Skip to content

Skip to table of contents

আপুনি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰেনে?

আপুনি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰেনে?

আপুনি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰেনে?

“মোৰ মনে তোমাৰ সাক্ষ্যবোৰ পালন কৰিলে; মই সেইবোৰক অতিশয় প্ৰেম কৰোঁ।”গীতমালা ১১৯:১৬৭.

১. যিহোৱাই আমাক স্মৰণ কৰাই দিয়াৰ বিষয়ে বাইবেলৰ কোনটো পদত বাৰে বাৰে উল্লেখ কৰা হৈছে?

 যিহোৱাই বিচাৰে যে তেওঁৰ লোকসকলে যেন আনন্দিত হওঁক। গতিকে আমি প্ৰকৃত আনন্দ পাবলৈ হʼলে, নিশ্চয়ে আমি ঈশ্বৰৰ নিয়ম আৰু আজ্ঞাৰ অনুসাৰে চলা আৱশ্যক। এতেকে সেইবোৰক পালন কৰিবৰ বাবে যিহোৱাই আমাক সোঁৱৰাই দিয়ে। এই বিষয়ে বাইবেলত, বিশেষকৈ গীতমালা ১১৯ অধ্যায়টোত বহুবাৰ স্মৰণ কৰাই দিয়া হৈছে। সম্ভৱতঃ এই ভাগটো যিহূদাৰ ৰাজকুমাৰ হিষ্কিয়াই ৰচিছিল। এই মধুৰ গীতটো এইদৰে আৰম্ভ কৰা হৈছে, “যিবিলাক আচৰণ ব্যৱহাৰত সিদ্ধ, সিবিলাক ধন্য; যিবিলাকে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে, সিবিলাক ধন্য। যিবিলাকে তেওঁৰ সাক্ষ্যবোৰ পালন কৰে, সিবিলাক ধন্য; যিবিলাকে সমস্ত মনেৰে তেওঁক বিচাৰে, সিবিলাক ধন্য।”—গীতমালা ১১৯:১, ২.

২. ঈশ্বৰৰ স্মৰণীয় বাক্যই আমাক কেনেকৈ সুখী কৰিব পাৰে?

সেইবাবে আমি যিহোৱাৰ যৰ্থাথ জ্ঞানৰ অনুসাৰে জীৱন-যাপন কৰোঁ অৰ্থাৎ ‘তেওঁৰ ব্যৱস্থাৰ অনুসাৰে চলোঁ।’ যিহেতু সকলোৱে অসিদ্ধ হোৱাৰ বাবে আমি যি কোনো বিষয়ক সহজে মনত ৰাখিব নোৱাৰোঁ, সেইকাৰণে আমাক ঈশ্বৰৰ আজ্ঞাবোৰক স্মৰণ কৰাই দিয়াটো আৱশ্যক। ইব্ৰী ভাষাত “স্মৰণ কৰাই দিয়া” অৰ্থ হৈছে ঈশ্বৰে নিজৰ নিয়ম, ব্যৱস্থা, আদেশ আৰু বিধানবোৰ আমাক পুনৰ মনত পেলাই দিয়া। (মথি ১০:১৮-২০) এতেকে আমি যেতিয়া স্মৰণ কৰাই দিয়া বাক্যবোৰৰ অনুসাৰে জীৱন-যাপন কৰিম, তেতিয়াহে সুখী হʼব পাৰিম। কিয়নো ইয়ে আমাক আধ্যাত্মিকৰূপে হোৱা অনিষ্টৰ পৰা ৰক্ষা কৰে।

যিহোৱাই স্মৰণ কৰাই দিয়া বাক্যৰ অনুসাৰে জীৱন-যাপন কৰক

৩. গীতমালা ১১৯:৬০, ৬১ পদত আমাৰ বাবে কি আশ্বাস দিয়া হৈছে?

ঈশ্বৰে স্মৰণ কৰাই দিয়া বাক্য গীতমালা লিখকৰ বাবে অতি প্ৰিয় আছিল, সেয়েহে তেওঁ কৈছিল: “মই তোমাৰ আজ্ঞাবোৰ পালন কৰিবলৈ, পলম নকৰি খৰ কৰিলোঁ। দুষ্টবোৰৰ জৰীয়ে মোক মেৰাইছে; কিন্তু মই তোমাৰ ব্যৱস্থা পাহৰা নাই।” (গীতমালা ১১৯:৬০, ৬১) গতিকে যিহোৱাই সোঁৱৰাই দিয়া বাক্যই আমাক অত্যাচাৰৰ সময়ত সহন কৰিবলৈ সহায় কৰে, কিয়নো আমি জানো যে তেওঁ আমাৰ বিৰোধী চয়তানৰ পৰা অহা সকলোবোৰ তাড়নাক তেওঁ আঁতৰাই পেলাব। এতেকে যিহোৱাই আমাক তেওঁৰ ৰাজ্যৰ শুভবাৰ্ত্তাক প্ৰচাৰ কৰাৰ সময়ত আমাৰ সন্মূখত থকা সকলোবোৰ বাধা-বিঘিনিক ক্ৰমান্বয়ে দূৰ কৰিব।—মাৰ্ক ১৩:১০.

৪. ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যৰ প্ৰতি আমি কেনে মনোবৃত্তি ৰখা উচিত?

সময়ে সময়ে যিহোৱাই আমাক তেওঁৰ সোঁৱৰাই দিয়া বাক্যৰ দ্বাৰাই সংশোধন কৰে। সেয়েহে গীতমালা ৰচোঁতাই প্ৰাৰ্থনাত এইদৰে কৈছিল: “তোমাৰ সাক্ষ্যবোৰ মোৰ আনন্দ . . . এই হেতুকে মই তোমাৰ সাক্ষ্যবোৰ প্ৰেম কৰোঁ।” (গীতমালা ১১৯:২৪, ১১৯) এতেকে গীতমালা লিখকৰ দৰে মনোবৃত্তি ৰাখি আমিও সদায় তেনেধৰণৰ শিক্ষাৰ প্ৰতি কৃতজ্ঞতা দেখুৱা আৱশ্যক। যিহেতু আমাৰ ওচৰত গীতমালা লিখকতকৈ অধিক সোঁৱৰাই দিয়া বাক্যসমূহ অৰ্থাৎ সাক্ষ্যবোৰ আছে। উদাহৰণস্বৰূপে গ্ৰীক শাস্ত্ৰত উল্লেখ কৰা অধিক পদসমূহ ইব্ৰী শাস্ত্ৰৰ পদসমূহৰ পৰা তুলি লোৱা হৈছে। ইয়ে আমাক স্মৰণ কৰাই যে যিহোৱাৰ নিয়মবোৰ মাত্ৰ তেওঁৰ লোকসকলৰ পথ-প্ৰদৰ্শনৰ বাবেই নহয় কিন্তু খ্ৰীষ্টান মণ্ডলীৰ প্ৰতি থকা তেওঁৰ উদ্দেশ্যৰ কাৰণেও দিয়া হৈছে। এতেকে ঈশ্বৰে আমাৰ আৱশ্যকতাৰ অনুসৰি তেওঁৰ নিয়মসমূহ স্মৰণ কৰাই দিয়ে। আমি তেনে নিৰ্দ্দেশনৰ প্ৰতি ঈশ্বৰলৈ কৃতজ্ঞতা বোধ নকৰোঁনে? নিশ্চয় কৰোঁ। ইয়াৰ উপৰিও আমি ‘যিহোৱাই স্মৰণ কৰাই দিয়া বাক্যৰ অনুসাৰে জীৱন-যাপন’ কৰিলে আমি আমাৰ অসিদ্ধতাৰ বাবে কৰা ভুল কাৰ্য্যৰ দ্বাৰাই তেওঁৰ মন দুখীত নকৰিম আৰু আমি আনন্দিত হʼব পাৰিম।—গীতমালা ১১৯:৩১.

৫. আমি যিহোৱাই স্মৰণ কৰাই দিয়া উপদেশৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ?

যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ প্ৰতি আমি কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? এই বিষয়ে গীতমালা ৰচোঁতাই এইদৰে কৈছিল: “মোৰ মনে তোমাৰ সাক্ষ্যবোৰ পালন কৰিলে; মই সেইবোৰক অতিশয় প্ৰেম কৰোঁ।” (গীতমালা ১১৯:১৬৭) এতেকে আমি যিহোৱাই স্মৰণ কৰাই দিয়া বাক্যবোৰক এজন মৰমীয়াল পিতৃয়ে দিয়া উপদেশ বুলি পালন কৰিলেহে আমি তেওঁৰ সাক্ষ্যবোৰক প্ৰেম কৰিব পাৰিম। (১ পিতৰ ৫:৬, ৭) সেইকাৰণে আমি তেওঁৰ সাক্ষ্যবোৰক প্ৰেম কৰিবলৈ আৰু সেইবোৰক পালন কৰি লাভবান হʼবলৈ আমাক যিহোৱাই স্মৰণ কৰাই দিয়া উপদেশসমূহৰ অতি আৱশ্যক।

কিয় আমাক যিহোৱাই স্মৰণ কৰাই দিয়া আৱশ্যক

৬. আমাক কিয় যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ আৱশ্যক, তাৰ এটা কাৰণ কি আৰু সেইবোৰক মনত ৰাখিবলৈ আমি কি কৰা উচিত?

ইয়াৰ এটা কাৰণ হৈছে যে আমি সকলো কথা মনত ৰাখিব নোৱাৰোঁ। এই বিষয়ে দ্যা ওৰ্ৱল্ড বুক অৱ এনচাইক্লোপেডিয়াই এনেদৰে মন্তব্য দিছে, “সাধাৰণতে মানুহে সময় অতিক্ৰম কৰাৰ লগে লগে বহুতো কথা পাহৰি যায়। . . . হয়তো আপোনাৰ ক্ষেত্ৰটো সেই একেইদৰে হৈছে, যেনে, কিবা এটা বিষয় বা কোনোবা এজনৰ নাম মনত থকা স্বত্ত্বেও সেইবোৰক মুখেৰে প্ৰকাশ কৰিব নোৱাৰে। . . . আমি আমাৰ স্মৰণ শক্তিক অল্প সময়ৰ বাবে প্ৰায়ে হেৰুৱাই পেলাওঁ, ইয়াক ৰিট্ৰেভেল ফেইলাৰ (আমাৰ মগজুৱে অলপ সময়ৰ বাবে সংবাদ সঞ্চয় কৰি ৰাখা কোষৰ পৰা সংবাদ প্ৰকাশ কৰাত বিফল হয়) বুলি কোৱা হয়। বৈজ্ঞানিকসকলে ইয়াৰ তুলনা এনে এক অৱস্থাৰ সৈতে কৰিছে যেনেকৈ এটা কোঠাত কোনো আৱশ্যকীয়া বস্তু থকাৰ স্বত্ত্বেও, বিশৃংখলতা হোৱাৰ বাবে তাক বিচৰি পোৱা নাযায়। . . . মনত ৰখাৰ এটা ভাল উপায় হৈছে, যি কোনো এটা বিষয়ে অধ্যয়ন কৰাৰ পাছত সেই বিষয়টোৰ ওপৰত ভালকৈ ধ্যান কৰক।” এইহেতুকে ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যবোৰক মনত ৰাখিবলৈ হʼলে আমি মনযোগেৰে অধ্যয়ন কৰা আৰু বাৰে বাৰে ধ্যান কৰা আৱশ্যক।

৭. বৰ্তমান সময়ত আমাক ঈশ্বৰৰ স্মৰণীয় বাক্যৰ কিয় আগতকৈও অধিক প্ৰয়োজন হৈছে?

যিহেতু মানৱ ইতিহাসে দেখুৱাইছে যে দুষ্টতা অধিকৈ বৃদ্ধি পাইছে, সেইকাৰণে আমাক যিহোৱাৰ স্মৰণীয় বাক্যৰ আগতকৈ অধিক প্ৰয়োজন। গতিকে যদি আমি তেওঁৰ বাক্যৰ প্ৰতি ধ্যান দিওঁ, তেন্তে এই দুষ্ট জগতৰ পৰা অহা সকলোবোৰ প্ৰলোভনক দূৰ কৰিব পাৰিম। সেয়েহে গীতমালাত বৰ্ণনা কৰিছে যে “মোৰ সকলো শিক্ষকতকৈ মই জ্ঞানী; কিয়নো তোমাৰ সাক্ষ্যবোৰ মোৰ ধ্যানৰ বিষয়। মই বৃদ্ধ লোকবিলাকতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছো। তোমাৰ বাক্য পালন কৰিবৰ নিমিত্তে, মই সকলো কুপথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ।” (গীতমালা ১১৯:৯৯-১০১) এতেকে যিহোৱাই সোঁৱৰাই দিয়া বাক্যক পালন কৰি আমি, “সকলো কুপথৰ” আৰু তেনে ব্যক্তিসকলৰ পৰাও আতঁৰি থাকিম যিসকলৰ “চিত্ত আন্ধাৰময় হʼল, আৰু ঈশ্বৰে দিয়া জীৱনৰ ভাগী নহʼল।”—ইফিচীয়া ৪:১৭-১৯.

৮. আমি ক্লেশত সহনশীল হবলৈ কিদৰে নিজকে প্ৰস্তুত কৰিব পাৰোঁ?

এই “শেষ কালত” আমি সন্মূখীন হোৱা ক্লেশত সহনশীল হʼবলৈও আমাক ঈশ্বৰৰ সোঁৱৰণিৰ আৱশ্যক। (দানিয়েল ১২:৪) কিয়নো এই বাক্যবোৰৰ অবিহনে আমি “শুনি পাহৰোঁতা” হৈ পৰিম। (যাকোব ১:২৫) সেইবাবে আমি মনোযোগেৰ ব্যক্তিগত অধ্যয়ন, সভাসমূহত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰ পাঠ আৰু বিশ্বাসী বুদ্ধিমান দাসে প্ৰবন্ধ কৰা বাইবেল আধাৰিত সাহিত্যসমূহ পঢ়া দ্বাৰা আমি সফলতাৰে পৰিক্ষাৰ সন্মুখীন হʼব পাৰিম। (মথি ২৪:৪৫-৪৭) এই আধ্যাত্মিক প্ৰবন্ধবোৰে আমাক কঠিন পৰিস্থিতিৰ মাজতো যিহোৱাৰ মন আনন্দিত কৰিবলৈ উৎসাহিত কৰিব।

আমাৰ সভাবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে

৯. “মনুষ্যত উপহাৰ” পোৱা ব্যক্তিসকল কোন আৰু কেনেকৈ তেওঁলোকে সঙ্গী সেৱকসকলক সহায় কৰে?

আমি যিহোৱাৰ সোঁৱৰাই দিয়া বাক্যবোৰক জানিবলৈ হʼলে মণ্ডলীৰ সভাহবোৰত উপস্থিত থকা আৱশ্যক। এই সভাবোৰত নিযুক্ত কৰা ভাইসকলে আমাক বাইবেলৰ পৰা যিহোৱাই দিয়া উপদেশবোৰ স্মৰণ কৰাই দিয়ে। এই বিষয়ে পাঁচনি পৌলে কৈছিল যে যেতিয়া যীচু “ওপৰলৈ উঠি, বন্দীয়াৰবিলাকক বন্দী কৰি নিলে, আৰু মানুহবিলাকক নানা বৰ দিলে। ইয়াৰ ওপৰিও তেওঁ এইদৰে কৈছিল, “যীচুৱে কিছুমানক পাঁচনি, কিছুমানক ভাববাদী, কিছুমানক শুভবাৰ্ত্তা, কিছুমানক ৰক্ষক আৰু শিক্ষক হবলৈ দিলে।” (ইফিচীয়া ৪:৮, ১১, ১২) গতিকে আমি প্ৰাচীনসকলক “মনুষ্যত উপহাৰ” হিচাপে পাই কৃতজ্ঞ নহওঁনে বাৰু? নিশ্চয়ে হওঁ! প্ৰকৃততে তেওঁলোকে আমাক একত্ৰিত হৈ উপাসনা কৰাৰ সময়ত যিহোৱাৰ স্মৰণীৰ প্ৰতি আমাৰ ধ্যান কেন্দ্ৰিত কৰে।

১০. ইব্ৰী ১০:২৪, ২৫ পদত বৰ্ণনা কৰা মূল বিষয় কি?

১০ এতেকে যিহোৱাই প্ৰবন্ধ কৰা ব্যৱস্থাৰ প্ৰতি থকা কৃতজ্ঞতাই আমাক মণ্ডলীৰ পাচোঁখন সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰিব। সভাত একত্ৰিত হোৱাৰ বিষয়ে গুৰুত্ব দি পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।”—ইব্ৰী ১০:২৪, ২৫.

১১. মণ্ডলীৰ প্ৰত্যেকখন সভাই আমাক কেনেকৈ লাভবান কৰে?

১১ মণ্ডলীৰ সভাবোৰে আমাক কেনেধৰণৰ সহায় আগবঢ়ায়? মণ্ডলীত প্ৰৱন্ধ কৰা সপ্তাহিক প্ৰহৰীদুৰ্গ অধ্যয়নে আমাৰ বিশ্বাস দৃঢ় কৰে, ঈশ্বৰে স্মৰণ কৰাই দিয়া বাক্যবোৰৰ অনুসাৰে চলিবলৈ সহায় কৰে আৰু “এই জগতৰ আত্মাৰ” বিৰুদ্ধে যুঁজিবলৈ আমাক সাহসী কৰে। (১ কৰিন্থীয়া ২:১২; পাঁচনিৰ কৰ্ম্ম ১৫:৩১) ৰাজহুৱা ভাষণত বক্তাই যিহোৱাৰ সোঁৱৰণী বাক্য আৰু যীচুৱে কোৱা “অনন্ত জীৱনৰ” বিষয়ে উপদেশ দিয়ে। (মথি ৫:১-৭:২৯) ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলে আমাৰ শিক্ষা দিয়া প্ৰণালীক উন্নত কৰে। সেৱা সভাই আমাক ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্য, পুনৰ সাক্ষ্যাত, গৃহ বাইবেল অধ্যয়ন আৰু বিভিন্ন প্ৰকাৰে কৰা প্ৰচাৰ কাৰ্য্যক কেনে ধৰণে কৰিব লাগে এই বিষয়ে সহায় আগবঢ়ায়। সৰু সৰু সমূহত কৰা পুস্তক অধ্যয়নে ঈশ্বৰৰ সোঁৱৰণী বাক্যৰ বিষয়ে অভিমত প্ৰকাশ কৰিবলৈ সুযোগ প্ৰদান কৰে।

১২, ১৩. এচিয়া মহাদেশৰ অন্তৰ্গত থকা এখন স্থানত ভাই-ভনীসকলে কেনেকৈ খ্ৰীষ্টান সভাৰ প্ৰতি মূল্যাঙ্কন দেখুৱাইছিল?

১২ নিয়মিতৰূপে সভাহবোৰত উপস্থিত হৈ আমি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ আৰু ই আমাক আধ্যাত্মিকৰূপে স্থিৰ থাকি সকলো প্ৰকাৰৰ বাধাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে যেনে—আৰ্থিক সমস্যা, যুদ্ধ আৰু বিভিন্ন ধৰণৰ সমস্যা। এচিয়া মহাদেশৰ অন্তৰ্গত এখন স্থানত থকা প্ৰায় ৭০ জন খ্ৰীষ্টান ভাই-ভনীয়ে গৃহ যুদ্ধৰ বাবে ঘন অৰণ্যলৈ পলাই গৈ আশ্ৰয় লʼব লগা হৈছিল। তেওঁলোকেও সভাত উপস্থিত হোৱা আৱশ্যকতাৰ প্ৰতি আন্তৰিকভাবে অনুভৱ কৰিছিল। সেইবাবে তেওঁলোকে গৃহ যুদ্ধ চলি থকা চহৰখনত অৱস্থিত থকা তেওঁলোকৰ ৰাজ্যগৃহক ভাঙি, অৰণ্যত নতুনকৈ ৰাজ্যগৃহ নিৰ্মাণ কৰি তাত নিয়মীয়াকৈ সভা পৰিচালনা কৰিছিল।

১৩ আজিও সেই দেশৰ আন স্থানত বাস কৰা ভাই-ভনীসকলে যুদ্ধৰ মাজত থাকিও সম্পূৰ্ণ উৎসাহিত হৈ যিহোৱাৰ উপাসনা কৰিছে। “ভাই-ভনীসকলক একত্ৰিত কৰি ৰাখিবলৈ কিহে সহায় কৰিলে?” এই বুলি যেতিয়া সেই ভাই-ভনীসকলৰ এজন প্ৰাচীনক সোধা হৈছিল, তেতিয়া তেওঁ এইদৰে উত্তৰ দি কৈছিল, “যোৱা ১৯ বছৰে আমি কেতিয়াও সভাত অনুপস্থিত হোৱা নাছিলোঁ। কেতিয়াবা ভাই-ভনীসকলে বোমা-বিস্ফোৰণ বা বিভিন্ন অসুবিধাৰ কাৰণে সভাত উপস্থিত হʼব নোৱাৰিছিল যদিও আমি সভাক কেতিয়াও বাটিল কৰা নাছিলোঁ।” সেই প্ৰিয় ভাই-ভনীসকলে পাঁচনি পৌলে কোৱা বাক্যশাৰীৰ অনুসাৰে ‘গোট খাবলৈ নেৰি, দিন ওচৰ হোৱা দেখি, সিমান অধিককৈ পৰস্পৰে উদগণি দিছিল।’

১৪. চৌৰাষী বছৰীয়া বিধৱা হান্নাৰ আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

১৪ হান্না নামৰ ৮৪ বছৰীয়া এগৰাকী বিধৱা মহিলাই ‘আৰাধনালয়ত কেতিয়াও অনুপস্থিত হোৱা নাছিল।’ ফলস্বৰূপে, জন্মৰ পাছত যেতিয়া যীচুক শিশু অৱস্থাত আৰাধনালয়ত অনা হৈছিল সেই মহিলা গৰাকীয়ে তেওঁক দেখিব পাৰিলে। (লূক ২:৩৬-৩৮) আপুনি সেই মহিলা গৰাকীৰ দৰে সভাত অনুপস্থিত নহবলৈ থিৰাং কৰিছেনে? আপুনি সকলো সময়তে সন্মিলন আৰু অধিৱেশনত উপস্থিত হবলৈ প্ৰাণ-পণে চেষ্টা কৰেনে? কিয়নো তেনে সভাবোৰত পোৱা উপদেশসমূহে স্পষ্টকৈ বুজাই দিয়ে যে স্বৰ্গীয় পিতৃয়ে আমাৰ তত্বাৱধান লয়। (যিচয়া ৪০:১১) ইয়াৰ উপৰিও আমি সভবোৰত উপস্থিত হৈ আনন্দিত হওঁ আৰু যিহোৱাই সোঁৱৰাই দিয়া বাক্যবোৰৰ প্ৰতি গভীৰ কৃৰ্তজ্ঞতা দেখুৱাওঁ।—নহিমিয়া ৮:৫-৮, ১২.

ঈশ্বৰৰ সোঁৱৰণী বাক্যক পালন কৰি নিজকে এই জগতৰ পৰা পৃথক ৰাখক

১৫, ১৬. যিহোৱাই সোঁৱৰাই দিয়া বাক্যই কেনেকৈ আমাৰ আচৰণক প্ৰভাৱিত কৰে?

১৫ যিহোৱাৰ সোঁৱৰণী বাক্যক পালন কৰি আমি এই দুষ্ট জগতৰ পৰা নিজকে পৃথক ৰাখোঁ। উদাহৰণস্বৰূপে, ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যবোৰে আমাক অনৈতিক কাৰ্য্যৰ পৰা আঁতৰি থকাত সহায় কৰে। (দ্বিতীয় বিবৰণ ৫:১৮; হিতোপদেশ ৬:২৯-৩৫; ইব্ৰী ১৩:৪) ঈশ্বৰীয় সোঁৱৰণীয়ে আমাক মিছলীয়া, ভ্ৰষ্টাচাৰী, কপট আৰু চুৰি কৰাৰ দৰে বেয়া কাৰ্য্যৰ পৰা আঁতৰাই ৰাখে। (যাত্ৰাপুস্তক ২০:১৫, ১৬; লেবীয়া পুস্তক ১৯:১১; হিতোপদেশ ৩০:৭-৯; ইফিচীয়া ৪:২৫, ২৮; ইব্ৰী ১৩:১৮) ইয়াৰ উপৰিও ই আমাক প্ৰতিশোধ লোৱা, হিংসা কৰা বা আনৰ অহিতে মিছা নকবলৈ সহায় কৰিব।—লেবীয়া পুস্তক ১৯:১৬, ১৮; গীতমালা ১৫:১, ৩.

১৬ ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যই আমাক পবিত্ৰ সেৱা অৰ্থাৎ এই জগতৰ পৰা পৃথকে থাকি যিহোৱালৈ একান্ত ভক্তি আগবঢ়াবলৈ সহায় কৰে। এই দুষ্ট জগতখনৰ পৰা নিজকে পৃথক ৰখাটো কিমান যে গুৰুত্বপূৰ্ণ! যীচুৱে পৃথিৱীত তেওঁৰ শেষ নিশাত, শিষ্যসকলৰ সম্পৰ্কে যিহোৱালৈ প্ৰাৰ্থনা কৰি এইদৰে কৈছিল, “মই তোমাৰ বাক্য তেওঁবিলাকক দিলোঁ; আৰু মই যেনেকৈ জগতৰ নহওঁ তেওঁবিলাকো তেনেকৈ জগতৰ নোহোৱাত, জগতে তেওঁবিলাকক ঘিণালে। মই নিবেদন নকৰোঁ যে, তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপআত্মাৰ পৰা ৰাখা। মই যেনেকৈ জগতৰ নহওঁ, তেওঁবিলাকো তেনেকৈ জগতৰ নহয়। সত্যতাত তেওঁবিলাকক পবিত্ৰ কৰা; তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৪-১৭) আঁহক আমি একেৰাহে যিহোৱাৰ বাক্য পালন কৰোঁহঁক।

১৭. যদি আমি ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যৰ প্ৰতি অৱহেলা কৰা হʼলে কি হʼলহেঁতেন? সেইবাবে আমি কি কৰা উচিত?

১৭ এতেকে আমি যিহোৱাৰ সেৱক হোৱাৰ বাবে তেওঁলৈ পবিত্ৰ উপাসনা আগবঢ়াবলৈ আৰু নিজকে এই জগতৰ পৰা পৃথকে ৰাখিব বিচাৰোঁ। যদি আমি তেওঁ স্মৰণ কৰাই দিয়া বাক্যৰ অনুসাৰে জীৱন নিৰ্বাহ নকৰাহেঁতেন, এই জগতৰ বিচাৰধাৰা, আচাৰ-ব্যৱহাৰ, কথা-বতৰা, মনোৰঞ্জনে আমাক সাঙুৰি ললেহেঁতেন। কিন্তু আমি ঈশ্বৰৰ স্মৰণী বাক্যৰ অনুসাৰে জীৱন-যাপন কৰাৰ বাবে আমি নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হোৱা, এনে মনোবৃত্তিৰ পৰা আমি আঁতৰি থাকোঁ। (২ তীমথিয় ৩:১-৫) যিহেতু আমি জানোঁ যে এই দুষ্ট জগতৰ একেবাৰে শেষ কালত জীয়াই আছোঁ, এতেকে আঁহক আমি যিহোৱাৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ সোঁৱৰাই দিয়া বাক্যক একেৰাহে পালন কৰোঁ অৰ্থাৎ ‘তেওঁৰ বাক্যৰ দ্বাৰাই মনোযোগ দি থাকোঁ।’—গীতমালা ১১৯:৯.

১৮. ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যই আমাক কি উচিত পদক্ষেপ লবলৈ সহায় কৰে?

১৮ যিহোৱাই স্মৰণ কৰাই দিয়া বাক্যই আমাক মাত্ৰ অনুচিত কাৰ্য্য কৰাৰ পৰা দূৰত ৰাখে এনে নহয় কিন্তু উচিত মনোবৃত্তিৰে কাৰ্য্য কৰিবলৈও সহায় কৰে। ইয়াৰ ওপৰিও, যিহোৱাত ভৰসা ৰখা আৰু তেওঁক সকলো হৃদয়েৰে, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে প্ৰেম কৰিবলৈ উৎসাহিত কৰে। (দ্বিতীয় বিবৰণ ৬:৫; গীতমালা ৪:৫; হিতোপদেশ ৩:৫, ৬; মথি ২২:৩৭; মাৰ্ক ১২:৩০) ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যই আমাক ওচৰ-চুবুৰীয়াকো প্ৰেম কৰিবলৈ অনুপ্ৰেৰিত কৰে। (লেবীয়া পুস্তক ১৯:১৮; মথি ২২:৩৯) সেয়েহে আমি তেওঁৰ ইচ্ছাৰ অনুসাৰে চলি আৰু আনক জীৱন-ৰক্ষক অৰ্থাৎ “ঈশ্বৰৰ জ্ঞান” বিষয়ে জনোৱাৰ দ্বাৰাই ওচৰ-চুবুৰীয়া প্ৰতি প্ৰেম প্ৰকাশ কৰোঁ। ইয়াৰ ওপৰিও ঈশ্বৰে দিয়া কাৰ্য্য কৰি এইটো দেখুৱাওঁ যে আমি তেওঁক প্ৰেম কৰোঁ।—হিতোপদেশ ২:১-৫.

ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যক পালন কৰাৰ অৰ্থ হৈছে অনন্ত জীৱন লাভ কৰা!

১৯. কেনেকৈ আমি আনক দেখুৱাৱ পাৰোঁ যে যিহোৱাই সোঁৱৰাই দিয়া বাক্য তেওঁলোকৰ বাবে ব্যৱহাৰিক আৰু লাভদায়ক?

১৯ যদি আমি তেওঁ সোঁৱৰাই দিয়া বাক্যক পালন কৰি আনকো সেই একেই দৰে কৰিবলৈ সহায় কৰোঁ, তেনেহʼলে আমি নিজকে আৰু আনৰো জীৱন ৰক্ষা কৰিব পাৰিম। (১ তীমথিয় ৪:১৬) আমি কেনেকৈ আনক প্ৰকাশ কৰি দেখুৱাব পাৰোঁ যে যিহোৱাৰ সোঁৱৰাই দিয়া বাক্যক পালন কৰাটো ব্যৱহাৰিক আৰু লাভদায়ক? ইয়াৰ বাবে আমি নিজেই প্ৰথমে বাইবেলৰ সিদ্ধান্ত অনুসাৰে জীৱন নিৰ্বাহ কৰা আৱশ্যক। এতেকে “যিমান লোকে অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল,” তেওঁলোকে

প্ৰমাণ কৰি দেখুৱালে যে ঈশ্বৰৰ বাক্যত থকা জীৱনৰ পথটো সঁচাকৈ উত্তম। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) গতিকে ‘ঈশ্বৰে তেওঁলোকৰ মাজত আছে’ বুলি নিজেই অনুভৱ কৰিব পাৰিব আৰু সৰ্ব্বশক্তিমান যিহোৱাৰ উপসনা কৰিবলৈ আগবাঢ়ি আহিব।—১ কৰিন্থীয়া ১৪:২৪, ২৫.

২০, ২১. ঈশ্বৰৰ সোঁৱৰণী বাক্য আৰু তেওঁৰ আত্মাই আমাক কি কৰিবলৈ উৎসাহিত কৰে?

২০ এতেকে আমি একেৰাহে যিহোৱাৰ বাক্যক অধ্যয়ন কৰি আৰু যিহোৱাৰ ব্যৱস্থা কৰা আধ্যাত্মিক প্ৰৱন্ধৰ পৰা যি যি শিকিছোঁ তাক নিজৰ জীৱনত ব্যৱহাৰ কৰি, ঈশ্বৰৰ সাক্ষ্য বাক্যক প্ৰেম কৰিব পাৰিম। ইয়াৰ ওপৰিও সেই সাক্ষ্য বাক্য অৰ্থাৎ ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যই আমাক ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰি নতুন পুৰুষ ধাৰণ কৰাত সহায় কৰিব। (ইফিচীয়া ৪:২০-২৪) ঈশ্বৰৰ এই সোঁৱৰণী বাক্য আৰু তেওঁৰ পবিত্ৰ আত্মাই আমাক এই গুণসমূহ বিকাশিত কৰাত সহায় কৰে, যাৰ বিষয়ে বাইবেলত এইদৰে কোৱা হৈছে: “প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন, এই সকলো আত্মাৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আমি জানো যে, আমি ঈশ্বৰৰ পৰা হওঁ, আৰু গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (গালাতীয়া ৫:২২, ২৩; ১ যোহন ৫:১৯) গতিকে আমি যেতিয়া যিহোৱাই আমাক ব্যক্তিগত অধ্যয়ন, নিযুক্ত প্ৰচীনসকল, সভা আৰু অধিৱেশনৰ যোগেদি তেওঁৰ বাক্যক সোঁৱৰাই দিয়া হয় তেতিয়া আমি কৃতজ্ঞতা অনুভৱ কৰা আৱশ্যক।

২১ আমি যিহোৱাৰ সোঁৱৰণী বাক্যক পালন কৰি ধাৰ্ম্মিকতাৰ বাবে ক্লেশৰ সন্মূখীন হওঁ, সেই সময়তো আনন্দিত হʼব পাৰোঁ। (লূক ৬:২২, ২৩) কিয়নো আমি জানোঁ যে পৰিস্থিতি যিমানে বেয়ালৈ গতি নকৰক কিয় যিহোৱাই নিশ্চয়ে আমাক ৰক্ষা কৰিব। বিশেষকৈ এই সময়ত উদ্ধাৰৰ বাবে যিহোৱালৈ অপেক্ষা কৰাটো আগতৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিয়নো এই সময়ত যিহোৱাই তেওঁৰ ‘মহা-দিনৰ যুদ্ধ অৰ্থাৎ হৰ-মাগিদনলৈ’ সকলো জাতিকে একগোট কৰা হৈছে।—প্ৰকাশিত বাক্য ১৬:১৪-১৬.

২২. যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ প্ৰতি আমি কি নিৰ্ণয় লোৱা উচিত?

২২ যদি আমি অনন্ত জীৱন উপহাৰৰূপে পাবলৈ বিচাৰোঁ তেনেহʼলে আমি যিহোৱাৰ সাক্ষ্যবোৰক অতিশয় প্ৰেম কৰিব লাগিব আৰু সম্পূৰ্ণ হৃদেয়ৰে পালন কৰা আৱশ্যক। সেইবাবে আমি ৰজা দায়ুদৰ দৰে মনোবৃত্তি ৰখা প্ৰয়োজন, এতেকে তেওঁ কৈছিল: “তোমাৰ সাক্ষ্যবোৰ অনন্ত কাললৈকে ন্যায়; মই জীয়াই থাকিবৰ নিমিত্তে মোক জ্ঞান দান কৰা।” (গীতমালা ১১৯:১৪৪) গতিকে আমি ৰজা দায়ুদে কোৱা এই বাক্যশাৰীৰ দৰে দৃঢ়ভাৱে এইদৰে কʼব পাৰিম, “মই তোমাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোক পৰিত্ৰাণ কৰা; তাতে মই তোমাৰ সাক্ষ্যবোৰ পালন কৰিম।” (গীতমালা ১১৯:১৪৬) এতেকে আঁহক আমি নিজ বাক্য আৰু কাৰ্য্যৰ যোগেদি এইটো ঠিৰাং কৰোঁহঁক যে আমি যিহোৱাৰ সোঁৱৰণী বাক্যক অতিশয় প্ৰেম কৰোঁ।

আপুনি কেনেকৈ উত্তৰ দিব?

•যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ প্ৰতি ৰজা দায়ুদে কেনে মনোবৃত্তি দেখুৱাইছিল?

•আমাক কিয় ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যৰ প্ৰয়োজন?

•ঈশ্বৰে সোঁৱৰাই দিয়া বাক্যৰ সন্দৰ্ভত আমাৰ সভাসমূহে কি ভূমিকা আদায় কৰে?

•যিহোৱাই সোঁৱৰাই দিয়া বাক্যই কেনেকৈ আমাক এই জগতৰ পৰা পৃথক ৰাখে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৩ পৃষ্ঠাৰ ছবি]

ৰজা দায়ুদে যিহোৱাৰ সোঁৱৰণী বাক্যক অধিকৈ প্ৰেম কৰিছিল

১৪, ১৫ পৃষ্ঠাৰ ছবি]

বৃদ্ধা হান্নাৰ আৰ্হিক অনুকৰণ কৰি আমি নিতৌ সভাহত উপস্থিত থাকিবৰ বাবে ঠিৰাং কৰিছোঁনে?

[১৬ পৃষ্ঠাৰ ছবি]

যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ অনুসাৰে জীৱন-যাপন কৰি, নিজকে এই জগতৰ পৰা পৃথক ৰাখি তেওঁলৈ পবিত্ৰ সেৱা অৰ্পন কৰোঁ