Skip to content

Skip to table of contents

বৰ্তমান সময়ত ঈশ্বৰৰ প্ৰকৃত পৰিচাৰকসকল কোন?

বৰ্তমান সময়ত ঈশ্বৰৰ প্ৰকৃত পৰিচাৰকসকল কোন?

বৰ্তমান সময়ত ঈশ্বৰৰ প্ৰকৃত পৰিচাৰকসকল কোন?

“আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়; তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবৰ যোগ্য কৰিলে।”২ কৰিন্থীয়া ৩:৫, ৬.

১, ২. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকক কি গুৰুত্বপূৰ্ণ দায়ীত্ব দিয়া হৈছিল, কিন্তু সময় অতিক্ৰম হোৱাৰ লগে-লগে এই কাৰ্য্যক মাত্ৰ কোন বিলাকে কৰিবলৈ দায়ীত্ব ললে?

 প্ৰথম শতাব্দীৰ সকলো খ্ৰীষ্টানক পবিত্ৰ আত্মাৰ দ্বাৰাই অভিষিক্ত কৰা হৈছিল আৰু ইয়াৰ যোগেদি তেওঁলোক নতুন নিয়মৰ পৰিচাৰক হʼল। এতেকে তেওঁলোকৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কৰ্তব্য আছিল। ইয়াৰ উপৰিও তেওঁলোকক অতিৰিক্ত দায়ীত্ব দিয়া হৈছিল, যেনে, তেওঁলোকৰ কিছুমানক মণ্ডলীত শিক্ষাদান কৰা। (১ কৰিন্থীয়া ১২:২৭-২৯; ইফিচীয়া ৪:১১) তেওঁলোকৰ কিছুমান পিতৃ-মাতৃ আছিল, গতিকে তেওঁলোকৰ প্ৰয়োজনীয় কৰ্তব্য হৈছিল নিজ নিজ পৰিয়ালক প্ৰতি-পালন কৰা। (কলচীয়া ৩:১৮-২১) কিন্তু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো সকলো খ্ৰীষ্টানৰ বাবে প্ৰধান কৰ্তব্য আছিল। ইয়াত উল্লেখ কৰা কৰ্তব্য শব্দটোৰ মূল অৰ্থ গ্ৰীক ভাষাৰ খ্ৰীষ্টান শাস্ত্ৰত দিয়া-ক-নিʼযা অৰ্থাৎ সেৱা বা পৰিচাৰক বুলি বৰ্ণনা কৰা হৈছে।—কলচীয়া ৪:১৭.

কিন্তু সময় অতিবাহিত হোৱাৰ লগে-লগে এনে এক শ্ৰেণীৰ লোক সৃষ্টি হʼল, যাক পাদুৰিবৰ্গ বুলি কোৱা হয়। তেওঁলোকে প্ৰচাৰ কাৰ্য্যক মাত্ৰ নিজৰ বাবে সীমিত ৰাখিলে। (পাঁচনিৰ কৰ্ম্ম ২০:৩০) নিজকে খ্ৰীষ্টান বুলি পৰিচয় দিয়া বৃহৎ সংখ্যাৰ লোকসমূহৰ ভিতৰত এই পাদুৰিবৰ্গৰ সংখ্যা কম। সেই বৃহৎ সংখ্যাৰ খ্ৰীষ্টান বুলি পৰিচয় দিয়া লোকবৰ্গক খ্ৰীষ্টান ধৰ্ম্মৰ অনুগামী বুলি কোৱা হয়। এই অনুগামীসকলে ভাবিছিল যে মাত্ৰ পাদুৰিবৰ্গৰ বাবে কিছু দান-দক্ষিণা দিয়া আৰু কিছু দায়ীত্ব পালন কৰাটোৱে তেওঁলোকৰ বাবে যথেষ্ঠ। আচলতে তেওঁলোকৰ বহুতে প্ৰচাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কৰ্তব্য বুলি গণ্য নকৰিছিল।

৩, ৪. (ক)খীষ্টীয়জগতত কেনেকৈ এজন ব্যক্তিক পৰিচাৰক পদত নিয়োগ কৰা হয়? (খ) খ্ৰীষ্টীয়জগতত কেৱল কোনসকলক পৰিচাৰক হিচাপে কাৰ্য্য কৰিবলৈ নিযুক্তি দিয়া হয় আৰু যিহোৱাৰ সাক্ষীসকলৰ মাজত কিয় এনে কৰা নহয়?

পাদুৰিসকলে দাবী কৰে যে তেওঁলোকেই একমাত্ৰ পৰিচাৰক (গ্ৰীক ভাষাত দিয়াকোনোচ্‌ বুলি কোৱা হয়) কাৰ্য্য কৰা উচিত। তেওঁলোকে ইয়াক এটা পদ বুলি জ্ঞাত কৰে আৰু এই পদত মাত্ৰ সেই সকলকহে নিযুক্ত কৰা হয় যিকলে বিশেষ ধৰ্মীয় স্কুলত শিক্ষা গ্ৰহণ কৰে। এই বিষয়ে দ্যা নিউ এনচাইক্লপেডিয়া ব্ৰিটেনিকাই এইদৰে কৈছে: “সাধাৰণতে খ্ৰীষ্টীয়জগতত কোনো এজন ব্যক্তিক বিশেষ বিধি-ব্যৱস্থাৰ শিক্ষা দিয়াৰ পাছতহে এই পদত নিযুক্ত কৰা হয়। ইয়াৰ পাছত তেওঁক প্ৰচাৰ কৰিবলৈ বা খ্ৰীষ্টীয় ধৰ্ম্মৰ সৈতে জড়িত থকা আন আন কাৰ্য্য কৰিবলৈ অধিকাৰ দিয়া হয়।” এনে প্ৰচাৰকসকলক কোনে নিয়োগ কৰে? দ্যা নিউ এনচাইক্লপেড়িযা ব্ৰিটেইনিকাই এই প্ৰশ্নৰ উত্তৰ এইদৰে দিছে: “কিছুমান গীৰ্জাত আজিও এজন বিশ্বপে পাদুৰিসকলক প্ৰায়ে এই পদত নিয়োগ কৰে। আন কিছুমানত, গীৰ্জাৰ প্ৰশাসন বৰ্গক এই পদ দিয়া হয়।”

সেইবাবে খ্ৰীষ্টীয়জগতৰ গীৰ্জাত কিছুমান বাচি লোৱা ব্যক্তিকহে পৰিচাৰক হিচাপে নিয়োগ কৰা হয়। তেওঁলোকে গীৰ্জাত ভাষণৰ দ্বাৰাই প্ৰচাৰ কাৰ্য্য কৰে। ইয়াৰ বিপৰীতে যিহোৱাৰ সাক্ষীসকলে তেনে নকৰে। কিয়নো প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলেও তেনে কৰা নাছিল।

বাস্তৱতে ঈশ্বৰৰ সেৱকসকল কোন?

৫. বাইবেলৰ অনুসাৰে কোনসকলে পৰিচাৰক হিচাপে কাৰ্য্য কৰে?

বাইবেলে কৈছে যে স্বৰ্গতেই হওঁক বা পৃথিৱীতে হওঁক, যিহোৱাৰ সকলো উপাসকক পৰিচাৰক বুলি কোৱা হয়। কিয়নো স্বৰ্গদূতসকলে যীচুক সেৱা শুশ্ৰূষা কৰাৰ বাবে তেওঁলোকক পৰিচাৰক বুলি কোৱা হয়। (মথি ৪:১১; ২৬:৫৩; লূক ২২:৪৩) ইয়াৰ ওপৰিও তেওঁলোকে ‘উদ্ধাৰ পোৱা লোকসকলৰ সেৱা-শুশ্ৰূষা’ কৰে। (ইব্ৰী ১:১৪; মথি ১৮:১০) যীচু নিজেও এজন পৰিচাৰক আছিল। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “মানুহৰ পুত্ৰই সেৱা-শুশ্ৰূষা পাবলৈ নহয়, সেৱা-শুশ্ৰূষা কৰিবলৈ . . . আহিল।” (মথি ২০:২৬; ৰোমীয়া ১৫:৮) সেইবাবে যীচুৰ শিষ্যসকলেও ‘খ্ৰীষ্টৰ খোজৰ অনুগামী হʼল’ অৰ্থাৎ পৰিচাৰক হিচাপে কাৰ্য্য কৰিলে।—১ পিতৰ ২:২১.

৬. সকলো শিষ্যকে পৰিচাৰক হিচাপে কাৰ্য্য কৰিবলৈ যীচুৱে কি আজ্ঞা দিছিল?

যীচুৱে স্বৰ্গলৈ যোৱাৰ কিছু দিনৰ পূৰ্বেই নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, পিতৃ, পুত্ৰ, আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা; আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।” (মথি ২৮:১৯, ২০) যীচুৱে কোৱাৰ দৰে তেওঁৰ অনুগামীসকলে শিষ্য বনোৱা অৰ্থাৎ পৰিচাৰক হিচাপে কাৰ্য্য কৰা আৱশ্যক আছিল। যিসকলে নতুনকৈ শিষ্য হৈছিল, তেওঁলোকেও যীচুৰ সকলো আজ্ঞাক পালন কৰি আনক শিষ্য বনোৱা প্ৰয়োজন আছিল। গতিকে পুৰুষ, স্ত্ৰী, সৰু বা ডাঙৰ, যীচুৰ সকলো শিষ্যই পৰিচাৰক হোৱা আৱশ্যক আছিল।—যোৱেল ২:২৮, ২৯.

৭, ৮. (ক)কোন শাস্ত্ৰীয় পদসমূহে দেখুৱাইছে যে সকলো সত্য খ্ৰীষ্টানসকল পৰিচাৰক? (খ) পৰিচাৰকৰ বাবে নিযুক্তি দিয়া বিষয়ে কোনবোৰ প্ৰশ্ন জাগি উঠিব পাৰে?

ঠিক সেইদৰে, পেন্টাকোষ্ট সা.যু. ৩৩ চনত উপস্থিত থকা যীচুৰ সকলো শিষ্যই একেলগে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ কথা” বিষয়ে আলোচনা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২:১-১১) গতিকে পাঁচনি পৌলে এইদৰে লিখিলে: “ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়।” (ৰোমীয়া ১০:১০) গতিকে পৌলে বাচি লোৱা কিছুমান পাদুৰিকে মাত্ৰ এই কাৰ্য্য কৰিবলৈ কোৱা নাছিল, ইয়াৰ বিপৰীতে ‘ঈশ্বৰৰ প্ৰিয় যিমান আমন্ত্ৰিত পবিত্ৰ লোক ৰোমত আছে, সেই সকলোবিলাকলৈ’ তেওঁ এই কথা কৈছিল। (ৰোমীয়া ১:১, ৬) সেইদৰে, ‘ইফিচত থকা পবিত্ৰ, আৰু খ্ৰীষ্ট্‌ যীচুত বিশ্বাসী লোকবিলাকেও’ নিজে ‘শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰে জোতা ভৰিত পিন্ধিবলৈ আছিল।’ (ইফিচীয়া ১:১; ৬:১৫) তদুপৰি সকলো ইব্ৰীত থকা লোকসকলে ‘নিজৰ আশাক লৰ নোহোৱাকৈ ধৰি থাকিবলৈ’ অৰ্থাৎ একেৰাহে প্ৰচাৰ কাৰ্য্য কৰিবলৈ আছিল।”—ইব্ৰী ১০:২৩.

তথাপি, এজন ব্যক্তিক কেতিয়া পৰিচাৰকৰূপে নিযুক্তি কৰা হয়? বা এইদৰে কব পাৰি যে তেওঁক কেতিয়া পৰিচাৰকৰূপে নিযুক্তি দিয়া হয়? আৰু কোনে তেওঁক নিযুক্তি দিয়ে?

এজন ব্যক্তিক কেতিয়া পৰিচাৰক হিচাপে নিয়োগ কৰা হয়?

৯. যীচুক কেতিয়া পৰিচাৰকৰূপে নিয়োগ কৰা হৈছিল আৰু এই নিয়োগ কোনে কৰিছিল?

এজন ব্যক্তিক কেতিয়া আৰু কোনে পৰিচাৰকৰূপে নিয়োগ কৰিব, এই বিষয়ে জানিবলৈ আঁহক আমি যীচু খ্ৰীষ্টৰ উদাহৰণক বিবেচনা কৰোঁহঁক। কোনো ব্যক্তিক পৰিচাৰকৰূপে নিয়োগ কৰিবলৈ যীচুৰ ওচৰত চাৰ্টিফিকেট বা বিশেষ ধৰ্ম্মীয়-স্কুলৰ পৰা লাভ কৰা কোনো ডিগ্ৰী নাছিল। তেনেহʼলে আমি কিয় কʼব পাৰোঁ যে তেওঁ সচাঁকৈ এজন পৰিচাৰক আছিল? কিয়নো যীচুৰ ক্ষেত্ৰত যিচয়াই কৰা ভৱিষ্যতবাণী পূৰ্ণ হৈছিল, ভৱিষ্যতবক্তাই এইদৰে কৈছিল: “প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো . . . শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে।” (লূক ৪:১৭-১৯; যিচয়া ৬১:১) এই বাক্যশাৰীৰ পৰা এইটো জানিব পৰা গৈছে যে যীচুক প্ৰচাৰ কাৰ্য্য কৰিবলৈ পৰিচাৰকৰূপে নিযুক্ত দিয়া হৈছিল। কোনে তেওঁক নিয়োগ কৰিছিল? নিঃসন্দেহে যিহোৱাই তেওঁক পৰিচাৰকৰূপে নিয়োগ কৰিছিল, কিয়নো যিহোৱাৰ আত্মাই তেওঁক প্ৰচাৰ কৰিবৰ বাবে অভিষিক্ত কৰিছিল। কেতিয়া তেওঁক নিয়োগ কৰা হৈছিল? যীচুৰ বাপ্তিষ্মাৰ সময়ত যিহোৱাৰ পবিত্ৰ আত্মাৰ দ্বাৰা তেওঁক অভিষিক্ত কৰা হৈছিল। (লূক ৩:২১, ২২) অৰ্থাৎ তেওঁক পৰিচাৰকৰূপে নিয়োগ কৰা হৈছিল।

১০. এজন খ্ৰীষ্টানক কোনে “যোগ্য” পৰিচাৰকৰূপে নিয়োগ কৰে?

১০ তেনেহʼলে যীচুৰ প্ৰথম-শতাব্দীৰ শিষ্যসকলৰ বিষয়ে কি কʼব পৰা যায়? তেওঁলোকক কোনে পৰিচাৰকৰূপে নিয়োগ কৰিছিল? তেওঁলোককো যিহোৱাই পৰিচাৰকৰূপে নিয়োগ কৰিছিল। সেইবাবে পৌলে কৈছিল: “আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়; তেৱেঁই আমাক নতুন নিয়মৰ পৰিচাৰক হবৰ যোগ্য কৰিলে।” (২ কৰিন্থীয়া ৩:৫, ৬) কিন্তু যিহোৱাই নিজৰ উপাসকসকলক যোগ্য পৰিচাৰকৰূপে কেনেকৈ আৰু কেতিয়া নিয়োগ কৰে? ইয়াৰ উত্তৰ আমি তীমথিয়ৰ উদাহৰণৰ পৰা পাওঁ, যাক পৌলে “খ্ৰীষ্টৰ শুভবাৰ্ত্তাত ঈশ্বৰৰ পৰিচাৰক” বুলি কৈছিল।—১ থিচলনীকীয়া ৩:৩.

১১, ১২. তীমথিয়ে পৰিচাৰক হʼবলৈ কেনেধৰণৰ সহায় পাইছিল?

১১ তীমথিয়ক কোৱা বাক্যই আমাক বুজিবলৈ সহায় কৰে যে কেনেদৰে এজন পৰিচাৰকক নিয়োগ কৰা হয়, তেওঁক কোৱা হৈছিল: “কিন্তু তুমি যি যি শিকিলা আৰু যিহৰ প্ৰমাণ পালা, তাতেই থিৰে থাকা; কিয়নো কোনবিলাকৰ পৰা শিকিলা, তাক তুমি জানা। আৰু যি পবিত্ৰ শাস্ত্ৰৰে খ্ৰীষ্ট্‌ যীচুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু-কালৰে পৰা জানি আছা।” (২ তীমথিয় ৩:১৪, ১৫) গতিকে তীমথিয়ৰ ওচৰত ঈশ্বৰৰ বাক্যৰ অধিক জ্ঞান আছিল আৰু ইয়ে তেওঁক শক্তিশালী বিশ্বাসৰ আধাৰশিলা নিৰ্ম্মাণ কৰাত সহায় কৰিছিল যাৰ বাবে তেওঁ প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিবলৈ সক্ষম হৈছিল। এই জ্ঞান আৰ্জন কৰিবলৈ মাত্ৰ বাইবেলখন পঢ়াটোৱে যথেষ্ঠ নাছিলনে? অৱশ্যে নহয়। শাস্ত্ৰৰ বিষয়ে সঠিক জ্ঞান আৰু ইয়াৰ গভীৰতাক বুজি পাবলৈ তীমথিয়ক আৰু অধিক সহায়ৰ আৱশ্যক আছিল। (কলচীয়া ১:৯) তেওঁৰ পিতৃ সত্যত নথকাৰ বাবে তেওঁৰ মাক আৰু আইতাকে “শিশু-কালৰে পৰা” শাস্ত্ৰৰ বিষয়ে শিকাইছিল আৰু এইদৰে তেওঁক ‘থিৰে থাকিবলৈ বিশ্বাস দিছিল’ বা সত্যত বিশ্বাস জন্মাইছিল।—২ তীমথিয় ১:৫.

১২ কিন্তু, পৰিচাৰক হʼবলৈ তীমথিয়ক আৰু বহুতো সহায়ৰ আৱশ্যক আছিল। যিহেতু তেওঁ নিজৰ আশে-পাশে থকা মণ্ডলীবোৰৰ খ্ৰীষ্টান ভাইসকলৰ সৈতে সঙ্গতি কৰি বিশ্বাসত দৃঢ় হৈছিল। এই বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ যে তেওঁ মণ্ডলীবিলাকৰ সৈতে সঙ্গতি কৰিছিল? কিয়নো পৌলে যেতিয়া প্ৰথম বাৰৰ বাবে তীমথিয়ক লগ পাই, সেই সময়ত তীমথিয়ক “লুস্ত্ৰা আৰু ইকনিয় নগৰৰ ভাইবিলাকৰ মাজত সুখ্যাতি পোৱা হৈছিল।” (পাঁচনিৰ কৰ্ম্ম ১৬:২) ইয়াৰ ওপৰিও, যেতিয়া কোনো ভাইয়ে মণ্ডলীক অধিক শক্তিশালী কৰিবৰ অৰ্থে চিঠি লিখে বা তেওঁলোকক উৎসাহিত কৰিবলৈ কোনো প্ৰাচীনে তেওঁলোকক লগ কৰিবলৈ আহে, সেই সময়তো তেওঁ সেই ভাইসকলৰ পৰা লাভ প্ৰাপ্ত কৰি আধ্যাত্মিকৰূপে উন্নতি কৰিছিল।—পাঁচনিৰ কৰ্ম্ম ১৫:২২-৩২; ১ পিতৰ ১:১.

১৩. তীমথিয়ক কেতিয়া পৰিচাৰকৰূপে নিয়োগ কৰা হৈছিল আৰু আমি কেনেকৈ কব পাৰোঁ যে তেওঁ একেৰাহে আধ্যাত্মিকত উন্নতি কৰি থাকিল?

১৩ তীমথিয়ে পৰিচাৰক হʼবলৈ যি সহায় পাইছিল ইয়াৰ দ্বাৰা তেওঁ বিশ্বাসত দৃঢ় হৈছিল আৰু মথি ২৮:১৯, ২০ পদত দিয়া যীচুৰ আজ্ঞাৰ অনুসৰি বাপ্তিষ্মা লʼলে। (মথি ৩:১৫-১৭; ইব্ৰী ১০:৫-৯) বাপ্তিষ্মাৰ যোগেদি তীমথিয়ে দেখুৱালে যে তেওঁ সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰক সমৰ্পণ কৰিলে। বাপ্তিষ্মা লোৱাৰ পাছতহে তীমথিয় এজন পৰিচাৰকৰূপে নিয়োগ হʼল। সেই সময়ৰ পৰাই তেওঁৰ জীৱন, তেওঁৰ শক্তি, তেওঁৰ সকলোবোৰ ঈশ্বৰৰ হʼল। এইটোৱে তেওঁৰ উপাসনা অৰ্থাৎ তেওঁৰ ‘পবিত্ৰ-সেৱাৰ’ এটা আৱশ্যকীয় ভাগ আছিল। কিন্তু, পৰিচাৰক হোৱাৰ পাছত তীমথিয়ে মনে মনে বহি নাথাকিল। তেওঁ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি প্ৰচাৰ কাৰ্য্যত পূৰ্ণ উৎসাহেৰে ভাগ লৈছিল আৰু পৌলৰ দৰে পৰিপক্ক খ্ৰীষ্টানসকলৰ সৈতে সঙ্গতি কৰিছিল। এইদৰে তেওঁ আধ্যাত্মিকৰূপে উন্নতি কৰি আগলৈ গৈ এজন পৰিপক্ক খ্ৰীষ্টান পৰিচাৰক হʼল।—১ তীমথিয় ৪:১৪; ২ তীমথিয় ২:২; ইব্ৰী ৬:১.

১৪. আজিৰ সময়ত “অনন্ত জীৱন পাবলৈ নিৰূপিত” কৰা লোকসকলে পৰিচাৰক হবলৈ কেনেকৈ উন্নতি কৰে?

১৪ পৰিচাৰক হʼবলৈ আজিৰ সময়তো সেই একেই দৰে কৰা আৱশ্যক। যিজন ব্যক্তিক “অনন্ত জীৱন পাবলৈ নিৰূপিত” কৰা হয়, তেওঁ বাইবেল অধ্যয়ন কৰি ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জ্ঞান আৰহণ কৰে। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) তাৰ পাছত তেওঁ বাইবেলৰ সিধান্তৰ অনুসৰি জীৱন-যাপন আৰু হৃদয়েৰে প্ৰাৰ্থনা কৰিবলৈ শিকে। (গীতমালা ১:১-৩; হিতোপদেশ ২:১-৯; ১ থিচলনীকীয়া ৫:১৭, ১৮) তেওঁ সভাবোৰত উপস্থিত হৈ ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰিছিল আৰু “বিশ্বাসী বুদ্ধিমান দাস” দ্বাৰা ব্যৱস্থা কৰা প্ৰৱন্ধবোৰৰ লাভ প্ৰাপ্ত কৰে। (মথি ২৪:৪৫-৪৭; হিতোপদেশ ১৩:২০; ইব্ৰী ১০:২৩-২৫) এইদৰে তেওঁ বাইবেলৰ পৰা পূৰ্ণৰূপে জ্ঞান লৈ উন্নতি কৰিছিল।

১৫. এজন ব্যক্তিয়ে বাপ্তিষ্মা লোৱাৰ পাছত কি কি কাৰ্য্য সম্পন্ন কৰে? (ফোটনোটো চাওঁক।)

১৫ ইয়াৰ ওপৰিও তেওঁলোকে যিহোৱা ঈশ্বৰক প্ৰেম কৰে আৰু যীচুৱে দিয়া মুক্তিপণৰূপী বলিদানক বিশ্বাস কৰি নিজকে ঈশ্বৰলৈ সমৰ্পিত কৰিবলৈ বিচাৰে। (যোহন ১৪:১) সেয়েহে তেওঁ প্ৰাৰ্থনাৰ যোগদি নিজকে সমৰ্পণ কৰি আৰু সকলোৰ আগত এই সমৰ্পণক প্ৰকাশ কৰিবলৈ বাপ্তিষ্মা লৈছিল। তেওঁৰ বাপ্তিষ্মাৰ সময়ত তেওঁ ঈশ্বৰৰ পৰিচাৰক অৰ্থাৎ গ্ৰীক ভাষাত দিয়াকোনোচ্‌ হিচাপে নিয়োগ হয়। তেতিয়াৰ পৰা তেওঁ এই জগতৰ সৈতে কোনো সমন্ধ নাৰাখে। (যোহন ১৭:১৬; যাকোব ৪:৪) তেওঁ বিনা কোনো স্বৰ্ত্তৰে ‘নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰে।’ (ৰোমীয়া ১২:১) * তেওঁ যীচুৰ দৰে ঈশ্বৰৰ দ্বাৰা নিয়োগ কৰা পৰিচাৰক হয়।

খ্ৰীষ্টান সেৱকসকলে কেনে সেৱা আগবঢ়ায়?

১৬. তীমথিয়ে পৰিচাৰক হোৱাৰ পাছত কি ৰাজহুৱা-সেৱা কাৰ্য্য কৰিছিল?

১৬ তীমথিয়ে পৰিচাৰকৰূপে নিয়োগ হৈ কি সেৱা কাৰ্য্য সম্পন্ন কৰিছিল? তেওঁ পৌলৰ সৈতে বিভিন্ন মণ্ডলীবোৰত ভাইসকলৰ সৈতে সঙ্গতি কৰিছিল আৰু ইয়াৰ দ্বাৰা এইটো জানিব পাৰি যে ইয়াৰ বাবে তেওঁ বিশেষ দায়ীত্ববোৰ পাইছিল। যেতিয়া তেওঁক এজন প্ৰাচীন পদত নিযুক্ত কৰা হয়, তেতিয়া তেওঁ অন্য খ্ৰীষ্টান ভাইসকলক শিকাবলৈ আৰু বিশ্বাসত দৃঢ় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। কিন্তু যীচু আৰু পৌলৰ দৰে তেওঁৰ বিশেষ আৰু মূল্যবান ৰাজহুৱা-সেৱা আছিল শুভৱাৰ্ত্তা প্ৰচাৰ কৰা আৰু শিষ্য বনোৱা। (মথি ৪:২৩; ১ কৰিন্থীয়া ৩:৫) গতিকে পৌলে তীমথিক কৈছিল: ‘তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা, তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।’—২ তীমথিয় ৪:৫.

১৭, ১৮. (ক)খ্ৰীষ্টান পৰিচাৰকসকলে কেনেধৰণৰ ৰাজহুৱা-সেৱা কাৰ্য্যত ভাগ লয়? (খ) খ্ৰীষ্টান পৰিচাৰকৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কৰা কিয় এক গুৰুত্বপূৰ্ণ কাৰ্য্য?

১৭ বৰ্তমান সময়তো খ্ৰীষ্টান পৰিচাৰকসকলে একেইদৰে ৰাজহুৱা-সেৱা কৰা আৱশ্যক। তেওঁলোকে শুভবাৰ্ত্তা প্ৰচাৰ কৰি নম্ৰ লোকসকলক কোৱা উচিত যে যীচুৱেই মাত্ৰ নিজৰ বলিদানৰ যোগেদি আমাক উদ্ধাৰ কৰিব পাৰে। এতেকে উদ্ধাৰ পাবলৈ তেওঁলোকে যিহোৱাৰ নাম লবলৈ শিকা উচিত। (পাঁচনিৰ কৰ্ম্ম ২:২১; ৪:১০-১২; ৰোমীয়া ১০:১৩) তেওঁলোকে প্ৰচাৰ কাৰ্য্যৰ দ্বাৰা সকলো ব্যক্তিকে বাইবেলত উল্লেখ কৰা প্ৰমাণবোৰ দেখুৱাই কয় যে মানৱজাতিৰ সমস্যাবিলাকৰ সামধান কোনো মানুহে নহয় কিন্তু একমাত্ৰ ঈশ্বৰৰ ৰাজ্যইহে কৰিব পাৰিব। তেওঁলোকে এইটোও কয় যে যদি লোকসকলে বৰ্তমান সময়ত ঈশ্বৰৰ সিধান্তৰ অনুসাৰে চলে তেনেহʼলে তেওঁলোকে এতিয়াও আনন্দ লাভ কৰিব পাৰিব। (গীতমালা ১৫:১-৫; মাৰ্ক ১৩:১০) কিন্তু তেওঁলোকে কোৱা কথাৰ এইটো অৰ্থ নহয় যে বাইবেলৰ সিধান্তৰ অনুসৰি চলিলে জগতৰ সকলোবোৰ সমস্যাৰ সামধান হʼব। তাৰ বিপৰীতে তেওঁলোকে এইটো কয় যে ‘ঈস্বৰক সেৱা কৰাৰ যোগেদি বৰ্ত্তমান সময়ত আৰু আহিব লগীয়া ভৱিষ্যতে আশীৰ্ব্বাসমূহ লাভ কৰিব।’—১ তীমথিয় ৪:৮.

১৮ বেছিভাগ খ্ৰীষ্টান পৰিচাৰকে বিভিন্নৰূপে ৰাজহুৱা-সেৱা কৰে। যেনেকৈ কিছুমান খ্ৰীষ্টান পৰিচাৰকে নিজৰ পৰিয়ালক চোৱা-চিতাৰ দায়ীত্ব বহন কৰে। (ইফিচীয়া ৫:২১-৬:৪) প্ৰাচীন আৰু সহায়ক পৰিচাৰকসকলে মণ্ডলীত কিছুমান দায়ীত্ব বহন কৰে। (১ তীমথিয় ৩:১, ১২, ১৩; তীত ১:৫; ইব্ৰী ১৩:৭) কিছুমানে ৰাজ্য গৃহ নিৰ্ম্মাণ কৰিবলৈ সহায় কৰে। কিছুমান ভাই-ভনীয়ে ৱাচটাৱাৰ কাৰ্য্যলয়ৰ বেথেল সেৱাত স্বইচ্ছাৰে ভাগ লয়। গতিকে পৰিস্থিতিৰ অনুসাৰে প্ৰত্যেক খ্ৰীষ্টান ভাই-ভনীয়ে বিভিন্ন দায়ীত্ব বহন কৰে। কিন্তু প্ৰত্যেক খ্ৰীষ্টান পৰিচাৰকৰ বাবে সকলোতকৈ ডাঙৰ দায়ীত্ব হৈছে শুভবাৰ্ত্তা প্ৰচাৰ কৰা। এই কাৰ্য্যই সত্য খ্ৰীষ্টান পৰিচাৰকৰ পৰিচয় দিয়ে।

খ্ৰীষ্টান সেৱকসকলৰ মনোবৃত্তি

১৯, ২০. খ্ৰীষ্টান পৰিচাৰকসকলে কেনেধৰণৰ মনোবৃত্তি ৰখা উচিত?

১৯ খ্ৰীষ্টীয়জগতৰ বেছিভাগ পাদুৰিয়ে “ৰেৱৰেন্ড” আৰু “ফাদাৰ” দৰে উপধিবোৰক নিজৰ নামৰ সৈতে জড়িত কৰে যাতে তেওঁলোকে আনৰ পৰা অধিক সন্মান আৰু মহিমা লাভ কৰিব পাৰে। কিন্তু ইয়াৰ বিপৰীতে এজন খ্ৰীষ্টান সেৱকে জানে যে মহিমা আৰু শ্ৰদ্ধা মাত্ৰ যিহোৱাইহে পোৱাৰ যোগ্য। (১ তীমথিয় ২:৯, ১০) সেইবাবে কোনো খ্ৰীষ্টান সেৱকে এনেধৰণৰ উপাধি বা আনৰ পৰা অধিকৰূপে সন্মান পাবলৈ বাঞ্চা নকৰে। (মথি ২৩:৮-১২) খ্ৰীষ্টান পৰিচাৰকসকলে মনত ৰখা উচিত যে বাইবেলৰ অনুসাৰে দিয়াকনীয়া শব্দৰ প্ৰকৃত অৰ্থ হৈছে ‘ৰাজহুৱা-সেৱা’ আৰু ইয়াত সকলো প্ৰকাৰৰ কাৰ্য্য জড়িত হৈ আছে, যেনে—টেবুলত আহাৰৰ বাবে অপেক্ষা কৰা। (লূক ৪:৩৯; ১৭:৮; যোহন ২:৫) যিহেতু আমাৰ খ্ৰীষ্টান সেৱাত কোনো সৰু-বৰ নাই, তথাপিও আমি মনত ৰখা উচিত যে দীয়াকোনোচ শব্দটোৰ অৰ্থ হৈছে সেৱক।

২০ গতিকে কোনো খ্ৰীষ্টানে তেওঁ পোৱা ৰাজহুৱা-সেৱা কাৰ্য্যক এটা উপাধি বা উচ্চ পদ বুলি ভবা আৰু গৌৰৱ কৰা উচিত নহয়। সেয়েহে সকলো সত্য খ্ৰীষ্টান পৰিচাৰক আৰু মণ্ডলীত বিশেষ দায়ীত্ব বহন কৰা লোকসকলে নম্ৰতা গুণ প্ৰতিবিম্বিত কৰি নিজকে সেৱক হিচাপে পৰিচয় দিয়ে। এই বিষয়ে যীচুৱে কৈছিল ‘যি কোনোৱে তোমালোকৰ মাজত মহান হবলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ সেৱক হওক।’ (মথি ২০:২৬, ২৭) যীচুৱে এজন নিম্ন শ্ৰেণীৰ সেৱকে কৰাৰ দৰে নিজৰ শিষ্যসকলৰ ভৰি ধুইছিল। এইদৰে তেওঁ নিজৰ শিষ্যসকলক সঠিক মনোবৃত্তি ৰাখিবলৈ শিকালে। (যোহন ১৩:১-১৫) যীচুৱে নম্ৰতা শুণ প্ৰকাশ কৰি কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে! এইদৰে খ্ৰীষ্টান পৰিচাৰকসকলো নম্ৰতাৰে ঈশ্বৰ যিহোৱা আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ সেৱা কৰা উচিত। (২ কৰিন্থীয়া ৬:৪; ১১:২৩) গতিকে তেওঁলোকে নম্ৰতাৰে এজনে আনজনৰ সেৱা কৰে। ইয়াৰ ওপৰিও তেওঁলোকে প্ৰচাৰ কাৰ্য্য সম্পন্ন কৰাৰ দ্বাৰাই একপ্ৰকাৰে নিস্বাৰ্থতাৰে আনৰ সেৱা কৰে।—ৰোমীয়া ১:১৪, ১৫; ইফিচীয়া ৩:১-৭.

ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰক

২১. পৌলে পৰিচৰ্য্যা কাৰ্য্যত ধৈৰ্য্য ৰখাৰ বাবে কি ফল লাভ কৰিলে?

২১ এই ক্ষেত্ৰত আমি পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ, কিয়নো তেওঁ ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰিছিল। তেওঁ কলচীয়াত থকা খ্ৰীষ্টান ভাই-ভনীসকলক কৈছিল যে তেওঁ তেওঁলোকলৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ক্লেশ ভোগীব লগীয়া হৈছিল। (কলচীয়া ১:২৪, ২৫) ফলস্বৰূপে, তেওঁ ধৈৰ্য্যৰে কাৰ্য্য কৰাৰ বাবে বহুতো লোকে শুভবাৰ্ত্তাক গ্ৰহণ কৰিলে আৰু আগলৈ তেওঁলোকে ঈশ্বৰৰ পৰিচাৰক হʼল। ঈশ্বৰে তেওঁলোকক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰিলে আৰু যীচু খ্ৰীষ্টৰ ভাইৰূপে কাৰ্য্য কৰিবলৈ স্বৰ্গীয় জীৱনৰ আশা প্ৰদান কৰিলে। গতিকে পৌলে ধৈৰ্য্যৰে কাৰ্য্য কৰাৰ বাবে কিযে মহিমাযুক্ত প্ৰতিফল পালে!

২২, ২৩. (ক)বৰ্তমান সময়ত খ্ৰীষ্টান পৰিচাৰকসকলে কিয় ধৈৰ্য্য ধৰা আৱশ্যক? (খ) খ্ৰীষ্টানসকলে যেতিয়া ধৈৰ্য্য ধৰে সেইসময়ত তেওঁলোকে কেনেধৰণৰ উত্তম প্ৰতিফল পায়?

২২ বৰ্তমান সময়তো ঈশ্বৰৰ পৰিচাৰকসকলে ধৈৰ্য্য ধৰাটো অতি আৱশ্যক। কিয়নো বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে সকলো সময়তে বেমাৰ বা বৃদ্ধ অৱস্থাত অহা কষ্টবোৰৰ সৈতে যুঁজ কৰিব লগীয়া হয়। পিতৃ-মাতৃসকলে নিজৰ সন্তানসকলক প্ৰতি-পালন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে আৰু কিছুমান ক্ষেত্ৰত একজনক পিতৃ বা মাতৃয়ে অকলে সন্তানক প্ৰতি-পালন কৰিব লগীয়া হয়। স্কুলত যোৱা খ্ৰীষ্টান লʼৰা-ছোৱালীবোৰেও সাহসী হৈ বেয়া আৰু ভুল কাৰ্য্যবোৰক বিৰোধ কৰিব লগীয়া হয়। কিছুমান খ্ৰীষ্টান ভাই-ভনীয়ে প্ৰতিদিনে অহা অৰ্থনৈতিক সমস্যাৰ সন্মূখীন হʼব লগীয়া হয়। এতেকে ‘শেষ কালত ভয়ঙ্কৰ সময়’ হোৱাৰ বাবে বহুতো খ্ৰীষ্টান ভাই-ভনীয়ে অত্যাচাৰৰ সন্মূখীন হʼব বা দুঃখ-ভোগ কৰিব লগীয়া হয়। (২ তীমথিয় ৩:১) বাস্তৱতে, বৰ্তমান সময়ত প্ৰায় ষাঠি লাখ যিহোৱাৰ সেৱকে পাঁচনি পৌলৰ সৈতে এইটো কব পাৰে যে আমি ‘অনেক প্ৰকাৰৰ ধৈৰ্য্যৰে ঈশ্বৰৰ পৰিচাৰকৰূপে নিজৰ সদগুণ প্ৰকাশ কৰোঁ।’ (২ কৰিন্থীয়া ৬:৪, ৫) সেইবাবে খ্ৰীষ্টান পৰিচাৰকে সকলো ক্ষেত্ৰতে ধৈৰ্য্য ধৰে। তেওঁলোকে এনে ধৈৰ্য্য ধৰাৰ বাবে সচাঁকৈ প্ৰশংসনীয়ৰ পাত্ৰ।

২৩ যিহেতু, যেনেকৈ পৌলে ধৈৰ্য্য ধৰাৰ বাবে উত্তম ফল পালে, ঠিক তেনেদৰে বৰ্তমান সময়তো আমি উত্তম প্ৰতিফল লাভ কৰিব পাৰিম। গতিকে ধৈৰ্য্য ধৰাৰ যোগেদি আমি যিহোৱাৰ সৈতে এক নিবিড় সমন্ধ বজাই ৰাখি তেওঁৰ হৃদয় আনন্দিত কৰিব পাৰোঁ। (হিতোপদেশ ২৭:১১) এনে কৰাৰ বাবে এই শেষ কালত যিহোৱাই তেওঁৰ পৰিচাৰকসকলক প্ৰতি-পালন কৰে আৰু তেওঁলোকৰ পৰিচৰ্য্যা কাৰ্য্যত আশীৰ্ব্বাদ কৰে। ইয়াৰ ফলস্বৰূপে, ১, ৪৪, ০০০ জনৰ অৱশিষ্ট লোকসকলক একগোট কৰা হৈছে আৰু বাকী থকা লাখ সংখ্যক লোকে এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকা আশা লাভ কৰিছে। (লূক ২৩:৪৩; প্ৰকাশিত বাক্য ১৪:১) প্ৰকৃততে, খ্ৰীষ্টান ভাই-ভনীসকলে কৰা পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰাই যিহোৱাই লোকসকলক দয়া দেখুৱায়। (২ কৰিন্থীয়া ৪:১) গতিকে আঁহক আমি সকলোৱে পৰিচৰ্য্যা কাৰ্য্যৰ বাবে আৰ্জন কৰা এই সন্মানক বজাই ৰাখি যিহোৱাৰ প্ৰশংসনীয় হওঁ আৰু চিৰকালে ইয়াৰ ফল লাভ কৰোঁহঁক।—১ যোহন ২:১৭.

[ফুটনোট]

^ ৰোমীয়া ১২:১ পদটো বিশেষকৈ অভিষিক্ত খ্ৰীষ্টানসকললৈ প্ৰয়োগ হয়। কিন্তু ইয়াৰ সিধান্তবোৰ “অন্য মেৰ” সকলৰ ওপৰতো প্ৰয়োগ হয়। (যোহন ১০:১৬) এই অন্য মেৰে “যিহোৱাৰ পৰিচৰ্য্যা কৰিবলৈ, তেওঁৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ দাস হবলৈ” লাগি থাকে।—যিচয়া ৫৬:৬.

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

•প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে কি দায়ীত্বপূৰ্ণ কাৰ্য্যত ভাগ লৈছিল?

•কেতিয়া আৰু কোনে এজন ব্যক্তিক খ্ৰীষ্টান পৰিচাৰকৰূপে নিয়োগ কৰে?

•এজন খ্ৰীষ্টান পৰিচাৰকে কেনেধৰণৰ মনোবৃত্তি বিকাশিত কৰা উচিত?

•সমস্যাৰ সন্মূখীন হোৱাৰ সময়ত এজন খ্ৰীষ্টান পৰিচাৰকে কিয় ধৈৰ্য্য ধৰা আৱশ্যক?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪, ২৫ পৃষ্ঠাৰ ছবি]

তীমথিয়ক শিশু-কালৰ পৰাই ঈশ্বৰৰ বাক্যৰ বিষয়ে শিকোৱা হৈছিল। গতিকে বাপ্তিষ্মাৰ সময়ত তেওঁক এজন পৰিচাৰকৰূপে নিয়োগ কৰা হয়

[২৬ পৃষ্ঠাৰ ছবি]

বাপ্তিষ্মাৰ অৰ্থ হৈছে নিজকে ঈশ্বৰলৈ সমৰ্পিত কৰা আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে এজন পৰিচাৰকৰূপে নিয়োগ হোৱা

[২৮ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান পৰিচাৰকসকলকে স্বইচ্ছাৰে আনৰ সেৱা কৰে