Skip to content

Skip to table of contents

বাইবেলখনক স্বীকাৰ আৰু অস্বীকাৰ কৰা হ’ল

বাইবেলখনক স্বীকাৰ আৰু অস্বীকাৰ কৰা হ’ল

বাইবেলখনক স্বীকাৰ আৰু অস্বীকাৰ কৰা হʼল

ষোল শতিকা এজন বিখ্যাত ডাচ্‌ লিখক, ডেচীডৰীয়াচ ইৰেছমছে এইদৰে লিখিছিল: “মই বিচাৰোঁ যে সকলো ভাষাতে বাইবেলখনৰ অনুবাদ কৰা হওঁক।”

 প্ৰকৃততে ইৰেছমছে বাইবেলখনক সকলো ভাষাতে অনুবাদ হোৱাতো বিচাৰিছিল, যাতে সকলো ব্যক্তিয়ে ইয়াক পঢ়ি বুজিব পাৰে। কিন্তু বাইবেলৰ বিৰোধীসকলে এই বিষয়ে প্ৰবলভাবে বিৰোধ কৰিছিল। সেই সময়ত বাইবেলৰ প্ৰতি আগ্ৰহ থকা লোকসকলৰ বাবে ইউৰোপৰ পৰিস্থিতি অনুকুলজনক নাছিল, কিয়নো তেনে লোকৰ বাবে প্ৰতিটো মূহূৰ্ত্ততে বিপদে অপেক্ষা কৰি আছিল। ইয়াৰ ওপৰিও ইংলেণ্ডৰ সংবিধানে এই আদেশ জাৰি কৰিছিল যে “যদি কোনো ব্যক্তিয়ে ইংৰাজী ভাষাত বাইবেল পঢ়ে তেনেহʼলে তেওঁ সম্পত্তি, ঘৰ-দুৱাৰ আনকি নিজৰ জীৱনো হেৰুৱাব লাগিব . . . কিন্তু যদি কোনোবাই এই আজ্ঞাক উলঙ্ঘন কৰি ক্ষমা পোৱাৰ স্বত্ত্বেও বাইবেল পঢ়ে তেন্তে ৰজাৰ আজ্ঞাৰ বিৰুদ্ধে অপৰাধ কৰাৰ বাবে ফাঁচি দিয়া হʼব আৰু ঈশ্বৰৰ নিয়ম ভঙ্গ কৰাৰ বাবে মৃত্যুৰ পাছত তেওঁৰ মৃতদেহক জ্বলোৱা হʼব।”

সেই সময়ত ইউৰোপ মহাদেশৰ মূখ্য চহৰবোৰত “সাধাৰণ লোকক বাইবেলৰ বিষয়ে প্ৰচাৰ কৰা আৰু তাক বৰ্ণনা কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।” যেতিয়া ফ্ৰান্স দেশৰ ৱাল্ডেনচেছ্‌ৰৰ লোকসমূহে “বাইবেলত পাঁচনিসকলে লিখা শুভবাৰ্ত্তাৰ কিতাপ আৰু আন আন ভাগক প্ৰচাৰ কৰিব ধৰিলে” সেই সময়ত কেথলিক গীৰ্জাই তেওঁলোকক “ধৰ্ম-বিদ্ৰোহী” বুলি দোষাৰোপ কৰি নিষ্ঠুৰভাৱে হত্যা কৰিছিল। যিসকলে প্ৰভুৰ প্ৰাৰ্থনা আৰু দহোটা আজ্ঞাক পুনৰুক্তি কৰিছিল বা নিজৰ লʼৰা-ছোৱালীক সেই বিষয়ে শিকাইছিল তেওঁলোকেও এই কঠোৰ অত্যাচাৰৰ সন্মুখীন হʼবলগীয়া হৈছিল।

কিন্তু তথাপিও এনে বহুতো লোকে অত্যাচাৰক সহন কৰি নিজৰ হৃদয়ত ঈশ্বৰৰ বাক্যৰ প্ৰতি গভীৰ প্ৰেম দেখুৱালে। তেওঁলোকৰ কিছুমানে প্ৰথমে উত্তৰ আমেৰিকাত গৈ বাস কৰিবলৈ ধৰিলে। তেওঁলোকৰ বিষয়ে এ হিষ্ট্ৰী অভ্‌ প্ৰাইভেট্‌ লাইফ—পেইশ্ব্যান্‌চ্‌ অভ্‌ দ্যা ৰেনাইশ্ব্যান্‌চে এইদৰে কৈছে: “সেই সময়ৰ পৰাই আমেৰিকাত বাইবেল পঢ়াটো ধৰ্ম্মৰ এক বিশেষ ভাগ হৈ পৰিছিল। গতিকে তেওঁলোকৰ সকলোৱে বাইবেলত উল্লেখ কৰা প্ৰত্যেকটো বাক্যৰ বিষয়ে জানিছিল।” ১৯৬৭ চনত প্ৰকাশিত হোৱা এটা ধৰ্ম্ম-উপদেশৰ বিৱৰণিত এইদৰে কোৱা হৈছিল: “প্ৰত্যেক দিনা মনোযোগেৰে বাইবেলখনৰ এটা অধ্যায় পঢ়া আৱশ্যক।”

আজিৰ সময়টো সেই ধৰ্ম্ম-উপদেশৰ বাক্যশাৰীক পালন কৰা আৱশ্যকনে? কেলিফʼৰ্ণিয়াত থকা ৱেন্টুৰাৰ বাৰ্না নামৰ এজন ব্যক্তিৰ নিৰীক্ষণৰ অনুসৰি আমেৰিকাত ৯০ শতাংশতকৈ অধিক লোকৰ ওচৰত গড় হিচাপে তিনিখনকৈ বাইবেল আছে। অলপতে কৰা আন এক নিৰীক্ষণৰ অনুসাৰে জানিব পৰা গৈছে যে যদিও লোকসকলে বাইবেলখনক শ্ৰদ্ধা কৰে কিন্তু ইয়াক অধ্যয়ন কৰিবলৈ তেওঁলোকে সময় উলিয়াব নিবিচাৰে, কিয়নো তেওঁলোকৰ বাবে অধ্যয়ন কৰাটো এটা অতীতৰ বিষয় হৈ পৰিল।” বৰ্তমান সময়ত অতি কমসংখ্যক লোকৰহে বাইবেলখনৰ বিষয়ে জ্ঞান আছে। এখন বাতৰি-কাকত এইদৰে প্ৰকাশ পাইছিল: “বৰ্তমান সময়টো বাইবেলৰ উপদেশ পালন কৰি নিজৰ সমস্যা আৰু চিন্তাক আতঁৰাব বুলি লোকসকলে কেতিয়াও বিবেচনা নকৰে।”

বাইবেলখনৰ প্ৰতি লোকসকলৰ ধাৰণা

বৰ্তমান সময়ত, লোকসকলে ভাবে যে কিছু মাত্ৰাত জ্ঞানীৰ দৰে কাৰ্য্য কৰা বা এজনে আনজনক সহায় কৰাৰ দ্বাৰাই জীৱনত উন্নতি লাভ কৰিব পৰা যায়। সেয়েহে এনে ক্ষেত্ৰত বাইবেলৰ পৰামৰ্শৰ কোনো আৱশ্যকতা নাই। কিন্তু তথাপিও লোকসকলে বাইবেলখনক প্ৰকৃত ঘটনা আৰু সত্যক প্ৰকাশ কৰা কিতাপৰ পৰিৱৰ্তে ইয়াক কিছুমান লোকৰ জীৱনীৰ বিষয়ে উল্লেখ থকা এখন ভাল ধৰ্ম্মৰ কিতাপ বুলি স্বীকাৰ কৰে।

তেনেহʼলে বৰ্তমান সময়ত লোকসকলে কেনেকৈ গভীৰ সমস্যাবোৰৰ সন্মূখীন হৈছে? দৰাচলতে, তেওঁলোকে আধ্যাত্মিক বিষয়ৰ প্ৰতি একেবাৰে শূন্য হৈ পৰিছে। সেইবাবে তেওঁলোকৰ ওচৰত জীৱন-যাপন কৰিবলৈ কোনো সঠিক আদৰ্শ নাই, আনকি তেওঁলোকৰ ধৰ্ম্ময়েও সঠিক পথ-প্ৰদৰ্শন দিব পৰা নাই। কিয়নো বাইবেলে তেওঁলোকৰ বিষয়ে এইদৰে কৈছে, তেওঁলোকে “মানুহৰ ঠগত, ধূৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ ঢলংপলং কৰোৱা, আৰু সকলো বিধ শিক্ষাৰূপ বতাহত ইফাল সিফাললৈ” যোৱা এখন বঠা নোহোৱা নাওঁৰ দৰে।—ইফিচীয়া ৪:১৪.

তেনেহʼলে বাইবেলখন অন্য ধৰ্ম্ম-গ্ৰন্থৰ দৰে এখন সাধাৰণ কিতাপনে? বাস্তৱতে বাইবেলখন ঈশ্বৰৰ বাক্যনে? বাইবেলখনত আমাৰ বাবে কোনো আৱশ্যকীয় আৰু ব্যৱহাৰিক পৰামৰ্শ আছেনে? (২ তীমথিয় ৩:১৬, ১৭) বাইবেলক চালি-জাৰি চোৱাতো আমাৰ বাবে সঠিক হʼবনে? এই প্ৰশ্নবোৰৰ উত্তৰ পৰৱৰ্তী লেখত আলোচনা কৰা হʼব।

[৩ পৃষ্ঠাৰ ছবি]

ডেচীডৰীয়াচ ইৰেছমছে

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

From the book Deutsche Kulturgeschichte

[৪ পৃষ্ঠাৰ ছবি]

বাইবেলখন প্ৰচাৰ কৰাৰ বাবে ৱাল্ডেনচেছ্‌ৰৰ লোকসকলক এটা ভয়ানক ষড়যন্ত্ৰ ৰচি নিষ্ঠুৰৰূপে অত্যাচাৰ কৰা হʼল

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Stichting Atlas van Stolk, Rotterdam