নৈতিক শুদ্ধতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ
নৈতিক শুদ্ধতাৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ
“তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা তুমি যাব লগীয়া বাটেদি তোমাক নিওঁতা তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”—যিচয়া ৪৮:১৭.
১, ২. (ক)যৌন আচৰণৰ বিষয়ে এই জগতৰ দৃষ্টিভঙ্গী কি? (খ) যৌন আচৰণৰ বিষয়ে খ্ৰীষ্টানসকলে কেনে দৃষ্টিভঙ্গী ৰাখে?
আজি, পৃথিৱীৰ বহুতো দেশত নৈতিক আচৰণ বজাই ৰখাটো এক ব্যক্তিগত বিষয় বুলি বিবেচনা কৰে। লোকসকলে যৌন সমন্ধক মাত্ৰ বৈবাহিক বন্ধনৰ মাজত আৱদ্ধ থকা বুলি গণ্য নকৰে। কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ ইচ্ছাক প্ৰকাশ কৰাটো প্ৰাকৃতিক নিয়ম বুলি মানে আৰু সেইবাবে যিজনে যাৰ সৈতে বিচাৰে তেওঁৰ সৈতে যৌন সম্বন্ধ ৰাখিব পাৰে। তেওঁলোকে ভাবে যে যদি দুজন ব্যক্তিয়ে সন্মত তেনেহʼলে কাৰো একো হানি নহয় আৰু এনে পৰিস্থিতিত যৌন সমন্ধৰ বিষয়ে থকা নিজৰ ইচ্ছাক পূৰ্ণ কৰাটো কোনো ভুল নহয়। তেওঁলোকৰ অনুসাৰে আনৰ যৌন সমন্ধৰ বিষয়ে প্ৰশ্ন দাঙি ধৰাতো ভুল।
২ কিন্তু ইয়াৰ বিপৰীতে যিহোৱাৰ লোকসকলে জগতৰ লোকসকলতকৈ সম্পূৰ্ণ বেলেগ দৃষ্টিভঙ্গী ৰাখে। তেওঁলোকে যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ মনক আনন্দিত কৰিবলৈ হাঁহি মুখে বাইবেলৰ সিধান্তক পালন কৰে। কিয়নো তেওঁলোকে জানে যে যিহোৱাই তেওঁলোকক প্ৰেম কৰে আৰু তেওঁ যি পথ-প্ৰদৰ্শন দিছে সেইবোৰ তেওঁলোকৰ হিতৰ বাবেহে দিয়া হৈছে। এই পথ-প্ৰদৰ্শনৰ অনুসাৰে চলিলে তেওঁলোকে মাত্ৰ লাভৱান হʼব এনে নহয় কিন্তু প্ৰকৃত আনন্দও প্ৰাপ্ত কৰিব। (যিচয়া ৪৮:১৭) যিহেতু ঈশ্বৰ যিহোৱা হৈছে মানৱ জীৱনৰ উৎস। গতিকে আমাৰ নিজ শৰীৰত আন এক নতুন জীৱন উৎপন্ন কৰিব পৰা ক্ষমতা থকাৰ বাবে তাক কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বাবে তেওঁৰ পথ-প্ৰদৰ্শন বিচৰাটো একেবাৰে বুদ্ধিমানৰ কাৰ্য্য হʼব।
প্ৰেমময় পিতৃৰ পৰা পোৱা এক উপহাৰ
৩. খ্ৰীষ্টীয়জগতে যৌন সমন্ধৰ বিষয়ে কি শিক্ষা দিয়ে, আৰু এইটো বাইবেলৰ শিক্ষাৰ পৰা কেনেকৈ বিপৰীত?
৩ ওপৰত আমি বৰ্তমান জগতৰ লোকসকলে যৌন সম্পৰ্কে কেনে দৃষ্টিভঙ্গী ৰাখে তাৰ বিষয়ে জানিব পাৰিলোঁ। আনহাতে, খ্ৰীষ্টীয়জগতে মাজৰে কিছুমানে, এদন বাগিছাত হৱাই নিজৰ সৈতে যৌন সম্পৰ্ক ৰাখিবলৈ আদমক ভুলোৱাৰ বাবেহে এই “প্ৰথম পাপ” হʼল বুলি আৰম্ভণিৰ পৰাই শিক্ষা দি আহিছে। কিন্তু এনেধৰণৰ ভুল দৃষ্টিভঙ্গী বাইবেলৰ শিক্ষাৰ একেবাৰে বিপৰীত। কিয়নো বাইবেলত স্পষ্টকৈ বৰ্ণনা কৰা হৈছে যে প্ৰথম মানৱ দম্পতীক “মানুহজন আৰু তেওঁৰ তিৰোতা” বুলি উল্লেখ কৰা হৈছে। (আদিপুস্তক ২:২৫) ঈশ্বৰে নিজেই তেওঁলোকক সন্তান উৎপন্ন কৰিবলৈ আজ্ঞা দি এইদৰে কৈছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা।” (আদিপুস্তক ১:২৮) বাস্তৱতে ঈশ্বৰে নিজেই আদম আৰু হৱাক সন্তান উৎপন্ন কৰিবলৈ আজ্ঞা দি আৰু সেই আজ্ঞাক পালন কৰাৰ বাবে তেওঁলোকক দণ্ড দিয়া হʼলে, তেনে আজ্ঞাৰ কোনো অৰ্থ নাথাকিলেহেঁতেন।—গীতমালা ১৯:৮.
৪. ঈশ্বৰে মানৱক উপহাৰ হিচাপে কিয় যৌন শক্তি প্ৰদান কৰিলে?
৪ সেয়েহে আমাৰ প্ৰথম পিতৃ-মাতৃক যি আজ্ঞা দিয়া হৈছিল আৰু যি আজ্ঞাক পাছলৈ নোহ আৰু তেওঁৰ সন্তানসকলৰ আগত সোঁৱৰাই দিছিল, ইয়াৰ পৰা জানিব পৰা গৈছে যে কেৱল সন্তান উৎপন্ন কৰাটোহে যৌন সমন্ধৰ মূখ্য উদ্দেশ্য। (আদিপুস্তক ৯:১) তথাপি, ঈশ্বৰৰ বাক্যই দেখুৱাইছে যে এই উপহাৰক মাত্ৰ সন্তান উৎপন্ন কৰাটোৱে আৱশ্যক নহয়। এই সমন্ধই ঈশ্বৰৰ বিবাহিত সেৱকসকলৰ মানসিক, শাৰীৰিক আৱশ্যকতাবোৰক পূৰ্ণ কৰে আৰু ইয়াৰ যোগেদি তেওঁলোকে আনন্দ প্ৰাপ্ত কৰে। নিজৰ স্বামী বা স্ত্ৰীক গভীৰ প্ৰেম দেখুৱালৈ এইটো হৈছে এক স্বাভাৱিক পদ্ধতি।—আদিপুস্তক ২৬:৮, ৯; হিতোপদেশ ৫:১৮, ১৯; ১ কৰিন্থীয়া ৭:৩-৫.
ঈশ্বৰৰ যোগেদি নিৰ্দ্ধাৰিত কৰা সীমাবোৰ
৫. ঈশ্বৰে যৌন কাৰ্য্যৰ বাবে মানুহক কি নিষেধাজ্ঞা দিছিল?
৫ যিহেতু যৌন শক্তি ঈশ্বৰৰ পৰা পোৱা এটা উপহাৰ, কিন্তু ইয়াৰ নিৰ্দ্ধাৰিত সীমা পাৰ কৰাটো উচিত নহয়। এই কাৰ্য্য মাথোন বৈবাহিক বন্ধনৰ মাজতেহে সীমাবদ্ধ থকা উচিত। (ইফিচীয়া ৫:২৮-৩০; ১ পিতৰ ৩:১, ৭) বিবাহ বন্ধনৰ বাহিৰে অন্য ব্যক্তিৰ সৈতে যৌন সমন্ধ ৰখাটো একেবাৰে অনুচিত। এই বিষয়ে বাইবেলে স্পষ্টৰূপে কৈছে যে ঈশ্বৰে ইস্ৰায়েল জাতিক নিজৰ ব্যৱস্থা দি এইদৰে কৈছিল: “তুমি পৰস্ত্ৰী গমন নকৰিবা।” (যাত্ৰাপুস্তক ২০:১৪) যীচুৱে “ব্যভিচাৰ” আৰু “পৰস্ত্ৰীগমনক” এনেধৰণৰ “কুচিন্তা” বুলি কৈছে যিটো হৃদয়ৰ পৰা উৎপন্ন হয় আৰু এজন ব্যক্তিক অশুচি কৰে। (মাৰ্ক ৭:২১, ২২) পাঁচনি পৌলেও ঈশ্বৰৰ প্ৰেৰণাৰ যোগেদি কৰিন্থীয়াত থকা খ্ৰীষ্টান ভাইসকললৈ এইদৰে লিখিছিল: “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) ইয়াৰ ওপৰিও, ইব্ৰী মণ্ডলীত থকা ভাইসকললৈ লিখিছিল: “সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শৰ্য্যা শুচি হওঁক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ শোধ-বিচাৰ কৰিব।”—ইব্ৰী ১৩:৪.
৬. বাইবেলত দিয়া “ব্যভিচাৰ” শব্দত কি কি সন্মিলিত আছে?
৬ ইয়াত উল্লেখ কৰা “ব্যভিচাৰ” শব্দৰ অৰ্থ কি? এই শব্দক গ্ৰীক ভাষা পৰনিয়া শব্দৰ পৰা অনুবাদ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে কোনো অবিবাহিত লোকৰ মাজত হোৱা যৌন সমন্ধ। (১ কৰিন্থীয়া ৬:৯) বাইবেলৰ অন্য অধ্যায়বোৰতো যেনে মথি ৫:৩২ আৰু মথি ১৯:৯ পদত ইয়াক পৰস্ত্ৰীগমন, নিজ পৰিয়ালৰ লগত ব্যভিচাৰ বা পশুগমন ৰূপে বৰ্ণনা কৰা হৈছে। অবিবাহিত লোকৰ মাজত মৌখিক বা অপ্ৰকৃতিকৰূপে কৰা যৌন কাৰ্য্য আৰু এজনে আনজনৰ গুপ্তাঙ্গক কামুকতাৰে স্পৰ্শ কৰাটো হৈছে পৰনিয়াʼৰ এটা ভাগ। এনে ধৰণৰ যিকোনো অশুচি কাৰ্য্যক ঈশ্বৰৰ বাক্যত ঘৃণিত বুলি কোৱা হৈছে, অৰ্থাৎ এইবোৰ হৈছে ঈশ্বৰৰ সিধান্তৰ একেবাৰে বিপৰীত।—লেবীয়া পুস্তক ২০:১০, ১৩, ১৫, ১৬; ৰোমীয়া ১:২৪, ২৬, ২৭, ৩২. *
ঈশ্বৰৰ দিয়া নৈতিক নিয়মসমূহৰ পৰা লাভবান হোৱা
৭. নৈতিকতাৰূপে শুদ্ধতা বজাই ৰাখিলে আমি কেনেকৈ লাভৱান হʼব পাৰিম?
৭ যৌন আচৰণৰ বিষয়ে যিহোৱাৰ নিয়মবোৰ পালন কৰাটো অসিদ্ধ মানৱৰ বাবে এক প্ৰত্যাহ্বান হʼব পাৰে। ১২ শতাব্দীৰ এজন যিহুদী দাৰ্শনিক মেইমʼনাইডচে এইদৰে লিখিছিল: “তৌৰাতত [মোচিয়ে লিখা পাচঁখন কিতাপ] দিয়া অপ্ৰকৃতিকৰূপে কৰা যৌন কাৰ্য্যৰ বিষয়ে নিষেধাজ্ঞা পালন কৰাটো যিমান কঠিন, তাত উল্লেখ কৰা আন আন নিষেধাজ্ঞাক পালন কৰাটো সিমান কঠিন নহয়।” তথাপিও যদি আমি ঈশ্বৰ আজ্ঞাক পালন কৰোঁ তেনেহʼলে আমি অধিক লাভৱান হʼম। (যিচয়া ৪৮:১৮) উদাহৰণস্বৰূপে, যদি আমি ঈশ্বৰৰ এই আজ্ঞাক পালন কৰোঁ তেনেহʼলে যৌন কাৰ্য্যৰ ফলত উৎপন্ন হোৱা বহুতো মাৰাত্মক ৰোগ, অবৈধ গৰ্ভধাৰণ আদিৰ পৰা ৰক্ষা পাব পাৰিম। * ঈশ্বৰৰ পৰা পোৱা এই জ্ঞানক ব্যৱহাৰ কৰিলে আমি শুদ্ধ বিবেক বজাই ৰাখিব পাৰোঁ। গতিকে এই নিয়মসমূহ পালন কৰিলে আমাৰ আত্ম-সন্মান বৃদ্ধি হʼব, লোক সকলৰ সৈতে ভাল সমন্ধ বজাই ৰাখিব পাৰিম, নিজৰ সঙ্গীৰ প্ৰতি বিশ্বাসী হʼম, নিজৰ লʼৰা-ছোৱালী আৰু খ্ৰীষ্টান ভাই-ভনীসকলৰ আদৰৰ পাত্ৰ হʼম। ইয়াৰ ওপৰিও যৌন সমন্ধৰ বিষয়ে সঠিক জ্ঞানে বৈবাহিক জীৱন সুখী কৰি তুলে। এগৰাকী খ্ৰীষ্টান ভনীয়ে এইদৰে লিখিলে: “ঈশ্বৰৰ বাক্যৰ সত্যই সকলোতকৈ উত্তম সুৰক্ষা প্ৰদান কৰে। মই বিয়া হʼবলৈ অপেক্ষা কৰি আছোঁ আৰু যিজন খ্ৰীষ্টান ভাইৰ সৈতে মোৰ বিবাহ হʼব তেওঁক গৌৰৱেৰে কʼব পাৰিম যে মই কুমাৰী আৰু শুদ্ধ।”
৮. আমাৰ শুদ্ধ নৈতিক আচৰণে কেনেকৈ লোকসকলক সত্য উপাসনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে?
৮ নৈতিক আচৰণত শুদ্ধতা বজাই ৰখাৰ দ্বাৰা সত্য উপাসনাৰ বিষয়ে থকা লোকসকলৰ ভুল ধাৰণাক আঁতৰ কৰি আমি তেওঁলোকক ঈশ্বৰ যিহোৱাৰ কাষ চপাত সহায় কৰিব পাৰিম। সেইবাবে পাঁচনি পৌলে এইদৰে লিখিছিল: “পৰজাতিবিলাকে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি তোমালোকৰ বিৰুদ্ধে কথা কয়, সেই বিষয়ত তেওঁবিলাকে তোমালোকৰ সৎকৰ্ম্ম দেখি তাৰ কাৰণে কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, এই কাৰণে তেওঁবিলাকৰ মাজত তোমালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।” (১ পিতৰ ২:১২) যদিও সেই লোকসকলে যিহোৱাক সেৱা নকৰে বা আপোনাৰ শুদ্ধ নৈতিক আচৰণক দেখা নাপাই কিন্তু আমাৰ স্বৰ্গীয় পিতৃয়ে এই সকলোবোৰক লক্ষ্য কৰে আৰু যেতিয়া আমি তেওঁ দেখুৱা পথত চলোঁ তেতিয়া তেওঁৰ মন প্ৰফুল্লিত হয়।—হিতোপদেশ ২৭:১১; ইব্ৰী ৪:১৩.
৯. যদিও আমি ঈশ্বৰে দিয়া নিয়মৰ কাৰণ নাজানিব পাৰোঁ তথাপিও সেইবোৰত কিয় বিশ্বাস ৰখা উচিত? বৰ্ণনা কৰক।
৯ ঈশ্বৰৰ ওপৰত ভৰসা ৰখাৰ অৰ্থ হৈছে, যিহোৱাই যে সদায়ে আমাৰ ভালৰ হকে কাৰ্য্য কৰে তাক সম্পূৰ্ণকৈ বিশ্বাস কৰা। কেতিয়াবা যিহোৱাই কিয় এইদৰে কাৰ্য্য কৰিছে বা কিয় এইদৰে আমাক চলিবলৈ কৈছে এই বিষয়ে হয়তো সম্পূৰ্ণৰূপে আমি বুজি নাপাবও পাৰোঁ। এই বিষয়ে বুজিবলৈ মোচিৰ ব্যৱস্থাত দিয়া এটা উদাহৰণক বিবেচনা কৰক। তম্বুত বাস কৰা কালত ইস্ৰায়েল জাতিক ঈশ্বৰে এই নিয়ম দিছিল যে তম্বুৰ পৰা দূৰলৈ গৈ মল ত্যাগ কৰি তাক মাটিৰে পুতি থোৱা উচিত। (দ্বিতীয় বিবৰণ ২৩:১৩, ১৪) হয়তো ইস্ৰায়েলসকলে ভাৱিছিল যে এনে নিয়ম কিয় দিয়া হৈছিল বা কিছুমানে এই নিয়ম অদৰকাৰী বুলিও ভাৱিছিল। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে চিকিৎসা বিজ্ঞানে এইটো জানিব পাৰিছে যে এই নিয়মক পালন কৰাৰ বাবে তেওঁলোকৰ ওচৰে-পাজৰে থকা পুখুৰী বা নদীৰ পানী অশুদ্ধ হোৱা নাছিল আৰু ইয়াৰ ওপৰিও তেওঁলোকে বিভিন্ন ধৰণৰ বীজাণু, মাখি আদিৰ পৰা অহা বেমাৰৰ পৰা ৰক্ষা পাইছিল। ঠিক একেইদৰে, ঈশ্বৰে যৌন সম্পৰ্কৰ বিষয়েও শিক্ষা দিছিল যে এই সম্বন্ধ কেৱল স্বামী-স্ত্ৰীৰৰ মাজত হোৱা উচিত। কিয়নো এনে কৰিলেহে আমি আধ্যাত্মিক, শাৰীৰিক, মানসিক আৰু আৱেগিক দিশৰ পৰা শুদ্ধ হৈ থাকিব পাৰিম। আঁহক আমি বাইবেলৰ পৰা এনেধৰণৰ কিছুমান লোকৰ আৰ্হিক বিবেচনা কৰোঁ যিসকলে নিজৰ নৈতিকতা আচৰণক শুদ্ধ ৰাখিছিল।
যোচেফে শুদ্ধ নৈতিকতা বজাই ৰখাৰ বাবে ঈশ্বৰৰ পৰা আশীৰ্ব্বাদ প্ৰাপ্ত হʼল
১০. কোনে বেয়া সমন্ধ ৰাখিবলৈ যোচেফক আহ্বান কৰিছিল আৰু তেওঁ কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিছিল?
১০ আপুনি হয়তো বাইবেলত দিয়া যাকোবৰ পুত্ৰ যোচেফৰ বিষয়ে জানে। যেতিয়া তেওঁ মিচৰত ফৰৌণ ৰজাৰ ৰক্ষক-সেনাপতি পোটীফৰৰ ঘৰত বন্দী আছিল সেই সময়ত তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ আছিল। কিন্তু যিহোৱাৰ আশীৰ্ব্বাদ যোচেফৰ ওপৰত থকাৰ বাবে পাছলৈ পোটীফৰে যোচেফক নিজৰ ঘৰত অধ্যক্ষ পাতিলে। কালক্ৰমে যোচেফৰ বয়স ২০ বা ২২ বছৰ হʼল আৰু তেওঁ দেখাত “সুন্দৰ আৰু দেখনীয়াৰ” হʼল। তেওঁৰ এনে সুন্দৰতাক দেখি পোটীফৰৰ পত্নীয়ে মোহিত হʼল আৰু তাইৰ সৈতে শয়ন কৰিবলৈ যোচেফক ছলাহী কথা কবলৈ ধৰিলে। কিন্তু যোচেফে স্পষ্টকৈ অস্বীকাৰ কৰি কʼলে যে তেনে কাৰ্য্য কৰাটো মাত্ৰ নিজৰ গৰাকীৰ প্ৰতি বিশ্বাসঘাটকেই নহয় কিন্তু “ঈশ্বৰৰ বিৰুদ্ধে পাপ” কৰাও হʼব। যোচেফে কিয় তেনেদৰে কাৰণ দৰ্শালে?—আদিপুস্তক ৩৯:১-৯.
১১, ১২. যিহেতু যদিও সেই সময়ত ব্যভিচাৰ আৰু পৰস্ত্ৰীগমনৰ বিষয়ে কোনো লিখিত নিয়ম দিয়া নাছিল তথাপিও যোচেফে কিয় তেনেদৰে কাৰণ দৰ্শাইছিল?
১১ যোচেফৰ এই ঘটনাৰ পৰা স্পষ্টকৈ এইটো বুজিব পৰা গʼল যে যোচেফে কোনো মানুহলৈ ভয় কৰি অবৈধ সমন্ধৰ বাবে অস্বীকাৰ কৰা নাছিল। এই ক্ষেত্ৰত চাবলৈ গʼলে যোচেফ নিজৰ পৰিয়ালৰ পৰা বহু আঁতৰত আছিল আৰু তেওঁৰ পিতৃয়ে তেওঁৰ মৃত্যু হোৱা বুলিও ভাবিছিল। যিহেতু যোচেফে এই অনৈতিক কাৰ্য্য কৰাৰ পাছতো তেওঁৰ পৰিয়ালে এই বিষয়ে একোৱে জানি নাপালেহেঁতেন। ইয়াৰ ওপৰিও পোটীফৰৰ দাসসকলে সেই সময়ত ঘৰখনত নথকাৰ বাবে এই বিষয়ে একোকে জানিব নোৱাৰিলেহেঁতেন। (আদিপুস্তক ৩৯:১১) কিন্তু ইয়াৰ বিপৰীতে যোচেফে ভালদৰে জানিছিল যে ঈশ্বৰৰ দৃষ্টিৰ পৰা এনে কাৰ্য্যক কোনোও লুকুৱাব নোৱাৰে।
১২ কিয়নো যোচেফে যিহোৱাৰ বিষয়ে জানিছিল আৰু সেই বিষয়বোৰক ধ্যান কৰি তেওঁক নিজৰ পথ-প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াত কোনো সন্দেহ নাই যে তেওঁ এদন বাগিছাত যিহোৱাই প্ৰথম মানৱ দম্পতীক দিয়া আজ্ঞাৰ বিষয়ে জানিছিল, যʼত নেকি ঈশ্বৰে কৈছিল: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) ইয়াৰ ওপৰিও যোচেফে জানিছিল যে যেতিয়া এবাৰ এজন পেলেষ্টাইন ৰজাই তেওঁৰ আইতা চাৰাৰ সৈতে দুষ্কৰ্ম কৰিবলৈ বিচাৰে সেইসময়ত কেনে ধৰণৰ ঘটনা ঘটিছিল। কিয়নো যিহোৱাই সেই ৰজাজনক কৈছিল: “দেখা, তুমি অনা তিৰোতাৰ কাৰণে তুমি মৰিব লাগিব; কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্য্যা। . . . মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁও; এই হেতুকে তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।” (আদিপুস্তক ২০:৩, ৬) যিহেতু যদিও সেই সময়ত যিহোৱাই নিজৰ নিয়ম-ব্যৱস্থা দিয়া নাছিল, কিন্তু বিবাহৰ সম্পৰ্কে থকা তেওঁৰ দৃষ্টিভঙ্গীৰ বিষয়ে স্পষ্টকৈ জনাই দিছিল। গতিকে যিহোৱাক আনন্দিত কৰা তেওঁৰ আগ্ৰহ আৰু তেওঁ শিকা নৈতিকতাৰ জ্ঞানে যোচেফক অনৈতিক কাৰ্য্যৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিছিল।
১৩. যোচেফে কিয় পোটীফৰৰ পত্নীৰ পৰা পলায়ন কৰাটো অসম্ভৱ আছিল?
১৩ যিহেতু যোচেফে তেনে কাৰ্য্য কৰাত অস্বীকাৰ কৰাৰ বাবে পোটীফৰৰ পত্নীয়ে তেওঁক নেৰানেপেৰাকৈ তাইৰ সৈতে শয়ন কৰিবলৈ “দিনে দিনে” কাকূতি মিনতি কৰিছিল। গতিকে যোচেফে সেই স্থান ত্যাগ কৰি আন ঠাইলৈ নগʼল কিয়? কিয়নো তেওঁ পোটীফৰৰ ঘৰত এজন দাস হিচাপে কাম কৰিছিল। গতিকে তেওঁ এজন দাস হোৱাৰ বাবে নিজ কৰ্তব্য পালন কৰা আৱশ্যক আছিল আৰু তেওঁ নিজে তেনে পৰিস্থিতিৰ বিৰুদ্ধে একো পদক্ষেপ লব নোৱাৰিছিল। পূৰাতাত্ত্বিকবিদসকলে পোৱা প্ৰমাণে দেখুৱাইছে, মিচৰীয়াবিলাকৰ ঘৰ এইদৰে নিৰ্ম্মাণ কৰা হৈছিল যে ভঁৰাললৈ যাবলৈ ঘৰখনৰ মুখ্য ভাগেদিহে অহা-যোৱা কৰিবলগীয়া হৈছিল। গতিকে, যোচেফৰ বাবে পোটীফৰৰ পত্নীৰ পৰা আঁতৰি থকাটো অসম্ভৱ আছিল।—আদিপুস্তক ৩৯:১০.
১৪. (ক)পোটীফৰৰ পত্নীৰ পৰা আঁতৰি যোৱাৰ ফলস্বৰূপে যোচেফলৈ কি ঘটিল? (খ) যোচেফে নিষ্ঠা বজাই ৰখাৰ বাবে যিহোৱাই তেওঁক কেনেকৈ আশীৰ্ব্বাদ কৰিলে?
১৪ অৱশেষত এদিন ঘৰত যোচেফৰ বাহিৰে আন কোনো ব্যক্তি নথকাৰ সময়ত ছেগ বুজি পোটীফৰৰ পত্নীয়ে যোচেফৰ কাপোৰত ধৰি কাকূটি কৰি এইদৰে কʼলে: “মোৰ লগত শোৱাহি!” কিন্তু কোনো পলম নকৰাকৈ যোচেফে তাৰ পৰা আঁতৰি গʼল। যোচেফৰ এই অস্বীকাৰত তাই মানসিকৰূপে আঘাত পালে আৰু পাছলৈ তাইক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ দিলে। ইয়াৰ পৰিণাম কি হʼল? যোচেফে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰখাৰ বাবে যিহোৱাই তেওঁক তৎক্ষণাতে পুৰস্কৃত কৰিলেনে? অৱশ্যে তেওঁ তৎক্ষণাত ঈশ্বৰৰ পুৰস্কাৰ নাপালে। কিন্তু ইয়াৰ পৰিৱৰ্তে পোটীফৰে তেওঁৰ স্ত্ৰীয়ে দিয়া সেই মিছা অভিযোগক সঁচা বুলি ভাবি যোচেফক শিকলিৰে বান্ধি বন্দীশালত ৰাখিলে। (আদিপুস্তক ৩৯:১২-২০; গীতমালা ১০৫:১৮) অৱশ্যেই যিহোৱাই যোচেফৰ ওপৰত হোৱা সকলোবোৰ অন্যায় দেখিছিল আৰু পাছলৈ তেওঁ নিজৰ নিৰ্ধাৰিত সময়ৰ অনুসাৰে যোচেফক বন্দীশালৰ পৰা মুকলি কৰি ৰাজ-প্ৰাসাদলৈ উচ্চ পদ দিলে। এইদৰে তেওঁ মিচৰৰ এজন দ্বিতীয় শক্তিশালী ব্যক্তি হিচাপে পৰিচিত হৈ পৰিল। ইয়াৰ ওপৰিও যিহোৱাই তেওঁক এগৰাকী সুন্দৰ পত্নী আৰু সন্তানেৰে সৈতে আশীৰ্ব্বাদ কৰিলে। ঈশ্বৰৰ এনে ধাৰ্ম্মিক নৈতিক শিক্ষাৰ অনুসাৰে চলি যোচেফে কিযে এক মহান আশীৰ্ব্বাদ লাভ কৰিব পাৰিলে! (আদিপুস্তক ৪১:১৪, ১৫, ৩৯-৪৫, ৫০-৫২) গতিকে যোচেফে নিষ্ঠা বজাই ৰখাৰ এই উত্তম আৰ্হিৰ বিৱৰণিক ৩, ৫০০ বছৰৰ আগতে লিপিবদ্ধ কৰি থলে যাতে আন উপাসকসকলে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰখাত সহায় লাভ কৰিব পাৰে। ঠিক যোচেফৰ দৰে আমি নৈতিকতাৰ প্ৰতি নিষ্ঠা বজাই ৰখাৰ বাবে লগে-লগে লাভসমূহ নাপাবও পাৰোঁ, কিন্তু আমি যিহোৱাৰ ওপৰত সম্পূৰ্ণকৈ ভৰসা কৰিব পাৰোঁ যে তেওঁ সকলোবোৰ অন্যায় দেখা পাই আৰু তেওঁ নিজ সময়ৰ অনুসাৰে আমাক নিশ্চয় আশীৰ্ব্বাদ দিব।—২ বংশাৱলি ১৬:৯.
ইয়োবে ‘নিজ চকুৰে সৈতে নিয়ম স্থাপন কৰিলে’
১৫. ইয়োবে কিদৰে ‘চকুৰে সৈতে নিয়ম স্থাপন কৰিছিল’?
১৫ বাইবেলত উল্লেখ কৰা আন এজন নিষ্ঠাবান ব্যক্তি আছিল ইয়োব। চয়তানে যদিও তেওঁৰ ওপৰত নানা তাড়না আনিছিল, কিন্তু ইয়োবে নিজৰ অতীত জীৱনৰ কথা সোঁৱৰণ কৰি তেওঁ হয়তো কেতিয়াবা যিহোৱাই যৌন সম্পৰ্কে দিয়া নৈতিক সিধান্তৰ সৈতে আন আন সিদ্ধান্তসমূহকো অমান্য কৰা বুলি ভাবি নিজেই ইচ্ছাকৃতভাৱে শাস্তি বহন কৰিবলৈ প্ৰস্তুত হৈছিল। সেয়েহে ইয়োবে এইদৰে কৈছিল: “মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?” (ইয়োব ৩১:১) ইয়োবৰ এই কথাষাৰৰ যোগেদি এইটো বুজিব পৰা যায় যে তেওঁ ঈশ্বৰৰ নিষ্ঠা প্ৰতি দৃঢ় নিশ্চিত আছিল আৰু আন তিৰোতালৈ কামাতুৰভাৱে একেথৰে চোৱাৰ পৰা আঁতৰি থাকিবলৈ দৃঢ় সংকল্পবদ্ধ আছিল। নিঃসন্দেহ, তেওঁ নিজৰ জীৱনত বহুতো তিৰোতাক দেখিছিল আৰু আৱশ্যকতা অনুসাৰে তেওঁলোকক সহায়ো কৰিছিল। কিন্তু তেওঁ কেতিয়াও আন স্ত্ৰীক প্ৰেমাসক্ত দৃষ্টিৰে চোৱা নাছিল। তেওঁ চয়তানৰ দ্বাৰা পৰীক্ষিত হোৱাৰ পূৰ্বেই এজন ধনৱান ব্যক্তিৰূপে জনাজাত আছিল। সেইবাবে তেওঁ “পূব দেশৰ লোকবিলাকৰ মাজত সকলোকতকৈ মহান আছিল।” (ইয়োব ১:৩) তেওঁ আন তিৰোতাক আকৰ্ষিত কৰিবলৈ নিজৰ ধন-সম্পত্তিক কেতিয়াও ব্যৱহাৰ কৰা নাছিল। গতিকে, তেওঁৰ অতীত জীৱনত কেতিয়াও আন তিৰোতাৰ সৈতে অবৈধ যৌন সম্পৰ্ক ৰখা নাছিল।
১৬. (ক)বিবাহিত খ্ৰীষ্টানসকলৰ বাবে ইয়োবৰ আৰ্হি কিয় উত্তম? (খ) মলাখী দিনৰ লোকবিলাকে কৰা আচৰণ ইয়োবে কৰা আচৰণতকৈ কেনেকৈ সম্পূৰ্ণ ভিন্ন আছিল আৰু আজিৰ সময়ত কেনেকৈ ইয়াৰ প্ৰয়োগ হয়?
১৬ ইয়োবে কঠিন পৰিস্থিতিৰ মাজতো নৈতিকৰূপে নিষ্ঠা বজাই ৰাখিছিল। সেইবাবে যিহোৱাই এই সকলোবোৰ লক্ষ্য কৰিছিল আৰু পাছলৈ তেওঁক অধিক পৰিমাণে আশীৰ্ব্বাদ প্ৰদান কৰিছিল। (ইয়োব ১:১০; ৪২:১২) নিঃসন্দেহ, যিহোৱাই ইয়োবক অধিক প্ৰেম কৰিছিল! ইয়োবৰ এই উত্তম আৰ্হিয়ে আজিৰ সময়ৰ বৈবাহিক খ্ৰীষ্টান পুৰুষ আৰু স্ত্ৰীক নৈতিকৰূপে নিষ্ঠা বজাই ৰখাত সহায় নকৰেনে বাৰু! ইয়াৰ বিপৰীতে বৰ্তমান সময়ৰ লোকসকলে কৰা আচৰণ মলাখীৰ সময়ত থকা লোকসকলৰ আচৰণৰ সৈতে ঘনিষ্টৰূপে মিল খায়। মলাখী ভৱিষ্যতবক্তাই এইদৰে বৰ্ণনা কৰিছে যে সেই সময়ত বহুতো পুৰুষে আন যুৱতীক বিয়া কৰাৰ উদ্দেশ্যৰে নিজ নিজ বিবাহিতা পত্নীক ত্যাগ কৰিছিল আৰু যিহোৱাৰ বেদী তেনে পৰিত্যক্ত তিৰোতাসকলৰ চকুলোৰে ভৰি পৰিছিল। গতিকে নিজ তিৰোতাক “বিশ্বাস-ঘাতকতা” কৰাৰ বাবে ঈশ্বৰে তেওঁলোকক নিন্দা কৰিছিল।—মলাখী ২:১৩-১৬.
এগৰাকী চৰিত্ৰবান যুবতী তিৰোতা
১৭. চূলম্মীৎ যুৱতীগৰাকীক কেনেকৈ ‘তলা-চাবি মাৰি বন্ধ কৰা উদ্যানৰ’ সৈতে তুলনা কৰিব পাৰি?
১৭ তৃতীয় গৰাকী নিষ্ঠাবান ব্যক্তি হৈছে এগৰাকী চূলম্মীৎ কন্যা। তাই ইমানে সুন্দৰী আছিল যে তাই এই ৰূপত মাত্ৰ এজন মেৰ ৰখীয়া যুৱকেই আকৰ্ষিত হোৱা নাছিল কিন্তু বিশাল সম্পত্তিৰ অধিকাৰী ইস্ৰায়েলৰ ৰজা চলোমনো মুগ্ধ হৈছিল। সেইবাবে চলোমন ৰজাই লিখা পৰমগীতত তেওঁ সুন্দৰ কাহিনীত কৈছিল যে চূলম্মীৎ কন্যা এগৰাকী চৰিত্ৰৱান যুৱতী আছিল আৰু তাইৰ চাৰিওফালে থকা লোকসকলে তাইক সন্মান কৰিছিল। যদিও চলোমনে তাইৰ দ্বাৰা অগ্ৰাহ্য হৈছিল, তথাপিও তাইৰ কাহিনী লিখিবলৈ তেওঁ প্ৰেৰিত হৈছিল। যিজন মেৰ ৰখীয়া যুৱকক তাই ভাল পাইছিল তেৱোঁ তাইৰ আদৰ্শৱান চৰিত্ৰৰ বাবে সন্মান কৰিছিল। এসময়ত তেওঁ আচৰিত হৈ কৈছিল যে চূলম্মীৎ কন্যাক এনে এক উদ্যানৰ সৈতে তুলনা কৰি পাৰি যাক “তলা-চাবি মাৰি বন্ধ কৰা উদ্যান” বুলি কোৱা হয়। (পৰমগীত ৪:১২) প্ৰাচীন ইস্ৰায়েলত, বিভিন্ন প্ৰকাৰৰ ফল, সুগন্ধি থকা ফুল আৰু ডাঙৰ-ডাঙৰ গছ-গছনিৰে ভৰি থকা বহুতো সুন্দৰ উদ্যান আছিল। এনেবোৰ বাগিছাৰ চাৰিওফালে ডাঠ জোপোহা গছ ৰুই দিয়া হৈছিল বা দেৱাল বন্ধা হৈছিল যাতে মাত্ৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰাৰ বাহিৰে আন কোনো পথ নাছিল আৰু সেই দুৱাৰখনতো তলা লগাই বন্ধ কৰি থোৱা হৈছিল। (যিচয়া ৫:৫) গতিকে সেই মেৰ ৰখীয়াজনৰ বাবে চূলম্মীৎ কন্যাৰ নৈতিক চৰিত্ৰ সেই সুন্দৰ বাগিছাৰ দৰে শুদ্ধ আৰু মনোৰম আছিল। সেয়েহে তাই সম্পূৰ্ণকৈ নিৰ্ম্মল আছিল। তাই নিজৰ প্ৰেম ভৱিষ্যতে হʼবলগীয়া স্বামীৰ বাবেহে সাঁচি থৈছিল।
১৮. যোচেফ, ইয়োব আৰু চূলম্মীৎ যুৱতী গৰাকীৰ বিৱৰণিয়ে আমাক কি স্মৰণ কৰায়?
১৮ বৰ্তমান সময়ৰ খ্ৰীষ্টান তিৰোতা সকলৰ বাবে চূলম্মীৎ যুৱতী গৰাকীয়ে নৈতিক নিষ্ঠা বজাই ৰখাৰ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। সেই চূলম্মীৎ কন্যাৰ নৈতিক শুদ্ধতাক যিহোৱাই দৃষ্টি কৰিছিল আৰু সেইবাবে যিহোৱাই যোচেফ আৰু ইয়োবৰ দৰে তাইকো আশীৰ্ব্বাদ কৰিছিল। যিহোৱাই তেওঁৰ বাক্য অৰ্থাৎ বাইবেলত তেওঁলোকৰ এই উত্তম নিষ্ঠাবানৰ আৰ্হিক এইকাৰণে লিপিবদ্ধ কৰাই থলে, যাতে এই আৰ্হিবোৰ আমাৰ বাবে পথ-প্ৰদৰ্শক হয়। যিহেতু যদিও আজিৰ সময়ত আমাৰ নৈতিক নিষ্ঠাৱানৰ বিৱৰণিক বাইবেলত লিপিবদ্ধ কৰি ৰখা নহয়, কিন্তু যিসকলে যিহোৱাৰ ইচ্ছামতে চলিবলৈ বিচাৰে তেওঁলোকৰ নাম যিহোৱাই এখন “স্মৰণাৰ্থক পুথিত” লিখি ৰাখিছে। সেইবাবে আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় যে যিহোৱাই আমালৈ “কাণ পাতি” শুনে আৰু যেতিয়া আমি নৈতিকৰূপে শুদ্ধ আচৰণ কৰিবলৈ চেষ্টা কৰোঁ সেই সময়ত তেওঁ আনন্দিত হয়।—মলাখী ৩:১৬.
১৯. (ক)নৈতিক শুদ্ধতাৰ প্ৰতি আমি কেনে দৃষ্টিভঙ্গী ৰখা উচিত? (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৯ যিসকলে এই নৈতিক সিদ্ধান্তবোৰক বিশ্বাস নকৰে তেওঁলোকে হয়তো নিন্দাৰ পাত্ৰ হʼব পাৰে, কিন্তু আমি আমাৰ মৰমীয়াল সৃষ্টিকৰ্ত্তাৰ প্ৰতি আজ্ঞাধীন হৈ আনন্দিত হওঁ। কিয়নো আমাৰ ওচৰত এক ঈশ্বৰীয় উচ্চ নৈতিকতা আছে। ই এনে এটা গুণ যিয়ে আমালৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। এক শুদ্ধ নৈতিক চৰিত্ৰক বজাই ৰখাৰ যোগেদি আমি ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰিম আৰু ভৱিষ্যতে চিৰকালৰ বাবে ৰখা উজ্জ্বল আশাক অটুট ৰাখিব পাৰিম। ব্যৱহাৰিক অৰ্থত কʼবলৈ গʼলে, নৈতিকৰূপে শুদ্ধতাত থাকিবলৈ হʼলে আমি কি কৰিব পাৰোঁ? পৰৱৰ্তী লেখত এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰা হʼব।
[ফুটনোটবোৰ]
^ মাৰ্চ ১৫, ১৯৮৩, প্ৰহৰীদুৰ্গ, ২৯-৩১ পৃষ্ঠা চাওঁক।
^ দুখৰ কথা এই যে কিছুমান নিৰ্দোষী খ্ৰীষ্টান ভাই-ভনীয়ে সত্যক বিশ্বাস নকৰা নিজ সঙ্গীৰ পৰা বিভিন্ন প্ৰকাৰৰ যৌন ৰোগত বলি হʼবলগীয়া হৈছে।
আপুনি বৰ্ণনা কৰিব পাৰিবনে?
•যৌন সমন্ধৰ বিষয়ে বাইবেলে কি শিক্ষা দিয়ে?
•বাইবেলত উল্লেখ কৰা ‘ব্যভিচাৰত’ কি কি কাৰ্য্য সন্মিলিত আছে?
•নৈতিক শুদ্ধতা বজাই ৰখাৰ দ্বাৰাই আমি কেনেকৈ লাভবান হʼব পাৰোঁ?
•যোচেফ, ইয়োব আৰু চূলম্মীৎ কন্যাই আজি খ্ৰীষ্টানসকলৰ বাবে কেনেকৈ এক উত্তম আৰ্হি ৰাখিলে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
যোচেফে অনৈতিক কাৰ্য্য পৰা পলায়ন কৰিছিল
[১০ পৃষ্ঠাৰ ছবি]
চূলম্মীৎ যুৱতী “তলা-চাবি মাৰি বন্ধ কৰা উদ্যান” দৰে আছিল
[১১ পৃষ্ঠাৰ ছবি]
ইয়োবে ‘নিজৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলে’