Skip to content

Skip to table of contents

আত্মাৰ ভাব আৰু জীৱন!

আত্মাৰ ভাব আৰু জীৱন!

আত্মাৰ ভাব আৰু জীৱন!

“আত্মাৰ ভাব জীৱন”ৰোমীয়া ৮:৬.

১, ২. বাইবেলে “মাংস” আৰু “আত্মাৰ” মাজত কি পাৰ্থক্যতা দেখুৱাইছে?

 ভ্ৰষ্টাচাৰী সমাজ অৰ্থাৎ মাংসিক ইচ্ছাবোৰক তৃপ্তি কৰা সমাজৰ মাজত থাকি ঈশ্বৰৰ সন্মূখত নৈতিকৰূপে শুদ্ধতা বজাই ৰখাটো এটা সাধাৰণ কথা নহয়। যিহেতু শাস্ত্ৰই স্পষ্টৰূপে “মাংস” আৰু “আত্মাৰ” মাজত থকা পাৰ্থক্যতাক প্ৰকাশ কৰিছে। তদুপৰি ইয়াত বুজাই দিয়া হৈছে যে এজন ব্যক্তিয়ে পাপপূৰ্ণ মাংসৰ অভিলাষবোৰক প্ৰমুখ স্থান দি কেনে ভয়ানক পৰিণামৰ সন্মূখীন হʼব পাৰে আৰু আত্মাৰ কাৰ্য্যবোৰক প্ৰাধান্য দি কেনেদৰে ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিব পাৰে।

উদাহৰণস্বৰূপে যীচুৱে কৈছিল: “আত্মাহে জীৱন দিওঁতা, মাংস একো উপকাৰী নহয়; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।” (যোহন ৬:৬৩) সেইদৰে গালাতীয়াত থকা খ্ৰীষ্টান ভাইসকললৈ পাঁচনি পৌলে লিখিছিল: “মাংসই আত্মাৰ বিৰুদ্ধে অভিলাষ কৰে . . . এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।” (গালাতীয়া ৫:১৭) পৌলে আগলৈ এইদৰে কৈছিল: “যি জনে নিজৰ মাংসৰ উদ্দেশে বয়, তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশে বয়, আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।”—গালাতীয়া ৬:৮.

৩. ভুল মনোভাৱ আৰু প্ৰবৃত্তিৰ পৰা মুক্ত হʼবলৈ আমি কি কৰা আৱশ্যক?

আমাৰ পাপপূৰ্ণ শৰীৰত শাসন কৰা অশুদ্ধ “মাংসিক অভিলাষক” শিপাৰে সৈতে উঘালি ধ্বংস কৰিবলৈ যিহোৱাৰ সক্ৰিয় শক্তি অৰ্থাৎ পবিত্ৰ আত্মাৰ ক্ষমতা আছে। (১ পিতৰ ২:১১) ভুল প্ৰবৃত্তিৰ দাসত্বৰ পৰা মুক্ত হʼবলৈ আমাক ঈশ্বৰৰ আত্মাৰ সহায়ৰ আৱশ্যক, ইয়াৰ বাবে পৌলে লিখিছিল: “মাংসৰ ভাব মৃত্যু; কিন্তু আত্মাৰ ভাব, জীৱন আৰু শান্তি।” (ৰোমীয়া ৮:৬) কিন্তু ইয়াত উল্লেখ কৰা আত্মাৰ ভাবৰ অৰ্থ কি?

“আত্মাৰ ভাব”

৪. “আত্মাৰ ভাব” বুলিলে কি বুজায়?

যেতিয়া পৌলে “আত্মাৰ ভাবৰ” বিষয়ে লিখিছিল, সেই সময়ত তেওঁ গ্ৰীক শব্দক ব্যৱহাৰ কৰিছিল যিয়ে “ভবাৰ পদ্ধতি, মন (ইচ্ছা), . . . লক্ষ্য, আকাংক্ষা, প্ৰচেষ্টা” ৰূপে ব্যাখ্যা কৰিছে। ইয়াৰ সৈতে সম্বন্ধ থকা ক্ৰিয়া পদৰ অৰ্থ হৈছে “এক বিশেষ প্ৰকাৰে ধ্যান দিয়া, চিন্তা কৰা।” গতিকে, আত্মাৰ ভাবৰ অৰ্থ হৈছে ঈশ্বৰৰ সক্ৰিয় শক্তিৰ দ্বাৰা নিয়ন্ত্ৰণ, শাসন আৰু জোৰ কৰা। ইয়াৰ অৰ্থ এইটো যে আমি ইচ্ছাকৃতভাৱে নিজৰ চিন্তা-ধাৰা, প্ৰবৃত্তি আৰু আকাংশাক ঈশ্বৰৰ পবিত্ৰ আত্মাই সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিবলৈ এৰি দিয়া উচিত।

৫. পবিত্ৰ আত্মাৰ প্ৰভাৱক আমাৰ জীৱনত প্ৰতিফলিত কৰিবলৈ আমি কিমানলৈকে নিজকে অধীন কৰা উচিত?

পবিত্ৰ আত্মাৰ প্ৰভাৱক আমাৰ জীৱনত প্ৰতিফলিত কৰিবলৈ আমি কিমানলৈকে নিজকে অধীন কৰা উচিত তাৰ বিষয়ে উল্লেখ কৰি পৌলে কৈছিল ‘আত্মাৰ নতুনতাৰে দাস্যৰ্কম্ম।’ (ৰোমীয়া ৭:৬) যীচুৰ মুক্তিপণ বলিদানত বিশ্বাস কৰাৰ ভিত্তিত খ্ৰীষ্টানসকল পাপৰ অধীনৰ পৰা মুক্ত হয় আৰু পাপৰ দাসত্বত থকা প্ৰথম অৱস্থাত “মৰা” দৰে হয়। (ৰোমীয়া ৬:২, ১১) যিসকলে এনেধৰণৰ অৱস্থাত লাক্ষণিকৰূপে মৃত্যু হয় তেওঁলোকে এতিয়াও শাৰীৰিকভাৱে জীয়াই আৰু “ধাৰ্ম্মিকতাৰ দাস” ৰূপে খ্ৰীষ্টক অনুকৰণ কৰিবলৈ এতিয়া সেই সকলোবোৰৰ পৰা মুক্ত।—ৰোমীয়া ৬:১৮-২০.

এক নাটকীয় পৰিবৰ্ত্তন

৬. যিসকলে “ধাৰ্ম্মিকতাৰ দাস” হʼল তেওঁলোকে কি পৰিবৰ্ত্তনৰ অনুভৱ কৰিলে?

“পাপৰ দাসত্বৰ” পৰা “ধাৰ্ম্মিকতাৰ দাস” ৰূপে ঈশ্বৰক সেৱা কৰিবলৈ পৰিবৰ্ত্তন হোৱাটো হৈছে দৰাচলতে, এক নাটকীয় পৰিবৰ্ত্তন। যিসকলে এনেধৰণৰ পৰিবৰ্ত্তনক অনুভৱ কৰিছিল তেওঁলোকৰ বিষয়ে পৌলে লিখিছিল: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে তোমালোক ধৌত হলা, পবিত্ৰীকৃত হলা, আৰু ধাৰ্ম্মিক বুলি গণিত হলা।”—ৰোমীয়া ৬:১৭, ১৮; ১ কৰিন্থীয়া ৬:১১.

৭. সকলোবোৰ বিষয়ৰ ওপৰত যিহোৱাৰ দৃষ্টিভঙ্গী হোৱাটো কিয় গুৰুত্বপূৰ্ণ?

এনেধৰণৰ উল্লেখনীয় পৰিৱৰ্ত্তনক অনুভৱ কৰিবলৈ প্ৰথমে আমি বিষয়বোৰৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গীক শিকাৰ আৱশ্যক। বহু বছৰৰ আগতে গীতমালাৰ লেখক দায়ূদে ঈশ্বৰলৈ অতি আগ্ৰহেৰে প্ৰাৰ্থনা কৰি কৈছিল: “হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা। . . . তোমাৰ সত্যতাত মোক চলাই শিক্ষা দিয়া।” (গীতমালা ২৫:৪, ৫) যিহোৱাই দায়ূদৰ প্ৰাৰ্থনাক শুনি উত্তৰ দিছিল, ঠিক সেইদৰে বৰ্তমান সময়ত তেওঁৰ সেৱকসকলে কৰা এনেধৰণৰ প্ৰাৰ্থনাৰ উত্তৰো তেওঁ দিয়ে। যিহেতু ঈশ্বৰৰ পথ আৰু শিক্ষা শুদ্ধ আৰু পবিত্ৰ, গতিকে যদি আমি অশুদ্ধ মাংসিক অভিলাষক পূৰ্ণ কৰা হেঁচা পাওঁ সেই সময়ত এইবোৰৰ ওপৰত ধ্যান কৰাৰ যোগেদি সহায় পাব পাৰোঁ।

ঈশ্বৰৰ বাক্যৰ মূখ্য ভূমিকা

৮. আমি বাইবেলখন অধ্যয়ন কৰাটো কিয় অতি আৱশ্যক?

ঈশ্বৰৰ বাক্য, বাইবেলখন হৈছে ঈশ্বৰৰ আত্মাৰ এক উৎপাদন। গতিকে ইয়াৰ এটা মুখ্য পথ হৈছে, যদি সম্ভৱ হয় দৈনন্দিন বাইবেল পঢ়ি আৰু অধ্যয়ন কৰি এই আত্মাক আমাৰ ওপৰত কাৰ্য্য কৰিবলৈ সমৰ্পিত কৰা আৱশ্যক। (১ কৰিন্থীয়া ২:১০, ১১; ইফিচীয়া ৫:১৮) বাইবেলৰ সত্য আৰু সিদ্ধান্তবোৰক আমাৰ মন আৰু হৃদয়ত পূৰ্ণ কৰাৰ দ্বাৰা আমি আধ্যাত্মিকত অহা আক্ৰমণবোৰক প্ৰতিৰোধ কৰিব পাৰিম। যেতিয়া অনৈতিক প্ৰলোভনবোৰ আহে, সেই সময়ত ঈশ্বৰৰ আত্মাই আমাক শাস্ত্ৰীয় সাৱধানবাণী স্মৰণ কৰাই দিয়ে। লগতে ইয়াৰ সিদ্ধান্তবোৰে পথ দেখুৱাই দিয়ে যাতে ঈশ্বৰৰ ইচ্ছাৰ সামঞ্জস্যত কাৰ্য্য কৰিবলৈ লোৱা সিদ্ধান্তত স্থিৰ হৈ থাকিবলৈ সহায় পাব পাৰোঁ। (গীতমালা ১১৯:১, ২, ৯৯; যোহন ১৪:২৬) ইয়াৰ দ্বাৰা আমি ভুল পথৰ পৰা আঁতৰি থাকোঁ।—২ কৰিন্থীয়া ১১:৩.

৯. যিহোৱাৰ সৈতে সম্বন্ধক বজাই ৰাখিবলৈ বাইবেল অধ্যয়নে আমাৰ সিদ্ধান্তক কেনেকৈ শক্তিশালী কৰি তুলে?

যেনেকৈ আমি বাইবেল আৰু ইয়াৰ সম্বন্ধীয় কিতাপবোৰ প্ৰকৃতৰূপে আৰু যত্নশীলেৰে অধ্যয়ন কৰোঁ, সেই সময়ত ঈশ্বৰৰ আত্মাই আমাৰ মন আৰু হৃদয়ত কাৰ্য্য কৰে। ইয়াৰ ওপৰিও পবিত্ৰ আত্মাই আমাক যিহোৱাৰ সন্মান কৰিবলৈ আৰু ভৰসা ৰখাত সহায় কৰে। একে সময়ত ঈশ্বৰৰ সৈতে থকা সম্বন্ধ আমাৰ জীৱনত সকলোতকৈ মুখ্য বিষয় হৈ পৰে। যেতিয়া আমি কোনো পৰীক্ষাৰ সন্মুখীন হওঁ, সেই সময়ত ভুল কাৰ্য্যত সন্মিলিত হʼলে কিমান সুখদায়ক হʼব তাৰ বিষয়ে চিন্তা কৰি আমাৰ মনত আনন্দিত নকৰে। কিন্তু তাৰ পৰিবৰ্ত্তে যিহোৱাৰ প্ৰতি নিষ্ঠাবান হোৱাটো আমাৰ মুখ্য চিন্তাৰ বিষয়বস্তু হোৱা উচিত হৈ পৰে। গতিকে, তেওঁৰ সৈতে থকা সম্বন্ধৰ প্ৰতি মূল্যাঙ্কনে আমাক হানি কৰা বা ধ্বংস কৰা প্ৰবৃত্তিৰ সৈতে যুঁজ কৰিবলৈ উত্তেজিত কৰে।

“মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ!”

১০. আত্মাৰ ভাবক উৎপন্ন কৰিবলৈ যিহোৱাৰ ব্যৱস্থাক পালন কৰা কিয় আৱশ্যক?

১০ যদি আমাৰ আত্মাৰ ভাব আছে, তেনেহʼলে মাত্ৰ ঈশ্বৰৰ বাক্যৰ জ্ঞান হোৱাটোৱে যথেষ্ট নহয়। যিহোৱাৰ সিদ্ধান্তৰ মতে ৰজা চলোমনো ভালদৰে চলিছিল, কিন্তু বৃদ্ধ অৱস্থাত সেইবোৰক পালন কৰিবলৈ বিফল হʼল। (১ ৰাজাৱলি ৪:২৯, ৩০; ১১:১-৬) যদি আমাৰ আধ্যাত্মিক ভাব আছে তেনেহʼলে আমি মাত্ৰ বাইবেলৰ জ্ঞানেই নলম কিন্তু ঈশ্বৰৰ আজ্ঞাক আন্তৰিকতাৰে পালন কৰিম। ইয়াৰ অৰ্থ হৈছে যিহোৱাৰ স্তৰক ন্যায়পৰায়ণে পৰীক্ষা আৰু সেইবোৰক অনুকৰণৰ কৰিবলৈ যত্নেৰে প্ৰচেষ্ঠা কৰি থকা। গীতমালাৰ লিখকৰ সেইদৰে মনোবৃত্তি আছিল। তেওঁ গীতত লিখিছিল: “মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ। ওৰে দিনটো সেয়ে মোৰ ধ্যানৰ বিষয়।” (গীতমালা ১১৯:৯৭) যেতিয়া আমি প্ৰকৃতৰূপে ঈশ্বৰৰ ব্যৱস্থাক অনুকৰণ কৰিবলৈ চিন্তা কৰোঁ, সেইসময়ত আমি ঈশ্বৰৰ গুণবোৰ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰোঁ। (ইফিচীয়া ৫:১, ২) বেয়া কাৰ্য্যলৈ অসহায়ভাৱে আকৰ্ষিত হোৱাৰ পৰিবৰ্ত্তে আমি আত্মাৰ ফলবোৰ আৰু “মাংসৰ অভিলাষ” পৰা আঁতৰি যিহোৱাক সন্তোষ্ট কৰা ইচ্ছাক বিকাশিত কৰিব পাৰোঁ।—গালাতীয়া ৫:১৬, ১৯-২৩; গীতমালা ১৫:১, ২.

১১. আপুনি কেনেকৈ বৰ্ণনা কৰিব যে যিহোৱাৰ ব্যৱস্থাই ব্যভিচাৰৰ পৰা আঁতৰাই ৰাখি আমাক সুৰক্ষা প্ৰদান কৰে?

১১ যিহোৱাৰ ব্যৱস্থাৰ বাবে আমি কেনেকৈ গভীৰ সন্মান আৰু প্ৰেম বৃদ্ধি কৰিব পাৰোঁ? ইয়াৰ এটা পদ্ধতি হৈছে যিহোৱাৰ ব্যৱস্থাৰ মূল্যক সাৱধানতাৰে পৰীক্ষা কৰাৰ দ্বাৰা। উদাহৰণস্বৰূপে এই বিষয়বোৰক বিবেচনা কৰক, তেওঁৰ ব্যৱস্থাত কোৱা হৈছে মাত্ৰ বিবাহিত নিজ সঙ্গীৰ সৈতেহে যৌন সম্পৰ্ক ৰখা আৰু ব্যভিচাৰ আৰু পৰস্ত্ৰীগামীৰ পৰা দূৰত থাকা। (ইব্ৰী ১৩:৪) এই ব্যৱস্থাক পালন কৰিলে আমাৰ কোনো লাভ হয়নে? যিটো আমাৰ বাবে লাভদায়ক তাৰ পৰা বঞ্চিত ৰাখিবলৈ এজন মৰমীয়াল স্বৰ্গীয় পিতৃয়ে তেনে ব্যৱস্থা দিবনে? নিঃসন্দেহ, কেতিয়াও নিদিয়ে! যিসকলে যিহোৱাৰ নৈতিক স্তৰৰ সামঞ্জস্যত জীৱন-যাপন নকৰে তেওঁলোকলৈ কি ঘটে তাক বিবেচনা কৰক। যেনে অনৈতিক সম্বন্ধ বা ব্যভিচাৰৰ ফলত অবৈধভাৱে গৰ্ভধাৰণ হয় আৰু ইয়ে গৰ্ভপাতলৈ পৰিচালিত কৰে বা অসময়ত হোৱা বৈবাহিক জীৱন ধ্বংস কৰে। বহুতে স্বামী বা স্ত্ৰী নোহোৱাকৈ সন্তানক চোৱাচিতা কৰাৰ দায়িত্ব পালন কৰিবলগীয়া হয়। ইয়াৰ ওপৰিও, যিসকলে ব্যভিচাৰ কৰে তেওঁলোকে যৌন সংক্ৰামক ৰোগবোৰত ভুগিবলগীয়া হয় যাৰ কোনো চিকিৎসা নাই। (১ কৰিন্থীয়া ৬:১৮) তদুপৰি, যদি কোনো যিহোৱাৰ সেৱকে ব্যভিচাৰ কৰে, তেনেহʼলে তেওঁ মানসিকভাৱে অশান্তিত ভুগিব। তদুপৰি তেওঁ দোষী বিবেকক দমন কৰিবলৈ চেষ্টা কৰাৰ বাবে গোটেই ৰাতিটো উজাগৰে কটাবলগীয়া বা মানসিকৰূপে যাতনাত ভুগিবলগীয়া হʼব। (গীতমালা ৩২:৩, ৪; ৫১:৩) তেনেহʼলে এইটো স্পষ্ট নহয়নে যে যিহোৱাৰ ব্যৱস্থাই ব্যভিচাৰৰ পৰা আঁতৰাই ৰাখি আমাক সুৰক্ষা প্ৰদান কৰে? দৰাচলতে, নৈতিকৰূপে শুদ্ধতাক বজাই ৰাখি আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰি!

যিহোৱাৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰক

১২, ১৩. যেতিয়া আমি পাপপূৰ্ণ অভিলাষৰ দ্বাৰা আক্ৰান্ত হওঁ সেইসময়ত প্ৰাৰ্থনা কৰাটো কিয় উত্তম হʼব?

১২ আত্মাৰ ভাৱক উৎপন্ন কৰিবলৈ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা উচিত। ঈশ্বৰৰ আত্মাৰ সহায় বিচৰাটো উত্তম হʼব যাৰ বিষয়ে যীচুৱে কৈছিল: “তোমালোকে . . . নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?” (লূক ১১:১৩) আমাৰ দুৰ্ব্বলতাৰ বাবে আমি যে আত্মাৰ সহায়ৰ ওপৰত ভৰসা ৰাখোঁ তাক প্ৰাৰ্থনাৰ যোগেদি প্ৰকাশ কৰিব পাৰোঁ। (ৰোমীয়া ৮:২৬, ২৭) যদি আমি গম পাওঁ যে আমাৰ পাপপূৰ্ণ অভিলাষ বা মনোবৃত্তিয়ে আমাক প্ৰভাৱিত কৰিছে বা যদি কোনো মৰমীয়াল বিশ্বাসী সঙ্গীয়ে আমাৰ পাপপূৰ্ণ মনোবৃত্তিৰ প্ৰতি ধ্যান আকৰ্ষিত কৰিছে, সেইসময়ত নিজৰ প্ৰাৰ্থনাত এইবোৰৰ বিষয়ে উল্লেখ কৰি এনেবোৰ প্ৰবৃত্তিৰ ওপৰত জয়ী হʼবলৈ ঈশ্বৰৰ সহায় বিচৰাটো উত্তম হʼব।

১৩ তেতিয়াহে যিহোৱাই আমাক ধাৰ্ম্মিক, আদৰণীয়, শুদ্ধ আৰু প্ৰংশনীয় বস্তুবোৰৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিবলৈ সহায় কৰিব। আমি ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত বিচৰাটো কিমান যে উত্তম হয় যাতে “ঈশ্বৰৰ শান্তিয়ে” আমাৰ হৃদয় আৰু মানসিক শক্তিক সুৰক্ষা দিব পাৰে! (ফিলিপীয়া ৪:৬-৮) গতিকে আঁহক আমি “ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ” অনুসাৰে জীৱন-যাপন কৰিবলৈ যিহোৱাৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰোঁহঁক। (১ তীমথিয় ৬:১১-১৪) তেতিয়া আমাৰ স্বৰ্গীয় পিতৃৰ সহায়ে, অশান্তি আৰু প্ৰলোভনবোৰক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰালৈকে বৃদ্ধি হʼবলৈ নিদিব। তাৰ পৰিবৰ্ত্তে ঈশ্বৰে দিয়া শান্তিৰ দ্বাৰা আমি জীৱন-যাপন কৰিব পাৰিম।

আত্মাক অসন্তোষ্ট নকৰিব

১৪. শুদ্ধ কৰা এক শক্তিৰূপে ঈশ্বৰৰ আত্মাক কিয় বৰ্ণনা কৰা হৈছে?

১৪ যিহোৱাৰ পৰিপক্ক সেৱকসকললৈ পৌলে দিয়া পৰামৰ্শ অনুসৰি জীৱন নিৰ্বাহ কৰে। কিয়নো উপদেশ দি এইদৰে কৈছিল: “পবিত্ৰ আত্মাক নুনুমাবা।” (১ থিচলনীকীয়া ৫:১৯) যিহেতু ঈশ্বৰৰ আত্মা হৈছে “পবিত্ৰতাৰ আত্মা,” গতিকে ই হৈছে শুদ্ধ, নিভাঁজ আৰু পবিত্ৰ। (ৰোমীয়া ১:৪) যেতিয়া এই আত্মাই আমাৰ ওপৰত কাৰ্য্য কৰে সেই সময়ত ই আমাক পবিত্ৰতা বা শুদ্ধ হʼবলৈ শক্তিৰূপে কাৰ্য্য কৰে। ই আমাৰ জীৱন প্ৰণালীক শুদ্ধ ৰাখিবলৈ সহায় কৰে যাতে আমি ঈশ্বৰৰ আজ্ঞাকাৰীতা হʼব পাৰোঁ। (১ পিতৰ ১:২) যিকোনো অশুদ্ধ অভ্যাসে সেই আত্মাক অৱজ্ঞা কৰে আৰু এক সৰ্বনাশী পৰিণাম কঢ়িয়াই আনিব পাৰে। সেইটো কেনেদৰে হʼব পাৰে?

১৫, ১৬. (ক)আমি কেনেকৈ ঈশ্বৰৰ আত্মাক অসন্তোষ্ট কৰিব পাৰোঁ? (খ) আমি কেনেকৈ ঈশ্বৰৰ আত্মাক অসন্তোষ্ট কৰাৰ পৰা আঁতৰি থাকিব পাৰোঁ?

১৫ ইয়াৰ বিষয়ে পৌলে লিখিছিল: “যি পবিত্ৰ আত্মাত মুক্তি-দিনৰ কাৰণে মোহৰ মৰা হলা, তেওঁক অসন্তুষ্ট নকৰিবা।” (ইফিচীয়া ৪:৩০) বাইবেলে যিহোৱাৰ আত্মাক এটা মোহৰ বা বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলৰ বাবে ‘আহিবলগীয়া প্ৰতীক’ ৰূপে চিনাক্ত কৰিছে। সেইয়া হৈছে অবিনাশী স্বৰ্গীয় জীৱন। (২ কৰিন্থীয়া ১:২২; ১ কৰিন্থীয়া ১৫:৫০-৫৭; প্ৰকাশিত বাক্য ২:১০) ঈশ্বৰৰ আত্মাই অভিষিক্ত জনক আৰু যিসকলৰ এই পৃথিৱীত চিৰকালে জীয়াই থকাৰ আশা আছে তেওঁলোকৰ সঙ্গীসকলক সহায় কৰে আৰু লগতে তেওঁলোকক পাপপূৰ্ণ কাৰ্য্যবোৰৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব পাৰে।

১৬ কপটাচাৰ, চুৰ, লম্পট-আচৰণ আৰু অন্যান্য প্ৰবৃত্তিৰ বিৰুদ্ধে পাঁচনিসকলক সাৱধান কৰিছিল। ঠিক সেইদৰে যদি আমি নিজকে তেনেধৰণৰ প্ৰবৃত্তিৰ ফালে আকৰ্ষিত হওঁ, ইয়াৰ অৰ্থ হৈছে আমি ঈশ্বৰ বাক্যৰ প্ৰেৰিত উপদেশকৰ বিৰোদ্ধে গৈছোঁ। (ইফিচীয়া ৪:১৭-২৯; ৫:১-৫) এইদৰে কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ আত্মাক অসন্তোষ্ট কৰিম আৰু যি প্ৰবৃত্তিক আমি বিৰোধ কৰা উচিত তাক আমি আমন্ত্ৰণ কৰিছো। সেই ক্ষেত্ৰত, যদি আমাৰ কোনোৱাই যিহোৱাৰ বাক্যৰ উপদেশক অৱহেলা কৰা, ইয়াৰ অৰ্থ হৈছে আমি এনেধৰণৰ মনোবৃত্তি বা প্ৰবৃত্তিক বৃদ্ধি কৰিছো যাৰ পৰিণাম ইচ্ছাকৃতভাৱে পাপ কৰা আৰু ঈশ্বৰীয় অনুগ্ৰহক সম্পূৰ্ণৰূপে হেৰুৱা। (ইব্ৰী ৬:৪-৬) যদিও আমি বৰ্তমান সময়ত পাপৰ অভ্যাস কৰা নাই কিন্তু তথাপি আমি এই উপদেশক পালন কৰা উচিত। যদি আমি আত্মাই পৰিচালিত কৰা পথৰ বিৰোদ্ধে যাওঁ, তেনেহʼলে ইয়াক আমি অসন্তোষ্ট কৰিম। লগতে আমি পবিত্ৰ আত্মাৰ উৎস যিহোৱাকো বিৰোধ আৰু অসন্তোষ্ট কৰিম। যিহেতু আমি ঈশ্বৰক প্ৰেম কৰোঁ, গতিকে আমি কেতিয়াও সেইদৰে কৰাটো নিবিচাৰোঁ। তাৰ পৰিবৰ্ত্তে আমি যিহোৱাৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে আমি তেওঁৰ আত্মাক অসন্তোষ্ট নকৰোঁ কিন্তু আত্মাৰ ভাবৰ দ্বাৰা তেওঁৰ পবিত্ৰ নামলৈ মহিমা আনোঁ।

আত্মাৰ ভাব ৰাখক

১৭. আমি কি কি আধ্যাত্মিক লক্ষ্য ৰাখিব পাৰোঁ আৰু এইদৰে কৰাটো কিয় বুদ্ধিমানৰ কাৰ্য্য?

১৭ আত্মাৰ ভাবক ৰখা এক উল্লেখনীয় পথ হৈছে আধ্যাত্মিক লক্ষ্য বনাই তাক কাৰ্য্যকাৰী কৰিবলৈ পৰিশ্ৰম কৰা। আমাৰ আৱশ্যকীয় আৰু পৰিস্থিতিৰ অনুসৰি আমি আমাৰ লক্ষ্যত অধ্যয়ন কৰা অভ্যাসক সন্মিলিত কৰিব পাৰোঁ, প্ৰচাৰ কাৰ্য্যত অধিকৰূপে ভাগ লব পাৰোঁ বা পূৰ্ণ সময়ৰ অগ্ৰগামী সেৱা, বেথেল সেৱা, মিছনাৰী সেৱাৰ দৰে নিৰ্দ্দিষ্ট সেৱাৰ বাবে লক্ষ্যক ৰাখিব পাৰোঁ। ইয়ে আমাক আধ্যাত্মিক আগ্ৰহবোৰক আমাৰ মনত পূৰ্ণ হৈ থাকিবলৈ আৰু আমাত থকা দুৰ্ব্বলতা বা ভৌতিক লক্ষ্য আঁতৰাই নি এই ৰীতি-ব্যৱস্থাত হৈ থকা অশাস্ত্ৰীয় প্ৰবৃত্তিবোৰক বিৰোধ কৰিবলৈ সহায় কৰে। এনেধৰণৰ পদক্ষেপ হৈছে এক বুদ্ধিমান পথ যাৰ বিষয়ে যীচুৱে আগ্ৰহ কৰিছিল: “যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে, আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিবীত নিজলৈ ধন নাসাঁচিবা; কিন্তু যʼতে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা। কিয়নো যʼতে তোমাৰ ধন, তʼতে তোমাৰ মনো হব।”—মথি ৬:১৯-২১.

১৮ এই শেষ কালত আত্মাৰ ভাবক বজাই ৰখাটো কিয় ইমান গুৰুত্বপূৰ্ণ?

১৮ এই শেষ কালত আত্মাক মনত বহোৱা আৰু জাগতিক ইচ্ছাবোৰক বিৰোধ কৰাটো হৈছে এক বুদ্ধিমান কাম। কিয়নো “জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৫-১৭) উদাহৰণস্বৰূপে যদি এজন যুৱক খ্ৰীষ্টানে পূৰ্ণ সময় সেৱাৰ লক্ষ্য বনাই, কিশোৰ অৱস্থাৰ বা সাবালকত্বৰ সময়ত ইয়ে তেওঁক পথ-প্ৰদৰ্শন কৰিব। যেতিয়া মীমাংসা কৰিবলৈ হেঁচা আহে, সেই সময়ত এনেধৰণৰ ব্যক্তিয়ে স্পষ্টৰূপে দেখা পাব যে তেওঁ বা তাই যিহোৱাৰ সেৱাক কিয় সম্পন্ন কৰিবলৈ বিচাৰিছে। তেনেধৰণৰ আধ্যাত্মিক ব্যক্তিয়ে ভৌতিক আৱশ্যকতা বা মাংসৰ অভিলাষবোৰক পূৰ্ণ কৰিবলৈ আধ্যাত্মিক লক্ষ্যক মূৰ্খতাৰে ত্যাগ দিয়ে। স্মৰণ কৰক যে আধ্যাত্মিকতাই মোচিক “পাপৰ অলপদিনীয়া সুখ ভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত” কৰিবলৈ উৎসাহিত কৰিলে। (ইব্ৰী ১১:২৪, ২৫) ডেকা বা বৃদ্ধই হওঁক, মাংসৰ ভাবৰ পৰিবৰ্ত্তে আমি তেনেধৰণৰ আত্মাৰ ভাবক বাচঁনি কৰিম।

১৯. যদি আমি আত্মাৰ ভাব ৰাখো তেনেহʼলে আমি কি লাভসমূহৰ আনন্দ প্ৰাপ্ত কৰিব পাৰিম?

১৯ ‘মাংসৰ ভাব অৰ্থ হৈছে ঈশ্বৰলৈ শত্ৰুতা’ কিন্তু “আত্মাৰ ভাব, জীৱন আৰু শান্তি।” (ৰোমীয়া ৮:৬, ৭) যদি আমি আত্মাত মন দিওঁ, তেনেহʼলে আমি বহুমূলীয়া শান্তিৰ উপভোগ কৰিম। আমাৰ হৃদয় আৰু মানসিক শক্তিয়ে আমাৰ পাপপূৰ্ণ প্ৰভাৱৰ পৰা অধিকৰূপে আমাক সুৰক্ষা দিব। সেই সময়ত আমি বেয়া কাৰ্য্যত লিপ্ত থকা প্ৰলোভনবোৰক আৰু ভালদৰে বিৰোধ কৰিবলৈ পাৰিম। তদুপৰি আত্মা আৰু মাংসৰ মাজত হোৱা যুদ্ধৰ সৈতে যুঁজ কৰিবলৈ আমি ঈশ্বৰীয় সহায় গ্ৰহণ কৰিম।

২০. আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ যে মাংস আৰু আত্মাৰ মাজত হোৱা যুদ্ধত জয়ী হোৱাটো সম্ভৱ? (w01 3/15)

২০ আত্মাৰ ভাবক একেৰাহে উৎপন্ন কৰি থকাৰ দ্বাৰা আমি যিহোৱা অৰ্থাৎ জীৱন আৰু পবিত্ৰ আত্মাৰ উৎসৰ সৈতে সম্বন্ধ বজাই ৰাখিম। (গীতমালা ৩৬:৯; ৫১:১১) যিহোৱা ঈশ্বৰৰ সৈতে থকা আমাৰ সম্বন্ধক শেষ কৰিবলৈ চয়তান আৰু তাৰ প্ৰতিনিধিবিলাকে প্ৰাণপণে চেষ্টা কৰি আছে। তেওঁলোকে আমাৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকে কিয়নো সিবিলাকে জানে যে যদি আমি তেনে কৰিবলৈ অনুমতি দিওঁ, তেনেহʼলে তেওঁলোকে আমাক ঈশ্বৰৰ শত্ৰুতা কৰি মৃত্যুৰ ফালে লৈ যাব পাৰে। কিন্তু মাংস আৰু আত্মাৰ যুদ্ধত আমি জয়ী হʼব পাৰোঁ। কিয়নো সেইয়া পৌলে নিজেই অনুভৱ কৰিছিল। সেইবাবে তেওঁ এই যুদ্ধৰ বিষয়ে লিখাৰ সময়ত প্ৰথমে সুধিছিল: “এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?” কিন্তু যেতিয়া তেওঁ দেখা পাইছিল যে উদ্ধাৰ হোৱাটো সম্ভৱ, সেই সময়ত তেওঁ আচৰিত হৈ কৈছিল: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ।” (ৰোমীয়া ৭:২১-২৫) গতিকে যীচুৰ দ্বাৰা ব্যৱস্থা কৰা আত্মাৰ ভাব অৰ্থাৎ অনন্ত জীৱনৰ আশাৰ বিষয়ে মনত ৰাখি আমাত থকা দুৰ্ব্বলতাসমূহৰ সৈতে যুঁজ কৰি আমিও ঈশ্বৰক ধন্যবাদ দিয়া আৱশ্যক—ৰোমীয়া ৬:২৩.

আপুনি স্মৰণ কৰেনে?

•আত্মাৰ ভাবক উৎপন্ন কৰাৰ অৰ্থ কি?

•আমি কেনেকৈ যিহোৱাৰ আত্মাক আমাৰ ওপৰত কাৰ্য্য কৰিবলৈ এৰিব পাৰোঁ?

•বৰ্ণনা কৰক যে পাপৰ বিৰোদ্ধে যুঁজ কৰাৰ সময়ত কিয় বাইবেল অধ্যয়ন, ঈশ্বৰৰ ব্যৱস্থাক পালন আৰু তেওঁলৈ প্ৰাৰ্থনা কৰা আৱশ্যক।

•আধ্যাত্মিক লক্ষ্যই আমাক কেনেকৈ সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৮ পৃষ্ঠাৰ ছবি]

বাইবেল অধ্যয়নে আমাৰ আধ্যাত্মিকতাত হোৱা আক্ৰমণবোৰক প্ৰতিৰোধ কৰিবলৈ সহায় কৰে

[২৯ পৃষ্ঠাৰ ছবি]

পাপপূৰ্ণ অভিলাষবোৰৰ ওপৰত জয়ী হʼবলৈ যিহোৱাৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰাটো উচিত

[৩০ পৃষ্ঠাৰ ছবি]

আধ্যাত্মিক লক্ষ্যই আত্মাৰ ভাবক উৎপন্ন কৰিবলৈ সহায় কৰে