Skip to content

Skip to table of contents

আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে

আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে

আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে

যাকোব ৪:৮ পদত কৈছে যে “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।” সেইবাবে যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰক বলিদানৰ বাবে পৃথিৱীলৈ পঠিয়াই মানৱজাতিৰ বাবে প্ৰেম প্ৰকাশ কৰিলে যাতে সকলোৱে যেন তেওঁৰ কাষ চাপিব পাৰে।

 ঈশ্বৰে কৰা এই মৰমীয়াল প্ৰৱন্ধৰ প্ৰতি পাঁচনি যোহনে এইদৰে প্ৰত্যুত্তৰ দি কৈছিল, “তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।” (১ যোহন ৪:১৯) কিন্তু আমি যদি ব্যক্তিগতভাৱে ঈশ্বৰৰ কাষ চাপিব বিচাৰো তেন্তে নিজেই কিছুমান পদক্ষেপ লোৱা আৱশ্যক। পূৰ্বৱৰ্তী লেখত কোৱা হৈছিল যে যিদৰে ইজনে সিজনৰ সৈতে সম্বন্ধ বজাই ৰাখিবলৈ হʼলে চাৰিটা বিষয়ৰ কথা মনত ৰখা উচিত, ঠিক তেনেদৰে ঈশ্বৰৰ সৈতে সম্বন্ধ বজাই ৰাখিবলৈ হʼলেও সেই বিষয়বোৰক মনত ৰখা উচিত। আহঁক আমি এই বিষয়বোৰক পৰীক্ষা কৰোঁহঁক।

ঈশ্বৰৰ আচৰিত গুণসমূহক নিৰীক্ষণ কৰক

ঈশ্বৰৰ বহুতো উল্লেখনীয় গুণ আছে আৰু তাৰে ভিতৰত কিছুমান মুখ্য গুণ হৈছে—প্ৰেম, জ্ঞান, ন্যায় আৰু শক্তি। আমাৰ চাৰিওফালে থকা বিশ্বব্ৰহ্মাণ্ড আৰু গ্ৰহ-নক্ষেত্ৰৰ পৰা লৈ ক্ষুদ্ৰ অণু লৈকে তেওঁৰ প্ৰচুৰ জ্ঞান আৰু শক্তিক দেখিবলৈ পাওঁ। গীতমালাৰ লেখকে কৈছে: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়।”—গীতমালা ১৯:১; ৰোমীয়া ১:২০.

সৃষ্টিয়েও ঈশ্বৰৰ প্ৰেমক প্ৰতিফলতি কৰে। উদাহৰণস্বৰূপে, ঈশ্বৰে সৃষ্টি কৰা মানৱক দৃষ্টি কৰিলে আমি জানিব পাৰোঁ যে তেওঁ আমাক আনন্দেৰে জীৱন-যাপন কৰিবলৈহে নিৰ্ম্মাণ কৰিছিল। তেওঁ আমাক ৰং-বিৰঙৰ বস্তু চাবলৈ, সোৱাদ বা গোন্ধ লবলৈ, হাঁহিবলৈ, সৌন্দৰ্য্য উপভোগ কৰিবলৈ, সংগীত শুনিবলৈ আৰু ভাষা বুজিবলৈ শক্তি প্ৰদান কৰিলে। ইয়াৰ ওপৰিও এনে বহুতো গুণ আছে যিবিলাকক আমি আমাৰ জীৱনত কাচিৎহে ব্যৱহাৰ কৰোঁ। সঁচাকৈ, এই গুণসমূহৰ দ্বাৰা ইয়াকে বুজা যায় যে তেওঁ কিমান উদাৰ, দয়ালু আৰু প্ৰেমময় ঈশ্বৰ আৰু লগতে ইয়াকো প্ৰমাণ দিয়ে যে তেওঁ এজন “আনন্দিত ঈশ্বৰ।”—১ তীমথিয় ১:১১; পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

ঈশ্বৰে আচৰিতৰূপে কৰা সৃষ্টিত আমি তেওঁৰ প্ৰেম, সাৰ্ব্বভৌমত্ব আৰু মহিমা দেখিবলৈ পাওঁ। (১ যোহন ৪:৮) অৱশ্যে এইটো সচাঁ যে যদিও তেওঁ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সম্ৰাট, তথাপিও বিশেষকৈ যিসকল তেওঁৰ বিশ্বাসী সেৱক তেওঁলোকক নিজৰ পুত্ৰৰ দৰে দৃষ্টি কৰে। (মথি ৫:৪৫) যিহোৱাই সদায় নিজৰ সেৱকসকলৰ হিতৰ বাবে কাৰ্য্য কৰে। (ৰোমীয়া ৮:৩৮, ৩৯) যেনেকৈ বাইবেলত উল্লেখ কৰা হৈছে যে যিহোৱাই এই জগতখনক ইমানে প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে বলিদান দিলে। সঁচাকৈ, তেওঁ এজন প্ৰেমী ঈশ্বৰ হোৱাৰ বাবে আজিলৈকে আমি জীয়াই আছোঁ আৰু সেইবাবে অনন্ত জীৱনৰ কাৰণে আশা ৰাখিব পাৰোঁ।—যোহন ৩:১৬.

যীচুৱে তেওঁৰ পিতৃৰ গুণসমূহক অনুকৰণ কৰাৰ দ্বাৰা এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে আৰু ইয়াৰ যোগদি আমি যিহোৱাৰ ব্যক্তিত্বৰ বিষয়ে অধিক জানিবলৈ সক্ষম হলোঁ। (যোহন ১৪:৯-১১) যীচু এজন উদাৰ, সহানুভূতি, আৰু বিবেচনাশীল ব্যক্তি আছিল। উদাহৰণস্বৰূপে তেওঁ এজন কলা আৰু বোবা ব্যক্তিৰ প্ৰতি দয়া দেখুৱাইছিল। আপুনি সেই ব্যক্তিজনৰ অৱস্থাৰ বিষয়ে কল্পনা কৰক, তেওঁ ভিৰসমূহৰ মাজত কিমান যে অসুবিধা অনুভৱ কৰিছিল। গতিকে যীচুৱে সেই ব্যক্তিজনক ভিৰসমূহৰ পৰা অকলশৰীয়াকৈ আঁতৰাই নি তেওঁক সুস্থ কৰিলে। (মাৰ্ক ৭:৩২-৩৫) আপুনি এনে ব্যক্তিসকলৰ ভাৱনাৰ বিষয়ে বিবেচনা কৰেনে যি সকলে আপোনাক সন্মান কৰে? যদি আপুনি তেনেদৰে কৰে তেনেহʼলে আপুনি নিশ্চয়ে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচুৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলাত সক্ষম হʼব।

ঈশ্বৰৰ গুণসমূহৰ বিষয়ে বিবেচনা কৰক

কিছুমান ব্যক্তিয়ে হয়তো এই আচৰিত গুণসমূহৰ অধিকাৰী হʼব পাৰে। কিন্তু আমি তেনে ব্যক্তিসকলৰ কাষ চাপিবলৈ হʼলে বিবেচনা কৰা আৱশ্যক। ঠিক তেনেদৰে যিহোৱাৰ কাষ চাপিবলৈও আমাক বিবেচনা কৰা প্ৰয়োজন। এই বিষয়ে আমি উপৰত উল্লেখ কৰা দ্বিতীয়টো পদক্ষেপ লোৱা আৱশ্যক, যʼত কোৱা হৈছে যিহোৱাৰ গুণসমূহক ধ্যান কৰাৰ দ্বাৰাই আমি তেওঁৰ কাষ চাপিব পাৰোঁ। এই বিষয়ে ৰজা দায়ুদ, যিজনে ‘যিহোৱাৰ নিজ মনৰ দৰে’ চলিছিল আৰু তেওঁক প্ৰেম কৰিছিল, তেওঁ এনেদৰে কৈছিল, “মই পূৰ্ব্বকালৰ দিন সোঁৱৰণ কৰিছোঁ, তোমাৰ সমুদায় কৰ্ম্ম ধ্যান কৰিছোঁ, তোমাৰ হাতৰ কাৰ্য্য আলোচনা কৰিছোঁ।”—পাঁচনিৰ কৰ্ম্ম ১৩:২২; গীতমালা ১৪৩:৫.

যেতিয়া আপুনি এই আচৰিত সৃষ্টিসমূহক দৃষ্টি কৰে বা সেই বিষয়ে ঈশ্বৰৰ বাক্য, বাইবেলত পঢ়ে তেন্তে কি আপুনি ৰজা দায়ুদৰ নিচিনাকৈ সেইবিলাকৰ ওপৰত ধ্যান কৰেনে? কল্পনা কৰক যে এজন পুত্ৰই মাত্ৰ অলপ আগতে তেওঁৰ মৰমীয়াল পিতৃৰ পৰা এখন চিঠি পাইছে। লʼৰাজনে সেই চিঠিখন কেনেকৈ পঢ়িব? অৱশ্যে তেওঁ চিঠিখন মনোযোগেৰে পঢ়িব আৰু প্ৰত্যেকটো বাক্যক ধ্যান দি বুজিবলৈ চেষ্টা কৰিব। ঠিক তেনেদৰে ঈশ্বৰৰ বাক্য বাইবেলকো পঢ়া উচিত যাৰ বিষয়ে ৰজা দায়ুদে তেওঁ লিখা গীতত এনেদৰে প্ৰকাশ কৰিছিল: “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।”—গীতমালা ১১৯:৯৭.

উত্তমৰূপে যোগাযোগ কৰক

ভাল সম্পৰ্ক বজাই ৰাখিবলৈ উত্তম যোগাযোগৰ আৱশ্যক। ইয়াত কোৱা আৰু শুনা, এই দুয়োটা কাৰ্য্য সন্মিলিত আছে যাৰ অৰ্থ হৈছে আমাৰ সম্পূৰ্ণ মন আৰু হৃদয়েৰে এই কাৰ্য্য কৰা উচিত। আমি যিহোৱাৰ সৈতে প্ৰাৰ্থনাৰ যোগেদি কথা-বতৰা পাতিব পাৰোঁ, এই প্ৰাৰ্থনাই হৈছে আমাৰ উপাসনাৰ এটা ভাগ। যিহোৱাই সেইসকলৰ প্ৰাৰ্থনাত অতি আনন্দিত হয়, যিসকলে তেওঁক প্ৰেম, সেৱা আৰু যীচুক ঈশ্বৰৰ প্ৰধান প্ৰতিনিধি বুলি স্বীকাৰ কৰে।—গীতমালা ৬৫:২; যোহন ১৪:৬, ১৪.

প্ৰাচীন কালত, ঈশ্বৰে বিভিন্ন মাধ্যম অৰ্থাৎ দৰ্শন, সপোন আৰু স্বৰ্গদূতৰ যোগেদি মানুহৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু আজিৰ দিনত তেওঁৰ বাক্য, বাইবেলৰ দ্বাৰাই মানুহৰ সৈতে যোগাযোগ কৰে। (২ তীমথিয় ৩:১৬) এই লিখিত বাক্যত বিভিন্ন প্ৰকাৰৰ লাভসমূহৰ বিষয়ে কোৱা হৈছে। গতিকে যিকোনো পৰিস্থিতিতে আপুনি ইয়াৰ পৰা পৰামৰ্শ লব পাৰে। যেনেকৈ বাৰে বাৰে এখন পত্ৰক পঢ়ি আনন্দ লাভ কৰিব পাৰি ঠিক তেনেকৈ তেওঁৰ বাক্যক পঢ়াৰ দ্বাৰাও আনন্দ লাভ কৰিব পাৰি। বাইবেলত থকা বিষয়বোৰ মুখে-মুখে বাগৰি অহা কোনো কথিত গল্প বা বিভ্ৰান্তি জন্মোৱা বিষয় নহয়। কিয়নো বাইবেলখন হৈছে এটা পুথিভঁৰাল, যʼতনেকি একলগে বহু সংখ্যক পত্ৰ সঞ্চিত কৰি ৰাখিছে। যি পত্ৰবোৰ আপুনি স্বৰ্গীয় পিতৃৰ পৰা পাইছে আৰু যাৰ যোগেদি আপুনি নিতৌ তেওঁৰ সৈতে কথা পাতিবলৈ সক্ষম হʼব পাৰে।—মথি ৪:৪.

উদাহৰণস্বৰূপে, বাইবেলত কোৱা হৈছে যে ভাল আৰু বেয়াৰ প্ৰতি যিহোৱাৰ দৃষ্টিকোণ কেনে ধৰণৰ। ইয়াত এইটোও বৰ্ণনা কৰা হৈছে যে মানৱজাতি আৰু পৃথিৱীৰ বাবে তেওঁৰ উদ্দেশ্য কি। বাইবেলে প্ৰকাশ কৰিছে যে যিহোৱাই নিস্বাৰ্থভাৱে সকলো ৰাষ্ট্ৰৰ লোক আৰু নিষ্ঠাৱান সেৱক বা ঘোৰ শত্ৰুৱেই নহওঁক কিয় সকলোকে তেওঁ প্ৰেম কৰে। সেইবাবে মানুহৰ দ্বাৰা লিখা যিহোৱাৰ বাক্য বাইবেলে তেওঁৰ ব্যক্তিত্বক প্ৰকাশ কৰে। তেওঁৰ, প্ৰেম, দয়া, দুখ, নিৰুসাহ, ক্ৰোধ অৰ্থাৎ তেওঁৰ অনুভূতি আৰু বিচাৰ শক্তিৰ পাছত থকা কাৰণসমূহক এনেকৈ বৰ্ণনা কৰিলে যে মানুহে সেইবোৰক সহজে বুজি পায়।—গীতমালা ৭৮:৩-৭.

আপুনি বাইবেলৰ কিছুমান পদ পঢ়ি কেনেকৈ লাভৱান হʼব পাৰে? আপুনি কেনেকৈ তেওঁৰ কাষ চাপিব পাৰে? সৰ্ব্বপ্ৰথমে বিবেচনা কৰক যে আপুনি ঈশ্বৰৰ বিষয়ে যি পঢ়িছে বা যি শিকিছে সেইবোৰক হৃদয়েৰে গ্ৰহণ কৰক। আপুনি সেই বিষয়ত বিবেচনা কৰি আপোনাৰ মন আৰু হৃদয়ত যি প্ৰতিক্ৰয়া হৈছে তাক যিহোৱালৈ প্ৰাৰ্থনাৰ যোগেদি জনাওঁক। ইয়াৰ ওপৰিও তেওঁক কওঁক যে আপুনি সেইবিলাকৰ পৰা কেনেকৈ লাভৱান হʼবলৈ চেষ্টা কৰিছে। সাধাৰণতে এইটেৱেই হৈছে যোগাযোগ। আপুনি মাত্ৰ সেই বিবেচনা কৰা বিষয়কেই যে প্ৰাৰ্থনাৰ যোগেদি দাঙি ধৰিব এনে নহয়, কিন্তু আপোনাৰ মনৰ আন ভাববোৰকো প্ৰকাশ কৰিব পাৰে।

সকলোবোৰ কাৰ্য্য ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে কৰক

বাইবেলে কৈছে যে প্ৰাচীন সময়ত কিছুমান বিশ্বাসী ব্যক্তিয়ে সত্য ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল। (আদিপুস্তক ৬:৯; ১ ৰাজাৱলি ৮:২৫) ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলাৰ অৰ্থ কি? প্ৰকৃততে, ইয়াৰ অৰ্থ এইটো যে প্ৰাচীন সময়ত বিশ্বাসী লোকসকলে প্ৰত্যেক দিনা এইদৰে জীৱন-যাপন কৰিছিল, যেন ঈশ্বৰ স্বয়ং তেওঁলোকৰ মাজত আছিল। তেওঁলোকে পাপী হোৱা স্বত্বেও ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰিবলৈ অৱহেলা কৰা নাছিল আৰু যিহোৱাৰ ইচ্ছা অনুসাৰে জীৱন-যাপন কৰিছিল। যিহোৱাই তেনে ব্যক্তিসকলৰ কাষ চাপে আৰু তেওঁলোকৰ প্ৰতি যত্ন লয়, সেইবাবে গীতমালা ৩২:৮ পদত কোৱা হৈছে:, “মই তোমাক বুদ্ধি দিম; তুমি যাব লগীয়া পথ মই শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।”

আপুনিও যিহোৱাৰ ইচ্ছাৰ অনুসাৰে চলি তেওঁৰ এজন প্ৰিয় মিত্ৰ হʼব পাৰে, কিয়নো তেওঁ আপোনাৰ যত্ন লয় আৰু এজন মৰমীয়াল পিতৃৰ দৰে পৰামৰ্শ দিয়ে। গতিকে ভৱিষ্যতবক্তা যিচয়াই যিহোৱাৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে, “তোমাৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।” (যিচয়া ৪৮:১৭) যেনেকৈ এই লাভসমূহক জানিব পাৰিম তেতিয়া আমি নিজেই অনুভৱ কৰিব পাৰিম যে যিহোৱা আমাৰ মাজত উপস্থিত আছে। ঠিক তেনেদৰে ৰজা দায়ুদেও অনুভৱ কৰি কৈছিল, “তেওঁ (আমাৰ) সোঁহাতে”।—গীতমালা ১৬:৮.

ঈশ্বৰৰ মহান নামে তেওঁৰ গুণসমূহক প্ৰকাশ কৰে

বৰ্তমান সময়ত বৃদ্ধি হোৱা ধৰ্ম আৰু বহুতো বাইবেলৰ অনুবাদকে যিহোৱাৰ ব্যক্তিগত নাম ব্যৱহাৰ কৰিবলৈ আৰু জনোৱাত বিফল হৈছে। (গীতমালা ৮৩:১৮) যিহেতু মূল হিব্ৰু শাস্ত্ৰত যিহোৱাৰ নাম প্ৰায় ৭০০০ বাৰ পোৱা যায়! (প্ৰকৃততে, মূল হিব্ৰু শাস্ত্ৰৰ পৰা বাইবেলখন অনুবাদ কৰাৰ সময়ত মাত্ৰ যিহোৱাৰ নামকহে আঁতৰাই দিয়া হয়। কিন্তু মিছা দেৱতা অৰ্থাৎ বাল, বেল, মেৰ্‌ডেক আৰু চয়তানৰ নামক মূল শাস্ত্ৰত উল্লেখ কৰা অনুসাৰে একেদৰেই লিখা হয়!)

কিছুমানে ভাবে যে ঈশ্বৰৰ নামটো আঁতৰাই পেলোৱাটো এটা সাধাৰণ কথা। কিন্তু বিবেচনা কৰক: এজন নামহীন ব্যক্তিৰ সৈতে ঘনিষ্ঠ সম্বন্ধ গঢ়ি তুলাটো সহজ হʼবনে? যিহেতু ঈশ্বৰ আৰু প্ৰভু নিচিনা উপাধিবোৰে (মিছা দেৱতাসকলৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়) যিহোৱাৰ শক্তি, অধিকাৰ বা স্থানৰ সঠিক পৰিচয় দিব নোৱাৰে। (যাত্ৰাপুস্তক ৩:১৫; ১ কৰিন্থীয়া ৮:৫, ৬) কেৱল ঈশ্বৰৰ ব্যক্তিগত নামেহে তেওঁৰ গুণসমূহ আৰু চৰিত্ৰক সম্পূৰ্ণকৈ দাঙি ধৰে। ৱালটাৰ্‌ লউৰী নামৰ এজন বিশ্বপে এইদৰে কৈছিল: “যিজনে ঈশ্বৰৰ নাম নাজানে, বাস্তৱতে ঈশ্বৰ যে এজন ব্যক্তি হয় তাক তেওঁ নাজানে।”

উদাহৰণস্বৰূপে, অষ্ট্ৰেলিয়াত বাস কৰা মাৰিয়া নামৰ এগৰাকী কেথলীক মহিলাৰ বিষয়ে বিবেচনা কৰক। যেতিয়া প্ৰথমবাৰৰ বাবে যিহোৱা সাক্ষীসকলে তেওঁক সাক্ষাৎ কৰে আৰু বাইবেলৰ পৰা ঈশ্বৰৰ নামটো দেখুৱাই। তেতিয়া সেই মহিলা গৰাকীয়ে কিদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তাই এইদৰে কৈছিল: “যেতিয়া মই ঈশ্বৰৰ ব্যক্তিগত নামটো প্ৰথমবাৰৰ বাবে বাইবেলত দেখিবলৈ পাওঁ, মোৰ চকুৰ পানী ওলাই আহিল। সেই জ্ঞানৰ পৰা জানিব পাৰিলোঁ যে আচলতে মই ঈশ্বৰৰ ব্যক্তিগত নামটো জানিব আৰু ব্যৱহাৰ কৰিব লাগিছিল।” এই ঘটনাৰ পাছত, মাৰিয়াই একেৰাহে বাইবেল অধ্যয়ন কৰিব ধৰিলে আৰু তাইৰ জীৱনত প্ৰথমবাৰৰ বাবে যিহোৱা যে এজন ব্যক্তি তাক বুজি পালে। এইদৰে তাই যিহোৱাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলাত সক্ষম হʼল।

যিহেতু যদিও আমি ঈশ্বৰক দেখা নাপাওঁ, কিন্তু তথাপিও তেওঁৰ কাষ চাপিব পাৰোঁ। আমাৰ মন আৰু হৃদয়ৰ দ্বাৰা তেওঁৰ সকলোতকৈ উত্তম ব্যক্তিত্বক “চাব” পাৰিম আৰু ইয়াৰ দ্বাৰাই যিহোৱাৰ প্ৰতি থকা আমাৰ গভীৰ প্ৰেম বৃদ্ধি হʼব। তেনে ধৰণৰ প্ৰেমেই হৈছে “সৰ্ব্বসিদ্ধিৰ বান্ধনি।”—কলচীয়া ৩:১৪.

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ সৃষ্টিয়ে আমাক তেওঁৰ কাষ চাপিবলৈ সহায় কৰে।