Skip to content

Skip to table of contents

পবিত্ৰ লোকসকলৰ সহায়ৰ বাবে পৌলে কৰা দানৰ প্ৰৱন্ধ

পবিত্ৰ লোকসকলৰ সহায়ৰ বাবে পৌলে কৰা দানৰ প্ৰৱন্ধ

পবিত্ৰ লোকসকলৰ সহায়ৰ বাবে পৌলে কৰা দানৰ প্ৰৱন্ধ

 আধ্যাত্মিক হিত হৈছে খ্ৰীষ্টানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। তথাপি আনৰ ভৌতিক কল্যাণৰ বাবে চিন্তা কৰাটোও হৈছে তেওঁলোকৰ কৰ্তব্য। তেওঁলোকে সদায় ক্লেশত থকা লোকসকলক সহায় কৰে। ভাতৃত্ব প্ৰেমে খ্ৰীষ্টানসকলক তেওঁলোকৰ সহকৰ্মীসকলৰ আৱশ্যকতাক পূৰ কৰিবলৈ উৎসাহিত কৰে।—যোহন ১৩:৩৪, ৩৫.

সেয়েহে ভাই-ভনীসকলৰ প্ৰতি থকা প্ৰেমে পাঁচনি পৌলক আখায়া, মাকিদনীয়া, গালাতিয়া আৰু এচিয়া জিলাত থকা মণ্ডলীসমূহক দান-বৰঙণি আগবঢ়োৱাত সংগঠিত কৰিবলৈ প্ৰেৰণা দিছিল। কিহৰ বাবে এই দান-বৰঙণিৰ প্ৰয়োজন হৈছিল? কিদৰে এই সাহাৰ্য্যৰ কাৰ্য্যক্ৰমক পৰিচলনা কৰা হয়? ইয়াৰ প্ৰতি ভাই-ভনীসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? এইবোৰৰ বিষয়ে জানিবলৈ আমি কিয় ইচ্ছুক হোৱা উচিত?

যিৰূচালেমত থকা মণ্ডলীৰ অৱস্থা

যিহূদী আৰু যিহূদী ধৰ্ম্ম গ্ৰহণ কৰা লোকসকলৰ কিছুমানে সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ পাছত যীচুৰ অনুগামী হৈছিল। তেওঁলোকে সত্যৰ বিষয়ে অধিক জ্ঞান প্ৰাপ্ত কৰিবলৈ যিৰূচালেমত কিছু সময় কটাবলগীয়া হৈছিল। তেওঁলোকৰ আৱশ্যকতাবোৰক পূৰ কৰিবলৈ তাত থকা আন উপাসকসকলে আনন্দেৰে সাহাৰ্য্য আগবঢ়াইছিল। (পাঁচনিৰ কৰ্ম্ম ২:৭-১১; ২:৪১-৪৪ ৪:৩২-৩৭) যেতিয়া সকলো যিহূদীয়ে ৰোমান চৰকাৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰে, তেতিয়া দান-বৰঙণিৰ অধিকৈ প্ৰয়োজন হৈছিল। গতিকে যীচুৰ কোনো শিষ্য যাতে ভোকাতুৰ হৈ নাথাকে, বিশেষকৈ বিধৱাসকলৰ বাবে সদায়ে খোৱা সামগ্ৰীৰ যোগান ধৰা হৈছিল। (পাঁচনিৰ কৰ্ম্ম ৬:১-৬) যেতিয়া ৰজা হেৰোদে খ্ৰীষ্টানসকলৰ ওপৰত অত্যাচাৰ কৰে আৰু সা.যু. ৪০ চনৰ মাজভাগত যিহূদাৰ চাৰিওফালে যেতিয়া আকালে দেখা দিছিল, সেই সময়ত পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাইছিল। পাঁচনি পৌলৰ অনুসৰি যীচুৰ সকলো শিষ্যই “দুখভোগ,” “ক্লেশ” কৰিছিল আৰু ‘তেওঁলোকৰ সম্পত্তি বলেৰে কাঢ়ি লৈ যোৱা হৈছিল।’—ইব্ৰী ১০:৩২-৩৪; পাঁচনিৰ কৰ্ম্ম ১১:২৭-১২:১.

সা.যু. ৪৯ চনলৈকেও পৰিস্থিতিৰ কোনো পৰিবৰ্তন হোৱা নাছিল। এতেকে পাঁচনি পৌলে যাতে অন্যজাতিলৈ প্ৰচাৰ কৰিব পাৰে, এই কাৰণে পাঁচনি পিতৰ, যাকোব আৰু যোহনে মিনতি কৰি তেওঁক এইদৰে কৈছিল, “দৰিদ্ৰ লোকক সুঁৱৰিবলৈ।” সেয়েহে পাঁচনি পৌলে প্ৰচাৰ কৰিবলৈ মনে-প্ৰাণে প্ৰচেষ্টা কৰিছিল।—গালাতীয়া ২:৭-১০.

দান-বৰঙণিক সংগঠিত কৰা

যিহূদাত থকা দৰিদ্ৰ খ্ৰীষ্টানসকলক সহায় কৰিবলৈ পাঁচনি পৌলে তেওঁলোকৰ বাবে সংগ্ৰহ কৰা দান-বৰঙণিৰ চোৱা-চিতা কৰিছিল। প্ৰায় সা.যু. ৫৫ চনত পাঁচনি পৌলে কৰিন্থীয়া মণ্ডলীত থকা ভাই-ভনীসকললৈ এইদৰে লিখিছিল: “পবিত্ৰ লোকসকলৰ কাৰণে দান তোলাৰ বিষয়ে হলে, মই গালাতীয়াৰ মণ্ডলীবিলাকক যেনেকৈ আদেশ দিলোঁ, তেনেকৈ তোমালোকেও কৰিবা। মই যেতিয়া উপস্থিত হম, তেতিয়া যেন দান তোলা নহয়, এই কাৰণে তোমালোকৰ প্ৰতিজনে নিজ নিজ আয় অনুসাৰে, সপ্তাহৰ প্ৰথম দিনা নিজৰ ওচৰত সাঁচি ৰাখিবা। আৰু মই যেতিয়া উপস্থিত হম, তেতিয়া তোমালোকে যিবিলাকক যোগ্য দেখা, তোমালোকৰ সেই দান যিৰূচালেমলৈ নিবলৈ পত্ৰ দি, তেওঁলোকক পঠাই দিম।” (১ কৰিন্থীয়া ১৬:১-৩) এবছৰৰ পাছত পাঁচনি পৌলে কৈছিল যে মাকিদনীয়া আৰু আখায়া মণ্ডলীয়েও দান-বৰঙণি সংগ্ৰহ কৰা কাৰ্য্যত ভাগ লৈছিল। যেতিয়া সেই প্ৰতিনিধিসকলে দান-বৰঙণি সঞ্চিত কৰিবলৈ এচিয়া জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ সৈতে যিৰূচালেমত উপস্থিত হয়, তেতিয়া তেওঁলোকে জানিব পাৰিলে যে বিভিন্ন ক্ষেত্ৰৰ পৰাও দান-বৰঙণি আহিছে।—পাঁচনিৰ কৰ্ম্ম ২০:৪; ২ কৰিন্থীয়া ৮:১-৪; ৯:১, ২.

কোনো এজনকো অধিক দান কৰিবলৈ জোৰ দিয়া নহৈছিল। ইয়াৰ বিপৰীতে সেই দানবোৰত সকলোৰে সমান ভাগ আছিল। সেই দানৰ ওপৰঞ্চি ধনক যিৰূচালেমত থকা পবিত্ৰ লোকসকলৰ আৱশ্যকতাসমূহ পূৰণ কৰিবৰ নিমিত্তে ব্যৱহাৰ কৰা হৈছিল। (২ কৰিন্থীয়া ৮:১৩-১৫) এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।”—২ কৰিন্থীয়া ৯:৭.

পাঁচনি পৌলে কৰিন্থীয়াত থকা ভাই-ভনীসকলক উদাৰ মনোবৃত্তি প্ৰকাশ কৰিবলৈ এক উত্তম কাৰণ দৰ্শাইছিল। কিয়নো যীচু নিজেই ‘তেওঁলোকৰ নিমিত্তে দৰিদ্ৰ হল, যাতে আধ্যাত্মিকতাত ধনী’ হʼব পাৰে। (২ কৰিন্থীয়া ৮:৯) বাস্তৱতে, দান-বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰত যীচুৰ উত্তম আৰ্হিক অনুকৰণ কৰিব লাগিছিল। তদুপৰি, ঈশ্বৰে তেওঁলোকক ‘সকলো বিষয়তে ধনৱন্ত’ কৰিছিল, গতিকে তেওঁলোকেও পবিত্ৰ লোকৰ আৱশ্যকতাসমূহ পূৰণ কৰা প্ৰয়োজন আছিল।—২ কৰিন্থীয়া ৯:১০-১২.

দান-বৰঙণি দিয়াৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখক

প্ৰথম শতাব্দীত খ্ৰীষ্টানসকলে পবিত্ৰ লোকসকলৰ নিমিত্তে দান কৰা মনোবৃত্তিৰ পৰা আমি এক উত্তম শিক্ষা পাওঁ। তেওঁলোকে দৰিদ্ৰ উপাসকসকলৰ নিমিত্তে জমা কৰা দান অধিক হৈছিল। কিয়নো যিহূদী আৰু অন্যজাতিৰ খ্ৰীষ্টানসকলৰ মাজত থকা ভাতৃ প্ৰেমৰ বন্ধনক প্ৰমাণ দিয়ে। তেওঁলোকৰ মাজত থকা ঐক্যতা আৰু বন্ধুতাৰ পৰিচয় দান দিয়া আৰু গ্ৰহণ কৰাৰ দ্বাৰা দেখা যায়। তেওঁলোকে আধ্যাত্মিক আৰু ভৌতিক, এই দুয়োটাই কৰিছিল।—ৰোমীয়া ১৫:২৬, ২৭.

আৰম্ভণিতে, পাঁচনি পৌলে চাগৈ মাকিদনীয়াত থকা ভাই-ভনীসকলক সেই কাৰ্য্যত ভাগ লবলৈ নিমন্ত্ৰণ দিয়া নাছিল যিহেতু তেওঁলোকৰ আৰ্থিক পৰিস্থিতিয়ে তেনে কাৰ্য্যত ভাগ লবলৈ অনুমতি দিয়া নাছিল। তথাপিও তেওঁলোকে ‘উপকাৰ কৰা কাৰ্য্যৰ সহভাগী হবলৈ পোৱা অনুগ্ৰহক পাবলৈ’ বাৰে বাৰে মিনতি কৰিলে। আনকি ক্লেশৰূপে “মহা-পৰীক্ষাতো” তেওঁলোকে অতি আনন্দৰে “শক্তি অতিৰিক্ত পৰিমাণে” দান কৰিবলৈ সক্ষম হʼল! (২ কৰিন্থীয়া ৮:১-৪) কিয়নো ৰোম দেশীয় লোকসকলৰ মতে তেওঁলোকৰ ধৰ্ম্ম বে-আইনী আছিল। গতিকে তেওঁলোকৰ দৰে যিহূদিয়াত থকা ভাই-ভনীসকলেও সেই একেই অত্যাচাৰ সন্মূখীন হৈছিল।—পাঁচনিৰ কৰ্ম্ম ১৬:২০, ২১; ১৭:৫-৯; ১ থিচলনীকীয়া ২:১৪.

যিহেতু, প্ৰথমতে পাঁচনি পৌলে দান কৰা ক্ষেত্ৰত মাকিদনীয়াত থকা ভাই-ভনীক, কৰিন্থীয়া মণ্ডলীৰ ভাই-ভনীসকলৰ মনোবৃত্তিক অনুকৰণ কৰিবলৈ কৈছিল। কিন্তু পাছলৈ কৰিন্থীয়াৰ ভাই-ভনীসকলে দান দিয়াত লাহে-লাহে নিৰুৎসাহী হৈ পৰাত পৌলে তেওঁলোকক মাকিদনীয়াৰ ভাই-ভনীসকলৰ মনোবৃত্তিক অনুকৰণ কৰিবলৈ উৎসাহিত কৰিছিল। যিহেতু এবছৰৰ আগতে আৰম্ভ হোৱা সেই দান সংগ্ৰহ কৰা কাৰ্য্যৰ সমাপ্তিৰ সময় অহাৰ আৱশ্যকতা বুজি পাই পাঁচনি পৌলে তেওঁলোকক সোঁৱাৰাই দিছিল। কিন্তু ইয়াৰ পৰিণাম কি হʼল?—২ কৰিন্থীয়া ৮:১০, ১১; ৯:১-৫.

কৰিন্থীয়া মণ্ডলীত দান সংগ্ৰহ কৰা কাৰ্য্যত পাঁচনি তীতে আগভাগ লয়। কিন্তু তেওঁৰ সেই কাৰ্য্যত সমস্যা উৎপন্ন হোৱা বাবে তেওঁক পৌলৰ পৰা পৰামৰ্শ লবলৈ মাকিদনীয়ালৈ আহিবলগীয়া হয়। পাঁচনি পৌলৰ পৰামৰ্শৰ মতে তেওঁ আৰু দুয়োজন ভাইৰ সৈতে কৰিন্থীয়ালৈ উভটি যায় যাতে তাত থকা ভাই-ভনীসকলে এই কাৰ্য্যৰ প্ৰতি সঠিক মনোবৃত্তি ৰাখিবলৈ উৎসাহিত কৰে আৰু সেই কাৰ্য্য সম্পন্ন কৰিব পাৰে। তাত থকা কিছুমান ভাই-ভনীয়ে, কৰিন্থীয়া মণ্ডলীক শোষণ কৰা বুলি বিদ্ৰূপ কৰিছিল। সেইবাবে হয়তো পাঁচনি পৌলে তিনিজন ভাইক পঠিয়াইছিল যাতে দান সংগ্ৰহ সম্পূৰ্ণ কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰত্যেকজনকে যেন প্ৰশংসা কৰে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “আমাৰ দ্বাৰাই সাধিত হব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ নিমিত্তে আমি সতৰ্ক হৈছোঁ; কিয়নো অকল প্ৰভুৱে দেখাতে নহয়, মানুহে দেখাতেও যি যি উচিত হয়, তালৈ আমি চিন্তা কৰিছোঁ।”—২ কৰিন্থীয়া ৮:৬, ১৮-২৩; ১২:১৮.

দান গতাই দিয়া

সা.যু. ৫৬ চনৰ বসন্ত কালত তেওঁলোকে দান কৰা ধনবোৰ যিৰূচালেমলৈ লৈ যাবলৈ নিৰ্ণয় কৰিলে। সেইবাবে দান দিওঁতাসকলে কিছুমান প্ৰতিনিধিক বাঁছনি কৰে আৰু তেওঁলোকৰ সৈতে পাঁচনি পৌলেও যায়। এই সম্পৰ্কে পাঁচনিৰ কৰ্ম্ম ২০:৪ পদত এইদৰে কৈছে: “তেতিয়া বিৰয়া নগৰৰ পুৰ্হৰ পুতেক চোপাত্ৰ, আৰু থিচলনীকীয়াৰ আৰিষ্টাৰ্খ আৰু চিকুণ্ড, দৰ্বী নগৰৰ পায়, আৰু তীমথিয়, এচিয়াৰ তুখিক আৰু ত্ৰফিম, এই সকলোবিলাক এচিয়ালৈকে তেওঁৰ লগত গল।” তেওঁলোকৰ মাজত লূকও আছিল, যিজনে ফিলিপীয়া মণ্ডলীৰ প্ৰতিনিধিত্ব কৰিছিল। এই কাৰ্য্যত সৰ্ব্বমুঠ ৯ জন ব্যক্তিয়ে অংশ গ্ৰহণ কৰিছিল।

এই সন্দৰ্ভত ডায়াটাৰ নামৰ এজন বিদ্বানে এইদৰে কৈছিল: “নিশ্চয় তেওঁলোকে বহু মাত্ৰাত দান লৈ গৈছিল,” কিয়নো সেইবোৰক লৈ যোৱাত বহু কষ্ট আৰু খৰচ কৰিবলগীয়া হৈছিল আৰু ইয়াৰ ওপৰিও পাঁচনি পৌলৰ সৈতে আৰু ৮ জন ব্যক্তিও আছিল।” যিহেতু এই দলটোৱে কেৱল সেই দানবোৰৰ ৰক্ষকে নহয় কিন্তু পাঁচনি পৌলক যেন কোনেও বিদ্ৰূপ কৰিব নোৱাৰে, তাৰ সাক্ষী হিচাপে গৈছিল। তদুপৰি তেওঁলোকে অন্যজাতিৰ প্ৰতিনিধি হিচাপেও যিৰূচালেমত থকা পবিত্ৰ লোকৰ ওচৰলৈ গৈছিল।

যিহেতু প্ৰতিনিধিসকল আৰু পৌলে নিস্তাৰ-পৰ্ব্বৰ সময়ত যিৰূচালেমত উপস্থিত হʼবলৈ সমুদ্ৰ-পথেদি চিৰিয়া দেশলৈ যাত্ৰা কৰিবলৈ আছিল। কিন্তু যেতিয়া তেওঁলোকে জানিব পাৰিলে যে যিহূদীবিলাকে পাঁচনি পৌলক হত্যা কৰিবলৈ চক্ৰান্ত কৰিছে, তেতিয়া তেওঁলোকে মাকিদনীয়াদি উলটি যাবলৈ নিশ্চয় কৰিলে। (পাঁচনিৰ কৰ্ম্ম ২০:৩) সম্ভৱতঃ তেওঁৰ বিৰোধীসকলে তেওঁক সমুদ্ৰ-পথেদি যাত্ৰা কৰাৰ সময়তে হত্যা কৰিবলৈ চক্ৰান্ত কৰিছিল।

পাঁচনি পৌলৰ যিৰূচালেমলৈ যাত্ৰা কৰাৰ পূৰ্বে নিজৰ বিষয়ে চিন্তা কৰাৰ ওপৰিও আন-আন বিষয়টো চিন্তিত আছিল। সেয়েহে ৰোমীয়াত থকা খ্ৰীষ্টান ভাই-ভনীসকললৈ এইদৰে লিখিছিল যে সকলোৱে যেন তেওঁৰ নিমিত্তে প্ৰাৰ্থনা কৰে যাতে ‘যিহূদিয়াত থকা আজ্ঞা নমনাবিলাকৰ পৰা তেওঁ যেন ৰক্ষা পাই, আৰু যিৰূচালেমলৈ তেওঁৰ যি পৰিচৰ্য্যা, সেয়ে পবিত্ৰ লোকসকলৰ আগত যেন গ্ৰহণীয় হয়।’ (ৰোমীয়া ১৫:৩০, ৩১) যিহেতু পৌলে জানিছিল যে সেই কঢ়িয়াই লৈ যোৱা দানবোৰ নিঃসন্দেহে পবিত্ৰ লোকসকলে অতি আনন্দেৰে স্বীকাৰ কৰিব, কিন্তু সাৰ্ব্বজনীকৰূপে যিহূদীৰ আগত উপস্থিতি হোৱাটো তেওঁৰ কাৰণে এক চিন্তাৰ বিষয় আছিল।

সঁচাকৈ পাঁচনি পৌলে দৰিদ্ৰসকলৰ প্ৰতি চিন্তা কৰিছিল। যিহেতু বাইবেলত এইটো উল্লেখ কৰা নাই যে কেতিয়া তেওঁলোকে সেই দানবোৰ গতাই দিলে। কিন্তু পৰজাতি খ্ৰীষ্টানসকলে দান কৰা ধনবোৰ যিহূদাত থকা বিশ্বাসী খ্ৰীষ্টানসকলে গ্ৰহণ কৰাৰ দ্বাৰা তেওঁলোকৰ মাজত ঐক্যতাৰ বন্ধন অধিক কটকটীয়া কৰিলে। ইয়াৰ ওপৰিও যিহূদীয়াত থকা খ্ৰীষ্টানসকলে তেওঁলোকৰ কাৰ্য্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলে। যিৰূচালেমত উপস্থিত হোৱাৰ কিছুদিনৰ পাছত যেতিয়া পাঁচনি পৌলে মন্দিৰলৈ যায়, তেতিয়া যিহূদীসকলে তেওঁক মাৰকিল কৰে আৰু বন্দী কৰিবলৈ উদ্যত হয়। ইয়ে তেওঁৰ কাৰণে অধিকাৰী আৰু ৰজাসকলক সাক্ষী দিয়াৰ এক ভাল সুযোগ মুকলি কৰে।—পাঁচনিৰ কৰ্ম্ম ৯:১৫; ২১:১৭-৩৬; ২৩:১১; ২৪:১–২৬:৩২.

আজিৰ সময়ত আমি কৰা দানৰ সংগ্ৰহ

যিহেতু সময় অনুযায়ী পৰিস্থিতিও সলনি হৈছে। গতিকে খ্ৰীষ্টান ভাই-ভনীক আৰ্থিকৰূপে সহায় আগবঢ়াবলৈ কোৱা হৈছে। আমি আৱশ্যক হোৱা লোকসকলৰ প্ৰতি স্বইচ্ছাৰে দান কৰিবলৈ, ঈশ্বৰ আৰু আমাৰ সঙ্গী মানুহৰ প্ৰতি থকা প্ৰেমে আমাক প্ৰেৰিত কৰিব।—মাৰ্ক ১২:২৮-৩১.

প্ৰথম শতাব্দীত পবিত্ৰ লোকৰ নিমিত্তে জমা কৰা দানবোৰৰ হিচাপ কৰা হৈছিল যাতে এই দানবোৰক সঠিক আৰু সৎভাৱে ব্যৱহাৰ কৰিব পাৰি। যিহেতু অৱশ্যেই যিহোৱাই সকলোৰে আৱশ্যকতাক জানে আৰু সেইমতে তেওঁ নিজৰ সেৱকসকলৰ আৱশ্যকতাবোৰৰ প্ৰবন্ধ কৰে যাতে তেওঁলোকে ক্লেশত থকা সময়তো প্ৰচাৰ কাৰ্য্যত লাগি থাকিব পাৰে। (মথি ৬:২৫-৩৪) গতিকে, আমাৰ আৰ্থিক অৱস্থা যিয়ে নহওঁক কিয় কিন্তু আমি সকলোৱে নিজৰ ভাগ আদায় কৰিব লাগে। যদি আমি তেনে কৰোঁ, তেন্তে বাইবেলত এই বিষয়ে এইদৰে কৈছে যে, “যি জনে অধিক গোটাইছিল, জোখতকৈ তাৰ অধিক নহল, আৰু যি জনে অলপ গোটাইছিল, তেওঁৰ কম নহল।”—২ কৰিন্থীয়া ৮:১৫. (w01 3/15)