Skip to content

Skip to table of contents

প্ৰকৃত আনন্দ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি

প্ৰকৃত আনন্দ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি

প্ৰকৃত আনন্দ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি

 বৌদ্ধ ধৰ্ম্মৰ এজন গুৰু অৰ্থাৎ দালাই লামায়ে এইদৰে কয়: “মই বিশ্বাস কৰোঁ যে প্ৰকৃত আনন্দ বিচৰাটোৱেই হৈছে আমাৰ জীৱনৰ উদ্দেশ্য।” আগলৈ তেওঁ এইদৰে কৈছিল যে যদি আমি নিজৰ মন আৰু হৃদয়ক ভালদৰে প্ৰশিক্ষণ বা অনুশাসিত কৰোঁ তেনেহʼলে আমি প্ৰকৃত আনন্দ লাভ কৰিব পাৰিম। “প্ৰকৃত আনন্দ পাবলৈ হʼলে মাত্ৰ মনেৰে বিবেচনা কৰাটোৱে যথেষ্ট।” তেওঁ ভাবে যে প্ৰকৃত আনন্দ প্ৰাপ্ত কৰিবলৈ হʼলে ঈশ্বৰক বিশ্বাস কৰাৰ প্ৰয়োজন নাই। *

কিন্তু ইয়াৰ বিপৰীতে, যীচুৰ বিষয়ে বিবেচনা কৰক। ঈশ্বৰৰ প্ৰতি তেওঁৰ দৃঢ় বিশ্বাস আছিল আৰু শতাব্দী ধৰি তেওঁৰ শিক্ষাৰ দ্বাৰা লাখ-লাখ লোকে প্ৰভাৱিত হৈছে। যীচুৱে লোকসকলৰ প্ৰকৃত আনন্দৰ প্ৰতি চিন্তিত আছিল। যিহেতু যীচুৱে নিজৰ প্ৰখ্যাত পাহাৰীয়া উপদেশৰ আৰম্ভণিত ৯ বাৰ ধন্য বুলি উল্লেখ কৰিছিল। তেওঁ এইদৰে কৈছিল: “. . . ধন্য।” (মথি ৫:১-১২) সেই উপদেশত তেওঁ লোকসকলক কৈছিল যে তেওঁলোকে নিজ-নিজ মন আৰু হৃদয়ক পৰীক্ষা কৰক যাতে শুদ্ধ আৰু প্ৰশিক্ষিত কৰিব পাৰে। তদুপৰি, যীচুৱে আমাৰ মনটোক হিংসাৰ পৰিৱৰ্তে শান্তিৰ চিন্তা-ধাৰা, অনৈতিক চিন্তাৰ পৰিৱৰ্তে শুদ্ধ বিচাৰ-ধাৰা আৰু স্বাৰ্থপৰৰ পৰিৱৰ্তে প্ৰেমময় হʼবলৈ শিকাইছিল। (মথি ৫:২১, ২২, ২৭, ২৮; ৬:১৯-২১) এই সন্দৰ্ভত যীচুৰ এজন শিষ্যই এইদৰে লিখিছিল: “যি যি সত্য, যি যি আদৰণীয়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসা” সেই সকলোৰে আমি আলোচনা কৰা আৱশ্যক।—ফিলিপীয়া ৪:৮.

যীচুৱে জানিছিল যে অন্যৰ সৈতে প্ৰকৃত আনন্দ বজাই ৰাখিবলৈ আমাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰত্যেক মানুহে আনৰ সৈতে সঙ্গতি কৰাটো হৈছে এক প্ৰাকৃতিক ইচ্ছা। সেইবাবে যদি আমি সদায় লোকসকলৰ পৰা আঁতৰি অকলে থাকিবলৈ ইচ্ছা কৰোঁ বা তেওঁলোকৰ সৈতে হাই-কাজিয়া কৰোঁ, তেনেহʼলে আমি প্ৰকৃত আনন্দ কেতিয়াও লাভ কৰিব নোৱাৰিম। প্ৰকৃত আনন্দ আমি তেতিয়াহে লাভ কৰিব পাৰিম যেতিয়া আমি আনক প্ৰেম কৰিম। কিন্তু যীচুৱে শিকাইছিল যে লোকসকলৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিবলৈ হʼলে, যিহোৱা ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ গঢ়ি তোলা আৱশ্যক। এই ক্ষেত্ৰত বিশেষকৈ যীচুৰ শিক্ষা সেই দালাই লামাৰ শিক্ষাৰ সৈতে একেবাৰে বিপৰীত আছিল। কিয়নো যীচুৱে শিকাইছিল যে ঈশ্বৰৰ অবিহনে কোনো মানুহে প্ৰকৃত আনন্দ লাভ কৰিব নোৱাৰে। তেওঁ এইদৰে কিয় কৈছিল?—মথি ৪:৪; ২২:৩৭-৩৯.

নিজৰ আধ্যাত্মিক আৱশ্যকতাৰ প্ৰতি মনোযোগ দিয়ক

যীচুৱে এটা উপদেশত এইদৰে উল্লেখ কৰিছিল: “আত্মাত দৰিদ্ৰবিলাক ধন্য।” (মথি ৫:৩) যীচুৱে তেনেদৰে কিয় কৈছিল? যিহেতু আমি হৈছে জন্তুতকৈ একেবাৰে ভিন্ন, সেয়েহে আমাক আধ্যাত্মিকতাৰ আৱশ্যক। ঈশ্বৰে মানুহক নিজৰ স্বৰূপে সৃষ্টি কৰিলে, গতিকে তেওঁলোকৰ ওচৰতো ঈশ্বৰীয় গুণসমূহ যেনে, প্ৰেম, ন্যায়, দয়া আৰু বুদ্ধি আছে। (আদিপুস্তক ১:২৭; মীখা ৬:৮; ১ যোহন ৪:৮) এতেকে আমাৰ জীৱনত এটা উদ্দেশ্য আৰু আমি আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহী হোৱাটো প্ৰয়োজন।

আমি নিজৰ আধ্যাত্মিক আৱশ্যকবোৰক কেনেকৈ পূৰণ কৰিব পাৰোঁ? আমি কোনো মন্ত্ৰ জপ কৰি বা আত্ম-নিৰীক্ষণৰ যোগেদি আমাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি যীচুৰ এই কথাক মনত ৰাখাটো উত্তম হʼব, তেওঁ এইদৰে কৈছিল: “মানুহ কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।” (মথি ৪:৪) লক্ষ্য কৰক, যীচুৱে কৈছিল যে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা “প্ৰত্যেক বাক্যেৰেহে” জীব, যিটো হৈছে আমাৰ জীৱনৰ অতি আৱশ্যকীয় বস্তু। জীৱনৰ সৈতে জড়িত থকা কিছুমান প্ৰশ্নৰ উত্তৰ কেৱল ঈশ্বৰে দিব পাৰে। সেইবাবে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াটো বিশেষকৈ আজিৰ সময়ত আমাৰ বাবে অত্যন্ত প্ৰয়োজন। কিয়নো এই প্ৰশ্নসমূহৰ অন্তৰ্দৃষ্টিয়ে বৰ্তমান সময়ত জীৱনৰ উদ্দেশ্য আৰু প্ৰকৃত আনন্দ বিচাৰি পোৱাত উত্তম নিৰ্দ্দেশনা আগবঢ়ায়। যিহেতু কিতাপৰ দোকানবোৰত এনেবোৰ কিতাপ উপলব্ধ আছে যিবোৰে লোকসকলক ভাল স্বাস্থ্য, ধন-সম্পত্তি আৰু প্ৰকৃত আনন্দ বিচাৰি পোৱাত সকলোতকৈ উত্তম পৰামৰ্শ দিয়ে বুলি দাবী কৰে। আনকি ইন্টাৰনেটতো এনেধৰণৰ বহুতো ক্ষেত্ৰ আছে যিবোৰৰ যোগেদি প্ৰকৃত আনন্দ বিচাৰি পাব বুলি পৰামৰ্শ দিয়ে।

কিন্তু প্ৰকৃত আনন্দ বিচাৰি পোৱা মানুহৰ সকলোবোৰ ধাৰণাই ব্যৰ্থ, কিয়নো সেইবোৰত ঈশ্বৰৰ পথ-প্ৰদৰ্শনৰ কোনো আভাস পোৱা নাযায়। এইবোৰৰ পৰা লোৱা জ্ঞানে কেৱল লোকসকলক স্বাৰ্থপৰ বা অহঙ্কাৰ মনোবৃত্তি বৃদ্ধি কৰে। তদুপৰি এইবোৰ সীমিত জ্ঞান আৰু অসত্য প্ৰতিজ্ঞাসমূহৰ ওপৰত আধাৰিত। উদাহৰণস্বৰূপে, বৰ্তমান সময়ত পৰামৰ্শ দিয়া বেছিভাগ কিতাপৰ বিচাৰ-ধাৰাবোৰ হৈছে “বিকাশবাদ মনোবিজ্ঞানৰ” ওপৰত আধাৰিত। যʼত কোৱা হৈছে মানুহে তেওঁলোকৰ পূৰ্ব্বজ অৰ্থাৎ বনমানুহৰ পৰা অনুভূতিসমূহ উপহাৰ হিচাপে পাইছে। আচলতে তেনেধৰণৰ পৰামৰ্শসমূহে মানুহক শিক্ষা দিয়ে যে সৃষ্টিকৰ্ত্তাক বিশ্বাস কৰা কোনো প্ৰয়োজন নাই আৰু যদি আমি তাৰ অনুসাৰে চলোঁ তেন্তে ই আমাক প্ৰকৃত আনন্দ লাভ কৰাৰ পৰিৱৰ্তে নিৰুৎসাহিত কৰিব। এই সন্দৰ্ভত প্ৰাচীন সময়ৰ এজন ভৱিষ্যতবক্তাই এইদৰে কৈছিল: “জ্ঞানীবিলাকে লাজ পাইছে, . . . চোৱা, তেওঁবিলাকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁবিলাকৰ জ্ঞান কি ৰকমৰ?”—যিৰিমিয়া ৮:৯.

যিহোৱা ঈশ্বৰে আমাৰ শৰীৰৰ গঠনবোৰৰ বিষয়ে ভালদৰে জানে আৰু আমি কেনেকৈ প্ৰকৃত আনন্দ লাভ কৰিব পাৰোঁ, এই ৰহস্যৰ বিষয়ে তেওঁহে কেৱল কʼব পাৰে। যিহেতু মানৱ ভৱিষ্যত আৰু সৃষ্টিৰ বিষয়ে কেৱল তেওঁহে আমাক ভালদৰে বুজাই দিব পাৰে। সেয়েহে তেওঁ আমাক তেওঁৰ প্ৰেৰিত বাক্য অৰ্থাৎ বাইবেল প্ৰদান কৰিছে। যেতিয়া নিষ্ঠাৱান মানৱে বাইবেলখন পঢ়ি জ্ঞান প্ৰাপ্ত কৰে আৰু ইয়াৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁৰ হৃদয়ে প্ৰকৃত আনন্দ লাভ কৰে। (লূক ১০:২১; যোহন ৮:৩২) উদাহৰণস্বৰূপে, যীচুৰ দুজন শিষ্যই এই কথাৰ প্ৰমাণ দিছিল। তেওঁলোকে যীচুৰ মৃত্যু হোৱাৰ বাবে তেওঁলোকে অতি নিৰাশ হৈ পৰিছিল। কিন্তু যেতিয়া যীচুৰ পুনৰুত্থানৰ যোগেদি গোটেই মানৱজাতিৰ উদ্ধাৰৰ বাবে ঈশ্বৰৰ যি উদ্দেশ্য আছিল তাক পূৰ্ণ হোৱাৰ বিষয়ে বুজি পালে, তেওঁলোকে অতি আনন্দিত হৈছিল। তদুপৰি, নিজ কাণেৰে যীচুৰ মুখৰে এই বাক্য শুনাৰ পাছত তেওঁলোকে কেনেকৈ অনুভৱ কৰিছিল তাক তেওঁলোকে এইদৰে কৈছিল: “বাটত আহোঁতে, তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিলে, আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিল নে?”—লূক ২৪:৩২.

এতেকে যেতিয়া আমি বাইবেলত পোৱা সত্যৰ অনুসাৰে জীৱন-যাপন কৰোঁ তেতিয়া আমি প্ৰকৃত আনন্দ লাভ কৰোঁ। আমি পোৱা সেই আনন্দক মেঘ-ধনুৰ সৈতে তুলনা কৰিব পাৰোঁ। আমাৰ সকলোৱে জানে যে আকাশত কেতিয়া মেঘ-ধনু দেখিবলৈ পোৱা যায়। বৰষুণ হোৱা পাছত যেতিয়া বতৰ অনুকুল হয় অৰ্থাৎ সম্পূৰ্ণৰূপে পৰিষ্কাৰ থাকে তেতিয়া ইয়াৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। কেতিয়াবা আকৌ দুটাকৈ মেঘ-ধনু একেলগে দেখিবলৈ পোৱা যায়। আঁহক আমি এতিয়া এনে কিছুমান বাইবেলত পোৱা উদাহৰণক বিবেচনা কৰোঁহঁক যাৰ শিক্ষাবোৰ পালন কৰাৰ যোগেদি আমি অধিক আনন্দ লাভ কৰিব পাৰিম।

নিজৰ চকু নিৰ্মল ৰাখক

সৰ্বপ্ৰথমে আমি ধন-সম্পত্তিৰ বিষয়ে যীচুৱে দিয়া উপদেশক বিবেচনা কৰা উচিত। যীচুৱে উপদেশ দিছিল যে আমি ধন-সম্পত্তিক জীৱনত প্ৰথম স্থান দিয়াটো উচিত নহয়। ইয়াৰ বিষয়ে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য দি এইদৰে কৈছিল: “তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হব।” (মথি ৬:১৯-২২) তেওঁ কোৱা কথাষাৰ অৰ্থ এইটো যে যদি আমি অধিক ধনৰ অধিকাৰী বা অধিক ধন-সম্পত্তি পাবলৈ হাবিয়াস কৰোঁ অথবা জীৱনত প্ৰথম স্থান দিওঁ তেনেহʼলে আমি জীৱনৰ বহুমূলীয়া বস্তুবোৰৰ পৰা বঞ্চিত হʼম। যীচুৱে অন্য এক সময়ত এইদৰে কৈছিল, “উপচি পৰিলেও, মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়।” (লূক ১২:১৫) সেইবাবে আমি নিজৰ জীৱনত ঈশ্বৰৰ সৈতে ভাল সম্বন্ধ গঢ়ি তোলা, পৰিয়ালৰ দায়িত্ববোৰক পালন কৰা আৰু কেৱল আমাৰ প্ৰয়োজনীয় বস্তুক যদি প্ৰথম স্থান দিওঁ তেনেহʼলে আমাৰ ‘চকু নিৰ্মল’ হʼব অৰ্থাৎ আমাৰ জীৱনৰ অনাৱশ্যকীয় বিষয়বোৰক চিন্তা কৰাৰ পৰা আঁতৰি থাকিব পাৰিম।

কিন্তু লক্ষ্য কৰক যে ইয়াত যীচুৱে সন্যাসী হবলৈ কোৱা নাছিল নতুবা তেওঁ এইটোও কোৱা নাছিল যে আমি নিজৰ ইচ্ছাবোৰক সম্পূৰ্ণৰূপে ত্যাগ দিয়া উচিত। যিহেতু যীচু নিজেও সন্যাসী নাছিল। (মথি ১১:১৯; যোহন ২:১-১১) তাৰ পৰিৱৰ্তে যীচুৱে শিকাইছিল, যিজনে ভাবে যে জীৱনৰ উদ্দেশ্য হৈছে মাত্ৰ ধন-সম্পত্তিক গোটোৱা, দৰাচলতে তেওঁ জীৱনৰ প্ৰকৃত আনন্দ পৰা বঞ্চিত থাকে।

আমেৰিকাৰ চান ফ্ৰাঞ্চিচক্‌ নামৰ চহৰত থকা এজন মনোবৈজ্ঞানিকে এনে কিছুমান লোকৰ বিষয়ে নিজৰ মতামত দি কৈছিল যে যিসকলে কম বয়সতে অধিক সা-সম্পত্তিৰ মালিক হৈ পৰে, তেনে লোকসকলৰ “সকলো অশান্তি আৰু চিন্তাৰ মূল” কাৰণ হৈছে তেওঁলোকৰ ধন-সম্পত্তি। তেওঁলোকে “দুটা বা তিনিটা ঘৰ আৰু এখন গাড়ী কিনে আৰু এনেদৰে আন-আন বস্তুবোৰ কিনাতো নিজৰ ধন ব্যয় কৰে। যেতিয়া এই সকলোবোৰ কিনাৰ পাছতো যেতিয়া তেওঁলোকৰ অভিলাস পূৰ্ণ নহয় [অৰ্থাৎ সেই বস্তুবোৰৰ পৰা যেতিয়া আনন্দ পোৱা নাযায়], তেতিয়া তেওঁলোক নিৰুৎসাহীত হৈ পৰে। তেওঁলোকে জীৱনত শূন্যতা অনুভৱ কৰে আৰু বিবেচনা কৰিব নোৱাৰে যে তেওঁলোকে কি কৰা আৱশ্যক।” কিন্তু ইয়াৰ বিপৰীতে যিসকল লোকে যীচুৰ উপদেশ পালন কৰি সাধাৰণভাৱে জীৱন-যাপন কৰে আৰু আধ্যাত্মিক বিষয়ৰ বাবে সময় ব্যয় কৰে, তেওঁলোকে প্ৰকৃত আনন্দ উপভোগ কৰে।

হাৱাই দেশত বাস কৰা টম নামৰ এজন ঠিকাদাৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ স্বইচ্ছাৰে সাগৰীয় দ্বীপবোৰত গৈ উপাসনাৰ বাবে গৃহ নিৰ্মাণ কৰা কাৰ্য্যত সহায় আগবঢ়াইছিল, কিয়নো তাত বাস কৰা লোকসকল আৰ্থিকৰূপে দুৰ্বল আছিল। টমে সেই দ্বীপত থকা নম্ৰ লোকসকলৰ মাজত এনে বিষয় লক্ষ্য কৰিছিল। তেওঁ এইদৰে কৈছিল: “এই দ্বীপত থকা মোৰ খ্ৰীষ্টান ভাই-ভনীসকল সঁচাকৈ আনন্দিত। তেওঁলোকক লগ পোৱাৰ পাছত মই এটা কথা ভালদৰে অনুভৱ কৰিলোঁ যে ধন বা সা-সম্পত্তিৰে কেতিয়াও আনন্দ কিনিব পৰা নাযায়।” তেওঁ এইটো লক্ষ্য কৰিলে যে দ্বীপবোৰত তেওঁৰ সৈতে কাম কৰিবলৈ অহা অন্য স্বেচ্ছাকৰ্ম্মীসকলো আনন্দিত আছিল। টমে কৈছিল: “যদি তেওঁলোকে ইচ্ছা কৰা হʼলে বহু ধন-সম্পত্তি গোটাবলৈ পাৰিলেহেঁতেন। কিন্তু তেওঁলোকে আধ্যাত্মিক বিষয়বোৰক নিজৰ জীৱনত সকলোতকৈ প্ৰথম স্থান দিছে আৰু তেওঁলোকে সাধাৰণভাৱে জীৱন-যাপন কৰিছে।” এওঁলোকৰ উদাহৰণৰ পৰা প্ৰেৰণা পাই টমেও নিজৰ জীৱনত সংশোধন কৰিলে যাতে তেওঁ নিজ পৰিয়ালক আধ্যাত্মিকৰূপে আগবঢ়াবলৈ অধিক সময় ব্যয় কৰিব পাৰে। টমে এনেধৰণৰ পদক্ষেপ লৈ নিজৰ জীৱনত কেতিয়াও অনুতাপ বোধ কৰা নাছিল।

আনন্দ আৰু আত্ম-সন্মান

আনন্দ লাভ কৰিবলৈ হʼলে আত্ম-সন্মান বজাই ৰখা আৱশ্যক। অসিদ্ধতা আৰু ইয়াৰ দ্বাৰা উৎপন্ন হোৱা দুৰ্ব্বলতাৰ বাবে কিছুমান লোকে হীন-ভাৱ অনুভৱ কৰে। বেছিভাগ লোকৰ এনেধৰণৰ ভাব সৰুৰে পৰাই থাকে। এনেধৰণৰ ভাবনা আঁতৰ কৰাটো সিমান সহজ নহয়, কিয়নো এইবোৰে তেনেলোকৰ হৃদয়ত গভীৰভাৱে শিপা ধৰি আছে। কিন্তু, ইয়াৰ অৰ্থ এইটোও নহয় যে ইয়াক আঁতৰ কৰাটো একেবাৰে অসম্ভৱ। ঈশ্বৰৰ বাক্যত দিয়া পৰামৰ্শবোৰক পালন কৰিলে এই সমস্যাকো সমাধান কৰিব পৰা যায়।

বাইবেলত বৰ্ণনা কৰিছে যে সৃষ্টিকৰ্ত্তাই আমাৰ বিষয়ে কেনে অনুভৱ কৰে। তেওঁৰ দৃষ্টিভঙ্গী মানৱ বা আমাৰ দৃষ্টিভঙ্গীতকৈ উচ্চ নহয়নে? ঈশ্বৰে প্ৰেমী হোৱাৰ বাবে আমালৈ পক্ষপাত বা ঘৃণা ভাব নাৰাখে। তেওঁ আমাৰ সামৰ্থ আৰু আমি কেনেধৰণৰ মানৱ তাক ভালদৰে জানে। (১ চমূৱেল ১৬:৭; ১ যোহন ৪:৮) যিসকল অসিদ্ধ মানৱে তেওঁক আনন্দিত কৰিবলৈ বিচাৰে, যিহোৱাৰ বাবে তেওঁলোক হৈছে অতি প্ৰিয় ব্যক্তি।—দানিয়েল ৯:২৩; হগ্‌গয় ২:৭.

কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে আমাৰ দুৰ্ব্বলতা আৰু আমি কৰা পাপবোৰক আওকাণ কৰে। এই হেতুকে তেওঁ প্ৰতীক্ষা কৰে যে আমি যেন উত্তম কাৰ্য্য কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ। তেওঁ আমাক সহায় কৰিবলৈ সদায়ে প্ৰস্তুত থাকে। (লূক ১৩:২৪) এই সন্দৰ্ভত বাইবেলে আশ্বাস দি কৈছে: “বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে, যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাবিলাকক কৃপা কৰে।” সেই পদে আগলৈ এইদৰে কৈছে: “হে যিহোৱা, তুমি অপৰাধ ধৰিলে, কোনে তিষ্ঠিব পাৰে? কিন্তু লোকে তোমালৈ ভয় ৰাখিবৰ নিমিত্তে, তোমাৰ লগত ক্ষমা আছে।”—গীতমালা ১০৩:১৩; ১৩০:৩, ৪.

এই কাৰণে, এইবোৰৰ প্ৰতি থকা ঈশ্বৰৰ দৃষ্টিকোণ গ্ৰহণ কৰাটো অতি প্ৰয়োজন। এতেকে যদিও আমি নিজকে হীন বুলি দৃষ্টি কৰোঁ, কিন্তু তথাপিও নিশ্চিত হʼব পাৰোঁ যে যিসকলে যিহোৱাক প্ৰেম কৰে, ঈশ্বৰে তেওঁলোকক অতি প্ৰিয় হিচাপে দৃষ্টি কৰে। এই কথাই এজন ব্যক্তিক আনন্দ বজাই ৰাখিবলৈ সহায় কৰিব—১ যোহন ৩:১৯, ২০.

আনন্দ বজাই ৰাখিবলৈ হʼলে আশাবাদী হোৱা অতি আৱশ্যক

বৰ্তমান সময়ত এনে এক ধাৰণা ব্যাপকভাৱে বিয়পি পৰিছে, যাক সঠিক মনোবৃত্তি বুলি জনা যায়। এনে ধাৰণাৰ যোগেদি যি ব্যক্তি আশাবাদী অৰ্থাৎ সকলো সময়তে উত্তম পৰিণামৰ আশা কৰে আৰু নিজৰ ইচ্ছাবোৰৰ ওপৰত নিয়ণ্ত্ৰন ৰাখে, তেওঁহে জীৱনত প্ৰকৃত আনন্দ বিচাৰি পায়। বহুতে জীৱন আৰু ভৱিষ্যতৰ প্ৰতি আশাবাদী হোৱাৰ দ্বাৰা অধিক আনন্দিত হʼব পাৰে বুলি বিশ্বাস নকৰে। যিহেতু কেৱল নিজৰ ইচ্ছাবোৰৰ যোগেদি মাত্ৰ আশাবাদী হৈ আনন্দৰ উপভোগ কৰিব পাৰি, এনে নহয়। ইয়াৰ বাবে যথাৰ্থতা হোৱা উচিত। তদুপৰি মাত্ৰ আশাবাদী বা সকলো সময়তে উত্তম আশা ৰাখি যুদ্ধ, আকাল, বেমাৰ, প্ৰদূষণ, বৃদ্ধ অৱস্থা বা মৃত্যুৰ দৰে পৰিবেশেৰ পৰা হাত হাৰিব নোৱাৰি, কিয়নো এইবোৰে আমাৰ প্ৰকৃত আনন্দ কাঢ়ি লয়। তথাপি আমাৰ আশাবাদীৰো এক নিজ পৰিসীমা আছে।

মন কৰিবলগীয়া কথা এই যে বাইবেলত উল্লেখ কৰা আশা শব্দটো আজিৰ জগতে ব্যৱহাৰ কৰা শব্দতকৈ অধিক শক্তিশালী। বাইবেলত ব্যৱহাৰ কৰা “আশা” শব্দটোক ৱাইন্‌চ কমপ্লীত এক্সপোজিট্ৰি ডিক্সেনেৰীʼত এইদৰে ভাঙনি কৰিছে: “সম্পূৰ্ণ বিশ্বাসে ভাল পৰিস্থিতিৰ বাবে আশা কৰা, . . . আনন্দৰে সৈতে ভালৰ পৰিস্থিতিৰ বাবে অপেক্ষা কৰা।” বাইবেলৰ অনুসাৰে আশা শব্দটোৰ অৰ্থ মাত্ৰ আশাবাদী হোৱাটোই নহয়। এই শব্দটোৱে এনে বস্তুকো বুজায় যাৰ যোগেদি এজন ব্যক্তিৰ আশাক দৃঢ়তাৰে বান্ধি ৰাখিব পৰা যায়। (ইফিচীয়া ৪:৪; ১ পিতৰ ১:৩) উদাহৰণস্বৰূপে, খ্ৰীষ্টানসকলে আশা কৰে যে আগৰ অনুচ্ছেদত কোৱা সকলোবোৰ দুখ-কষ্টক অতি সোনকালে আঁতৰোৱা হʼব। (গীতমালা ৩৭:৯-১১, ২৯) এনে পৰিৱৰ্তনক খ্ৰীষ্টানসকলে অতি উলাহেৰে অভ্যৰ্থনা জনায়।

খ্ৰীষ্টানসকলে সেই সময়ৰ বাবে অতি উৎসাহেৰে আশা কৰি আছে যেতিয়া এই পৃথিৱীখনক এখন সুন্দৰ পৰমদেশলৈ ৰূপান্তিৰত কৰা হʼব আৰু সকলো নিষ্ঠাৱান লোকে এক সিদ্ধ জীৱন লাভ কৰিব। (লূক ২৩:৪২, ৪৩) এই আশাৰ বিষয়ে অধিক বিৱৰণ দি বাইবেলত উল্লেখ কৰা প্ৰকাশিত বাক্য ২১:৩, ৪ পদত এইদৰে কৈছে: “সৌৱা চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁবিলাক তেওঁৰ লোক হব, . . . আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”

যিজনে ভৱিষ্যতৰ জীৱনৰ আশা কৰি আছে, তেওঁৰ অৱস্থা বৰ্তমান সময়ত যদিও ভাল নহয়, কিন্তু তেওঁলৈ সেই আশাই আনন্দ কঢ়িয়াই আনিব পাৰে। (যাকোব ১:১২) এই হেতুকে আপুনিও এই আশাৰ বিষয়ে বাইবেলৰ পৰা অধিক সূচনা লৈ এইটো জানিবলৈ চেষ্টা নকৰে কিয় যে এই আশা নিশ্চয় পূৰ্ণ হʼব। নিজৰ এই আশাক দৃঢ় কৰি তুলিবলৈ প্ৰত্যেক দিনে বাইবেল পঢ়া আৱশ্যক। এইদৰে আপুনি আধ্যাত্মিকৰূপে শক্তিশালী হʼব আৰু এনেবোৰ কাৰ্য্যৰ পৰা আঁতৰি থাকিব যিয়ে আপোনাৰ আনন্দক কাঢ়ি লয়। লগতে আপুনি জীৱনত সন্তোষ্টি প্ৰাপ্ত কৰিব। সঁচাকৈ, প্ৰকৃত আনন্দ লাভ কৰা কেৱল এটাই পথ আছে আৰু সেইয়া হৈছে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি জীৱন-যাপন কৰা। (উপদেশক ১২:১৩) বাইবেলত দিয়া পৰামৰ্শবোৰ পালন কৰিলেহে জীৱনত আনন্দিত হʼব পাৰে, সেয়েহে যীচুৱে কৈছিল: “যিবিলাকে ঈশ্বৰৰ বাক্য শুনি পালন কৰে, তেওঁবিলাকহে ধন্য।”—লূক ১১:২৮. (w01 3/1)

[ফুটনোট]

^ বৌদ্ধ ধৰ্ম্মৰ লোকসকলে ভাবে যে ঈশ্বৰক বিশ্বাস কৰা কোনো প্ৰয়োজন নাই।

[৫ পৃষ্ঠাৰ ছবি]

অধিক ধন-সম্পত্তি গোটোৱা, নিজকে আনৰ পৰা পৃথক কৰা বা জগতৰ জ্ঞানৰ ওপৰত ভৰসা কৰিলে কেতিয়াও আনন্দিত হʼব নোৱাৰে

[৬ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ বাক্যৰ অনুসৰি জীৱন-যাপন কৰিলে জীৱনত আনন্দিত হʼব পাৰে

[৭ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টানসকলৰ আশাই এজন ব্যক্তিৰ জীৱনত আনন্দ কঢ়িয়াই আনে