বাইবেলত দিয়া নৈতিক শিক্ষাসমূহ উত্তম নে?
বাইবেলত দিয়া নৈতিক শিক্ষাসমূহ উত্তম নে?
জাৰ্মানীৰ এজন অভিজ্ঞতা থকা লিখকে টিভি কাৰ্য্যক্ৰমত এইদৰে কৈছিল: “আজিৰ সমাজত এনে এক নৈতিক শিক্ষাৰ অতি আৱশ্যক হৈ পৰিছে, যিয়ে সকলোকে মাত্ৰ নিৰাপত্তাই নহয় কিন্তু পথ-প্ৰদৰ্শনো দিয়ে।” বাস্তৱতে তেওঁ কোৱা কথাষাৰ কিমান যে সঁচা আছিল! মানৱ সমাজক স্থিৰ আৰু আনন্দময় কৰিবলৈ হʼলে এক শক্তিশালী নৈতিক শিক্ষাৰ ভেঁটি স্থাপন কৰা আৱশ্যক, যʼত সকলোৱে ভাল বা বেয়া আদি বিষয়ে জানিব পাৰে। কিন্তু প্ৰশ্ন হৈছে: সমাজ আৰু ইয়াৰ লোকসকলক কোনে নৈতিক সিধান্তৰ উত্তম শিক্ষা দিব পাৰে?
একমাত্ৰ ঈশ্বৰৰ বাক্য বাইবেলেহে সেই শিক্ষা দিব পাৰে। যদি সকলোৱে বাইবেলত দিয়া নৈতিক সিধান্তৰ শিক্ষাবোৰক পালন কৰে তেনেহʼলে তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰিব। সেইবাবে, যেতিয়া প্ৰত্যেক ব্যক্তিয়ে বাইবেলৰ সিধান্তৰ অনুসাৰে চলিব তেতিয়া সমাজত সুনাম আৰ্জন কৰি আনন্দেৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। কিন্তু তেওঁলোকে কেনেকৈ কৰিব পাৰে? গতিকে আঁহক বাইবেলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে কি কৈছে সেই বিষয়ে পৰীক্ষা কৰোঁহঁক। ইয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ ভূমিকা হৈছে, বিবাহিত দম্পতীয়ে ইজনে সিজনৰ প্ৰতি বিশ্বাসী হোৱা আৰু দ্বিতীয়টো হৈছে দৈনন্দিন জীৱনত ন্যায়পৰায়ণতা বজাই ৰাখা।
যি কোনো অৱস্থাতে নিজ সঙ্গীক ত্যাগ কৰা উচিত নহয়
আমাৰ সৃষ্টিকৰ্ত্তাই আদমক নিৰ্ম্মাণ কৰাৰ পাছত তেওঁৰ সঙ্গিনী হৱাক সৃষ্টি কৰিলে। তেওঁলোকৰ বিবাহ পৃথিৱীত মানৱ সমাজৰ সকলোতকৈ প্ৰথম বিবাহ আছিল। এই সম্বন্ধ তেওঁলোকৰ বাবে এক চিৰকলীয়া বন্ধন আছিল। গতিকে ঈশ্বৰে তেওঁলোকক কʼলে: “এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত আদিপুস্তক ১:২৭, ২৮; ২:২৪; মথি ৫:২৭-৩০; ১৯:৫.
হব।” আদম আৰু হৱাৰ বিয়াৰ প্ৰায় ৪, ০০০ বছৰৰ পাছতো যীচুৱে বিবাহৰ বিষয়ে নিজৰ শিষ্যসকলক সেই একেই নিয়মটিক সোঁৱৰাই দিছিল। তেওঁ এইদৰেও কৈছিল, নিজৰ সঙ্গীৰ বাহিৰে অন্য কোনো তিৰোতা বা পুৰুষৰ সৈতে যৌন সমন্ধ ৰখাটো এক অত্যন্ত গম্ভীৰ পাপ।—গতিকে বাইবেলৰ অনুসাৰে বৈবাহিক জীৱন সুখী কৰাৰ দুটা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰথমটো হৈছে স্বামী-স্ত্ৰীয়ে ইজনে-সিজনক প্ৰেম কৰা আৰু দ্বিতীয়তে তেওঁলোকে ইজনে-সিজনে সন্মান কৰা। যিহেতু স্বামী হৈছে ঘৰখনৰ মূখীয়াল, সেইবাবে তেওঁ নিজৰ স্ত্ৰীক নিস্বাৰ্থভাৱে প্ৰেম কৰা আৰু তাইৰ সকলো কথাৰ প্ৰতি ইচ্ছুক হোৱা উচিত। ইয়াৰ উপৰিও স্বামীয়ে স্ত্ৰীৰ সৈতে “জ্ঞানমতে” সহবাস কৰা আৱশ্যক আৰু তাইৰ সৈতে “তিতা” ব্যৱহাৰ কৰা উচিত নহয়। ঠিক একেইদৰে, স্ত্ৰীয়েও নিজৰ “স্বামীৰ বশীভূত হোৱা” উচিত। যদি উভয়ে এই সিধান্তক পালন কৰে, তেনেহʼলে বিবাহিত জীৱনত অহা যিকোনো সমস্যাৰ সন্মূখীন হʼব পাৰিব। এনে সিধান্তবোৰক পালন কৰা স্বামী-স্ত্ৰীয়ে কেতিয়াও ইজনে-সিজনৰ সঙ্গ ত্যাগ কৰিবলৈ নিবিচাৰিব।—১ পিতৰ ৩:১-৭; কলচীয়া ৩:১৮, ১৯; ইফিচীয়া ৫:২২-৩৩.
নিজ সঙ্গীক ত্যাগ নকৰিবলৈ কোৱা বাইবেলৰ সিধান্তক পালন কৰি বৈবাহিক জীৱন সুখী কৰিব পাৰেনে? আঁহক আমি জাৰ্মানীৰ এক নিৰীক্ষণত প্ৰকাশ কৰা পৰিণামৰ ওপৰত মনোযোগ দিওঁহঁক। সেই পৰিণামৰ অনুসাৰে কিছুমান লোকক সোধা হৈছিল যে সুখী বিবাহৰ বাবে কোনটো বিষয় সকলোতকৈ গুৰুত্বপূৰ্ণ? বেছিভাগ লোকেই উত্তৰ দি এইদৰে কৈছিল যে এক সুখী বিবাহ গঢ়ি তুলিবলৈ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ইজনে-সিজনৰ প্ৰতি বিশ্বাসী হোৱা। আপুনি এই কথাত সন্মত নহʼবনে?
যেতিয়া কোনো সমস্যা উৎপন্ন হয় তেতিয়া কি কৰা আৱশ্যক?
কিন্তু, যদি স্বামী-স্ত্ৰীৰ মাজত কোনো কাৰণৰ বাবে অধিক তৰ্ক-বিতৰ্ক হয় তেন্তে কি কৰিব পৰা যায়? যদি বিবাহ দম্পতীৰ মাজত থকা প্ৰেম চেঁচা হৈ পৰে তেতিয়া কি কৰিব পৰা যায়? এনেধৰণৰ পৰিস্থিতিসমূহে বৈবাহিক জীৱন ধ্বংস নকৰে নে? বা এনে পৰিস্থিতিসমূহতো বাইবেলত উল্লেখ কৰা স্বামী স্ত্ৰীয়ে একেলগে থকা পৰামৰ্শক পালন কৰাটো উচিত নহবনে?
ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰাই বাইবেলৰ লিখকসকলেও জানিছিল যে মানৱজাতি অসিদ্ধ হোৱাৰ বাবে সকলো বিবাহিত দম্পতীৰ মাজত বিভিন্ন সমস্যাৰ উৎপন্ন হʼব পাৰে। (১ কৰিন্থীয়া ৭:২৮) তথাপিও, যিসকল স্বামী-স্ত্ৰীয়ে বাইবেলৰ সিধান্তৰ অনুসাৰে চলে, তেওঁলোকে ইজনে সিজনৰ ভুলবোৰক ক্ষমা কৰি সমস্যাবোৰক সমাধান কৰিবলৈ চেষ্টা কৰে। আনহাতে, যদি এজন খ্ৰীষ্টান দম্পতীৰ সঙ্গীয়ে ব্যভিচাৰ কৰে বা শাৰীৰিকভাৱে অত্যাচাৰ কৰে, তেন্তে তেনে ক্ষেত্ৰত ইজনে-সিজনৰ পৰা পৃথক বা বিবাহ-বিচ্ছেদ হোৱাৰ বিষয়ে বিবেচনা কৰিব পাৰে। (মথি ৫:৩২; ১৯:৯) কিন্তু কোনো গম্ভীৰ কাৰণ নোহোৱাকৈ বা আন কাৰোবাৰ সৈতে বিবাহ কৰা উদ্দেশ্যৰে বিবাহ-বিচ্ছেদ কৰাৰ অৰ্থ এই যে তেওঁ বা তাই হৈছে স্বাৰ্থপৰ ব্যক্তি। তেনে ব্যক্তিসকলে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ইমানে অন্ধ হৈ পৰে যে আন সঙ্গীৰ প্ৰতি কোনো চিন্তা নকৰে। এইধৰণৰ পদক্ষেপ লোৱা ব্যক্তিয়ে জীৱনত কেতিয়াও সুখ-শান্তিৰে জীৱন-যাপন কৰিব নোৱাৰে। আঁহক ইয়াৰে এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰোঁহঁক।
পিতৰ নামৰ এজন ব্যক্তিয়ে এইদৰে কৈছিল যে বৈবাহিক জীৱনত থকা আনন্দক ক্ৰমান্বয়ে হেৰুৱাই পেলোৱাৰ বাবে নিজ স্ত্ৰীক ত্যাগ কৰিছে। * তাৰ পাছত তেওঁ মনিকা নামৰ বিবাহ-বিচ্ছেদ হোৱা আন এগৰাকী তিৰোতাৰ সৈতে থাকিবলৈ ললে। ইয়াৰ পৰিণাম কি হʼল? কিন্তু মাত্ৰ কিছু মাহৰ পাছতে পিতৰে বুজিব পাৰিলে যে মনিকাৰ সৈতে একেলগে থকাটো “সিমান সহজ নহয় যিমান মই ভাৱিছিলোঁ।” কিয় সহজ নাছিল? কিয়নো আগৰ গৰাকীৰ দৰে সেই একে দুৰ্ব্বলতাবোৰ মনিকাৰ ক্ষেত্ৰতো দেখা দিব ধৰিলে। গতিকে নভৱা-নিচিন্তাকৈ আৰু নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ লোৱা নিৰ্ণয়ৰ বাবে তেওঁ গভীৰভাৱে আৰ্থিক সমস্যাৰ সন্মূখীন হʼল, যাৰ বাবে তেওঁৰ পৰিস্থিতি অধিক বেয়ালৈ ঢাল খালে। ইয়াৰ ওপৰিও, মনিকাৰ লʼৰা-ছোৱালীয়ে নিজৰ পৰিয়ালত হঠাতে অহা এই পৰিৱৰ্ত্তনক সহন কৰিব নোৱাৰি মানসিকভাৱে ভাঙি পৰিল।
এই অনুভৱৰ পৰা এইটো জানিব পৰা গʼল যে যেতিয়া বৈবাহিক জীৱনৰ নাওঁ সমস্যাৰূপী ধুমুহাৰ সাগৰত ডুবিব ধৰে তেতিয়া নাওঁখন ত্যাগ দিলে ধুমুহাৰ পৰা ৰক্ষা পোৱা নাযায়। তাৰ বিপৰীতে, এনে সমস্যাৰূপী ধুমুহাৰ পৰা ৰক্ষা পাবলৈ যদি ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ সিধান্তসমূহক পালন কৰা হয়, তেনেহʼলে আমাৰ বৈবাহিক জীৱনৰ নাওঁখন কেতিয়াও ডুব নাযাব আৰু এক সুখী বৈবাহিক জীৱন গঢ়ি উঠিব। ই কেনেকৈ হʼব? আঁহক এই ক্ষেত্ৰত এহাল দম্পতীৰ কথা বিবেচনা কৰোঁহঁক।
থমাচ নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিয়া হোৱা ৩০ বছৰৰ পাছত অধিক মাত্ৰাত মদ্যপান কৰিব ধৰে। ইয়াকে দেখি তেওঁৰ পত্নী ডʼৰেচে বহু হতাশ হৈ পৰিল আৰু দুয়োজনে বিবাহ-বিচ্ছেদ হʼবলৈ বিবেচনা কৰিবলৈ ধৰে। ঠিক সেই সময়ত ডʼৰেচে এগৰাকী যিহোৱাৰ সাক্ষী ভনীক লগ পাই আৰু নিজৰ পৰিস্থিতিৰ বিষয়ে সকলোবোৰ ভাঙি-পাতি কয়। সেই ভনী গৰাকীয়ে ডʼৰেচক বাইবেলৰ পৰা বিবাহৰ বিষয়ে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও ভনী গৰাকীয়ে তাইক উৎসাহিত কৰি কʼলে যে খৰ-খেদাকৈ নিজ স্বামীৰ পৰা পৃথক হোৱা নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে, তাই আৰু তাইৰ স্বামীয়ে একেলগে বহি শান্ত মনেৰে নিজৰ
সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰা আৱশ্যক। ডʼৰেচে সেই ভনী গৰাকীয়ে কোৱা ধৰণে কাৰ্য্য কৰিলে। কিছু মাহৰ ভিতৰতে দুয়োজনে বিবাহ-বিচ্ছেদৰ বিষয়ে ভাবিবলৈ এৰিলে আৰু পাছলৈ থমাচ আৰু ডʼৰেচে মিলি-জুলি নিজৰ সমস্যাবোৰক সমাধান কৰাত লাগিল। বাস্তৱতে তেওঁলোকে বাইবেলৰ উপদেশক পালন কৰাৰ বাবেহে নিজৰ বৈবাহিক সমন্ধক অটুট কৰি তোলাত সক্ষম হʼল আৰু সমস্যাবোৰকো সমাধান কৰিব পাৰিলে।সকলো ক্ষেত্ৰতে ন্যায়পৰায়ণতা হোৱা
স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ প্ৰতি নিষ্ঠাৱান হʼবলৈ তেওঁলোকে ভাল চৰিত্ৰ আৰু প্ৰেমৰ সিধান্তসমূহৰ অনুসাৰে জীৱন-যাপন কৰা আৱশ্যক। ঠিক একেইদৰে এই ভ্ৰষ্টাচাৰ জগতত ন্যায়পৰায়ণতা বজাই ৰাখিবলৈ আপোনাক সেই একেই গুণবোৰৰ আৱশ্যক। বাইবেলে ন্যায়পৰায়ণতাৰ বিষয়ে বহু কিছু পৰামৰ্শ দিছে। সেইবাবে পাঁচনি পৌলে প্ৰথম শতাব্দীৰ যিহুদী খ্ৰীষ্টানসকললৈ লিখিছিল: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।” (ইব্ৰী ১৩:১৮) পৌলে কোৱা এই কথাষাৰৰ অৰ্থ কি?
ইয়াৰ অৰ্থ এই যে এজন ন্যায়পৰায়ণ ব্যক্তিয়ে কেতিয়াও মিছা কথা নকয় আৰু আনক ছল নকৰে। সকলো সময়তে আনৰ সৈতে সদ আচৰণ কৰে। ইয়াৰ উপৰিও তেওঁ স্পষ্টবাদী আৰু আনক সন্মান কৰে। তেনে ব্যক্তি হৈছে ভৰসাৰ যোগ্য আৰু তেওঁ সঙ্গী মানুহক কোনো প্ৰকাৰে প্ৰবঞ্চনা নকৰে। গতিকে এজন ন্যায়পৰায়ণ ব্যক্তিয়ে ভৰসাশীল হোৱাৰ বাবে সকলোৰে সৈতে এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে।
বাস্তৱতে ন্যায়পৰায়ণ ব্যক্তিসকল সুখীনে? তেওঁলোক নিশ্চয় সুখী, কিয়নো তেওঁলোকৰ ওচৰত সুখী হোৱাৰ বহুতো কাৰণ আছে। সেইবাবে চাৰিওফালে বিয়পি থকা ভ্ৰষ্টাচাৰ আৰু প্ৰৱঞ্চনা কৰা লোকসকলৰ মাজত থকা স্বত্বেও, আনলোকে এনে ন্যায়পৰায়ণ ব্যক্তিসকলক সন্মান কৰে। যুৱকসকলৰ ওপৰত কৰা এক নিৰীক্ষণৰ যোগেদি জানিব পৰা গৈছে যে ৭০ শতাংশ যুৱকে ন্যায়পৰায়ণতাক আদৰ কৰে। গতিকে আমাৰ যিমানেই বয়স নহওঁক কিয়, আমি বিচাৰোঁ যে আমাৰ সৈতে বন্ধুত্ব কৰা সকলোৱে যেন ন্যায়পৰায়ণ ব্যক্তি হয়।
এই ক্ষেত্ৰত এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক। ক্ৰিস্টীন নাম এজনী ছোৱালীয়ে ১২ বছৰ বয়সৰ পৰাই চুৰ কৰিবলৈ শিকিছিল। এই কাৰ্য্যত অভিজ্ঞতা হোৱাৰ বাবে তাই সহজে আনৰ জেপ-লোৰোকিব পাৰিছিল। তাই এইদৰে কৈছিল: “এবাৰ মই ঘৰলৈ প্ৰায় ৯৯০০০ টকা লৈ আহিছিলোঁ।” ইয়াৰ ফলস্বৰূপে তাইক কেইবা বাৰো পুলিচে গ্ৰেপ্তাৰ কৰিছিল আৰু সদায়ে তাই কৰা তেনে কাৰ্য্যৰ বাবে পুলিচৰ হাতত ধৰা পৰাৰ বাবে ভয় আছিল। কিন্তু এবাৰ যেতিয়া যিহোৱাৰ সাক্ষীসকলে তাইক কʼলে যে বাইবেলে ন্যায়পৰায়ণতাৰ বিষয়ে কি কৈছে, তেতিয়াৰ পৰাই ক্ৰিস্টীনে বাইবেলৰ নৈতিক সিধান্তবোৰ প্ৰতি আকৰ্ষিত হʼল। তাই এই আজ্ঞাক পালন কৰিবলৈ শিকিলে: “যি জনে চুৰ কৰে, সি আৰু চুৰ নকৰক।”—ইফিচীয়া ৪:২৭.
ক্ৰিস্টীনে বাপ্তিস্মা লৈ এগৰাকী যিহোৱাৰ সাক্ষী হোৱাৰ পাছত তাইৰ ব্যক্তিত্ব একেবাৰে সলনি হৈ পৰিলে। তাই সকলো কাৰ্য্য বা কথাতে ন্যায়পৰায়ণতাৰে চলিবলৈ চেষ্টা কৰিছিল। কিয়নো যিহোৱাৰ সাক্ষীসকলে ন্যায়পৰায়ণতাক আৰু বাইবেলৰ অন্য গুণবোৰৰ প্ৰতি বহুত গুৰুত্ব দিয়ে। লাউজিট্চ ৰুন্ডচাউ নামৰ বাতৰি কাকতে কৈছে: “ন্যায়পৰায়ণ, সংযম আৰু অন্য লোকক প্ৰেম কৰা দৰে নৈতিক সিধান্তবোৰৰ প্ৰতি যিহোৱা সাক্ষীসকলৰ ধৰ্ম্মত অধিক গুৰুত্ব দিয়া হয়।” পাছলৈ যেতিয়া ক্ৰিস্টীনক সোধা হৈছিল যে তাইৰ নিজৰ জীৱনলৈ অহা এই পৰিৱৰ্তনৰ বিষয়ে কি ভাবে? তাই এইদৰে উত্তৰ দি কৈছিল: “মই এতিয়া বহুত সুখী কিয়নো এতিয়া মই চুৰি নকৰোঁ আৰু সমাজত এক সন্মানিত ব্যক্তি হিচাপে জীৱন-যাপন কৰিব পাৰিছোঁ।”
সমাজৰ সকলোৱে লাভৱান হয়
সাধাৰণতে যিসকল ব্যক্তি নিজৰ সঙ্গীৰ প্ৰতি বিশ্বাসী আৰু ন্যায়পৰায়ণ, তেওঁলোকে মাত্ৰ সুখীয়েই নহয় কিন্তু সমাজতো সন্মানীয় ব্যক্তি হিচাপেও পৰিচিত। সেয়েহে যি কোনো কোম্পানীৰ মালিকে এনে ন্যায়পৰায়ণ কৰ্মচাৰীসকলক চাকৰিত ৰাখিবলৈ ইচ্ছা কৰে। সেইবাবে আমাৰ সকলোৱে এনে প্ৰতিবেশীসকলৰ সৈতে সম্পৰ্ক ৰাখিব বিচাৰোঁ যিসকল ব্যক্তি ভৰসাশীল। ইয়াৰ ওপৰিও আমি এনে দোকানবোৰৰ পৰা বস্তু কিনিব বিচাৰোঁ যিসকল দোকানী ন্যায়পৰায়ণ ব্যক্তি। যিসকল নেতা, পুলিচ, ন্যয়ধীশে ভ্ৰষ্টাচাৰক সমৰ্থন নকৰে আপুনি তেনে ব্যক্তিসকলক আদৰ নকৰেনে? যি সমাজত এনেধৰণৰ লোক থাকে, তেওঁলোকে যি কোনো পৰিস্থিতিতো সদায়ে ন্যায়পৰায়ণতা বজাই ৰাখে।
ইয়াৰ ওপৰিও, যি স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ প্ৰতি বিশ্বাসী হৈ থাকে, দৰাচলতে তেওঁলোকে এক শক্তিশালী পৰিয়ালৰ ভেঁটি গঢ়ি তোলে। এই ক্ষেত্ৰত ইউৰোপ মহাদেশৰ এজন নেতাই এইদৰে কৈছিল: “বৰ্তমান সময়লৈকে এনে [পৰম্পৰাগত] পৰিয়ালহে হৈছে এক শক্তিশালী আশ্ৰয়স্থান, যʼত মানুহে সুখৰে থাকিব পাৰে আৰু সকলোৰে জীৱনত এক উদ্দেশ্য থাকে।” যি পৰিয়ালত শান্তি বিৰাজ কৰে সেই পৰিয়ালৰ সৰু আৰু ডাঙৰ সকলো ব্যক্তিয়ে মানসিকৰূপে সুৰক্ষা পাব পাৰে। এইদৰে যিসকলে নিজৰ সঙ্গীৰ প্ৰতি বিশ্বাসী হৈ থাকে তেওঁলোকে এক স্থিৰ সমাজ গঢ়ি তোলাত সহায় কৰে।
ক্ষন্তেক বিবেচনা কৰক যে যদি স্বামী-স্ত্ৰীয়ে ইজনে-সিজনক ত্যাগ দিয়াৰ পৰিৱৰ্তে একেলগে প্ৰেমেৰে থাকে, বিবাহ-বিচ্ছেদৰ বাবে যদি কোনো আদালত নাথাকে বা সন্তানৰ অভিভাৱকত্ব পাবলৈ কোনো মোকৰ্দ্দমা নাথাকে, তেতিয়া সকলোৰে বাবে কিমান যে লাভদায়ক হʼব। ইয়াৰ উপৰিও যদি কোনো জেপ-লোৰোকা, চুৰ, টকা মাৰা, ভ্ৰষ্টাচাৰী অধিকাৰী বা ছল কৰা বৈজ্ঞানিক নাথাকে তেন্তে জগতখনৰ অৱস্থা কেনেকুৱা হʼব? বাস্তৱতে আপোনাক এইবোৰ সপোন যেন লাগেনে? বাইবেল অধ্যয়ন কৰা আৰু তাত দিয়া ভৱিষ্যতৰ আশাৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ বাবে এইটো কোনো সপোন নহয়। কিয়নো ঈশ্বৰৰ গীতমালা ৩৭:২৯.
বাক্যই প্ৰতিজ্ঞা কৰিছে যে যিহোৱাই মচীহা অৰ্থাৎ যীচুৰ ৰাজ্যৰ দ্বাৰাই অতি সোনকালে পৃথিৱীৰ পৰা সমস্ত মানৱ চৰকাৰক চিৰকালৰ বাবে আঁতৰাই নিজেই শাসন কৰিব। গতিকে, সেই ৰাজ্যৰ সকলোবোৰ প্ৰজাক বাইবেলৰ সিধান্তসমূহ পালন কৰিবলৈ শিকোৱা হʼব। সেই সময়ত, “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—একমাত্ৰ বাইবেলৰ নৈতিক সিধান্তৰ শিক্ষাই হৈছে সকলোতকৈ উত্তম
বাইবেল অধ্যয়ন কৰা লাখ-লাখ লোকে জানিব পাৰিছে যে ইয়াত দিয়া উপদেশৰ আধাৰশিলা হৈছে ঈশ্বৰীয় জ্ঞান, যিটো মানৱ বিচাৰ-ধাৰাতকৈও শ্ৰেষ্ঠ। তেওঁলোকে বাইবেলখনক ভৰসাযোগ্য আৰু বৰ্তমান সময়ত জীৱনৰ পথ প্ৰদৰ্শকৰূপে স্বীকাৰ কৰে। তেওঁলোকে জানে যে যদি ঈশ্বৰৰ বাক্যত দিয়া উপদেশবোৰ পালন কৰে তেনেহʼলে তেওঁলোকে লাভৱান হʼব।
তেনে লোকসকলৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৫, ৬) ঈশ্বৰৰ পথ প্ৰদৰ্শনৰ অনুসাৰে চলি তেওঁলোকে জীৱনৰ সকলোবোৰ বেয়া অভ্যাসক ত্যাগ কৰে আৰু তেওঁলোকে নিজৰ চাৰিওফালে থকা লোকসকলকো তেওঁলোকৰ পৰা লাভৱান হয়। ইয়াৰ ওপৰিও, তেওঁলোকে বিশ্বাস কৰে যে ‘ভৱিষ্যতে’ সকলো ব্যক্তিয়ে বাইবেলৰ সিধান্তৰ শিক্ষা অনুসাৰে জীৱন-যাপন কৰিব।—১ তীমথিয় ৪:৮.
[ফুটনোট]
^ ইয়াত আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।
[৫ পৃষ্ঠাৰ ব্লাৰ্ব]
বাইবেলৰ সিধান্তক পালন কৰাৰ যোগেদি দম্পতীসকলে নিজ বৈবাহিক জীৱনৰ নাওঁখন সমস্যাৰূপী ধুমুহাৰ সাগৰতো ডুব যাবলৈ এৰি নিদি ধুমুহাক সফলতাৰে অতিক্ৰম কৰে
[৬ পৃষ্ঠাৰ ব্লাৰ্ব]
চাৰিওফালে বিয়পি থকা ভ্ৰষ্টাচাৰৰ স্বত্বেও ন্যায়পৰায়ণতা বজাই ৰখাৰ বাবে তেনে ব্যক্তিসকল সকলোৰে আদৰৰ পাত্ৰ হয়