Skip to content

Skip to table of contents

আনৰ সেৱা কৰাৰ যোগেদি খ্ৰীষ্টানসকলে আনন্দ লাভ কৰে

আনৰ সেৱা কৰাৰ যোগেদি খ্ৰীষ্টানসকলে আনন্দ লাভ কৰে

আনৰ সেৱা কৰাৰ যোগেদি খ্ৰীষ্টানসকলে আনন্দ লাভ কৰে

“গ্ৰহণ কৰাতকৈ দান কৰা [অধিক সুখী,” ইজী টু ৰীড্‌ ভাৰ্চন] ধন্য।”পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১. আজি আমাৰ চাৰিওফালে কি ভুল মনোবৃত্তি দেখা পোৱা গৈছে আৰু এনে মনোবৃত্তি ৰখাটো কিয় বিপদজনক?

 যোৱা উন্নৈশ শতাব্দীত, “কেৱল মই” শব্দটো অধিকৰূপে শুনিবলৈ পোৱা গৈছিল। “কেৱল মই” শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে “প্ৰথমে মই।” এনেধৰণৰ মনোবৃত্তি ৰখা লোকসকল হৈছে স্বাৰ্থপৰ, লোভীয়া আৰু তেওঁলোকে আনৰ প্ৰতি কোনো চিন্তা নকৰে। বৰ্তমান ২০০০ চনতো সেই একেই মনোবৃত্তি দেখিব পোৱা গৈছে। আপুনিও হয়তো প্ৰায়ে লোকসকলে কোৱা শুনিবলৈ পাইছে যে “ইয়াৰ পৰা মই কি পাম?” বা “ইয়াৰ পৰা মোৰ কি লাভ হʼব?” এনেধৰণৰ মনোবৃত্তিৰ যোগেদি কেতিয়াও আনন্দ লাভ কৰিব পৰা নাযায়। এনেবোৰ উক্তি যীচুৱে দিয়া সিধান্তৰ পৰা একেবাৰে বিপৰীত, কিয়নো তেওঁ কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা [অধিক সুখী,” ইজী টু ৰীড্‌ ভাৰ্চন] ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

২. কেনেকৈ কʼব পৰা যায় যে গ্ৰহণ কৰাতকৈ দান কৰাৰ যোগেদি অধিক সুখী হʼব পাৰি?

এইটো সচাঁনে যে গ্ৰহণ কৰাতকৈ দান কৰিলে অধিক সুখী হʼব পাৰি? নিশ্চয়, এইটো সত্য। এই সংক্ৰান্তত যিহোৱা ঈশ্বৰৰ বিষয়ে বিবেচনা কৰক, কিয়নো তেওঁৰ “লগত জীৱনৰ ভুমুক আছে।” (গীতমালা ৩৬:৯) আমাক আনন্দময় আৰু ফলদায়ক কৰিবলৈ তেওঁ আমাক সকলোবোৰ বস্তু দান কৰিছে। দৰাচলতে, তেওঁ আমাক “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” দিয়ে। (যাকোব ১:১৭) যিহোৱা এজন “পৰম-ধন্য ঈশ্বৰ” আৰু তেওঁ চিৰকালে আনক দান কৰে। (১ তীমথিয় ১:১১) তেওঁ নিজে সৃষ্টি কৰা বস্তু অৰ্থাৎ মানৱক প্ৰেম কৰে আৰু সেইবাবে তেওঁ তেওঁলোকক সকলোবোৰ দিয়ে। (যোহন ৩:১৬) এতিয়া মানৱ পৰিয়ালৰ বিষয়ে চিন্তা কৰক। আপুনি যদি এজন পিতৃ বা মাতৃ, তেনেহʼলে আপুনি ভালদৰে জানে যে সন্তানক প্ৰতিপালন কৰিবলৈ কিমান ত্যাগ কৰিব লগীয়া অৰ্থাৎ আপুনি কিমান যে দান দিব লগীয়া হয়। আপুনি যিমানে ত্যাগ নকৰক কিয় আপোনাৰ সন্তানে এইবোৰৰ বিষয়ে একেবাৰে অজ্ঞান। কিন্তু তথাপিও নিস্বাৰ্থৰূপে আপুনি নিজৰ সন্তানক সকলোবোৰ দি থাকে আৰু আপোনাৰ সন্তানক ডাঙৰ হোৱা দেখি আপুনি আনন্দিত হয়। কিয় আনন্দিত হয়? কিয়নো আপুনি নিজৰ সন্তানক প্ৰেম কৰে।

৩. যিহোৱা আৰু আমাৰ সঙ্গী ভাই-ভনীসকলক সেৱা কৰিবলৈ আমি কিয় সুখী হওঁ?

ঠিক সেইদৰে, গ্ৰহণ কৰাতকৈ দান কৰাটো হৈছে প্ৰেমৰ এটা ভাগ আৰু সত্য উপাসনাৰ এটা মূল বৈশিষ্ট্য। যিহেতু আমি যিহোৱা আৰু আমাৰ সঙ্গী ভাইসকলক প্ৰেম কৰোঁ, গতিকে তেওঁলোকক সেৱা কৰা আৰু সম্পূৰ্ণৰূপে নিজকে দিয়াৰ দ্বাৰাই আনন্দ উপভোগ কৰোঁ। (মথি ২২:৩৭-৩৯) যি ব্যক্তিয়ে স্বাৰ্থপৰ মনোবৃত্তি ৰাখি ঈশ্বৰক উপাসনা কৰে তেওঁ কেতিয়াও আনন্দিত হʼব নোৱাৰে। কিন্তু যিসকলে নিস্বাৰ্থভাৱে ঈশ্বৰক সেৱা কৰে তেওঁলোকে আনন্দ লাভ কৰে। কিয়নো তেওঁলোকে আনক দান কৰাৰ বিষয়ে চিন্তা কৰে। আমাৰ উপাসনাৰ সৈতে জড়িত থকা কিছুমান উক্তিক বাইবেলত কিদৰে ব্যৱহাৰ কৰা হৈছে, যাক বিবেচনা কৰাৰ দ্বাৰাই সত্যক বিচাৰি উলিয়াব পাৰিম। আমি এই লেখত আৰু ইয়াৰ পৰৱৰ্তী লেখত তিনিটা উক্তিৰ বিষয়ে আলোচনা কৰিম।

যীচুৰ ৰাজহুৱা-সেৱা

৪. খ্ৰীষ্টীয়জগতে ব্যৱহাৰ কৰা “ৰাজহুৱা-সেৱা” শব্দক কিদৰে বৈশিষ্ট্যতা দিয়া হৈছে?

উপাসনাৰ সৈতে সমন্ধ থকা গুৰুত্বপূৰ্ণ গ্ৰীক শব্দটো হৈছে লীটুৰগিয়া আৰু দ্যা নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ʼত এই শব্দক “ৰাজহুৱা-সেৱা” বুলি অনুবাদ কৰা হৈছে। খ্ৰীষ্টীয়জগতে লীটুৰগিয়া শব্দৰ পৰা “লিট্‌ৰ্জী” শব্দ আহিছে, যাক খ্ৰীষ্টীয়জগতত ইয়াৰ অৰ্থ হৈছে নীতি-নিয়ম। * বাস্তৱতে বৰ্তমান সময়ত গীৰ্জাবোৰৰ উপাসনাৰ পদ্ধতিত কোনো ধৰণৰ ৰাজহুৱা-সেৱা নাই।

৫, ৬. (ক)ইস্ৰায়েলসকলৰ সময়ত কেনে ধৰণৰ ৰাজহুৱা-সেৱা আগবঢ়োৱা হৈছিল আৰু কি লাভসমূহ প্ৰাপ্ত কৰা হৈছিল? (খ) ইস্ৰায়েলত পুৰোহিতসকলে কৰা ৰাজহুৱা-সেৱাৰ পৰিৱৰ্তে কি মহান ৰাজহুৱা-সেৱা সম্পন্ন কৰা হʼল আৰু কিয়?

পাঁচনি পৌলে লীটুৰগিয়া শব্দৰ সৈতে সমন্ধ থকা এটা গ্ৰীক শব্দ ব্যৱহাৰ কৰিছিল যাৰ উদ্ধৃতি ইস্ৰায়েলৰ পুৰোহিতসকলৰ সৈতে সম্পৰ্ক আছিল। পাঁচনি পৌলে কৈছিল: “প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে [ৰাজহুৱা] সেৱা কাৰ্য্য [লীটুৰগিয়া শব্দৰ এটা ৰূপ হৈছে] কৰি, . . . একেই প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে।” (ইব্ৰী ১০:১১) লেবী পুৰোহিতসকলে ইস্ৰায়েলৰ লোকসকললৈ এক বহুমূলীয়া পৰিচৰ্য্যা সেৱা আগবঢ়াইছিল। তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থাক শিকাইছিল আৰু লোকবিলাকৰ পাপ মোচন কৰিবলৈ বলিদান উৎসৰ্গা কৰিছিল। (২ বংশাৱলি ১৫:৩; মলাখী ২:৭) যেতিয়া পুৰোহিত আৰু লোকসকলে যিহোৱাৰ ব্যৱস্থাক পালন কৰিছিল তেতিয়া গোটেই ইস্ৰায়েল জাতিয়ে আনন্দিত হৈছিল।—দ্বিতীয় বিবৰণ ১৬:১৫.

ইস্ৰায়েলৰ পুৰোহিতসকলৰ বাবে ঈশ্বৰৰ ব্যৱস্থাৰ অধীনত থকা ৰাজহুৱা-সেৱা কৰাটো এক বিশেষ অধিকাৰ আছিল। কিন্তু তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাৰ বাবে যেতিয়া ঈশ্বৰে ইস্ৰায়েলসকলক ত্যাগ কৰিলে তেওঁলোকৰ ৰাজহুৱা-সেৱাৰ কোনো মূল্য নাথাকিল। (মথি ২১:৪৩) সেইবাবে যিহোৱাই ইয়াতকৈ ডাঙৰ ব্যৱস্থাৰ প্ৰৱন্ধ কৰিলে আৰু সেইয়া আছিল মহান মহাপুৰোহিত অৰ্থাৎ যীচু খ্ৰীষ্টৰ যোগেদি সম্পন্ন কৰা ৰাজহুৱা-সেৱা। তেওঁৰ বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁ হলে অনন্ত কাললৈকে থকাৰ কাৰণে, সলনি নোহোৱা পৌৰোহিত্য অধিকাৰী হৈছে। এই কাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁ তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকাত, সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে।”—ইব্ৰী ৭:২৪, ২৫.

৭. যীচুৰ ৰাজহুৱা-সেৱাই কিয় মূল্যৱান লাভসমূহ প্ৰদান কৰিলে?

যীচুৰ বাবে কোনো উত্তৰাধিকাৰীৰ আৱশ্যকতা নাই, কিয়নো তেওঁৰ ওচৰত চিৰকালৰ বাবে পুৰোহিতৰ কাৰ্য্য কৰিবলৈ অধিকাৰ আছে। গতিকে, মাত্ৰ তেৱেঁ মানৱজাতিক সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব পাৰে। তেওঁ কৰা ৰাজহুৱা-সেৱা অতি মূল্যৱান, কিয়নো এই ৰাজহুৱা-সেৱা কোনো মানুহে নিৰ্ম্মান কৰা মন্দিৰত নহয় কিন্তু তাৰ প্ৰতিৰূপী মন্দিৰতহে কৰা হয়। সেই উপাসনাৰ বাবে যিহোৱাই এক মহান ব্যৱস্থা প্ৰৱন্ধ কৰিছিল। সা.যু. ২৯ চনত সেই উপাসনাৰ আৰম্ভণি হৈছিল। এতিয়া যীচুৱে স্বৰ্গত থকা মন্দিৰত পৰম পবিত্ৰ স্থানত সেৱা কৰি আছে। তেওঁ ‘মানুহে স্থাপন কৰা নহয়, যিহোৱাই স্থাপন কৰা প্ৰকৃত তম্বু আৰু পবিত্ৰস্থানৰ পৰিচৰ্য্যাকাৰী হৈছে, আমাৰ এনে মহা-পুৰোহিত আছে।’ (ইব্ৰী ৮:২; ৯:১১, ১২) যদিও যীচুৱে এতিয়া উচ্চ পদত আছে, তথাপি তেওঁ “পৰিচৰ্য্যাকাৰী” ৰূপে কাৰ্য্য কৰি আছে। তেওঁ নিজৰ এই উচ্চ অধিকাৰক গ্ৰহণ কৰিবলৈ নহয় কিন্তু দান কৰিবলৈহে ব্যৱহাৰ কৰে। এনেদৰে কৰা দানে তেওঁক আনন্দিত কৰে। এইটো হৈছে “তেওঁৰ আগত থকা আনন্দৰ” ভাগ আৰু ইয়ে পৃথিৱীত থকা সময়ত তেওঁক সকলোবোৰ যাতনাক সহন কৰিবলৈ শক্তি দিছিল।—ইব্ৰী ১২:২.

৮. পুৰণি ব্যৱস্থাক সলনি কৰিবলৈ যীচুৱে কেনেকৈ ৰাজহুৱা-সেৱা কৰিলে?

যীচুৰ ৰাজহুৱা-সেৱাৰ আন এটা দিশো আছে। যাৰ বিষয়ে পৌলে এইদৰে লিখিছিল: “[যীচু] যিমান অধিক গুণে উত্তম [ৰাজহুৱা-সেৱা বা] পৰিচৰ্য্যা-পদ পালে, সিমান অধিক গুণে, শ্ৰেষ্ঠ প্ৰতিজ্ঞাবোৰেৰে স্থাপিত হোৱা শ্ৰেষ্ঠ নিয়মৰ মধ্যস্থও হৈছে।” (ইব্ৰী ৮:৬) ইস্ৰায়েলৰ সৈতে থকা যিহোৱাৰ পুৰণি ব্যৱস্থাৰ মধ্যস্থতা আছিল মোচি। (যাত্ৰাপুস্তক ১৯:৪, ৫) ঠিক তেনেদৰে যীচু নতুন ব্যৱস্থাৰ মধ্যস্থ হোৱাৰ বাবে নতুন জাতি অৰ্থাৎ ‘ঈশ্বৰৰ ইস্ৰায়েল’ হোৱাটো সম্ভৱ হʼল। সেই ঈস্ৰায়েলক ঈশ্বৰৰ আত্মাই বিভিন্ন জাতিৰ পৰা অহা লোকসকলক বাচঁনি কৰি গঠিত কৰিছে। (গালাতীয়া ৬:১৬; ইব্ৰী ৮:৮, ১৩; প্ৰকাশিত বাক্য ৫:৯, ১০) সেইয়া যীচুৱে কৰা কিযে এক উত্তম পৰিচৰ্য্যা সেৱা আছিল! যীচুক জনাৰ বাবে আমি কিমান যে সুখী, কিয়নো তেওঁ এনে এজন পৰিচৰ্য্যাকাৰী যাৰ যোগেদি যিহোৱাই আমাৰ উপাসনা গ্ৰহণ কৰে!—যোহন ১৪:৬.

খ্ৰীষ্টানসকলেও ৰাজহুৱা-সেৱা সম্পন্ন কৰে

৯, ১০. খ্ৰীষ্টানসকলে বিভিন্ন প্ৰকাৰে সম্পন্ন কৰা ৰাজহুৱা-সেৱাসমূহ কি কি?

কোনো মানুহে যীচুৱে সম্পন্ন কৰাৰ দৰে ৰাজহুৱা-সেৱা কৰিব নোৱাৰে। গতিকে অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গীয় জীৱন প্ৰাপ্ত কৰি যীচুৰ সৈতে স্বৰ্গীয় সহকাৰী ৰজা আৰু পুৰোহিত হৈ ৰাজহুৱা-সেৱাত ভাগ লয়। (প্ৰকাশিত বাক্য ২০:৬; ২২:১-৫) তদুপৰি পৃথিৱীত থকা খ্ৰীষ্টান ভাইসকলেও ৰাজহুৱা-সেৱা সম্পন্ন কৰি আনন্দ লাভ কৰিছে। উদাহৰণস্বৰূপে, যেতিয়া পেলেষ্টাইন দেশত আকাল হৈছিল, তেতিয়া ইউৰোপত থকা ভাইসকলে দিয়া দানবোৰ লৈ যিহূদিয়াত থকা যিহুদী খ্ৰীষ্টান ভাইসকলক দানবোৰ দি সহায় কৰাৰ দ্বাৰা পাঁচনি পৌলে ৰাজহুৱা-সেৱা কৰিছিল। (ৰোমীয়া ১৫:২৭; ২ কৰিন্থীয়া ৯:১২) বৰ্তমান সময়তো, যেতিয়া খ্ৰীষ্টান ভাইসকলে প্ৰাকৃতিক দুৰ্যোগ বা আন বিপদৰ সন্মূখীন হʼবলগীয়া হয় তেতিয়া অন্য খ্ৰীষ্টান সঙ্গী ভাইসকলেও কোনো পলম নকৰাকৈ সহায় আগবঢ়াই আৰু এনে ৰাজহুৱা-সেৱাৰ দ্বাৰাই তেওঁলোকে আনন্দিত হয়।—হিতোপদেশ ১৪:২১.

১০ পৌলে আন এটা ৰাজহুৱা-সেৱাৰ বিষয়ে উল্লেখ কৰিছিল। এই বিষয়ে তেওঁ এইদৰে লিখিছিল: “তোমালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু [ৰাজহুৱা] সেৱাৰ কাৰ্য্যত, যদিও মই নৈবেদ্যস্বৰূপে ঢলা যাওঁ তথাপি মই আনন্দ কৰোঁ, আৰু তোমালোক সকলোৰে সৈতেও আনন্দ কৰোঁ।” (ফিলিপীয়া ২:১৭) ফিলিপীয়াত থকা ভাইসকলৰ বাবে পৌলে যি কঠোৰ পৰিশ্ৰম কৰিছিল সেয়া আছিল প্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰে কৰা ৰাজহুৱা-সেৱা। বিশেষকৈ অভিষিক্ত খ্ৰীষ্টানসকলেও সেই একেই ধৰণৰ ৰাজহুৱা-সেৱা আগবঢ়ায়। গতিকে সেই ৰাজহুৱা-সেৱা কেনেকৈ আগবঢ়োৱা হয়? অভিষিক্ত খ্ৰীষ্টান অৰ্থাৎ “বিশ্বাসী বুদ্ধিমান দাস” বৰ্গই উচিত সময়ত আহাৰৰ প্ৰৱন্ধ কৰি সেই সেৱা কাৰ্য্য সম্পন্ন কৰে। (মথি ২৪:৪৫-৪৭) তেওঁলোকক সমূহীয়াকৈ এক “পবিত্ৰ পুৰোহিতসমূহ” বুলি কোৱা হয়, যিসকলে “যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ” কৰা আজ্ঞাক পালন কৰি “আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ . . . তেওঁৰ সদগুণ প্ৰকাশ” কৰিলে। (১ পিতৰ ২:৫, ৯) পৌলৰ দৰে তেওঁলোকেও নিজৰ দায়ীত্ববোৰক সম্পন্ন কৰিবলৈ ‘নিজকে ঢালি দিয়ে’ আৰু ইয়াৰ যোগেদি তেওঁলোকে আনন্দ লাভ কৰে। ইয়াৰ ওপৰিও, তেওঁলোকে “অন্য মেৰ” সকলৰ সৈতে একলগ হৈ যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে মানৱজাতিক জনাবলৈ কাৰ্য্য কৰে। * (যোহন ১০:১৬; মথি ২৪:১৪) এনেদৰে কৰাটো কিযে এক মহান আৰু আনন্দদায়ক ৰাজহুৱা-সেৱা!—গীতমালা ১০৭:২১, ২২.

পবিত্ৰ সেৱা সম্পন্ন কৰা

১১. সকলো খ্ৰীষ্টানৰ বাবে হান্নাই কেনেকৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে?

১১ আমাৰ উপাসনাৰ সৈতে সমন্ধ থকা আন এটা গ্ৰীক শব্দ হৈছে লাট্ৰীয়া যাক দ্যা নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ʼত “পবিত্ৰ সেৱা” ৰূপে উল্লেখ কৰা হৈছে। এই পবিত্ৰ সেৱা, উপাসনাৰ বাবে কৰা কাৰ্য্যৰ সৈতে সন্মিলিত আছে। উদাহৰণস্বৰূপে, ৮৪ বছৰীয়া বিধৱা ভাববাদিনী হান্নাৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছিল যে তাই “ধৰ্ম্মধাম [পবিত্ৰ সেৱা (লাট্ৰীয়া গ্ৰীক শব্দৰ অনুবাদ)] নেৰি, লঘোন আৰু প্ৰাৰ্থনাৰে দিনে-ৰাতিয়ে আৰাধনা কৰিছিল।” (লূক ২:৩৬, ৩৭) অৰ্থাৎ হান্নাই একেৰাহে যিহোৱাৰ সেৱা কৰিছিল। ডেকা, বৃদ্ধ, পুৰুষ আৰু তিৰোতাৰ বাবে হান্নাই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। যেনেকৈ হান্নাই যিহোৱালৈ একান্ত মনেৰে প্ৰাৰ্থনা আৰু সদায় মন্দিৰলৈ গৈ তেওঁৰ উপাসনা কৰিছিল, ঠিক তেনেদৰে আমাৰ পবিত্ৰ সেৱাতো সন্মিলিত আছে প্ৰাৰ্থনা কৰা আৰু সভাত নিতৌ উপস্থিত হোৱা।—ৰোমীয়া ১২:১২; ইব্ৰী ১০:২৪, ২৫.

১২. পবিত্ৰ সেৱাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি আৰু ইয়াক কেনেকৈ ৰাজহুৱা-সেৱা বুলি কʼব পাৰি?

১২ পাঁচনি পৌলে আমাৰ পবিত্ৰ সেৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যতাক এইদৰে লিখিলে: ‘ঈশ্বৰৰ ইচ্ছাৰে কোনো ৰকমে এতিয়া শেষত তোমালোকৰ ওচৰলৈ যাবলৈ শুভবাৰ্ত্তা পাবৰ কাৰণে, মই যে নিৰন্তৰে তোমালোকৰ নাম উল্লেখ কৰি, মোৰ প্ৰাৰ্থনা-কালত সদায় প্ৰাৰ্থনা কৰোঁ।’ (ৰোমীয়া ১:৯) গতিকে আগ্ৰহী ব্যক্তিসকলক ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো আমাৰ বাবে মাত্ৰ ৰাজহুৱা-সেৱাই নহয়, কিন্তু ই হৈছে আমি যিহোৱা ঈশ্বৰক কৰা উপাসনাৰ এটা ভাগ। সেইবাবে প্ৰচাৰ কৰা শুভৱাৰ্ত্তাক আনে গ্ৰহণ কৰক বা নকৰক আমি একেৰাহে এই কাৰ্য্য কৰি থকা উচিত, কিয়নো ই হৈছে যিহোৱালৈ আগবঢ়োৱা এক পবিত্ৰ সেৱা। আমাৰ স্বৰ্গীয় প্ৰেমময় পিতৃৰ উত্তম গুণ আৰু লাভজনক উদ্দেশ্যৰ বিষয়ে আনক কোৱাৰ দ্বাৰাই আমি নিশ্চয়ে আনন্দ লাভ কৰিব পাৰোঁ।—গীতমালা ৭১:২৩.

আমি পবিত্ৰ সেৱা কʼত সম্পন্ন কৰোঁ?

১৩. যিসকলে যিহোৱাৰ আধ্যাত্মিক মন্দিৰৰ পবিত্ৰ কোঠালী আৰু ভিতৰ-চোতালত তেওঁলৈ পবিত্ৰ সেৱা অৰ্পন কৰে তেওঁলোকলৈ কি আশা আছে আৰু কোনসকলে তেওঁলোকৰ সৈতে আনন্দিত হয়?

১৩ অভিষিক্ত খ্ৰীষ্টানসকললৈ পৌলে এইদৰে লিখিছিল: “আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহাঁ যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষৰূপে ঈশ্বৰৰ আৰধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ মানোহঁক।” (ইব্ৰী ১২:২৮) অভিষিক্তসকলৰ ৰাজ্যৰ অধিকাৰী হোৱা প্ৰতি সম্পূৰ্ণ ভৰসা আছে, এইবাবে তেওঁলোকে বিশ্বাসত স্থিৰ হৈ পৰম প্ৰধানজনক উপাসনা কৰে। মাত্ৰ তেওঁলোকেহে আধ্যাত্মিক মন্দিৰৰ পবিত্ৰ কোঠালী আৰু ভিতৰ-চোতালত যিহোৱালৈ পবিত্ৰ সেৱা অৰ্পন কৰিব পাৰে। ইয়াৰ ওপৰিও তেওঁলোকে যীচুৰ সৈতে অতি পবিত্ৰ স্থান অৰ্থাৎ স্বৰ্গত সেৱা কৰাত ভাগ লবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰে। অন্য মেৰ শ্ৰেণীৰ ভাই-ভনীসকলে অভিষিক্তসকলৰ সৈতে একেলগে কাৰ্য্য কৰি পৃথিৱীত তেওঁলোকৰ বাবে থকা অনন্তকলীয়া জীৱনৰ আশাত আনন্দিত হয়।—ইব্ৰী ৬:১৯, ২০; ১০:১৯-২২.

১৪. যীচুৰ ৰাজহুৱা-সেৱাৰ পৰা বৰ লোকসমূহে কেনেকৈ লাভবান হৈছে?

১৪ তেনেহʼলে যিসকল অন্য মেৰ শ্ৰেণীৰ ভাগ তেওঁলোকৰ বিষয়ে কি কব পাৰি? যেনেকৈ পাঁচনি যোহনে দৰ্শন দেখিছিল যে শেষ কালৰ সময়ত এক বৰ লোকসমূহ দেখা যাব আৰু তেওঁলোকে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।” (প্ৰকাশিত বাক্য ৭:১৪) ইয়াৰ অৰ্থ হৈছে অভিষিক্ত উপাসকসকলৰ দৰে তেওঁলোকেও যীচুৰ ৰাজহুৱা-সেৱা অৰ্থাৎ সকলো মানৱজাতিৰ বাবে নিজৰ সিদ্ধ মানৱ জীৱনক বলিদান কৰাত সম্পূৰ্ণৰূপে বিশ্বাস প্ৰতিফলিত কৰে। গতিকে তেওঁলোকেও যীচুৰ ৰাজহুৱা-সেৱাৰ পৰা লাভৱান হয় কিয়নো তেওঁলোকে “[যিহোৱাৰ] নিময়টিত লাগি থাকে।” (যিচয়া ৫৬:৬) ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সেই নতুন ব্যৱস্থাৰ ভাগ, কিন্তু ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ইয়াত থকা আজ্ঞাবোৰক পালন কৰে আৰু ইয়াৰ যোগেদি স্থাপন কৰা সকলোবোৰ প্ৰৱন্ধৰ সৈতে সহযোগ কৰে। তেওঁলোকে ঈশ্বৰৰ ইস্ৰায়েলৰ সৈতে মিলা-মিছা কৰে, ইয়াৰ সদস্যবোৰৰ সৈতে একেখন আধ্যাত্মিক টেবুলৰ পৰা আহাৰ গ্ৰহণ কৰে আৰু একেলগে কাৰ্য্য কৰে, ৰাজহুৱাভাৱে ঈশ্বৰক স্তুতি কৰে আৰু আধ্যাত্মিক বলিদানক উৎসৰ্গা কৰে যিয়ে যিহোৱাক সন্তোষ্ট কৰে।—ইব্ৰী ১৩:১৫.

১৫. বৰ লোকসমূহে কোন স্থানৰ পৰা পবিত্ৰ সেৱা অৰ্পন কৰে আৰু এই আশীৰ্ব্বাদে তেওঁলোকক কেনেকৈ প্ৰভাৱিত কৰে?

১৫ গতিকে, এই বৰ লোকসমূহক “বগা বস্ত্ৰ পিন্ধা, . . . সেই সিংহাসন আৰু মেৰ পোৱালিৰ আগত থিয় হৈ” থকা দেখা গৈছে। তদুপৰি, “এওঁবিলাকে ঈশ্বৰৰ সিংহাসনৰ আগত থাকি, দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ আৰাধনা কৰে; আৰু সিংহাসনত বহা জনাই এওঁবিলাকৰ ওপৰত নিজ তম্বু তৰিব।” (প্ৰকাশিত বাক্য ৭:৯, ১৫) ৰজা চলোমনে নিৰ্ম্মাণ কৰা মন্দিৰত যিহূদী আৰু ধৰ্মান্তৰিত যিহূদীসকল বাহিৰৰ চোতালত উপাসনা কৰিছিল। ঠিক সেইদৰে, বৰ লোকসমূহেও ঈশ্বৰৰ আধ্যাত্মিক মন্দিৰৰ বাহিৰৰ চোতালত যিহোৱালৈ উপাসনা কৰে আৰু সেই সেৱাই তেওঁলোকক আনন্দিত কৰে। (গীতমালা ১২২:১) আনকি তেওঁলোকৰ শেষ অভিষিক্ত সঙ্গীজনে স্বৰ্গীয় অধিকাৰ পোৱাৰ পাছতো তেওঁলোকে যিহোৱাৰ সেৱকৰূপে একেৰাহে তেওঁক পবিত্ৰ সেৱা অৰ্পন কৰিব থাকিব।—প্ৰকাশিত বাক্য ২১:৩.

গ্ৰহণযোগ্য নোহোৱা পবিত্ৰ সেৱা

১৬. পবিত্ৰ সেৱাৰ বিষয়ে কি সাৱধানবাণী দিয়া হৈছে?

১৬ প্ৰাচীন ইস্ৰায়েলৰ দিনত যিহোৱাৰ বিধানৰ সামঞ্জস্যৰ অনুসৰি পবিত্ৰ সেৱা অৰ্পন কৰা হৈছিল। (যাত্ৰাপুস্তক ৩০:৯; লেবীয়া পুস্তক ১০:১, ২) ঠিক সেইদৰে আমিও আমাৰ পবিত্ৰ সেৱা যিহোৱাৰ গ্ৰহণযোগ্য হʼবলৈ তেওঁৰ আৱশ্যকতাবোৰক পালন কৰা উচিত। এই কাৰণে পৌলে কলচীয়া মণ্ডলীলৈ এইদৰে লিখিছিল: “আমি তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ নেৰি, তোমালোকে যেন সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি, সকলো সৎকৰ্ম্মত ফলৱন্ত হৈ আৰু আনন্দেৰে সৈতে সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, . . . যাচ্‌না কৰি আছোঁ।” (কলচীয়া ১:৯-১১) আচলতে ঈশ্বৰক প্ৰকৃতৰূপে উপাসনা কৰাৰ পথ আমি নিৰ্ণয় কৰিব নোৱাৰো। কিয়নো ইয়াৰ বাবে আমাক যথাৰ্থ জ্ঞান, আধ্যাত্মিক দৃষ্টিভঙ্গী আৰু ঈশ্বৰীয় বুদ্ধিৰ আৱশ্যক। যদি আমি তেনেদৰে নকৰোঁ তেনেহʼলে আমাৰ উপাসনা ঈশ্বৰৰ দৃষ্টিত কেতিয়াও গ্ৰহণযোগ্য নহʼব।

১৭. (ক)মোচিৰ দিনত কেনেকৈ পবিত্ৰ উপাসনাক দুষিত কৰা হৈছিল? (খ) বৰ্তমান সময়ত পবিত্ৰ উপাসনা কেনেকৈ ভুল পথলৈ পৰিচালিত হʼব পাৰে?

১৭ মোচিৰ সময়ত থকা ইস্ৰায়েলসকলৰ কথা স্মৰণ কৰক। আমি তেওঁলোকৰ বিষয়ে এইদৰে পঢ়ো: “ঈশ্বৰে তেওঁবিলাকলৈ বিমুখ হৈ, আকাশৰ বাহিনীক পূজা কৰিবলৈ তেওঁবিলাকক এৰি দিলে।” (পাঁচনিৰ কৰ্ম্ম ৭:৪২) যদিও সেই ইস্ৰায়েলসকলে যিহোৱাৰ শক্তিশালী কাৰ্য্যবোৰক নিজ চকুৰে দেখিছিল, তথাপিও তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে অন্য দেৱতাবোৰক উপাসনা কৰিবলৈ ধৰিলে। গতিকে তেওঁলোকৰ এনে কাৰ্য্যই এইটো প্ৰকাশ কৰিলে যে তেওঁলোকে ঈশ্বৰৰ প্ৰতি নিষ্ঠাৱান নাছিল আৰু যদি আমি আমাৰ পবিত্ৰ সেৱাৰ যোগেদি ঈশ্বৰে সন্তুষ্ট হোৱাটো বিচাৰোঁ তেনেহʼলে নিষ্ঠা বজাই ৰখাটো অতি প্ৰয়োজন। (গীতমালা ১৮:২৫) এইটো সঁচা যে বৰ্তমান সময়ত কিছুমানে যিহোৱাৰ পৰা আতঁৰি গৈ আকাশত থকা তৰা আৰু সোণেৰে নিৰ্ম্মাণ কৰা জীৱ-জন্তুক উপাসনা। প্ৰকৃততে এনে ধৰণৰ উপাসনা হৈছে মূৰ্ত্তিপূজাৰ এটা ভাগ। যীচুৱে ‘ধনক’ সেৱা কৰাৰ বিষয়ে সাৱধান কৰিছিল আৰু পৌলেও ধনৰ প্ৰতি থকা লোভক দেৱপূজা বুলি আখ্যা দিছিল। (মথি ৬:২৪; কলচীয়া ৩:৫) কিয়নো এনে পূজাৰ ভাগ চয়তানেহে পাই, যাক বাইবেলে এই জগতৰ দেৱতা বুলি কৈছে। (২ কৰিন্থীয়া ৪:৪) গতিকে ধনৰ পূজা কৰাটো হৈছে এনে এক প্ৰকাৰৰ ফান্দ যাৰ পৰা সহজে ওলাই অহাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে ধৰি লওঁক কোনো এজন ব্যক্তিয়ে দাবী কৰে যে তেওঁ যীচুক অনুকৰণ কৰে, কিন্তু আচলতে তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈছে ধন সংগ্ৰহ কৰা বা নিজৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰা। তেনেহʼলে তেওঁ কাৰ উপাসনা কৰে? তেওঁ যিচয়া ভৱিষ্যতবক্তাৰ সময়ত থকা সেই যিহুদীসকলতকৈ ভিন্ন নে, যিসকলে যিহোৱাৰ নামত শপত খাইছিল কিন্তু তেওঁ কৰা মহৎ কাৰ্য্যৰ মৰ্য্যদা অশুচি মুৰ্ত্তিবোৰক দিছিল?—যিচয়া ৪৮:১, ৫.

১৮. অতীত আৰু বৰ্তমান সময়ত পবিত্ৰ উপাসনা কেনেকৈ ভুলৰূপে সম্পন্ন কৰা হৈছে?

১৮ ইয়াৰ বাবে যীচুৱে সাৱধান কৰি এইদৰে কৈছিল: “যি কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে, ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহিছে।” (যোহন ১৬:২) উদাহৰণস্বৰূপে চৌল নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক, যিজনক পাছলৈ পাঁচনি পৌল বুলি জনা গৈছিল, যেতিয়া তেওঁ ‘স্তিফানক বধ কৰা কথাত সন্মত আছিল’ আৰু ‘প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুওৱাৰ আৰু বধ কৰাৰ কথা’ কৈছিল সেই সময়ত নিঃসন্দেহে তেওঁ ভাৱিছিল যে তেওঁ ঈশ্বৰক সেৱা কৰিছে। (পাঁচনি কৰ্ম্ম ৭:৬০–৮:১; ৯:১) বৰ্তমান সময়ত কিছুমান অপৰাধী আৰু গণহত্যা কৰা লোকেও দাবী কৰিব পাৰে যে তেওঁলোকে ঈশ্বৰক উপাসনা কৰে। এনেধৰণৰ বহুতো লোক আছে যিসকলে ঈশ্বৰ উপাসনা কৰা বুলি দাবী কৰে কিন্তু প্ৰকৃততে তেওঁলোকে জাতীয়তাবাদ, জন-জাতীয় সম্প্ৰদায়ৰ প্ৰতি অধিক মহত্ব দিয়া, ধন, স্বাৰ্থপৰ আদি বিষয়বোৰ অন্তৰ্ভূক্ত থকা দেৱ-দেৱীবোৰকহে উপাসনা কৰে।

১৯. (ক)আমি আমাৰ পবিত্ৰ উপাসনাৰ প্ৰতি কেনে দৃষ্টি কৰোঁ? (খ) কি ধৰণৰ পবিত্ৰ উপাসনাই আমাৰ বাবে আনন্দ কঢ়িয়াই আনিব?

১৯ এইবিষয়ে যীচুৱে এবাৰ চয়তানক এইদৰে কৈছিল: ‘তোমাৰ প্ৰভু যিহোৱাক প্ৰণিপাত কৰা, আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।’ (মথি ৪:১০) যীচুৱে কোৱা এই বাক্যশাৰী আমাৰ বাবে কিমান যে অৰ্থপূৰ্ণ! গতিকে বিশ্বৰ সাৰ্ব্বভৌম ঈশ্বৰ যিহোৱাক পবিত্ৰ উপাসনা অৰ্পন কৰাটো সন্মান আৰু শ্ৰদ্ধা কৰাৰ এক বিশেষ অধিকাৰ। আমাৰ উপাসনাৰ সৈতে সমন্ধ থকা ৰাজহুৱা-সেৱাক সম্পন্ন কৰাৰ বিষয়ে কি কʼব পাৰি? আমাৰ সঙ্গী ভাইসকলৰ বাবে কৰা এই কাৰ্য্য হৈছে এক সন্তোষজনক আৰু ইয়ে আমাৰ বাবে মহান আনন্দ কঢ়িয়াই আনে। (গীতমালা ৪১:১, ২; ৫৯:১৬) তথাপি এই সেৱাই তেতিয়াহে প্ৰকৃত আনন্দ কঢ়িয়াই আনে যেতিয়া ইয়াক আন্তৰিকতাৰে আৰু সঠিকৰূপে কৰা হয়। কোনে প্ৰকৃততে ঈশ্বৰৰ উপাসনা কৰে? কাৰ পবিত্ৰ উপাসনাক যিহোৱাই গ্ৰহণ কৰে? আমি এই প্ৰশ্নবোৰৰ উত্তৰ তেতিয়াহে দিব পাৰিম যেতিয়া আমাৰ উপাসনাৰ সৈতে সন্মিলিত থকা বাইবেলত উল্লেখ কৰা তৃতীয়টো গ্ৰীক শব্দক বিবেচনা কৰিম। এই বিষয়ে আমি পৰৱৰ্তী লেখত শিকিবলৈ পাম।

[ফুটনোটবোৰ]

^ সাধাৰণতে লিটৰ্জী শব্দতো খ্ৰীষ্টীয়জগতৰ উপাসনাৰ নীতি-নিয়মক বুজাই যেনে, ৰোমান কেথলিক গীৰ্জাত পবিত্ৰ ৰুটি আৰু দ্ৰাক্ষৰস গ্ৰহণ কৰা।

^ পাঁচনিৰ কৰ্ম্ম ১৩:২ পদত মন্তব্য দিছে যে অন্তিয়খিয়াত থকা ভৱিষ্যতবক্তা আৰু শিক্ষকসকলে সকলো ঠাইতে প্ৰচাৰ কৰাৰ যোগেদি “উপাসনা” (এই শব্দ লীটুৰগিয়াʼৰ সৈতে সম্বন্ধ থকা আন শব্দৰ অনুবাদ) আগবঢ়াইছিল। সম্ভৱতঃ এনে উপাসনা বা ৰাজহুৱা-সেৱাত প্ৰচাৰ কাৰ্য্যও সন্মিলিত আছিল।

আপুনি কেনেকৈ উত্তৰ দিব?

•যীচুৱে কি মহান ৰাজহুৱা-সেৱা সম্পন্ন কৰিলে?

•খ্ৰীষ্টানসকলে কি পবিত্ৰ উপাসনাক সম্পন্ন কৰে?

•খ্ৰীষ্টানসকলৰ পবিত্ৰ উপাসনা কি আৰু ইয়াক কʼত সম্পন্ন কৰা হয়?

•যদি আমি আমাৰ পবিত্ৰ উপাসনাৰ যোগেদি ঈশ্বৰক সন্তুষ্টি কৰিবলৈ বিচাৰোঁ তেনেহʼলে আমি কি কৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

পিতৃ-মাতৃসকলে দান কৰাৰ যোগেদি সুখী হʼব পাৰে

[২০, ২১ পৃষ্ঠাৰ ছবি]

যেতিয়া খ্ৰীষ্টানসকলে আনক সহায় আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰে তেতিয়া তেওঁলোকে ৰাজহুৱা-সেৱা সম্পন্ন কৰে

[২২ পৃষ্ঠাৰ ছবি]

আমাৰ পবিত্ৰ উপাসনাক ঈশ্বৰৰ গ্ৰহণযোগ্য হʼবলৈ আমাক যথাৰ্থ জ্ঞান আৰু ঈশ্বৰীয় বুদ্ধিৰ আৱশ্যক