Skip to content

Skip to table of contents

যিহোৱাৰ ব্যৱস্থা অনুসাৰে জীৱন-যাপন কৰিবলৈ আনক সহায় কৰক

যিহোৱাৰ ব্যৱস্থা অনুসাৰে জীৱন-যাপন কৰিবলৈ আনক সহায় কৰক

যিহোৱাৰ ব্যৱস্থা অনুসাৰে জীৱন-যাপন কৰিবলৈ আনক সহায় কৰক

“আমি তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ নেৰি, . . . সকলো সৎকৰ্ম্মত ফলৱন্ত হৈ . . . সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ [যিহোৱাৰ] যোগ্যৰূপে আচৰণ কৰা, এনে যাচ্‌না কৰি আছোঁ।”কলচীয়া ১:৯- ১১.

১, ২. কি ব্যৱহাৰিক সহায় আগবঢ়াই আমি সন্তোষ্ট আৰু আনন্দিত হʼব পাৰিম?

 দক্ষিণ আফ্ৰিকাৰ এহাল পূৰ্ণ সময় অগ্ৰগামী সেৱা কৰা বিবাহিত দম্পতীয়ে এইদৰে কয়—আমি এখন ফ্ৰামৰ ট্ৰেইলাৰ ঘৰ অৰ্থাৎ চলন্ত ঘৰত বাস কৰোঁ। আমি সাধাৰণভাৱে জীৱন-যাপন কৰাৰ বাবে আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যত অধিক সময় ব্যয় কৰিব পাৰোঁ। আমি আনক এইদৰে সহায় কৰাৰ বাবে যিহোৱাই আমাক আশীৰ্ব্বাদ দিছে। সেইবাবে বহুতে সত্যক স্বীকাৰ কৰি তেওঁলোকৰ পুৰণি আচাৰ-ব্যৱহাৰক ত্যাগ কৰি নতুন ব্যক্তিত্বক ধাৰণ কৰি নিজকে ঈশ্বৰলৈ সমৰ্পিত কৰিছে।”

গতিকে আপুনি তেওঁলোকে কোৱা কথা সন্মত নহʼবনে যে আনক সহায় কৰাৰ দ্বাৰাই আনন্দ লাভ কৰিব পাৰি? আপুনি নিশ্চয় সন্মত হʼব। সেইবাবে কিছুমান ভাই-ভনীয়ে ৰোগীয়া অৱস্থাত থকা ব্যক্তি, মানসিক কষ্ট ভোগা বা নিঃসঙ্গ ব্যক্তিক নিয়মিতৰূপে সহায় কৰে আৰু এইদৰে কৰাৰ দ্বাৰাই তেওঁলোকে আনন্দ লাভ কৰে। কিন্তু সত্য খ্ৰীষ্টানসকল নিশ্চিত যে তেওঁলোকে যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে যি জ্ঞান আনক দিছে, সেয়া হৈছে তেওঁলোকে কৰা আটাইতকৈ উত্তম সহায়। কিয়নো মাত্ৰ এই জ্ঞানে যীচুৰ মুক্তিপণক স্বীকাৰ কৰিবলৈ, ঈশ্বৰৰ সৈতে অটুট সম্বন্ধ বজাই ৰাখিবলৈ আৰু ইয়াৰ যোগেদি অনন্ত জীৱনৰ পথত চলিবলৈ সহায় কৰিব—পাঁচনিৰ কৰ্ম্ম ৩:১৯-২১; ১৩:৪৮.

৩. আমি সত্যত নথকা লোকসকলক সহায় কৰাৰ উপৰিও আৰু কোন সকলক সহায় কৰিব পাৰোঁ?

যিসকলে ইতিমধ্যে ঈশ্বৰৰ সেৱা কৰিছে, তেওঁলোকক কিদৰে সহায় কৰিব পাৰি আৰু কোনসকলে “এই পথত” চলিছে? (পাঁচনিৰ কৰ্ম্ম ১৯:৯) নিঃসন্দেহ, আপুনি তেওঁলোকক সহায় কৰিবলৈ ইচ্ছুক। কিন্তু আপুনি এইটো নাজানে যে তেওঁলোকৰ বাবে কেনেকৈ অধিক সহায় আগবঢ়াব পাৰি। আপোনাৰ পৰিস্থিতিয়ে হয়তো তেওঁলোকক সীমিত সহায় আগবঢ়াবলৈ সুযোগ দিব, এইদৰে আপুনি অলপহে সন্তুষ্টি লাভ কৰিব পাৰিব। (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) এই বিষয়ে আমি পাঁচনি পৌলে লিখা কলচীয়া কিতাপখনৰ পৰা বিবেচনা কৰোঁহঁক।

৪. (ক)পৌলে কেনেধৰণৰ পৰিস্থিতিত কলচীয়া মণ্ডলীলৈ চিঠি লিখিছিল? (খ) ইপাফ্ৰা কোন আৰু তেওঁ কেনে অৱদান আগবঢ়াইছিল?

পাঁচনি পৌলে ৰোমত বন্দী অৱস্থাত থকাৰ সময়ত কলচীয়াৰ ভাইসকলক পত্ৰ লিখিছিল, কিয়নো সেই ভাইসকলে তেওঁক সাক্ষাৎ কৰিব পাৰিছিল। ক্ষন্তেক বিবেচনা কৰক পৌলে বন্দী অৱস্থাত থকাৰ স্বত্ত্বেও, তেওঁৰ সীমিত স্বাধীনতাক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৮:১৬-৩১) তেওঁক সাক্ষাৎ কৰা খ্ৰীষ্টান ভাইসকলৰ ভিতৰত কিছুমানে হয়তো পৌলৰ সৈতে বন্দী আছিল। (কলচীয়া ১:৭, ৮; ৪:১০) পাঁচনি পৌলক সাক্ষাৎ কৰিবলৈ যোৱা ভাইসকলৰ মাজৰ এজন আছিল ইপাফ্ৰা নামৰ উৎসাহী প্ৰচাৰক। তেওঁ এচিয়া মাইনʼৰ (বৰ্তমান সময়ৰ তুৰ্কী) পশ্চিম ইফিচীয়া মালভূমি দেশৰ ফৰুগীয়াৰ কলচীয়া চহৰৰ পৰা আহিছিল। ইপাফ্ৰাই কলচীয়াত মণ্ডলী স্থাপন কৰোঁতে এক গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰিছিল আৰু ইয়াৰ উপৰিও তেওঁ সেই মণ্ডলীৰ ওচৰত থকা লায়দিকিয়া আৰু হিয়ৰাপলি মণ্ডলীৰ বাবেও কঠিন পৰিশ্ৰম কৰে। (কলচীয়া ৪:১২, ১৩) ইপাফ্ৰাই কিয় পৌলক সাক্ষাৎ কৰিবলৈ ৰোমলৈ গৈছিল আৰু পৌলে দিয়া প্ৰত্যুত্তৰ পৰা আমি কি শিকিব পাৰোঁ?

কলচীয়া মণ্ডলীৰ বাবে কাৰ্য্যকাৰী সহায়

৫. কলচীয়া মণ্ডলীয়ে যি কৰিছিল তাৰ বিষয়ে পৌলে কি লিখিছিল?

ইপাফ্ৰাই পৌলৰ সৈতে কলচীয়া মণ্ডলীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ৰোমলৈ যাত্ৰা কৰিছিল। তাত তেওঁ পৌলক, কলচীয়াত থকা খ্ৰীষ্টান ভাই-ভনীসকলৰ বিশ্বাস, প্ৰেম আৰু প্ৰচাৰ কাৰ্য্যৰ বাবে পৰিশ্ৰম কৰাৰ বিষয়ে সংবাদ দিছিল। (কলচীয়া ১:৪-৮) তদুপৰি তেওঁ কলচীয়া মণ্ডলীৰ ভাই-ভনীসকলৰ আধ্যাত্মিকতাত জাগতিক বিষয়সমূহে প্ৰভাৱিত কৰা বিষয়ে সংবাদ দিছিল। সেইবাবে পাঁচনি পৌলে মণ্ডলীত কিছুমান মিছা শিক্ষকে সিঁচৰিত কৰা ভূল দৃষ্টিভঙ্গীবোৰৰ বিষয়ে উল্লেখ কৰি যিহোৱাৰ দ্বাৰা প্ৰেৰিত হৈ কলচীয়া মণ্ডলীলৈ এখন চিঠি লিখিছিল। চিঠিখনত বিশেষকৈ তেওঁ যীচু খ্ৰীষ্টৰ মূখ্য ভূমিকাৰ বিষয়ে উল্লেখ কৰে। * পৌলে মাত্ৰ বাইবেলৰ সত্যৰ বিষয়ে জোৰ দি কয়, কলচীয়া মণ্ডলীলৈ সীমিত সহায় আগবঢ়াইছিলনে? তেওঁ কেনেকৈ কলচীয়া মণ্ডলীক সহায় কৰিছিল আৰু আমি আনক সহায় কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

৬. পৌলে কি বিষয়ে বেছি গুৰুত্ব দি কলচীয়া মণ্ডলীলৈ চিঠি লিখিছিল?

পাঁচনি পৌলে লিখা আৰম্ভণিৰ ভাগত আমাৰ সহায়ৰ বাবে অন্তদৃষ্টি আগবঢ়াইছে। ইয়াৰ অৰ্থ আছিল পৌল আৰু ইপাফ্ৰাই কলচীয়াৰ পৰা বহু আঁতৰত থকাৰ স্বত্ত্বেও সেই সহায় কৰিছিল যাৰ যোগেদি তেওঁলোকক লাভবান হৈছিল। পৌলে দৃঢ়ভাৱে লিখিছিল: “তোমালোকৰ কাৰণে সদায় প্ৰাৰ্থনা [ফুটনোট, “সদায় প্ৰাৰ্থনা কৰি থকা”] কৰি, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ।” সচাঁকৈ, এই প্ৰাৰ্থনা বিশেষকৈ কলচীয়াত থকা খ্ৰীষ্টান ভাই-ভনীসকলৰ বাবে আছিল। পৌলে আগলৈ এইদৰে কৈছিল: “এই কাৰণে, সেই কথা শুনা দিনৰে পৰা, আমি তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ নেৰি।”—কলচীয়া ১:৩, ৯.

৭, ৮. আমাৰ ব্যক্তিগত আৰু মণ্ডলীৰ সভাবোৰত কৰা আমাৰ প্ৰাৰ্থনাসমূহত সদায়ে কি বিষয় প্ৰায় উল্লেখ কৰা আৱশ্যক?

কিয়নো আমি জানো যে যিহোৱাই হৈছে “প্ৰাৰ্থনা শুনোতা জনা,” গতিকে আমি তেওঁত ভৰসা ৰাখিব পাৰোঁ যে তেওঁৰ ইচ্ছাৰ সামঞ্জস্যত কৰা আমাৰ প্ৰাৰ্থনাক নিশ্চয় শুনিব। (গীতমালা ৬৫:২; ৮৬:৬; হিতোপদেশ ১৫:৮, ২৯; ১ যোহন ৫:১৪) যেতিয়া আমি আনৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ প্ৰাৰ্থনা কেনে ধৰণৰ হোৱা উচিত?

আমি সদায়ে ‘জগতত থকা আমাৰ সকলো ভাই-ভনীসকলৰ সঙ্গতি’ (১ পিতৰ ৫:৯) বা কোনো স্থানত দূৰ্য্যোগ অথবা দুৰ্ঘটনাৰ সন্মূখীন হোৱা ভাই-ভনীসকলৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। প্ৰাচীন সময়তো তেনে অৱস্থাত থকা ভাই-ভনীসকলক আন ভাই-ভনীসকলে সহায় আগবঢ়াইছিল। উদাহৰণস্বৰূপে যেতিয়া প্ৰথম-শতাব্দীৰ শিষ্যসকলে যিহূদিয়াত আকাল হোৱাৰ বিষয়ে শুনিছিল, তেতিয়া তেওঁলোকলৈ সহায় পঠোৱাৰ আগতে যিহোৱালৈ তেওঁলোকৰ বিষয়ে যিহোৱাৰ আগত বহুবাৰ প্ৰাৰ্থনা কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ১১:২৭-৩০) ঠিক একেইদৰে বৰ্তমান সময়তো খ্ৰীষ্টান সভাবোৰত পৃথিৱীত থকা সকলো ভাই-ভনীসকলৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰা হয়। গতিকে মণ্ডলীৰ সভাবোৰত কৰা প্ৰাৰ্থনাক সহজ আৰু সৰল ভাবে প্ৰস্তুত কৰা আৱশ্যক যাতে তাত উপস্থিত থকা লোকে বুজি পায় আৰু প্ৰাৰ্থনাৰ শেষত সকলোৱে যেন “আমেন” বুলি কʼব পাৰে।—১ কৰিন্থীয়া ১৪:১৬.

আমাৰ প্ৰাৰ্থনা নিৰ্দিষ্ট হোৱা উচিত

৯, ১০. (ক)প্ৰাৰ্থনাত নিৰ্দিষ্টকৈ কোনো ব্যক্তিৰ নাম উল্লেখ কৰাৰ বিষয়ে বাইবেলত কেনে আৰ্হিবোৰ প্ৰস্তুত কৰা হৈছে? (খ) পৌল কিয় তেওঁৰ বিষয়ে উল্লেখ কৰি প্ৰাৰ্থনা কৰিবলৈ কলচীয়া মণ্ডলীক অনুৰোধ কৰিছিল?

বাইবেলে আনৰ বাবে বা নিৰ্দিষ্ট কোনো বিষয়ে উল্লেখ কৰি কৰা প্ৰাৰ্থনাৰ বহুতো উদাহৰণ প্ৰস্তুত কৰিছে। লূক ২২:৩১, ৩২ পদত উল্লেখ কৰা যীচুৱে কোৱা বাক্যশাৰীক মনোযোগ দিয়ক। তেওঁ সেই সময়ত তেওঁৰ ১১ জন বিশ্বাসী শিষ্যৰ সৈতে আছিল। তেওঁলোকে সন্মূখীন হʼব লগীয়া পৰীক্ষাত বিশ্বাসেৰে স্থিৰ থাকিবলৈ, যীচুৱে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছিল। (যোহন ১৭:৯-১৪) সেই প্ৰাৰ্থনাত যীচুৱে পাঁচনি পিতৰক সহায় কৰিবলৈ নিৰ্দ্দিষ্টভাৱে তেওঁৰ নাম উল্লেখ কৰিছিল। ভৱিষ্যতবক্তা ইলীচাও এজন ব্যক্তিক নিজৰ পৰিচাৰকৰূপে নিযুক্ত কৰাৰ পূৰ্বেই যিহোৱাৰ পথ-প্ৰদৰ্শন বিচাৰি সেই ব্যক্তিজনৰ নাম উল্লেখ কৰি প্ৰাৰ্থনা কৰিছিল। (২ ৰাজাৱলি ৬:১৫-১৭) আন এটা উদাহৰণ হৈছে পাঁচনি পৌলে, তেওঁ গায়ক নামৰ ব্যক্তিজনৰ শাৰীৰিক আৰু আধ্যাত্মিকত সুস্থ ৰাখিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। (৩ যোহন ১, ২) বাইবেলত পোৱা আন আন প্ৰাৰ্থনাবোৰত কোনো সীমিত সমূহৰ লোকৰ বিষয়ে উল্লেখ কৰা হৈছে।—ইয়োব ৪২:৭, ৮; লূক ৬:২৮; পাঁচনিৰ কৰ্ম্ম ৭:৬০; ১ তীমথিয় ২:১, ২.

১০ সেয়েহে পৌলে, প্ৰাৰ্থনাত কোনো এক নিৰ্দিষ্ট বিষয় বা ব্যক্তিৰ নাম উল্লেখ কৰাৰ সম্বন্ধে চিঠিবোৰ লিখিছিল। এইবাবে তেওঁ কলচীয়া মণ্ডলীক তেওঁলোকে কৰা প্ৰাৰ্থনাত তেওঁৰ আৰু তেওঁৰ সঙ্গীসকলৰ বিষয়ে উল্লেখ কৰিবলৈ অনুৰোধ কৰিছিল। এই সন্দৰ্ভত কলচীয়া ৪:২, ৩ পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা, আৰু ধন্যবাদেৰে তাত পৰ দিবা। আৰু খ্ৰীষ্টৰ যি নিগূঢ়-তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছোঁ, সেই নিগূঢ়-তত্ত্ব কবলৈ আৰু মই যি দৰে কোৱা উচিত, সেই দৰে তাক প্ৰকাশ কৰিবলৈ, ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে।” এই বিষয়ে ৰোমীয়া ১৫:৩০; ১ থিচলনীকীয়া ৫:২৫; ২ থিচলনীকীয়া ৩:১; ইব্ৰী ১৩:১৮ পদবোৰত দিয়া আৰ্হিকো বিবেচনা কৰক।

১১. ইপাফ্ৰাই ৰোমত থকাৰ সময়ত কাৰ বাবে প্ৰাৰ্থনা কৰিছিল?

১১ একেইদৰে ৰোমত থকা পৌলৰ সঙ্গী ভাইসকলৰ বাবেও উল্লেখ কৰি প্ৰাৰ্থনা কৰিবলৈ কৈছিল। সেইবাবে তেওঁ এইদৰে কৈছিল: “খ্ৰীষ্ট্‌ যীচুৰ দাস যি তোমালোকৰ তাৰ ইপাফ্ৰা, তেওঁ তোমালোকক মঙ্গলবাদ কৰিছে; . . . তেওঁ সদায় প্ৰাৰ্থনাৰে তোমালোকৰ পক্ষে প্ৰাণপণ কৰিছে।” (কলচীয়া ৪:১২) ইয়াত উল্লেখ কৰা “প্ৰাণপণ” শব্দটোৰ অৰ্থ হৈছে “প্ৰবল চেষ্টা” কৰা, যিদৰে প্ৰাচীন সময়ৰ খেলপথাৰত এজন মল্লযুদ্ধাই খেলত জয়ী হʼবলৈ প্ৰবল চেষ্টা কৰিছিল। ইপাফ্ৰাই বিশ্বজুৰি থকা বিশ্বাসীসকল বা এচিয়া মাইনʼৰত থকা সকলো সত্য উপাসকসকলৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিলনে? পাঁচনি পৌলে বৰ্ণনা কৰিছিল যে ইপাফ্ৰাই নিৰ্দ্দিষ্টভাৱে কলচীয়া মণ্ডলীত থকা ভাই-ভনীসকলৰ বাবেহে প্ৰাৰ্থনা কৰিছিল। কিয়নো ইপাফ্ৰাই তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে জানিছিল। যিহেতু আমি তেওঁলোকৰ নাম বা তেওঁলোকে কেনে সমস্যাৰ সন্মূখীন হৈছিল, এই বিষয়ে একো নাজানো, কিন্তু তেওঁলোকে সন্মূখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ। হয়তো, সেই সময়ত লীন নামৰ ডেকা ভাইজনে ৰোমীদৰ্শনশাস্ত্ৰ বা ৰীতি-নীতিক প্ৰতিৰোধ কৰিবলগীয়া হৈছিল আৰু ৰূপ নামৰ ভাইজনে যিহূদীয়া ধৰ্ম্মৰ অভ্যাসবোৰৰ পৰা আঁতৰি থাকিবলৈ হয়তো আধ্যাত্মিকৰূপে শক্তিশালী হোৱা আৱশ্যক আছিল। পাৰ্চী নামৰ এজনী বিবাহিত তিৰোতাক তাই স্বামী সত্যত নথকাৰ বাবে নিজৰ সন্তানক প্ৰভুত প্ৰতিপালন কৰিবলৈ ধৈৰ্য্য ধৰাৰ আৱশ্যকতা আছিলনে আৰু ঠিক তেনেদৰে অচুঙ্কৃত নামৰ ৰোগত পীড়িত হোৱা মহিলা গৰাকীকো অতিৰিক্ত শান্ত্বনাৰ আৱশ্যকতা আছিলনে? নিশ্চয় আছিল, কিয়নো ইপাফ্ৰাই নিজৰ মণ্ডলীৰ বিষয়ে জানিছিল, সেইবাবে তেওঁ তেওঁলোকৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল। ইয়াৰ ওপৰিও পৌল আৰু ইপাফ্ৰাই বিচাৰিছিল যে তেওঁলোকে সদায়ে যাতে বিশ্বাসী হৈ যিহোৱালৈ যোগ্যৰূপে আচৰণ কৰে।

১২. আমি আমাৰ ব্যক্তিগত প্ৰাৰ্থনাত ভাই-ভনীসকলৰ অৱস্থাৰ বিষয়ে কেনেকৈ নিৰ্দ্দিষ্টভাৱে উল্লেখ কৰিব পাৰোঁ?

১২ গতিকে, আমি আনক কেনেকৈ সহায় কৰিব পাৰোঁ, এই বিষয়ে প্ৰস্তুত কৰা আৰ্হিবোৰক আপুনি লক্ষ্য কৰিছেনে? যেনেকৈ ইয়াত বৰ্ণনা কৰা হৈছে, খ্ৰীষ্টান সভাবোৰত বিভিন্ন পৃষ্ঠভূমিৰ শ্ৰোতাসকল উপস্থিত থকাৰ বাবে সিমান নিৰ্দ্দিষ্টভাৱে প্ৰাৰ্থনা কৰিব নোৱাৰি। কিন্তু আমাৰ ব্যক্তিগত বা পৰিয়ালৰ সৈতে কৰা প্ৰাৰ্থনাত নিৰ্দিষ্ট ভাই-ভনীৰ বিষয়ে উল্লেখ কৰা উচিত। এতেকে যেতিয়া আমি আমাৰ প্ৰাৰ্থনাত সকলোবোৰ ট্ৰেভেলিং ওভাৰচিয়াৰ বা আধ্যাত্মিক ৰখীয়াসকলক পথ-প্ৰদৰ্শন আৰু আশীৰ্ব্বাদ কৰিবলৈ ঈশ্বৰলৈ নিৱেদন কৰোঁ, সেই সময়ত আমি তেওঁলোকৰ বিষয়ে সকলোবোৰ উল্লেখ নকৰোঁনে? উদাহৰণস্বৰূপে, আপোনাৰ মণ্ডলীক সাক্ষাৎ কৰিবলৈ অহা চাৰ্কিট ওভাৰচিয়াৰ বা মণ্ডলীত পুস্তক অধ্যয়ন পৰিচালনা কৰা ভাইজনৰ নাম উল্লেখ কৰি প্ৰাৰ্থনা নকৰেনে? ফিলিপীয়া ২:২৫-২৮ আৰু ১ তীমথিয় ৫:২৩ পদত ব্যাখ্যা কৰিছে যে পৌলে ব্যক্তিগতৰূপে তীমথিয় আৰু ইপাফ্ৰদীতৰ শৰীৰ অসুস্থতাৰ বিষয়ে চিন্তা কৰিছিল। এতেকে বৰ্তমান সময়ত যিসকল ভাই-ভনী নৰিয়া অৱস্থাত আছে, পাঁচনি পৌলৰ দৰে মনোভাব ৰাখি আমিও তেওঁলোকৰ নাম প্ৰাৰ্থনাত উল্লেখ কৰোঁনে?

১৩. আমি আমাৰ ব্যক্তিগত প্ৰাৰ্থনাত ভাই-ভনীসকলৰ কেনে পৰিস্থিতিসমূহৰ বিষয়ে প্ৰাৰ্থনা কৰিলে উপযুক্ত হʼব?

১৩ যিহেতু আমি আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাটো উচিত নহয়, কিন্তু যিসকলক আমি জানো আৰু চিন্তা কৰোঁ তেওঁলোকৰ প্ৰতি আমাৰ প্ৰাৰ্থনাত প্ৰকৃত আগ্ৰহ দেখুৱাটো উপযুক্ত। (১ তীমথিয় ৫:১৩; ১ পিতৰ ৪:১৫) উদাহৰণস্বৰূপে, ধৰি লওঁক এজন ভায়ে চাকৰি হেৰুৱাইছে আৰু আমি তেওঁক আন এটা চাকৰিৰ ব্যৱস্থা কৰি দিব নোৱাৰোঁ। কিন্তু তথাপিও আমি আমাৰ ব্যক্তিগত প্ৰাৰ্থনাত তেওঁ নাম উল্লেখ কৰি, যিহোৱালৈ তেওঁৰ সমস্যাৰ বিষয়ে কʼব পাৰোঁ। (গীতমালা ৩৭:২৫; হিতোপদেশ ১০:৩) আমি এনে অবিবাহিত ভনীৰ বিষয়ে চিন্তা কৰোঁনে, যিগৰাকীয়ে “প্ৰভুত বিশ্বাস কৰা” জনাৰ সৈতেহে বিয়া কৰাবলৈ দৃঢ়সঙ্কল্প লৈ স্বামী বা সন্তান নোহোৱাকৈ জীৱন অধিক সময় অতিবাহিত কৰিছে? (১ কৰিন্থীয়া ৭:৩৯) আপোনাৰ ব্যক্তিগত প্ৰাৰ্থনাত, তাইক আশীৰ্ব্বাদ কৰিবলৈ আৰু ঈশ্বৰৰ সেৱাত বিশ্বাসেৰে একেৰাহে লাগি থাকিবলৈ সহায়ৰ বাবে যিহোৱাক নিৱেদন নকৰে কিয়? আন এটা উদাহৰণৰ বিষয়ে বিবেচনা কৰক, কোনো এজন ভায়ে হয়তো ভুল কৰাৰ বাবে দুজন প্ৰাচীনে তেওঁক পৰামৰ্শ দিব পাৰে। এতেকে তেনে ব্যক্তিসকলক সহায়ৰ বাবে যিহোৱালৈ কৰা ব্যক্তিগত প্ৰাৰ্থনাত তেওঁলোকৰ নাম উল্লেখ নকৰে কিয়?

১৪. আমি কৰা নিৰ্দিষ্ট প্ৰাৰ্থনাই কেনেকৈ আনক সহায় কৰিব পাৰে?

১৪ আপুনি আপোনাৰ ব্যক্তিগত প্ৰাৰ্থনাত বহুতো বিষয় সন্মিলিত কৰিব পাৰে, বিশেষকৈ যিসকলক যিহোৱাৰ সমৰ্থন, সান্ত্বনা, বুদ্ধি আৰু পবিত্ৰ আত্মা বা তাৰ ফলৰ আৱশ্যক, তেওঁলোকৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে। কিয়নো আপুনি তেওঁলোকৰ পৰা আঁতৰত থকা বা আপোনাৰ পৰিস্থিতিসমূহে তেওঁলোকক ভৌতিকৰূপে বা পোনপটীয়াকৈ সহায় কৰিবলৈ অনুমতি নিদিবও পাৰে। কিন্তু প্ৰাৰ্থনাই হৈছে এনে এটা মাধ্যম যাৰ দ্বাৰাই আপুনি ঈশ্বৰলৈ তেওঁলোকৰ সহায়ৰ বাবে নিৱেদন কৰিব পাৰে। সেইবাবে ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। কিয়নো আমাৰ এনে কৰাৰ ফলত তেওঁলোকে যিহোৱাৰ যোগ্যৰূপে আচৰণ কৰি চলি থাকিব আৰু ইয়াক বজাই ৰাখিবলৈ যিহোৱাৰ পৰা সহায় লাভ কৰিব।—গীতমালা ১৮:২; ২০:১, ২; ৩৪:১৫; ৪৬:১; ১২১:১-৩.

আনক উৎসাহিত কৰিবলৈ কাৰ্য্য কৰক

১৫. কলচীয়াৰ শেষৰ ভাগটোত বৰ্ণনা কৰা বিষয়বোৰক জানিবলৈ আমি কিয় আগ্ৰহী হোৱা উচিত?

১৫ যিহেতু পৌলে লিখা কলচীয়া নামৰ কিতাপখনত স্পষ্টকৈ প্ৰকাশ কৰিছে যে যিসকলক আপুনি ভাল পায় তেওঁলোকক সহায় কৰিবলৈ প্ৰাৰ্থনাই একমাত্ৰ পথ নহয়। কিয়নো বহুতো বিদ্ধানে এইদৰে মন্তব্য দিছে যে পৌলে মাত্ৰ নীতি সিদ্ধান্তৰে উপদেশ আৰু ব্যৱহাৰিক পৰামৰ্শ দিছিল এনে নহয়, ইয়াৰ ওপৰিও তেওঁ ব্যক্তিগতভাৱে অভিবাদন বা অভ্যৰ্থনা জনাইছিল। (কলচীয়া ৪:৭-১৮) ইয়াৰ বিপৰীতে আমি ইতিমধ্যেই এই কিতাপখনৰ শেষৰ ভাগত বহুতো পৰামৰ্শ আৰু লাভজনক উপদেশৰ বিষয়ে শিকিবলৈ পাইছোঁ।

১৬, ১৭. কলচীয়া ৪:১০, ১১ পদত উল্লেখ কৰা ভাইসকলৰ বিষয়ে আমি কি কʼব পাৰোঁ?

১৬ গতিকে পৌলে এইদৰে লিখিছিল: “মোৰ লগৰ বন্দীয়াৰ আৰিষ্টৰ্খ, আৰু বাৰ্ণব্বাৰ কুটুম্ব মাৰ্ক, (এওঁৰ বিষয়ে তোমালোকে আদেশ পালা; এওঁ তোমালোকৰ তালৈ গলে গ্ৰাহ্য কৰিবা;) আৰু যীচু, যাক যুষ্ট বোলে, এওঁলোকে তোমালোকক মঙ্গলবাদ কৰিছে; কেৱল এওঁলোকেই ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে মোৰ সহকাৰী; এওঁলোক মোৰ শান্তিজনক হল।”—কলচীয়া ৪:১০, ১১.

১৭ ইয়াত তেওঁ, বিশেষভাবে সন্মান পোৱাৰ যোগ্য থকা কিছুমান ভাইৰ বিষয়ে উল্লেখ কৰিছিল। তেওঁ কৈছিল যে তেওঁলোক চুন্নৎ লোক অৰ্থাৎ যিহূদী পৃষ্ঠভূমিৰ আছিল। ইয়াৰ উপৰিও ৰোমত বহুতো চুন্নৎ যিহূদী আৰু কিছুমান নতুনকৈ হোৱা খ্ৰীষ্টানসকলো আছিল। কিন্তু পৌলে উল্লেখ কৰা ব্যক্তিসকলে তেওঁক সহায় কৰিছিল আৰু তেওঁলোকে কোনো সংকোচ বোধ নকৰাকৈ পৌলৰ সৈতে অন্য জাতিৰ লোকসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল।—ৰোমীয়া ১১:১৩; গালাতীয়া ১:১৬; ২:১১-১৪.

১৮. যিসকল ভাই পৌলৰ সৈতে আছিল তেওঁলোকৰ বিষয়ে তেওঁ কি কৈছিল?

১৮ সেইবাবে পৌলে এই মন্তব্য দিছিল: “এওঁলোক মোৰ শান্তিজনক হল।” এই শব্দটোৰ বাবে পৌলে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰিছিল, সেই শব্দটো বাইবেলত মাত্ৰ এবাৰহে উল্লেখ কৰা হৈছে। বহুতো অনুবাদকে সেই গ্ৰীক শব্দটোক “শান্ত্বনা” বুলি প্ৰকাশ কৰিছে। যিহেতু আন এক গ্ৰীক শব্দৰ (পা-ৰা-কা-লেৱ) অৰ্থও “শান্ত্বনা” বুলি বহুলভাৱে ব্যৱহাৰ কৰা হয়। কিন্তু পৌলে এই শব্দটো কলচীয়া ৪:১১ পদৰ বাহিৰে সকলোবোৰ পদটো ব্যৱহাৰ কৰিছে।—মথি ৫:৪; পাঁচনিৰ কৰ্ম্ম ৪:৩৬; ৯:৩১; ২ কৰিন্থীয়া ১:৪; কলচীয়া ২:২; ৪:৮.

১৯, ২০. (ক)ৰোমত বন্দী হৈ থকাৰ সময়ত পৌলে তেওঁক সাক্ষাৎ কৰিবলৈ অহা ভাইসকলৰ বিষয়ে কি কৈছিল? (খ) সেই ভাইসকলে পৌলক কেনেদৰে সহায় আগবঢ়াইছিল?

১৯ যিহেতু যিসকলৰ নাম পৌলে উল্লেখ কৰিছিল তেওঁলোকে নিশ্চয়ে মৌখিকভাৱে শান্ত্বনা দিয়াৰ ওপৰিও অধিক কৰিছিল। কলচীয়া ৪:১১ পদত উল্লেখ কৰা গ্ৰীক শব্দ অৰ্থাৎ “শান্তিজনক” শব্দটো কেতিয়াবা ক্লেশৰ সময়ত শান্ত্বনা দিবলৈ আন কিতাপবোৰতো ব্যৱহাৰ কৰা হৈছিল। নিউ লাইফ ভাৰশ্ব্যনʼত এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁলোকে মোৰ বাবে কিযে সহায় আগবঢ়ালে!” টুডে ইংলিছ ভাৰশ্ব্যনʼত “তেওঁলোক হৈছে মোৰ বাবে এক মহান উপকাৰক” বুলি ব্যৱহাৰ কৰা হৈছে। সেই খ্ৰীষ্টান ভাইসকলে পৌলৰ বাবে কেনেধৰণৰ সহায় আগবঢ়াইছিল?

২০ পৌলে সেই সময়ত ৰোম দেশত বন্দী হৈ আছিল, গতিকে তেওঁ নিজে সকলো কাৰ্য্য অৰ্থাৎ নিজৰ মুখ্য অৱশ্যকতাসমূহ যেনে—শীতকালৰ বাবে কাপোৰ কিনা, খাদ্যৰ যোগাৰ কৰিব নোৱাৰিছিল। তেনেহʼলে তেওঁ অধ্যয়ন কৰিবলৈ নথিপত্ৰ আৰু লিখিবলৈ সামগ্ৰীবোৰৰ কেনেকৈ যোগাৰ কৰিব পাৰিছিল? (২ তীমথিয় ৪:১৩) তেওঁক সাক্ষাৎ কৰিবলৈ অহা ভাইসকলৰ বিষয়ে কল্পনা কৰিব পাৰিবনে যে পৌলৰ সকলোবোৰ চাহিদাক তেওঁলোকে পূৰণ কৰিছিল, যেনে, বজাৰৰ পৰা তেওঁৰ বাবে বস্তু কিনা বা তেওঁৰ বাবে কটকীৰ কাৰ্য্য কৰা, ইত্যাদি? ইয়াৰ ওপৰিও তেওঁলোকে পৌলৰ হৈ নিৰ্দিষ্ট মণ্ডলীবোৰক আধ্যাত্মিকৰূপে উৎসাহিত কৰিছিল। এতেকে পৌল কাৰাৰুদ্ধ হোৱাৰ বাবে যদিও তেওঁৰ আৱশ্যকীয় কাৰ্য্যবোৰ কৰিবলৈ নোৱাৰিছিল, কিন্তু সেই ভাইসকলে তেওঁৰ বাৰ্ত্তাবাহক হৈ মণ্ডলীবোৰক সংবাদ দিছিল আৰু মণ্ডলীবোৰৰ সম্পৰ্কে পৌলক জনাইছিল। তেওঁলোকৰ এনে কাৰ্য্য কিমান যে উৎসাজনক আছিল!

২১, ২২. (ক)কলচীয়া ৪:১১ পদত উল্লেখ কৰা বাক্যৰ প্ৰতি আমি কিয় আগ্ৰহী হোৱা উচিত? (খ) আমি কেনেকৈ পৌলক সহায় কৰা ভাইসকলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?

২১ এতেকে পৌলে “শান্তিজনক” বুলি লিখা বাক্যই স্পষ্টকৈ আমাক এইটো বুজাত সহায় কৰে যে আমি কেনেকৈ আনক সহায় আগবঢ়াব পাৰোঁ। যিহেতু ভাই-ভনীসকলে নৈতিক শুদ্ধতা বজাই ৰাখি খ্ৰীষ্টান সভাবোৰত উপস্থিত হৈ আৰু প্ৰচাৰ কাৰ্য্যত নিয়মীয়াকৈ ভাগ লৈ যিহোৱাৰ যোগ্যৰূপে আচৰণ কৰি জীৱন নিৰ্বাহ কৰিব বিচাৰে। আমি তেওঁলোকক উৎসাহিত কৰিবলৈ আমাৰ প্ৰশংসনীয় দুষাৰ মান বাক্যই তেওঁলোকক অধিক উৎসাহিত কৰিব পাৰে। গতিকে পৌলক সেই ভাইসকলে সহায় কৰাৰ দৰে বৰ্তমান সময়ত আমিও সেই ভাইসকলক “শান্তিজনক” সহায় আগবঢ়াব পাৰোঁনে?

২২ যদি আপুনি এনে কোনো ভনীক জানে যিগৰাকীয়ে ১ কৰিন্থীয়া ৭:৩৭ পদৰ অনুসৰি বিয়া হোৱা নাই অথচ নিজৰ পৰিয়ালৰ পৰা আঁতৰত আছে, আপুনি তেওঁক নিজৰ ঘৰত এসাজ খাবলৈ বা বন্ধু বা সমন্ধীয় লোকসকলৰ সৈতে কৰা ভোজত নিমন্ত্ৰণ কৰিব পাৰেনে? আপোনাৰ পৰিয়ালৰ সৈতে অধিৱেশনত বা ফুৰিবলৈ যাওঁতে তেওঁক আমন্ত্ৰণ কৰাটো উচিত বুলি নাভাবেনে? বা আপুনি যেতিয়া বজাৰলৈ যায় আপোনাৰ লগত যাবলৈ তেওঁক আমন্ত্ৰণ কৰক। ঠিক সেইদৰে যিসকল বিধৱা বা বৰলা অথবা গাড়ী চলাবলৈ এতিয়া সক্ষম নহয়, তেওঁলোককো আপুনি সহায় কৰিব পাৰে। তেওঁলোকৰ অভিজ্ঞতা বা ফল-মুল অথবা লʼৰা-ছোৱালীৰ কাপোৰৰ বাচঁনি কৰা বিষয়ে তেওঁলোকৰ কথা শুনি আপুনি আনন্দিত হʼব। (লেবীয়া পুস্তক ১৯:৩২; হিতোপদেশ ১৬:৩১) এনেদৰে কৰাৰ ফলস্বৰূপে তেনে ব্যক্তিৰ সৈতে এক ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠিব আৰু তেওঁলোকেও কোনো ধৰণৰ সহায় যেনে, ফাৰ্মাচীৰ পৰা ঔষধ আনা, বজাৰ কৰা, ইত্যাদি কাৰ্য্যৰ বাবে আপোনাক কবলৈ সংকোচ বোধ নকৰিব। গতিকে ৰোমত বন্দী হৈ থকাৰ সময়ত পৌলৰ বাবে সেই ভাইসকলে যেনেকৈ ব্যৱহাৰিক আৰু শান্তিজনক কাৰ্য্য কৰিছিল, সেইদৰে আপুনিও কৰিব পাৰিব। প্ৰাৰম্ভিক সময়ত যিদৰে এনে কাৰ্য্যই প্ৰেমৰ বন্ধনক দৃঢ় কৰিলে আৰু যিহোৱাৰ সেৱাত বিশ্বাসী হৈ থাকিবলৈ সহায় কৰিলে, ঠিক তেনে বৰ্তমান সময়তো সহায় কৰিব।

২৩. আমাৰ সকলোৱে কেনে কাৰ্য্যত সময় ব্যয় কৰাটো উত্তম হʼব?

২৩ এই লেখত উল্লেখ কৰা পৰামৰ্শসমূহক আমি সকলোৱে পালন কৰিব পাৰোঁ। যদিও ইয়াত পৌলৰ সময়ৰ ভাইসকলৰ বিবৰণিক এক আৰ্হিৰূপে প্ৰস্তুত কৰা হৈছে, কিন্তু আচলতে সেই আৰ্হিবোৰে আমাক স্মৰণ কৰাই দিয়ে যে এনেধৰণ পৰিস্থিতিসমূহতো আমি আমাৰ ভাই-ভনীসকলৰ বাবে “শান্তিজনক” সহায়ক হʼব পাৰোঁ। ইয়াত আমাৰ মানৱতাৰ গুণসমূহক উন্নত কৰাৰ বিষয়ে উল্লেখ কৰা নাই। কিয়নো কলচীয়া ৪:১০, ১১ পদত স্পষ্টকৈ কৈছে যে ভাইসকলে তেনে মনোবৃত্তি ৰাখি সহায় কৰা নাছিল। তেওঁলোকে “ঈশ্বৰৰ ৰাজ্যৰ নিমিত্তে . . . সহকাৰী” আছিল। সেয়েহে তেওঁলোকে কৰা কাৰ্য্য পোনপটীয়াকৈ ঈশ্বৰৰ ৰাজ্যৰ সৈতেহে সম্পৰ্ক আছিল। আমি সেই একেই মনোভাৱ ৰাখি আনক সহায় আগবঢ়াব পাৰোঁ।

২৪. আমি আনক বিশ্বাসত স্থিৰ থাকিবলৈ কৰা আমাৰ প্ৰাৰ্থনাৰ মূল বিষয় কি হোৱা আৱশ্যক?

২৪ আমি আমাৰ ব্যক্তিগত প্ৰাৰ্থনাত আনৰ ভাই-ভনীসকলৰ নাম উল্লেখ কৰোঁ আৰু ইয়াৰ দ্বাৰাই তেওঁলোকক শক্তিশালী কৰিবলৈ চেষ্টা কৰোঁ, কিয়নো আমি বিশ্বাস কৰোঁ যে আমাৰ ভাই আৰু ভনীসকলে “সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ” কৰি চলি থাকিবলৈ বিচাৰে। (কলচীয়া ১:১১) সেয়েহে পৌলে লিখা চিঠিত ইপাফ্ৰাক প্ৰাৰ্থনাত কলচীয়াত থকা ভাই-ভনীসকলৰ বিষয়ে উল্লেখ কৰিবলৈ কৈছিল, যাতে তেওঁলোকে “ঈশ্বৰৰ সকলো ইচ্ছাত সিদ্ধ আৰু নিশ্চয় কৰা হৈ থিৰে” থাকে। (কলচীয়া ৪:১২) ব্যক্তিগতভাৱে আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? আঁহক আমি ইয়াৰ বিষয়ে বিবেচনা কৰোঁহঁক।

[ফুটনোট]

^ ৱাচটাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চʼচাইটিয়ে প্ৰকাশ কৰা ইনচাইট্‌ অন দ্যা ইচ্‌ক্ৰিপচাৰ, ১ খন্ড, ৪৯০-৪৯১ পৃষ্ঠা আৰু “অল ইচ্‌ক্ৰিপচাৰ অৱ গড্‌ এণ্ড বেনিফিচিয়েল্‌,” ২২৬-২২৮ পৃষ্ঠা চাওঁক।

আপুনি নিৰীক্ষণ কৰিলেনে?

•আমি নিজৰ ব্যক্তিগত প্ৰাৰ্থনাত কেনেকৈ আনৰ সহায়ৰ বাবে নিৱেদন কৰিব পাৰোঁ?

•কিদৰে কিছুমান খ্ৰীষ্টান ভায়ে পৌলৰ বাবে ‘শান্তিজনক’ সহায়ক আছিল?

•কেনেধৰণৰ পৰিস্থিতিসমূহত আমি আন ভাই-ভনীসকলৰ বাবে ‘শান্তিজনক’ সহায়ক হʼব পাৰোঁ?

•ভাই-ভনীসকলৰ বাবে কৰা আমাৰ প্ৰাৰ্থনা আৰু তেওঁলোকে বিশ্বাসত স্থিৰ হৈ থাকিবলৈ কৰা সহায়ৰ কি লক্ষ্য হোৱা উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

আপুনি নিজৰ পৰিয়ালৰ সৈতে কোনো স্থানত ফুৰিবলৈ যাওঁতে আন খ্ৰীষ্টান ভাই বা ভনীকো সন্মিলিত কৰেনে?

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Courtesy of Green Chimney’s Farm