Skip to content

Skip to table of contents

মানৱ দুৰ্ব্বলতাসমূহৰ ওপৰত জয় প্ৰাপ্ত কৰা

মানৱ দুৰ্ব্বলতাসমূহৰ ওপৰত জয় প্ৰাপ্ত কৰা

মানৱ দুৰ্ব্বলতাসমূহৰ ওপৰত জয় প্ৰাপ্ত কৰা

“কাৰণ মাংসৰ ভাব মৃত্যু।”ৰোমীয়া ৮:৬.

১. মানৱ শৰীৰৰ প্ৰতি কিছুমান লোকৰ ধাৰণা কি আৰু ইয়াৰ বাবে কোনটো প্ৰশ্নৰ সন্মুখীন হʼবলগীয়া হৈছে?

 যেতিয়া মানৱ শৰীৰৰ বিষয়ে ৰজা দায়ুদে বিবেচনা কৰিছিল, তেওঁ এইদৰে কৈছিল: “মই তোমাৰ ধন্যবাদ কৰিম; কিয়নো মই ভয়ানক আৰু অদ্ভুতৰূপে নিৰ্ম্মিত হলোঁ; তোমাৰ কাৰ্য্যবোৰ আচৰিত, আৰু তাক মোৰ মনে ভালকৈ জানে।” (গীতমালা ১৩৯:১৪) ইয়াৰ বিপৰীতে, কিছুমান ধৰ্ম্মীয় গুৰুৰ মতে মানৱ শৰীৰটো হৈছে এনে এক গুপ্ত স্থান যʼত পাপ বাস কৰে। শৰীৰক “অজ্ঞানতাৰ বস্ত্ৰ,” “বেয়া কাৰ্য্যবোৰৰ শিপা,” “ভ্ৰষ্টাচাৰৰ শিকলি,” “পাপৰ সজাঁ,” “জীৱন্ত মৃত্যুদেহ,” “চলন্ত সমাধি” দৰে নাম দিছে। এইটো সত্য হোৱাৰ বাবে পাঁচনি পৌলে এইদৰে কৈছিল: “কিয়নো মই জানো যে, মোত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে; ইচ্ছা কৰিবলৈ মোৰ সামৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নাই।” (ৰোমীয়া ৭:১৮) কিন্তু ইয়াৰ অৰ্থ এইটো নে যে আমি সেই পাপময় শৰীৰৰ পৰা কেতিয়াও মুক্ত হʼব নোৱাৰো?

২. (ক)বাইবেলত উল্লেখ কৰা ‘মাংসৰ অভিলাষৰ’ অৰ্থ কি? (খ) ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমাৰ “মাংস” আৰু ‘আত্মাই’ কেনেকৈ যুঁজ কৰে?

যিহেতু বাইবেলত আদমৰ পৰা পোৱা আমাৰ পাপময় মানৱ শৰীৰক “মাংস” বুলি উল্লেখ কৰিছে। (ইফিচীয়া ২:৩; গীতমালা ৫১:৫; ৰোমীয়া ৫:১২) গতিকে আদমৰ পৰা পোৱা শৰীৰে কেৱল, ‘মাংসৰ দুৰ্ব্বলতাহে’ উৎপন্ন কৰে। (ৰোমীয়া ৬:১৯) যেনেকৈ পাঁচনি পৌলে কৈছিল: “কাৰণ মাংসৰ ভাব মৃত্যু; কিন্তু আত্মাৰ ভাব, জীৱন আৰু শান্তি।” (ৰোমীয়া ৮:৬) বাইবেলত উল্লেখ কৰা ‘মাংসৰ অভিলাষৰ’ অৰ্থ হৈছে আমাৰ পাপময় শৰীৰ দ্বাৰা নিয়ন্ত্ৰণ বা অনুপ্ৰেৰিত হোৱা। (১ যোহন ২:১৬) যদি আমি যিহোৱাক সন্তুষ্ট কৰিব বিচাৰোঁ তেনেহʼলে মানৱ শৰীৰ অৰ্থাৎ মাংসৰ অভিলাষৰ সৈতে যুজঁ কৰিব লাগিব। (গালাতীয়া ৫:১৭-২৩; ১ পিতৰ ২:১১) সেইবাবে পাঁচনি পৌলে শাৰীৰিক ক্লেশৰ বিষয়ে এইদৰে কৈছিল: “হায়, হায়, মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?” (ৰোমীয়া ৭:২৪) পৌলৰ বাবে এই প্ৰলোভনৰ সন্মুখীন হোৱাটো অসম্ভৱ আছিল নে? বাইবেলত কৈছে যে নিশ্চয় এনে প্ৰলোভনৰ সন্মূখীন হʼব পৰা যায়।

পাপ আৰু প্ৰলোভনৰ ফলত উৎপন্ন হোৱা পৰিণাম

৩. বৰ্তমান সময়ত বহুতে পাপ আৰু প্ৰলোভনৰ ওপৰত কেনেধৰণৰ মনোবৃত্তি ৰাখে আৰু বাইবেলে এনে মনোবৃত্তিৰ পৰা আঁতৰি থাকিবলৈ কি শিক্ষা দিয়ে?

আজিৰ সময়ত বহুতৰ বাবে পাপ কৰাটো সামান্য বিষয় হৈ পৰিছে। গতিকে তেওঁলোকে কেতিয়াও বিবেচনা নকৰে যে এদিন ইয়াৰ সোধ-বিচাৰ কৰা হʼব। যেনেকৈ বাইবেলত কৈছে: “কিয়নো প্ৰতিজনে কৰা কৰ্ম্ম ভাল হওক, বা বেয়া হওক, তাৰ দৰে, শৰীৰৰ দ্বাৰাই কৰা কৰ্ম্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ সোধৰ আসনৰ আগত প্ৰকাশিত হব লাগিব।” (২ কৰিন্থীয়া ৫:১০) ইয়াৰ ওপৰিও, তেওঁলোকে এইদৰে মন্তব্য দিয়ে যে যদিও তেওঁলোকে প্ৰলোভনত পৰে বা সন্মুখীন হয় তেনেহʼলে তাৰ পৰা হাত সাৰিবলৈ কোনো বিহিত ব্যৱস্থা নকৰে। বৰ্তমান সময়ত বহুতো ঠাইত তেনে মনোবৃত্তি ৰখাটো একেবাৰে সামান্য হৈ পৰিছে, যেনে আহাৰ-সামগ্ৰী, যৌন বা হাঁহি-ধেমালি আৰু সাফল্যতা ক্ষেত্ৰবোৰক চাওঁক। এনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ ইচ্ছা শীঘ্ৰেই পূৰ হোৱাটো বিচাৰে। (লূক ১৫:১২) যাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যতে থকা “প্ৰকৃত জীৱনৰ” আনন্দক দৃষ্টি কৰিব নোৱাৰে। (১ তীমথিয় ৬:১৯) কিন্তু, ইয়াৰ বিপৰীতে বাইবেলে আমাক দূৰদৃষ্টি হোৱাটো আৰু এনেবোৰ বস্তু পৰা আঁতৰি থাকিবলৈ শিক্ষা দিয়ে, যিয়ে আমাৰ আধ্যাত্মিকতাক ক্ষতি কৰে। যেনেকৈ ঈশ্বৰৰ বাক্যত কৈছে: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।”—হিতোপদেশ ২৭:১২.

৪. প্ৰথম কৰিন্থীয়া ১০:১২, ১৩ পদত পাঁচনি পৌলে কি উপদেশ দিছিল?

পাঁচনি পৌলে কৰিন্থীয়াত থকা ভাইসকলৰ বাবে লিখা পত্ৰৰ দ্বাৰা সাৱধান কৰিছিল যে তেওঁলোকে পাপৰ ভাগী হোৱাৰ পৰা আৰু পৰীক্ষাৰ পৰা যেন আঁতৰি থাকে। কিয়নো সেইসময়ত কৰিন্থীয়া চহৰ নৈতিক ভ্ৰষ্টতাৰ বাবে জনা গৈছিল। গতিকে তেওঁ কৈছিল: “এই কাৰণে যি কোনোৱে থিৰে আছোঁ বুলি ভাবে, তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক। যি যি পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১২, ১৩) পুৰুষ বা স্ত্ৰীয়ে হওঁক, বৃদ্ধ বা যুৱকে হওঁক আমি কাৰ্য্যস্থল, স্কুল বা বিভিন্ন ক্ষেত্ৰত বহুতো পৰীক্ষাৰ সন্মুখীন হʼবলগীয়া হয়। সেইকাৰণে, আঁহক আমি সকলোৱে পৌলে দিয়া সেই উপদেশসমূহক বিবেচনা কৰোঁহঁক।

অত্যাধিক আত্মবিশ্বাসী নহʼব

৫. কিয় অত্যাধিক আত্মবিশ্বাসী হোৱাটো হানিকাৰক?

পাঁচনি পৌলে কৈছিল: “এই কাৰণে যি কোনোৱে থিৰে আছোঁ বুলি ভাবে, তেওঁ যেন নপৰে, তাৰ নিমিত্তে সাৱধান হওক।” গতিকে আমাৰ নৈতিকতাৰ প্ৰতি অত্যাধিক আত্মবিশ্বাস হোৱাটো ভুল হʼব। কিয়নো ই পাপৰ প্ৰতি থকা সঠিক মনোবৃত্তি হ্ৰাস কৰি পেলোৱাৰ এক লক্ষণ। যিহেতু প্ৰাচীন সময়ত মোচি, ৰজা দায়ূদ, চলোমন আৰু আনকি পাঁচনি পিতৰৰ দৰে ব্যক্তিও পাপৰ ফান্দত পৰিছিল। গতিকে আমিও যে সহজতে পাপৰ ফান্দত পৰিব পাৰোঁ, এই বিষয়ে বিবেচনা কৰাটো উচিত নহবনে? (গণনা পুস্তক ২০:২-১৩; ২ চমূৱেল ১১:১-২৭; ১ ৰাজাৱলি ১১:১-৬; মথি ২৬:৬৯-৭৫) হিতোপদেশ ১৪:১৬ পদত কৈছে: “জ্ঞানৱান লোকে ভয় কৰি মন্দৰ পৰা আঁতৰ হয়; কিন্তু অজ্ঞান লোক গৰ্ব্বী আৰু কুসাহিয়াল হয়।” তদুপৰি যীচুৱে কৈছিল: “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মথি ২৬:৪১) সেইকাৰণে, আমি পাপী হোৱাৰ বাবে পৰীক্ষাৰ সন্মুখীন হোৱাটো নিশ্চিত। গতিকে আমি সকলোৱে পৌলে দিয়া উপদেশৰ অনুসাৰে চলি পৰীক্ষাৰ পৰা আঁতৰি থকা আৱশ্যক। যদি আমি তেনে কৰাত বিফল হওঁ তেনেহʼলে নিশ্চয় পাপৰ ফান্দত পৰিম।—যিৰিমিয়া ১৭:৯

৬. কেতিয়া আৰু কেনেকৈ আমি পৰীক্ষাৰ বাবে সাজু হৈ থাকিব পাৰোঁ?

এইটো উচিত হʼব যদি আমি ভৱিষ্যতে আহিবলগীয়া বিপদৰ কাৰণে আগতীয়াকৈ সাজু হৈ থাকোঁ। যেনেকৈ ৰজা আচাই আহিবলগীয়া বিপদৰ বাবে আগৰে পৰা সাজু হৈ আছিল। কিয়নো তেওঁ নগৰৰ চাৰিওফালে গঢ় বান্ধি আগৰে পৰা সুৰক্ষা ব্যৱস্থা কৰি ৰাখিছিল। (২ বংশাৱলি ১৪:২, ৬, ৭) কিয়নো তেওঁ ইয়াক ভালদৰে জানিছিল যে আক্ৰমণৰ সময়ত সুৰক্ষা ব্যৱস্থাক বজাই ৰখাটো অসম্ভৱ হৈ পৰিব। ঠিক সেইদৰে যেতিয়া আমি পৰীক্ষাৰ সন্মুখীন হওঁ তেতিয়া শান্ত মনেৰে বিবেচনা কৰাটো বুদ্ধিমানৰ বিষয় হʼব। উদাহৰণস্বৰূপে, আমি শান্তিৰ পৰিবেশত থকাৰ সময়ত প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ আগতীয়াকৈ উপায়ৰ বিবেচনা কৰিব পাৰোঁ। (গীতমালা ৬৩:৬) ভৱিষ্যতবক্তা দানিয়েল আৰু তেওঁ তিনিজন বন্ধুৱে পৰীক্ষাৰ (যেনে ৰাজ-ঘৰীয়া আহাৰ ভোজন-পান কৰা) সন্মুখীন হোৱা আগেয়ে উপায়সমূহৰ বিবেচনা কৰিছিল আৰু নিৰ্ণয় লৈছিল যে তেওঁলোকে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব। এতেকে তেওঁলোকৰ অটল সিদ্ধান্তই বিশ্বাসত স্থিৰ হৈ থাকি অশুচি খাদ্য খোৱাৰ পৰা আঁতৰাই ৰাখিছিল। (দানিয়েল ১:৮) গতিকে আঁহক আমিও পৰীক্ষাৰ সন্মুখীন হোৱাৰ আগেয়ে, নৈতিকৰূপে শুদ্ধ থাকোঁহঁক। তেতিয়াহে আমি পাপৰ বিৰোদ্ধে যুঁজ কৰিবলৈ সক্ষম হম।

৭. কিয় ইয়াক জানি আমি উৎসাহিত হওঁ যে অন্যসকলে সফলতাৰে পৰীক্ষাৰ সন্মুখীন হৈছে?

পাঁচনি পৌলৰ এই বাক্যৰ দ্বাৰা আমি কেনেধৰণৰ উৎসাহ পাওঁ যʼত কৈছে: “যি যি পৰীক্ষা ঘটা নাই; . . . তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব!” (১ কৰিন্থীয়া ১০:১৩) ইয়াৰ বিষয়ে পাঁচনি পিতৰে কৈছিল: “সেই একে দুখভোগ, জগতত থকা তোমালোকৰ ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি জানি, তোমালোকে বিশ্বাসত দৃঢ় হৈ, তাক প্ৰতিৰোধ কৰা।” (১ পিতৰ ৫:৯) যেনেকৈ অন্যসকলে যিহোৱাৰ শক্তিৰ দ্বাৰা সফলতাৰে পৰীক্ষাৰ সন্মুখীন হৈছে, আমিও হʼব পাৰিম। যিহেতু আমি খ্ৰীষ্টান হোৱাৰ হেতুকে এই নৈতিকতাহীন পৃথিৱীৰ পৰা অহা পৰীক্ষাৰ সন্মুখীন হোৱাটো নিশ্চিত। আমি কেনেকৈ মানৱ দুৰ্ব্বলতা আৰু প্ৰলোভনৰ ওপৰত জয় লাভ কৰিব পাৰোঁ?

আমি প্ৰলোভনৰ প্ৰতিৰোধ কৰিব পাৰোঁ!

৮. এনে কি মূল কাৰণ আছে যিয়ে প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে?

ইয়াৰ পৰা আঁতৰি থাকিবলৈ এটা সাধাৰণ উপায় হৈছে: “আমি যেন আৰু পাপৰ দাস নহওঁ।” (ৰোমীয়া ৬:৬) হিতোপদেশ ৪:১৪, ১৫ পদত কৈছে: “দুষ্টবোৰৰ বাটত নোসোমাবা, আৰু দুৰ্জনবোৰৰ পথত নচলিবা। তাক এৰা, তাৰ ওচৰেদিও নাযাবা; তাৰ পৰা বিমুখ হৈ গুচি যোৱা।” আমি আগতীয়াকৈ জানো যে কেনেধৰণৰ পৰিস্থিতিয়ে আমাক পাপৰ ফান্দত পেলাব পাৰে। গতিকে খ্ৰীষ্টানসকলে সদায় এনেবোৰ বস্তুৰ পৰা ‘আঁতৰি থকা’, বা দূৰত থকা উচিত যিয়ে তেওঁলোকৰ বিচাৰ আৰু মনোবৃত্তিক অশুচি কৰিব পাৰে।

৯. ওপৰত উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰৰ অনুসাৰে কেনেকৈ কিছু বিশেষ পৰিস্থিতিৰ পৰা পলায়ন কৰিব পৰা যায়?

প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ আন এক কাৰণ হৈছে, পলায়ন কৰা। ইয়াৰ বিষয়ে পাঁচনি পৌলে কৈছিল: “ব্যভিচাৰৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ৬:১৭) তেওঁ আগলৈ এইদৰে কৈছিল: “দেৱপূজাৰ পৰা পলোৱা।” (১ কৰিন্থীয়া ১০:১৪) এই সন্দৰ্ভত তেওঁ তীমথিক কৈছিল যে যাতে তেওঁ ভৌতিক-বস্তু আৰু “যৌৱন-কালৰ অভিলাষৰ” পৰা আঁতৰি থাকে।—২ তীমথিয় ২:২২; ১ তীমথিয় ৬:৯-১১.

১০. প্ৰলোভনৰ পৰা আঁতৰি থকাত সহায় কৰিবলৈ কি দুটা প্ৰভেদমূলক আৰ্হি দাঙি ধৰা হৈছে?

১০ উদাহৰণস্বৰূপে ৰজা দায়ূদৰ বিষয়ে বিবেচনা কৰি চাওঁক। যেতিয়া তেওঁ ৰাজগৃহ ছালৰ পৰা সুন্দৰী-স্ত্ৰী বৎ-চেবাক গা-ধুই থকা দেখা পাই, তেওঁৰ মনত কু-ইচ্ছায়ে জন্ম লয়। সেইমুহূৰ্তত তেওঁ সেই স্থান ত্যাগ দি প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ পাৰিলেহেঁতেন। কিন্তু তেওঁ তেনে নকৰি তাইৰ বিষয়ে অধিক জানিবলৈ হেঁপাহ কৰিলে আৰু অৱশেষত তেওঁ প্ৰলোভনত পৰি নিজলৈ ধ্বংস কঢ়িয়াই আনিলে। (২ চমূৱেল ১১:১–১২:২৩) ইয়াৰ বিপৰীতে, যেতিয়া পোটীফৰৰ স্ত্ৰীয়ে যোচেফৰ সৈতে শয়ন কৰিবলৈ বিচাৰিলে, সেইসময়ত তেওঁৰ মনোবৃত্তি কেনে আছিল? ইয়াৰ বিষয়ে বৃত্তান্তই এইদৰে কৈছে: “তাই দিনে দিনে যোচেফক এই কথা কৈ কৈ থকাতো, তাইৰে সৈতে শয়ন কৰিবলৈ, বা তাইৰ ওচৰতে থাকিবলৈ, তাইৰ কথাত তেওঁ মান্তি নহল।” যিহেতু, সেইসময়ত মোচিৰ ব্যৱস্থাত তেনেধৰণৰ কোনো নিয়ম দিয়া নাছিল যদিও তেওঁ তাইক এইদৰে কৈছিল: “এতেকে মই কেনেকৈ এনে মহা-দুষ্কৰ্ম্ম, আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ? তাই তেওঁৰ কাপোৰত ধৰি তেওঁ কʼলে, ‘মোৰে সৈতে শোৱাহি।’” তেতিয়া যোচেফে সেই স্থানত থাকি তাইৰ সৈতে তৰ্ক-বিতৰ্ক কৰিবলৈ ধৰিলেনে? নহয়। যোচেফে ‘তেতিয়া নিজ কাপোৰ এৰি বাহিৰলৈ পলাই গৈছিল।’ যোচেফে নিজৰ মনত কু-বিচাৰ জন্মিবলৈ নিদিলে কিন্তু তাৰ পৰা পলাই গʼল।—আদিপুস্তক ৩৯:৭-১৬.

১১. যদি আমি প্ৰলোভনৰ অনুভৱ কৰিছোঁ তেন্তে কি কৰিব পৰা যায়?

১১ কেতিয়াবা আকৌ পলায়ন কৰা বিবেচনাক কাপুৰুষ হোৱা বুলি কোৱা হয়। কিন্তু, তেনেধৰণৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ বা পলায়ন কৰিবলৈ লোৱা নিৰ্ণয়ৰ পৰিণাম সদায় লাভজনক হয়। সম্ভৱ আমি কৰ্ম্ম ক্ষেত্ৰতো প্ৰলোভনৰ অনুভৱ কৰিব পাৰোঁ। কিন্তু চাকৰি ত্যাগ নকৰিও আমি অন্য উপায়ৰ দ্বাৰা প্ৰলোভনৰ পৰা আঁতৰি থাকিব পাৰোঁ। আমি জানো যে এনে কিছু কাৰ্য্য আছে যিবোৰ কৰা অনুচিত, তেন্তে তেনে কাৰ্য্যবোৰৰ পৰা আঁতৰি থকা আৰু এনে কাৰ্য্য কৰিবলৈ নিৰ্ণয় লব লাগে যিবোৰ উচিত। (আমোচ ৫:১৫) ইয়াৰ ওপৰিও, প্ৰলোভনৰ পৰা পলোৱা অৰ্থ হৈছে অশ্লীল ইনটাৰনেট আৰু এনে মনোৰঞ্জনৰ স্থান ত্যাগ কৰা উচিত যʼত অশ্লীল কাৰ্য্য দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থ এইটোও হʼব পাৰে যে তেনে সাহিত্য পঢ়াৰ পৰা দূৰত থকা বা এনে কিছু বন্ধু-বান্ধৱৰ সৈতে সঙ্গতি কৰা যিসকলে ঈশ্বৰক প্ৰেম কৰে আৰু আমাক সহায় কৰিব পাৰে। (হিতোপদেশ ১৩:২০) যিবোৰ প্ৰলোভনে আমাক পাপৰ সহভাগী হবলৈ প্ৰলোভিত কৰে, তেনেবোৰৰ পৰা সদায় আঁতৰি থাকিব লাগে।—ৰোমীয়া ১২:৯.

কেনেকৈ প্ৰাৰ্থনাৰ যোগেদি সহায় পাব পাৰি

১২. যেতিয়া আমি যিহোৱাক প্ৰাৰ্থনা কৰি কওঁ, “আমাক পৰীক্ষালৈ নিনিবা” তেতিয়া কি বিচাৰোঁ?

১২ পাঁচনি পৌলে এনেদৰে ভৰসা দি কৈছিল: “যি যি পৰীক্ষা ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু যাতে তোমালোকে সহিব পাৰিবা, তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) গতিকে তেওঁ আমাৰ প্ৰাৰ্থনাৰ যোগেদি প্ৰলোভনক সফলতাৰে সন্মুখীন হবলৈ সহায় কৰে। যেনেকৈ যীচু খ্ৰীষ্টই আমাক প্ৰাৰ্থনা কৰিবলৈ এনেদৰে শিকাইছিল: “আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা।” (মথি ৬:১৩) তেনেদৰে কৰা প্ৰাৰ্থনাত যিহোৱাই প্ৰলোভনৰ সন্মুখীন হবলৈ সহায় কৰিব আৰু লগতে তেওঁ চয়তানৰ কু-কাৰ্য্যৰ পৰাও ৰক্ষা কৰিব। (ইফিচীয়া ৬:১১) আগতীয়াকৈ প্ৰলোভনবোৰৰ বিষয়ে জানিবলৈ আমি তেওঁৰ সহায় বিচৰা আৱশ্যক। যদি আমি সেইদৰে কৰোঁ তেন্তে চয়তান অৰ্থাৎ “দুষ্ট ব্যক্তি” পৰা অহা প্ৰলোভনসমূহক সফলতাৰে সন্মুখীন হবলৈ সহায় কৰিব।

১৩. যদি আমি নেৰানেপেৰাকৈ প্ৰলোভনৰ সন্মুখীন হʼব লগা হয় তেন্তে কি কৰা আৱশ্যক?

১৩ বিশেষকৈ, যেতিয়া আমি নেৰানেপেৰাকৈ প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ যুঁজ কৰিবলগীয়া হয় তেতিয়া একেৰাহে প্ৰাৰ্থনা কৰা উচিত। কিয়নো এনে কিছু প্ৰলোভন আছে যিবোৰ আমি নিজ বলেৰে দূৰ কৰিব নোৱাৰো। (গীতমালা ৫১:৫) উদাহৰণস্বৰূপে, যদি আপোনাক অতীতৰ এনে কিছু অভ্যাসক এৰিবলৈ যুঁজ কৰিবলগীয়া হয় তেন্তে কি কৰিব? যদি আমি সেই অভ্যাসবোৰক পুনৰায় কৰিবলৈ প্ৰলোভিত হওঁ? সেইবোৰৰ ওপৰত নিজে যুঁজ কৰাৰ পৰিবৰ্ত্তে আপুনি যিহোৱাক প্ৰাৰ্থনাৰ যোগেদি জনাব পাৰে। যদি এবাৰত সেই সমস্যাৰ সমাধান নহয় তেন্তে ইয়াৰ বিষয়ে বাৰে-বাৰে প্ৰাৰ্থনা কৰক। (গীতমালা ৫৫:২২) তেওঁৰ বাক্যৰ শক্তিৰ আৰু পবিত্ৰ আত্মাৰ যোগেদি আমাৰ মনত থকা অশুচি বিচাৰ-ধাৰবোৰ দূৰ কৰিবলৈ সক্ষম হম।—গীতমালা ১৯:৮, ৯.

১৪. মানৱ দুৰ্ব্বলতাৰ ওপৰত জয়লাভ কৰিবলৈ কিয় প্ৰাৰ্থনা কৰা আৱশ্যক?

১৪ যেতিয়া শিষ্যসকলে গেৎচিমানী বাগিছাত নিদ্ৰালু হোৱাত, যীচুৱে কৈছিল “পৰীক্ষাত যেন নপৰা, এই নিমিত্তে পৰ দি প্ৰাৰ্থনা কৰা; আত্মা ইচ্ছুক, কিন্তু শৰীৰ দুৰ্ব্বল।” (মথি ২৬:৪১) গতিকে প্ৰলোভনত নপৰিবৰ বাবে সদায় সতৰ্ক হৈ থকা উচিত। ইয়াৰ ওপৰিও পলম নকৰাকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত যাতে আমি প্ৰলোভনৰ বিৰুদ্ধে যুঁজিবলৈ আধ্যাত্মিকৰূপে সাজু হʼব পাৰোঁ। কিয়নো প্ৰলোভন এনে এক ক্ষেত্ৰত আহিব পাৰে যʼত আমি একেবাৰে দুৰ্ব্বল বা যাৰ যোগেদি সহজতে প্ৰলোভিত হʼব পাৰোঁ। সেইবাবে প্ৰাৰ্থনা কৰা অতি আৱশ্যক যিয়ে আমাক ঈশ্বৰীয় শক্তি প্ৰদান কৰে আৰু ইয়াৰ দ্বাৰা আমি চয়তানৰ পৰা অহা প্ৰলোভনবোৰক সহজে প্ৰতিৰোধ কৰিব পাৰোঁ। (ফিলিপীয়া ৪:৬, ৭) তদুপৰি, আমাক “মণ্ডলীৰ বৃদ্ধলোক” বা প্ৰাচীনসকলৰ আৱশ্যক যিসকলৰ প্ৰাৰ্থনা আৰু আধ্যাত্মিক সহায়ৰ যোগেদি আমাক শক্তিশালী কৰি তুলিব পাৰে।—যাকোব ৫:১৩-১৮.

সঠিকৰূপে প্ৰলোভনৰ বিৰোধ কৰক

১৫. প্ৰলোভনক প্ৰতিৰোধ কৰাৰ সম্বন্ধে আৰু কি সন্মলিত আছে?

১৫ প্ৰলোভনৰ পৰা আঁতৰ হোৱা স্বত্ত্বেও আমি সঠিকৰূপে ইয়াৰ বিৰোধ কৰি থাকিব লাগে যেতিয়ালৈকে ই সম্পূৰ্ণকৈ আঁতৰি নাযায় বা পৰিস্থিতিৰ সাল-সলনি নহয়। যেনেকৈ যীচুৰ ক্ষেত্ৰত হৈছিল। চয়তানে আঁতৰ নোহোৱালৈকে তেওঁ সঠিকৰূপে তাৰ বিৰোধ কৰিছিল। (মথি ৪:১-১১) আনকি যাকোবে কৈছিল: “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।” (যাকোব ৪:৭) যদি আমাৰ মন ঈশ্বৰৰ জ্ঞানেৰে পূৰ হৈ থাকে আৰু তেওঁৰ স্তৰক বজাই ৰাখিবলৈ নিৰ্ণয় লওঁ, তেন্তে আমি প্ৰলোভনক প্ৰতিৰোধ কৰিব পাৰিম। বিশেষকৈ আমাৰ দুৰ্ব্বলতাৰ ওপৰত জয়লাভ কৰিবলৈ যিবোৰ শাস্ত্ৰীয় পদসমূহে আমাক সহায় কৰে, সেইবোৰ মনত ৰখা আৰু ধ্যান কৰা উচিত। যেতিয়া আমি প্ৰলোভনৰ সন্মুখীন হওঁ, সেই সময়ত যদি এজন পৰিপক্ক খ্ৰীষ্টান অথবা এজন প্ৰাচীনৰ সৈতে ইয়াৰ বিষয়ে আলোচনা কৰোঁ তেনেহʼলে এইটো জ্ঞানীৰ বিষয় হʼব।—হিতোপদেশ ২২:১৭.

১৬. কেনেকৈ আমি নৈতিকৰূপে শুদ্ধ থাকিব পাৰোঁ?

১৬ বাইবেলে আমাক নতুন ব্যক্তিত্বক পিন্ধিবলৈ উৎসাহিত কৰিছে। (ইফিচীয়া ৪:২৪) ইয়াৰ অৰ্থ হৈছে যে যিহোৱাৰ মতে নিজকে পৰিৱৰ্তন কৰা। পাঁচনি পৌলে তেওঁৰ সহকৰ্মী তীমথিয়ক এনেদৰে কৈছিল: “কিন্তু, হে ঈশ্বৰৰ মানুহ, তুমি এই সকলোৰে পৰা পলোৱা; আৰু ধাৰ্ম্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য্য, মৃদুভাৱ, এইবোৰক খেদি যোৱা। বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা; তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হলা; আৰু অনেক সাক্ষীৰ আগত সেই উত্তম স্বীকাৰ কৰিলা।” (১ তীমথিয় ৬:১১, ১২) ঈশ্বৰৰ বাক্যক গভীৰভাৱে অধ্যয়ন কৰি তেওঁৰ ব্যক্তিত্বৰ বিষয়ে জ্ঞান লৈ আৰু সেইবোৰৰ আমাৰ জীৱনত প্ৰয়োগ কৰি আমি ‘ধাৰ্মিকতাৰ অনুকৰণ’ কৰিব পাৰোঁ। যেনে, প্ৰচাৰ কাৰ্য্য আৰু সভাবোৰত উপস্থিত থকাৰ বাবে এখন সম্পূৰ্ণ তালিকা বনোৱা। ঈশ্বৰৰ কাষ চপা আৰু তেওঁৰ আধ্যাত্মিক প্ৰবন্ধবোৰৰ সম্পূৰ্ণৰূপে লাভ উঠোৱাৰ দ্বাৰা আমাক আধ্যাত্মিকতাত বৃদ্ধি পোৱা আৰু নৈতিকৰূপে শুদ্ধ থকাত সহায় কৰিব।—যাকোব ৪:৮.

১৭. কেনেকৈ আমি জানিব পাৰোঁ যে যিহোৱাই আমাক প্ৰলোভনৰ সময়ত ত্যাগ নিদিব?

১৭ পাঁচনি পৌলে ভৰসা দিছে যে ঈশ্বৰৰ পৰা পোৱা শক্তিয়ে কেতিয়াও এনে অৱস্থা হʼব নিদিয়ে, যিটো আমি সহন কৰিব পৰাতকৈও অধিক। কিয়নো যিহোৱাই আমাৰ বাবে ‘উপায় উলিয়াব’ যাৰ দ্বাৰা আমি প্ৰলোভনৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হম। (১ কৰিন্থীয়া ১০:১৩) যদি আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ তেন্তে তেওঁ আমাক অত্যাধিক শক্তি প্ৰদান কৰিব যাতে আমি প্ৰলোভনৰ সন্মুখীন হোৱা স্বত্ত্বেও যেন নিষ্ঠা বজাই ৰাখিব পাৰোঁ। তেওঁ সদায় বিচাৰে যে আমি যেন প্ৰলোভনসমূহৰ বিৰোদ্ধে সফলতাৰে জয়ী হʼব পাৰোঁ। তদুপৰি, তেওঁৰ প্ৰতিজ্ঞাৰ প্ৰতি আমাৰ বিশ্বাস অধিকৰূপে বৃদ্ধি হয় যʼত কৈছে: ‘মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।’—ইব্ৰী ১৩:৫.

১৮. কেনেকৈ আমি মানৱ দুৰ্ব্বলতাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ সক্ষম হʼব পাৰোঁ? (w01 3/15)

১৮ মানৱ দুৰ্ব্বলতাৰ বিৰুদ্ধে যুঁজ কৰাৰ পৰিণামৰ বিষয়ে পাঁচনি পৌলে অনিশ্চিত আছিল। কিন্তু কেতিয়াও তেওঁ নিজকে পুতৌলগা বা অসহায় অৱস্থাৰ সৈতে তুলনা কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁ কৈছিল: “এতেকে মই লৰ মাৰোঁ, কিন্তু লক্ষ নকৰাকৈ নহয়; ঘুচিয়া-ঘুচি যুজো কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ; কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছোঁ।” (১ কৰিন্থীয়া ৯:২৬, ২৭) আমি এই শাৰীৰিক অভিলাষৰ বিৰোদ্ধে সফলতাৰে যুঁজ কৰিব পাৰোঁ। যেনেকৈ শাস্ত্ৰীয় পদ, বাইবেল আধাৰিত সাহিত্য, খ্ৰীষ্টান সভাবোৰ, তদুপৰি পৰিপক্ক সহকৰ্মীসকলৰ আৰু সময়মতে দিয়া তেওঁৰ সোঁৱৰণি বাক্যৰ দ্বাৰা আমি ধাৰ্মিকতাৰ পথক অনুকৰণ কৰিব পাৰোঁ। তেওঁৰ পৰা পোৱা সহায়ৰ দ্বাৰা মানৱ দুৰ্ব্বলতাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পৰা যায়!

আপোনাৰ মনত আছেনে?

•‘মাংসৰ ভাব’ ইয়াৰ অৰ্থ কি?

•কেনেকৈ আমি প্ৰলোভনৰ বাবে সাজু থাকিব পাৰোঁ?

•প্ৰলোভনৰ সৈতে সন্মূখীন হʼবলৈ আমি কি কৰিব পাৰোঁ?

•প্ৰলোভনৰ ক্ষেত্ৰত প্ৰাৰ্থনাই কি ভূমিকা আদায় কৰে?

•কিয় আমাৰ নিজৰ শক্তিৰ দ্বাৰা মানৱ দুৰ্ব্বলতাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব পৰা সম্ভৱ নহয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২২ পৃষ্ঠাৰ ছবি]

বাইবেলে কেতিয়াও শিক্ষা দিয়া নাই যে আমি আমাৰ শাৰীৰিক অভিলাষৰ বাবে অসহায় হৈ পৰোঁ

[২৪ পৃষ্ঠাৰ ছবি]

প্ৰলোভনৰ পৰা আঁতৰি থকাৰ এক মূল কাৰণ হৈছে পলায়ন কৰা