Skip to content

Skip to table of contents

বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হ’ব পাৰি

বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হ’ব পাৰি

বাইবেল পাঠ কৰাৰ যোগেদি লাভৱান আৰু আনন্দিত হʼব পাৰি

“তুমি দিনে-ৰাতিয়ে তাক ধ্যান কৰা।”যিহোচূৱা ১:৮.

১. সাধাৰণতে পাঠ কৰা, বিশেষকৈ বাইবেল পঢ়াৰ পৰা কেনেকৈ লাভৱান হʼব পাৰি?

 ফ্ৰান্স দেশৰ এজন ৰাজনীতিবীদ দাৰ্শনীকে (চাৰ্লচ্‌-লুইচ্‌ ডি স্কেন্দাট্‌) এইদৰে লিখিছিল: “মোৰ বাবে, জীৱনত হোৱা দুচিন্তাৰ পৰা আঁতৰত থাকিবলৈ অধ্যয়ন কৰাটোৱেই হৈছে একমাত্ৰ প্ৰতিকাৰ। কিয়নো কোনো দুচিন্তাগ্ৰস্তই মোক অন্ততঃ এক ঘন্টাৰ বাবে পাঠ কৰিবলৈ বাধা দিব নোৱাৰে।” গতিকে কোনো এটা বিষয়ক অৰ্থপূৰ্ণভাৱে পাঠ কৰিলে লাভৱান হʼব পাৰি। প্ৰকৃততে, বাইবেলেহে সেই লাভসমূহ দিব পাৰে আৰু ইয়ে মাত্ৰ আমাক জীৱনৰ দুচিন্তাগ্ৰস্তৰ পৰা আঁতৰত থাকিবলৈ সহায় কৰে। কিয়নো বাইবেল লিখক দায়ুদে প্ৰেৰিত হৈ তেওঁৰ গীতত এইদৰে লিখিছিল: “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা; যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক।”—গীতমালা ১৯:৭, ৮.

২. যিহোৱাই বাইবেলখনক কিয় শতাব্দীজুৰি সংৰক্ষণ কৰি আহিছে আৰু তেওঁৰ লোকসকলে বাইবেলখনৰ সৈতে কেনে ব্যৱহাৰ কৰাটো বিচাৰে?

যিহোৱাই লিখক হিচাপে তেওঁৰ বাক্য বাইবেলক শতাব্দী ধৰি ধৰ্ম্মীয় আৰু ধৰ্ম্ম নিৰপেক্ষ লোকসকলৰ বিৰোধীতাৰ পৰা ৰক্ষা কৰি আহিছে। কিয়নো তেওঁৰ ইচ্ছা এই যে, “সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়,” গতিকে যিহোৱাইহে তেওঁৰ বাক্য অৰ্থাৎ বাইবেলক সকলো মানৱজাতিলৈ উপলব্ধ কৰিলে। (১ তীমথিয় ২:৪) এইটো অনুমান কৰিব পৰা গৈছে যে বাইবেলখন গোটেই পৃথিৱীত থকা ৮০ শতাংশ লোকৰ বাবে ১০০ টা ভাষাত উপলব্ধ আছে। আচলতে সম্পূৰ্ণ বাইবেলখন ৩৭০ টা ভাষাত আছে। কিন্তু বাইবেলখনৰ বিভিন্ন খণ্ডবোৰ ১, ৮৬০ তকৈও বেছি ভাষা আৰু পৰিভাষাত পোৱা যায়। যিহোৱাৰ ইচ্ছা এই যে তেওঁৰ লোকসকলে যাতে তেওঁৰ বাক্যক পাঠ কৰে। যিসকলে নিতৌ তেওঁৰ বাক্যক পাঠ কৰে আৰু তাৰ প্ৰতি মনোযোগ দিয়ে, ঈশ্বৰে তেনে লোকসকলক আশীৰ্ব্বাদ দিয়ে।—গীতমালা ১:১, ২.

বাইবেল পাঠ কৰাৰ বাবে পথ পদৰ্শকৰ আৱশ্যক

৩, ৪. যিহোৱাই ভৱিষ্যতে হʼবলগীয়া ইস্ৰায়েলৰ ৰজাসকলৰ পৰা কি বিচাৰিছিল আৰু কি কাৰণসমূহৰ বাবে আজি সেই আৱশ্যকতাবোৰ খ্ৰীষ্টান প্ৰাচীনসকলৰ ওপৰতো প্ৰযোজ্য হয়?

প্ৰাচীন সময়ত যিহোৱাই যেতিয়া যিহূদীসকলক মানৱ ৰজাৰ দ্বাৰা শাসন কৰা হʼব বুলি কৈছিল, তেতিয়া তেওঁ এইদৰে কৈছিল: “তেওঁ ৰাজসিংহাসনত যদি থকা কালত, লেবীয়া পুৰোহিতবিলাকৰ আগত থকা পুস্তকখনিৰ পৰা এখন পুস্তকত নিজৰ নিমিত্তে এই ব্যৱস্থা নকল কৰিব; . . . তেওঁ যেন তেওঁৰ ভাইবিলাকৰ ওপৰত অহঙ্কাৰ নকৰে, আৰু আজ্ঞাটিৰ সোঁ কি বাওঁফালে নুঘূৰে, এই নিমিত্তে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য আৰু এই বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবৰ অৰ্থে, সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব, আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।”—দ্বিতীয় বিবৰণ ১৭:১৮-২০.

যিহোৱাই ভৱিষ্যতে ইস্ৰায়েলৰ হʼবলগীয়া ৰজাসকলক নিতৌ তেওঁৰ ঈশ্বৰীয় ব্যৱস্থাসমূহক পাঠ কৰিবলৈ কোৱা কাৰণসমূহ হৈছে: (১) “নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকি, এই ব্যৱস্থাৰ সকলো বাক্য আৰু এই বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবলৈ অৰ্থে”; (২) “তেওঁৰ ভাইবিলাকৰ ওপৰত অহঙ্কাৰ নকৰে”; (৩) “আজ্ঞাটিৰ সোঁ কি বাওঁফালে নুঘূৰে।” বৰ্তমান সময়ত খ্ৰীষ্টান অধ্যক্ষ্যসকলে যিহোৱালৈ ভয় কৰা, তেওঁৰ আজ্ঞাক পালন কৰা, ভাইসকলৰ ওপৰত অহঙ্কাৰ নকৰিবলৈ, যিহোৱাৰ ব্যৱস্থাৰ পৰা আঁতৰি নাযাবলৈ সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰাটো আৱশ্যক নহয়নে? সচাঁকৈ, ইস্ৰায়েলসকলৰ ৰজাৰ বাবে নিতৌ বাইবেল পাঠ কৰাটো এটা অতি আৱশ্যকীয় কৰ্তব্য আছিল।

৫. অলপতে প্ৰশাসন গোষ্ঠীয়ে শাখা সমিতিলৈ বাইবেল পাঠ কৰাৰ বিষয়ে কেনে ধৰণৰ চিঠি দিছিল আৰু সকলো খ্ৰীষ্টান প্ৰাচীনে এই উপদেশক কেনেকৈ অনুকৰণ কৰিব পাৰে?

কিয়নো খ্ৰীষ্টান প্ৰাচীনসকল অত্যন্ত ব্যস্ত হোৱাৰ বাবে তেওঁলোকে নিতৌ বাইবেল পাঠ কৰাটো তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। উদাহৰণস্বৰূপে, যিহোৱা সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ সদস্যসকল আৰু শাখা সমিতিৰ সদস্যসকল অত্যন্ত ব্যস্ত ব্যক্তি। কিন্তু তথাপিও, অলপতে প্ৰশাসন গোষ্ঠীয়ে সকলো শাখা সমিতিলৈ নিতৌ বাইবেল পাঠ আৰু অধ্যয়ন কৰিবলৈ এখন চিঠি দিছে। এই চিঠিখনত যিহোৱা আৰু সত্যৰ প্ৰতি থকা প্ৰেমক উন্নত কৰিবলৈ উৎসাহিত কৰা হৈছে। কিয়নো সেই প্ৰেমে “আমাৰ বিশ্বাস, আনন্দ আৰু শেষলৈকে দৃঢ়তাক বজাই ৰখাত সহায় কৰিব।” গতিকে যিহোৱা সাক্ষীসকলৰ মণ্ডলীত থকা সকলো প্ৰাচীনেও সেই একেদৰেই অনুভৱ কৰে। সেয়েহে নিতৌ শাস্ত্ৰীয় বচনসমূহক পঢ়াৰ দ্বাৰা তেওঁলোকে ‘বুদ্ধিমানৰে কাৰ্য্য’ কৰিবলৈ সক্ষম হয়। (যিহোচূৱা ১:৭, ৮) সেইবাবে “শিক্ষাৰ, অনুযোগৰ, পতিত-উত্থাপনৰ, আৰু ধাৰ্ম্মিকতাসম্বন্ধীয় শাসনৰ অৰ্থে লাভজনক” হʼবলৈ বাইবেল পাঠ কৰাটো তেওঁলোকৰ বাবে অতি আৱশ্যক।—২ তীমথিয় ৩:১৭.

ডেকা আৰু বৃদ্ধ সকলোকে ঈশ্বৰৰ বাক্য পাঠ কৰা আৱশ্যক

৬. একত্ৰিত হোৱা ইস্ৰায়েল আৰু বিদেশী বাসিন্দাসকলৰ আগত যিহোচূৱাই কিয় যিহোৱাৰ ব্যৱস্থাৰ পাঠ কৰিছিল?

প্ৰাচীন সময়ত, সকলোৱে ব্যক্তিগতভাৱে পাঠ কৰিবলৈ শাস্ত্ৰৰ উপলব্ধ নাছিল, সেইবাবে সকলোকে একত্ৰিত কৰা হৈছিল যাতে শাস্ত্ৰৰ পৰা পাঠ কৰাৰ সময়ত সকলোৱে শুনিব পাৰে। যিহোৱাই অয় নগৰ জয় কৰোৱাৰ পাছত, যিহোচূৱাই সকলো ইস্ৰায়েলক এবাল আৰু গৰিজ্জীম পৰ্ব্বতত একত্ৰিত হʼবলৈ কৈছিল। সেই বৃতান্তত এইদৰে উল্লেখ কৰিছে: “ব্যৱস্থা-পুস্তকত যি যি লিখা আছিল, তাৰ দৰে তেওঁ ব্যৱস্থাৰ সকলো বাক্য, আশীৰ্ব্বাদ আৰু শাও পাঠ কৰিলে। মোচিয়ে যি সকলো আদেশ কৰিছিল, ইস্ৰায়েলৰ গোটেই সমাজৰ, তিৰোতাবিলাকৰ, লৰা-ছোৱালীবিলাকৰ, আৰু তেওঁবিলাকৰ মাজত থকা বিদেশীবিলাকৰ আগত সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নেৰিলে।” (যিহোচূৱা ৮:৩৪, ৩৫) গতিকে ডেকা, বৃদ্ধ, দেশী, বিদেশী সকলো বাসিন্দাই কৰা কেনে কাৰ্য্যই যিহোৱাৰ আশীৰ্ব্বাদ আনিব আৰু কেনে কাৰ্য্যই যিহোৱাৰ শাও আনিব এই বিষয়ে তেওঁলোকে নিজ আচাৰ-ব্যৱহাৰ আৰু হৃদয়ত জ্ঞান লোৱা আৱশ্যক আছিল। সেইদৰে আমিও নিতৌ বাইবেল পাঠ কৰাৰ দ্বাৰাই এই বিষয়ে জানিবলৈ সহায় পাম।

৭, ৮. (ক)বৰ্তমান সময়ত কোনে “বিদেশীবিলাকৰ” দৰে জীৱন-যাপন কৰিছে আৰু তেওঁলোকে কিয় নিতৌ বাইবেল পাঠ কৰাটো আৱশ্যক? (খ) যিহোৱাৰ সেৱকসকলৰ মাজত থকা কণ-কণ “লʼৰা-ছোৱালীবিলাকে” কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰে?

বৰ্তমান সময়ত যিহোৱাৰ সেৱকসকলে আধ্যাত্মিক ক্ষেত্ৰত “বিদেশীবিলাকৰ” দৰে জীৱন নিৰ্বাহ কৰি আছে। কিয়নো এনে এটা সময় আছিল যেতিয়া তেওঁলোকে জগতৰ ৰীতি-নীতি অনুসাৰে জীৱন-যাপন কৰিছিল, কিন্তু এতিয়া সত্যক গ্ৰহণ কৰাৰ পাছত তেওঁলোকে নিজৰ সকলো পুৰণি মনুষ্যত্বক সলনি কৰি নতুন মনুষ্যত্বক ধাৰণ কৰিছে। (ইফিচীয়া ৪:২২-২৪; কলচীয়া ৩:৭, ৮) সেইবাবে তেওঁলোকে যিহোৱাৰ স্তৰৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ নিজকে একেৰাহে তেওঁৰ ব্যৱস্থাসমূহক সোঁৱৰাই থকা আৱশ্যক। (আমোচ ৫:১৪, ১৫) গতিকে আমি নিতৌ ঈশ্বৰৰ বাক্যক পাঠ কৰাৰ দ্বাৰা এই সহায় লাভ কৰিব পাৰিম।—ইব্ৰী ৪:১২; যাকোব ১:২৫.

যিহোৱাৰ লোকসকলৰ মাজত থকা ‘লৰা-ছোৱালীবোৰক,’ তেওঁলোকৰ পিতৃ-মাতৃয়ে যিহোৱাৰ স্তৰৰ বিষয়ে শিক্ষা প্ৰদান কৰে। কিন্তু পিতৃ-মাতৃয়ে নিজেও এইটো স্বীকাৰ কৰা আৱশ্যক যে ঈশ্বৰৰ পথেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ। (ৰোমীয়া ১২:১, ২) তেওঁলোকে কেনেকৈ ইয়াক স্বীকাৰ কৰিব পাৰে? প্ৰাচীন ইস্ৰায়েলৰ সময়ত পুৰোহিত আৰু বৃদ্ধসকলে এইদৰে উপদেশ দিছিল: “তুমি তেওঁবিলাকৰ আগত তাক পাঠ কৰিবা। পুৰুষ, স্ত্ৰী, আৰু লৰা-ছোৱালী আদি কৰি লোকবিলাকে, আৰু তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশীয়ে শুনি শিক্ষা পাই আৰু তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় কৰি, এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰি তাৰ দৰে কাৰ্য্য কৰিবৰ নিমিত্তে, আৰু এইবোৰ নজনা তেওঁবিলাকৰ সন্তানবিলাকে শুনি, যি দেশ অধিকাৰ কৰিবলৈ তোমালোকে যৰ্দ্দন পাৰ হৈ যাবা, সেই দেশত তোমালোক জীয়াই থাকামানে তেওঁবিলাকে তোমালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰিবলৈ শিকিবৰ নিমিত্তে, তুমি সেই সকলোবিলাকক গোট খুৱাবা।” (দ্বিতীয় বিবৰণ ৩১:১১-১৩) যীচুৱে ঈশ্বৰৰ ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰি ১২ বছৰ বয়সৰ পৰাই তেওঁৰ পিতৃৰ ব্যৱস্থাৰ প্ৰতি গভীৰ মূল্যাঙ্কন দেখুৱাইছিল। (লূক ২:৪১-৪৯) পাছলৈ তেওঁৰ বাবে নাম-ঘৰত শাস্ত্ৰীয় পাঠ শুনা আৰু পাঠ কৰাটো দৈনন্দিন কাৰ্য্যলৈ পৰিণত হৈছিল। (লূক ৪:১৬; পাঁচনিৰ কৰ্ম্ম ১৫:২১) গতিকে বৰ্তমান সময়ত কণ-কণ লʼৰা-ছোৱালীবিলাকেও নিতৌ ঈশ্বৰৰ বাক্যক পাঠ কৰি যীচুৰ আৰ্হিক অনুকৰণ কৰা উচিত। ইয়াৰ উপৰিও তেওঁলোকে বাইবেল পঢ়া আৰু আলোচনা কৰা মণ্ডলীৰ সভাবিলাকত নিতৌ উপস্থিত হোৱা আৱশ্যক।

বাইবেল পঢ়াৰ প্ৰতি গুৰুত্ব দিয়ক

৯. (ক)আমি যি পঢ়ো তাক কিয় বাঁচনি কৰা আৱশ্যক? (খ) বাইবেল আধাৰিত আলোচনীসমূহৰ সম্পাদকে বাইবেলখন বুজাত সহায় কৰিবলৈ প্ৰকাশ কৰা আলোচনীবোৰৰ বিষয়ে কি ব্যাখ্যা কৰিছে?

জ্ঞানী ৰজা চলোমনে এইদৰে লিখিছিল: “তুমি সৰ্তক হোৱা, বহু পুথি ৰচনাৰ শেষ নহয়, আৰু অধিক অধ্যয়নে শৰীৰ ক্লান্ত কৰে।” (উপদেশক ১২:১২) কিছুমানে হয়তো কʼব পাৰে যে বৰ্তমান সময়ত প্ৰকাশ কৰা আলোচনী আৰু কিতাপবোৰ আমাৰ শৰীৰৰ বাবে মাত্ৰ ক্লান্তকৰেই নহয় কিন্তু আমাৰ মন আৰু হৃদয়ৰ বাবে বিপদজনক। সেইবাবে আমি যি কিতাপ বা আলোচনী পঢ়ো সেইবোৰক বাচঁনি কৰা আৱশ্যক। ইয়াৰ ওপৰিও আমি বাইবেল আধাৰিত আলোচনী আৰু বাইবেলৰ পাঠ কৰা আৱশ্যক। গতিকে বাইবেল আধাৰিত আলোচনীসমূহৰ সম্পাদকে তেওঁৰ পাঠকসকলক এইদৰে লিখিছিল: “আমি পাহৰি যোৱা উচিত নহয় যে বাইবেলখনেই একমাত্ৰ আমাৰ বাবে স্তৰ নিৰ্দ্ধাৰিত কৰে, কিয়নো আন কোনো কিতাপে তেনে কৰিব নোৱাৰে। বাইবেল আধাৰিত প্ৰকাশনসমূহক, আমি যাতে বাইবেলখন ভালকৈ বুজি পাওঁ তাৰ বাবেহে প্ৰকাশ কৰা হৈছে।” * সেইবাবে এই প্ৰকাশনবোৰ পঢ়াৰ উপৰিও বাইবেলখন পাঠ কৰা অতি আৱশ্যক।

১০. “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই বাইবেলখন পাঠ কৰাৰ প্ৰতি কিমান গুৰুত্ব দিছে?

১০ এই বিষয়ে বিবেচনা কৰা আৱশ্যক, কিয়নো বছৰ ধৰি “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই প্ৰত্যেক মণ্ডলীৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ অংশ হিচাপে বাইবেল পাঠ কৰিবলৈ তালিকা প্ৰস্তুত কৰি আহিছে। (মথি ২৪:৪৫) বৰ্তমান সময়ত প্ৰস্তুত কৰি উলিওৱা তালিকাখনৰ অনুসাৰে সম্পূৰ্ণ বাইবেলখন পঢ়িবলৈ প্ৰায় সাত বছৰ সময় লাগে। এই তালিকাখন সকলোৰে বাবে লাভজনক হʼব, বিশেষকৈ নতুন ব্যক্তিসকলৰ বাবে যিসকলে আগতে কেতিয়াও সম্পূৰ্ণ বাইবেলখন পঢ়া নাই। যিসকলে ওৱাচ্‌ টাৱাৰ বাইবেল গিলিয়াৰ্ড স্কুলৰ মিচেনেৰী, মিনিচট্ৰীয়েল টেইনিং স্কুলৰ সদস্য বা বেথেলৰ সদস্য সকলোৱেই সম্পূৰ্ণ বাইবলেখন পঢ়ি এবছৰৰ ভিতৰত শেষ কৰাৰ আৱশ্যক। গতিকে আপুনি যিয়েই তালিকা অনুকৰণ নকৰক কিয় ব্যক্তিগত বা পৰিয়ালৰূপে বাইবেলক পাঠ কৰাটো বেছি গুৰুত্ব দিয়া আৱশ্যক।

আপোনাৰ পঢ়াৰ অভ্যাসে কি প্ৰকাশ কৰে?

১১. আমি কিয় নিতৌ যিহোৱাৰ বাক্যক পঢ়া আৱশ্যক?

১১ আপুনি যদি বাইবেল পাঠৰ বাবে তৈয়াৰ কৰা তালিকাখনৰ অনুসাৰে বাইবেলখন পঢ়িবলৈ অসুবিধা পায় তেনেহʼলে নিজকে প্ৰশ্ন কৰক: ‘মোৰ আন কিতাপ পঢ়া বা টিভি কাৰ্য্যক্ৰম চোৱা অভ্যাসে যিহোৱাৰ বাক্যক পঢ়াৰ বিষয়ে কি প্ৰকাশ কৰে?’ এই বিষয়ে মোচিয়ে যি লিখিছিল যীচুৱে সেই একেই কথাকে পুনৰ উল্লেখ কৰি কৈছিল যে “মানুহে কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীব।” (মথি ৪:৪; দ্বিতীয় বিবৰণ ৮:৩) যেনেকৈ আমি জীয়াই থাকিবলৈ শাৰীৰিক আহাৰৰ প্ৰয়োজন, ঠিক তেনেদৰে আধ্যাত্মিকতাক বজাই ৰাখিবলৈ নিতৌ যিহোৱাৰ বাক্যক গ্ৰহণ কৰা আৱশ্যক। আমি এই আধ্যাত্মিক আহাৰ পাবলৈ হʼলে নিতৌ ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেল পাঠ কৰা আৱশ্যক।

১২, ১৩. (ক)ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা হাবিয়াহ বিষয়ে পাঁচনি পিতৰে কেনেদৰে বৰ্ণনা কৰিছে? (খ) পৌলে দিয়া গাখীৰৰ দৃষ্টান্ত পিতৰৰ দৃষ্টান্ততকৈ কেনেকৈ ভিন্ন?

১২ যদি আমি বাইবেলখন “মানুহৰ বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি” গ্ৰহণ কৰোঁ তেনেহʼলে কেঁচুৱাই মাকৰ গাখীৰৰ প্ৰতি হাবিয়াহ কৰাৰ দৰে আমিও ঈশ্বৰৰ বাক্যৰ প্ৰতি হাবিয়াহ কৰিম। (১ থিচলনীকীয়া ২:১৩) গতিকে পাঁচনি পৌলে লিখিছিল: “এতেকে প্ৰভু যে অনুগ্ৰহশীল, তাৰ যদি তোমালোকে আস্বাদ পালা, . . . নতুনকৈ জন্মা শিশুবিলাকৰ দৰে, মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াহ কৰা, যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা।” (১ পিতৰ ২:১-৩) যদি আমি আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা সঁচাকৈ অনুভৱ কৰিছোঁ যে “প্ৰভু অনুগ্ৰহশীল” তেন্তে আমি নিশ্চয়ে বাইবেল পাঠ কৰাৰ বাবে সাবিয়াহ কৰিম।

১৩ ইয়াত এইটো লক্ষ্য কৰা উচিত যে পিতৰে উল্লেখ কৰা গাখীৰৰ সাদৃশ্যতা পৌলে কোৱা গাখীৰৰ সাদৃশ্যতাতকৈ ভিন্ন। এটা নুতনকৈ জন্মা শিশুৰ বাবে মাকৰ গাখীৰে সকলো ধৰণৰ পুষ্টিকৰ আৱশ্যকতাক পূৰণ কৰে। পিতৰৰ দৃষ্টান্তই এইটো প্ৰকাশ কৰিছে যে ঈশ্বৰৰ বাক্যই সেই সকলো চাহিদা পূৰণ কৰে যিয়ে আমাক ‘পৰিত্ৰাণ’ কৰাব পাৰে। আনহাতে পাঁচনি পৌলে সেই লোকসকলক গাখীৰৰ আৱশ্যকতা থকা বুলি উল্লেখ কৰিছে যিসকলে আধ্যাত্মিকৰূপে পৰিপক্ক বুলি দাবী কৰে, আচলতে তেওঁলোকে আধ্যাত্মিৰূপে পৰিপক্ক নহয়। হিব্ৰু খ্ৰীষ্টানসকললৈ দিয়া তেওঁৰ চিঠিত, পৌলে এইদৰে লিখিছিল: “কিয়নো যি স্থলত, কোনোৱে যেন পুনৰাই তোমালোকক ঈশ্বৰৰ বচনসমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, তোমালোকৰ এনে প্ৰয়োজন হল; আৰু তোমালোক এনেকুৱা মানুহ হলা যে, টান আহাৰ নহয়, গাখীৰ তোমালোকৰ প্ৰয়োজন হল। কিয়নো যাৰ আহাৰ গাখীৰ, ধৰ্ম্ম-বাক্যত তাৰ অভ্যাস নাই; কাৰণ তেওঁ শিশু। কিন্তু টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” (ইব্ৰী ৫:১২-১৪) গতিকে বাইবেল পাঠ কৰাৰ দ্বাৰা আমাৰ জ্ঞানেন্দ্ৰিয়ৰ বৃদ্ধি হʼব আৰু আত্মিক আহাৰৰ বাবে আমাৰ অভিৰুচি বাঢ়ি আহিব।

বাইবেল কেনেকৈ পাঠ কৰিব পাৰি

১৪, ১৫. (ক)বাইবেলৰ লিখকে আমালৈ কি সুবিধা আগবঢ়াইছে? (খ) আমি সেই মহান জ্ঞানৰ পৰা কেনেকৈ লাভৱান হʼব পাৰোঁ? (তাৰ কিছুমান উদাহৰণ দিয়ক।)

১৪ বাইবেল অধ্যয়নৰ পৰা অধিক লাভৱান হবলৈ মাত্ৰ পাঠ কৰাটোৱে যথেষ্ট নহয় কিন্তু প্ৰাৰ্থনা কৰাও আৱশ্যক। কিয়নো প্ৰাৰ্থনা হৈছে এটা বহুমূলীয়া অধিকাৰ। যেনেকৈ আপুনি এখন কিতাপ পঢ়ি তাৰ মূল বিষয়সমূহক বুজিবলৈ কিতাপখনৰ লিখক বা আন কোনো ব্যক্তিৰ সহায় লয়, ঠিক সেইদৰে প্ৰাৰ্থনাও হৈছে আমাৰ বাবে এনে এটা মাধ্যম যাৰ দ্বাৰাই আমি বাইবেল পঢ়ি তাৰ বিষয়বোৰক বুজিবলৈ সহায় লাভ কৰিব পাৰোঁ। এইটো এক মহান সহায় নহয়নে বাৰু! বাইবেলৰ লিখক অৰ্থাৎ যিহোৱাই আপোনাৰ বাবে এক বিশেষ অধিকাৰ আগবঢ়াইছে। এই বিষয়ে প্ৰথম-শতাব্দীৰ প্ৰশাসন গোষ্ঠীৰ এজন সদস্যই তেওঁৰ ভাইসকলক এইদৰে লিখিছিল: “তোমালোকৰ কৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁক তেওঁ যাচ্‌না কৰক; তাতে তেওঁক দিয়া হʼব। কিন্তু নিঃসংশয় হৈ, তেওঁ বিশ্বাসেৰে যাচ্‌না কৰক।” (যাকোব ১:৫, ৬) প্ৰাচীন সময়ৰ দৰে বৰ্তমান সময়ৰ প্ৰশাসন গোষ্ঠীয়েও আমাক প্ৰাৰ্থনাপূৰ্বক বাইবেল পঢ়াত ব্যস্ত হৈ থাকিবলৈ একেৰাহে উৎসাহিত কৰি আহিছে।

১৫ জ্ঞানৰ ব্যৱহাৰিক দিশ হৈছে সুবিবেচনা। সেয়েহে বাইবেল খোলাৰ আগতে যিহোৱালৈ সহায়ৰ বাবে প্ৰাৰ্থনা কৰক, তেতিয়াহে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰিবলগীয়া বিষয়বোৰক বুজিব পাৰিব। ইয়াৰ ওপৰিও আপোনাত থকা জ্ঞানৰ সৈতে নতুন জ্ঞানৰ সংযোগ হʼব। তেহে সেইবোৰ ‘নিৰাময় বাক্যৰ আৰ্হিত’ খাপ খাই পৰিব আৰু তাক আপুনি নিজেই বুজিব পাৰিব। (২ তীমথিয় ১:১৩) প্ৰাচীন সময়ত যিহোৱাৰ সেৱকসকলে অতিবাহিত কৰা জীৱন-প্ৰণালীৰ বিষয়ে বিবেচনা কৰি আপুনি নিজকে প্ৰশ্ন কৰক যে তেনে পৰিস্থিতিসমূহত আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাব।—আদিপুস্তক ৩৯:৭-৯; দানিয়েল ৩:৩-৬, ১৬-১৮; পাঁচনিৰ কৰ্ম্ম ৪:১৮-২০.

১৬. আমাৰ বাইবেলৰ পাঠ কৰা কাৰ্য্যক লাভজনক আৰু আৱশ্যকীয় কৰিবলৈ কি ব্যৱহাৰিক পৰামৰ্শবোৰ দিয়া হৈছে?

১৬ গতিকে মনোযোগেৰে বাইবেল পঢ়া আৱশ্যক। আপুনি যি পঢ়িছে তাৰ বিষয়ে বিবেচনা কৰিবলৈ সময় লওঁক। যেতিয়া কোনো বিশেষ বিষয়সমূহক পঢ়া হয় তেনেহʼলে বাইবেলত উল্লেখ কৰা উদ্ধৃতিবোৰ চোৱা আৱশ্যক। যদি তেতিয়াও সেই বিষয়বোৰ স্পষ্ট নহয় তেতিয়াহʼলে পাছলৈ ভালকৈ চালি-জাৰি চাবলৈ এটা টোকা লিখি ৰাখক। যেতিয়া আপুনি পঢ়িব তেতিয়া যিবোৰ বিষয়ক আপুনি মনত ৰাখিব বিচাৰে সেইবোৰক চিন দি ৰাখক। আপুনি ব্যক্তিগতভাৱে টোকা লিখি ৰাখিব পাৰে আৰু বাইবেলৰ পৃষ্ঠাৰ কাষত থকা খালি ঠাইবোৰত মন কৰিবলগীয়া বিষয়ৰসমূহক চিহ্নিত কৰি ৰাখিব পাৰে। যি বিষয়বোৰক আপুনি প্ৰচাৰ বা বাইবেল অধ্যয়নৰ সময়ত ব্যৱহাৰ কৰিব বিচাৰে সেইবোৰক বাইবেলৰ শেষৰ খালী পৃষ্ঠাত লিখি ৰাখিব পাৰে। *

বাইবেল পাঠ কৰি আনন্দ লাভ কৰক

১৭. বাইবেল পাঠ কৰাৰ দ্বাৰা আমি কেনেকৈ আনন্দিত হʼব পাৰোঁ?

১৭ গীতমালা ৰচোঁতাই সেই ব্যক্তিক ধন্য বুলি কৈছে যিজনে “যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।” (গীতমালা ১:২) আমি দুখী মনৰ পৰিৱৰ্ত্তে আনন্দৰে বাইবেল পাঠ কৰা আৱশ্যক। বাইবেল পাঠ কৰি আনন্দ লাভ কৰাৰ এটা পথ হৈছে, আপুনি যি শিকে তাৰ প্ৰতি মুল্যাঙ্কান কৰক। এই বিষয়ে জ্ঞানী ৰজা চলোমনে এইদৰে লিখিছিল: ‘যি মানুহে প্ৰজ্ঞা পায়, তেওঁ ধন্য; তেওঁৰ পথবোৰ সন্তোষজনক পথ, আৰু তেওঁৰ সকলো বাট শান্তিময়। তেওঁত শৰণ লোৱাবিলাকৰ মানত তেও জীৱনদায়ক গছস্বৰূপ হয়, আৰু তেওঁক দৃঢ়কৈ ধৰা প্ৰতিজন লোক সুখী।’ (হিতোপদেশ ৩:১৩, ১৭, ১৮) বাস্তৱতে জ্ঞান লাভ কৰিবলৈ যি প্ৰচেষ্টা কৰা হয়, ই সঁচাকৈ উল্লেখনীয়। ইয়াৰ দ্বাৰাই আমি সুখ, শান্তি, আনন্দ আৰু অৱশেষত অনন্ত জীৱন পাব পাৰোঁ।

১৮. বাইবেল পাঠ কৰাৰ উপৰিও আমি কি কৰা আৱশ্যক আৰু পৰৱৰ্তী লেখত আমি কিহৰ বিষয়ে শিকিবলৈ পাম?

১৮ প্ৰকৃততে বাইবেল পাঠ কৰাটো আমাৰ বাবে লাভজনক আৰু আনন্দজনক। কিন্তু আমাৰ বাবে মাত্ৰ পাঠ কৰাটোৱেই যথেষ্ট নে? চাবলৈ গʼলে খ্ৰীষ্টজগতৰ লোকসকলেও বাইবেল পঢ়িছে, কিন্তু তেওঁলোকে “সত্যৰ তত্ত্ব-জ্ঞান পাবলৈ কেতিয়াও সমৰ্থ” হোৱা নাই। (২ তীমথিয় ৩:৭) আমি বাইবেলে পাঠ কৰাৰ পৰা লাভৱান হʼবলৈ হʼলে বাইবেল পৰা আহৰণ কৰা জ্ঞানক নিজৰ ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰি প্ৰচাৰ আৰু শিক্ষা দিয়া কাৰ্য্যত প্ৰয়োগ কৰা আৱশ্যক। (মথি ২৪:১৪; ২৮:১৯, ২০) ইয়াৰ বাবে আমাক মনোযোগেৰে পাঠ কৰা আৱশ্যক, তেহে আমি আনন্দিত হʼম আৰু আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম। এই বিষয়ে আমি পৰৱৰ্তী লেখত বেছিকৈ জানিবলৈ পাম।

[ফুটনোটবোৰ]

^ নিউয়ৰ্কত থকা আমাৰ ওৱাচ্‌ টাৱাৰ চোছাইটিৰ দ্বাৰা প্ৰকাশ কৰা যিহোৱাচ্‌ উইট্‌নেচেছ—প্ৰক্লেইমাৰ অৱ গড্‌চ কিংডম নামৰ কিতাপখনৰ ২৪১ পৃষ্ঠা চাওঁক।

^ মে ১, ১৯৯৫ চনৰ প্ৰহৰীদুৰ্গ, (ইংৰাজী) ১৬-১৭ পৃষ্ঠাত দিয়া “উন্নতজনক বাইবেলৰ পাঠ কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ” নামৰ লেখটোত চাওঁক।

পুনঃনিৰীক্ষণৰ বাবে প্ৰশ্নসমূহ

•প্ৰাচীন কালত ইস্ৰায়েলসকলৰ ৰজাক কি আৰু কিয় পৰামৰ্শ দিয়া হৈছিল, যিটো বৰ্তমান সময়ত ওভাৰচিয়াৰসকলৰ বাবেও প্ৰয়োগ হয়?

•বৰ্তমান সময়ত ‘বিদেশী,’ ‘লʼৰা-ছোৱালীসকল’ কোন আৰু তেওঁলোকে কিয় নিতৌ বাইবেল পঢ়া আৱশ্যক?

•“বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই বাইবেলখন পঢ়িবলৈ কি ব্যৱহাৰিক পদ্ধতিবোৰ দিছে যাৰ যোগেদি আমি অধিক লাভৱান হʼব পাৰিম?

•বাইবেল পাঠ কৰাৰ দ্বাৰা আমি কেনেকৈ লাভৱান আৰু আনন্দিত হʼব পাৰোঁ?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

বিশেষকৈ প্ৰাচীনসকলে নিতৌ বাইবেল পঢ়া আৱশ্যক