Skip to content

Skip to table of contents

ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত এক নতুন শাসন-প্ৰণালী স্থাপন কৰিব

ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত এক নতুন শাসন-প্ৰণালী স্থাপন কৰিব

ঈশ্বৰৰ ৰাজ্যই পৃথিৱীত এক নতুন শাসন-প্ৰণালী স্থাপন কৰিব

“সেই ৰাজ্যই . . . আটাই ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।”দানিয়েল ২:৪৪.

১. বাইবেলত আমি কেনেধৰণৰ বিশ্বাসযোগ্য জ্ঞান পাব পাৰোঁ?

 বাইবেলৰ দ্বাৰা ঈশ্বৰে মানৱজাতিলৈ তেওঁৰ উদ্দেশ্যক প্ৰকাশ কৰিছে। গতিকে পাঁচনি পৌলে লিখিছিল: “তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা।” (১ থিচলনীকীয়া ২:১৩) ইয়াৰ ওপৰিও ঈশ্বৰক জানিবলৈ আমি কি কৰা প্ৰয়োজন তাৰ বিষয়ে বাইবেলে আমাক জ্ঞান প্ৰদান কৰে, যেনে: তেওঁৰ ব্যক্তিত্ব, তেওঁৰ উদ্দেশ্য আৰু আমাৰ বাবে তেওঁ কি বিচাৰে। বাইবেলত পৰিয়াল আৰু আমাৰ দৈনন্দিন জীৱনৰ আচাৰ-ব্যৱহাৰৰ বিষয়েও উপদেশ দিছে। ইয়াৰ ওপৰিও, ইয়াত বৰ্ণনা কৰা ভৱিষ্যতবাণীবোৰ অতীতত পূৰ্ণ হৈছিল আজিও পূৰ্ণ হৈছে আৰু ভৱিষ্যতেও পূৰ্ণ হʼব। সেই কাৰণে আমি কব পাৰোঁ যে “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত, আৰু যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত হব পাৰে, তাৰ কাৰণে, শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতা সম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক।”—২ তীমথিয় ৩:১৬, ১৭.

২. বাইবেলৰ বিষয়বস্তুৰ প্ৰতি যীচুৱে কেনেকৈ বৰ্ণনা কৰি কৈছিল?

কিন্তু ইয়াতকৈ গুৰুত্বপূৰ্ণ বাইবেলৰ বিষয়বস্তু হৈছে: ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ যোগেদি তেওঁৰ সাৰ্ব্বভৌমত্বক (সঠিকৰূপে শাসন কৰিব পৰা তেওঁৰ ক্ষমতা) দোষমুক্ত কৰা। যীচুৱে নিজৰ প্ৰচাৰ কাৰ্য্যত ইয়াক তেওঁৰ মূখ্য বিষয় হিচাপে লৈছিল। সেইবাবে মথিয়ে তেওঁৰ লিখনিত কৈছিল: “যীচুৱে ঘোষণা কৰিবলৈ ধৰিলে, বোলে, মন পালটোৱা; কিয়নো স্বৰ্গৰাজ্য ওচৰ হল।” (মথি ৪:১৭) আমাৰ জীৱনত এই বিষয়বস্তুক কোনটো স্থানত ৰখা উচিত, তাৰ বিষয়ে তেওঁ জোৰ দি কৈছিল: “কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্ম্মিকতা বিচাৰা; তাতে এই সকলোও তোমালোকক দিয়া হব।” (মথি ৬:৩৩) ইয়াৰ ওপৰিও তেওঁ নিজৰ শিষ্যসকলক, সেই বিষয়টো যে কিমান গুৰুত্বপূৰ্ণ তাক বৰ্ণনা কৰি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”—মথি ৬:১০.

পৃথিৱীত এক নতুন শাসন

৩. আমাৰ বাবে ঈশ্বৰৰ ৰাজ্য অতি সোনকালে অহাটো কিয় গুৰুত্বপূৰ্ণ?

মানৱজাতিৰ বাবে ঈশ্বৰৰ ৰাজ্য কিয় ইমান গুৰুত্বপূৰ্ণ হৈ পৰিছে? কিয়নো ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে এই পৃথিৱীৰ চলিত শাসনবোৰক চিৰকালৰ বাবে আঁতৰাই পেলাব। এই সন্দৰ্ভত দানিয়েল ২:৪৪ পদত এইদৰে ব্যাখ্যা কৰিছে: “আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য [এখন স্বৰ্গীয় চৰকাৰ] স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহব; কিন্তু সেয়ে সেই আটাই ৰাজ্য [পাৰ্থিৱ চৰকাৰ] ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।” এই হেতুকে যেতিয়া ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য সম্পূৰ্ণৰূপে পৃথিৱীত স্থাপন হʼব, তেতিয়া এই পৃথিৱীত মানৱজাতিৰ শাসন নাথাকিব। বিভেদকাৰী আৰু নিকৃষ্ট মানৱ শাসন চিৰকালৰ বাবে অতীত হৈ পৰিব।

৪, ৫. (ক)স্বৰ্গীয় ৰাজ্যৰ ৰজা হʼবৰ বাবে মাত্ৰ যীচুৱেই সকলোতকৈ উপযুক্ত কিয়? (খ) নিকটৱৰ্ত্তী ভৱিষ্যতে যীচুৱে কি কাৰ্য্য সম্পন্ন কৰিব?

যিহোৱা ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অধীনত এই স্বৰ্গীয় ৰাজ্যৰ মূখ্য শাসনকৰ্ত্তা হিচাপে সকলোতকৈ উত্তম এজনাক নিযুক্ত কৰা হৈছে আৰু সেইজনা হৈছে যীচু খ্ৰীষ্ট। কিয়নো এই পৃথিৱীত অহাৰ পূৰ্বেই তেওঁৰ অস্তিত্ব স্বৰ্গত আছিল আৰু ঈশ্বৰৰ “প্ৰধান কাৰ্য্যকাৰিণী” অৰ্থাৎ সকলোবোৰ সৃষ্টিৰ প্ৰথমজাত আছিল। (হিতোপদেশ ৮:২২-৩১) “তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমুৰ্ত্তি আৰু গোটেই সৃষ্টি প্ৰথমজাত; কিয়নো তেওঁতেই সকলো সৃষ্ট হল; স্বৰ্গত আৰু পৃথিবীত, . . . সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তে স্ৰজা হল।” (কলচীয়া ১:১৫, ১৬) যেতিয়া ঈশ্বৰে যীচুক এই পৃথিৱীলৈ পঠিয়াইছিল, তেওঁ সকলো সময়তে ঈশ্বৰৰ ইচ্ছা পালন কৰিছিল। তেওঁ অতি কঠিন পৰীক্ষাতো ধৈৰ্য্যশীল আছিল আৰু মৃত্যুলৈকে তেওঁৰ পিতৃৰ বিশ্বাসী হৈ থাকিল।—যোহন ৪:৩৪; ১৫:১০.

আনকি তেওঁ মৃত্যুলৈকে নিষ্ঠাবান থকাৰ বাবে যীচু পুৰস্কৃত হʼল। কিয়নো ঈশ্বৰে তেওঁক স্বৰ্গলৈ পুনৰুত্থান কৰি স্বৰ্গীয় ৰাজ্যৰ ৰজাৰ হিচাপে নিযুক্ত কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২:৩২-৩৬) গতিকে ৰাজ্যৰ ৰজাৰূপে, পৃথিৱীৰ পৰা মানৱজাতিৰ শাসন গুচাবলৈ আৰু এই পৃথিৱীক দুষ্টতাৰ পৰা মুক্ত কৰিবৰ বাবে ঈশ্বৰৰ অগণন শক্তিশালী আত্মিক প্ৰাণীবোৰক পৰিচালনা কৰিব। কিয়নো যিহোৱাই যীচু খ্ৰীষ্টক এই কাৰ্য্যৰ বাবে নিযুক্তি দিছে। (হিতোপদেশ ২:২১, ২২; ২ থিচলনীকীয়া ১:৬-৯; প্ৰকাশিত বাক্য ১৯:১১-২১; ২০:১-৩) তেতিয়া খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ এক নতুন শাসন অৰ্থাৎ গোটেই পৃথিৱীত এখনেই মাত্ৰ চৰকাৰ হʼব।—প্ৰকাশিত বাক্য ১১:১৫.

৬. স্বৰ্গীয় ৰাজ্যৰ ৰজাজনৰ পৰা আমি কেনেধৰণৰ শাসন আশা কৰিব পাৰোঁ?

সেইকাৰণে এই নতুন শাসনকৰ্ত্তাজনৰ সন্দৰ্ভত ঈশ্বৰৰ বাক্যই এইদৰে বৰ্ণনা কৰিছে: “সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হʼল।” (দানিয়েল ৭:১৪) কিয়নো যীচুৱে ঈশ্বৰৰ প্ৰেমক অনুকৰণ কৰিব, গতিকে তেওঁৰ শাসনৰ অধীনত প্ৰচুৰ শান্তি আৰু আনন্দ বিৰাজ কৰিব। (মথি ৫:৫; যোহন ৩:১৬; ১ যোহন ৪:৭-১০) “চিৰকাললৈকে সুবিচাৰ আৰু ধাৰ্ম্মিকতাৰ দ্বাৰাই . . .দৃঢ় কৰিবলৈ, সেই . . . ৰাজ্যত তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।” (যিচয়া ৯:৭) গতিকে, যিজনে প্ৰেম, ন্যায় আৰু ধাৰ্ম্মিকতাৰে শাসন কৰে তেনেধৰণৰ এজন শাসনকৰ্ত্তা হোৱাটো কিমানে যে আশীৰ্ব্বাদজনক! সেইবাবে ২ পিতৰ ৩:১৩ পদত ভৱিষ্যতবাণী কৰিছে: “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল [ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য] আৰু নতুন পৃথিবীলৈ [এক নতুন পাৰ্থিৱ সমাজ] অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”

৭. মথি ২৪:১৪ পদত বৰ্ণনা কৰা ভৱিষ্যতবাণী আমাৰ সময়ত কেনেকৈ পূৰ্ণ হৈছে?

এইটো নিশ্চিত যে যিটো সঠিক শাসন, তাক যিসকলে ভাল পাই সেইসকলৰ বাবে ঈশ্বৰ ৰাজ্য হৈছে সচাঁকৈ এক আনন্দৰ বাৰ্ত্তা। কিয়নো যীচুৱে ভৱিষ্যতবাণী কৰা অনুসাৰে আমি “শেষ-কালত” জীয়াই আছোঁ। এই বিষয়ে তেওঁ কৈছিল: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।” (২ তীমথিয় ৩:১-৫; মথি ২৪:১৪) এই ভৱিষ্যতবাণী আমাৰ সময়ত পূৰ্ণ হৈছে আৰু সেইবাবে ষাঠি লাখতকৈও অধিক যিহোৱাৰ সাক্ষীসকলে ২৩৪ খন দেশত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাবলৈ কোটি কোটি ঘন্টা ব্যয় কৰিছে। যথোপোযুক্তৰূপে, গোটেই বিশ্বজুৰি তেওঁলোকৰ ৯০, ০০০ খন মণ্ডলী অৰ্থাৎ যিহোৱা সাক্ষীসকলৰ উপাসনা স্থান আছে, যাক ৰাজ্যগৃহ বুলি কোৱা হয়। সেই ৰাজ্যগৃহত লোকসকলক আহিবলগীয়া নতুন স্বৰ্গীয় চৰকাৰৰ বিষয়ে শিকোৱা হয়।

সহযোগী শাসকসকল

৮, ৯. (ক)খ্ৰীষ্টৰ সহযোগী শাসকসকলক কʼৰ পৰা বাচি লোৱা হৈছে? (খ) এই ৰজা আৰু তেওঁ সহযোগী শাসকসকলৰ শাসনত আমি কিয় ভাৰসা কৰিব পাৰোঁ?

ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যত যীচু খ্ৰীষ্টৰ সৈতে সহযোগী শাসকসকলো থাকিব। প্ৰকাশিত বাক্য ১৪:১-৪ পদৰ ভৱিষ্যতবাণীত তেওঁলোকৰ সংখ্যা ১, ৪৪, ০০০ জনৰূপে চিনাক্ত কৰা হৈছে। তেওঁলোকক “পৃথিবীৰ পৰা কিনি” লোৱা অৰ্থাৎ পৃথিৱীৰ পৰা বাচি লোৱা সেই বিশ্বাসী লোকসকলক তেওঁলোকৰ মৃত্যুৰ পাছত স্বৰ্গীয় জীৱনৰ বাবে পুনৰুত্থান কৰা হৈছে। ইয়াত পুৰুষ আৰু স্ত্ৰী দুয়ো বৰ্গৰ লোক সন্মিলিত আছে। তেওঁলোকে ঈশ্বৰ আৰু সঙ্গী ভাই-ভনীসকলৰ পৰিচৰ্য্যা কৰিছিল। “তেওঁবিলাক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ, তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।” (প্ৰকাশিত বাক্য ২০:৬) ইয়াৰ উপৰিও ঈশ্বৰৰ বাক্যত এনে বৃহত সংখ্যক পুৰুষ আৰু স্ত্ৰীৰ বিষয়ে উল্লেখ কৰিছে, যাৰ সংখ্যা স্বৰ্গীয় জীৱনৰ বাবে বাচি লোৱা সংখ্যাতকৈ বহু বেছি। বাইবেলত তেওঁলোকৰ সংখ্যা “সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ” বুলি উল্লেখ কৰিছে, যিসকল এই ব্যৱস্থাৰ শেষত উত্তৰজীৱি হʼব। সেই বৰ লোকসমূহেও ঈশ্বৰৰ “আগত থাকি, দিনে-ৰাতিয়ে তেওঁৰ” আৰাধনা কৰিছে, কিন্তু তেওঁলোকৰ আশা স্বৰ্গীয় জীৱনৰ বাবে নহয়। (প্ৰকাশিত বাক্য ৭:৯, ১৫) তেওঁলোকে ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ অধীনত থাকি নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছে।—গীতমালা ৩৭:২৯; যোহন ১০:১৬.

যিসকলক খ্ৰীষ্টৰ সৈতে স্বৰ্গত শাসন কৰিবলৈ বাচঁনি কৰা হৈছে, যিহোৱাই তেওঁলোকক বিশ্বাসী মানৱজাতিৰ পৰাই বাছি লৈছে। সেই লোকসকলে সকলো ধৰণৰ পৰিক্ষাৰ সন্মূখীন হৈ জয়ী হʼল। ইয়াৰ মাজত এনে কোনো ৰজা-পুৰোহিত নাই যিজনে পৰীক্ষাৰ সন্মূখীন হোৱা নাই। গতিকে পৃথিৱীত অতিবাহিত কৰা তেওঁলোকৰ মানৱ জীৱনে সমূদায় মানৱজাতিৰ ওপৰত শাসন কৰাৰ শাসন-প্ৰণালীক উন্নত কৰিব। আনকি যীচুৱেও নিজেই “দুখভোগৰ দ্বাৰাই আজ্ঞাধীন হবলৈ শিক্ষা পালে।” (ইব্ৰী ৫:৮) তেওঁৰ বিষয়ে পাঁচনি পৌলে কৈছিল: “আমাৰ যি মহা-পুৰোহিত, তেওঁ যে আমাৰ দুৰ্ব্বলতাত হোৱা দুখত দুঃখিত হব নোৱাৰে, এনে নহয়; কিন্তু তেওঁ বিনাপাপে, সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।” (ইব্ৰী ৪:১৫) গতিকে আমি ইয়াক জানি কিমান আনন্দিত হওঁ যে ঈশ্বৰৰ ধাৰ্ম্মিক নতুন জগতত এজন মৰমীয়াল, সহানুভূতি থকা ৰজা আৰু পুৰোহিতসকলে শাসন কৰিব!

যিহোৱাই ৰাজ্যৰ ব্যৱস্থা কৰাটো তেওঁৰ প্ৰকৃত উদ্দেশ্য আছিলনে?

১০. ঈশ্বৰে ৰাজ্য স্থাপন কৰাটো কিয় তেওঁৰ প্ৰকৃত উদ্দেশ্য নাছিল?

১০ যেতিয়া আদম আৰু হৱাক ঈশ্বৰে সৃষ্টি কৰিছিল সেই সময়ত স্বৰ্গীয় ৰাজ্য স্থাপন কৰাটো তেওঁৰ প্ৰকৃত উদ্দেশ্য আছিলনে? আদিপুস্তকত উল্লেখ কৰা সৃষ্টিৰ বিৱৰণিয়ে দেখুৱাইছে যে তাত এনে ধৰণৰ কোনো ৰাজ্যৰ উল্লেখ নাই যিয়ে মানৱজাতিক শাসন কৰিব। কিয়নো সেই সময়ত যিহোৱাই নিজেই তেওঁলোকৰ শাসনকৰ্ত্তা আছিল আৰু যেতিয়ালৈকে তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব তেওঁলোকক অন্য কোনো শাসনৰ আৱশ্যকতা নাছিল। আদিপুস্তক ১ অধ্যায়ত উল্লেখ কৰিছে যে যিহোৱাই আদম আৰু হৱাক তেওঁ সৃষ্টি কৰা প্ৰথমজাত সন্তান হিচাপে দৃষ্টি কৰিছিল। গতিকে ঈশ্বৰে তেওঁলোকক এইদৰে সম্বোধন কৰি এই উক্তি ব্যৱহাৰ কৰিছিল—“ঈশ্বৰে সিবিলাকক কলে” আৰু ‘পাছে ঈশ্বৰে তেওঁলোকক কলে।’—আদিপুস্তক ১:২৮, ২৯; যোহন ১:১.

১১. মানৱজাতিয়ে কেনে সিদ্ধ আৰম্ভণি পাইছিল?

১১ গতিকে বাইবেলে এইদৰে কৈছে: “ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে।” (আদিপুস্তক ১:৩১) এদন বাগিছাত থকা সকলোবোৰ সম্পূৰ্ণ শুদ্ধ আছিল। সেই বাগিছাত আদম আৰু হৱাই বাস কৰিছিল। ঈশ্বৰে তেওঁলোকক সিদ্ধ মন আৰু শৰীৰ দিছিল। তেওঁলোকে পোনপটীয়াকৈ সৃষ্টিকৰ্ত্তাৰ সৈতে আৰু সৃষ্টিকৰ্ত্তাই তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল। তেওঁলোকে বিশ্বাসী হৈ থাকি সিদ্ধ সন্তানবোৰক জন্ম দিবলৈ আছিল। গতিকে তাত কোনো নতুন স্বৰ্গীয় চৰকাৰৰ আৱশ্যকতা নাছিল।

১২, ১৩. যেনেকৈ মানৱজাতিৰ সংখ্যা বৃদ্ধি হৈ থাকিলহেঁতেন, তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ ঈশ্বৰৰ বাবে কিয় কোনো সমস্যাৰ কাৰণ নহʼলহেঁতেন?

১২ যেনেকৈ মানৱজাতিৰ পৰিয়াল সিদ্ধৰূপে বৃদ্ধি হৈ আহিলেহেঁতেন ঈশ্বৰে তেওঁলোকৰ সৈতে কেনেকৈ যোগাযোগ কৰিলেহেঁতেন? এই বিষয়ে জানিবলৈ আকাশত থকা তৰাবোৰৰ কথা বিবেচনা কৰক। সেইবোৰ ‘বিশ্বব্ৰহ্মাণ্ডৰ মহাদ্বীপত’ এটা গোট হৈ থাকে আৰু এইবিলাকক নক্ষত্ৰ পুঞ্জ বুলি কোৱা হয়। কিছুমান নক্ষত্ৰ পুঞ্জৰ তৰাবোৰৰ সংখ্যা হৈছে এশ কোটি। অন্য কিছুমানৰ নক্ষত্ৰ পুঞ্জৰ তৰাবোৰৰ সংখ্যা প্ৰায় ১ লাখ কোটি। ইয়াৰ ওপৰিও বৈজ্ঞানিকসকলে গণনা কৰি পাইছে যে দেখা পোৱা বিশ্বব্ৰহ্মাণ্ডৰ নক্ষত্ৰ পুঞ্জত থকা তৰাবোৰৰ সংখ্যা হৈছে ১০ হাজাৰ কোটি! এই হেতুকে সৃষ্টিকৰ্ত্তাই কৈছে: “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে? যি জনাই সংখ্যা অনুসাৰে সেইবোৰৰ বাহিনীবিলাকক উলিয়াই আনে, যি জনাই সেইবোৰক নাম ধৰি ধৰি মাতে, সেই জনাৰ অধিক সমৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে।”—যিচয়া ৪০:২৬.

১৩ যিহেতু স্বৰ্গত থকা সকলোবোৰ বস্তুৰ বিষয়ে ঈশ্বৰে হিচাপ ৰাখিব পাৰে, সেইকাৰণে এইটো নিশ্চিত যে মানৱজাতিৰ এই সৰু সংখ্যাৰ হিচাপ ৰাখিবলৈ তেওঁৰ বাবে কোনো সমস্যা নহয়। আনকি আজিও তেওঁৰ লাখ লাখ সেৱকসকলে তেওঁলৈ সদায় প্ৰাৰ্থনা কৰে আৰু সেইবোৰ প্ৰাৰ্থনা ঈশ্বৰে তৎক্ষণাত শুনে। গতিকে সকলোবোৰ সিদ্ধ মানৱজাতিৰ সৈতে যোগাযোগ কৰাটো তেওঁৰ বাবে কোনো কঠিন কাৰ্য্য নহলহেঁতেন। এই কাৰণে তেওঁলোকৰ বিষয়ে জানিবলৈ ঈশ্বৰৰ বাবে কোনো ৰাজ্যৰ আৱশ্যকতা নাছিল। যিহোৱাক শাসনকৰ্ত্তাৰূপে পোৱা, তেওঁলৈ পোনপতীয়াকৈ যোগাযোগ কৰা, কেতিয়াও মৃত্যুৰ সন্মুখীন নোহোৱা এনে এখন পৰমদেশীয় পৃথিৱীত চিৰকালে জীয়াই থকাটো কিযে এক আচৰিত প্ৰৱন্ধ আছিল!

“মানুহৰ গতি নিজ অধিকাৰত নাথাকে”

১৪. মানৱজাতিক চিৰকালৰ বাবে কিয় যিহোৱাৰ শাসনৰ আৱশ্যক আছিল?

১৪ যিহেতু, সিদ্ধ মানৱ হোৱাৰ স্বত্তেও তেওঁলোকক চিৰকালে যিহোৱাৰ শাসনৰ আৱশ্যকতা আছিল। কিয় আছিল? কিয়নো যিহোৱাই তেওঁলোকক তেওঁৰ পৰা স্বাধীন হৈ নিজে সফলতাৰূপে শাসন কৰিবলৈ ক্ষমতা দি সৃষ্টি কৰা নাছিল। গতিকে সেইটোৱেই মানৱজাতিৰ বাবে ব্যৱস্থা আছিল যাৰ বিষয়ে ভৱিষ্যতবক্তা যিৰিমিয়াই কৈছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই। হে যিহোৱা, মোক . . . শুধৰোৱা।” (যিৰিমিয়া ১০:২৩, ২৪) যদি মানৱজাতিয়ে ভাবিলেহেঁতেন যে যিহোৱাৰ শাসনৰ অবিহনে তেওঁলোকে সমাজক সফলৰূপে চলাব পাৰে তেনেহʼলে এইটো একেবাৰে মুৰ্খতা আৰু ঈশ্বৰৰ পৰা একেবাৰে বিপৰীত হোৱা কাৰ্য্য হʼলহেঁতেন। যাৰ ফলস্বৰূপে যিহোৱাৰ শাসনৰ পৰা স্বাধীন হৈ, স্বাৰ্থপৰ, ঘৃণা, নিষ্ঠুৰতা, হিংসা, যুদ্ধ আৰু মৃত্যুৰ সন্মূখীন হʼলহেঁতেন। কিয়নো ‘মানুহে আনজনৰ ওপৰত তাৰ অপকাৰলৈ ক্ষমতা পায়।’—উপদেশক ৮:৯.

১৫. আমাৰ প্ৰথম পিতৃ-মাতৃয়ে ভূল বাচঁনি কৰাৰ বাবে কি পৰিণাম হʼল?

১৫ কিন্তু, দুখৰ কথা এই যে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে সিধান্ত ললে যে তেওঁলোকক ঈশ্বৰৰ শাসনৰ আৱশ্যক নাই আৰু সেইবাবে তেওঁলোকে তেওঁৰ পৰা স্বাধীন হʼবলৈ বাচঁনি কৰিলে। পৰিণামস্বৰূপে, তেওঁলোকে চিৰকালৰ বাবে সিদ্ধতাক বজাই ৰাখিবলৈ নোৱাৰিলে। তেওঁলোকৰ অৱস্থা আমি বৈদ্যুতিক যন্ত্ৰৰ সৈতে তুলনা কৰিব পাৰোঁ। যেতিয়া বিদ্যুৎ শক্তিৰ উৎসৰ পৰা যন্ত্ৰটোক পৃথক কৰি দিয়া হয়, সেই সময়ত যন্ত্ৰটো অচল হৈ পৰে। ঠিক সেইদৰে আমাৰ প্ৰথম পিতৃ-মাতৃও লাহে লাহে মৃত্যুৰ ফালে অগ্ৰগতি হʼল। তেওঁলোকে এক ক্ৰটিপূৰ্ণ আৰ্হি ৰাখিলে আৰু নিজৰ সন্তানকো সিদ্ধ পৰিৱৰ্তে মাত্ৰ অসিদ্ধতাকেহে দান কৰিলে। (ৰোমীয়া ৫:১২) গতিকে যিহোৱাৰ বিষয়ে তেওঁৰ বাক্যত এইদৰে কৈছে: “তেওঁ শিলা, তেওঁৰ কৰ্ম্ম সম্পূৰ্ণকৈ শুদ্ধ, কিয়নো তেওঁৰ সকলো পথ ন্যায়; . . . ইবিলাক তেওঁৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰী লোক; ইবিলাক তেওঁৰ সন্তান নহয়, এয়েই তেওঁবিলাকৰ কলঙ্ক।” (দ্বিতীয় বিবৰণ ৩২:৪, ৫) এইটো সচাঁ যে আদম আৰু হৱাক এটা বিদ্ৰোহী আত্মিক প্ৰাণীয়ে ভুলাইছিল যিজনক পাছলৈ চয়তান বুলি আখ্যা দিয়া হʼল। কিন্তু তেওঁলোকক সিদ্ধ বিবেক দিয়া হৈছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে চয়তানৰ ভুল পৰামৰ্শক অগ্ৰাহ্য কৰিব পাৰিলেহেঁতেন।—আদিপুস্তক ৩:১-১৯; যাকোব ৪:৭.

১৬. ইতিহাসে কেনেকৈ প্ৰমাণিত কৰিছে যে ঈশ্বৰৰ পৰা স্বাধীনতা হৈ মানৱে কেতিয়াও ভাল শাসন আনিব নোৱাৰে?

১৬ ঈশ্বৰৰ পৰা মানৱজাতিয়ে স্বাধীন হৈ কৰা শাসনৰ পৰিণাম কি কি হʼল, ইতিহাসে তাৰ প্ৰমাণ দিয়ে। হাজাৰ হাজাৰ বছৰ ধৰি বিভিন্ন মানৱ চৰকাৰে অৰ্থনীতি আৰু সমাজ ব্যৱস্থাক উন্নত কৰিবলৈ চেষ্ঠা চলাই আহিছে। কিন্তু ইয়াৰ বিপৰীতে দুষ্টতা বৃদ্ধি হৈ “অধিক অধিককৈ মন্দ হৈ” গৈছে। (২ তীমথিয় ৩:১৩) বিংশ শতাব্দীৰ ইতিহাসে এই বিষয়ে প্ৰমাণিত কৰিছে। ইয়াৰ ইতিহাসত মাৰাত্মক শত্ৰুতা, হিংসা, যুদ্ধ, খাদ্যৰ নাটনি, দৰিদ্ৰতা আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ হৈ আছে। চিকিৎসাৰ ক্ষেত্ৰত চাবলৈ গলে, যিমানেই নতুন নতুন পদ্ধতি নুলিয়াওঁক কিয় সোনকালে বা পলমকৈ হʼলেও সকলোৱে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। (উপদেশক ৯:৫, ১০) যেতিয়া মানৱে নিজৰ খোজক স্থিৰ কৰিবলৈ চেষ্টা কৰে, আচলতে তেওঁলোকে চয়তান আৰু তাৰ পিশাচবোৰৰ হাতত নিজকে গতাই দি দাসত্বক স্বীকাৰ কৰে। গতিকে বাইবেলত চয়তানক “এই যুগৰ দেৱতা” বুলি কোৱা হৈছে।—২ কৰিন্থীয়া ৪:৪.

ঈশ্বৰে প্ৰদান কৰা স্বতন্ত্ৰ ইচ্ছাৰ আশীৰ্ব্বাদসমূহ

১৭. ঈশ্বৰে প্ৰদান কৰা স্বতন্ত্ৰ ইচ্ছাক কেনেকৈ ব্যৱহাৰ কৰিব লাগিছিল?

১৭ তেনেহʼলে যিহোৱাই কিয় মানৱজাতিক নিজৰ পথত চলিবলৈ এৰি দিলে? কিয়নো যিহোৱাই তেওঁলোকক স্বতন্ত্ৰ ইচ্ছাৰ সৈতে সৃষ্টি কৰিছিল যাৰ অৰ্থ আছিল বাচঁনি কৰিবলৈ স্বাধীনতা পোৱা। ইয়াৰ বিষয়ে পাঁচনি পৌলে কৈছিল: “যʼতে প্ৰভুৰ আত্মা, তʼতে স্বাধীনতাও।” (২ কৰিন্থীয়া ৩:১৭) যিহেতু কোনেও যন্ত্ৰমানৱ হোৱাটো নিবিচাৰে, কিয়নো যন্ত্ৰমানৱে কি কব আৰু কৰিব তাৰ বাবে প্ৰতিটো চেকেণ্ড আনৰ উপৰত নিৰ্ভৰ কৰে। কিন্তু যিহোৱাই বিচাৰিছিল যে মানৱে তেওঁৰ ইচ্ছাক পালন কৰি আৰু তেওঁৰ অধীনত থাকি তেওঁৰ জ্ঞানক নিৰীক্ষণ কৰিবলৈ যাতে সেই স্বতন্ত্ৰ ইচ্ছাক প্ৰয়োগ কৰে। (গালাতীয়া ৫:১৩) গতিকে ঈশ্বৰে দিয়া স্বাধীনতাৰ অৰ্থ সম্পূৰ্ণ স্বাধীনতা নাছিল, যাৰ পৰিণামস্বৰূপে গোটেই পৃথিৱীত অৰাজকতাৰে ভৰি পৰিলে। সেইবাবে যিহোৱাই প্ৰদান কৰা স্বাধীনতা তেওঁৰ ব্যৱস্থাৰ মাজত থাকিয়েই ব্যৱহাৰ কৰিবলৈ আছিল।

১৮. মানৱক স্বতন্ত্ৰ ইচ্ছাক ব্যৱহাৰ কৰিবলৈ এৰি দি ঈশ্বৰে কি প্ৰদৰ্শন কৰি দেখুৱালে?

১৮ সেইকাৰণে ঈশ্বৰে মানৱ পৰিয়ালক সম্পূৰ্ণৰূপে এৰি দি ইয়াকে প্ৰদৰ্শন কৰি দেখুৱালে যে আমাক ঈশ্বৰৰ শাসনৰ আৱশ্যক। এতেকে একমাত্ৰ ঈশ্বৰৰহে সাৰ্ব্বভৌমত্ব আৰু শাসন কৰা পদ্ধতি শুদ্ধ। তেওঁৰ শাসনৰ পৰিণাম হৈছে মহান আনন্দ, সন্তোষ আৰু উন্নতি। এইটো এইবাবে হʼব কিয়নো যিহোৱাই আমাৰ বিবেক আৰু শৰীৰক এনেধৰণে সৃষ্টি কৰিলে, যেতিয়া আমি তেওঁৰ ব্যৱস্থাৰ সামঞ্জস্যত কাৰ্য্য কৰোঁ আমি সকলোতকৈ উত্তম কাৰ্য্য কৰিব পাৰোঁ। গতিকে বাইবেলত কোৱা হৈছে যে “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।” (যিচয়া ৪৮:১৭) ঈশ্বৰৰ ব্যৱস্থাৰ মাজত থাকি স্বতন্ত্ৰ ইচ্ছাক ব্যৱহাৰ কৰাটো কোনো কঠিন নাছিল কিন্তু তাৰ পৰিৱৰ্ত্তে বিভিন্ন প্ৰকাৰৰ সোৱাদলগা খাদ্য, সুন্দৰ ঘৰ, দক্ষতা আৰু মনোৰম সঙ্গীতৰ আনন্দ প্ৰাপ্ত কৰিবলৈ আছিল। সেই স্বতন্ত্ৰ ইচ্ছাক ভালদৰে ব্যৱহাৰ কৰি এই পৰমদেশীয় পৃথিৱীখনত নিজৰ জীৱন সুন্দৰ আৰু অতি আকৰ্ষণীয়ৰূপে কৰিবলৈ আছিল।

১৯. নিজৰ সৈতে মানৱজাতিক পুনৰাই মিল কৰাবলৈ ঈশ্বৰে কি প্ৰতিনিধিক ব্যৱহাৰ কৰিছে?

১৯ কিন্তু, আদম আৰু হৱাই ভুল বাচঁনি কৰাৰ বাবে সকলো মানৱজাতি যিহোৱাৰ পৰা আতঁৰি গʼল, অসিদ্ধতালৈ আহি অধঃপতন ঘটিল আৰু শেষত মৃত্যুক সাৱটি লবলগীয়া হʼল। গতিকে সেই বেয়া পৰিস্থিতিৰ পৰা তেওঁলোকক উদ্ধাৰৰ আৱশ্যকতা আছিল যাতে ইয়াৰ যোগেদি তেওঁলোকে আকৌ তেওঁৰ পুতেক-জীয়েকৰ দৰে ঈশ্বৰৰ সৈতে ভাল সমন্ধ স্থাপন কৰিব পাৰে। ইয়াৰ কাৰণে ঈশ্বৰে যি প্ৰতিনিধিক বাচঁনি কৰিলে সেয়া হৈছে তেওঁৰ স্বৰ্গীয় ৰাজ্য আৰু উদ্ধাৰকৰ্ত্তা যীচু খ্ৰীষ্ট। (যোহন ৩:১৬) যীচুৰ দৃষ্টান্তত থকা অপব্যয়ী পুত্ৰৰ দৰে যিসকলে সত্যৰূপে মন পালতন কৰে, এই ব্যৱস্থাৰ যোগেদি তেওঁলোক ঈশ্বৰৰ সৈতে পুনৰাই মিল হʼব আৰু ঈশ্বৰে তেওঁলোকক আকৌ নিজৰ সন্তানৰ দৰে গ্ৰহণ কৰিব।—লূক ১৫:১১-২৪; ৰোমীয়া ৮:২১; ২ কৰিন্থীয়া ৬:১৮.

২০. এই ৰাজ্যই ঈশ্বৰৰ উদ্দেশ্যক কেনেকৈ সম্পন্ন কৰিব?

২০ এইটো নিশ্চিত যে, এই পৃথিৱীৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্যক তেওঁ নিশ্চয়ে সম্পন্ন কৰিব। (যিচয়া ১৪:২৪, ২৭; ৫৫:১১) খ্ৰীষ্টৰ দ্বাৰা তেওঁৰ এই ৰাজ্যৰ যোগেদি ঈশ্বৰে আমাৰ সাৰ্ব্বভৌমত্বৰ প্ৰতি থকা তেওঁৰ অধিকাৰক সম্পূৰ্ণৰূপে দোষমুক্ত কৰিব। যীচুৰ ৰাজ্যই পৃথিৱীত থকা মানৱজাতি আৰু পিশাচবোৰৰ শাসনক শেষ কৰিব আৰু এই ৰাজ্যই অকলে হাজাৰ বছৰৰ কাৰণে স্বৰ্গৰ পৰা শাসন কৰিব। (ৰোমীয়া ১৬:২০; প্ৰকাশিত বাক্য ২০:১-৬) কিন্তু সেই সময়ত, যিহোৱাৰ শাসন কৰা উচ্চ পদ্ধতিক কেনেকৈ প্ৰদৰ্শন কৰি দেখুৱাব? সেই হাজাৰ বছৰৰ শাসনৰ পাছত, সেই ৰাজ্যই কি ভূমিকা আদায় কৰিব? এই বিষয়ে পৰৱৰ্তী লেখত বিবেচনা কৰা হʼব।

পুনৰ আলোচনা কৰা বিষয়সমূহ

•বাইবেলৰ বিষয়বস্তু কি?

•পৃথিৱীত কোনে নতুন শাসন স্থাপিত কৰিব?

•ঈশ্বৰৰ পৰা স্বাধীনতা হৈ মানৱজাতিয়ে কিয় সফলতাৰূপে শাসন কৰিব নোৱাৰে?

•স্বতন্ত্ৰ ইচ্ছা কেনেকৈ প্ৰয়োগ কৰা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ছবি]

যীচুৰ শিক্ষাই ঈশ্বৰৰ ৰাজ্যৰ শাসনৰ ওপৰত জোৰ দিছিল