Skip to content

Skip to table of contents

যিসকলে পোহৰৰ পথত চলে তেওঁলোকে আনন্দিত হয়

যিসকলে পোহৰৰ পথত চলে তেওঁলোকে আনন্দিত হয়

যিসকলে পোহৰৰ পথত চলে তেওঁলোকে আনন্দিত হয়

“আহাঁ, আমি যিহোৱাৰ দীপ্তিতে চলি যাওহঁক।”যিচয়া ২:৫.

১, ২. (ক)পৃথিৱীত থকা সকলো জীৱৰ বাবে সূৰ্য্যৰ পোহৰ কিমান গুৰুত্বপূৰ্ণ? (খ) গোটেই পৃথিৱীত অন্ধকাৰ হৈ যোৱাৰ বিষয়ে যিচয়াই কেনেধৰণৰ গুৰুত্বপূৰ্ণ সতৰ্কবাণী দিছিল?

 যিহোৱা ঈশ্বৰ হৈছে পোহৰৰ উৎস। বাইবেলে তেওঁৰ বিষয়ে এইদৰে কৈছে: “যি জনাই দিনৰ পোহৰৰ নিমিত্তে সূৰ্য্য, আৰু ৰাতিৰ পোহৰৰ নিমিত্তে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে।” (যিৰিমিয়া ৩১:৩৫; গীতমালা ৮:৩) সঁচাকৈ, যিহোৱাইহে সূৰ্য্যৰ দৰে অগ্নিময় নক্ষত্ৰৰ সৃষ্টি কৰিলে। আমাৰ সূৰ্য্যটো হৈছে এটা প্ৰকাণ্ড পৰমাণবিক শক্তিৰ ভাণ্ডাৰ যাৰ যোগেদি বিশাল মহা-আকাশে ৰশ্মিৰূপে তাপ আৰু শক্তি পায়। আমি থকা পৃথিৱীখনে সূৰ্য্যৰ পৰা একেবাৰে ক্ষুদ্ৰ অংশ হিচাপে শক্তি গ্ৰহণ কৰে আৰু ইয়াৰ যোগেদি সকলো প্ৰাণী জীয়াই থকা সম্ভৱ। সূৰ্য্য নথকা হʼলে পৃথিৱীত কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰিলেহেঁতেন।

এই কথা মনত ৰাখি আমি অনুমান কৰিব পাৰোঁ যে ভৱিষ্যতবক্তা যিচয়াই যি পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰিলে ই কিমান গুৰুত্বপূৰ্ণ আছিল। “চোৱা, আন্ধাৰে পৃথিবীক, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব।” (যিচয়া ৬০:২) নিঃসন্দেহ, ইয়াত যি অন্ধকাৰৰ সম্পৰ্কে উল্লেখ কৰা হৈছে, সেইয়া প্ৰাকৃতিক আন্ধাৰৰ বিষয়ে বুজোৱা নাছিল। যিচয়া ভৱিষ্যতবক্তাই কোৱা কথাষাৰৰ অৰ্থ এইটো নাছিল যে এদিন সূৰ্য্য, চন্দ্ৰ আৰু তৰাবোৰে পোহৰ দিয়াটো বন্ধ হৈ যাব। (গীতমালা ৮৯:৩৬, ৩৭; ১৩৬:৭-৯) তাৰ পৰিৱৰ্ত্তে তেওঁ আধ্যাত্মিক অন্ধকাৰৰ বিষয়ে কৈছিল, যিয়ে আমাৰ জীৱনৰ বাবে বিপদজনক হʼব পাৰে। যিদৰে সূৰ্য্যৰ পোহৰ বহু সময়লৈকে নাপালে আমি জীয়াই থকাটো অসম্ভৱ, সেইদৰে যদি আমি বহু সময়লৈকে আধ্যাত্মিক পোহৰ নাপাওঁ তেনেহʼলে আধ্যাত্মিকতাত জীয়াই থকাটো অসম্ভৱ।—লূক ১:৭৯.

৩. যিচয়াই কোৱা কথাফাঁকিক মনত ৰাখি খ্ৰীষ্টানসকলে কি কৰা আৱশ্যক?

সেইবাবে, আমি যিচয়াৰ এই সতৰ্কবাণীক গম্ভীৰভাৱে লোৱা আৱশ্যক। যদিও এই বাক্যশাৰী প্ৰাচীন যিহূদাৰ সময়ত পূৰ্ণ হৈছিল, কিন্তু আমাৰ দিনতো ইয়াৰ পূৰ্ণতাক বৃহতৰূপে দেখা গৈছে। বাস্তৱতে, বৰ্তমান সময়ত গোটেই জগতখন আধ্যাত্মিক অন্ধকাৰৰ মাজত আছে। এনেধৰণৰ বিপদজনক পৰিস্থিতিত লোকসকলক আধ্যাত্মিক পোহৰৰ অতি আৱশ্যক। এইকাৰণে খ্ৰীষ্টানসকলে যীচুৰ এই উদগণি বাক্যত মনোযোগ দিয়া উচিত: “তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক।” (মথি ৫:১৬) সেয়েহে, বিশ্বাসী খ্ৰীষ্টানসকলে জগতত থকা নম্ৰ লোকসকলৰ আধ্যাত্মিক অন্ধকাৰত পোহৰৰ পথ দেখুৱাই তেওঁলোকক জীৱন লাভ কৰিবলৈ পথ-প্ৰদৰ্শন দি সহায় কৰিব পাৰে।—যোহন ৮:১২.

ইস্ৰায়েলৰ সময়ত অন্ধকাৰ

৪. কেতিয়া যিচয়া ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা হৈছিল, কিন্তু তেওঁৰ সময়ত কেনেধৰণ পৰিস্থিতি আছিল?

গোটেই পৃথিৱীখনক অন্ধকাৰে আৱৰি ৰখাৰ বিষয়ে কৰা যিচয়াৰ ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা যিহূদাৰ সময়ত হৈছিল, যেতিয়া যিহূদা দেশখন জনশূণ্য হৈ পৰিল আৰু তাত থকা লোকসকলক বাবিল দেশলৈ বন্দী কৰি নিয়া হʼল। ইয়াৰ ওপৰিও যিচয়া থকা সময়ছোৱাৰ পূৰ্বেই যিহূদা দেশখন আধ্যাত্মিকৰূপে অন্ধকাৰময় হৈ আছিল। সেইবাবে যিচয়াই যিহূদাত থকা লোকসকলক মিনতি কৰি কৈছিল: “হে যাকোবৰ বংশ, আহাঁ, আমি যিহোৱাৰ দীপ্তিতে চলি যাওহঁক।”—যিচয়া ২:৫; ৫:২০.

৫, ৬. যিচয়াৰ দিনত যিহূদা দেশখন কেনেকৈ আধ্যাত্মিক অন্ধকাৰৰ মাজত আছিল?

“উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ কালত,” যিচয়াই এই ভৱিষ্যতবাণী কৰিছিল। (যিচয়া ১:১) সেই সময়ত দেশৰ চাৰিওফালে উপদ্ৰবেৰে ভৰি আছিল। দেশৰ ৰাজনৈতিক অৱস্থা একেবাৰে বেয়ালৈ ঢাল খাইছিল, উপাসনাত কপটাচৰণ পূৰ্ণ হৈছিল, কোনো স্থানতে ন্যায় পোৱা নগৈছিল আৰু দুখীয়াসকলৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। আনকি যোথমৰ দৰে বিশ্বাসী ৰজাৰ শাসনৰ কালতো পাহাৰৰ টিঙবোৰত বহুতো মিছা দেৱ-দেৱীৰ বেদী স্থাপন কৰা হৈছিল। আনহাতে, দুষ্ট ৰজাসকলৰ শাসন কালত পৰিস্থিতি অধিক বেয়ালৈহে ঢাল খাইছিল। উদাহৰণস্বৰূপে, দুষ্ট ৰজা আহজে মিছা উপাসনা কৰিছিল আৰু তেওঁ মোলক দেৱতাৰ বাবে নিজৰ সন্তানকো বলি দিছিল। বাস্তৱতে সেই দেশখন ঘোৰ অন্ধকাৰত আছিল!—২ ৰাজাৱলি ১৫:৩২-৩৪; ১৬:২-৪.

তদুপৰি চুবুৰীয়া দেশবোৰৰ সৈতে যিহূদা দেশৰ ভাল সম্বন্ধ নাছিল। মোৱাব, ইদোম আৰু পলেষ্টিয়া দেশৰ লোকসকলে যিহূদাৰ সীমাত বিপদৰূপে থিয় হৈ আছিল। ইস্ৰায়েলৰ উত্তৰ দিশত থকা ৰাজ্যসমূহ যদিও যিহূদা ৰাজ্যৰ অংশ আছিল, কিন্তু তথাপিও ইজনে সিজনৰ ঘোৰ শত্ৰু আছিল। যিহূদাৰ উত্তৰ দিশত অৰামীয়াসকলৰ ৰাজ্য আছিল যি যিহূদাৰ বাবে বিপদৰূপে থিয় হৈ আছিল। আনহাতে, নিষ্ঠুৰ অচূৰসকলে প্ৰত্যেক সময়তে নিজকে শক্তিশালী কৰি তুলিবলৈ যিহূদাৰ ওপৰত আক্ৰমণ কৰিবলৈ সুযোগ বিচাৰি ফুৰিছিল। যিচয়া ভৱিষ্যতবক্তাৰ ভৱিষ্যতবাণী সময়ত, সেই অচূৰে গোটেই ইস্ৰায়েল দেশখনক পৰাস্ত কৰি যিহূদা ৰাজ্যক প্ৰায় ধ্বংস কৰি পেলাইছিল। ক্ৰমান্বয়ে ইস্ৰায়েলত এনে এটা পৰিস্থিতি আহি পৰিছিল যে যিৰূচালেম নগৰৰ বাহিৰে যিহূদাৰ সকলোবোৰ নগৰক অচূৰে নিজৰ অধীনত কৰি লৈছিল।—যিচয়া ১:৭, ৮; ৩৬:১.

৭. ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলে কেনে পথ বাছি লৈছিল আৰু সেইবাবে যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱালে?

ইস্ৰায়েল আৰু যিহূদাৰ লোকসকলে যদিও ঈশ্বৰে বাছি লোৱা জাতি আছিল, কিন্তু যিহোৱাক বিশ্বাসঘাটক কৰাৰ বাবে তেওঁলোকে ধ্বংসৰ পাত্ৰ হৈছিল। হিতোপদেশ নামৰ কিতাপত কোৱাৰ অনুসৰি তেওঁলোকে “আন্ধাৰৰ পথত চলিবৰ নিমিত্তে সৰল পথ ত্যাগ” কৰিলে। (হিতোপদেশ ২:১২) গতিকে যিহোৱাই তেওঁলোকৰ ওপৰত ক্ৰোধীত হʼল, কিন্তু তথাপিও তেওঁ তেওঁলোকক সম্পূৰ্ণৰূপে ত্যাগ কৰা নাছিল। সেইবাবে ঈশ্বৰে যিচয়া আৰু আন-আন ভৱিষ্যতবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠাইছিল যাতে যিসকলে বিশ্বাসেৰে যিহোৱাক সেৱা কৰিবলৈ বিচাৰিছিল, তেওঁলোকে যাতে আধ্যাত্মিক পোহৰ লাভ কৰিব পাৰে। এই ভৱিষ্যতবক্তাসকলৰ পৰা পোৱা আধ্যাত্মিক পোহৰ সঁচাকৈ বহুমূলীয়া আছিল। কিয়নো এই পোহৰে লোকসকলৰ জীৱন ৰক্ষা কৰাৰ শক্তি আছিল।

বৰ্তমান সময়ৰ অন্ধকাৰ

৮, ৯. কি কাৰণসমূহৰ বাবে বৰ্তমান সময়ৰ জগতখনক ঘোৰ অন্ধকাৰে বেৰি ধৰিছে?

বৰ্তমান সময়ৰ পৰিস্থিতিও যিচয়াৰ দিনৰ দৰে। আজিৰ সময়ৰ শাসনকৰ্ত্তাসকলেও যিহোৱা আৰু তেওঁৰ ৰাজ্যৰ অভিষিক্ত ৰজা, যীচু খ্ৰীষ্টক অস্বীকাৰ কৰিলে। (গীতমালা ২:২, ৩) খ্ৰীষ্টীয়জগতৰ পাদুৰীবৰ্গই নিজৰ গীৰ্জাৰ লোকসকলক প্ৰতাৰণা কৰিছে। এই ধৰ্ম্মগুৰুসকলে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি দাবী কৰে কিন্তু প্ৰকৃততে তেওঁলোকে ভুল শিক্ষা প্ৰদান কৰে আৰু এই জগতৰ মিছা দেৱতাবোৰ অৰ্থাৎ দেশভক্তি, সৈনিক সেৱাৰ প্ৰতি আগ্ৰহী, ধন-সম্পত্তিৰ প্ৰতি অধিক আগ্ৰহী আৰু প্ৰসিদ্ধ লোকসকলক সন্মান কৰিবলৈ শিকায়।

ইয়াৰ ওপৰিও, খ্ৰীষ্টীয়জগতৰ লোকসকলে ঠায়ে-ঠায়ে হোৱা যুদ্ধবোৰত, জাতি ভেদৰ বাবে লোকসকলক হত্যা, অত্যাচাৰ আৰু বিভিন্ন স্থানত ভয়ানক আতঙ্ক সৃষ্টি কৰাত ভাগ লয়। তদুপৰি, তেওঁলোকে বাইবেলত দিয়া নৈতিক স্তৰবোৰক পালন কৰাৰ পৰিৱৰ্ত্তে ব্যভিচাৰ আৰু সলিংগ-সংগমীৰতি দৰে অনৈতিকতা কাৰ্য্যবোৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰে। পৰিণামস্বৰূপে, খ্ৰীষ্টীয়জগতৰ লোকসকলে বাইবেলৰ সিদ্ধান্তবোৰক পালন কৰিবলৈ অস্বীকাৰ কৰাৰ নিমিত্তে তেওঁলোকৰ পৰিস্থিতি সেইদৰে হʼল যাৰ বিষয়ে গীতমালাৰ লিখকে এইদৰে উল্লেখ কৰি কৈছিল: “সিহঁতে নাজানেও নুবুজেও, অন্ধকাৰত ফুৰে; পৃথিবীৰ আটাই মূল লৰচৰ হৈছে।” (গীতমালা ৮২:৫) সঁচাকৈ, প্ৰাচীন যিহূদাৰ দৰে খ্ৰীষ্টীয়জগতৰ লোকসকলেও ঘোৰ অন্ধকাৰৰ মাজত আছে।—প্ৰকাশিত বাক্য ৮:১২.

১০. বৰ্তমান অন্ধকাৰ জগতখনত পোহৰ কেনেকৈ জিলিকি উঠিছে আৰু ইয়াৰ দ্বাৰা নম্ৰলোকসকলে কেনেকৈ লাভবান হৈছে?

১০ কিন্তু এনেধৰণৰ ঘোৰ অন্ধকাৰৰ সময়তো যিহোৱাই নম্ৰ লোকসকলৰ বাবে পোহৰৰ পথ মুকলি কৰিছে। সেইবাবে তেওঁ পৃথিৱীত থকা নিজৰ অভিষিক্ত সেৱক অৰ্থাৎ “বিশ্বাসী বুদ্ধিমান দাসক” ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে “জগতত দীপ্তিস্বৰূপ প্ৰকাশ” হিচাপে কাৰ্য্য কৰিছে। (মথি ২৪:৪৫; ফিলিপীয়া ২:১৪) এই দাসবৰ্গৰ সৈতে “অন্য মেৰৰ” লাখ-লাখ লোকে ঈশ্বৰৰ বাক্য, বাইবেল আধাৰিত আধ্যাত্মিক পোহৰক সমূদায় পৃথিৱীত বিলাইছে। (যোহন ১০:১৬) বৰ্তমান সময়ৰ অন্ধকাৰময় জগতত এই পোহৰৰ যোগেদি নম্ৰ লোকসকলে আশাৰ পোহৰ পাইছে, তেওঁলোকে ঈশ্বৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিব পাৰিছে। ইয়াৰ ওপৰিও এই পোহৰে তেওঁলোকক চয়তানৰ ফান্দবোৰৰ পৰা আঁতৰি থকাত আধ্যাত্মিকৰূপে সহায় কৰিছে। এই পোহৰ বহুমূলীয়া কিয়নো ইয়ে লোকসকলক জীৱন দান কৰে।

‘মই তোমাৰ নামৰ প্ৰশংসা কৰিম’

১১. যিচয়াৰ দিনত যিহোৱাই কেনেদৰে পথ-প্ৰদৰ্শন দিছিল?

১১ ভৱিষ্যতবক্তা যিচয়াৰ সময়ছোৱাৰ অন্ধকাৰৰ দিন আৰু তাৰ পাছত যেতিয়া যিহোৱাই বাবিলৰ সৈন্যৰ দ্বাৰাই ইস্ৰায়েল জাতিক বন্দী কৰি নিয়া অৰ্থাৎ অধিক ঘোৰ অন্ধকাৰৰ সময়ত যিহোৱাই তেওঁলোকক কেনেকৈ পথ-প্ৰদৰ্শন দিছিল? যিহোৱাই তেওঁলোকক নৈতিক পথ-প্ৰদৰ্শন দিয়ে আৰু তদুপৰি তেওঁ বহু সময়ৰ পূৰ্বেই স্পষ্টকৈ কৈছিল যে নিজ জাতিৰ সম্বন্ধে থকা তেওঁৰ উদ্দেশ্যবোৰক কেনেদৰে পূৰ্ণ কৰিব। উদাহৰণস্বৰূপে, যিচয়া ২৫-২৭ অধ্যায়ত উল্লেখ কৰা ভৱিষ্যতবাণীৰ সম্পৰ্কে বিবেচনা কৰক। সেই অধ্যায়সমূহত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পৰা আমি জানিব পাৰোঁ যে যিহোৱাই যিচয়াৰ দিনত কেনেদৰে কাৰ্য্য কৰিছিল আৰু বৰ্তমান সময়ত কেনেদৰে কাৰ্য্য সম্পন্ন কৰিছে।

১২. যিচয়াই আন্তৰিকতাৰে কেনেদৰে যিহোৱাৰ স্তুতি কৰিছিল?

১২ যিচয়া ২৫ অধ্যায়ৰ প্ৰথমভাগত এইদৰে কৈছে: “হে যিহোৱা তুমি মোৰ ঈশ্বৰ; মই তোমাক উন্নত কৰিম, তোমাৰ নামৰ প্ৰশংসা কৰিম।” সঁচাকৈ, যিচয়াই আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল! কিন্তু কিহে তেওঁক এইদৰে প্ৰাৰ্থনা কৰিবলৈ প্ৰেৰিত কৰিছিল? সেই অধ্যায়ৰ দ্বিতীয় ভাগত এইদৰে উল্লেখ কৰিছে: “কিয়নো তুমি আচৰিত কৰ্ম্ম কৰিলা, আগৰ কালৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলা।”—যিচয়া ২৫:১.

১৩. (ক)যিহোৱাৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰিবলৈ কেনেধৰণৰ জ্ঞানে যিচয়াক প্ৰেৰিত কৰিলে? (খ) যিচয়াৰ এই উত্তম আৰ্হিৰ পৰা আমি কি শিকিব পাৰোঁ?

১৩ যিহোৱাই ইস্ৰায়েলসকলৰ বাবে কৰা অনেক আচৰিত কাৰ্য্য আৰু সেই সকলোবোৰ ঘটনাৰ সম্পৰ্কে লিপিবদ্ধ কৰাই থলে। এই আচৰিত কাৰ্য্যৰ বিষয়ে যিচয়াই অৱশ্যেই অধ্যয়ন কৰিছিল। উদাহৰণস্বৰূপে, অধ্যয়নৰ দ্বাৰাই তেওঁ জানিব পাৰিছিল যে ইস্ৰায়েলক মিছৰ দেশৰ দাসত্বৰ পৰা মুক্তি দিবলৈ আৰু তেওঁলোকক চূফ সাগৰৰ দাঁতিত ফৰৌণৰ সৈন্যৰ পৰা ৰক্ষা কৰিবলৈ যিহোৱাই কিদৰে কাৰ্য্য কৰিলে। তদুপৰি তেওঁ জানিছিল যে ইস্ৰায়েলসকলে অৰণ্যৰ মাজেদি যাত্ৰা কৰাৰ সময়ত যিহোৱা তেওঁলোকৰ সৈতে আছিল আৰু প্ৰতিজ্ঞাত দেশত যাবলৈ সহায় কৰিছিল। (গীতমালা ১৩৬:১, ১০-২৬) এনে ঐতিহাসিক ঘটনাবোৰৰ পৰা স্পষ্টকৈ জানিব পৰা গʼল যে যিহোৱা এজন বিশ্বাসী আৰু ভৰসাযোগ্য ঈশ্বৰ। তেওঁৰ “পৰিকল্পনাবোৰ” অৰ্থাৎ তেওঁ যি কৰিবলৈ নিশ্চিত কৰে তাক তেওঁ নিশ্চয় সম্পন্ন কৰে। যিচয়া ভৱিষ্যতবক্তাই ঈশ্বৰৰ লিখিত বাক্যৰ সঠিক জ্ঞান লোৱাৰ বাবে পোহৰৰ পথত চলি থকা নিৰ্ণয়ত অধিক দৃঢ় হʼব পাৰিছিল। গতিকে যিচয়াই ৰখা আৰ্হি আমাৰ বাবে কিমান যে উত্তম! যদি মনোযোগ দি ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰি তাৰ পৰামৰ্শসমূহৰ অনুসাৰে জীৱন-যাপন কৰোঁ, তেনেহʼলে আমিও সকলো সময়তে সেই পোহৰৰ পথত চলি থাকিব পাৰিম।—গীতমালা ১১৯:১০৫; ২ কৰিন্থীয়া ৪:৬.

এখন নগৰৰ বিনাশ হʼল

১৪. এখন নগৰৰ বিষয়ে যিচয়া ভৱিষ্যতবাণীত কেনেধৰণৰ বৰ্ণনা কৰা হৈছিল আৰু সেই নগৰখনৰ নাম কি আছিল?

১৪ ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি যিচয়া ২৫:২ পদত এইদৰে কৈছে: “তুমি নগৰখনক ভগ্নৰাশি, গড়েৰে আবৃত নগৰক ভগ্নাৱশেষ কৰিলা, বিদেশীবিলাকৰ ৰাজপুৰী পুৰী নোহোৱা কৰিলা, তাক কেতিয়াও সজোৱা নহব।” ইয়াত যিচয়াই কোনখন নগৰৰ বিষয়ে বৰ্ণনা কৰিছিল? তেওঁ হয়তো বাবিলৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। সঁচাকৈ, এসময়ত সুন্দৰ বাবিল নগৰখন ভগ্নাৱশেষ অৱস্থাত পৰিণত হʼল।

১৫. বৰ্তমান সময়ৰ কোনখন “মহা-নগৰ” অস্তিত্বত আছে, আৰু অতি সোনকালে ইয়াৰ কেনে দশা হʼব?

১৫ যিচয়া ভৱিষ্যতবাণীত উল্লেখ কৰা সেই নগৰখনৰ দৰে, বৰ্তমান সময়ত তেনেধৰণৰ কোনো চহৰ আছেনে? অৱশ্যেই আছে। বাইবেলৰ প্ৰকাশিত বাক্য নামৰ কিতাপখনত এই নগৰখনক “মহা-নগৰ” বুলি কোৱা হৈছে, যিয়ে “পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব” কৰে। (প্ৰকাশিত বাক্য ১৭:১৮) সেই মহা-নগৰখন হৈছে জগতত বিয়পি থকা মিছা ধৰ্ম্মৰ সম্ৰাজ্য অৰ্থাৎ “মহা-বাবিল।” (প্ৰকাশিত বাক্য ১৭:৫) আজিৰ সময়ত, মহা-বাবিলৰ সকলোতকৈ প্ৰধান ভাগ হৈছে খ্ৰীষ্টীয়জগত। ইয়াৰ ধৰ্ম্মগুৰুসকলে যিহোৱাৰ লোকসকলে কৰা ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰৰ কাৰ্য্যক বাধা দিবলৈ মূখ্য ভূমিকা গ্ৰহণ কৰে। (মথি ২৪:১৪) কিন্তু, অতি সোনকালে প্ৰাচীনকালৰ বাবিলৰ দৰে এই মহা-বাবিলৰো একেই অৱস্থা হʼব। ইয়াক এনেকৈ ধ্বংস কৰা হʼব যে ইয়াৰ কোনো অস্তিত্ব নাথাকিব।

১৬, ১৭. প্ৰাচীন সময়ত আৰু আমাৰ দিনতো যিহোৱাৰ শত্ৰুসকলে কিদৰে তেওঁৰ মহিমা কৰিছে?

১৬ যিচয়াই “গড়েৰে আবৃত নগৰখনৰ” বিষয়ে আৰু কি ভৱিষ্যতবাণী কৰিছে? যিহোৱাক সম্বোধন কৰি যিচয়াই এইদৰে কৈছিল: “বলৱন্ত লোকবিলাকে তোমাক গৌৰৱান্বিত কৰিব, ভয়ঙ্কৰ জাতিবিলাকৰ নগৰে তোমাক ভয় কৰিব।” (যিচয়া ২৫:৩) ‘ভয়ঙ্কৰ জাতিবিলাকৰ এই নগৰ’ অৰ্থাৎ শত্ৰুবোৰৰ নগৰে, কেনেকৈ যিহোৱাৰ মহিমা কৰিব? বিবেচনা কৰক যে বাবিলৰ সকলোতকৈ শক্তিশালী ৰজা নবূখদ্‌নেচৰলৈ কি ঘটিছিল। তেওঁৰ ওপৰত যি ঘটিল ইয়াৰ দ্বাৰাই জানিব পাৰিলে যে তেওঁ এজন শক্তিহীন মানৱ আৰু স্বীকাৰ কৰিলে যে যিহোৱাই হৈছে সকলোতকৈ মহান আৰু সৰ্ব্বশক্তিমান ঈশ্বৰ। (দানিয়েল ৪:৩৪, ৩৫) যেতিয়া ঈশ্বৰে নিজ পৰাক্ৰমৰ পৰিচয় দিয়ে, তেওঁৰ শত্ৰুবোৰ অনিচ্ছুক হোৱাৰ স্বত্ত্বেও স্বীকাৰ কৰিবলৈ বাধ্য হয় যে একমাত্ৰ যিহোৱা আৰু তেওঁৰ কাৰ্য্যবোৰ হৈছে অধিক শক্তিশালী।

১৭ কেতিয়াবা মহা-বাবিলেও যিহোৱাই কৰা কাৰ্য্যবোৰক শক্তিশালী বুলি চিনিব পাৰিছিল নে? নিশ্চয় চিনিব পাৰিছিল। উদাহৰণস্বৰূপে, প্ৰথম বিশ্বযুদ্ধৰ সময়ত যিহোৱাৰ অভিষিক্ত সেৱকসকলৰ প্ৰচাৰ কাৰ্য্যক বিৰোধ কৰা হয়। তদুপৰি ১৯১৮ চনত তেওঁলোকক আধ্যাত্মিকৰূপে বন্দী কৰি নিয়া অৰ্থাৎ সেই বছৰত ৱাচ্‌টাৱাৰ চোচাইটিৰ মূখ্য অধিকাৰীসকলক জেইলত যাবলগীয়া হয়। সেই সময়ত সংগঠিতৰূপে প্ৰচাৰ কাৰ্য্য প্ৰায়ে বন্ধ হৈ পৰিছিল। কিন্তু, ১৯১৯ চনত যিহোৱাই নিজৰ সেৱকসকলক আধ্যাত্মিক দাসত্বৰ পৰা মুকলি কৰে আৰু নিজৰ পবিত্ৰ আত্মাৰে তেওঁলোকক পুনৰ বলৱন্ত কৰি তুলে। তেতিয়াৰ পৰাই তেওঁলোকে গোটেই পৃথিৱীত শুভবাৰ্ত্তা প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিল। (মাৰ্ক ১৩:১০) এই সকলোবোৰ ঘটনাৰ সম্পৰ্কে প্ৰকাশিত বাক্যত আগৰ পৰাই ভৱিষ্যতবাণী কৰা হৈছিল। তদুপৰি ইয়াত এইটোও কোৱা হৈছিল যে যিহোৱাৰ শত্ৰুবোৰৰ পৰিণাম কি হʼব। তেওঁলোকে যিহোৱাৰ এই শক্তিশালী কাৰ্য্যবোৰক দেখি “ভয় পাই, স্বৰ্গৰ ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিলে।” (প্ৰকাশিত বাক্য ১১:৩, ৭, ১১-১৩) ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে নিজৰ ধৰ্ম্ম সলনি কৰি যিহোৱাৰ উপাসনা কৰিব ধৰিলে। কিন্তু তেওঁলোকে যিচয়াই ভৱিষ্যতবাণী কৰাৰ দৰে স্বীকাৰ কৰিব পাৰিলে যে এই শক্তিশালী কাৰ্য্যবোৰ আন কোনো নহয়, কেৱল যিহোৱা ঈশ্বৰেহে কৰিব পাৰে।

“দুখীয়ালৈ দুৰ্গস্বৰূপ”

১৮, ১৯. (ক)ভয়ানকবিলাকে যিহোৱাৰ লোকসকলৰ নিষ্ঠা ভঙাত কিয় বিফল হল? (খ) “ভয়ানকবিলাকৰ গান” কেনেকৈ বন্ধ কৰা হʼব?

১৮ এতিয়া যিচয়াৰ ভৱিষ্যতবাণীয়ে এনে এক বিষয়ত আমাৰ ধ্যান কেন্দ্ৰিত কৰিছে যে কিদৰে যিহোৱাই পোহৰৰ পথত চলোঁতাসকলক দয়া কৰে। যিচয়াই যিহোৱাৰ বিষয়ে এইদৰে কৈছিল: “ভয়ানকবিলাকৰ প্ৰশ্বাস দেৱালত লগা ধুমুহাৰ নিচিনা হোৱা সময়ত, তুমি দুখীয়ালৈ দুৰ্গস্বৰূপ, দুৰৱস্থাত পৰা দৰিদ্ৰলৈ দুৰ্গ, ধুমুহাৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয়, সূৰ্য্যৰ তাপ নাপাবলৈ ছাঁস্বৰূপ হৈছিলা। যেনেকৈ খৰাং দেশত ৰʼদক, তেনেকৈ তুমি বিদেশীবিলাকৰ কোলাহল থমাবা; যেনেকৈ মেঘৰ ছাঁৰে ৰʼদক নিবাৰণ কৰা হয়, তেনেকৈ ভয়ানকবিলাকৰ গান স্থগিত কৰা হব।”—যিচয়া ২৫:৪, ৫.

১৯ ভয়ানকবিলাকে ১৯১৯ চনত সত্য উপাসকসকলৰ নিষ্ঠা ভাঙিবলৈ সকলো প্ৰকাৰে চেষ্ঠা কৰিলে, কিন্তু তেওঁলোকে সফল হʼব নোৱাৰিল। কিয় নোৱাৰিল? কিয়নো যিহোৱাই হৈছে নিজৰ লোকসকলৰ বাবে গঢ়স্বৰূপ আৰু ৰক্ষাস্থান। যেতিয়া আমাৰ ওপৰত শত্ৰুসকলৰ অত্যাচাৰ বৃদ্ধি হয়, তেতিয়া যিহোৱাই আমাক শীতল ছাঁৰ দৰে সহায় কৰে আৰু বিৰোধীতাৰ ধুমুহাৰ সন্মূখত তেওঁ নিজেই এক শক্তিশালী দেৱালৰ দৰে থিয় দিয়ে। ঈশ্বৰৰ পোহৰৰ পথত চলোঁতাসকল হিচাপে আমি এইটো দৃঢ় বিশ্বাস কৰোঁ যে সেই দিন নিশ্চয় আহিব যেতিয়া “ভয়ানকবিলাকৰ গান স্থগিত কৰা হʼব। বাস্তৱতে, আমি সেই দিনৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছোঁ যেতিয়া যিহোৱাই তেওঁৰ শত্ৰুসকলক এই পৃথিৱীৰ পৰা উচ্ছন্ন কৰিব।

২০, ২১. যিহোৱাই নিজৰ লোকৰ বাবে কেনেধৰণৰ ভোজৰ আয়োজন কৰিছে আৰু নতুন জগতত এই ভোজত কি কি সন্মিলিত কৰা হʼব?

২০ যিহোৱাই নিজ সেৱকসকলক ৰক্ষা কৰাৰ ওপৰিও তেওঁলোকৰ বাবে বহু কিছু কৰিছে। তেওঁ এজন মৰমীয়াল পিতৃৰ দৰে প্ৰেমেৰে তেওঁলোকৰ সকলো আৱশ্যকতাক পূৰ্ণ কৰে। ১৯১৯ চনত নিজ লোকসকলক মহা বাবিলৰ পৰা মুকলি কৰাৰ পাছত যিহোৱাই তেওঁলোকৰ বিজয়ৰ বাবে এক বৃহৎ ভোজৰ আয়োজন অৰ্থাৎ তেওঁলোকৰ বাবে প্ৰচুৰ পৰিমাণে আধ্যাত্মিক আহাৰৰ প্ৰৱন্ধ কৰিলে। এই সন্দৰ্ভত যিচয়া ২৫:৬ পদত এইদৰে ভৱিষ্যতবাণী কৰিছিল: “বাহিনীবিলাকৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ নিমিত্তে উত্তম উত্তম খোৱা দ্ৰব্যেৰে এক ভোজ, পুৰণি দ্ৰাক্ষাৰসেৰে, এনে কি, অতি তেলীয়া উত্তম উত্তম খোৱা বস্তুৰে, আৰু নিৰ্ম্মল কৰা পুৰণি দ্ৰাক্ষাৰসেৰে এক ভোজ যুগুত কৰিব।” এইটো কিমান যে এক মহান আশীৰ্ব্বাদ! যাৰ যোগদি আজি আমি সেই ভোজৰ আনন্দ লাভ কৰিব পাৰিছোঁ। (মথি ৪:৪) সঁচাকৈ ‘যিহোৱাৰ মেজত’ সকলোতকৈ উত্তম আহাৰেৰে পৰিপূৰ্ণ হৈ আছে। (১ কৰিন্থীয়া ১০:২১) “বিশ্বাসী বুদ্ধিমান দাসৰ” যোগেদি তেওঁ আমাৰ বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক আৱশ্যকতাসমূহক পূৰণ কৰিছে।

২১ ঈশ্বৰে যুগুত কৰা এই ভোজত আৰু বহু প্ৰকাৰৰ আহাৰ পাবলৈ বাকী আছে। আজি আমি যি আধ্যাত্মিক ভোজৰ আনন্দ লাভ কৰিছোঁ, ই আমাক ঈশ্বৰে প্ৰতিজ্ঞা কৰা নতুন জগতৰ বিষয়ে মনত পেলাই দিয়ে, যʼত শাৰিৰীক আহাৰৰ কোনো হ্ৰাস নহʼব। সেই সময়ত, ‘ভোজত অতি তেলীয়া উত্তম উত্তম খোৱা বস্তুৰে’ পূৰ্ণ হʼব, আনকি তাত শাৰিৰীক আহাৰৰো প্ৰৱন্ধ কৰা হʼব। সেই সময়ত শাৰিৰীক বা আধ্যাত্মিকৰূপে কোনেও ভুকাতুৰ নহʼব। আমাৰ সেই প্ৰিয় বিশ্বাসী ভাই-ভনীসকলে কিমান যে উপশম পাব, যিসকলে আজি “আকালৰ” বাবে কষ্টত ভুগিবলগীয়া হৈছে, যিটো হৈছে যীচুৰ উপস্থিতিৰ “চিনৰ” এটা ভাগ! (মথি ২৪:৩, ৭) বৰ্তমান সময়ত, তেওঁলোকে গীতমালা লেখকৰ এই বাক্যৰ পৰা নিশ্চয় সান্ত্বনা লাভ কৰিব পাৰিছে। তেওঁ কৈছিল: “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব।”—গীতমালা ৭২:১৬.

২২, ২৩. (ক)কেনেধৰণৰ “ওৰণি” বা “পৰ্দাক” আঁতৰাই পেলোৱা হʼব আৰু কেনেকৈ? (খ) ‘যিহোৱাৰ প্ৰজাৰ নিন্দা কৰোঁতাসকলক’ কেনেকৈ আঁতৰোৱা হʼব?

২২ এতিয়া আপুনি এনে এক প্ৰতিজ্ঞাৰ বিষয়ে মনোযোগ দিয়ক যিটো ইয়াতকৈ অধিক উত্তম। ইয়াত যিচয়া ভৱিষ্যতবক্তাই পাপ আৰু মৃত্যুৰ তুলনা “ওৰণি” বা “পৰ্দাৰ” সৈতে কৰি এইদৰে কৈছে: “যি ওৰণিৰে সকলো লোকবিলাকৰ মুখ ঢকা হৈছে, আৰু যি আবৰণ সকলো জাতিবিলাকৰ ওপৰত বিস্তাৰিত হৈছে, যিহোৱাই এই পৰ্ব্বতত তাক নষ্ট কৰিব।” (যিচয়া ২৫:৭) ক্ষন্তেক চিন্তা কৰক! পাপ আৰু মৃত্যু এখন গধুৰ কম্বলৰ দৰে আৰু ইয়াৰ তলত থকা মানৱজাতিৰ প্ৰাণবায়ু ওলাই যোৱা যেন হৈছে, কিন্তু নতুন জগতত এই কম্বলখনক চিৰকালৰ বাবে আঁতৰোৱা হʼব। আমি সেই দিনটোক চাবলৈ কিমান যে আশা কৰোঁ, যেতিয়া সকলোবোৰ আজ্ঞাকাৰী নিষ্ঠাবান লোকে যীচুৰ মুক্তিপণ বলিদানৰ লাভসমূহক সম্পূৰ্ণৰূপে প্ৰাপ্ত কৰিব!—প্ৰকাশিত বাক্য ২১:৩, ৪.

২৩ সেই আচৰিত সময়ৰ বিষয়ে উল্লেখ কৰি যিচয়াই আমাক এইদৰে ভৰসা দিছে: “[ঈশ্বৰে] চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব, আৰু গোটেই পৃথিবীৰ পৰা নিজ প্ৰজাবিলাকৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা কলে।” (যিচয়া ২৫:৮) সেই সময়ত কোনো এজনৰো মৃত্যু নহʼব আৰু কোনেও মৃত্যুৰ বাবে নিজৰ আপোনজনক হেৰুৱাবলগীয়া নহʼব। ই কিমান যে মহান আশীৰ্ব্বাদ হʼব! তদুপৰি, পৃথিৱীত হাজাৰ বছৰৰ পৰা ঈশ্বৰ আৰু তেওঁৰ সেৱসকলক কৰা নিন্দা আৰু শুনা নাযাব, আনকি মিছা অভিযোগো দিয়া নহʼব। কিয় যিহোৱাৰ সেৱকসকলৰ ওপৰত তেনে পৰিস্থিতি পুনৰ নাহিব? কিয়নো মিছা ধৰ্ম্মৰ উপাসক আৰু এই জগতৰ ঈশ্বৰ অৰ্থাৎ মিছলীয়াৰ পিতৃ দিয়াবল চয়তানক যিহোৱাই বিনষ্ট কৰিব। চয়তানৰ কোনো বংশই আৰু অস্তিত্বত নাথাকিব।—যোহন ৮:৪৪.

২৪. পোহৰৰ পথত চলোঁতাসকলে যেতিয়া যিহোৱাৰ শক্তিশালী কাৰ্য্যবোৰক বিবেচনা কৰে সেই সময়ত তেওঁলোকৰ ওপৰত কেনে প্ৰভাৱ হয়? (w01 3/1)

২৪ পোহৰৰ পথত চলোঁতাসকলে যেতিয়া যিহোৱাৰ এই শক্তিশালী কাৰ্য্যবোৰক বিবেচনা কৰে সেই সময়ত তেওঁলোকৰ হৃদয় আনন্দত প্ৰফুল্লিত হয়। সেয়েহে তেওঁলোকে আচৰিত হৈ এইদৰে কয়: “চোৱা, এৱেঁই আমাৰ ঈশ্বৰ, আমি এওঁলৈকে বাট চাইছিলোঁ, এৱেঁই আমাক পৰিত্ৰাণ দিব; এৱেঁই যিহোৱা; আমি এওঁলৈকে বাট চাইছিলোঁ; আহাঁ, আমি এওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰোঁ।” (যিচয়া ২৫:৯) অতি সোনকালে ধাৰ্ম্মিক লোকসকলে সকলো প্ৰকাৰৰ আশীৰ্ব্বাদ লাভ কৰি আনন্দিত হʼব। কোনো স্থানতে আধ্যাত্মিক অন্ধকাৰ নহʼব আৰু নিষ্ঠাবান লোকসকলে যিহোৱাৰ পোহৰত সদায়ে জিলিকি থাকিব। গতিকে ইয়াতকৈ কোনো উত্তম আশা আৰু থাকিব পাৰেনে? নিশ্চয়ে হʼব নোৱাৰে!

আপুনি বৰ্ণনা কৰিব পাৰেনে?

•বৰ্তমান সময়ত পোহৰৰ পথত চলাতো কিয় অতি আৱশ্যক?

•যিচয়া ভৱিষ্যতবক্তাই কিয় যিহোৱাৰ নামক স্তুতি কৰিলে?

•বিৰোধীসকলে ঈশ্বৰৰ সেৱকসকলৰ নিষ্ঠা ভঙাত কিয় বিফল হʼব?

•যিহোৱাৰ পোহৰৰ পথত চলোঁতাসকলে কি উত্তম আশীৰ্ব্বাদ লাভ কৰিব?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

যিহূদাৰ লোকসকলে মোলক দেৱতালৈ নিজ সন্তানবিলাকক বলি দিছিল

[১১ পৃষ্ঠাৰ ছবি]

যিহোৱাৰ শক্তিশালী কাৰ্য্যবোৰৰ বিষয়ে জ্ঞান থকাৰ বাবে যিচয়াই ঈশ্বৰক ধন্যবাদ দিবলৈ প্ৰেৰিত হʼল

[১২ পৃষ্ঠাৰ ছবি]

ধাৰ্ম্মিক লোকসকলে যিহোৱাৰ পোহৰত সদায়ে জিলিকি থাকিব