অধ্যয়নে ফলদায়ক আৰু আনন্দিত কৰি তোলে
অধ্যয়নে ফলদায়ক আৰু আনন্দিত কৰি তোলে
‘যদি তেওঁক বিচাৰা, তেন্তে তুমি ঈশ্বৰবিষয়ক জ্ঞান পাবা।’—হিতো. ২:৪, ৫.
১. আজৰি সময়ত পঢ়ি কেনেকৈ অধিক আনন্দ লাভ কৰিব পাৰি?
বহুতো লোকে নিজৰ সন্তোষ্টিৰ কাৰণে কিতাপ পঢ়ি ভাল পায়। যদি বিষয়বস্তু স্ফুৰ্তিদায়ক হয় তেন্তে পঢ়িবলৈ ভাল লাগে। কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে তেওঁলোকৰ নিয়মিত বাইবেল পাঠৰ তালিকাৰ বাহিৰেও গীতমালা, হিতোপদেশ, পাঁচনিসকলৰ বা বাইবেলৰ আন আন ভাগবোৰ পঢ়ি আনন্দ উপভোগ কৰে। কিয়নো তাত এইদৰে ভাষাৰ গঠন আৰু লিখনী ব্যৱহাৰ কৰা হৈছে, যিয়ে তেওঁলোকৰ বাবে আনন্দ কঢ়িয়াই আনে। কিছুমানে আকৌ আজৰি সময়ত যিহোৱা সাক্ষীসকলৰ বাৰ্ষিক পুস্তক, সচেতন!, আলোচনী বা ইয়াত প্ৰকাশ পোৱা জীৱনী, বুৰঞ্জী, ভৌগলিক বা প্ৰকৃতিৰ বিষয়ে পঢ়ি ভাল পায়।
২, ৩. (ক)কি প্ৰকাৰে আধ্যাত্মিক বিষয়বোৰৰ তুলনা টান আহাৰ সৈতে কৰিব পৰা যায়? (খ) অধ্যয়ন কৰা সৈতে আৰু কি কি জৰিত আছে?
২ যিহেতু মাত্ৰ নিজৰ সন্তোষ্টিৰ কাৰণে পঢ়ি যদিও আনন্দ লাভ কৰিব পাৰি, কিন্তু আচলতে অধ্যয়নৰ বাবে মানসিক শক্তিৰ প্ৰয়োজন। কিতাপ পঢ়া কাৰ্য্যক আমি আহাৰ খোৱাৰ সৈতে তুলনা কৰিব পাৰোঁ। সেইবাবে ফ্ৰ্যানচিচ বেকন নামৰ এজন ইংৰাজীৰ দাৰ্শনিকে লিখিছিল, ‘কিছুমান কিতাপক সোৱাদ লবলৈ বা গিলিবলৈ, কিছুমান আকৌ চোবাব বা হজম কৰিবলৈ পঢ়া হয়।’ কিন্তু তেনে লোকবিলাকে বাইবেলখনক একেবাৰে শেষ ভাগত গণনা কৰে। সেয়েহে পাঁচনি পৌলে এইদৰে লিখিছিল, “সেই জনাৰ বিষয়ে আমাৰ অনেক কথা কবলৈ আছে; কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাত, তাক বুজাবলৈ টান। কিন্তু টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” (ইব্ৰী ৫:১১, ১৪) টান আহাৰ গিলি আৰু হজম কৰা আগতেই চোবোৱা উচিত। গতিকে গভীৰ আধ্যাত্মিক বিষয়বোৰক বুজা আৰু মনযোগ দিয়াৰ পূৰ্বেই, সেইবোৰক ভালদৰে বিবেচনা কৰা উচিত।
৩ এখন শব্দকোষে এইদৰে ব্যাখ্যা কৰিছে, “অধ্যয়ন” কৰা অৰ্থ হৈছে “মনটোক এনেদৰে ব্যৱহাৰ কৰা, যাৰ দ্বাৰাই বুজি পাবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়।” উদাহৰণস্বৰূপে যেনে, কোনো এক বিষয়ক পঢ়া আৰু অনুসন্ধান কৰাৰ দ্বাৰাই বুজিব আৰু জ্ঞান আহৰণ কৰিব পাৰি। ইয়াৰ অৰ্থ হৈছে মাত্ৰ দ্ৰুত গতিত পঢ়িলেই নহʼব কিন্তু বিবেচনা কৰাও উচিত। অধ্যয়ন কৰাৰ অৰ্থ হৈছে মনৰ বল, অনুভৱশক্তি ব্যৱহাৰ কৰা আৰু সেইবোৰক কাৰ্য্যত লগোৱা। যিহেতু অধ্যয়ন কৰাটো ইমান সহজ নহয় যদিও ইয়াৰ দ্বাৰা যে আনন্দিত হʼব নোৱাৰে তেনে নহয়।
নিজৰ অধ্যয়নক আনন্দিত কৰি তোলক
৪. গীতমালা লিখকৰ অনুসাৰে কেনেকৈ ঈশ্বৰৰ বাক্যৰ অধ্যয়নে আমাৰ বাবে স্ফুৰ্ত্তি আৰু প্ৰতিফল কঢ়িয়াই আনিব পাৰে?
৪ ঈশ্বৰ বাক্যক পঢ়া আৰু অধ্যয়ন কৰাৰ দ্বাৰা স্ফুৰ্ত্তি আৰু বলৱান হʼব পৰা যায়। সেইবাবে গীতমালা লিখকে কৈছিল, “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা; যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক; যিহোৱাৰ আজ্ঞা নিৰ্ম্মল, চকুৰ দীপ্তিজনক।” (গীতমালা ১৯:৭, ৮) যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰে আমাৰ প্ৰাণক সজীৱ কৰি তুলে। ইয়ে আমাক আধ্যাত্মিকত প্ৰৱলতা কৰাৰ ওপৰিও আন্তৰিক সুখ দিয়ে আৰু তেওঁৰ উদ্দেশ্যক স্পষ্টকৈ বুজিবলৈ সহায় কৰে। এইটো কিমান যে আনন্দদায়ক!
৫. কি প্ৰকাৰে কৰা অধ্যয়নে আমাৰ বাবে আনন্দ কঢ়িয়াই আনিব পাৰে?
৫ যেতিয়া আমাৰ কামৰ বাবে ভাল প্ৰতিফল পোৱা যায়, তেতিয়া সেই কামটো কৰাত আমি অধিক আনন্দ অনুভৱ কৰোঁ। এইদৰে অধ্যয়নক আনন্দময় কৰি তুলিবলৈ হʼলে, আমি পলম নকৰাকৈ সেই জ্ঞানক ব্যৱহাৰ কৰা আৱশ্যক। যাকোবে কৈছিল, “কিন্তু যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, আৰু শুনি পাহৰোঁতা নহৈ পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্য্যত ধন্য হব।” (যাকোব ১:২৫) যদি শিকা বিষয়বোৰক ব্যক্তিগতৰূপে প্ৰয়োগ কৰোঁ তেনেহʼলে আমি সন্তোষ্টি লাভ কৰিব পাৰিম। গতিকে প্ৰচাৰ কাৰ্য্যৰ সময়ত সন্মূখীন হোৱা কোনো বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াবলৈ অনুসন্ধান কৰা কাৰ্য্যয়েও আমাৰ বাবে আনন্দ কঢ়িয়াই আনিব।
ঈশ্বৰৰ বাক্যৰ বাবে হৰ্ষিত হওঁক
৬. গীতমালা ১১৯ অধ্যায়ৰ লিখকে ঈশ্বৰৰ বিধিবোৰৰ প্ৰতি কেনেকৈ হৰ্ষিত হৈছিল?
৬ সম্ভৱতঃ গীতমালা ১১৯ অধ্যায় লিখোতা ৰাজকুমাৰ হিষ্কিয়াই ঈশ্বৰৰ বাক্যৰ প্ৰতি হৰ্ষিত হৈছিল। কবিতাৰ ভাষাত তেওঁ এইদৰে কৈছিল, “মই তোমাৰ বিধিবোৰত হৰ্ষিত হম; মই তোমাৰ বাক্য নাপাহৰিম। তোমাৰ সাক্ষ্যবোৰ মোৰ আনন্দ আৰু মোৰ মন্ত্ৰী। তোমাৰ যি আজ্ঞা মই ভাল পাওঁ, সেইবোৰত মই হৰ্ষিত হম। মই জীয়াই থাকিবৰ নিমিত্তে মোলৈ তোমাৰ নানা কৃপা হওক; কিয়নো তোমাৰ ব্যৱস্থা মোৰ হৰ্ষজনক। হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ হাবিয়াহ কৰিলোঁ; তোমাৰ ব্যৱস্থা মোৰ হৰ্ষজনক।”—গীতমালা ১১৯:১৬, ২৪, ৪৭, ৭৭, ১৭৪.
৭, ৮. (ক)এখন শব্দকোষৰ অনুসাৰে ঈশ্বৰৰ বাক্যত ব্যৱহাৰ কৰা “হৰ্ষিত হোৱা” শব্দৰ অৰ্থ কি? (খ) কেনেকৈ আমি যিহোৱাৰ বাক্যৰ প্ৰতি প্ৰেম দেখুৱাব পাৰোঁ? (গ) ঈশ্বৰৰ বাক্য পঢ়াৰ আগতে ইজ্ৰাই কেনেকৈ নিজকে প্ৰস্তুত কৰিছিল?
৭ গীতমালা ১১৯ অধ্যায়ত পোৱা “হৰ্ষিত হোৱা” শব্দৰ ভাঙনি ইব্ৰী শাস্ত্ৰৰ এখন শব্দকোষে এইদৰে কৈছে: “ষোল পদত ইয়াক যিদৰে ব্যৱহাৰ কৰা হৈছে, যি আনন্দিত হোৱা . . . আৰু ধ্যান শব্দৰ (ক্ৰিয়া পদ) লগত মিল খোৱাক বুজায়। ইয়াৰ মূল শব্দটো হৈছে, আনন্দ, ধ্যান, সুখ। . . . এই সংযোজনাৰ মতে যিহোৱাৰ বাক্যত আনন্দিত হʼবৰ বাবে তেওঁক উদ্দশ্যপূৰ্ণভাৱে ধ্যান দিয়াটো হʼব পাৰে . . .। আৰু ইয়াত অন্তৰ্ভুক্ত আছে নিজৰ ভাৱনাক প্ৰকাশ কৰা।” *
৮ সঁচাকৈ যিহোৱাৰ বাক্যৰ প্ৰতি থকা আমাৰ প্ৰেম হৃদয়ৰ পৰা অহা উচিত। কিছুমান শাস্ত্ৰীয় পদক পুনৰাই পঢ়াত আমি আনন্দিত হোৱা আৱশ্যক। যিহেতু আধ্যাত্মিক বিষয়বোৰক সম্পূৰ্ণকৈ বুজিবলৈ আৰু সেইবোৰক নিজৰ জীৱন প্ৰণালীত ব্যৱহাৰ কৰিবলৈ, সেই বিষয়বোৰৰ ওপৰত ধ্যান কৰা আৱশ্যক। ইয়াৰ উপৰিও আমি ঈশ্বৰ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। ইজ্ৰাৰ নিচিনাকৈ আমিও নিজৰ মনক স্থিৰ কৰা উচিত যাতে ঈশ্বৰৰ বাক্য পঢ়া আৰু ধ্যান কৰা কাৰ্য্যত মনোযোগ দিব পাৰো। তেওঁ এইদৰে কৈছিল, “কিয়নো যিহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেই মতে কাৰ্য্য কৰিবলৈ, আৰু ইস্ৰায়েলৰ মাজত বিধি আৰু শাসন-প্ৰণালীৰ শিক্ষা দিবলৈ ইজ্ৰাই নিজ মন থিৰ কৰিছিল।” (ইজ্ৰা ৭:১০) তিনিটা উদ্দেশ্যৰ প্ৰতি ধ্যান দিয়ক যাৰ দ্বাৰা ইজ্ৰাই নিজৰ মনক স্থিৰ কৰিছিল: যেনে, অধ্যয়ন, নিজৰ জীৱনত প্ৰয়োগ কৰা আৰু শিক্ষা দিয়া। আমিও তেওঁৰ উদাহৰণক অনুকৰণ কৰা উচিত।
অধ্যয়ন হৈছে উপাসনাৰ এটা ভাগ
৯, ১০. (ক)কি প্ৰকাৰে গীতমালা লিখকে যিহোৱাৰ বাক্যৰ প্ৰতি থকা তেওঁৰ বিবেচনাক প্ৰকাশ কৰিছে? (খ) ইব্ৰী ক্ৰিয়া পদৰ অনুসাৰে ‘মন লগোৱা’ শব্দৰ অৰ্থ কি? (গ) বাইবেল অধ্যয়ন কৰাটো “উপাসনাৰ এটা ভাগ” বুলি কিয় ভবা উচিত?
৯ গীতমালা লিখকে যিহোৱাৰ বিধি, আজ্ঞা আৰু নিয়মবোৰৰ বাবে তেওঁৰ নিজৰ বিবেচনা প্ৰকাশ কৰিছিল। তেওঁ এইদৰে প্ৰকাশ কৰি কৈছিল: “মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ পথলৈ দৃষ্টি ৰাখিম। তোমাৰ যি আজ্ঞাবোৰ মই ভাল পাওঁ, সেইবোৰৰ নিমিত্তে মই হাত মেলিম, আৰু মই তোমাৰ আদেশবোৰ ধ্যান কৰিম। মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়। মোৰ সকলো শিক্ষকতকৈ মই জ্ঞানী; কিয়নো তোমাৰ সাক্ষ্যবোৰ মোৰ ধ্যানৰ বিষয়।” (গীতমালা ১১৯:১৫, ৪৮, ৯৭, ৯৯) গতিকে, ‘এজনৰ ধ্যানৰ বিষয়,’ শব্দটোক ঈশ্বৰৰ বাক্যত কি অৰ্থত প্ৰকাশ কৰিছে?
১০ ইয়াক হিব্ৰু ক্ৰিয়া পদত ‘মন লগোৱা’ বুলি অনুবাদ কৰা হৈছে। আচলতে ইয়াৰ অৰ্থ হৈছে, “ধ্যান বা বিবেচনা কৰা,” অথবা “কোনো এটা বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰা।” “ধ্যান শব্দটো ঈশ্বৰৰ বাক্য . . . আৰু কাৰ্য্যবোৰৰ প্ৰতি মন দি বিবেচনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।” (থিয়ল্যজীকেল ওৱৰলড্ বুক অব অল্ড টেচ্ট্যামেনট্) ইয়াৰ উপৰিও “ধ্যান” শব্দটোক বিশেষণ পদ হিচাপে ব্যৱহাৰ কৰা হৈছে, “গীতমালা লিখকে উল্লেখ কৰা ধ্যান শব্দটো ঈশ্বৰৰ ব্যৱস্থাসমূহৰ প্ৰতি “প্ৰেম থকাৰ বাবে অধ্যয়ন” অৰ্থাৎ “উপাসনাৰ এটা ভাগ” হিচাপে বুজাইছে। এনে ধ্যানক ‘আমাৰ উপাসনাৰ এটা ভাগ’ বুলি বুজাবলৈ ব্যৱহাৰ কৰা হয়। যদি আমি অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি ভাবো তেনেহʼলে ইয়াক গভীৰভাৱে বিবেচনা কৰা আৱশ্যক। সেইবাবে অধ্যয়ন কৰোঁতে সম্পূৰ্ণ ধ্যান আৰু প্ৰাৰ্থনাৰ দ্বাৰা কৰা উচিত। কিয়নো অধ্যয়ন কৰাটো হৈছে আমাৰ উপসনাৰ এটা অতি গুৰুত্বপূৰ্ণ ভাগ, ইয়াৰ দ্বাৰাই আমি আমাৰ উপসনাক অধিক উন্নত কৰিব পাৰোঁ।
ঈশ্বৰৰ নিগূঢ় কথাবোৰ বুজিবলৈ পৰিশ্ৰম কৰক
১১. যিহোৱাই নিগূঢ় আধ্যাত্মিক কথাবোৰ কেনেকৈ তেওঁৰ লোকসকলক প্ৰকাশ কৰে?
১১ গীতমালা লিখকে শ্ৰদ্ধা কৰি কৈছিল, “হে যিহোৱা, তোমাৰ কাৰ্য্যবোৰ কেনে মহৎ! তোমাৰ সঙ্কল্পবোৰ অতি গভীৰ।” (গীতমালা ৯২:৫) পাঁচনি পৌলেও কৈছিল, “ঈশ্বৰৰ গভীৰ কথাকো” তেওঁৰ লোকসকলৰ আগত “আত্মাৰ দ্বাৰা” বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি প্ৰকাশ কৰে। (১ কৰিন্থীয়া ২:১০; মথি ২৪:৪৫) আমাৰ সকলোৰে বাবে এই বুদ্ধিমান দাসসকলে আধ্যাত্মিক আহাৰ প্ৰবন্ধৰ বাবে পৰিশ্ৰম কৰে। সেয়েহে, “গাখীৰ” হৈছে শিশুৰ বাবে কিন্তু “টান আহাৰ” হৈছে বয়সীয়াল লোকসকলৰ বাবেহে।—ইব্ৰী ৫:১১-১৪.
১২. ঈশ্বৰে তেওঁৰ “নিগূঢ় কথাবোৰ” বুদ্ধিমান দাসকলৰ যোগেদি কিদৰে প্ৰকাশ কৰে, তাৰ এটা উদাহৰণ দিয়ক।
১২ এই “নিগূঢ় কথাবোৰ” বুজিবলৈ হʼলে প্ৰাৰ্থনাপূৰ্বক অধ্যয়ন আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি বিবেচনা কৰা উচিত। উদাহৰণস্বৰূপে, আমাৰ বাবে উৎকৃষ্ট বিষয়সমূহক প্ৰকাশ কৰাৰ দ্বাৰাই দেখুৱাইছে যে তেওঁ সময় অনুযায়ী ধাৰ্মিক আৰু দয়ালু হʼব পাৰে। যেতিয়া তেওঁ এজন ব্যক্তিক দয়া দেখুৱাই, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ সেই ব্যক্তিজনক কোনো ন্যায় নকৰাকৈ ক্ষমা কৰিলে। ইয়াৰ পৰিৱৰ্ত্তে, ঈশ্বৰৰ দয়া আৰু ন্যায় গুণৰ সৈতে তেওঁ প্ৰেমী হোৱাৰ আভাস পোৱা যায়। কোনো এজন ব্যক্তিৰ পাপ ক্ষমা কৰাৰ আগতে ঈশ্বৰে সেই ব্যক্তিজনৰ পাপৰ বিষয়ে চালি-জাৰি ভালদৰে বিবেচনা কৰিহে নিৰ্ণয় কৰে যে বাস্তৱতে ব্যক্তিজনে যীচুৰ বলিদানৰ যোগেদি ক্ষমা পাবলৈ যোগ্য হয় নে নহয়। যদি ব্যক্তিজনে অনুতাপ নকৰে বা বিদ্ৰোহ কৰা দেখা যায়, তেনেহʼলে তেওঁ ঈশ্বৰৰ বিচাৰৰ সন্মূখীন হʼব। কিয়নো ঈশ্বৰে দুই প্ৰকাৰে নিজ উচ্চ সিন্ধান্ত অনুসাৰে কাৰ্য্য কৰে। * (ৰোমীয়া ৩:২১-২৬) সেইবাবে বাইবলেত উল্লেখ কৰিছে যে “ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ!”—ৰোমীয়া ১১:৩৩.
১৩. আজিলৈকে প্ৰবন্ধ কৰা যিহোৱাৰ ‘অধিক’ আধ্যাত্মিক সত্য জ্ঞানৰ প্ৰতি আমি কেনেকৈ কৃতজ্ঞাতা দেখুৱাব পাৰোঁ?
১৩ গীতমালাৰ লিখকৰ দৰে, এইটো জানি অতি আনন্দিত হʼম যে যিহোৱাৰ বিচাৰধাৰৰ সৈতে আমিও সহভাগী। দায়ুদে কৈছিল, “হে ঈশ্বৰ, মোলৈ তোমাৰ সঙ্কল্পবোৰ কেনে বহুমূল্য! সেইবোৰৰ লেখ কেনে অধিক! মই সেইবোৰ গণিব খুজিলে, সংখ্যাত সেইবোৰ বালিত্কৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াও মই তোমাৰ লগতে আছোঁ।” (গীতমালা ১৩৯:১৭, ১৮) যিহোৱাই আমাক অন্তকাললৈকে অধিক জ্ঞান প্ৰদান কৰিব। কিন্তু বৰ্তমান সময়ত আমাৰ যি জ্ঞান আছে সেয়ে যিহোৱাই প্ৰদান কৰা জ্ঞানৰ তুলনাত একেবাৰে নগন্য। তথাপিও আমাৰ ওচৰত যিমান জ্ঞান আছে সেইবোৰৰ বাবে ‘অধিক’ কৃতজ্ঞ হোৱা উচিত। ইয়াৰ ওপৰিও আমি ঈশ্বৰৰ বাক্যৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰি অতি আনন্দিত হʼব পাৰিম।—গীতমালা ১১৯:১৬০.
ঈশ্বৰৰ বাক্যক বুজিবলৈ প্ৰচেষ্টা আৰু কাৰ্য্যকাৰী হোৱা আৱশ্যক
১৪. হিতোপদেশ ২:১-৬ পদত ঈশ্বৰৰ বাক্যক মনোযোগ দি পঢ়িবলৈ চেষ্টা কৰাৰ ওপৰত কেনেকৈ জোৰ দিয়া হৈছে?
১৪ গভীৰভাৱে বাইবেল অধ্যয়নৰ বাবে প্ৰচেষ্টা কৰা আৱশ্যক। এই বিষয়ে স্পষ্টকৈ বুজিবলৈ হʼলে আমাক হিতোপদেশ ২:১-৬ পদলৈকে মনোযোগেৰে পঢ়া উচিত। সেই পদবোৰত বুদ্ধিমান ৰজা চলোমনে ঈশ্বৰৰ জ্ঞান, বুদ্ধি আৰু বিচাৰ শক্তিৰ বিষয়ে বুজাবলৈ যি ক্ৰিয়া পদসমূহ ব্যৱহাৰ কৰিছিল, সেইবোৰৰ ওপৰত ধ্যান দিয়ক। তেওঁ কৈছিল: “হে মোৰ বোপা, তুমি যদি মোৰ কথা এনেকৈ গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ এনেকৈ মনত ৰাখা, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা, আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা; এনে কি, তুমি যদি সুবিবেচনাক মাতা, আৰু সুবুদ্ধিৰ নিমিত্তে ৰিঙিওৱা, যদি ৰূপৰ দৰে তেওঁক বিচাৰা, আৰু গুপ্ত ধনৰ দৰে তেওঁৰ অনুসন্ধান লোৱা, তেন্তে তুমি যিহোৱাৰ ভয় বুজিব পাৰিবা, আৰু ঈশ্বৰবিষয়ক জ্ঞান পাবা। কিয়নো যিহোৱায়েই প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়।” যদি আমি অধ্যয়নৰ পৰা লাভৱান হʼবলৈ বিচাৰোঁ, তেনেহʼলে গুপ্ত ধনক বিচাৰি ওলিওৱাৰ দৰে অনুসন্ধান কৰা উচিত।
১৫. ভালদৰে বাইবেল অধ্যয়ন কৰিবৰ বাবে বাইবেলত কেনে ধৰণৰ উদাহৰণ পোৱা যায়?
১৫ আধ্যাত্মিকতাত লাভ প্ৰাপ্ত কৰিব হʼলে ভালদৰে অধ্যয়ন কৰা আৱশ্যক। ৰজা চলোমনে কৈছিল, “লোহা ভোটা হলে, আৰু তাক নধৰালে, তাক চলাবলৈ অধিক বল লাগে; কিন্তু কাৰ্য্য সাম্ফল কৰিবলৈ জ্ঞান উপকাৰী।” (উপদেশক ১০:১০) যদি এজন কাৰিকৰীৰ সঁজুলি ধাৰ নহয় বা যদি তেওঁ তাক ঠিকমতে ব্যৱহাৰ নকৰে তেন্তে তেওঁৰ সকলো চেষ্টা ব্যৰ্থ হʼব আৰু তেওঁ কেতিয়াও কাম ঠিকমতে শেষ কৰিব নোৱাৰিব। ঠিক তেনেদৰে অধ্যয়ন কৰাত আমি যিমান সময় ব্যয় কৰোঁ আৰু যদি প্ৰয়োজনীয় পদ্ধতিবোৰ ব্যৱহাৰ নকৰোঁ, তেন্তে সকলোবোৰ প্ৰচেষ্টা অথলে যাব। স্কুল গাইড বুক নামৰ কিতাপখনৰ ৭ অধ্যায়ত আমি আমাৰ অধ্যয়ন কৰা পদ্ধিতিক কেনেকৈ উন্নত কৰিব পাৰোঁ তাৰ বিষয়ে পৰামৰ্শ দিয়া হৈছে। *
১৬. মনোযোগ দি অধ্যয়ন কৰিবলৈ কি উত্তম পৰামৰ্শ দিয়া হৈছে?
১৬ যেনেকৈ এজন কাৰিকৰে তেওঁৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই সকলোবোৰ প্ৰয়োজনীয় সঁজুলী তৈয়াৰ কৰি থয়। ঠিক তেনেদৰে, আমিও অধ্যয়ন আৰম্ভ কৰাৰ পূৰ্বেই সকলোবোৰ প্ৰয়োজনীয় আলোচনী বা প্ৰকাশন সাজু কৰি ৰখা উচিত। আমি মনত ৰখা উচিত যে অধ্যয়ন কৰাটো ইমান সহজ নহয়, কিয়নো ইয়াত আমাৰ বিবেচনা শক্তিক প্ৰয়োগ কৰিব লাগে। অধ্যয়ন কৰাৰ সময়ত ঠিকমতে বহা উচিত। যদি আমি সজাগে থাকিব বিচাৰোঁ, তেনেহʼলে বিছনাত বা আৰাম চকীত বহাৰ পৰিবৰ্ত্তে মেজ বা ডেস্কৰ ওচৰত থকা চকীত বহা উচিত। কিছুসময় একান্তমনে পঢ়াৰ পাছত বাহিৰলৈ গৈ অলপ ফুৰি অহাটো ভাল হʼব।
১৭, ১৮. কেনেকৈ প্ৰয়োজনীয় সঁজুলীবোৰ প্ৰয়োগ কৰি আপোনাৰ অধ্যয়নক উন্নত কৰিব পাৰি তাৰে কিছুমান উদাহৰণ দিয়ক।
১৭ অধ্যয়ন কৰিবলৈ আমাৰ বাবে বহুতো উত্তম প্ৰকাশনৰ উপলব্ধ কৰা হৈছে। এই উপলব্ধ কৰা প্ৰকাশনৰ ভিতৰত নিউ ৱৰ্লড ট্ৰ্যানচেলেচ্ন বাইবেলখন ৩৭ টা ভাষাত প্ৰকাশ কৰা হৈছে (মাত্ৰ কিছুমান ভাষাতহে সম্পূৰ্ণ বাইবেলখন উপলব্ধ আছে)। এই নিউ ৱৰ্লড ট্ৰ্যানচেলেচ্নৰ ষ্টেনদাৰ্ড এডিচ্নত ক্ৰচ ৰেফেৰেন্চ আৰু “বাইবেল কিতাপবোৰৰ নামৰ তালিকা আৰু বিবৰণী” দিয়া আছে যʼত লেখকসকলৰ নাম, লিখা স্থান, লিখাৰ সময়, এই সকলোবোৰ সংবাদ পোৱা যায়। ইয়াৰ ওপৰিও শব্দবোৰৰ সূচী, এক পৰিশিষ্ট আৰু মানচিত্ৰবোৰ পোৱা যায়। কিছুমান ভাষাত এই বাইবেলখনক বিস্তীৰ্ণৰূপে সংস্কৰণ কৰি ছপোৱা হৈছে আৰু ৰেফেৰেনচ্ বাইবেল নাম দিয়া হৈছে। ওপৰত উল্লেখ কৰা সকলো বিষয়ৰ ওপৰিও আৰু অনেক বৈশিষ্ট্যসমূহ এই ৰেফেৰেনচ্ বাইবেলত পোৱা যায় আৰু তাত উল্লেখ কৰা সকলোবোৰ ফুটনোট্ক ইনডেক্স হিচাপে তৈয়াৰ কৰি প্ৰকাশ কৰা হৈছে। ঈশ্বৰৰ বাক্যক গভীৰভাৱে অনুসন্ধান কৰিবলৈ আমাৰ ভাষাত যিবোৰ প্ৰকাশন উপলব্ধ কৰা হৈছে, আমি সেইবোৰক সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিছোঁনে?
১৮ অধ্যয়নৰ বাবে আৰু এক প্ৰয়োজনীয় পদ্ধতি হৈছে বাইবেল বিশ্বকোষ ইন্চাইট্ অন্ দ্যা ইচ্ক্ৰিপচ্চ্যাৰ, যাক দুটা খণ্ডত প্ৰকাশ কৰা হৈছে। যদি এই কিতাপ আপোনাৰ নিজ ভাষাত উপলব্ধ আছে তেন্তে ইয়াক সন্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা আপুনি বাইবেলৰ বিষয়ে অধিক সংবাদ আৰু ইতিহাসৰ জ্ঞান বুজিব পাৰিব। ঠিক একেইদৰে “অল্ ইচ্ক্ৰিপ্চ্চ্যাৰ্ ইজ ইন্চ্পাইয়্যাৰড্ অৱ গড্ এণ্ড বেন্যাফিশ্যাল” নামৰ কিতাপখনো হৈছে এক প্ৰয়োজনীয় সঁজুলী। যেতিয়া আপুনি বাইবেলৰ পৰা এখন নতুন কিতাপ পঢ়িবলৈ আৰম্ভ কৰে তেন্তে সেই কিতাপখনৰ সৈতে জৰিত থকা অনেক ঐতিহাসিক ঘটনা, ভৌগোলিক আৰু আজি আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ এই সকলোবোৰ বিষয়ে আপুনি অল্ ইচ্ক্ৰিপ্চ্চ্যাৰ্ʼৰ পৰা জানিব পাৰিব। ইয়াৰ ওপৰিও আপোনাৰ অধ্যয়নক গভীৰভাৱে বুজিবৰ বাবে আধুনিক কমপিউট্যাৰাইজ্ লাইব্ৰেৰী যিটো নʼটা ভাষাত উপলব্ধ কৰা হৈছে।
১৯. (ক)বাইবেল অধ্যয়নৰ বাবে যিহোৱাই আমালৈ কিয় উত্তম সঁজুলীবোৰ প্ৰবন্ধ কৰিছে? (খ) উচিতৰূপে বাইবেল পাঠ আৰু অধ্যয়ন কৰা কিয় আৱশ্যক?
১৯ বিশ্বাসী বুদ্ধিমান দাসৰ যোগেদি যিহোৱাই আমাৰ বাবে সকলো প্ৰকাৰৰ সঁজুলীৰ প্ৰবন্ধ কৰিছে, যাতে আমি ‘ঈশ্বৰৰ জ্ঞান বিচাৰোঁ আৰু সেই বিষয়ে জানিবলৈ পাওঁ।’ (হিতোপদেশ ২:৪, ৫) যদি আমাৰ মনযোগেৰে অধ্যয়ন কৰা অভ্যাস থাকে, তেনেহʼলে আমি যিহোৱাৰ জ্ঞান ভালদৰে বুজি পাম আৰু তেওঁৰ সৈতে এক অটুট সম্বন্ধ বজাই ৰাখিব পাৰিম। (গীতমালা ৬৩:১-৮) সঁচাকৈ, অধ্যয়ন কৰিব হʼলে প্ৰচেষ্টাৰ আৱশ্যক। যদি আমি তেনে কৰোঁ তেতিয়াহে আমি আনন্দিত হৈ প্ৰতিফল লাভ কৰিব পাৰিম। কিন্তু ইয়াৰ কাৰণে সময় উলিওৱা আৱশ্যক। ‘মোৰ ওচৰত ইমান সময়নো কʼত যে মই বাইবেল পাঠ আৰু ব্যক্তিগত অধ্যয়ন কৰিব পাৰিম?’ হয়তো আমি এইদৰে ভাবিব পাৰোঁ। এই বিষয়ে পৰৱৰ্তী লেখত আৰু অধিকৰূপে আলোচনা কৰা হʼব।
[ফুটনোটবোৰ]
^ নিউ ইন্ট্যাৰ্ন্যোশ্ব্ন্যাল্ ডিক্শ্ব্যানেৰী অব অল্ড টেচ্ট্যামেনট্ থিঅল্যাযী এন্ড এক্চ্যাযীচিচ্, খণ্ড ৪, পৃষ্ঠা ২০৫-২০৭.
^ প্ৰহৰীদুৰ্গ, আগষ্ট ১, ১৯৯৮ চন ১৩ পৃষ্ঠাৰ ৭ অনুচ্ছেদত চাওঁক। বাইবেল পাঠ কৰাটো আপোনাৰ অভ্যাসত পৰিণত কৰক আৰু এই বিষয়ে তাত উল্লেখ কৰা দুটা অধ্যয়নৰ লেখত চাওঁক। ইয়াৰ উপৰিও ওৱাচ্ টাৱৰ বাইবেল এণ্ড ট্যাক্ট চচাইটিৰ দ্বাৰা প্ৰকাশ কৰা ইনচাইট্ অব দ্যা স্ক্ৰিপচাৰʼত, ‘ন্যায়, দয়া, আৰু ধাৰ্মিকতা’ শব্দবোৰৰ অৰ্থ চাব পাৰে।
^ ওৱাচ্ টাৱৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চোচাইটি অব নিউয়ৰ্ক দ্বাৰা প্ৰকাশিত। যদি এই কিতাপখন আপোনাৰ ভাষাত উপলব্ধ নাই, তেন্তে অধ্যয়ন কৰা পদ্ধতিৰ বিষয়ে প্ৰহৰীদুৰ্গ, আগষ্ট ১৫, ১৯৯৩ চন ১৩-১৭ পৃষ্ঠা; প্ৰহৰীদুৰ্গ, মে’ ১, ১৯৮৬ চন ১৯-২০পৃষ্ঠাত চাওঁক।
পুনঃনিৰীক্ষণৰ বাবে প্ৰশ্নসমূহক
•কেনেকৈ আমি আমাৰ ব্যক্তিগত অধ্যয়নক স্ফুৰ্ত্তি আৰু ফলদায়ক কৰি তুলিব পাৰোঁ?
•গীতমালা লেখকৰ দৰে আমি কেনেকৈ ঈশ্বৰৰ বাক্যৰ প্ৰতি “হৰ্ষিত” হʼম আৰু “বিবেচনা” কৰিব পাৰিম?
•হিতোপদেশ ২:১-৬ পদে কেনেকৈ দেখুৱাইছে যে অধ্যয়নৰ বাবে প্ৰচেষ্টাৰ আৱশ্যক?
•অধ্যয়নৰ বাবে যিহোৱাই কি উত্তম সঁজুলিবোৰ প্ৰবন্ধ কৰিছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৪ পৃষ্ঠাৰ ছবি]
ঈশ্বৰৰ বাক্যৰ প্ৰতি প্ৰেম বৃদ্ধি কৰিবৰ বাবে মুকলি স্থানত বহি ধ্যান আৰু প্ৰাৰ্থনা কৰা আৱশ্যক
[১৫ পৃষ্ঠাৰ ছবি]
ঈশ্বৰৰ বাক্যক গভীৰভাৱে অনুসন্ধান কৰিবলৈ যিবোৰ কিতাপ উপলব্ধ কৰা হৈছে, আপুনি সেইবোৰৰ ব্যৱহাৰ কৰিছেনে?