আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিব পাৰে
আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিব পাৰে
“আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই।”—১ যোহন ৫:৩.
১. ঈশ্বৰৰ লোকসকলৰ নৈতিক আচৰণৰ তুলনাত বৰ্তমান জগতৰ লোকসকলৰ আচৰণত কেনে ধৰণৰ প্ৰভেদ দেখিবলৈ পোৱা যায়?
বহু বছৰৰ আগতে, ভৱিষ্যতবক্তা মলাখীয়ে প্ৰেৰিত হৈ লিখিছিল যে এনে এটা সময় আহিব যেতিয়া ঈশ্বৰৰ লোকসকলৰ নৈতিক আচৰণ আৰু এই জগতৰ লোকসকলৰ আচৰণৰ মাজত স্পষ্টকৈ প্ৰভেদ দেখিবলৈ পোৱা যাব। সেয়েহে তেওঁ লিখিছিল: “তোমালোকে ঘূৰি, ধাৰ্ম্মিক আৰু দুষ্টৰ, ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।” (মলাখী ৩:১৮) বৰ্তমান সময়ত এই ভৱিষ্যতবাণীৰ পূৰ্ণতা দেখিবলৈ পোৱা গৈছে। ঈশ্বৰৰ আজ্ঞাক পালন কৰাৰ দ্বাৰাই নৈতিক শুদ্ধতা বজাই ৰাখিব পাৰি, যিটো হৈছে জীৱনৰ বাবে প্ৰকৃত আৰু বুদ্ধিমানৰ পথ। দৰাচলতে সকলো সময়তে এই পথত চলাটো সিমান সহজ নহয়। সেইবাবে যীচুৱে কৈছিল যিসকল খ্ৰীষ্টানে প্ৰাণপণে চেষ্টা কৰে তেওঁলোকেহে উদ্ধাৰ পাব।—লূক ১৩:২৩, ২৪.
২. কি বাহ্যিক হেঁচাসমূহৰ বাবে নৈতিকৰূপে শুদ্ধতা বজাই ৰখাটো কঠিন হৈ পৰিছে?
২ নৈতিক শুদ্ধতা বজাই ৰখাটো কিয় ইমান কঠিন? ইয়াৰে এটা কাৰণ হৈছে আমাৰ চাৰিওফালে থকা লোকসকলৰ পৰা অহা বাহ্যিক হেঁচা। উদাহৰণস্বৰূপে বৰ্তমান সময়ত, মনোৰঞ্জনৰ বাবে অবৈধভাৱে কৰা যৌন কাৰ্য্যক আৰ্কষণীয়, সুখদায়ক আৰু সাবালকৰূপে প্ৰস্তুত কৰে যাৰবাবে এই অনৈতিক কাৰ্য্যৰ বেয়া পৰিণামৰ প্ৰতিও সম্পূৰ্ণকৈ আওকাণ কৰে। (ইফিচীয়া ৪:১৭-১৯) বিবাহ নোহোৱা দম্পতীসকলৰ মাজতো অন্তৰঙ্গ সমন্ধ গঢ়ি তুলিবলৈ এনে বহুতো প্ৰদৰ্শন প্ৰস্তুত কৰা হয়। সেয়েহে চিনেমা আৰু টিভিৰ কাৰ্য্যক্ৰমৰ দ্বাৰা প্ৰায়ে অবৈধ যৌন সমন্ধক এক সঠিক কাৰ্য্যৰূপে প্ৰস্তুত কৰি দেখুৱাই, যʼত আদৰ্শ, আবেগ আৰু সন্মানৰ কোনো স্থান নাই। বহুতে এনে কাৰ্য্যক্ৰমবোৰক সৰুকালৰ পৰাই টিভি বা চিনেমাত উপভোগ কৰি আহিছে। ইয়াৰ ওপৰিও, বৰ্তমান সংস্কাৰমুক্ত নৈতিক পৰিৱেশত অধিকৰূপে সমকক্ষৰ লোকসকলৰ পৰা হেঁচা আহে আৰু যিসকলে তেনে সমকক্ষ লোকসকলৰ অনুসাৰে কাৰ্য্য নকৰে তেওঁলোকে ঠাট্টা বা তিৰস্কাৰৰ পাত্ৰ হʼবলগীয়া হয়।—১ পিতৰ ৪:৪.
৩. এনেধৰণৰ কি কাৰণসমূহ আছে যাৰ বাবে জগতৰ বহুতো লোকে অনৈতিক কাৰ্য্যত সন্মিলিত হয়?
৩ ভিতৰুৱা হেঁচাও নৈতিকৰূপে শুদ্ধতা বজাই ৰখাত কঠিন কৰি তুলে। যিহোৱাই মানৱজাতিক যৌন অভিলাষৰ সৈতে সৃষ্টি কৰিলে আৰু কেতিয়াবা এই কামনা বহু শক্তিশালীও হʼব পাৰে। আমি যি ভাবো প্ৰায়ে তাকে কৰিবলৈ ইচ্ছা কৰোঁ, এনেধৰণৰ ভাৱনাবোৰ অনৈতিকতাৰ সৈতে সমন্ধ থাকে যিটো যিহোৱাৰ চিন্তা-ধাৰাৰ সামঞ্জস্যত নহয়। (যাকোব ১:১৪, ১৫) উদাহৰণস্বৰূপে, অলপতে ব্ৰিটিচ্ মেডিকেল জাৰনেল নামৰ আলোচনীত প্ৰকাশ হোৱা এক নিৰীক্ষণে এইদৰে কয় যে যৌন কাৰ্য্য কি হয় তাক অনুভৱ কৰিবলৈ বহুতে প্ৰথম বাৰৰ বাবে যৌন সঙ্গম কৰিছিল। তেওঁলোকৰ এনে কাৰ্য্যৰ বিষয়ে অন্য লোকসকলে এইদৰে কৈছিল যে আচলতে বহুতে বয়সৰ অনুসৰি যৌন সঙ্গমৰ প্ৰতি উত্তেজিত হয় আৰু সেইবাবে তেওঁলোকেও নিজৰ কুমাৰীত্ব হেৰুৱাবলৈও কুণ্ঠাবোধ কৰা নাছিল। তথাপি আন কিছুমানে এনেদৰে কৈছিল যে বাস্তৱতে তেওঁলোকে অনুভুতিৰ দ্বাৰা প্ৰলোভিত হৈ এই কাৰ্য্য কৰিছিল বা “সেই সময়ত তেওঁলোকে অধিক মদ্যপান কৰাৰ বাবে নিচাত আছিল।” গতিকে যদি আমি ঈশ্বৰক সন্তোষ কৰিবলৈ বিচাৰোঁ তেনেহʼলে আমি নিজকে এনে ভাৱনা বা কাৰ্য্যৰ পৰা নিজকে বিৰত ৰখা উচিত। নৈতিকতাত শুদ্ধতা বজাই ৰাখিবলৈ কেনে ধৰণৰ বিচাৰ-ধাৰাই আমাক সহায় কৰিব?
দৃঢ় বিশ্বাস গঢ়ি তোলক
৪. নৈতিকৰূপে শুদ্ধ হৈ থাকিবলৈ আমি কি কি কৰা আৱশ্যক?
৪ নৈতিকৰূপে শুদ্ধতা বজাই ৰাখিবলৈ, আমি এক সিদ্ধ জীৱন-প্ৰণালীক চিনাক্ত কৰা আৱশ্যক। এই বাক্যশাৰী পাঁচনি পৌলে কোৱা কথাষাৰৰ সৈতে মিল খাই, যিজনে ৰোমত থকা খ্ৰীষ্টানসকলক চিঠিত এইদৰে লিখিছিল: “যিহতে ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয়, আৰু সিদ্ধ কি, তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা।” (ৰোমীয়া ১২:২) গতিকে এক সিদ্ধ জীৱন-প্ৰণালীৰ বাবে মাত্ৰ ঈশ্বৰৰ বাক্যই যি কাৰ্য্যক অনৈতিক বুলি কৈছে তাৰ পৰা দূৰত থকাটোই যথেষ্ট নহয় কিন্তু ইয়াত আৰু বহু কিছু সন্মিলিত আছে। ইয়াৰ ওপৰিও অনৈতিকতাৰ কাৰ্য্যক কিয় ঈশ্বৰে ঘিণ কৰে তাৰ কাৰণসমূহক জনা আৰু সেইবিলাকৰ পৰা আতঁৰি থাকিলে কেনেকৈ লাভৱান হʼব পাৰি, এই বিষয়ে জ্ঞান লোৱা আৱশ্যক। ইয়াৰে কিছুমান কাৰণসমূহক পৰৱৰ্তী লেখত বিবেচনা কৰা হʼব।
৫. প্ৰকৃততে, খ্ৰীষ্টানসকলে কিয় নৈতিকৰূপে শুদ্ধ হোৱা উচিত?
৫ সচাঁকৈ, খ্ৰীষ্টানসকলৰ বাবে ঈশ্বৰৰ সৈতে সমন্ধক বজাই ৰাখি ব্যভিচাৰক প্ৰতিৰোধ কৰিবলৈ আটাইতকৈ শক্তিশালী কাৰণসমূহ আছে। আমাৰ বাবে কি উত্তম তাক যে ঈশ্বৰে জানে, এই বিষয়ে আমি শিকিলোঁ। এতেকে ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে যি বেয়া তাৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব। (গীতমালা ৯৭:১০) তেওঁ আমাক প্ৰেম কৰাৰ বাবে “সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” প্ৰদান কৰে। (যাকোব ১:১৭) গতিকে আমি তেওঁৰ প্ৰতি আজ্ঞাকাৰী হৈ এইটো প্ৰকাশ কৰোঁ যে আমি তেওঁক প্ৰেম কৰোঁ আৰু তেওঁ দিয়া সকলোবোৰ বস্তুৰ বাবে মুল্যাঙ্কান দেখুৱাওঁ। (১ যোহন ৫:৩) গতিকে তেওঁৰ ধাৰ্ম্মিক আজ্ঞাবোৰক উলঙ্ঘন কৰি আমি কেতিয়াও তেওঁক নিৰাশা আৰু দুখ দিয়াটো নিবিচাৰোঁ। (গীতমালা ৭৮:৪১) ইয়াৰ ওপৰিও আমি এনে কোনো কাৰ্য্য কৰিবলৈ ইচ্ছা নকৰোঁ যাৰ বাবে আন লোকে তেওঁক উপাসনা কৰা পবিত্ৰ আৰু ধাৰ্ম্মিক পথক অপমান কৰিবলৈ সুযোগ পায়। (তীত ২:৫; ২ পিতৰ ২:২) গতিকে আহঁক আমি নৈতিকৰূপে শুদ্ধ থাকি সৰ্ব্বোপৰি জনাৰ মন আনন্দিত কৰোঁহঁক।—হিতোপদেশ ২৭:১১.
৬. যেতিয়া নৈতিক সিদ্ধান্তবোৰৰ বিষয়ে লোৱা আমাৰ নিৰ্ণয়ক আনক জানিবলৈ দিওঁ, তেতিয়া ইয়ে আমাক নৈতিকৰূপে শুদ্ধতা বজাই ৰখাত কেনেকৈ সহায় কৰে?
৬ যেতিয়া আমি নৈতিকৰূপে শুদ্ধ থাকিবলৈ নিৰ্ণয় কৰি লওঁ, তেতিয়া আমাৰ প্ৰধান কৰ্তব্য হৈছে আনক আমাৰ বিশ্বাসৰ বিষয়ে জনোৱা। আপুনি যে এজন যিহোৱা ঈশ্বৰৰ সেৱক আৰু তেওঁৰ উচ্চ নিৰ্দ্ধাৰিত নিয়মক বজাই ৰাখিবলৈ সংকল্পবদ্ধ তাক লোকসকলক জানিবলৈ দিয়ক। কিয়নো এয়া হৈছে আপোনাৰ নিজৰ জীৱন আৰু শৰীৰ, গতিকে আপোনাৰ জীৱনৰ বিষয়ে বাচঁনি কৰিবলৈ আনক সেই অধিকাৰ নিদিব। যদি আপুনি ভুল বাচঁনি কৰে তাৰ পৰিণাম কি হʼব? ইয়াৰ ফলস্বৰূপে আপুনি স্বৰ্গীয় পিতৃৰ সৈতে সমন্ধক বজাই ৰখাত বিফল হʼব। সেইবাবে তেওঁলোকক স্পষ্টকৈ কওঁক যে আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ আৰু তাক কোনেও ভঙ্গ কৰিব নোৱাৰে। গতিকে ঈশ্বৰ সিদ্ধান্তবোৰক প্ৰতিফলিত কৰি গৌৰৱম্বিত হওঁক। (গীতমালা ৬৪:১০) আপোনাৰ নৈতিক নিষ্ঠাবানৰ বিষয়ে আনক কবলৈ কেতিয়াও লাজ নকৰিব। যদি আপুনি তেনেদৰে কৰে তেনেহʼলে ইয়ে আপোনাক বিশ্বাস দৃঢ় কৰি সুৰক্ষা প্ৰদান কৰিব আৰু আনকো আপোনাৰ আৰ্হিক অনুকৰণ কৰিবলৈ উৎসাহিত কৰিব।—১ তীমথিয় ৪:১২.
৭. নৈতিক শুদ্ধতা বজাই ৰখিবলৈ আপুনি কৰা নিৰ্ণয়ক কেনেকৈ দৃঢ় কৰিব পাৰে?
৭ উচ্চ নৈতিক সিদ্ধান্ত অনুসাৰে চলিবলৈ লোৱা আমাৰ নিৰ্ণয়ৰ বিষয়ে আনক কোৱাৰ পাছত, আমি নিজৰ নিৰ্ণয়ত স্থিৰ হৈ থাকিবলৈ পদক্ষেপ লোৱাৰ আৱশ্যক। ইয়াৰ এটা পদক্ষেপ হৈছে নিজৰ বন্ধুবোৰক বাচঁনি কৰাৰ সময়ত বিবেচনা কৰা আৱশ্যক। কিয়নো বাইবেলে কৈছে: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা।” যিসকলে আপোনাৰ দৰে নিজৰ নৈতিকতাক শুদ্ধ ৰাখিবলৈ বিচাৰে তেওঁলোকৰ সৈতে সঙ্গতি কৰিলে আপুনি নিজৰ নিৰ্ণয়ক অধিক দৃঢ় কৰিব পাৰিব। বাইবেলে এইটোও কৈছে যে: “কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।” (হিতোপদেশ ১৩:২০) যিসকলে আপুনি লোৱা নিৰ্ণয়ক দুৰ্ব্বল কৰিবলৈ বিচাৰে, তেনেলোকৰ পৰা আঁতৰত থকাটোৱেই উত্তম হʼব।—১ কৰিন্থীয়া ১৫:৩৩.
৮. (ক)আমি কিয় নিজৰ মনত সঠিক বিচাৰধাৰাক উন্নত কৰা উচিত? (খ) আমি কেনে ধৰণৰ বেয়া বিষয়ৰ পৰা আঁতৰি থকা উচিত?
৮ ইয়াৰ ওপৰিও যিবিলাক গুণ সত্য, আদৰণীয়, শুদ্ধ, প্ৰিয়, সকলোৰে আলোচনাযুক্ত, সুখ্যাতিযুক্ত, সদগুণ আৰু প্ৰশংসনীয়, সেই সকলোকে নিজৰ হৃদয়ত স্থান দিয়া আৱশ্যক। (ফিলিপীয়া ৪:৮) আমি চোৱা, পঢ়া আৰু সঙ্গীত শুনা আদিৰ বিষয়ে সাৱধানে বাচঁনি কৰা আৱশ্যক। সাধাৰণতে যদি আমি অশ্লীল কিতাপ পঢ়াৰ পৰা কোনো ক্ষতি নহয় বুলি কওঁ, তেনেহলে এইটো একেবাৰে ভুল হʼব কিয়নো তেনে কিতাপে আমাৰ নৈতিকতাত অনিষ্ট সাধন কৰে। মনত ৰাখক যে অসিদ্ধ মানৱে সহজে অনৈতিকতাৰ প্ৰলোভনত পৰিব পাৰে। গতিকে তেনে ধৰণৰ কিতাপ, আলোচনী, চিনেমা আৰু সঙ্গীতে যৌন আৱেগক উত্তেজিত কৰি ক্ৰমান্বয়ে পাপলৈ পৰিচালিত কৰে। নিজৰ নৈতিক আচৰণক শুদ্ধ ৰাখিবলৈ হʼলে আমি নিজৰ হৃদয়ত ঈশ্বৰীয় জ্ঞান লোৱা আৱশ্যক।—যাকোব ৩:১৭.
অনৈতিকতালৈ যোৱা পদক্ষেপবোৰ
৯-১১. চলোমনে বিতংকৈ কৰা বিৱৰণিৰ অনুসাৰে কেনে ধৰণৰ পদক্ষেপে এজন ডেকাক ক্ৰমান্বয়ে ব্যভিচাৰলৈ পৰিচালিত কৰিলে?
৯ অনৈতিকতালৈ আগবঢ়া পদক্ষেপবোৰক সহজে চিনাক্ত কৰিব পাৰি। গতিকে এনে পদক্ষেপে লোৱা ব্যক্তিয়ে সহজে পাছলৈ উভটি আহিব নোৱাৰে। এই সংক্ৰান্তত হিতোপদেশ ৭:৬-২৩ পদত বৰ্ণনা কৰা বিৱৰণিটোক বিবেচনা কৰক। তাত ৰজা চলোমনে “এজন ডেকাৰ” বিষয়ে বৰ্ণনা কৰিছে যিজন “জ্ঞানশূন্য” বা “নিৰ্ব্বোধ” আছিল। সেই ডেকাজনে “দিন ওৰ পৰিলত, কৃষ্ণপক্ষৰ ৰাতি মাজ নিশাৰ আন্ধাৰত, সি তাই থকা আলিচুকৰ ওচৰ পাই, তাইৰ ঘৰৰ বাটেদি গৈ আছিল।” এইটোৱে সেই ডেকাজনে লোৱা প্ৰথম ভুল পদক্ষেপ আছিল। নিশাৰ সময়ত তেওঁৰ “হৃদয়ে” জানিবুজি সেই বাটৰে লৈ গৈছিল, কিয়নো তেওঁ জানিছিল যে এজনী বেশ্যাই প্ৰায় সেই বাটেদি অহা-যোৱা কৰে।
১০ আগলৈ সেই পদে এইদৰে কৈছে: “তাতে চোৱা, বেশ্যাৰ সাজ পিন্ধা এজনী ধূৰ্ত্তচিত্তা তিৰোতা তাৰ সন্মূখত উপস্থিত হল।” ইয়াৰ অৰ্থ এই যে বাস্তৱতে সেই তিৰোতা জনীয়ে ডেকাজনৰ সন্মূখত থিয় হৈ আছে! যদি সেই ডেকাজনে ইচ্ছা কৰা হʼলে ঘৰলৈ ঘুৰি যাব পাৰিলেহেঁতেন, কিন্তু ডেকাজনৰ নৈতিক দুৰ্ব্বলতা থকাৰ বাবে তেওঁ নিজকে তেনে পৰিস্থিতিৰ পৰা আঁতৰাই ৰখাত কঠিন হৈ পৰিল। সেই বেশ্যাজনীয়ে ডেকাজনক খামোচি ধৰি চুমা খালে। তাৰ পাছত ডেকাজনে তাইৰ প্ৰলোভিত কৰা কথাবোৰ শুনে। তাই এইদৰে কয়: “মোৰ তাত মঙ্গলাৰ্থক বলিদান কৰা হৈছে, আজি মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ।” সেই মঙ্গলাৰ্থক বলিদানত মাংস, মইদা, তেল আৰু দ্ৰাক্ষাৰস আছিল। (লেবীয়া পুস্তক ১৯:৫, ৬; ২২:২১; গণনা পুস্তক ১৫:৮-১০) মঙ্গলাৰ্থক বলিদানৰ বিষয়ে উল্লেখ কৰি তাই হয়তো এইটো কʼবলৈ বিচাৰিছিল যে তাই আধ্যাত্মিক বিষয়ত দুৰ্ব্বল নহয়, আৰু একে সময়তে এইটো ইঙ্গিত দিয়ে যে তাইৰ ঘৰত খাবলৈ আৰু পান কৰিবলৈ বহু কিছু আছে। ইয়াৰ উপৰিও তাই তেওঁক অনুৰুধ কৰি কৈছিল যে “বʼলা, আমি ৰাতিপুৱালৈকে কামৰসত মত্ত হওঁ, আৰু প্ৰেমত সুখী হওঁ।”
১১ ইয়াৰ পৰিণাম কি হʼল তাক কল্পনা কৰাটো আপোনাৰ বাবে কোনো কঠিন নহব। “তাই অনেক মধুৰ কথাৰে তাক সন্মত কৰালে, আৰু ওঁঠৰ খুচামোদী বাক্যৰে তাক ফুচুলাই লৈ গল। যেনেকৈ গৰু হত হবলৈ যায় . . . যেনেকৈ চৰাই ফান্দত পৰিবলৈ শীঘ্ৰে উড়ি যায়, তেনেকৈ সিও তাইৰ পাছে পাছে গৈ থাকিল।” ইয়াৰ পৰিণামৰ বিষয়ে চলোমনে গম্ভীৰ ভাষাত ব্যাখ্যা কৰিছে: “ফান্দত প্ৰাণনাশক” বুলি সি নাজানে। তাৰ প্ৰাণ বা জীৱন নাশ হʼব কিয়নো ঈশ্বৰে “ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ শোধ-বিচাৰ কৰিব।” (ইব্ৰী ১৩:৪) গতিকে খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰী, এই উভয়ৰ বাবে কিযে এক শক্তিশালী শিক্ষা! এনেবোৰ পথত প্ৰথম পদক্ষেপ লোৱাৰ পৰাই আঁতৰি থকা উচিত, কিয়নো এনে কৰিলেহে যিহোৱাৰ মন সন্তোষ হয়।
১২. (ক)“নিৰ্ব্বোধ” শব্দৰ অৰ্থ কি? (খ) আমি নৈতিকৰূপে কেনেকৈ দৃঢ় হʼব পাৰোঁ?
১২ মন কৰিবলগীয়া বিষয় এই যে ডেকাজনক “নিৰ্ব্বোধ” বুলি আখ্যা দিয়া হৈছিল। বাস্তৱতে এই শব্দৰ অৰ্থ কি আছিল? ইয়াৰ অৰ্থ আছিল যে ডেকাজনৰ বিচাৰ-ধাৰা, ইচ্ছা, মনোভাৱ আৰু তেওঁৰ লক্ষ্য ঈশ্বৰৰ দৃষ্টিত সঠিক নাছিল। তেওঁৰ নৈতিক দুৰ্ব্বলতাই তেওঁক বিনাশৰ পথলৈ আগবঢ়াই নিলে। সেয়েহে এই “শেষ-কালত” নিজকে নৈতিকৰূপে শুদ্ধ কৰি ৰাখিবলৈ অধিকৈ প্ৰচেষ্ঠা কৰা আৱশ্যক। (২ তীমথিয় ৩:১) এই ক্ষেত্ৰত ঈশ্বৰে আমাৰ সহায়ৰ বাবে বহুতো ব্যৱস্থাৰ প্ৰৱন্ধ কৰিছে। সঠিক পথত উৎসাহিত হৈ চলি থাকিবৰ বাবে তেওঁ আমালৈ খ্ৰীষ্টান মণ্ডলীত সভাবিলাকৰ আয়োজন কৰিলে। এই সভাবিলাকত আমাৰ বিচাৰধাৰৰ সৈতে মিল খোৱা এনে বহুতো ভাই-ভনীক লগ পাব পাৰোঁ। (ইব্ৰী ১০:২৪, ২৫) ইয়াৰ ওপৰিও তেওঁ আমাক এনে প্ৰাচীনসকলক দিছে যিসকলে আমাৰ ৰখীয়া আৰু ধাৰ্ম্মিকতাৰ পথ শিকায়। (ইফিচীয়া ৪:১১, ১২) ইয়াৰ ওপৰিও ঈশ্বৰে আমাক তেওঁৰ বাক্য অৰ্থাৎ বাইবেলখন দিছে যিয়ে আমাক পথ প্ৰদৰ্শন কৰে। (২ তীমথিয় ৩:১৬) তদুপৰি আমি যিকোনো সময়তে ঈশ্বৰৰ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ।—মথি ২৬:৪১.
ৰজা দায়ুদে কৰা পাপৰ পৰা শিক্ষা লাভ
১৩, ১৪. ৰজা দায়ুদে কেনেকৈ পাপৰ দলনিত সোমাই পৰিছিল?
১৩ দুখৰ বিষয় এই যে উত্তম আৰ্হি ৰখা ঈশ্বৰৰ বিশ্বাসী সেৱকো ব্যভিচাৰৰ ফান্দত পৰিছিল। ৰজা দায়ুদে এনে এজন ব্যক্তি আছিল যিজনে গোটেই জীৱন ধৰি যিহোৱাৰ সেৱা কৰিছিল। নিঃসন্দেহ, ৰজা দায়ুদে ঈশ্বৰক অতিশয় প্ৰেম কৰা স্বত্বেও তেওঁ পাপৰ দলনিত সোমাই পৰিছিল। যিদৰে চলোমনৰ বিৱৰণিত কোৱা সেই ডেকাজনৰ সৈতে ঘটিছিল, ঠিক সেইদৰে দায়ুদেও পাপৰ গৰাহলৈ সোমাই পৰিছিল।
১৪ সেই সময়ত দায়ুদৰ বয়স প্ৰায় ৫০ বছৰ আছিল। এদিন তেওঁ ৰাজগৃহৰ ছালৰ পৰা সুন্দৰী স্ত্ৰী বৎ-চেবাক গা ধুই থকা দেখা পালে। তেতিয়া তেওঁ মানুহ পঠিয়াই তাইৰ বিষয়ে সন্ধান লʼলে যে তাই কোন। তেওঁক কোৱা হʼল যে তাই হিত্তীয়া ঊৰিয়াৰ ভাৰ্য্যা যিজনে অম্মোনীয়া দেশৰ ৰব্বা নগৰ দখল কৰিবলৈ যুদ্ধ ক্ষেত্ৰত আছে। তেতিয়া দায়ুদে বৎ-চেবাক নিজৰ ৰাজ-প্ৰাসাদত মাতি পঠিয়ালে আৰু তাইৰ সৈতে শয়ন কৰিলে। যেতিয়া বৎ-চেবাই গম পালে যে তাই দায়ুদৰ দ্বাৰা গৰ্ভৱতী হʼল, তেতিয়া ৰজা দায়ুদে কৰা পাপ আৰু লুকাই নাথাকিল। তেতিয়া দায়ুদে ঊৰিয়াক যুদ্ধ ক্ষেত্ৰৰ পৰা মাতি পঠালে যাতে তেওঁ নিজৰ ভাৰ্য্যাৰ সৈতে ৰাতিতো কটাব পাৰে। তেতিয়া লোকসকলে এইদৰে ভাবিব যে বৎ-চেবাৰ সন্তানৰ পিতৃ হৈছে ঊৰিয়া। কিন্তু ঊৰিয়াই নিজৰ ঘৰলৈ উভটি নগʼল। যেতিয়া দায়ুদে দেখিলে যে তেওঁৰ পাপ লুকুৱাটো কঠিন হৈ পৰিছে তেতিয়া তেওঁ ঊৰিয়াৰ হাতত এখন চিঠি দি পুনৰ যুদ্ধ ক্ষেত্ৰলৈ পঠিয়ালে। চিঠিখন তেওঁ সেনাপতিলৈ লিখিছিল যে ঊৰিয়াক যুদ্ধৰ বাবে এনে স্থানত ৰখা যাওঁক যাতে যুদ্ধত তেওঁৰ মৃত্যু হয়। দায়ুদে আঁচনি কৰা ধৰণেই সকলোবোৰ ঘটিল, ঊৰিয়াই যুদ্ধত মৃত্যু বৰণ কৰিলে আৰু বেৎ-চেৱা গৰ্ভৱতী হোৱাৰ কথা সকলোৱে জানি পোৱাৰ পূৰ্বেই দায়ুদে তাইক বিয়া কৰালে।—২ চমূৱেল ১১:১-২৭.
১৫. (ক)কেনেকৈ দায়ুদৰ পাপ প্ৰকাশ পালে? (খ) নাথনে সুদক্ষতাৰে দিয়া তাড়ণাৰ প্ৰতি দায়ুদে কি প্ৰতিক্ৰিয়া দেখুৱালে?
১৫ নিজৰ পাপ লুকুৱাবলৈ দায়ুদে কৰা আঁচনি সফল যেন বোধ হʼল। যেনেকৈ মাহ বাগৰিবলৈ ধৰিলে, কালক্ৰমে বেৎ-চেবাই এটা লʼৰা সন্তানৰ জন্ম দিলে। যদি গীতমালা ৩২ অধ্যায় লিখাৰ সময়ত দায়ুদে এই সকলোবোৰ কথা মনত আছিল, তেনেহʼলে স্পষ্টৰূপে কব পাৰি যে তেওঁৰ বিবেকে দিনে-ৰাতিয়ে তেওঁক যাতনা দিছিল। (গীতমালা ৩২:৩-৫) কিন্তু তেওঁ কৰা এই পাপ যিহোৱাৰ দৃষ্টিত লুকাই নাথাকিল। এই বিষয়ে বাইবেলে কৈছে: “দায়ূদে কৰা সেই কৰ্ম্মত যিহোৱাই অসন্তোষ পালে।” (২ চমূৱেল ১১:২৭) যিহোৱাই ভৱিষ্যতবক্তা নাথনক দায়ুদৰ ওচৰলৈ পঠিয়ালে আৰু তেওঁ অতি চতুৰতাৰে দায়ুদৰ পাপক প্ৰকাশ কৰালে। ইয়াক শুনি দায়ুদে তৎক্ষণাৎ নিজৰ পাপক স্বীকাৰ কৰিলে আৰু যিহোৱাৰ পৰা ক্ষমাৰ ভিক্ষা খুজিলে। তেওঁ আন্তৰিকতাৰে অনুতাপ কৰাৰ বাবে ঈশ্বৰৰ সৈতে তেওঁৰ সমন্ধ পুনৰ গঢ়ি উঠিল। (২ চমূৱেল ১২:১-১৩) দায়ুদে এই তাড়নাৰ বাবে অপমান বোধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ এনে মনোবৃত্তি দেখুৱালে যিদৰে গীতমালা ১৪১:৫ পদত লিখা হৈছে: “ধাৰ্ম্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়ে দয়াহে; আৰু তেওঁ মোক অনুযোগ কৰক, সেয়ে মোৰ মূৰত দিয়া তেলৰ নিচিনা হব; মোৰ মূৰে তাক অগ্ৰাহ্য নকৰক।”
১৬. গম্ভীৰ পাপৰ বিষয়ে চলোমনে কি সাৱধানবাণী আৰু উপদেশ দিছে?
১৬ দায়ুদ আৰু বৎ-চেবাৰ দ্বিতীয় সন্তান চলোমনে নিজৰ পিতৃৰ জীৱনত ঘটা এই ঘটনাৰ বিষয়ে হয়তো মনোযোগ দিছিল। সেইবাবে তেওঁ লিখিলে: “যি মানুহে নিজৰ অপৰাধ ঢাকে, তাৰ কল্যাণ নহব; কিন্তু যি কোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে, তেওঁ কৃপা পাব।” (হিতোপদেশ ২৮:১৩) যদি আমি কোনো গম্ভীৰ পাপ কৰিছো তেনেহʼলে আঁহক আমিও ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই উপদেশক পালন কৰোঁহঁক, যিটো আমাৰ বাবে এক সাৱধান বাণী আৰু আমাৰ ভালৰ অৰ্থেহে ইয়াক দিয়া হৈছে। আমি যিহোৱাৰ আগত নিজৰ পাপ স্বীকাৰ কৰা উচিত আৰু মন্ডলীৰ প্ৰাচীনসকলৰ পৰা সহায়ৰ লাভ কৰিবলৈ তেওঁলোকৰ কাষ চাপিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। প্ৰাচীনসকলক এক গুৰুত্বপূৰ্ণ দায়ীত্ব হৈছে যিসকল লোকে পথৰ পৰা বিচলিত হৈ ভুল কাৰ্য্য কৰে তেওঁলোকক পুনৰ ঘুৰাই অনাত সহায় কৰা আৱশ্যক।—যাকোব ৫:১৪, ১৫.
পাপৰ পৰিণামক সহন কৰিবলৈ ধৈৰ্য্য ধৰক
১৭. যদিও যিহোৱাই পাপ ক্ষমা কৰে কিন্তু তেওঁ পাপ কৰোঁতাজনক কিহৰ পৰা ৰক্ষা নকৰে?
১৭ গম্ভীৰ পাপ কৰা স্বত্বেও যিহোৱাই কিয় দায়ুদক ক্ষমা কৰিলে? কিয়নো দায়ুদ ঈশ্বৰৰ এজন নিষ্ঠাবান সেৱক আছিল, তেওঁ নিজে আনৰ ওপৰত দয়া দেখুৱাইছিল। ইয়াৰ ওপৰিও তেওঁ কৰা পাপৰ বাবে আন্তৰিকতাৰে অনুতাপ কৰিছিল। তথাপি ঈশ্বৰে পাপৰ পৰিণামৰ পৰা দায়ুদক ৰক্ষা নকৰিলে। (২ চমূৱেল ১২:৯-১৪) আজিৰ সময়তো সেই একেদৰে সত্য, কিয়নো যিসকলে অন্তৰৰে সৈতে অনুতাপ কৰে যিহোৱাই তেওঁলোকক ক্ষমা কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কৰা বেয়া কাৰ্য্যৰ পৰিণাম ভোগ নকৰিব। (গালাতীয়া ৬:৭) গতিকে যিসকলে অনৈতিক কাৰ্য্য কৰে তেওঁলোকে বিবাহ-বিচ্ছেদ, অবৈধ গৰ্ভধাৰণ, যৌন ৰোগ আদিৰ দৰে সমস্যাৰ পৰা হাত হাৰিব নোৱাৰে। ইয়াৰ ওপৰিও তেওঁলোকে আনৰ পৰা পোৱা বিশ্বাস আৰু সন্মান হেৰুৱাব লগা হয়।
১৮. (ক)পৌলে কৰিন্থীয়া মণ্ডলীত হোৱা গম্ভীৰ ব্যভিচাৰৰ বিষয়ে কি উপদেশ দিছিল? (খ) পাপীসকলক যিহোৱাই নিজৰ প্ৰেম আৰু দয়া কেনেকৈ দেখুৱায়?
১৮ যদি আমি কোনো গম্ভীৰ পাপ কৰি প্ৰতিফল ভুগি আছোঁ সেইসময়ত নিৰুৎসাহ হোৱাটো অতি স্বাভাৱিক। কিন্তু আমি অনুতাপ কৰিবলৈ আৰু ঈশ্বৰৰ সৈতে পুনৰ নিজৰ সমন্ধ গঢ়ি তুলিবলৈ আমাৰ চেষ্টাক ত্যাগ কৰাটো উচিত নহয়। প্ৰথম শতাব্দীত পৌলে কৰিন্থীয়া মণ্ডলীলৈ লিখিছিল যে তেওঁলোকৰ মাজত থকা সেই ব্যক্তিজনক বহিষ্কাৰ কৰা আৱশ্যক যিজনে নিজৰ পিতৃৰ ভাৰ্য্যাৰ সৈতে ব্যভিচাৰ কৰিছিল। (১ কৰিন্থীয়া ৫:১, ১৩) যেতিয়া ব্যক্তিজনে প্ৰকৃত অনুতাপ দেখুৱালে, সেই সময়ত পৌলে মন্ডলীক এই উপদেশ দি কʼলে: “তোমালোকে তেওঁক ক্ষমা আৰু শান্ত্বনা কৰা ভাল। এই কাৰণে সেই মানুহলৈ তোমালোকৰ প্ৰেম থিৰ কৰিবলৈ মই তোমালোকক মিনতি কৰিছোঁ।” (২ কৰিন্থীয়া ২:৫-৮) ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰা লিখা এই বাক্যত আমি সেই অনুতাপ কৰা লোকসকলৰ প্ৰতি যিহোৱাৰ প্ৰেম আৰু দয়াক দেখিবলৈ পাওঁ। আনকি যেতিয়া কোনো পাপীয়ে অনুতাপ কৰে তেতিয়া স্বৰ্গত থকা স্বৰ্গদুতবিলাকো আনন্দিত হয়।—লূক ১৫:১০.
১৯. ভুল পথত চলি পোৱা পৰিণামৰ পৰা কি শিক্ষা শিকিব পাৰি?
১৯ আমি কৰা ভুল কাৰ্য্যৰ পৰিণাম ভুগিবলগীয়া হোৱাৰ বাবে আমি দুখিত হওঁ কিন্তু ইয়ে আমাক ‘অধৰ্ম্ম কাৰ্য্যৰ পৰা ঘূৰি নিজকে পহৰা’ দিবলৈ সহায় কৰে। (ইয়োব ৩৬:২১) ইয়াৰ ওপৰিও, দায়ুদে পাপৰ পথত গৈ নিজৰ জীৱনত যি বেদনাদায়ক অনুভৱ প্ৰাপ্ত কৰিলে, সেই অনুভৱক আনক উপদেশ দিবলৈ ব্যৱহাৰ কৰা হʼল। তেওঁ কৈছিল: “তাতে মই অপৰাধীবোৰক তোমাৰ পথ শিকাম; আৰু পাপীবোৰ তোমালৈ পালটিব।”—গীতমালা ৫১:১৩.
যিহোৱাক সেৱা কৰি আনন্দ লাভ কৰিব পৰা যায়
২০. ঈশ্বৰৰ ধাৰ্ম্মিক আজ্ঞাবোৰক পালন কৰিলে কি লাভ প্ৰাপ্ত কৰিব পাৰি?
২০ “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।” (লূক ১১:২৮) ঈশ্বৰৰ ধাৰ্ম্মিক আজ্ঞাবোৰক পালন কৰি মাত্ৰ বৰ্তমান সময়তেই নহয় কিন্তু চিৰকালৰ বাবেও আনন্দ লাভ কৰিব পাৰিম। যিহোৱাই প্ৰৱন্ধ কৰা লাভবোৰ প্ৰাপ্ত কৰিবলৈ তেতিয়াহে সক্ষম হʼম, যদিহে আমি নিজৰ নৈতিক শুদ্ধতা বজাই ৰাখোঁ। ইয়াৰ ওপৰিও যিহোৱাই আমাক তেওঁৰ পথত চলি থাকিবলৈ সহায় কৰিব। পাপী মানৱজাতি হোৱাৰ বাবে যদিও আমি কোনো অনৈতিকতাৰ কাৰ্য্য কৰোঁ, কিন্তু তেতিয়া এইটো জানি সাহস পাব পাৰোঁ যে যিহোৱাই সেই লোকসকলক ক্ষমা কৰিবলৈ সদায়ে প্ৰস্তুত থাকে যিসকলে অন্তৰৰে সৈতে অনুতাপ কৰে। এতেকে তেনে পাপক দুনাই নকৰিবলৈ দৃঢ়-সঙ্কল্প কৰোঁহঁক।—যিচয়া ৫৫:৭.
২১. নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ পাঁচনি পিতৰে কি উপদেশ দিলে?
২১ অতি সোনকালে অনৈতিক কাৰ্য্যৰে ভৰি থকা এই অধাৰ্ম্মিক জগতখন ধ্বংস হʼব আৰু ইয়াৰ সৈতে সকলো প্ৰকাৰৰ অনৈতিক বিচাৰ-ধাৰাৰ অভ্যাসবোৰো চিৰকালৰ বাবে আঁতৰি যাব। গতিকে এতিয়াৰে পৰা নিজৰ নৈতিক আচৰণক শুদ্ধ ৰাখিলে আমি বৰ্তমান আৰু চিৰকালৰ বাবে লাভৱান হʼব পাৰিম। এই বিষয়ে পাঁচনি পিতৰে এইদৰে লিখিছিল: “হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি, তোমালোকে যেন তেওঁৰ আগত নিষ্কলঙ্ক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে যত্ন কৰা। . . . এই সকলো আগেয়ে জানি, ধৰ্ম্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ, নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা।”—২ পিতৰ ৩:১৪, ১৭.
আপুনি বৰ্ণনা কৰিব পাৰিবনে?
•বৰ্তমান জগতত নিজৰ নৈতিক শুদ্ধতা বজাই ৰখাটো কিয় ইমান কঠিন?
•ঈশ্বৰীয় নৈতিক সিদ্ধান্তবোৰক পালন কৰি আমাৰ সঙ্কল্পত দৃঢ় হৈ থাকিবলৈ কিছুমান পদ্ধতি কি কি?
•ৰজা চলোমনে যিজন ডেকাৰ বিষয়ে উল্লেখ কৰিলে তেওঁ কৰা পাপৰ পৰা আমি কি শিকিব পাৰোঁ?
•দায়ূদৰ আৰ্হিত বৰ্ণনা কৰা অনুতাপে আমাক কি শিক্ষা প্ৰদান কৰে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১৩ পৃষ্ঠাৰ ছবি]
নৈতিকতাৰ বিষয়ে থকা আপোনাৰ সঠিক দৃষ্টিভঙ্গীৰ বিষয়ে আনক কোৱাটো হৈছে তেওঁলোকক এক প্ৰকাৰে নৈতিকৰূপে সুৰক্ষা দিয়া
[১৬, ১৭ পৃষ্ঠাৰ ছবি]
ৰজা দায়ুদে আন্তৰিকতাৰে অনুতাপ কৰিছিল সেইবাবে যিহোৱাই তেওঁক ক্ষমা কৰিলে