Skip to content

Skip to table of contents

যিসকলে পোহৰৰ পথক বাঁছনি কৰে তেওঁলোকৰ বাবে উদ্ধাৰ

যিসকলে পোহৰৰ পথক বাঁছনি কৰে তেওঁলোকৰ বাবে উদ্ধাৰ

যিসকলে পোহৰৰ পথক বাঁছনি কৰে তেওঁলোকৰ বাবে উদ্ধাৰ

“যিহোৱা মোৰ দীপ্তি আৰু মোৰ পৰিত্ৰাণ; মই কালৈ ভয় কৰিম?”গীতমালা ২৭:১.

১. আমি জীয়াই থাকিবলৈ যিহোৱাই কি কি প্ৰৱন্ধ কৰিলে?

 যিহোৱা ঈশ্বৰে সূৰ্য্যক সৃষ্টি কৰাৰ বাবে এই পৃথিৱীত সকলোবোৰ প্ৰাণী জীৱিত থাকিবলৈ সম্ভৱ হʼল। (আদিপুস্তক ১:২, ১৪) আনকি যিহোৱা হৈছে আধ্যাত্মিক পোহৰৰো উদ্ভৱকৰ্তা, যিজনে চয়তানৰ জগতৰ পৰা অহা জীৱননাশক অন্ধকাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। (যিচয়া ৬০:২; ২ কৰিন্থীয়া ৪:৬; ইফিচীয়া ৫:৮-১১; ৬:১২) যিসকলে এই পোহৰত চলিব বিচাৰে তেওঁলোকে গীতমালা লেখকৰ এই বাক্যক সমৰ্থন কৰে, যিজনে কৈছে: “যিহোৱা মোৰ দীপ্তি আৰু মোৰ পৰিত্ৰাণ; মই কালৈ ভয় কৰিম?” (গীতমালা ২৭:১ক) কিন্তু যিসকলে এই পোহৰক ত্যাগ কৰি অন্ধকাৰত থাকিবলৈ ইচ্ছা কৰে, তেওঁলোকে যীচুৰ সময়ৰ লোকসকলৰ দৰে দণ্ডৰ পৰা কেতিয়াও হাত হাৰিব নোৱাৰিব।—যোহন ১:৯-১১; ৩:১৯-২১, ৩৬.

২. প্ৰাচীন সময়ত ঈশ্বৰৰ পোহৰৰ পথত চলিবলৈ অস্বীকাৰ কৰোতাঁসকলৰ কেনে পৰিণাম হʼল আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি মনোযোগ দিওঁতাসকলৰ কেনে অৱস্থা হʼল?

যিচয়াৰ দিনত যিহোৱাৰ সৈতে ব্যৱস্থা স্থাপন কৰা বহুতো লোকে তেওঁৰ পোহৰৰ পথত চলিবলৈ অস্বীকাৰ কৰিলে। ফলস্বৰূপে, ইস্ৰায়েলৰ উত্তৰ ভাগত থকা ৰাজ্যসমূহ সম্পূৰ্ণৰূপে বিনাশ হʼল আৰু এই ঘটনাক যিচয়াই নিজ চকুৰে দেখিবলৈ পালে। তদুপৰি যিচয়া ভৱিষ্যতবক্তাই সা.যু.পূ. ৬০৭ চনত যিৰূচালেম আৰু ইয়াৰ সৈতে থকা মন্দিৰকো বিনষ্ট হোৱা আৰু তাৰ লোকবিলাকক বন্দী কৰি নিয়া দেখিলে। কিন্তু যিসকলে যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিছিল, তেওঁলোকে সেই সময়ত বিস্তাৰিত হৈ পৰা ধৰ্ম্ম-ত্যাগীবোৰক বিৰোধ কৰিবলৈ শক্তি পালে। সা.যু.পূ. ৬০৭ চনৰ সম্বন্ধে যিহোৱাই প্ৰতিজ্ঞা কৰি কৈছিল যে যিসকলে তেওঁৰ বাক্যৰ প্ৰতি মনোযোগ দিব তেওঁলোকে ধ্বংসৰ পৰা ৰক্ষা পাব। (যিৰিমিয়া ২১:৮, ৯) বৰ্তমান সময়তো যিসকলে পোহৰৰ পথক প্ৰেম কৰে, তেওঁলোকে যিচয়াৰ সময়ত ঘটা ঘটনাৰ পৰা বহু কিছু শিকিব পাৰে।—ইফিচীয়া ৫:৫.

পোহৰৰ পথত চলোঁতাসকলে আনন্দ লাভ কৰে

৩. আজি আমাৰ ওচৰত কেনে নিশ্চয়তা আছে, আমি কোন “ধাৰ্ম্মিক জাতিক” প্ৰেম কৰোঁ আৰু সেই “জাতিৰ” ওচৰত কোনখন “দৃঢ় নগৰ” আছে?

যিচয়াৰ দিনত থকা নিষ্ঠাৱান যিহূদীসকলে আনন্দৰে এইদৰে কৈছিল: “আমাৰ এখন দৃঢ় নগৰ [ঈশ্বৰ] আছে; তেওঁ পৰিত্ৰাণকেই তাৰ গড় আৰু পালী-গড়স্বৰূপে নিৰূপিত কৰিব। সত্যক পালন কৰোঁতা ধাৰ্ম্মিক জাতি সোমাবৰ নিমিত্তে তোমালোকে দুৱাৰবোৰ মেলি দিয়া।” (যিচয়া ২৬:১, ২) যদিও তেওঁলোকৰ সহ-সঙ্গীসকলে মিছা দেৱতাবিলাকক পূজা আৰু ভৰসা কৰিছিল, তথাপিও তেওঁলোকে যিহোৱাইহে একমাত্ৰ প্ৰকৃত সুৰক্ষা দিব পাৰে বুলি তেওঁৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিছিল। বৰ্তমান সময়ত আমিও তেনেদৰে যিহোৱাৰ ওপৰত ভৰসা ৰাখোঁ। ইয়াৰ ওপৰিও, আমি যিহোৱাৰ “ধাৰ্ম্মিক জাতি” অৰ্থাৎ “ঈশ্বৰৰ ইস্ৰায়েলক” প্ৰেম কৰোঁ। (গালাতীয়া ৬:১৬; মথি ২১:৪৩) যিহোৱায়েও এই জাতিক প্ৰেম কৰে কিয়নো তেওঁলোকৰ আচৰণ আদৰণীয়। তদুপৰি, তেওঁলোকৰ আশীৰ্ব্বাদৰ বাবে ঈশ্বৰৰ ইস্ৰায়েলৰ ওচৰত “এখন দৃঢ় নগৰ” অৰ্থাৎ এখন নগৰৰূপী সংগঠন আছে যিয়ে তেওঁলোকক সহায় আৰু সুৰক্ষা প্ৰদান কৰে।

৪. কেনেধৰণৰ মনোবৃত্তি ৰখাটো আমাৰ বাবে লাভজনক?

এই “দৃঢ় নগৰত” থকাসকলে ভালদৰে জানে যে ‘যাৰ মনে [যিহোৱাত] নিৰ্ভৰ কৰে, [যিহোৱাই] তাক সম্পূৰ্ণ শান্তিত ৰাখে; কিয়নো সি [যিহোৱাত] ভাৰসা কৰিছে।” যি লোকে সকলো সময়তে যিহোৱাত ভৰসা ৰাখে আৰু তেওঁৰ ধাৰ্ম্মিক সিদ্ধান্তবোৰক পালন কৰে, তেওঁলোকক যিহোৱাই সদায় ৰক্ষা কৰে। সেইবাবে যিহূদাত থকা নিষ্ঠাৱান লোকসকলে যিচয়াৰ উপদেশক পালন কৰিলে: “চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যাঃ যিহোৱা চিৰস্থায়ী শিলা।” (যিচয়া ২৬:৩, ৪; গীতমালা ৯:১০; ৩৭:৩; হিতোপদেশ ৩:৫) যিসকলে এনেধৰণৰ মনোবৃত্তি ৰাখে, তেওঁলোকে জানে যে মাত্ৰ “যাঃ যিহোৱাই” চিৰস্থায়ী শিলা যিজনে তেওঁলোকক প্ৰকৃত সুৰক্ষা দিয়ে। এতেকে তেওঁলোকে সদায়ে যিহোৱাৰ সৈতে “শান্তিত” থাকে।—ফিলিপীয়া ১:২; ৪:৬, ৭.

ঈশ্বৰৰ শত্ৰুবিলাক অপমানিত হোৱা

৫, ৬. (ক)প্ৰাচীন বাবিলে কেনেধৰণে অপমানিত হʼল? (খ) বৰ্তমান সময়ত কেনেদৰে সেই ‘মহা বাবিলে’ অপমান সহন কৰিবলগীয়া হʼল?

কিন্তু যদি যিহোৱাত ভৰসা ৰাখোঁতাসকলে দুখ-কষ্টৰ সন্মূখীন হʼবলগীয়া হয় সেই সময়ত কি? তেওঁলোকে ভয়ত আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই। কিয়নো যিহোৱাই যদিও কিছু সময়ৰ বাবে দুখ-কষ্টক অনুমতি দিছে, তথাপি সময়ত তেওঁ তেওঁলোকৰ দুখ-কষ্টক আঁতৰাই পেলাব আৰু তেওঁলোকক অত্যাচাৰ কৰোতাঁ সকলক দণ্ড দিব। (২ থিচলনীকীয়া ১:৪-৭; ২ তীমথিয় ১:৮-১০) ইয়াক বুজিবলৈ “উন্নত নগৰৰ” কি ঘটিল তালৈ লক্ষ্য কৰক। যিচয়াই কৈছে “[যিহোৱাই] ঊৰ্দ্ধবাসীবিলাকক, উন্নত নগৰক নীচ কৰিলে; তেওঁ তাক অৱনত কৰি মাটিৰে সৈতে সমান কৰিলে, তেওঁ তাক ধূলিত পেলালে। ভৰিয়ে তাক গচকিছে, দুখীয়াবিলাকৰ ভৰি, কঙালবিলাকৰ চৰণেও তাক গচকিছে।” (যিচয়া ২৬:৫, ৬) ইয়াত উল্লেখ কৰা উন্নত নগৰখন হয়তো বাবিলক চিহ্নিত কৰিছে। সেই নগৰে ঈশ্বৰৰ লোকবিলাকৰ ওপৰত অত্যাধিক অত্যাচাৰ কৰিছিল। কিন্তু পাছলৈ সেই নগৰখনলৈ কি ঘটিল? সা.যু.পূ. ৫৩৯ চনত মাদীয়া আৰু পাৰস্যই আহি বাবিলক পৰাস্ত কৰে। সেই সময়ত বাবিল কিমান যে অপমানিত হʼল!

আমাৰ সময়তো যিচয়াৰ ভৱিষ্যতবাণীৰ বাক্যই বৰ্ণনা কৰিছে যে ১৯১৯ চনত “মহা বাবিললৈ” কি ঘটিল। সেই বছৰত ‘উন্নত নগৰখনে’ বহু অপমানিত হয়, কিয়নো সেই সময়ত এই নগৰখনে যিহোৱাৰ লোকসকলক আধ্যাত্মিকৰূপে বন্দী কৰাৰ পৰা বাধ্য হৈ মুকলি কৰি দিব লগা হয়। (প্ৰকাশিত বাক্য ১৪:৮) ইয়াৰ পাছত যি ঘটিল সেইটো মহা বাবিলৰ বাবে আগতকৈও অধিক অপমানজনক বিষয় আছিল। সত্য খ্ৰীষ্টানসকলে অলপ সময়ৰ বাবে আধ্যাত্মিকৰূপে বন্দীৰ থকাৰ পৰা মুকলি হৈ আগতকৈও অধিকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লʼব ধৰিলে। ১৯২২ চনত তেওঁলোকে গোটেই বিশ্বত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে যে অতি সোনকালে খ্ৰীষ্টীয়জগতৰ বিনাশ হʼব, অৰ্থাৎ তেওঁলোকে প্ৰকাশিত বাক্য ৮:৭-১২ পদত কোৱা চাৰিজন স্বৰ্গদুতৰ তুৰীৰ বাৰ্ত্তা আৰু প্ৰকাশিত বাক্য ৯:১–১১:১৫ পদত ভৱিষ্যতবাণী কৰা তিনিটা সন্তাপৰ বিষয়ে ঘোষণা কৰিব আৰম্ভ কৰিলে।

“ধাৰ্ম্মিক লোকৰ পথ সৰল”

৭. যিসকলে যিহোৱাৰ পোহৰৰ পথ গ্ৰহণ কৰে তেওঁলোকে কেনেধৰণৰ পথ-প্ৰদৰ্শন পাই আৰু তেওঁলোকে কাৰ বাবে অপেক্ষা কৰে আৰু কিহৰ প্ৰতি মূল্যাঙ্কন দেখুৱায়?

যিসকলে ঈশ্বৰৰ পোহৰৰ পথ স্বীকাৰ কৰে, যিহোৱাই তেওঁলোকক উদ্ধাৰ কৰে আৰু পথ-প্ৰদৰ্শন কৰে। এই বিষয়ে যিচয়াই আগলৈ এইদৰে কৈছে: “ধাৰ্ম্মিক লোকৰ পথ সৰল; যথাৰ্থ যি তুমি, তুমি ধাৰ্ম্মিকবিলাকৰ পথ সমান কৰিছা। এনে কি, হে যিহোৱা, তোমাৰ বিচাৰৰ পথত আমি তোমালৈ বাট চাই আছোঁ; তোমাৰ নাম আৰু তোমাৰ সোঁৱৰণৰ চিনলৈ আমাৰ প্ৰাণে হেপাহ কৰিছে।” (যিচয়া ২৬:৭, ৮) যিহোৱা এজন ধাৰ্ম্মিক ঈশ্বৰ আৰু সেইবাবে উপাসকসকলে তেওঁৰ ধাৰ্ম্মিক সিদ্ধান্তবোৰক পালন কৰা আৱশ্যক। যেতিয়া তেওঁলোকে এইদৰে কৰে সেই সময়ত যিহোৱাই তেওঁলোকক পথ-প্ৰদৰ্শন দিয়ে আৰু তেওঁলোকৰ পথক সৰল কৰে। এই নম্ৰ লোকসকলে যিহোৱাৰ পথ-প্ৰদৰ্শনৰ অনুসৰি চলাৰ যোগেদি দেখুৱাই যে তেওঁলোকে যিহোৱালৈ অপেক্ষা কৰে আৰু যি নামেৰে ঈশ্বৰৰ “সোঁৱৰণীয়” হয় সেই নামৰ প্ৰতি তেওঁলোকে আন্তৰিকতাৰে মূল্যাঙ্কন দেখুৱায়।—যাত্ৰাপুস্তক ৩:১৫.

৮. যিচয়া ভৱিষ্যতবক্তাই কেনেদৰে এক সঠিক মনোবৃত্তি প্ৰকাশ কৰিলে?

যিচয়াই যিহোৱাৰ নামৰ প্ৰতি মুল্যাঙ্কন দেখুৱাইছিল। এইটো আমি তেওঁ কোৱা বাক্যৰ দ্বাৰাই জানিব পাৰোঁ, তেওঁ এইদৰে কৈছিল: “ৰাতি মোৰ প্ৰাণে সৈতে মই তোমালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ অন্তৰত থকা আত্মাৰে সৈতে যত্নেৰে তোমাক বিচাৰিমো; কিয়নো পৃথিবীত তোমাৰ দণ্ড থকা সময়ত জগত-নিবাসীবিলাকে ধাৰ্ম্মিকতা শিকে।” (যিচয়া ২৬:৯) যিচয়াই নিজ প্ৰাণৰ সৈতে যিহোৱালৈ হাবিয়াহ কৰিছিল। কল্পনা কৰক যে কেনেদৰে এই ভৱিষ্যতবক্তাই পুৱতি নিশাই যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল আৰু নিজৰ হৃদয়ত লুকাই থকা বিচাৰ-ধাৰাবোৰক যিহোৱাৰ আগত সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ পথ-প্ৰদৰ্শনৰ বাবে যিহোৱালৈ অতি আগ্ৰহেৰে নিৱেদন কৰিছিল। আমাৰ বাবে ই কিযে এক উত্তম আৰ্হি! ইয়াৰ ওপৰিও, যিচয়াই যিহোৱাৰ ন্যায় কাৰ্য্যৰ পৰা ধাৰ্ম্মিকতা শিকিলে। এইদৰে যিচয়াই আমাক স্মৰণ কৰাইছে যে আমি পৰ দি থাকিবলৈ আৰু যিহোৱাৰ ইচ্ছাক জানিবলৈ সকলো সময়তে সজাগে থকা উচিত।

কিছুমান লোকে অন্ধকাৰৰ পথক বাঁছনি কৰে

৯, ১০. যিহোৱাই বিদ্ৰোহী জাতিৰ ওপৰত কেনেদৰে দয়া দেখুৱাইছিল, কিন্তু তেওঁলোকে কেনেদৰে প্ৰত্যুত্তৰ দিলে?

যিহোৱাই যিহূদাৰ দেশলৈ এক মহান প্ৰেম প্ৰদৰ্শন কৰিলে আৰু তেওঁলোকলৈ অনেক কৃপা কৰিলে, তথাপিও দুখৰ বিষয় এই যে সকলোৱে এই দয়াৰ প্ৰতি মুল্যাঙ্কন নেদেখুৱালে। বেছিভাগ লোকে যিহোৱাৰ পোহৰৰ পথত চলাৰ পৰিৱৰ্তে বিদ্ৰোহ কৰিলে আৰু সত্য পথৰ পৰা আঁতৰি গʼল। সেইবাবে যিচয়াই কৈছিল: “দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্ম্মিকতা নিশিকে; ন্যায়ৰ দেশত সি অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।”—যিচয়া ২৬:১০.

১০ যিচয়াৰ দিনত, যেতিয়া যিহোৱাই যিহূদাক শত্ৰুসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিলে সেই সময়ত বেছি ভাগ লোকে ইয়াৰ বাবে কোনো মুল্যাঙ্কন নেদেখুৱালে। যেতিয়া যিহোৱাই সেই ৰাজ্যত শান্তি স্থাপন কৰিলে সেই সময়তো তেওঁলোকে কোনো কৃতজ্ঞতা নেদেখুৱালে। সেইবাবে যিহোৱাই সেই যিহূদাক ত্যাগ দিলে আৰু “আন প্ৰভুবিলাকক” তেওঁলোকৰ ওপৰত শাসন কৰিবলৈ এৰি দিলে। পৰিণামস্বৰূপে সা.যু.পূ. ৬০৭ চনত ঈশ্বৰে তেওঁলোকক বাবিলৰ দাসত্ব হʼবলৈ এৰি দিলে। (যিচয়া ২৬:১১-১৩) কিন্তু বাবিলত বন্দী হৈ যোৱাৰ পাছত সেই জাতিৰ কিছুমানে লোকে অনুতাপ কৰিলে আৰু যিহোৱাই তেওঁলোকক পুনৰ নিজৰ দেশত উভতি আহিবলৈ সুযোগ দিলে।

১১, ১২. (ক)যিহূদাৰ লোকসকলক বন্দী কৰা লোকসকলকৈ কি ঘটিল? (খ) ১৯১৯ চনত অভিষিক্ত সেৱকসকলক বন্দী কৰা বিৰোধীসকললৈ কি ঘটিল?

১১ কিন্তু সেই লোকসকললৈ কি ঘটিল যিসকলে যিহূদাৰ লোকসকলক বন্দী কৰি নিছিল? এই বিষয়ে যিচয়াৰ ভৱিষ্যতবাণীত এইদৰে কৈছিল: “সিহঁত মৰা, পুনৰায় নিজীব; সিহঁত মৃত, পুনৰায় নুঠিব; এই নিমিত্তে তুমি দণ্ড দি সিহঁতক নষ্ট কৰিলা, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলা।” (যিচয়া ২৬:১৪) সচাঁকৈ সা.যু.পূ. ৫৩৯ চনত বাবিলৰ সম্ৰাজ্যৰ পতনত ইয়াৰ কোনো চিন-চাব নাথাকিল। কিছু সময়ৰ পাছত ইয়াৰ নগৰখনো সম্পূৰ্ণৰূপে ধ্বংস হʼল। ই ‘মৰা বহুত দিন হʼল’ আৰু এই বিশাল সম্ৰাজ্যৰ বিষয়ে মাত্ৰ বুৰঞ্জীৰ কিতাপতহে পঢ়িবলৈ পোৱা যায়। বৰ্তমান সময়ত, এইটো সেই লোকসকলৰ বাবে এক গম্ভীৰপূৰ্বক সতৰ্কবাণী যিসকলে এই জগতৰ শক্তিশালী লোকৰ ওপৰত ভৰসা ৰাখে।

১২ যিহোৱাই ১৯১৮ চনত যেতিয়া নিজৰ অভিষিক্ত সেৱকসকলক আধ্যাত্মিকৰূপে বন্দী হʼবলৈ এৰি দিলে আৰু ১৯১৯ চন তেওঁলোকক পুনৰ স্বাধীন দিয়ালে, তেতিয়া এই সম্পৰ্কে কৰা ভৱিষ্যতবাণী পূৰ্ণ হʼল। অভিষিক্ত খ্ৰীষ্টানসকলক বন্দী কৰা পুৰণি বিৰোধী, বিশেষকৈ খ্ৰীষ্টীয়জগতৰ ভৱিষ্যত ১৯১৯ চনত একেবাৰে আন্ধকাৰময় হৈ পৰিল। কিন্তু যিহোৱাৰ লোকসকলে যি আশীৰ্ব্বাদ পালে সেইয়া আছিল সঁচাকৈ আচৰিত উপহাৰ।

“তুমি জাতিটি বৃদ্ধি কৰিলা”

১৩, ১৪. যিহোৱাৰ অভিষিক্ত সেৱকসকলে ১৯১৯ চনৰ পৰা কেনেধৰণৰ আশীৰ্ব্বাদসমূহ প্ৰচুৰমাত্ৰাত আনন্দ লাভ কৰিছে?

১৩ অভিষিক্ত সেৱকসকলে ১৯১৯ চনত যেতিয়া প্ৰকৃতৰূপে অনুতাপ কৰিলে, তেতিয়া যিহোৱাই তেওঁলোকৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ আশীৰ্ব্বাদ দিলে। তেওঁলোকে ঈশ্বৰৰ ইস্ৰায়েলৰ অভিশিষ্ট থকা লোকক একত্ৰিত কৰা কাৰ্য্যত মনোযোগ দিয়াৰ দ্বাৰা তেওঁলোকে কাৰ্য্য আৰম্ভ কৰিলে আৰু তাৰ পাছত, “অন্য মেৰৰ” “বৰ লোকসমূহক” একত্ৰিত কৰিবলৈ আৰম্ভ হʼল। (প্ৰকাশিত বাক্য ৭:৯; যোহন ১০:১৬) এই আশীৰ্ব্বাদৰ সম্পৰ্কে ভৱিষ্যতবাণীত যিচয়াই এইদৰে কৈছিল: “তুমি জাতিটি বৃদ্ধি কৰিলা, হে যিহোৱা, তুমি জাতিটি বৃদ্ধি কৰিলা; তুমি গৌৰৱান্বিত হলা, তুমি দেশৰ আটাই সীমা বহল কৰিলা। হে যিহোৱা, সঙ্কটৰ কালত লোকবিলাক তোমাৰ গুৰিলৈ আহিছিল; তেওঁবিলাকৰ ওপৰত তোমাৰ শান্তি থকা সময়ত তেওঁবিলাকে মৃদুস্বৰে প্ৰাৰ্থনা কৰিছিল।”—যিচয়া ২৬:১৫, ১৬.

১৪ বৰ্তমান সময়ত, যিহোৱা ঈশ্বৰে ইস্ৰায়েলৰ চাৰিসীমা পৃথিৱীৰ চৰিওফাললৈ বৃদ্ধি কৰিলে আৰু তেওঁলোকৰ সৈতে বৰ লোকসমূহকো সংযোগ কৰা হৈছে। বৰ্তমান সময়ত এই বৰ লোকসমূহৰ সংখ্যা হৈছে প্ৰায় ৬০ লাখ আৰু তেওঁলোকে অতি উৎসাহী হৈ প্ৰচাৰ কাৰ্য্য ভাগ লৈছে। (মথি ২৪:১৪) যিহোৱাৰ পৰা লাভ কৰা এনে কাৰ্য্য, তেওঁলোকৰ বাবে কিমান যে মহান আশীৰ্ব্বাদযুক্ত! তদুপৰি এই কাৰ্য্যৰ যোগেদি ঈশ্বৰৰ নাম কিমান যে মহিমা হৈছে! বৰ্তমান সময়ত, ২৩৫ খনতকৈও অধিক দেশত যিহোৱাৰ নামক ঘোষণা কৰা হৈছে আৰু এইদৰে যিহোৱাই কৰা প্ৰতিজ্ঞা আচৰিতৰূপে পূৰ্ণ হৈছে।

১৫. ১৯১৯ চনত কেনেধৰণে লাক্ষণিক পুনৰুত্থান কৰা হৈছিল?

১৫ যিহূদা লোকসকলে বাবিলৰ দাসত্ব বন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ যিহোৱাৰ সহায়ৰ আৱশ্যক আছিল। কিয়নো তেওঁলোকে ঈশ্বৰৰ সহায়ৰ অবিহনে কেতিয়াও নিজকে মুকলি কৰিব নোৱাৰিলেহেঁতেঁন। (যিচয়া ২৬:১৭, ১৮) ঠিক একেইদৰে, ১৯১৯ চনতো ঈশ্বৰৰ আধ্যাত্মিক ইস্ৰায়েলক যিহোৱাই স্বাধীন দিয়ালে। তেওঁৰ অবিহনে মুক্তি পোৱাটো সম্ভৱ নাছিল। তেওঁলোকে উদ্ধাৰ পোৱা অৱস্থাৰ তুলনা যিচয়া ভৱিষ্যতবক্তাই মৰাৰ পৰা পুনৰাই জীয়াই উঠাৰ সৈতে কৰিছে। সেয়েহে তেওঁ এইদৰে কৈছিল: “তোমাৰ মৃত লোকবিলাক পুনৰায় জীব, মোৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধূলি-নিবাসীবিলাক, সাৰ পোৱা, আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰোঁতা নিয়ৰৰ নিচিনা হব, আৰু পৃথিবীয়ে মৃতবিলাকক উলিয়াই পেলাব।” (যিচয়া ২৬:১৯; প্ৰকাশিত বাক্য ১১:৭-১১) ইয়াত কোনো সন্দেহ নাই যে তেওঁলোকে যি অৱস্থাত আছিল তাত মৃত্যু হৈ নতুনকৈ কাৰ্য্য কৰিবলৈ নতুনৰূপে জন্ম হʼবলৈ আছিল!

বিপদৰ সময়ত সুৰক্ষা লাভ কৰা

১৬, ১৭. (ক)সা.যু.পূ. ৫৩৯ চনত যেতিয়া বাবিলৰ বিনাশ হৈছিল সেই সময়ত যিহূদীসকলে উদ্ধাৰৰ বাবে কি কৰাৰ আৱশ্যক আছিল? (খ) বৰ্তমান সময়ৰ ‘ভিতৰৰ কোঁঠালি’ কাক চিহ্নিত কৰিছে আৰু ইয়াৰ দ্বাৰাই আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৬ বিশ্বাসী সেৱকসকলক সকলো সময়তে যিহোৱাৰ নিৰাপত্তাৰ আৱশ্যক। কিন্তু, অতি সোনকালে ঈশ্বৰে চয়তান আৰু তাৰ সকলো উপাসকক সম্পূৰ্ণকৈ ধ্বংস কৰিবলৈ নিজৰ হাত মেলিব, তেতিয়া সত্য উপাসকসকলক আগতকৈও অধিকৰূপে যিহোৱাৰ সহায়ৰ আৱশ্যকতা হʼব। (১ যোহন ৫:১৯) সেই বিপদজনক সময়ৰ সম্পৰ্কে সতৰ্ক কৰি যিহোৱাই এইদৰে কৈছিল: “হে মোৰ প্ৰজা, যোৱা, তোমাৰ কোঁঠালিত সোমোৱা, আৰু চাৰিওফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেকমান লুকাই থাকা। কিয়নো চোৱা, পৃথিবী নিবাসীবিলাকক সিহঁতৰ অপৰাধৰ নিমিত্তে দণ্ড দিবলৈ তেওঁ নিজ ঠাইৰ পৰা ওলাই আহিছে; পৃথিবীয়ে নিজে শোহা তেজ দেখুৱাই দিব, আৰু নিজৰ হত হোৱা লোকক আৰু ঢাকি নাৰাখিব।” (যিচয়া ২৬:২০, ২১; চফনিয়া ১:১৪) এই সাৱধানবাণীয়ে বহুতো যিহূদীক সা.যু.পূ. ৫৩৯ চনত হোৱা বাবিলৰ ধ্বংসৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিলে। যিসকলে এই সাৱধানবাণীক পালন কৰি নিজৰ ঘৰৰ ভিতৰত আছিল, তেওঁলোক বাটেদি অহা বিপক্ষ সৈন্যৰ পৰা ৰক্ষা পালে।

১৭ বৰ্তমান সময়ত সেই ভৱিষ্যতবাণীত উল্লেখ কৰা ‘ভিতৰৰ কোঁঠালি,’ গোটেই বিশ্বত হাজাৰ-হাজাৰ সংখ্যাত থকা যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীক বুজাইছে। এই মণ্ডলীবোৰ আজিও খ্ৰীষ্টানসকলৰ বাবে সুৰক্ষা স্থান, কিয়নো তেওঁলোকে নিজৰ ভাইসকলৰ মাজত নিজকে সুৰক্ষা অনুভৱ কৰে আৰু প্ৰাচীনসকলে তেওঁলোকক প্ৰেমেৰে প্ৰতি-পালন কৰে। (যিচয়া ৩২:১, ২; ইব্ৰী ১০:২৪, ২৫) আচলতে যিচয়াই কৰা ভৱিষ্যতবাণীৰ বাক্য আজিৰ সময়তো পূৰ্ণ হৈছে, কিয়নো এই জগতৰ শেষ একেবাৰে ওচৰ চাপিলহি আৰু যিসকলে যিহোৱাৰ আজ্ঞাক পালন কৰে তেওঁলোকেহে এই ধ্বংসৰ পৰা ৰক্ষা পাব।—চফনিয়া ২:৩.

১৮. যিহোৱাই অতি সোনকালে কেনেদৰে “সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব”?

১৮ সেই ধ্বংসৰ সম্পৰ্কে যিচয়াই ভৱিষ্যতবাণীত এইদৰে কৈছিল: “সেই দিনা যিহোৱাই নিজৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালেৰে দ্ৰʼতগামী লিবিয়াথন নাগক, আৰু বেঁকাবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।” (যিচয়া ২৭:১) বৰ্তমান সময়ত “লিবিয়াথন” কাক সূচাইছে? ই সেই “পুৰণি সাপ,” চয়তান আৰু তাৰ দুষ্ট জগতক সূচাইছে। এই দুষ্ট জগতখনৰ যোগেদি চয়তানে যিহোৱাৰ লোকসকলৰ বিপক্ষে যুঁজ কৰিছে। (প্ৰকাশিত বাক্য ১২:৯, ১০, ১৭; ১৩:১৪, ১৬, ১৭) কিন্তু ১৯১৯ চনত লিবিয়াথনে ঈশ্বৰৰ লোকসকলক বন্দী কৰি ৰাখিব নোৱাৰিলে। অতি সোনকালে সম্পূৰ্ণৰূপে ইযাক ধ্বংস কৰা হʼব। (প্ৰকাশিত বাক্য ১৯:১৯-২১; ২০:১-৩, ১০) এইদৰে যিহোৱাই “সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।” গতিকে বৰ্তমান সময়ত, “লিবিয়াথনে” যিহোৱাৰ লোকবিলাকৰ বিৰোদ্ধে যিয়ে নকৰক কিয় তাৰ সফলতা মাত্ৰ অলপ সময়ৰ বাবেহে। (যিচয়া ৫৪:১৭) ইয়াক জানি আমি কিমান যে সান্ত্বনা পাওঁ!

“এখন মনোৰম দ্ৰাক্ষা-বাৰী”

১৯. অৱশিষ্টবৰ্গই আজি কি পৰিস্থিতিত আছে?

১৯ যিহোৱাই আমাক এই বিষয়ে জ্ঞানৰ পোহৰ দিয়াৰ বাবে আমি আনন্দিত হোৱাটো উচিত নহয়নে? আমি নিশ্চয়ে আনন্দিত হোৱা উচিত! যিচয়াই যিহোৱাৰ লোকসকলৰ আনন্দক বৰ্ণনা কৰি এইদৰে লিখিছিল: “সেই দিনা—‘এখন মনোৰম দ্ৰাক্ষা-বাৰী, তাৰ বিষয়ে তোমালোকে গান কৰা। মই যিহোৱাই তাক ৰখোঁ, মই প্ৰতি নিমিষে তাত পানী দিওঁ; কোনোবাই তাক হানি কৰে বুলি মই দিনে-ৰাতিয়ে তাক ৰখি থাকোঁ।’” (যিচয়া ২৭:২, ৩) যিহোৱাই এই “দ্ৰাক্ষা-বাৰী” অৰ্থাৎ ঈশ্বৰৰ ইস্ৰায়েলৰ অৱশিষ্টবৰ্গ আৰু তেওঁলোকৰ সৈতে কাৰ্য্য কৰা তেওঁলোকৰ সঙ্গীসকলক চোৱা-চিতা কৰে। (যোহন ১৫:১-৮) পৰিণামস্বৰূপে, তেওঁলোকে অনেক ফল উৎপন্ন কৰিছে। ইয়াৰ যোগেদি ঈশ্বৰৰ নাম মহিমা হৈছে আৰু পৃথিৱীত তেওঁৰ সেৱকসকলে আনন্দ উপভোগ কৰিছে।

২০. যিহোৱাই খ্ৰীষ্টান মণ্ডলীক কেনেকৈ সুৰক্ষা দিয়ে?

২০ যিহোৱাই তেওঁৰ অভিষিক্ত সেৱকসকলৰ ওপৰত ক্ৰোধীত হোৱাৰ বাবে ১৯১৮ চনত আধ্যাত্মিক দাসত্ব হʼবলৈ এৰি দিছিল। এই ক্ৰোধৰ বিষয়ে শুনি আতঙ্কিত হʼব পাৰোঁ। সেইবাবে যিহোৱাই নিজেই কৈছে: “মোত ক্ৰোধ নাই; অহ, কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবিয়ে মোৰ অহিতে যুদ্ধ কৰিলে কেনে ভাল হয়! সেয়ে হলে, মই সিহঁতক আক্ৰমণ কৰিম, একেবাৰে দগ্ধ কৰিম। নতুবা সি মোৰ পৰাক্ৰমৰ আশ্ৰয় লওক, মোৰে সৈতে সন্ধি কৰক, এনে কি, মোৰে সৈতে সন্ধিয়েই কৰক।” (যিচয়া ২৭:৪, ৫) তেওঁৰ দ্ৰাক্ষালতাত যে প্ৰচুৰ দ্ৰাক্ষৰস দিছে তাক নিশ্চিত কৰিবলৈ যিহোৱাই সকলোবোৰ কাঁইটীয়া বন অৰ্থাৎ বাধাবোৰক সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে যিবোৰে তেওঁৰ “দ্ৰাক্ষা-বাৰীক” নষ্ট কৰিব পাৰে। সেইবাবে কোনেও খ্ৰীষ্টান মণ্ডলীত আনন্দ ভঙ্গ কৰাটো উচিত নহয়! যিসকলে আশীৰ্ব্বাদ আৰু সুৰক্ষা পাবলৈ বিচাৰে, তেওঁলোকে ‘যিহোৱাৰ কাষ চপা’ উচিত। যদি আমি এইদৰে কৰোঁ, তেনেহʼলে আমি ঈশ্বৰৰ সৈতে শান্তি বজাই ৰাখিব পাৰিম। ইয়াৰ গুৰত্বতাৰ বিষয়ে যিচয়াই দুবাৰকৈ উল্লেখ কৰিছে।—গীতমালা ৮৫:১, ২, ৮; ৰোমীয়া ৫:১.

২১. কি প্ৰকাৰে বৰ্তমান পৃথিৱী অৰ্থাৎ পথাৰখন “ফলেৰে” পূৰ্ণ হৈছে?

২১ যিহোৱাৰ আশীৰ্ব্বাদৰ বিষয়ে উল্লেখ আগলৈ যিচয়াই এইদৰে কৈছে: “ভবিষ্যত কালত যাকোবে শিপাব ইস্ৰায়েলে কলি ধৰিব আৰু ফুলিব, আৰু তেওঁবিলাকে ভু-মণ্ডলক ফলেৰে পৰিপূৰ্ণ কৰিব।” (যিচয়া ২৭:৬) ১৯১৯ চনৰ পৰাই এই পদত উল্লেখ কৰা ভৱিষ্যতবাণী পূৰ্ণ হৈ আহিছে আৰু এইদৰে যিহোৱাৰ অসীম শক্তিৰ প্ৰমাণ পোৱা গৈছে। অভিষিক্ত খ্ৰীষ্টানসকলে “ফল” অৰ্থাৎ পুষ্টকৰ আধ্যাত্মিক আহাৰেৰে গোটেইখন পৃথিৱী ভৰাই তুলিছে। এই ভ্ৰষ্ট জগতত থকা স্বত্ত্বেও তেওঁলোকে ঈশ্বৰৰ উচ্চ সিদ্ধান্তবোৰক আনন্দৰে পালন কৰে। সেইবাবে যিহোৱাই তেওঁলোকৰ কাৰ্য্যৰ বাবে একেৰাহে আশীৰ্ব্বাদ দি আছে। ফলস্বৰূপে, আজি তেওঁলোকৰ অন্য মেৰ বৰ্গৰ লাখ-লাখ সঙ্গীয়ে “দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত [ঈশ্বৰৰ] আৰাধনা কৰে।” (প্ৰকাশিত বাক্য ৭:১৫) গতিকে আমি যি “ফলবোৰক” খাবলৈ আৰু আনক খাবলৈ দিয়াৰ বিশেষ অধিকাৰৰ পাইছোঁ, তাৰ প্ৰতি যেন কোনো অৱেহেলা নকৰোঁ!

২২. যিসকলে পোহৰক গ্ৰহণ কৰে তেওঁলোকে কেনেধৰণৰ আশীৰ্ব্বাদসমূহ লাভ কৰিব? (w01 3/1)

২২ যিহেতু গোটেই পৃথিৱীখন আৰু ইয়াৰ সকলো ৰাজ্যৰ লোকসকলে অন্ধকাৰত আছে। এতেকে এই কঠিন সময়তো যিহোৱাই নিজৰ লোকসকলক আধ্যাত্মিক পোহৰৰ যোগান ধৰি আছে। আমি যিহোৱাক তেনে আধ্যাত্মিক পোহৰ প্ৰবন্ধ কৰাৰ বাবে অশেষ ধন্যবাদ দিয়াটো উচিত নহʼব নে? (যিচয়া ৬০:২; ৰোমীয়া ২:১৯; ১৩:১২) যিসকলে এই পোহৰৰ পথক গ্ৰহণ কৰে, তেওঁলোকে হৃদয়েৰে শান্তি আৰু আনন্দ অনুভৱ কৰিছে আৰু ভৱিষ্যতে তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। সেইবাবে পোহৰক প্ৰেম কৰোঁতাসকল অৰ্থাৎ আমি আন্তৰিকতাৰে যিহোৱাৰ স্তুতি কৰোঁ আৰু আমি গীতমালা লিখকৰ দৰে কওঁ: “যিহোৱা মোৰ জীৱন্‌ৰক্ষক কোঁঠ; মই কাৰ নিমিত্তে ত্ৰাসযুক্ত হম? তুমি যিহোৱালৈ অপেক্ষা কৰা সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।”—গীতমালা ২৭:১খ, ১৪.

আপোনৰ মনত আছেনে?

•যিসকলে যিহোৱাৰ লোকসকলক অত্যাচাৰ কৰে তেওঁলোকলৈ কি ঘটিব?

•যিচয়াই কিহৰ বৃদ্ধিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল?

•আমি কোনটো “কোঁঠালিৰ” ভিতৰত থকা উচিত আৰু কিয়?

•বৰ্তমান সময়ত যিহোৱাৰ লোকসকলে যি পৰিস্থিতিত আছে, ইয়াৰ যোগেদি কেনেকৈ যিহোৱাৰ মহিমা হয়?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ বক্স]

এখন নতুন কিতাপ

এই দুয়োখন অধ্যয়নৰ লেখত দিয়া বেছিভাগ সুচনাসমূহ ২০০০/২০০১ চনৰ জিলা সন্মিলনৰ এটা ভাষণত প্ৰস্তুত কৰা হৈছিল। সেই ভাষণৰ শেষত ৪১৬ পৃষ্ঠা থকা এখন নতুন কিতাপ প্ৰকাশ কৰা হৈছিল যাৰ নাম আছিল যিচয়াৰ ভৱিষ্যতবাণী—সকলো মানৱজাতিৰ বাবে দীপ্তিস্পৰূপ, ভাগ ১; এই কিতাপখনত যিচয়াৰ প্ৰথম ৪০ অধ্যায়ৰ এটা-এটাকৈ পদ আলোচনা কৰা হৈছে।

[১৪ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ “দৃঢ় নগৰ” অৰ্থাৎ তেওঁৰ সংগঠনত থাকিবলৈ মাত্ৰ ধাৰ্ম্মিক লোকসকলে অনুমতি পায়

[১৫ পৃষ্ঠাৰ ছবি]

যিচয়াই, “ৰাতিৰ সময়ত” যিহোৱালৈ হাবিয়াহ কৰিছিল

[১৭ পৃষ্ঠাৰ ছবি]

যিহোৱাই নিজ ‘দ্ৰাক্ষা-বাৰীক’ ৰক্ষা কৰে আৰু তাক ফলদায়ক কৰে