Skip to content

Skip to table of contents

প্ৰকৃত আনন্দ লাভ কৰাটো সম্ভৱনে?

প্ৰকৃত আনন্দ লাভ কৰাটো সম্ভৱনে?

প্ৰকৃত আনন্দ লাভ কৰাটো সম্ভৱনে?

 জৰ্জে সকলোকে হাঁহি মুখেৰে অভিবাদন জনাইছিল। কিয়নো তেওঁৰ বাবে, জীৱনটো আছিল আনন্দৰে উপভোগ কৰা এক বহুমূলীয়া উপহাৰ। আনকি বৃদ্ধ অৱস্থাৰ সময়ত অহা অসহনীয় যান্ত্ৰণাতো আনন্দিত আৰু আশাবাদী হোৱাটো তেওঁৰ বাবে এক প্ৰতীক আছিল। তেওঁৰ মৃত্যুৰ সময়লৈকে, জৰ্জক সকলোৱে এজন সুখী ব্যক্তিৰূপে জানিছিল। আপুনিও জৰ্জৰ দৰে সুখীনে? প্ৰত্যেক দিনটোক আপুনি আনন্দৰ এক উপহাৰৰূপে দৃষ্টি কৰেনে? নাইবা, এটা নতুন দিনৰ আশাই আপোনাক নিৰুৎসাহী বা ব্যাকুল কৰি তুলে নে? আপোনাৰ আনন্দক কিহবাই কাঢ়ি নিছেনে?

আনন্দক এনে এক ভাল অৱস্থা হিচাপে বৰ্ণনা কৰিছে যিয়ে কিছু পৰিমাণে স্থায়ীভাৱে থাকে। এনে আনন্দ কেইবা প্ৰকাৰো আছে, যেনে আৱেগীকৰূপে সন্তুষ্টি হোৱা, এক গভীৰ আৰু অতিশয় সুখী আৰু এনে এক আন্তৰিক আনন্দ যিয়ে চিৰকালে চিৰস্থায়ীভাৱে থাকে। কিন্তু তেনেধৰণৰ আনন্দ প্ৰাপ্ত কৰাটো সচাঁকৈ সম্ভৱনে?

আজিৰ সমাজে এনে ধাৰণাসমূহ বিকাশিত কৰিছে, যিয়ে কয় যে যদি এজন ব্যক্তিৰ ওচৰত অধিক সা-সম্পত্তি থাকে তেতিয়াহে তেওঁ সুখী হʼব পাৰে। সেইবাবে কোটি-কোটি লোকে ধনী হোৱাৰ চিন্তাত দিনে-ৰাতিয়ে পৰিশ্ৰম কৰে। ইয়াক কৰিবৰ বাবে বহুতে আকৌ নিজৰ সম্বন্ধীয় ব্যক্তি আৰু জীৱনৰ সকলোতকৈ মূল্যবান বিষয়বোৰকো ত্যাগ দিয়ে। তেওঁলোকে জীৱনৰ বেছিভাগ সময়ে পৰুৱাৰ দৰে দৌৰা-দৌৰি কৰি থাকে, তেওঁলোকৰ ওচৰত পৰিয়ালৰ সদস্য বা নিজৰ বাবে অলপো সময় নাথাকে। লছ্‌ এনঞ্জেলচ্‌ টাইমচ নামৰ এখন বাতৰি কাকতে এই মন্তব্য দি কয়: “বহুতো লোকে নিৰুৎসাহী হৈ পৰিছে আৰু ডেকা বয়সতে তেওঁলোকে অতিশয়ৰূপে নিৰাশ অৱস্থাত ভোগীবলগীয়া হৈছে। . . . মনৰ বেদনা দূৰ কৰা ঔষধবোৰ আটাইতকৈ বেছি বিক্ৰি হোৱা দৰব বুলি জনা গৈছে।” কোটি কোটি লোকে নিচাযুক্ত ঔষধ লয় বা মদ্যপানেৰে নিজৰ চিন্তাক দূৰ কৰিবলৈ চেষ্টা কৰে। আন কিছুমানে আকৌ নিৰুৎসাহী হোৱাৰ পৰা ৰক্ষা পাবলৈ নিজৰ ধন-সম্পত্তিক পানী নিচিনাকৈ ব্যয় কৰে। ব্ৰিটেইনৰ দ্যা গাৰ্ডিয়েন নামৰ বাতৰি কাকতে কৈছে যে বৃটেইনত কৰা এক জৰীপৰ অনুসাৰে এইটো জানিব পৰা গৈছে যে “মহিলাসকলে নিৰুৎসাহ হোৱাৰ পৰা আঁতৰি থাকিবলৈ কিনা-মেলা কৰাত অধিক গুৰুত্বপূৰ্ণ দিয়ে। মহিলাসকলে নিৰুৎসাহী হʼলে পুৰুষতকৈ তিনি গুণে অধিক কিনা-মেলা কৰে।”

এতেকে কিনা-মেলা কৰা, মদ্যপান কৰা, পিল খোৱা আৰু বেজী লোৱা, বা বেঙ্কত বহুতো ধন-সম্পত্তি জমা কৰাৰ দ্বাৰা প্ৰকৃত আনন্দ পাব নোৱাৰি। যিহেতু প্ৰকৃত আনন্দক কিনিব পৰা নাযায়, ই এক বিনামূলীয়া উপহাৰ। কিন্তু প্ৰশ্ন হৈছে আমি কেনেকৈ এই আনন্দ লাভ কৰিব পাৰিম? এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। (w01 3/1)