Skip to content

Skip to table of contents

বাইবেল পাঠ আৰু অধ্যয়ন কৰাৰ বাবে সুসময়ক কিনি লওঁক

বাইবেল পাঠ আৰু অধ্যয়ন কৰাৰ বাবে সুসময়ক কিনি লওঁক

বাইবেল পাঠ আৰু অধ্যয়ন কৰাৰ বাবে সুসময়ক কিনি লওঁক

“সুসময়ক [কিনি] লবা; কিয়নো এই কাল মন্দ।”ইফিচীয়া ৫:১৬.

১. কিয় আমি আমাৰ সময়ক হিচাপ ৰখাটো বুদ্ধিমানৰ কথা আৰু কিদৰে সময়ক ব্যৱহাৰ কৰি আমাৰ ব্যক্তিত্বৰ পৰিচয় দিব পাঁৰো?

 এটা চলিত প্ৰবাদত এইদৰে কোৱা হৈছে যে “সময়ক বাচঁনি কৰা অৰ্থই হৈছে সময়ক সঠিকৰূপে ব্যৱহাৰ কৰা।” এজন ব্যক্তিয়ে তেওঁৰ গুৰুত্বপূৰ্ণ কামবোৰৰ বাবে নিৰ্দ্দিষ্টৰূপে সময় নিৰ্ণয় কৰি সময়ক সঠিকৰূপে ব্যৱহাৰ কৰে আৰু এইদেৰে তেওঁ সময়ৰ বাচঁনি কৰে। জ্ঞানী ৰজা চলোমনে এইদৰে কৈছিল, “প্ৰত্যেক বিষয়ৰেই এক এক সময় আছে, আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে।” (উপদেশক ৩:১) আমাৰ সকলোৰে ওচৰতে সিমানহে সময় আছে যিটো অলাগতিয়াল কামবোৰৰ বাবে ব্যৱহাৰ হয়। সময়ক সঠিকৰূপে ব্যৱহাৰ কৰাটো আমাৰ প্ৰত্যেকজনৰ ওপৰত নিৰ্ভৰ কৰে। আমি গুৰত্বপূৰ্ণ কামবোৰৰ বাবে সময় ব্যয় কৰি ইয়াকে প্ৰকাশ কৰোঁ যে সেইবোৰ হৈছে আমাৰ অতি প্ৰিয়।—মথি ৬:২১.

২. (ক)যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত আমাৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ বিষয়ে কি কৈছিল? (খ) ঈশ্বৰৰ বাক্য পঢ়িবৰ নিমিত্তে কিয় আত্মসমীক্ষা কৰিব লাগে?

শাৰীৰিক প্ৰয়োজনৰ কাৰণে খোৱা আৰু শুৱাত সময় ব্যয় কৰিবলৈ আমি সকলোৱেই বাধ্য। কিন্তু আমাৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ বিষয়ে কি? আমি জানো যে সেইবোৰকো পূৰ কৰা অতি আৱশ্যক। যীচুৱে তেওঁৰ পৰ্ব্বতীয়া উপদেশত এইদৰে কৈছিল, “আত্মাত দৰিদ্ৰবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।” (মথি ৫:৩) সেইকাৰণে, “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই আমাক সদায় স্মৰণ কৰাই দিয়ে যে বাইবেল পাঠ আৰু অধ্যয়নৰ বাবে সময় ব্যয় কৰাটো অতি আৱশ্যক। (মথি ২৪:৪৫) আপুনি চাগৈ ভাবিব পাৰে যে তেনে কৰাটো সঁচাকৈ অতি আৱশ্যক, কিন্তু বাইবেল পাঠ আৰু অধ্যয়ন কৰিবলৈ আমাৰ ওচৰত অলপো সময় নাই। তেন্তে আঁহক আমি পৰীক্ষা কৰি চাওঁ যে ঈশ্বৰৰ বাক্য পঢ়িবলৈ, ব্যক্তিগত অধ্যয়ন আৰু ধ্যান কৰিবৰ বাবে কেনেকৈ সময় উলিয়াব পৰা যায়।

বাইবেল পাঠ আৰু অধ্যায়ন কৰিবলৈ সময় উলিয়াওঁক

৩, ৪. (ক)পাঁচনি পৌলে সময়ৰ সম্বন্ধে কি পৰামৰ্শ দিছিল আৰু ইয়াৰ সৈতে কি জৰিত আছে? (খ) পৌলে কোৱা, ‘সুসময়ক কিনি লোৱা’ কথাষাৰৰ অৰ্থ কি?

যি সময়ত আজি আমি জীয়াই আছোঁ, আমি সকলোৱে পাঁচনি পৌলে দিয়া পৰামৰ্শক পালন কৰা উচিত, তেওঁ কৈছিল: “এতেকে যি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা; সুসময়ক কিনি লবা; কিয়নো এই কাল মন্দ। এই হেতুকে তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা।” (ইফিচীয়া ৫:১৫-১৭) সমৰ্পিত খ্ৰীষ্টান হোৱাৰ হেতুকে আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত যেনে, প্ৰাৰ্থনা কৰা, অধ্যয়ন কৰা, সভাবোৰত উপস্থিত হোৱা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাতো সন্মিলিত আছে।—মথি ২৪:১৪; ২৮:১৯, ২০.

বৰ্ত্তমান সময়ত যিহোৱাৰ সেৱকসকলৰ মাজত প্ৰায়ে বাইবেল পাঠ কৰাৰ প্ৰতি অৱেহেলা কৰা দেখা গৈছে। সঁচাকৈ আমি কোনেও দিনটো দীঘল কৰিব নোৱাৰো। সেইকাৰণে পৌলে দিয়া পৰামৰ্শত এক গভীৰ অৰ্থ আছে। গ্ৰীক ভাষাৰ এই বাক্যশাৰি অৰ্থাৎ “সুসময়ক কিনি লবা,” ইয়াৰ অৰ্থ হৈছে কিবা এটা মূল্যবান বস্তুক কিনি লোৱা। ডাব্লিও. ই. ৱাইনে লিখা দ্যা এক্চপজিটৰি ডিক্‌চনেৰীʼত এইদৰে কৈছে, “আপোনালৈ অহা সকলোবোৰ সুযোগেই যেন লাভৱান হয় সেই বিষয়ে দকৈ চিন্তা কৰক যিহেতু কোনেও আপোনাৰ কাৰণে সেই যোৱা সময়বোৰ পুনৰায় ঘূৰাই আনিব নোৱাৰে।” কিন্তু কেনেকৈ আৰু কʼৰ পৰা আমি সেই মূল্যবান সময় কিনি বাইবেল পাঠ আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰিম?

আৱশ্যকীয় কামবোৰক প্ৰথম স্থান দিয়া উচিত

৫. আমি ‘সকলোতকৈ গুৰুত্বপূৰ্ণ কামবোৰক’ কিয় আৰু কেনেকৈ প্ৰথম স্থানত ৰাখিব পাৰোঁ?

যদিও আমাৰ আন আন কামবোৰ কৰা অতি আৱশ্যক, তথাপিও এনে বহুতো আধ্যাত্মিক কাৰ্য্য আছে যʼত আমি ধ্যান দিয়া উচিত। গতিকে যিহোৱাৰ সমৰ্পিত সেৱক হোৱাৰ বাবে আমি “থিৰ আৰু অলৰ হৈ, প্ৰভুৰ কাৰ্য্যত সদায় উপচি পৰা” আৱশ্যক। (১ কৰিন্থীয়া ১৫:৫৮) সেইকাৰণে পৌলে ফিলিপিয়াত থকা ভাইসকলক আজ্ঞা দি এইদৰে কৈছিল, “যি যি শ্ৰেষ্ঠ, তোমালোকে পৰীক্ষা কৰি তাৰ নিৰ্ণয় কৰা।” (ফিলিপীয়া ১:৯) ইয়াৰ অৰ্থ হৈছে যে আধ্যাত্মিক কাৰ্য্যবোৰক প্ৰথম স্থানত ৰখা উচিত। (মথি ৬:৩১-৩৩) যিহেতু, আধ্যাত্মিক আৱশ্যকতাত উপনীত হবলৈ ভাৰসাম্য বজাই ৰখা উচিত। সেইবাবে আমি আমাৰ সময়ক খ্ৰীষ্টান জীৱন-প্ৰাণালীৰ বিভিন্ন কাৰ্য্যত কেনেকৈ বিভক্ত কৰিব পাৰোঁ? ট্ৰেভেলিং ওভাৰচিয়াৰসকলৰ ৰিপৰ্টৰ মতে ‘সকলোতকৈ গুৰুত্বপূৰ্ণ কাম’ হৈছে ব্যক্তিগত অধ্যয়ন আৰু বাইবেল পাঠ কৰা।

৬. নিজৰ চাকৰিৰ ক্ষেত্ৰত বা ঘৰুৱা কাৰ্য্যৰ পৰা কিদৰে সময় কিনিব পাৰা যায়?

আমি জানিব পাৰিছোঁ যে সুসময়ক কিনি লোৱা অৰ্থ হৈছে ‘সকলো সুবিধাত’ লাভ প্ৰাপ্ত কৰা। গতিকে যদি আমি আমাৰ বাইবেল পঢ়া আৰু অধ্যয়ন কৰা অভ্যাসক উন্নতি কৰিবলৈ বিচাৰোঁ, তেনেহʼলে আমি কিমান সময় এনেয়ে ব্যয় কৰোঁ তাৰ বাবে ব্যক্তিগতভাৱে বিশ্লেষণ কৰিলে উত্তম হʼব। যদি আমাৰ চাকৰিৰ বাবে অতিৰিক্ত সময় দিব লগীয়া হয় যাৰ বাবে আমাৰ সময় আৰু শক্তিৰ অপব্যয় হয়, সেই সময়ত আমি এই বিষয়ে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাৰ যোগেদি নিৱেদন কৰা উচিত। (গীতমালা ৫৫:২২) ইয়াৰ বাবে আমি আমাৰ কিছুমান আঁচনিত সাল-সলনি কৰা আৱশ্যক, যাতে আমি যিহোৱাৰ উপাসনাৰ বাবে সময় উলিয়াব পাৰোঁ। এই উপাসনাত বাইবেল পাঠ আৰু অধ্যয়ন কৰা সন্মিলিত হৈ আছে। এইটো সচাঁ যে মহিলাসকলে কৰিবলৈ ঘৰত যথেষ্ট কাম থাকে। গতিকে খ্ৰীষ্টান ভনীসকলেও সকলোতকৈ প্ৰথমে যি আৱশ্যকীয় কাৰ্য্য তাৰ বাবে নিৰ্দ্দিষ্ট সময় ৰাখা উচিত। তেনে কৰিলে তেওঁলোকে বাইবেল পাঠ আৰু গভীৰভাৱে অধ্যয়ন কৰিবলৈ সময় পাব।

৭, ৮. (ক)বাইবেল পাঠ আৰু অধ্যয়ন কৰিবলৈ কি কাৰ্য্যবোৰৰ পৰা সময় কিনিব পৰা যায়? (খ) মনোৰঞ্জনৰ উদ্দেশ্য কি আৰু ইয়াৰ প্ৰতি থকা ভাৰসাম্যই আমাক যি কাৰ্য্যবোৰক প্ৰথম স্থান দিব লাগে তাক বুজিবলৈ কেনেকৈ সহায় কৰে?

আমি সকলোৱে অনাৱশ্যকীয় কাৰ্য্যৰ পৰা অধ্যয়নৰ বাবে সময়ক কিনিব পাৰোঁ। গতিকে আমি নিজকে সুধিব পাৰোঁ, ‘মই বাহিৰা আলোচনী বা বাতৰি কাকত, টিভিৰ কাৰ্য্যক্ৰম, সংগীত বা ভিডিঅ গেমচ্‌, আদিৰ বাবে কিমান সময় ব্যয় কৰোঁ? মই বাইবেল পঢ়াৰ পৰিৱৰ্তে অধিক সময় কম্পিউতাৰ গেমচ্‌বোৰত ব্যয় কৰোঁনে?’ সেই বিষয়ে পৌলে কৈছিল: “তোমালোক নিৰ্ব্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি, তাক জ্ঞাত হোৱা।” (ইফিচীয়া ৫:১৭) বহুতো ভাই-ভনীয়ে বাইবেল পাঠ আৰু ব্যক্তিগত অধ্যয়ন কৰিবলৈ সময় নোপোৱাৰ এটা মূখ্য কাৰণ হৈছে তেওঁলোকে বেছি ভাগ সময় টিভি চোৱাত অদৰকাৰীভাৱে ব্যয় কৰে।—গীতমালা ১০১:৩; ১১৯:৩৭, ৪৭, ৪৮.

কিছুমানে হয়তো কʼব পাৰে যে সকলো সময়তে অধ্যয়ন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়, গতিকে কিছুমাত্ৰাত মনোৰঞ্জনৰ আৱশ্যক। অৱশ্যেই এই কথাষাৰ সচাঁ, কিন্তু তেতিয়াও আমি কিমান সময় মনোৰঞ্জনত দিওঁ আৰু কিমান সময় বাইবেল পঢ়া আৰু অধ্যয়ন কৰিবলৈ ব্যয় কৰোঁ তাক বিবেচনা কৰাটো উত্তম হʼব। এনে কৰিলে তাৰ পৰিণামস্বৰূপে অধিক লাভৱান হʼব পাৰিব। যিহেতু যদিও জিৰণি আৰু মনোৰঞ্জনৰ আৱশ্যক, কিন্তু এইবোৰক নিজ-নিজ স্থানত ৰখা উচিত। কিয়নো এনে ভাৰসাম্য বজাই ৰখাৰ উদ্দেশ্য হৈছে আধ্যাত্মিক কাৰ্য্যবোৰত ভালকৈ সংশোধন কৰিবলৈ আমাক সতেজ কৰা। প্ৰকৃততে একমাত্ৰ ঈশ্বৰৰ বাক্যক পঢ়া আৰু অধ্যয়ন কৰা যোগেদিহে স্ফুৰ্ত্তিদায়ক আৰু শক্তিদায়ক হʼব পাৰি, কিন্তু ইয়াৰ বিপৰীতে এনেধৰণৰ বহুতো টিভি কাৰ্য্যক্ৰম আৰু ভিডিঅ গেমচ্‌ আছে যিবোৰে এজন ব্যক্তিক ক্লান্তকৰ কৰি তুলে।—গীতমালা ১৯:৭, ৮.

অধ্যয়নৰ বাবে কিছুমানে কেনেকৈ সময় উলিয়াইছে

৯. প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক—১৯৯৯ চনৰ পুস্তিকাখনত দিয়া উপদেশসমূহক পালন কৰিলে কিদৰে লাভৱান হʼব পাৰি?

সংস্থাই প্ৰকাশ কৰা ১৯৯৯ চনৰ প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক, পুস্তিকাখনৰ ৩ পৃষ্ঠাৰ পাতনিত এইদৰে ব্যাখ্যা কৰা হৈছে: “ৰাতিপূৱা সময়ত এই পুস্তিকাৰ পৰা দৈনিক পাঠ আৰু মন্তব্যক বিবেচনা কৰিলে লাভৱান হʼব। আপুনি অনুভৱ কৰিব যে মহান শিক্ষক যিহোৱাই তেওঁৰ নিৰ্দ্দেশনবোৰৰ দ্বাৰা আপোনাক সুস্থিৰ কৰি তুলিছে। সেয়েহে প্ৰত্যেক ৰাতিপূৱা যিহোৱাৰ পৰা পোৱা নিৰ্দ্দেশনাৰ বিষয়ে যীচুৱে এইদৰে কৈছিল ‘যিহোৱাই প্ৰতি ৰাতিপুৱাতে মোক চেতনায়, এনে কি, শিক্ষিত লোকৰ দৰে শুনিবৰ নিমিত্তে মোৰ কাণ চেতনায়।’ গতিকে এনেধৰণৰ চেতনাই যীচুক ‘শিক্ষিত লোকৰ জিবা’ দিলে যাতে তেওঁ ‘ক্লান্ত লোকক’ কিদৰে সুস্থিৰ কৰে তাক জানিব পাৰে। (যিচয়া ৩০:২০; ৫০:৪; মথি ১১:২৮-৩০) সেইবাবে প্ৰত্যেক ৰাতিপূৱা ঈশ্বৰৰ বাক্যই মাত্ৰ আপোনাৰ নিজকে যে সজাগ কৰি তুলি সমস্যাবোৰৰ সৈতে যুজঁ কৰিবলৈ উপদেশ দিয়ে এনে নহয়, ইয়াৰ উপৰিও আপুনি যাতে আনক সহায় কৰিব পাৰে তাৰ বাবে আপোনাক ‘শিক্ষিত লোকৰ জিবা’ প্ৰদান কৰে।” *

১০. কিছুমান লোকে বাইবেল পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ কেনেকৈ সময় উলিয়াইছে আৰু ইয়াৰ যোগেদি কি লাভসমূহ প্ৰাপ্ত কৰিছে?

১০ বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে প্ৰত্যেক ৰাতিপূৱা দৈনিক পাঠৰ বিবচনা কৰা, বাইবেলৰ বচনসমূহ পঢ়া আৰু অধ্যয়ন কৰাৰ দ্বাৰা এই উপদেশসমূহক পালন কৰে। উদাহৰণস্বৰূপে, এগৰাকী বিশ্বাসী অগ্ৰগামী ভনীয়ে ৰাতিপূৱা সোনকালে উঠি বাইবেল পঢ়িবলৈ ৩০ মিনিট সময় ব্যয় কৰে। গোটেই বছৰজুৰি এইদৰে কৰিবলৈ তাইক কিহে সহায় কৰিলে? সেই ভনী গৰাকীয়ে কৈছিল: “যিয়েই কাৰ্য্য নহওঁক কিয়, মই মোৰ পঢ়াৰ তালিকাখনক গভীৰভাৱে অনুকৰণ কৰি সেইমতে কাৰ্য্য কৰোঁ!” আমি দিনটোৰ যিকোনো সময়ক বাচি নলওঁ কিয়, আমি আমাৰ তালিকাৰ অনুসাৰে চলাটোৱেই হৈছে অতি গুৰুত্বপূৰ্ণ কাৰ্য্য। উত্তৰ আফ্ৰিকা আৰু ইৰোপ মহা দেশত ৪০ বছৰ ধৰি অগ্ৰগামী সেৱা কৰি থকা ৰেনে মীকাই এইদৰে কৈছিল: “১৯৫০ চনৰ পৰা মোৰ লক্ষ্য হৈছে প্ৰত্যেক বছৰে গোটেই বাইবেলখন পঢ়া। মই এতিয়ালৈকে ৪৯ বাৰ বাইবেলখন পঢ়ি শেষ কৰিলোঁ। যিহেতু মই অনুভৱ কৰোঁ যে মোৰ প্ৰধান লক্ষ্য হৈছে সৃষ্টিকৰ্ত্তাৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা। ঈশ্বৰৰ বাক্যৰ ওপৰত ধ্যান কৰাৰ যোগেদি যিহোৱাৰ ন্যায় আৰু তেওঁৰ অন্য গুণবোৰ আৰু তেওঁৰ ওচৰত এক অদ্ভূত শক্তিৰ উৎস আছে, এইবোৰক ভালদৰে বুজিবলৈ মোক সহায় কৰে।” *

“উচিত সময়ত নিৰূপিত আহাৰ”

১১, ১২. (ক)“বুদ্ধিমান ঘৰগিৰী” যোগেদি কি আধ্যাত্মিক ‘নিৰূপিত আহাৰৰ’ ব্যৱস্থা কৰা হৈছে? (খ) উচিত সময়ত কেনেকৈ এই ‘নিৰূপিত আহাৰক’ প্ৰৱন্ধ কৰা হয়?

১১ যিদৰে নিয়মীতৰূপে খোৱা আহাৰে শৰীৰক স্বাস্থ্যৱান কৰে ঠিক সেইদৰে নিয়মীতৰূপে বাইবেল পাঠ আৰু অধ্যয়নে আধ্যাত্মিক শৰীৰকো স্বাস্থ্যৱান কৰে। লূকে লিখা তেওঁৰ শুভবাৰ্ত্তাত, আমি যীচুৱে কোৱা বাক্যৰ বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “নিজ ভৃত্যবিলাকক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব, এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?” (লূক ১২:৪২) গতিকে ১৮৭৯ চনৰ পৰা বৰ্তমান সময়লৈকে, প্ৰহৰীদুৰ্গ আৰু অন্য বাইবেল আধাৰিত কিতাপ আৰু প্ৰকাশনবোৰে আধ্যাত্মিকৰূপে “উচিত সময়ত নিৰূপিত” আহাৰৰ যোগন ধৰি আহিছে।

১২ “উচিত সময়ত” বাক্যশাৰীত মনোযোগ দিয়ক। আমাৰ ‘মহান শিক্ষক’ যিহোৱাই তেওঁৰ পুত্ৰ আৰু বিশ্বাসী বুদ্ধিমান দাস বৰ্গৰ যোগেদি সঠিক সময়ত নিজৰ লোকসকলক ধৰ্মীয় সিধান্ত আৰু আচাৰ-ব্যৱহাৰ প্ৰতি পথ-প্ৰৰ্দশন কৰে। যদি আমি মনোযোগ দিওঁ তেনেহʼলে আমি এই কন্ঠস্বৰ শুনিবলৈ পাওঁ: “তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবৰ সময়ত, তোমালোকৰ কাণে পাছৰ পৰা এই বাক্য শুনিবলৈ পাব, এয়ে পথ, এয়েদি চলা।” (যিচয়া ৩০:২০, ২১) ইয়াৰ ওপৰিও, যেতিয়া এজন ব্যক্তিয়ে বাইবেল আৰু বাইবেল আধাৰিত প্ৰকাশনবোৰক মনোযোগেৰে পঢ়ে, তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে সেই প্ৰকাশনবোৰত লিখা বিষয়সমূহ বিশেষকৈ তেওঁলোকৰ বাবেহে তৈয়াৰ কৰা হৈছে। গতিকে উচিত সময়ত, আমাৰ বাবে অহা ঈশ্বৰীয় উপদেশ আৰু নিৰ্দ্দেশনাসমূহে পৰীক্ষাত দৃঢ় হৈ সঠিক নিৰ্ণয় লোৱাত আমাক সহায় কৰিব।

উত্তমৰূপে আহাৰ গ্ৰহণ কৰা অভ্যাসক উন্নতি কৰক

১৩. আধ্যাত্মিক আহাৰ গ্ৰহণ কৰাত বাধা উৎপন্ন কৰা অভ্যাসবোৰ কি কি?

১৩ উচিত সময়ত প্ৰৱন্ধ কৰা এনেধৰণৰ ‘নিৰূপিত আহাৰৰ’ যোগেদি লাভৱান হʼবলৈ আমি আহাৰ গ্ৰহণ কৰা অভ্যাসক উন্নতি কৰা আৱশ্যক। ইয়াৰ বাবে বাইবেল পঢ়া, ব্যক্তিগত অধ্যয়ন কৰা আৰু একেৰাহে লাগি থাকিবলৈ এক নিয়মিত তালিকা হোৱাৰ আৱশ্যক। আপোনাৰ আধ্যাত্মিকৰূপে আহাৰ গ্ৰহণ কৰাৰ অভ্যাস আছেনে আৰু নিয়মীয়াকৈ গভীৰভাৱে আপুনি ব্যক্তিগত অধ্যয়ন কৰেনে? বা খৰ-খেদাকৈ ভোজন কৰা বা কিছুমান খাদ্যক এৰি দিয়াৰ দৰে আমাৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা আধ্যাত্মিক বিষয়বোৰক মাত্ৰ ওপৰে-ওপৰে পঢ়িছেনে? যদি তেনে কৰা হয় তেনেহʼলে আমাৰ বিশ্বাস হ্ৰাস হʼব আৰু পাছলৈ আমি বিশ্বাসৰ পৰা পিচলি পৰিবও পাৰোঁ—১ তীমথিয় ১:১৯; ৪:১৫, ১৬.

১৪. যিটো বিষয় একেই যেন বোধ হয় তাক মনোযোগেৰে অধ্যয়ন কৰাটো কিয় লাভজনক?

১৪ কিছুমানে হয়তু ভাবিব পাৰে যে তেওঁলোকে ইতিমধ্যে মূল সিধান্তবোৰৰ বিষয়ে জানে, গতিকে আলোচনীৰ লেখবোৰত প্ৰস্তুত কৰা বিষয়বস্তুবোৰ তেওঁলোকৰ বাবে কোনো নতুন নহয়। সেইবাবে, নিতৌ অধ্যয়ন কৰা আৰু সভাত উপস্থিত হোৱাটো সিমান আৱশ্যক নাই। সেই কাৰণে বাইবেলে উল্লেখ কৰিছে যে আমি আগতে যিবোৰ শিকিলোঁ সেইবোৰক সোঁৱৰি থকা আৱশ্যক। (গীতমালা ১১৯:৯৫, ৯৯; ২ পিতৰ ৩:১; যিহূদা ৫) যিদৰে এজন ভাল ৰান্ধনিয়ে একেবিধ মচলা ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ সোৱাদ লগা আহাৰ তৈয়াৰ কৰে, ঠিক সেইদৰে বিশ্বাসী বুদ্ধিমান দাস বৰ্গইও বিভিন্ন ধৰণৰ পুষ্টিকৰ আধ্যাত্মিক আহাৰ প্ৰস্তুত কৰে। যদিও আলোচনীৰ লেখবিলাকত বিষয়বস্তুবোৰ আগতে প্ৰায়ে উল্লেখ কৰা হৈছে, কিন্তু ইয়াত থকা মূল্যবান বিষয়টোক এৰি দিয়াটো কেতিয়াও উচিত নহয়। বাস্তৱিকতে অধ্যয়ন কৰা বিষয়টোৰ পৰা অধিক লাভৱান হʼবলৈ, আমি কিমান সময় আৰু প্ৰচেষ্টা কৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।

বাইবেল পঢ়া আৰু অধ্যয়নৰ পৰা পোৱা আধ্যাত্মিক লাভসমূহ

১৫. বাইবেলক পঢ়া আৰু অধ্যয়নে কেনেকৈ ঈশ্বৰৰ বাক্যৰ প্ৰচাৰক হʼবলৈ সহায় কৰে?

১৫ বাইবেলক পঢ়া আৰু অধ্যয়ন কৰাৰ পৰা বহুতো লাভ প্ৰাপ্ত কৰিব পাৰি। বাইবেল অধ্যয়নে আমাৰ মূল খ্ৰীষ্টান দায়ীত্ববোৰক বুজিবলৈ সহায় কৰে। উদাহৰণস্বৰূপে, তাৰে এটা হৈছে আমি প্ৰত্যেকে “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” হʼব পাৰোঁ। (২ তীমথিয় ২:১৫) আমি যিমানেই বাইবেল পঢ়োঁ আৰু অধ্যয়ন কৰোঁ সিমানেই আমাৰ হৃদয়ত ঈশ্বৰৰ বিচাৰ-ধাৰাবোৰ গভীৰ হয়। যদি সেইদৰে কৰোঁ তেনেহʼলে, পৌলৰ দৰে আমিও যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে ‘শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই, ভাঙি বুজাই’ দিবলৈ সক্ষম হম। (পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩) তেতিয়া আমাৰ শিক্ষা দিয়া দক্ষতা বৃদ্ধি হʼব আৰু আধ্যাত্মিকতাত আমাৰ কথা-বতৰা, যুক্তি দেখুৱা আৰু উপদেশ দিয়া কাৰ্য্য অধিক উন্নত হʼব।—হিতোপদেশ ১:৫.

১৬. বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ দ্বাৰা ব্যক্তিগতৰূপে কেনেকৈ লাভৱান হʼব পাৰিম?

১৬ আনহাতে, ঈশ্বৰৰ বাক্যক বিবেচনা কৰিবৰ বাবে যিমানে সময় অতিবাহিত কৰিম তাৰ দ্বাৰাই আমি সম্পূৰ্ণৰূপে যিহোৱাৰ অনুসাৰে জীৱন-যাপন কৰিব পাৰিম। (গীতমালা ২৫:৪; ১১৯:৯, ১০; হিতোপদেশ ৬:২০-২৩) ইয়াৰ উপৰিও ঈশ্বৰ বাক্যই আমাক নম্ৰতা, নিষ্ঠা আৰু আনন্দৰ দৰে আধ্যাত্মিক গুণবোৰক শক্তিশালী কৰাত সহায় কৰিব। (দ্বিতীয় বিবৰণ ১৭:১৯, ২০; প্ৰকাশিত বাক্য ১:৩) বাইবেলৰ পৰা পোৱা জ্ঞানক যেতিয়া আমি নিজৰ জীৱনত ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ঈশ্বৰে দিয়া আত্মাত আনন্দিত হওঁ আৰু ইয়াৰ পৰিণামস্বৰূপে সকলো কাৰ্য্যতে আত্মাৰ ফলক প্ৰচুৰভাৱে দেখিবলৈ পাম।—গালাতীয়া ৫:২২, ২৩.

১৭. ব্যক্তিগতৰূপে বাইবেল পঢ়াত অধিক সময় অতিবাহিত কৰাৰ ফলত যিহোৱাৰ সৈতে থকা আমাৰ সমন্ধক কেনেকৈ প্ৰভাৱিত কৰে?

১৭ কিন্তু ইয়াৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ঈশ্বৰৰ বাক্যক পঢ়িবলৈ আৰু অধ্যয়ন কৰিবলৈ অন্য কাৰ্য্যবোৰৰ পৰা সময় উলিওৱা আৱশ্যক। ইয়ে আমাক ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সমন্ধ বজাই ৰখাত সহায় কৰিব। সেইবাবে পৌলে প্ৰাৰ্থনা কৰি কৈছিল যে ‘সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হোৱা আৰু তেওঁৰ সেই তত্ত্ব-জ্ঞানত বাঢ়ি, সকলো সৎকৰ্ম্মত ফলৱন্ত হৈ আৰু আনন্দেৰে সৈতে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰে’ তেওঁৰ সঙ্গী ভাইসকলে যেন পূৰ্ণ হয়। (কলচীয়া ১:১০) ঠিক একেইদৰে আমিও ‘ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়িবলৈ’ “সকলো আত্মিক জ্ঞান আৰু বুদ্ধি” লোৱা আৱশ্যক। স্পষ্টকৈ, ব্যক্তিগতৰূপে বাইবেল পঢ়া আৰু অধ্যয়ন কৰাত অধিক সময় ব্যয় কৰিলে যিহোৱাই আশীৰ্ব্বাদ আৰু সমৰ্থন দিব।

১৮. যদি আমি যোহন ১৭:৩ পদ থকা যীচুৰ বাণী অনুকৰণ কৰোঁ তেনেহʼলে আমি কি আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম?

১৮ “আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) সেইকাৰণে যিহোৱাৰ সাক্ষীসকলে ঈশ্বৰৰ বাক্যৰ অধ্যয়নৰ প্ৰতি থকা গভীৰতাক আনে বুজি পাবলৈ এই শাস্ত্ৰীয় পদটো সঘনাই ব্যৱহাৰ কৰে। গতিকে ব্যক্তিগতভাৱে এনে কৰাটো আমাৰ প্ৰত্যেকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ চিৰকালৰ জীৱনৰ আশা যিহোৱা আৰু তেওঁ পুত্ৰ, যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান বৃদ্ধি কৰাৰ ওপৰত নিৰ্ভৰ কৰে। ক্ষন্তেক বিবচনা কৰক যে ‘জ্ঞান বৃদ্ধি’ কৰাৰ অৰ্থ কি বুজায়। ইয়াৰ অৰ্থ এইটো যে যিহোৱাৰ বিষয়ে জ্ঞান লোৱাটো কেতিয়াও শেষ নহʼব, অৰ্থাৎ আমি চিৰকাললৈ তেওঁৰ জ্ঞান লৈ থাকিব পাৰিম!—উপদেশক ৩:১১; ৰোমীয়া ১১:৩৩.

[ফুটনোটবোৰ]

^ ৱাচ্‌টাৱাৰ বাইবেল এন্ড্‌ ট্ৰ্যাক্ট চচাইটিৰ দ্বাৰা প্ৰকাশিত।

^ মে ১, ১৯৯৫, প্ৰহৰীদুৰ্গ, ২০-২১ পৃষ্ঠাত প্ৰকাশ হোৱা “কেতিয়া তেওঁলোকে পঢ়ে আৰু কেনেকৈ লাভসমূহ প্ৰাপ্ত কৰে” লেখটো চাওঁক।

পুনঃনিৰীক্ষণৰ বাবে প্ৰশ্নসমূহ

আমি সময়ক যিভাৱে ব্যৱহাৰ কৰোঁ তাৰ দ্বাৰাই কি প্ৰকাশ হয়?

বাইবেল পঢ়া আৰু অধ্যয়ন কৰিবলৈ কি কি কাৰ্য্যৰ পৰা সময় উলিয়াব পৰা যায়?

আমি আধ্যাত্মিক আহাৰ গ্ৰহণ কৰা অভ্যাসক কিয় উন্নত কৰা উচিত?

শাস্ত্ৰ পঢ়া আৰু অধ্যয়নে কি কি লাভ কঢ়িয়াই আনে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০, ২১ পৃষ্ঠাৰ ছবি]

নিয়মিতৰূপে কৰা বাইবেল অধ্যয়নে আমাক ‘সত্যৰ বাক্যক সঠিকৰূপে কাৰ্যকাৰী’ কৰিবলৈ সক্ষম কৰায়