিত্ৰ আত্মাৰে অভিষিক্ত কৰা হয় আৰু যিজনক যোহন বাপ্তাইজে “জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালি” বুলি পৰিচয় দিছিলে। (যোহন ১:২৯-৩৪; লূক ৩:২১-২৩) সেইবাবে তেওঁক কোনো মানুহে নিৰ্দ্দেশনা দিয়া অধিকাৰ নাই মাত্ৰ তেওঁক পঠোৱা সৰ্ব্বপ্ৰধান অধিকাৰীজনৰহে আছে। (১ কৰিন্থীয়া ১১:৩) গতিকে তেওঁৰ পৰিয়ালৰ সদস্যই হওঁক বা আন কোনো ব্যক্তিয়ে হওঁক, কোনেও পৃথিৱীত তেওঁ কৰিবলগীয়া কাৰ্য্যত বাধা দিব নোৱাৰে। এতেকে যীচুৱে তেওঁৰ পাৰ্থীৱ মাতৃ মৰিয়মক দিয়া উত্তৰত তেওঁৰ স্বৰ্গীয় পিতৃৰ ইচ্ছা পূৰ্ণ কৰাৰ কি যে এক দৃঢ় সংকল্প দৰ্শালে! গতিকে আহঁক আমিও ঈশ্বৰৰ প্ৰতি থকা আমাৰ “সকলো কৰ্ত্তব্য কৰ্ম্ম” পূৰ্ণ কৰিবলৈ সেই একেই দৃঢ় সংকল্প দেখুৱাওঁহঁক।—উপদেশক ১২:১৩.

৫. কান্নাত যীচুৱে কি আচৰিত কাৰ্য্য কৰি দেখুৱালে আৰু এই কাৰ্য্যই তাত উপস্থিত থকা লোকসকলক কেনেকৈ প্ৰভাৱিত কৰিলে?

মৰিয়মে, যীচুৱে কোৱা কথাষাৰৰ অৰ্থ বুজিব পাৰি তাত উপস্থিত থকা দাসসকলক “এওঁ তহঁতক যিহকে কয়, তাকে কৰিবিহঁক” বুলি পৰামৰ্শ দি তাৰ পৰা বিনা কোনো পলমে আতঁৰি গʼল। তাৰ পিছত যীচুৱে সেই সমস্যাটোক সমাধান কৰিবলৈ তাত থকা দাসসকলক সেই কলহবিলাকত পানীৰে পূৰ কৰিবলৈ কʼলে আৰু তেওঁ সেই কলহবোৰত থকা পানীক উত্তম দ্ৰাক্ষাৰসলৈ ৰূপান্তৰিত কৰিলে। ইয়ে যীচুৱে কৰা প্ৰথম আচৰিত কাৰ্য্য আছিল আৰু এই কাৰ্য্যই প্ৰমাণ কৰিলে যে যীচুৰ ওপৰত ঈশ্বৰৰ আত্মা আছে। এই আচৰিত কাৰ্য্যক দেখি শিষ্যসকলৰ বিশ্বাস দৃঢ় হʼল।—যোহন ২:৫-১১.

যিহোৱাৰ গৃহৰ প্ৰতি উদ্যমী

৬. যিৰূচালেম মন্দিৰত যীচুৱে যিবোৰ দেখে তাৰ প্ৰতি তেওঁ কিয় ক্ৰোধীত হʼল, আৰু তেওঁ কি কৰিবলৈ পলম নকৰিলে?

সা.যু. ৩৩ চনৰ বসন্ত মাহৰ আৰম্ভ হোৱাৰ লগে-লগেই, যীচু আৰু তেওঁৰ শিষ্যসকলে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেম চহৰলৈ আহে। তাত যীচুৰ শিষ্যসকলে তেওঁলোকৰ গুৰু, যীচুৱে এনে ধৰণৰ আচৰণ কৰা দেখে যিটো তেওঁলোকে আগতে কেতিয়াও দেখা নাছিল। তাত তেওঁলোকে দেখে যে মন্দিৰৰ ঠিক ভিতৰত লুভীয়া বেপাৰীসকলে বলিদানৰ অৰ্থে অনা জন্তু আৰু চৰাইবোৰক বিশ্বাসী যিহুদী উপাসক সকলক অধিক মূল্যত বিক্ৰি কৰিছে। ইয়াৰ ওপৰিও সেই লুভীয়া বেপাৰীসকলে বিশ্বাসী যিহুদীসকলৰ পৰা অধিক মূল্য দাবী কৰিছে। এই কাৰ্য্য দেখি যীচুৱে ক্ৰোধীত হʼল আৰু সিহঁতৰ বিৰুদ্ধ কৰে। তেওঁ জৰীৰে এডাল চাবুক সাজি আৰু সকলোবোৰৰ ধন-সম্পত্তি দলিয়াই, মেজো লুটিয়াই সেই বেপাৰীসকলক এই আজ্ঞা দিলে: “ইয়াৰ পৰা এইবোৰ লৈ যোৱা!” যেতিয়া শিষ্যবিলাকে যীচুক অতি উদ্যমে এই কাৰ্য্য কৰা দেখিলে, তেওঁলোকৰ মনলৈ ঈশ্বৰৰ পুত্ৰৰ বিষয়ে কৰা এক ভৱিষ্যতবাণীৰ কথা মনত পৰিলে: “তোমাৰ গৃহলৈ মোৰ যি উৎসাহ সেয়ে মোক গ্ৰাস কৰিব।” (যোহন ২:১৩-১৭; গীতমালা ৬৯:৯) ঠিক সেইদৰে আমি আমাৰ উপাসনাত বাধা জন্মোৱা এই সংসাৰৰ মনোবৃত্তিক সম্পূৰ্ণৰূপে বিৰোধ কৰা উচিত।

৭. (ক)কিহে নীকদীমক মচীহৰ ওচৰলৈ আহিবলৈ প্ৰেৰণা দিছিল? (খ) যীচুৱে চমৰীয়া তিৰোতা গৰাকীক সাক্ষী দিয়া কাৰ্য্যৰ পৰা আমি কি শিকিব পাৰোঁ?

যেতিয়া যীচুৱে যিৰূচালেমত আছিল, তেওঁ এনে বহুতো আচৰিত কাৰ্য্য কৰিলে যাৰ বাবে বহুতে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। আনকি যিহূদীবিলাকৰ মহাসভাৰ অধিকাৰী অৰ্থাৎ নীকদীম নামৰ এজন ফৰীচী ব্যক্তিও যীচুক বিশ্বাস কৰিছিল আৰু সেইবাবে নিশাৰ সময়ত তেওঁৰ ওচৰত অধিকৈ শিকিবলৈ আহিছিল। যিহেতু যীচু আৰু তেওঁৰ শিষ্যসকলে “যিহূদা দেশত” থাকি প্ৰায় আঠ মাহলৈকে প্ৰচাৰ আৰু শিষ্য বনোৱা কাৰ্য্য কৰে। যোহন বাপ্তাইজ বন্দী গৃহত থকা সময়ত তেওঁলোকে যিহূদিয়া ত্যাগ কৰি গালীল চহৰৰ অভিমুখে যাত্ৰা কৰে। তেওঁলোকে যাত্ৰা কৰি যেতিয়া চমৰীয়া জিলাত প্ৰৱেশ কৰে, যীচুৱে এগৰাকী চমৰীয়া মহিলাক সাক্ষী দিয়াৰ সুযোগ পায়। আৰু এই সাক্ষীৰ ফলস্বৰূপে বহুতো চমৰীয়াবাসীয়ে সত্যক স্বীকাৰ কৰিছিল। গতিকে আহঁক আমিও যীচুৰ দৰে সকলো সুযোগতে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে সাক্ষী দিবলৈ সজাগে থাকোঁহঁক।—যোহন ২:২৩; ৩:১-২২; ৪:১-৪২; মাৰ্ক ১:১৪.

গালীলত শিক্ষাৰ কাৰ্য্যৰ বৃদ্ধি

৮. যীচুৱে গালীল চহৰত কি কাৰ্য্য সম্পন্ন কৰিলে?

যীচুৰ মৃত্যুৰ “সময়” আগলৈকে তেওঁৰ ওচৰত স্বৰ্গীয় পিতৃৰ সেৱাৰ বাবে কৰিবলৈ বহুতো কাৰ্য্য আছিল। যীচুৱে গালীল চহৰত যিহূদা আৰু যিৰূচালেমতকৈ বহু সময় ধৰি প্ৰচাৰ কৰে। তেওঁ “গোটেইখন গালীল দেশত ফুৰি ফুৰি, তেওঁবিলাকৰ নাম-ঘৰবোৰত উপদেশ দি, ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰি, মানুহবিলাকৰ সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে।” (মথি ৪:২৩) যীচুৱে গোটেই জিলাখনত এই বুলি ঘোষণা কৰি প্ৰচাৰ কৰিছিল: “মন পালটোৱা; কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।” (মথি ৪:১৭) কিছুমাহৰ ভিতৰতে যেতিয়া যোহন বাপ্তাইজকৰ দুজন শিষ্যই যীচুৱে প্ৰথমে কৰা কাৰ্য্যক দেখিলে, যীচুৱে তেওঁলোকক এই বুলি কʼলে: “যোৱা, আৰু যি দেখিলা, শুনিলা, তাৰ সম্বাদ যোহনক দিয়াগৈ; অন্ধই চকু পুনৰায় পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে, আৰু যি জনে মোত বিঘিনি নাপায় তেওঁ ধন্য।”—লূক ৭:২২, ২৩.

৯. লোকসমূহে যীচুৰ পাছে পাছে কিয় আহে আৰু আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ?

‘যীচুৱে কৰা আচৰিত কাৰ্য্যৰ বাবে সকলো দিশত তেওঁৰ নাম প্ৰখ্যাত হৈ পৰিছিল,’ সেইবাবে গালীল, দিকাপলি, যিৰূচালেম, যিহূদিয়া আৰু যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে আহে। (লূক ৪:১৪, ১৫; মথি ৪:২৪, ২৫) তেওঁলোকে মাত্ৰ আচৰিতৰূপে কৰা কাৰ্য্যৰ বাবেই নহয় কিন্তু তেওঁৰ মহান উপদেশো শুনিবলৈ আহিছিল। কিয়নো তেওঁৰ বাৰ্ত্তাই সকলোৰে হৃদয় স্পৰ্শ কৰে আৰু তেওঁলোকক উৎসাহিত কৰি তোলে। (মথি ৫:১-৭:২৭) ইয়াৰ ওপৰিও যীচুৱে কোৱা প্ৰত্যকতো বাক্য বিস্ময়জনক আৰু আকৰ্ষণীয়। (লূক ৪:২২) সেইকাৰণে “লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে,” কিয়নো তেওঁ ক্ষমতাপন্ন জনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। (মথি ৭:২৮, ২৯; লূক ৪:৩২) এনে ব্যক্তিৰ প্ৰতি কোনে আকৰ্ষিত নহʼব? গতিকে আমিও সেই একেইদৰে শিক্ষা দিয়াত নিপুণ হʼবলৈ চেষ্টা কৰা উচিত যাতে সকলো সৰল মনৰ ব্যক্তিয়ে সত্যৰ প্ৰতি আকৰ্ষিত হয়।

১০. নাচৰৎ চহৰৰ লোকসকলে যীচুক কিয় বধ কৰিবলৈ বিচাৰে আৰু কিয় বিফল হয়?

১০ যিহেতু যীচুৰ বাৰ্ত্তা শুনা সকলো ব্যক্তিয়ে যে সত্যক গ্ৰহণ কৰে এনে নহয়, মাত্ৰ কিছুমান লোকেহে সত্যক গ্ৰহণ কৰে। আনকি, যদিও তেওঁৰ নাচৰৎ চহৰৰ লোকসকলে তেওঁৰ “অনুগ্ৰহ কথাত” বিস্ময় মানে আৰু আচৰিত কাৰ্য্যক দেখে তথাপিও যিহূদীবিলাকৰ নাম-ঘৰত তেওঁক লোকসকলে বধ কৰিবলৈ চেষ্টা কৰে। কিয়নো যীচুৱে তাত আচৰিত কাৰ্য্য নকৰি তাৰ পৰিবৰ্তে, তেওঁলোকৰ স্বাৰ্থপৰ আৰু অবিস্বাসী হোৱা মনোবৃত্তিক স্পষ্টকৈ প্ৰকাশ কৰে। সেইবাবে, নাম-ঘৰত থকা লোকসকলে অতি ক্ৰোধীত হৈ যীচুক পৰ্ব্বতৰ পৰা হেঁচুকি তললৈ পেলাবলৈ তাৰ টিঙলৈ নিছিল। কিন্তু তেওঁ, তেওঁবিলাকৰ মাজেদি গৈ সুৰক্ষিত স্থানলৈ আতঁৰি যায়। কিয় যিহূদীসকলে যীচুক বধ কৰিব নোৱাৰিলে? কিয়নো মৃত্যুৰ বাবে যীচুৰ “সময়” তেতিয়াও হোৱা নাছিল।—লূক ৪:১৬-৩০.

১১. (ক)কিছুমান ধৰ্ম্মীয় নেতাই কিয় যীচুৰ উপদেশ শুনিবলৈ আহে? (খ) যীচুক বিশ্ৰাম-দিনৰ নিয়ম ভঙ্গ কৰা বুলি কিয় জগৰীয়া কৰে?

১১ যীচুৱে যি স্থানবিলাকত প্ৰচাৰ কৰে সেই ঠাইবিলাকত যিহূদী ধৰ্ম্মীয় নেতা অৰ্থাৎ অধ্যাপক, ফৰীচী, চদ্দূকী আৰু আন-আন লোকসকলে প্ৰায়ে উপস্থিত থাকে। তেওঁলোকৰ বহুতে যীচুৰ কথা শুনিবলৈ বা শিকিবলৈ উপস্থিত নাথাকে, কিন্তু যীচুৱে দিয়া উপদেশসমূহত ক্ৰুটি বিচাৰি তেওঁক আটক কৰা উদ্দেশ্যেৰেহে উপস্থিত থাকে। (মথি ১২:৩৮; ১৬:১; লূক ৫:১৭; ৬:১, ২) উদাহৰণস্বৰূপে, সা.যু. ৩১ চনৰ নিস্তাৰ-পৰ্ব্বৰ দিনা ৩৮ বছৰে ৰোগত ভোগী থকা এজন ৰোগীক যীচুৱে সুস্থ কৰে। কিন্তু যিহূদী ধৰ্ম্মীয় নেতাসকলে যীচুক বিশ্ৰাম-দিনৰ নিয়ম ভঙ্গ কৰা বুলি জগৰীয়া কৰে। কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিয়ে: “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম্ম কৰি আছে, ময়ো কৰি আছোঁ।” ইয়াৰ পিছত ধৰ্ম্মীয় নেতাসকলে, যীচুৱে নিজকে ঈশ্বৰৰ পুত্ৰ বুলি কোৱাৰ বাবে তেওঁক ঈশ্বৰৰ নিন্দক হিচাবে জগৰীয়া কৰে আৰু তেওঁক বধ কৰিব বিচাৰে। কিন্তু যীচু আৰু তেওঁৰ শিষ্যসকলে যিৰূচালেম এৰি গালীল চহৰলৈ গুচি যায়। ঠিক সেইদৰে আমি যেতিয়া শিষ্য বনোৱা আৰু ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰা সময়ত বিৰোধীসকলৰ সৈতে মুখা-মুখী হওঁ তেতিয়া আমিও যীচুৰ দৰে তেনে ধৰণৰ পৰিস্থিতিৰ পৰা আতঁৰি আহাঁটো উত্তম কাৰ্য্য হʼব।—যোহন ৫:১-১৮; ৬:১.

১২. যীচুৱে কিমান বিস্তৃতভাৱে গালীল চহৰত প্ৰচাৰ কৰা হয়?

১২ তাৰ পাছৰ ডেৰ বছৰ কালত যীচুৱে বেছিভাগ সময়ত গালীল চহৰত প্ৰচাৰ কাৰ্য্য কৰে আৰু মাত্ৰ তিনিবাৰহে যিহূদীসকলৰ বছেৰেকীয়া পৰ্ব্বত উপস্থিত হʼবলৈ যিৰূচালেমলৈ যাত্ৰা কৰে। প্ৰচাৰ কাৰ্য্যৰ বাবে সৰ্ব্বমুঠ তিনিবাৰ গালীল চহৰলৈ যাত্ৰা কৰিছিল: প্ৰথম বাৰত তেওঁৰ ৪ জন নতুন শিষ্যৰ সৈতে, দ্বিতীয়বাৰত তেওঁৰ ১২ জন পাচঁনিৰ সৈতে, তৃতীয়বাৰত প্ৰচাৰ কাৰ্য্য বৃদ্ধি কৰিবলৈ তেওঁৰ প্ৰক্ষিশন প্ৰাপ্ত শিষ্যসকলক বিভক্ত কৰি বিভিন্ন ঠাইত পঠিয়ায়। গালীল চহৰত কিমান যে বিস্তৃতভাৱে সত্যৰ বিষয়ে সাক্ষী দিয়া হয়!—মথি ৪:১৮-২৫; লূক ৮:১-৩; ৯:১-৬.

যিহূদিয়া আৰু পেৰিয়া চহৰত সাহসী হৈ প্ৰচাৰ কৰা

১৩, ১৪, (ক)যিহূদীসকলে যীচুক কোন সময়ত আটক কৰিবলৈ বিচাৰে? (খ) সৈনিক বিষয়াসকলে যীচুক কিয় আটক কৰিবলৈ বিফল হয়?

১৩ এইটো হৈছে বসন্ত মাহৰ ৩২ সা.যু., আৰু যীচুৰ মৃত্যুৰ বাবে তেতিয়াও “সময়” হোৱা নাই। তম্বু পৰ্ব্বৰ সময় একেবাৰে কাষ চাপি আহিছে। যীচুৰ ভায়েকহঁতে তেওঁক কʼলে: “এই ঠাই এৰি, যিহূদিয়ালৈ যোৱা।” আচলতে যীচুৱে যিৰূচালেমত গৈ পৰ্ব্বৰ বাবে একগোট হোৱা লোকসকলৰ আগত আচৰিত কাৰ্য্য দেখুৱাটো তেওঁলোকে বিচাৰিছিল। কিন্তু যীচুৱে বিপদৰ প্ৰতি সতৰ্ক হৈ আছিল। সেইবাবে তেওঁৰ ভাইবিলাকক এইদৰে উত্তৰ দিলে: “মই এতিয়া এই পৰ্ব্বলৈ নাযাওঁ; কিয়নো মোৰ কাল এতিয়া পূৰ নৌ হয়।”—যোহন ৭:১-৮.

১৪ যীচুৱে গালীল চহৰতে কিছু সময় কটাই, যিৰূচালেমলৈ “প্ৰকাশকৈ নহয়, প্ৰায় গুপুতে গল।” অৱশ্যে পৰ্ব্বৰ সময়ত যিৰূচালেমত যিহূদীসকলে যীচুক বিচাৰি এইদৰে কব ধৰিলে: “সেই জন কʼত আছে?” যেতিয়া পৰ্ব্বৰ আধা অংশ পালন কৰা শেষ হোৱাত, যীচুৱে মন্দিৰলৈ গৈ সাহসেৰে উপদেশ দিবলৈ ধৰিলে। কিন্তু তাত সেই যিহূদীবিলাকে তেওঁক আটক কৰিবলৈ আৰু পাছলৈ বধ কৰিবলৈ বিচাৰিলে। তাতো তেওঁলোকে সফল নহʼল, কিয়নো ‘তেতিয়াও তেওঁৰ সময় নৌ হয়।’ যীচুৰ এনে কাৰ্য্যৰ বাবে বহুতে তেওঁক বিশ্বাস কৰিব ধৰিলে। আনকি ফৰীচীসকলে যীচুক আটক কৰিবলৈ পঠোৱা সৈনিক বিষয়াজনো শুদা হাতে উভতি গৈ এইদৰে কৈছিল: “সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই।”—যোহন ৭:৯-১৪, ৩০-৪৬.

১৫. কিয় যিহূদীসকলে যীচুক মাৰিবলৈ শিল তুলি লয় আৰু পাছলৈ তেওঁ কেনে ধৰণৰ প্ৰচাৰ অভিযানৰ ব্যৱস্থা কৰে?

১৫ যীচু আৰু যিহূদী ধৰ্ম্মীয় নেতা সকলৰ মাজত বিৰোধিতা, মন্দিৰত পৰ্ব্বৰ সময়ত তেওঁৰ পিতৃৰ বিষয়ে শিক্ষা দিয়ালৈকে চলি থাকিল। পৰ্ব্বৰ শেষৰ দিনা যীচুৱে যেতিয়া তেওঁৰ মানৱপূৰ্বৰ অস্তিত্বৰ বিষয়ে উল্লেখ কৰি কয়, সেই সময়ত যিহূদী নেতাসকলে তেওঁক মাৰিবলৈ শিল তুলি লয়। কিন্তু কোনো আহত নোহোৱাকৈ তেওঁ নিজকে লুকাই তাৰ পৰা আতঁৰি গৈছিল। (যোহন ৮:১২-৫৯) যীচুৱে যিৰূচালেমৰ পৰা বাহিৰলৈ গৈ যিহূদিয়াত প্ৰচাৰ কাৰ্য্য কৰিবলৈ ব্যৱস্থা কৰে। সেইকাৰণে তেওঁ ৭০ জন শিষ্যক বাচঁনি কৰে আৰু তেওঁলোকক পৰামৰ্শ দি দুজন দুজনকৈ প্ৰচাৰ ক্ষেত্ৰত পঠিয়ায়। তেওঁলোকে সেই সকলো ঠাইলৈ গৈ প্ৰচাৰ কৰে, যি ঠাইবিলাকত যীচুৱে তেওঁৰ শিষ্যসকলৰ সৈতে গৈছিল আৰু যাবলৈ পৰিকল্পনা কৰে।—লূক ১০:১-২৪.

১৬. প্ৰতিষ্ঠাৰ পৰ্ব্বৰ দিনা যীচুৱে কেনেধৰণৰ বিপদৰ পৰা ৰক্ষা পায় আৰু তেওঁ পুনৰ কি কাৰ্য্যত ব্যস্ত হৈ পৰে?

১৬ এতিয়া হৈছে শীতকালৰ সা.যু. ৩২ চন অৰ্থাৎ যীচুৰ “সময়” একেবাৰে কাষ চাপি আহিছে। তেওঁ প্ৰতিষ্ঠাৰ পৰ্ব্বৰ বাবে যিৰূচালেমলৈ আহিছে। এতিয়াও যিহূদীসকলে যীচুক বধ কৰিবলৈ বিচাৰি আছে। সেইবাবে যেতিয়া তেওঁ ধৰ্ম্মধামত বাৰাণ্ডাত ফুৰি আছিল, যিহূদীবিলাকে আহি তেওঁক বেৰি ধৰে আৰু ঈশ্বৰৰ-নিন্দক বুলি জগৰীয়া কৰি শিল দলিয়াই তেওঁক মাৰিবলৈ বিছাৰে। কিন্তু আগৰদৰে এইবাৰো যীচুৱে নিজকে ৰক্ষা কৰিলে। তাৰ পাছতেই তেওঁ পেৰিয়া জিলাৰ ৰাস্তা-ঘাটত, চহৰে-চহৰে, গাৱেঁ-গাৱেঁ আৰু যৰ্দ্দনৰ সিপাৰে শিক্ষা দিয়ে। বহুতে তেওঁত বিশ্বাস কৰে। কিন্তু তেওঁৰ প্ৰিয় বন্ধুৰ লাজাৰৰ জৰুৰী সংবাদৰ বাবে যিহূদিয়ালৈ ঘূৰি আহিল।—লূক ১৩:৩৩; যোহন ১০:২০-৪২.

১৭. (ক)যেতিয়া যীচুৱে পেৰীয়া চহৰত প্ৰচাৰ কৰি আছিল তেতিয়া তেওঁলৈ কি জৰুৰী সংবাদ আহে? (খ) কিহে প্ৰকাশ কৰিছে যে যীচুৱে উদ্দেশ্যপূৰ্ণ কাৰ্য্য আৰু সময়ৰ প্ৰতি অৱগত?

১৭ দৰাচলতে যিহূদিয়াৰ বৈথনিয়া গাওঁত থকা লাজাৰৰ দুজনী বায়েক মাৰ্থা আৰু মৰিয়মে যীচুলৈ এই জৰুৰী সংবাদ পঠায়। তেওঁলোকে এই সংবাদ পঠিয়াই যে, “হে প্ৰভু, চাওক, আপুনি যাক প্ৰীতি কৰে, তেওঁ নৰিয়া পৰি আছে।” তেতিয়া যীচুৱে এইদৰে উত্তৰ দিয়ে: “এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ যেন তাৰ দ্বাৰাই মহিমাম্বিত হয়, ঈশ্বৰৰ মহিমাৰ নিমিত্তেহে হৈছে।” এই উদ্দেশ্যক সম্পূৰ্ণ কৰাৰ অৰ্থে যীচুৱে ইচ্ছাপূৰ্বকভাৱে যি ঠাইত আছে তাত আৰু দুদিন থাকে। তাৰ পিছত তেওঁ শিষ্যবিলাকক কয়, “আহা আমি আকৌ যিহূদিয়ালৈ যাওঁহঁক।” এই কথা শুনি শিষ্যবিলাকে ভয়াভিত হৈ কʼলে “ৰব্বি, এতিয়া অলপতেহে যিহূদীবিলাকে আপোনাক শিল দলিয়াই মাৰিবলৈ উপায় বিচাৰিছিল; আকৌ তালৈকে যায় নে?” কিন্তু যীচুৱে জানে যে “দিনত” অৰ্থাত পৃথিৱীত পৰিচৰ্য্যা কৰা বাবে ঈশ্বৰে নিযুক্ত কৰা সময় মাত্ৰ অলপহে বাকী আছে। গতিকে নিযুক্ত কৰা এই কম সময়ৰ ভিতৰত কি আৰু কিয় কৰিব লাগে এই বিষয়ে যীচুৱে জানে।—যোহন ১১:১-১০.

এনে এটা আচৰিত কাৰ্য্য, যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে

১৮. যেতিয়া যীচুৱে বৈথনিয়াত উপস্থিত হয় তেতিয়া তাত কেনেধৰণৰ পৰিস্থিতি হৈছিল আৰু তেওঁ সেই ঠাই পোৱাৰ পিছত কি ঘটে?

১৮ বৈথনিয়া গাওঁত থকা লাজাৰৰ দুজনী বায়েকৰ ভিতৰত মাৰ্থায়ে প্ৰথমে যীচুক লগ ধৰি কয়: “হে প্ৰভু, আপুনি ইয়াত থকা হলে মোৰ ভাই নমৰিলহেঁতেন।” মৰিয়ম আৰু যিবিলাকে তেওঁলোকৰ ঘৰলৈ আহিছিল, সকলোৱে বেজাৰ কৰি তেওঁ ওচৰলৈ আহে। “তেওঁক কʼত থলাহঁক?” এই বুলি যীচুৱে সুধিলে। তেওঁলোকে উত্তৰ দি কʼলে: “হে প্ৰভু, আহি চাওক।” যেতিয়া তেওঁলোকে মৈদাম অৰ্থাৎ এচটা ডাঙৰ শিলেৰে বন্ধ কৰা এটা গুহাৰ সন্মূখত উপস্থিত হʼল, আৰু যীচুৱে কʼলে: “শিলচটা গুচাই দিয়া।” যীচুৱে কি কৰিব বিচাৰিছে তাক বুজি নাপাই মাৰ্থাই আপত্তি কৰি কʼলে: “হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে; কিয়নো আজি চাৰি দিন হল।” কিন্তু যীচুৱে প্ৰশ্ন কৰি এইদৰে কʼলে: “যদি বিশ্বাস কৰা, তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই তোমাক নকৈছিলোঁ নে?”—যোহন ১১:১৭-৪০.

১৯. যীচুৱে লাজাৰক পুনৰুত্থান কৰাৰ আগতে, সকলোৱে শুনাকৈ বৰ মাতেৰে কিয় প্ৰাৰ্থনা কৰে?

১৯ যেনেকৈ লাজাৰে থকা মৈদামৰ শিলচটা আতঁৰোৱা হʼল, যীচুৱে বৰ মাতেৰে তেওঁৰ পিতৃ যিহোৱালৈ প্ৰাৰ্থনা কৰে যাতে তাত উপস্থিত থকা লোকসকলে জানি পাই যে তেওঁ যি কৰিব গৈছে সেই সকলো ঈশ্বৰৰ শক্তি দ্বাৰাহে কৰিব। তাৰ পিছত তেওঁ বৰ মাতেৰে ৰিঙিয়াই কʼলে: “হে লাজাৰ বাহিৰলৈ আহাঁ!” তাতে লাজাৰ, হাত-ভৰি মৈদামৰ কাপোৰেৰে বন্ধা, আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহে। তেতিয়া যীচুৱে কʼলে: “এওঁক মেলি এৰি দিয়া।”—যোহন ১১:৪১-৪৪.

২০. যীচুৱে লাজাৰক পুনৰুত্থান কৰা কাৰ্য্যক যিসকলে দেখে, তেওঁলোকে কিদৰে প্ৰত্যুত্তৰ দিয়ে?

২০ যিসকলে মৰিয়ম আৰু মাৰ্থাক শান্তনা দিবলৈ আহিছিল, তেওঁলোকে যীচুৰ এই আচৰিত কাৰ্য্য দেখি তেওঁত বিশ্বাস কৰিলে। অন্য কিছুমানে ফৰীচীসকলৰ ওচৰলৈ গৈ যি ঘটিল সকলোবোৰ বৰ্ণনা কৰিলে। এই বাৰ্ত্তা পাই তেওঁলোকে কেনে ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাই তাক আপুনি জানেনে? তৎক্ষণাত তেওঁলোকে প্ৰধান পুৰোহিতৰ সৈতে একেলগ হৈ নাম-ঘৰত এখন মহাসভা আয়োজন কৰে। তেওঁলোকে দুখ কৰি এইদৰে কয়: “আমি কি কৰিছোঁ? এই মানুহে অনেক অনেক আচৰিত চিন দেখুৱাইছে; তাক যদি আমি এনেয়ে এৰোঁ, তেন্তে আটাই মানুহে তাত বিশ্বাস কৰিব আৰু ৰোমীয়া লোকে আহি আমাৰ এই ঠাই আৰু জাতিকো অধিকাৰ কৰি লব।” কিন্তু মহা-পুৰোহিত তেওঁলোকক কয়: “তোমালোকে একো নুবুজা, আৰু বিবেচনাও নকৰা যে এই গোটেই জাতিৰ বিনাশ নহবলৈ, লোকসকলৰ নিমিত্তে এজন মানুহ মৰিলেই তোমালোকলৈ ভাল।” সেইবাবে সেইদিনৰ পৰাই যীচুক বধ কৰিবলৈ সিদ্ধান্ত লয়।—যোহন ১১:৪৫-৫৩.

২১. লাজাৰক পুনৰুত্থান কৰা আচৰিত কাৰ্য্যই কি পৰিস্থিতিৰ পূৰ্ব্বসূচনা দিয়ে?

২১ যীচুৱে পলমকৈ বৈথনিয়াত গৈ পোৱাৰ এইটোৱে কাৰণ যাৰবাবে এই আচৰিত কাৰ্য্য কৰাতো সম্ভৱ হয় আৰু এই আচৰিত কাৰ্য্যক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। যিহোৱা ঈশ্বৰে প্ৰদান কৰা শক্তিৰ দ্বাৰাই যীচুৱে মৃত্যু হোৱা চাৰিদিনৰ পাছতো লাজাৰক জীয়াই তুলে। যাৰবাবে যিহূদী নাম-ঘৰত থকা সন্মানিত ব্যক্তিসকলেও আচৰিত কাৰ্য্য কৰা ব্যক্তিৰ ওপৰত মৃত্যুদণ্ডৰ বাবে মত দিয়াবলৈ তেওঁলোকৰ হেচাঁ আহি পৰে! এই আচৰিত কাৰ্য্যই যীচুৰ পৰিচৰ্য্যাক এনে এটা দিশ দিলে, যিটো “তেওঁৰ সময় নৌ হয়” পৰিস্থিতিৰ পৰা “সময় আহিল” পৰিস্থিতিলৈ সলনি হʼল।

আপুনি কেনেকৈ উত্তৰ দিব?

•ঈশ্বৰে দিয়া নিযুক্তি কাৰ্য্যৰ প্ৰতি যীচুৱে কেনেকৈ সঁহাৰি দিছিল?

•দ্ৰাক্ষাৰসৰ বিষয়ে তেওঁৰ মাতৃ মৰিয়মে দিয়া পৰামৰ্শক যীচুৱে কিয় অগ্ৰাহ্য কৰে?

•যীচুৱে তেওঁৰ বিৰোধীসকলৰ সৈতে কৰা ব্যৱহাৰৰ পৰা আমি কি শিকিব পাৰোঁ?

•লাজাৰ নৰিয়া হোৱাৰ বাৰ্ত্তা শুনিও তেওঁ কিয় পলমকৈ গৈছিল?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

যীচুৱে নিজৰ সকলো শক্তিক ঈশ্বৰে নিযুক্তি কৰা কাৰ্য্যত উৎসৰ্গ কৰিলে