Skip to content

Skip to table of contents

আপুনি কিয় ঈশ্বৰক উপাসনা কৰা আৱশ্যক?

আপুনি কিয় ঈশ্বৰক উপাসনা কৰা আৱশ্যক?

আপুনি কিয় ঈশ্বৰক উপাসনা কৰা আৱশ্যক?

ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰখা এজন ৰজাই নিজৰ পুতেকক এইদৰে উপদেশ দিছিল: “তুমি তোমাৰ পিতৃৰ ঈশ্বৰক জানিবা; আৰু সৰল চিত্তেৰে ও সন্তুষ্ট মনেৰে তেওঁৰ আৰাধনা কৰিবা।” (১ বংশাৱলি ২৮:৯) প্ৰকৃততে যিহোৱাই নিজৰ সেৱকসকলৰ পৰা সৰল চিত্ত আৰু সন্তুষ্ট মনেৰে আৰাধনা কৰাটো বিচাৰে।

 যিহোৱাৰ সাক্ষীৰূপে আমি এইটো স্বীকাৰ কৰোঁ যে যেতিয়া প্ৰথম বাৰৰ বাবে বাইবেলৰ পৰা ঈশ্বৰৰ প্ৰতিজ্ঞাৰ বিষয়ে শিকিছিলোঁ, তেতিয়া আমাৰ হৃদয় প্ৰফুল্লিত হৈ উঠিছিল। তাৰ পাছত যেনেকৈ ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে অধিকৰূপে জানিবলৈ পালোঁ, আমি “সম্পূৰ্ণ চিত্তেৰে ও সন্তুষ্ট মনৰে তেওঁৰ আৰাধনা” কৰিবলৈ আমাৰ ইচ্ছা আৰু বৃদ্ধি হʼল।

যিহোৱাৰ সাক্ষী হোৱাৰ পাছত বহুতে আনন্দেৰে গোটেই জীৱন যিহোৱাৰ সেৱা কৰে। কিন্তু কিছুমানে অধিক সময়লৈকে সেই আনন্দ বজাই ৰাখিব নোৱাৰিলে। কাৰণ, ঈশ্বৰক সেৱা কৰিবৰ বাবে যি কথাই আমাক উৎসাহিত কৰে, সেইবোৰৰ পৰা তেওঁলোকৰ মনোযোগ ক্ৰমান্বয়ে আঁতৰিবলৈ ধৰিল আৰু নিৰুৎসাহী হৈ পৰিল। আপুনিও সেই একেই অনুভৱ কৰিছে নে? যদি আপুনি তেনে অনুভৱ কৰিছে, তেনেহʼলে নিৰাশ নহʼব। কিয়নো আপুনি হেৰুৱা আনন্দক পুনৰাই ঘূৰাই পাব পাৰে। সেই আনন্দক কেনেকৈ ঘূৰাই পাব পাৰি?

যিহোৱাই আপোনাক দিয়া আশীৰ্ব্বাদসমূহৰ বিষয়ে বিবেচনা কৰক

সৰ্বপ্ৰথমে, যিহোৱাৰ পৰা পোৱা সেই আশীৰ্ব্বাদসমূহৰ বিষয়ে বিবেচনা কৰক। কিয়নো তেওঁ আমাক বহুতো উত্তম উপহাৰ দিছে। ঈশ্বৰে যিবোৰ বস্তু সৃষ্টি কৰিলে সেইবোৰৰ পৰা মাত্ৰ আমিয়েই নহয় কিন্তু জগতৰ প্ৰত্যেকজন মানুহে অৰ্থাৎ দেশী বা বিদেশী, জাতি বা অজাতি, ধনী বা দুখীয়াই নহওঁক কিয়, তেওঁ ঈশ্বৰৰ সৃষ্টিৰ পৰা লাভবান হয়। উদাহৰণস্বৰূপে ঈশ্বৰে সৃষ্টি কৰা প্ৰকৃতিৰ পৰা আমি খাদ্য আৰু পানী পাওঁ, আমাৰ ভাল স্বাস্থ্যৰ বাবে সম্পূৰ্ণৰূপে আনন্দ উপভোগ কৰোঁ, বাইবেলৰ যোগেদি আমি সত্য জ্ঞান পাওঁ। ইয়াৰ ওপৰিও যিহোৱাৰ সকলোতকৈ উত্তম উপহাৰ হৈছে তেওঁৰ পুত্ৰ, যিজনৰ বলিদানৰ যোগেদি আপুনি শুদ্ধ বিবেকেৰে যিহোৱাক সেৱা কৰিব পাৰে। (যোহন ৩:১৬; যাকোব ১:১৭) আমি যিমানে সেই উপহাৰবোৰৰ বিষয়ে বিবেচনা কৰিম, আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি থকা কৃতজ্ঞতাও সিমানে বৃদ্ধি হʼব। ইয়ে আমাক ঈশ্বৰক সেৱা কৰিবলৈ অধিক উৎসাহিত কৰিব। বাস্তৱতে আমিও গীতমালাৰ লিখকৰ দৰে অনুভৱ কৰিব পাৰিম। কিয়নো লিখক দায়ূদে নিজেও জীৱনত বহুতো সমস্যাৰ সন্মূখীন হʼবলগীয়া হৈছিল। সেয়েহে তেওঁ লিখিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি; মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।”—গীতমালা ৪০:৫.

উদাহৰণস্বৰূপে, এসময়ত দুষ্ট ৰজা চৌল আৰু তেওঁৰ দেহৰক্ষীয়ে দায়ূদক হত্যা কৰিবলৈ বিচৰাৰ বাবে ডেকাকালৰ অধিক সময় তেওঁ পলাই ফুৰিব লগীয়া হৈছিল। (১ চমূৱেল ২৩:৭, ৮, ১৯-২৩) ইয়াৰ ওপৰিও দায়ূদৰ এনেধৰণৰ ব্যক্তিগত দুৰ্ব্বলতাবোৰ আছিল যাৰ বাবে তেওঁ সকলো সময়তে যুঁজিব লগা হৈছিল। নিজৰ সকলোবোৰ দুৰ্ব্বলতাৰ বিষয়ে গীতমালা ৪০ অধ্যায়ত এইদৰে লিখিছিল: “অসংখ্য আপদে মোক এনেকৈ বেৰি ধৰিছে, আৰু মোৰ অপৰাধবোৰে মোক ইমানকৈ আক্ৰমণ কৰিছে, যে, মই দৃষ্টিহীন হলোঁ; মোৰ মূৰৰ চুলিত্‌কৈয়ো সেইবোৰ অধিক।” (গীতমালা ৪০:১২) ইয়াত কোনো সন্দেহ নাই যে দায়ূদেও বহুতো সমস্যাৰ সৈতে সন্মূখীন হʼব লগীয়া হৈছিল। তেওঁ এনে পৰিস্থিতিত নিৰুৎসাহিত নহৈছিল, কিয়নো তেওঁ যিহোৱাৰ পৰা লাভ কৰা আশীৰ্ব্বাদসমূহৰ ওপৰত ধ্যান কৰাৰ দ্বাৰাই সহায় লাভ কৰিছিল।

এতেকে যেতিয়া আপোনাক কোনো সমস্যাই বেৰি ধৰে বা আপুনি অকলশৰীয়া অনুভৱ কৰে, তেতিয়া ৰজা দায়ূদৰ দৰে যিহোৱাৰ পৰা লাভ কৰা আশীৰ্ব্বাদসমূহক বিবেচনা কৰাটো উত্তম হʼব। এই আশীৰ্ব্বাদসমূহে নিশ্চয়ে আপোনাক যিহোৱালৈ নিজকে সমৰ্পিত কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ ওপৰিও আপুনি তেনে কৰাৰ দ্বাৰাই যিহোৱাক আনন্দ আৰু কৃতজ্ঞতা হৃদয়ৰে সেৱা কৰাত আপোনাক সহায় কৰিব।

মণ্ডলীৰ সভাবোৰৰ পৰা আপুনি সহায় পাব পাৰে

যিহোৱাই আমাৰ উপকাৰৰ অৰ্থে যি যি কাৰ্য্য কৰিলে, সেইবোৰত একান্ত মনেৰে বিবেচনা কৰাৰ ওপৰিও সঙ্গী খ্ৰীষ্টানসকলৰ সৈতে সঙ্গতি কৰা অতি আৱশ্যক। তেওঁলোক অৰ্থাৎ যিহোৱাক প্ৰেম কৰিবলৈ দৃঢ় সঙ্কল্প লোৱা পুৰুষ, তিৰোতা আৰু ডেকাসকলৰ সৈতে নিয়মিতৰূপে সঙ্গতি কৰি আমি উৎসাহিত হৈ কাৰ্য্য কৰিবলৈ সক্ষম হʼম। কিয়নো তেওঁলোকৰ উত্তম আৰ্হিয়ে যিহোৱাক পূৰ্ণ হৃদয়েৰে উপাসনা কৰিবলৈ আমাক প্ৰেৰণা দিব। ঠিক একেইদৰে সভাবোৰত আমাৰ উপস্থিতিয়ে তেওঁলোককো উৎসাহিত কৰে।

এইটো সঁচা যে যেতিয়া আমি চাকৰিৰ পৰা ঘৰলৈ উভতি আহোঁ তেতিয়া আমি সকলোৱে ভাগৰি পৰোঁ বা যেতিয়া কোনো সমস্যাৰ সন্মূখীন হʼবলগীয়া হয় তেতিয়া আমি সকলোৱে নিৰুৎসাহি হওঁ, তেনে অৱস্থাত মণ্ডলীৰ সভাবোৰত উপস্থিত হʼবলৈ আমাৰ ইচ্ছা নহয়। কিন্তু এনে অৱস্থাত আপুনি কি কৰিব? আপুনি সভাত অনুপস্থিত হʼবলৈ চেষ্টা কৰিব নে? নিশ্চয়ে তেনে বিবেচনা নকৰে! এনে অৱস্থাতো আপুনি সভাত উপস্থিত হʼবলৈ ‘নিজৰ দেহক ঘুচিয়া-ঘুচি’ কৰি অৰ্থাৎ মনে-প্ৰাণে চেষ্টা কৰা আৱশ্যক।—১ কৰিন্থীয়া ৯:২৬, ২৭; ইব্ৰী ১০:২৩-২৫.

যদি সেইদৰে কৰাটো আৱশ্যক হয়, তেনেহʼলে ইয়াৰ অৰ্থ এইটোনে যে আপুনি যিহোৱাক প্ৰেম নকৰে? কেতিয়াও তেনে ধৰণে নাভাবিব। কিয়নো প্ৰাচীন সময়তো যিহোৱাক প্ৰেম কৰা কিছুমান পৰিপক্ক খ্ৰীষ্টানসকলে তেওঁৰ ইচ্ছা পূৰ্ণ কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। (লূক ১৩:২৪) তেওঁলোকৰে এজন ব্যক্তি আছিল পাঁচনি পৌল, তেওঁ এইদৰে কৈছিল: “মই জানো যে, মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে; ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই। কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ, কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকে আচৰোঁ।” (ৰোমীয়া ৭:১৮, ১৯) ইয়াৰ ওপৰিও তেওঁ কৰিন্থীয়াত থকা ভাইসকলক কৈছিল: “মই শুভবাৰ্ত্তা প্ৰচাৰ কৰিলেও, সেয়ে মোলৈ শ্লাঘৰ কাৰণ নহয়; . . . কিয়নো মই যদি ইচ্ছাৰে এই কৰ্ম্ম কৰোঁ, তেন্তে মোৰ বেচ আছে; কিন্তু অনিচ্ছাৰে যদি কৰোঁ, তেন্তে শুভবাৰ্ত্তাৰূপ ধনৰ ভঁৰালী-বাব মোক দিয়া হৈছে।”—১ কৰিন্থীয়া ৯:১৬, ১৭.

আমাৰ দৰে পাঁচনি পৌলৰো পাপ কৰা প্ৰবৃত্তিবোৰ আছিল, যাৰ বাবে তেওঁ ইচ্ছা কৰা স্বত্ত্বেও সঠিক কাৰ্য্য কৰাটো তেওঁৰ বাবে সহজ নাছিল। কিন্তু তেওঁ এই প্ৰবৃত্তিবোৰক প্ৰবল হবলৈ দিয়া নাছিল, তেওঁ সেইবিলাকৰ সৈতে প্ৰাণপণে যুঁজ কৰি বেছিভাগ সময়তে জয়ী হৈছিল। নিঃসন্দেহ, পৌলে নিজ শক্তিৰ দ্বাৰা জয়ী হোৱাতো সম্ভৱ নাছিল। সেয়েহে তেওঁ কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।” (ফিলিপীয়া ৪:১৩) এতেকে যিহোৱাৰ শক্তিৰ দ্বাৰাহে তেওঁ জয় প্ৰাপ্ত কৰিছিল। গতিকে সঠিক কাৰ্য্য কৰিবলৈ আপুনিও পৌলৰ দৰে শক্তি বিচাৰি যিহোৱালৈ নিৱেদন কৰা আৱশ্যক। (ফিলিপীয়া ৪:৬, ৭) সেইবাবে “বিশ্বাসৰ পক্ষে প্ৰাণপণ” কৰিলে যিহোৱাই আপোনাক নিশ্চয়ে আশীৰ্ব্বাদ কৰিব।—যিহূদা ৩.

এই যুদ্ধত আমি অকলে যুঁজ কৰাটো আৱশ্যক নাই। এই ক্ষেত্ৰত যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীবোৰত “বিশ্বাসৰ পক্ষে প্ৰাণপণ” থকা পৰিপক্ক প্ৰাচীনসকলে আপোনাক সদায়ে সহায় কৰিবৰ বাবে প্ৰস্তুত থাকে। যদি আপুনি সহায়ৰ বাবে কোনো প্ৰাচীনৰ ওচৰলৈ যায় তেন্তে তেওঁলোকে আপোনাক “আশ্বাস” দিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিব। (১ থিচলনীকীয়া ৫:১৪) কিয়নো তেওঁলোকেই হৈছে “বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই।”—যিচয়া ৩২:২.

এতেকে ‘ঈশ্বৰে প্ৰেমী’ হোৱাৰ বাবে নিজৰ সেৱকসকলে তেওঁক প্ৰেমেৰে উপাসনা কৰাটো বিচাৰে। (১ যোহন ৪:৮) যদি আপুনি ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ প্ৰেমক বৃদ্ধি কৰাটো বিচাৰে, তেনেহʼলে ওপৰত উল্লেখ কৰা পদক্ষেপবোৰ লওঁক। আপোনাৰ পৰিশ্ৰমে নিশ্চয় ফল দিব!