Skip to content

Skip to table of contents

বাইবেলখন আমাৰ বাবে এখন ব্যৱহাৰিক কিতাপ

বাইবেলখন আমাৰ বাবে এখন ব্যৱহাৰিক কিতাপ

বাইবেলখন আমাৰ বাবে এখন ব্যৱহাৰিক কিতাপ

 “কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, . . . আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।” (ইব্ৰী ৪:১২) ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলখনত দিয়া পৰামৰ্শসমূহ বাস্তৱতে কাৰ্য্যকাৰী আৰু ইয়াক এখন মাত্ৰ ভাল কিতাপ বুলি কোৱাটোৱেই যথেষ্ট নহয়।

যিহেতু এই বিষয়ে এজন ধৰ্ম্মীয় লিখকে বাইবেলখনৰ গভীৰতাৰ বিষয়ে বৰ্ণনা কৰি এইদৰে কৈছিল: “আমি জীয়াই থাকিবলৈ যিদৰে উশাহ-নিশাহ লোৱা আৱশ্যক ঠিক সেইদৰে আধ্যাত্মিকতাত জীয়াই থাকিবলৈ বাইবেলৰ পৰামৰ্শসমূহ গ্ৰহণ কৰা আৱশ্যক। বৰ্তমান সময়ত লোকসকলৰ জীৱন ঘোৰ এন্ধাৰে বেৰি ধৰিছে। গতিকে তেওঁলোকে পোহৰৰ কোনো পথ বিচাৰি পোৱা নাই, সেইবাবে তেওঁলোকৰ বাবে সঠিক পথ-প্ৰদৰ্শনৰ অতি আৱশ্যক হৈ পৰিছে। একমাত্ৰ বাইবেলেহে সঠিক পথ-প্ৰদৰ্শন দিব পাৰে, যাৰ পৰামৰ্শসমূহ পালন কৰাৰ দ্বাৰাই আপুনি অধিককৈ লাভৱান হʼব পাৰিব।” আমি বাইবেলখনক এটা টৰ্ছলাইটৰ সৈতে তুলনা কৰিব পাৰোঁ, যাৰ পোহৰৰ যোগেদি বৰ্তমান জীৱনত অহা বিভিন্ন সমস্যাৰ সমাধান কৰাৰ সঠিক পথ বিচাৰি পাব পাৰোঁ।—গীতমালা ১১৯:১০৫.

বাস্তৱতে, বাইবেলত প্ৰকাশ কৰা জ্ঞানৰ বিষয়বোৰ ইমানে শক্তিশালী যে ই আমাৰ বিচাৰ-ধাৰাকো সলনি কৰিব পাৰে, সমস্যাবোৰৰ সন্মূখীন হʼবলৈ জ্ঞান দিয়ে, জীৱন-প্ৰণালীক উন্নতি কৰে আৰু এনেধৰণৰ পৰিস্থিতিসমূহকো সমাধান কৰিবলৈ সহায় কৰে যাক আমি কোনেও সাল-সলনি কৰিব নোৱাৰোঁ। ইয়াৰ ওপৰিও, সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে বাইবেলখনে আমাক ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁক প্ৰেম কৰিবলৈ শিক্ষা দিয়ে।

বাইবেলখনে জীৱনত এক উদ্দেশ্য প্ৰদান কৰে

যিহোৱা ঈশ্বৰেই হৈছে বাইবেলখনৰ আচল লিখক আৰু আমাৰ সৃষ্টিকৰ্ত্তা। গতিকে তেওঁ আমাৰ ‘সকলোবোৰ গতিৰ বিষয়ে’ অৰ্থাৎ আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকৰ বাবে কি কি আৱশ্যক তাক ভালদৰে জানে। (গীতমালা ১৩৯:১-৩) সেইবাবে আমি কি কৰা উচিত আৰু কি কৰা অনুচিত এইবিষয়ে স্পষ্টৰূপে তেওঁ পৰামৰ্শ দিছে। (মীখা ৬:৮) সেই পৰামৰ্শবোৰক জানিবলৈ চেষ্টা কৰা আৰু সেইমতে চলাটো সঁচাকৈ বুদ্ধিমানৰ কাম হʼব। সেয়েহে গীতমালাৰ লিখকে কৈছে যে “যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট” হোৱা ব্যক্তি ধন্য আৰু “সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” (গীতমালা ১:১-৩) গতিকে বাইবেলৰ অনুসৰি চলিলে আপুনি কিমান লাভৱান হʼব, এই বিষয়ে জানিবলৈ নিবিচাৰেনে?

মʼৰিচ নামৰ এজন অৱসৰপ্ৰাপ্ত স্কুল শিক্ষকে প্ৰায়ে বিশ্বাস কৰিছিল যে বাইবেলখন হৈছে ঐতিহাসিক আৰু সাহিত্যিক দৃষ্টিভঙ্গীৰ ফালৰ পৰা এখন বহুমূলীয়া কিতাপ। যিহেতু তেওঁ ডেকা অৱস্থাত বুৰঞ্জী, সাহিত্য, বিজ্ঞান আৰু ভূগোল আদি বিষয়বোৰক অধ্যয়ন কৰাৰ প্ৰতি অতি ৰাপ আছিল। সেইবাবে তেওঁ নিজকে জ্ঞানী হিচাপে বিবেচনা কৰিছিল আৰু বাইবেল অধ্যয়ন কৰাটো আৱশ্যক নহয় বুলি ভাবিছিল। গতিকে বাইবেলখন সচাঁকৈ ঈশ্বৰৰ প্ৰেৰণাৰ দ্বাৰাই লিখা নাই বুলি তেওঁ সন্দেহ কৰিছিল। কিন্তু যেতিয়া মʼৰিচক বুজাই দিয়া হʼল যে ঈশ্বৰে মানৱজাতিক কিয় নিজৰ বাক্য প্ৰদান কৰিলে, তেতিয়াৰ পৰাই তেওঁ বাইবেলত উল্লেখ কৰা বহুতো ভৱিষ্যতবাণীৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিব ধৰিলে। পাছলৈ তেওঁ এইদৰে কৈছিল: “মই জীৱনত ধন-সম্পত্তি আৰু বিলাসিতাৰ জীৱন উপভোগ কৰিছিলোঁ। কিন্তু পৃথিৱীৰ সকলোতকৈ ভাল কিতাপখনৰ গুৰুত্বতা বুজি পাবলৈ আৰু সত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ প্ৰায়ে অৱহেলা কৰিছিলোঁ।”

সত্তৰ বছৰীয়া মʼৰিচে নিজৰ অৱস্থাক পাঁচনি থোমাৰ ঘটনাৰ সৈতে তুলনা কৰি এইদৰে কৈছিল: “পাঁচনি থোমাৰ দৰে ময়ো যেন যীচুৰ তেজেৰে গোটমাৰি থকা আঘাত পোৱা ঠাইখিনিক যেন নিজ হাতেৰে স্পৰ্শ কৰিলোঁ আৰু মোৰ মনৰ পৰা বাইবেলৰ প্ৰতি থকা সন্দেহ আতঁৰি গʼল। মই এতিয়া বাইবেলখনক সম্পূৰ্ণকৈ বিশ্বাস কৰোঁ যে ই সকলো দিশৰ পৰা সঠিক আৰু সত্য।” (যোহন ২০:২৪-২৯) এই বিষয়ে পাঁচনি পৌলে স্পষ্টকৈ কৈছিল যে বাইবেলখনে আমাৰ মনৰ ভাবনাবোৰক প্ৰকাশ কৰে আৰু জীৱনত এক উদ্দেশ্য প্ৰদান কৰে। বাস্তৱতে বাইবেলখন হৈছে জীৱনত সঠিক পথ দেখুৱা এখন প্ৰমাণিক কিতাপ।

সমস্যাগ্ৰস্ত জীৱনটো সঠিক পথ প্ৰদান কৰে

বাইবেলে মানুহক নিজৰ বেয়া অভ্যাসবোৰক ত্যাগ দিবলৈ কাৰ্য্যকাৰী পৰামৰ্শ আগবঢ়ায়। এই বিষয়ে দানিয়েল নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। তেওঁ এনে এজন ব্যক্তি আছিল, যিজনৰ ধুম্ৰপান কৰা, পাৰ্টীত ভাগ লৈ অধিকমাত্ৰাত মদ্যপান কৰাৰ দৰে বেয়া অভ্যাসবোৰ আছিল। কিন্তু পাছলৈ বাইবেলৰ পৰামৰ্শবোৰ পালন কৰি এই সকলোবোৰ বেয়া অভ্যাস ত্যাগ কৰিলে। (ৰোমীয়া ১৩:১৩; ২ কৰিন্থীয়া ৭:১; গালাতীয়া ৫:১৯-২১) সঁচাকৈ, এনেধৰণৰ বেয়া অভ্যাসক সম্পূৰ্ণকৈ ত্যাগ দি ‘নতুন ব্যক্তিত্ব’ ধাৰণ কৰিবলৈ দৃঢ়সঙ্কল্প আৰু প্ৰচেষ্টাৰ আৱশ্যক। (ইফিচীয়া ৪:২২-২৪) কিয়নো “আমি সকলোৱে অসিদ্ধ হোৱাৰ কাৰণে দানিয়েলক সেই বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ প্ৰকৃততে তেওঁৰ বাবেও এক প্ৰত্যাহ্বানজনক আছিল।” কিন্তু একেৰাহে চেষ্টা কৰাৰ ফলত তেওঁ এই বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ সফল হʼল। এতিয়া দানিয়েলে নিতৌ বাইবেল পঢ়ে আৰু ইয়াৰ দ্বাৰাই তেওঁ যিহোৱাৰ সৈতে এক ঘনিষ্ঠ সম্বন্ধ বজাই ৰাখিব পাৰিছে।

ইয়াৰ আগতে দানিয়েলে কেতিয়াও বাইবেল পঢ়া নাছিল, কিন্তু যদিও তেওঁ সৰুৰে পৰাই বাইবেলখনৰ প্ৰতি তেওঁৰ গভীৰ শ্ৰদ্ধা আছিল আৰু প্ৰত্যেক নিশাই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। তথাপিও তেওঁৰ জীৱন সুখী নাছিল। সেয়েহে যেতিয়া তেওঁ বাইবেলত ঈশ্বৰৰ নাম প্ৰথমবাৰৰ বাবে দেখিবলৈ পাই, তেওঁৰ জীৱনে এক নতুন দিশ লʼলে। (যাত্ৰাপুস্তক ৬:৩; গীতমালা ৮৩:১৮) তেতিয়াৰে পৰাই তেওঁ যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰে আৰু এইদৰে তেওঁ যিহোৱাক নিজৰ কাষত থকা যেন অনুভৱ কৰে। তেওঁ কৈছিল যে “তেতিয়াৰ পৰা আজিলৈকে মই অনুভৱ কৰিবলৈ পাৰিছোঁ যে একমাত্ৰ যিহোৱাই হৈছে মোৰ ঘনিষ্ট বন্ধু।”

প্ৰকৃততে বাইবেল অধ্যয়ন কৰাৰ আগতে দানিয়েলৰ ভৱিষ্যত অন্ধকাৰময় আছিল। সেয়েহে তেওঁ এইদৰে কৈছিল: “বৰ্তমান সময়ত এজন অশিক্ষিত ব্যক্তিয়েও কব পাৰে যে এই জগতখনত কি কি ঘটি আছে। আৰু যেতিয়া মই এই ঘটনাবোৰৰ বিষয়ে বিবেচনা কৰিছিলোঁ, তেতিয়া ভৱিষ্যতে আহিবলগীয়া পৰিস্থিতিসমূহে মোক ব্যাকুল কৰি তুলিছিল। সেইবাবে নিজৰ মনটোক এই বিষয়ৰ পৰা আঁতৰাই ৰাখিবলৈ মই নিজকে আন আন কাৰ্য্যবোৰত ব্যস্ত ৰাখিছিলোঁ।” কিন্তু পাছলৈ দানিয়েলে জানিব পাৰিলে যে ঈশ্বৰে এই জগতত থকা সকলোবোৰ দুষ্টতাক শেষ কৰি পৃথিৱীখনক পৰিস্কাৰ কৰিব আৰু তাত নিষ্ঠাৱান লোকসকলে চিৰকালৰ বাবে সুখ-শান্তিৰে জীৱন-যাপন কৰিব। (গীতমালা ৩৭:১০, ১১; দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ২১:৩, ৪) এইদৰে দানিয়েলে জীৱনত এক নতুন আশা আৰু সঠিক পথ লাভ কৰিলে। এতিয়া তেওঁ সুখেৰে জীৱন-যাপন কৰিব পাৰিছে।

বাইবেলে মানসিক সমস্যাবোৰতো জয়ী হʼবলৈ সহায় কৰে।

এই সন্দৰ্ভত জৰ্জ নামৰ এজন ব্যক্তিৰ বিষয়ে বিবেচনা কৰক। তেওঁৰ সাত বছৰ বয়সতে মাকৰ মৃত্যু হয়। যেতিয়া তেওঁ শুৱে, এই কথা ভাবি প্ৰায়ে ভয়ভীত হৈছিল যে পিছৰ দিনা টোপনিৰ পৰা সাৰ পাব নে নাই। সেই একেই সময়ত তেওঁ বাইবেলৰ পৰা মানুহৰ মৃত্যু আৰু পুনৰ জীৱিত হোৱাৰ বিষয়ে পঢ়িবলৈ পায়, যʼত যীচুৱে এইদৰে কৈছিল: “কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।” জৰ্জে বিষেশকৈ যীচুৰ এই কথাৰ দ্বাৰা প্ৰভাৱিত হʼল, কিয়নো তেওঁ কৈছিল: “ময়েই পুনৰুত্থানো আৰু জীৱনো; যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ মৰিলেও জীব।” (যোহন ৫:২৮, ২৯; ১১:২৫) ফলস্বৰূপে এই বাক্যৰ সহায়ত তেওঁ সত্যক বিচাৰি পালে আৰু সান্ত্বনা লভিলে। পাছলৈ জৰ্জে এইদৰে কৈছিল: “এই সত্য মাথো যুক্তিসঙ্গতেই নহয় কিন্তু ই হৃদয়কো স্পৰ্শ কৰে।”

ওপৰত উল্লেখ কৰা দানিয়েলেও ভয়ভীত হৈ জীৱন নিৰ্বাহ কৰিছিল। আচলতে, তেওঁক মাকে অকলে পোহ-পাল দিব নোৱাৰাৰ বাবে তেওঁৰ প্ৰতিপালন বেলেগ বেলেগ ঘৰত হৈছিল। তেওঁ আনৰ ঘৰখনক কেতিয়াও আপোন কৰি লʼব পৰা নাছিল আৰু এটা পৰিয়ালত থকা এজন ব্যক্তিয়ে যি প্ৰেম আৰু সুৰক্ষা অনুভৱ কৰে, তাক তেওঁ পাবলৈ হাবিয়াস কৰিছিল। শেষত যেতিয়া তেওঁ বাইবেল অধ্যয়ন কৰিবলৈ ধৰে তেতিয়া তেওঁ বিচৰা সেই সকলোবোৰক পালে। দানিয়েলে যিহোৱাৰ সাক্ষীসকলৰ লগত সঙ্গতি কৰিবলৈ ধৰিলে আৰু এইদৰে তেওঁ আধ্যাত্মিক পৰিয়ালৰ এজন সদস্য হৈ পৰিল। ইয়াত তেওঁ স্নেহ আৰু প্ৰেম পালে, এসময়ত যিটো তেওঁ পাবলৈ হাবিয়াস কৰিছিল। আচলতে এইটো সত্য যে বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰিলে আমাৰ মানসিক আৱশ্যকতাসমূহ পূৰ্ণ হয়।

গতিকে আমি এইটো পাহৰা উচিত নহয় যে যিহোৱাই আমাৰ হৃদয়ত কি আছে তাক স্পষ্টকৈ জানে আৰু তেওঁ এইটোও জানে যে আমি কিহৰ বাবে অপেক্ষা কৰিছোঁ। কিয়নো ঈশ্বৰে “হৃদয়ক পৰীক্ষা কৰে,” আৰু “প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল” দিয়ে।—হিতোপদেশ ২১:২; যিৰিমিয়া ১৭:১০.

পৰিয়াল জীৱনৰ বাবে ব্যৱহাৰিক পৰামৰ্শ

আমি এজনে আনজনৰ সৈতে কেনেকৈ আচৰণ কৰা আৱশ্যক, এই বিষয়েও বাইবেলে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়। এই বিষয়ে জৰ্জে কৈছিল: “যেতিয়া কোনো ব্যক্তিৰ সমন্ধৰ সৈতে মতবিৰোধ বা ভূল বুজা-বুজি হয়, তেতিয়া জীৱনলৈ এক অস্বস্তিকৰ পৰিৱেশ আহি পৰে।” এনেধৰণৰ সমস্যাবোৰক তেওঁ কেনেকৈ সমাধান কৰিছিল? তেওঁ এইদৰে কয়: “যদি মই অনুভৱ কৰোঁ যে কোনো এজনৰ বিষয়ে মোৰ হৃদয়ত কিছু মত-ভেদ আছে তেন্তে মই মথি ৫:২৩, ২৪ পদত কোৱা ‘নিজৰ ভাইৰ সৈতে মিল হোৱা’ উপদেশক পালন কৰোঁ। যেতিয়া মই মতভেদৰ বিষয়ে সেই ভাই বা ভনীৰ সৈতে আলোচনা কৰোঁ, তেনেহʼলে উত্তম পৰিণাম পোৱা যায়। সঁচাকৈ বাইবেলৰ পৰামৰ্শসমূহ কাৰ্য্যকাৰী আৰু লাভজনক।”—ফিলিপীয়া ৪:৬, ৭.

বিবাহিত দম্পতীসকলৰ বাবেও বাইবেলত পৰামৰ্শ দিয়া হৈছে। যেতিয়া কোনো স্বামী-স্ত্ৰীৰ মাজত কোনো কথাৰ বাবে মনোমালিন্য হয় সেই সময়ত তেওঁলোক দুয়োৱে “শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ” হোৱা আৱশ্যক। (যাকোব ১:১৯) এই উপদেশক পালন কৰিলে ইজনে-সিজনৰ সৈতে থকা মনোমালিন্য দূৰ হʼব। জৰ্জে আগলৈ এইদৰে কৈছিল: “নিজৰ স্ত্ৰীক নিজৰ দৰে প্ৰেম কৰিবলৈ কোৱা উপদেশক যেতিয়া মই পালন কৰিলোঁ, তেতিয়া আমাৰ দুয়োৰে মাজত ভাল সম্বন্ধ গঢ়ি উঠিল আৰু নিজ পত্নীক সন্মান কৰাটো মোৰ বাবে সহজ হৈ পৰিল।” (ইফিচীয়া ৫:২৮-৩৩) সঁচাকৈ, বাইবেলে আমাৰ ব্যক্তিগত দুৰ্ব্বলতাবোৰক আঁতৰ কৰাৰ উপৰিও আন আন দুৰ্ব্বলতাবোৰৰ সৈতে সফলতাৰে সন্মূখীন হʼবলৈ সহায় কৰে।

এনেধৰণৰ উপদেশ যিয়ে ধৈৰ্য্যশীল হʼবলৈ শিকায়

জ্ঞানী ৰজা চলোমনে এইদৰে কৈছিল: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৫, ৬) এই শব্দবোৰ বুজিবলৈ সহজ কিন্তু ইয়াৰ কিমান যে গভীৰ অৰ্থ আছে!

প্ৰকৃততে বাইবেলে আমাৰ বেয়া অভ্যাসৰ জীৱন-প্ৰণালীক সলনি কৰি উন্নতৰূপে জীৱন যাপন কৰাত সহায় কৰে। গতিকে যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকে নিজৰ জীৱন-প্ৰণালীক ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ “যিহোৱাৰ ব্যৱস্থা অনুসাৰে” সাল-সলনি কৰি জীৱনত আনন্দিত হʼব পাৰে। (গীতমালা ১১৯:১) সেয়েহে যেনেকুৱাই পৰিস্থিতি নহওঁক কিয় বাইবেলে আমাক পথ-প্ৰদৰ্শন আৰু উপদেশ দিয়ে যাৰ দ্বাৰাই আমি সেই সমস্যাবোৰক সমাধান কৰাত সক্ষম হʼম। (যিচয়া ৪৮:১৭, ১৮) এতেকে আপুনি নিয়মীতৰূপে বাইবেলখন পঢ়ি আৰু তাৰ পৰামৰ্শসমূহৰ অনুসাৰে জীৱন যাপন কৰা আৱশ্যক। এইদৰে কৰিলেহে যি পবিত্ৰ আৰু আদৰণীয় কথা সেইবোৰত আপুনি একেৰাহে চলি থাকিব পাৰিব। (ফিলিপীয়া ৪:৮, ৯) তেতিয়া আপোনাৰ জীৱন সুখী হোৱাৰ ওপৰিও যিহোৱা ঈশ্বৰৰ সৈতে এক অন্তৰঙ্গ বন্ধুত্ব গঢ়ি উঠিব।

যদি আপুনি বাইবেলৰ সকলোবোৰ পৰামৰ্শক পালন কৰে, তেনেহʼলে বৰ্তমান সময়ত লাখ সংখ্যক লোকে অনুভৱ কৰাৰ দৰে আপুনিও স্পষ্টকৈ জানিব পাৰিব যে বাইবেলখন মাত্ৰ এখন ভাল কিতাপেই নহয়, কিন্তু এখন ব্যৱহাৰিক পথ-প্ৰদৰ্শকো হয়। একমাত্ৰ বাইবেলখনেহে এনে প্ৰমাণীত কিতাপ যিয়ে আমাক সঠিক পথ-প্ৰদৰ্শন প্ৰদান কৰিব পাৰে।

[৬ পৃষ্ঠাৰ ছবি]

বাইবেলে আপোনাক, যিহোৱা ঈশ্বৰৰ সৈতে অন্তৰঙ্গ সম্বন্ধ গঢ়ি তোলাত সহায় কৰে

[৭ পৃষ্ঠাৰ ছবি]