Skip to content

Skip to table of contents

আচৰিত কৰ্ম্ম কৰোঁতাজনৰ প্ৰতি মনোযোগ দিয়ক!

আচৰিত কৰ্ম্ম কৰোঁতাজনৰ প্ৰতি মনোযোগ দিয়ক!

আচৰিত কৰ্ম্ম কৰোঁতাজনৰ প্ৰতি মনোযোগ দিয়ক!

“থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম্ম বিবেচনা কৰা।”ইয়োব ৩৭:১৪.

১, ২. কেনে আশ্চৰ্য্যজনক বস্তুৰ আবিষ্কাৰ ১৯২২ চনত কৰা হয় আৰু ইয়াৰ পৰিণাম কি আছিল?

 লৰ্ড কাৰনাৰ্ভেন নামৰ এজন ইংৰাজ আৰু হাউৱাৰ্ড নামৰ পুৰাতত্ত্ববিদে বহু বছৰ ধৰি মূল্যবান সম্পদ বিচাৰি আছিল। অৱশেষত, তেওঁলোকে ১৯২২ চনৰ নবেম্বৰ মাহৰ ২৬ তাৰিখে বিখ্যাত ইজীপ্ত ৰজাবিলাকৰ সমাধিস্থলত সফলতা লাভ কৰে। তেওঁলোকে ফৰৌণ ৰজা টুটানখামেনৰ সমাধিস্থলত খনন কৰোঁতে এখন বন্ধ দুৱাৰ দেখা পায়। তেওঁলোকে সেই দুৱাৰখনত এটা ফুটা কৰে আৰু কাৰ্টাৰে ভিতৰত কি আছে তাক চাবলৈ এডাল মমবাতি জ্বলাই পোহৰ কৰি তোলে।

পাছলৈ কাৰ্টাৰে এইদৰে কৈছিল: “যেতিয়া লৰ্ড কাৰনাৰ্ভেনে অধৈৰ্য্য হৈ ব্যাকুলতাৰে সোধে, ‘আপুনি কিবা দেখা পাইছেনে?’ তেতিয়া মই কোনোমতে উত্তৰ দি কওঁ যে ‘হয়, মই এটা আচৰিত বস্তু দেখিবলৈ পাইছোঁ।’” তেওঁলোকে সেই সমাধিস্থলত আন বহুতো মূল্যবান সম্পদৰ সৈতে এটা সোণৰ কফিনো দেখিবলৈ পায়। আপুনি হয়তো ছবি বা যাদুঘৰত প্ৰদৰ্শন কৰা সেই ‘আচৰতি বস্তুসমূহ’ দেখিছে। যাদুঘৰত থকা সেই বস্তুবোৰৰ সৈতে যদিও আপোনাৰ জীৱন কোনো সম্বন্ধ নাই, আঁহক আমি আচৰিত বস্তুসমূহৰ সৈতে আমাৰ জীৱন কেনেকৈ সম্বন্ধ আছে তাক বিবেচনা কৰোঁহঁক।

৩,আমি লাভদায়ক হোৱা সেই আচৰিত বস্তুসমূহ কি আৰু কʼত সেইবিলাকৰ বিষয়ে সংবাদ পোৱা যাব?

উদাহৰণস্বৰূপে বহু শতাব্দীৰ পূৰ্বেই জীয়াই থকা এনে এজন ব্যক্তিৰ কথা বিবেচনা কৰক যিজন কোনো বোলছবিৰ নায়ক বা খেলুৱা অথবা ৰজাঘৰীয়া ব্যক্তিতকৈও প্ৰসিদ্ধ আছিল। তেওঁক পৃথিৱীত থকা সকলোতকৈ মহান ব্যক্তি বুলি কোৱা হৈছিল। আপুনি তেওঁক চিনি পায়নে? বাইবেলত তেওঁৰ নাম বহুবাৰ উল্লেখ কৰা হৈছে, তেওঁৰ নাম হৈছে ইয়োব। বাইবেলে কৈছে যে সেই সময়ত বাস কৰা ইলীহূ নামৰ আন এজন ডেকা ব্যক্তিয়ে ইয়োবক নিজৰ সম্পৰ্কে থকা ভুলধাৰণা সংশোধন কৰিবলৈ সহায় কৰিছিল। কিয়নো ইয়োবে নিজকে আনতকৈ ধাৰ্ম্মিক বুলি ভাবিছিল। এই সন্দৰ্ভত ইয়োব ৩৭ অধ্যায়ত আন বহুতো কাৰ্য্যকাৰী পৰামৰ্শ আগবঢ়োৱা হৈছে, যিটো আমাৰ সকলোৰে বাবেও ব্যৱহাৰিক।—ইয়োব ১:১-৩; ৩২:১-৩৩:১২.

৪. ইয়োব ৩৭:১৪ পদত উল্লেখ কৰা কথাষাৰ, ইলীহূৱে কিয় ইয়োবক কবলগীয়া হৈছিল?

ইয়োবৰ তিনজন বন্ধুৱে তেওঁ ৰখা বহুতো ভুল বিচাৰধাৰাৰ সম্পৰ্কে দেখুৱাই দিছিল। (ইয়োব ১৫:১-৬, ১৬; ২২:৫-১০) সেইসময়ত তাত উপস্থিত থকা ইলীহূৱে ধৈৰ্য্য ধৰি তেওঁলোকৰ বক্তৃতাৰ সমাপ্তিলৈ বাট চাই আছিল। তেওঁলোকৰ বক্তৃতা শেষ হোৱাৰ পাছত ইলীহূৱে অন্তৰ্দৃষ্টি আৰু বুদ্ধিৰে উত্তৰ দিবলৈ আৰম্ভ কৰিলে। এইদৰে তেওঁ বহুতো মূল্যবান বিষয়ৰ সম্পৰ্কে দাঙি ধৰিলে। তাৰে কিছুমান মুখ্য বিষয় মন কৰক যিটো এইদৰে প্ৰকাশ পাইছে: “হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা; থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম্ম বিবেচনা কৰা।”—ইয়োব ৩৭:১৪.

যজনে এই কাৰ্য্যবোৰ কৰিলে

৫. ইলীহূৱে উল্লেখ কৰা ঈশ্বৰৰ আচৰিত কাৰ্য্যত কি সন্মিলিত আছিল?

মন কৰক যে ইয়াত ইলীহূৱে ইয়োবক নিজৰ প্ৰতি বা অন্যৰ অথবা ইলীহূৰ প্ৰতি ধ্যান দিবলৈ কোৱা নাছিল। ইলীহূৱে ইয়োব আৰু আমাক বুদ্ধিমতাৰে যিহোৱাৰ আচৰিত কাৰ্য্যৰ প্ৰতি ধ্যান দিবলৈ আগ্ৰহ কৰিছিল। যেতিয়া আপুনি ‘যিহোৱাৰ আচৰিত কাৰ্য্যৰ’ প্ৰতি ধ্যান দিয়ে, তেতিয়া আপোনাৰ মনলৈ কেনে বিচাৰ আহে? আপুনি হয়তো আপোনাৰ স্বাস্থ্য, আৰ্থিক, ভৱিষ্যত, পৰিয়াল, সহকৰ্ম্মী আৰু চুবুৰীয়াৰ সম্বন্ধে বিবেচনা কৰিব। তদুপৰি হয়তো আপুনি ভাবিব পাৰে যে ঈশ্বৰৰ কাৰ্য্যবোৰৰ প্ৰতিনো কিয় ধ্যান দিব লাগে? নিসন্দেহ, আমাৰ চাৰিওফালে থকা যিহোৱাই সৃষ্টি কৰা আচৰিত কাৰ্য্যবোৰত তেওঁৰ বুদ্ধি আৰু সামৰ্থ দেখিবলৈ পোৱা যায়। (নহিমিয়া ৯:৬; গীতমালা ২৪:১; ১০৪:২৪; ১৩৬:৫, ৬) ইয়াক অধিক স্পষ্টকৈ জানিবলৈ হʼলে যিহোচূৱাই উল্লেখ কৰা এই বিষয়টোৰ প্ৰতি মনোযোগ দিয়ক।

৬, ৭. (ক)যিহোৱাই মোচি আৰু যিহোচূৱাৰ সময়ত কেনেধৰণৰ আচৰিত কাৰ্য্য কৰিলে? (খ) যদি আপুনি মোচি আৰু যিহোচূৱাৰ সময়ত উপস্থিত থকা হʼলে কেনে প্ৰতিক্ৰিয়া দেখুৱালেহেঁতেন?

উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েলসকলক দাসত্ব বন্ধনৰ পৰা মুক্তি দিবলৈ মিচৰ দেশৰ ওপৰত ক্লেশ আনিছিল, চুফ সাগৰক দুভাগ কৰিছিল। (যাত্ৰাপুস্তক ৭:১–১৪:৩১; গীতমালা ১০৬:৭, ২১, ২২) ঠিক তেনেদৰে ঘটা আন এক ঘটনাৰ বিষয়ে যিহোচূৱা ৩ অধ্যাত উল্লেখ কৰা হৈছে। যিহোচূৱাই মোচিৰ পাছত ইস্ৰায়েলক নেতৃত্ব লৈছিল। তেওঁকো নদীৰ মাজেৰে ইস্ৰায়েলসকলক পাৰ কৰি প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰিবলগীয়া আছিল। এই বিষয়ে যিহোচূৱাই এইদৰে কৈছিল: “পাছে যিহোচূৱাই লোকবিলাকক কলে, তোমালোকে নিজকে পবিত্ৰ কৰা; কিয়নো কাইলৈ যিহোৱাই তোমালোকৰ মাজত আচৰিত কৰ্ম্ম কৰিব।” (যিহোচূৱা ৩:৫) যিহোচূৱাই কেনেধৰণৰ আচৰিত কৰ্ম্মৰ বিষয়ে উল্লেখ কৰিছিল?

সেই বিবৰণীত আমি পঢ়িবলৈ পাওঁ যে যিহোৱাই যৰ্দ্দন নদীক দুভাগ কৰি ইস্ৰায়েলসকলৰ বাবে পথ যুগুত কৰিলে, যাতে হাজাৰ হাজাৰ পুৰুষ, স্ত্ৰী আৰু তেওঁলোকৰ সন্তানসকলে যৰ্দ্দন নদীৰ শুকান ভাগেৰে পাৰ হʼব পাৰে। (যিহোচূৱা ৩:৭-১৭) কল্পনা কৰক, যদি ব্যক্তিগতভাৱে আমি তাত উপস্থিত থকা হʼলে সেই আচৰিত কৰ্ম্মৰ সম্পন্নতাই আমাক কিমান যে প্ৰভাবিত কৰিলেহঁতেন! যিহোৱাই এই কাৰ্য্য কৰাৰ যোগেদি নিজৰ সৃষ্টিৰ পৰাক্ৰমক প্ৰকাশ কৰিলে। আজিৰ সময়তো আমাৰ জীৱনৰ কালছোৱাত এনে বহুতো আচৰিত বস্তু দেখিবলৈ পাওঁ। এতেকে সেই আচৰিত কাৰ্য্যৰ সম্পৰ্কে বিবেচনা কৰিবলৈ, আঁহক আমি ইয়োব ৩৭:৫-৭.  পদত উল্লেখ কৰা বিষয়বোৰৰ প্ৰতি মনোযোগ দিওহঁক।

৮, ৯. ইয়োব ৩৭:৫-৭ পদত কেনেধৰণৰ আচৰিত কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছে আৰু আমি কিয় সেই বিষয়ে বিবেচনা কৰা উচিত?

আগলৈ ইলীহূৱে এইদৰে কৈছিল: “ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে; তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্য্যবোৰ কৰে।” যেতিয়া ইলীহূৱে যিহোৱাই কৰা ‘আচৰিত কাৰ্য্যৰ’ বিষয়ে উল্লেখ কৰিছিল, তেতিয়া তেওঁৰ অভিপ্ৰায় কি আছিল? যিহেতু তেওঁ হিম আৰু বৰষুণৰ বিষয়ে উল্লেখ কৰিছিল। এইবোৰে খেতিয়কসকলৰ কাৰ্য্যত বাধা জন্মাইছিল যাতে তেওঁলোকে ঈশ্বৰে কৰা কাৰ্য্যৰ প্ৰতি ধ্যান দিবলৈ সময় উলিয়াব পাৰে। যিহেতু আমি খেতিয়ক নহবও পাৰোঁ কিন্তু হিম আৰু বৰষুণে আমাৰ সকলোৰে জীৱন প্ৰভাৱিত কৰে। আমি যʼতে নাথাকো কিয়, কিন্তু হিম আৰু বৰষুণে আমাৰ কাৰ্য্যত নিশ্চয়ে বাধা জন্মায়। গতিকে কেতিয়াবা আপুনি সময় উলিয়াই ভাবিছেনে যে এই সকলোবোৰৰ পিছত কাৰ হাত আছে আৰু এনে হোৱা কাৰণ কি? আপুনি ইয়াৰ বিষয়ে কেতিয়াবা বিবেচনা কৰিছেনে?

উল্লেখযোগ্যৰূপে ইয়োব ৩৮ অধ্যায়ত পঢ়িবলৈ পাওঁ যে যিহোৱাই নিজে তেনেধৰণৰ অৰ্থপূৰ্ণ প্ৰশ্নসমূহ ইয়োবৰ আগত দাঙি ধৰিছিল। যদিও সৃষ্টিকৰ্ত্তাই পোনপটীয়াকৈ ইয়োবক প্ৰশ্ন কৰিছিল, কিন্তু স্পষ্টৰূপে এই প্ৰশ্নসমূহত আমাৰ মনোভাৱ, অস্তিত্ব আৰু ভৱিষ্যত জড়িত আছে। আঁহক আমি বিবেচনা কৰোঁ যে ঈশ্বৰে ইয়োবক কি প্ৰশ্ন কৰিছিল আৰু তাৰ ভাবাৰ্থবোৰ কি আছিল। এই সম্পৰ্কে জানিবলৈ ইয়োব ৩৭:১৪ পদত যি কৈছে তাক পালন কৰোঁহঁক।

১০. ইয়োব ৩৮ অধ্যায়ে আমাক কেনেকৈ প্ৰভাৱিত কৰে আৰু ই কেনেধৰণৰ প্ৰশ্নসমূহক জগাই তোলে?

১০ ইয়োব ৩৮ অধ্যায়ত এইদৰে কৈছে: “তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি কলে, এই যি জনে জ্ঞানশূন্য বাক্যেৰে, ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন? তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা; কিয়নো মই তোমাক সোধোঁ, তুমি মোক কোৱা।” (ইয়োব ৩৮:১-৩) বাস্তৱতে মনকৰিবলগীয়া প্ৰশ্ন। ই সঁচাকৈ ইয়োবৰ বিচাৰধাৰাক সলনি কৰি বুজিবলৈ সহায় কৰে যে তেওঁ বিশ্বৰ সৃষ্টিকৰ্ত্তাৰ সন্মুখত থিয় হৈ হিচাপ দিবলগীয়া আছিল। বৰ্তমান সময়ত আমি অৰ্থাৎ সমুদায় মানৱজাতিয়ে ঈশ্বৰৰ আগত হিচাপ দিবলগীয়া আছে। পাছলৈ ঈশ্বৰে ইয়োবক এনেধৰণৰ প্ৰশ্নসমূহ সুধিছিল, যাৰ বিষয়ে ইলীহূৱে উল্লেখ কৰি কৈছিল: “যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি কʼত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা। কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে? বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা। . . . সেই কালত তাৰ মূলবোৰ কিহৰ ওপৰত বহুউৱা হল? বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?”—ইয়োব ৩৮:৪-৭.

১১. ইয়োব ৩৮:৪-৬ পদত উল্লেখ কৰা লিখনীৰ পৰা আমি কি জনা উচিত?

১১ যেতিয়া পৃথিৱীৰ নিৰ্ম্মাণ কৰা হৈছিল তেতিয়া ইয়োব বা আমাৰ সকলোৱে কʼত আছিলোঁ? আমি অৰ্থাৎ মানৱজাতিয়ে এই পৃথিৱীৰ নক্সা তৈয়াৰ কৰাত নিৰ্মাতা হিচাপে কাৰ্য্য কৰিছিলোঁনে বা ইয়াৰ পৰিসীমাৰ পৰিমাণ জুখিছিলোঁনে? অৱশ্যেই নহয়! সেই সময়ত মানুহৰ কোনো অস্তিত্ব নাছিল। ঈশ্বৰে আমাৰ পৃথিৱীখন এটা অট্টালিকাৰ সৈতে তুলনা কৰি ইয়োবক এই প্ৰশ্ন কৰিছিল: “কোনে চুকৰ শিল স্থাপন কৰিলে?” আমি সকলোৱে জানো যে সূৰ্য্য পৰা পৃথিৱী সঠিক দূৰত্বৰ স্থিতি থকাৰ বাবে আমি জীৱিত আছোঁ আৰু ডাঙৰ-দীঘল হʼব পাৰিছোঁ। আমাৰ পৃথিৱীখন সঠিক আকাৰত আছে। যদি ইয়াৰ আকাৰ অতি বিশালকায় হোৱা হʼলে, বায়ুমণ্ডলৰ পৰা হাইড্ৰজেন গেছ নিৰ্গত হʼব নোৱাৰিলেহেঁতেন আৰু আমাৰ জীয়াই থকাত অসুবিধা হʼলহেঁতেন। স্পষ্টৰূপে কোনোবা এজন ব্যক্তিয়ে “চুকৰ শিলক” যথাস্থানত স্থাপন কৰিলে। এই চুকৰ শিলক যথাস্থানত স্থাপন কৰাৰ বাবে ইয়োব নে? আমি নে অথবা যিহোৱাই প্ৰশংসা পোৱাৰ যোগ্য?—হিতোপদেশ ৩:১৯; যিৰিমিয়া ১০:১২.

মানুহৰ ওচৰত এই প্ৰশ্নসমূহৰ উত্তৰ আছেনে?

১২. ইয়োব ৩৮:৭ পদত উল্লেখ কৰা প্ৰশ্নটোৱে আমাক কিহৰ বিষয়ে বিবেচনা কৰিবলৈ পৰিচালতি কৰে?

১২ ঈশ্বৰে এইটোও সুধিছিল: “সেই কালত তাৰ মূলবোৰ কিহৰ ওপৰত বহুউৱা হʼল?” বাস্তৱতে এই প্ৰশ্নটো আমাৰ হৃদয়ক স্পৰ্শ কৰা প্ৰশ্ন নহয়নে বাৰু? আমি হয়তো মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে নিশ্চয়ে জানো, কিন্তু ইয়োবে এই শক্তিৰ বিষয়ে একোৱে নাজানিছিল। আমি সকলোৱে জানো যে, বিয়াগোম সূৰ্য্যৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে আমাৰ পৃথিৱীখন নিজ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে ঘূৰাত সক্ষম হৈছে। সৰল ভাষাত কবলৈ গলে ই নিজৰ মূলবোৰৰ ওপৰত নিৰ্ভৰ কৰি গতি কৰে। তথাপিও কোনে এই মাধ্যাৰ্কষণ শক্তিৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আহৰণ কৰিছে?

১৩, ১৪. (ক)মাধ্যাৰ্কষণ শক্তিৰ বিষয়ে কি স্বীকাৰ কৰা আৱশ্যক? (খ) ইয়োব ৩৮:৭ পদত উল্লেখ কৰা অৱস্থাৰ বিষয়ৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত?

১৩ অলপতে প্ৰকাশিত হোৱা দি ইউনিভাৰ্‌চ্‌ এক্সপ্লেইন্ড নামৰ কিতাপখনে এইদৰে কৈছে: “যদিও এই মাধ্যাৰ্কষণ শক্তিক সকলোৱে প্ৰাকৃতিক শক্তি হিচাপে চিনি পায়। আচলতে এই শক্তি মহাকাশত কোনো মাধ্যম নোহোৱাকৈ যাত্ৰা কৰে। কিছু বছৰৰ আগতে বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যে এই মাধ্যাৰ্কষণ শক্তিয়ে হয়তো তৰঙ্গৰ সহায়েৰে যাত্ৰা কৰে যি সৰু সৰু কণিকাৰে গঠিত আৰু ইয়াক গ্ৰেভিটনচ বুলি কোৱা হয়। . . . কিন্তু কোনেও নিশ্চিত হৈ কব নোৱাৰে যে এই শক্তি কʼৰ পৰা উৎপন্ন হৈছে।” গতিকে বিবেচনা কৰক যে সেই কিতাপখনে কি কব বিচাৰিছে।

১৪ যিহোৱাই ইয়োবক প্ৰশ্ন কৰা ৩০০০ বছৰৰ পাছত বিজ্ঞানে বহুখিনি আগ্ৰগতি লাভ কৰিছে। কিন্তু তথাপিও আমি অথবা বৈজ্ঞানিকসকলে মাধ্যাকৰ্ষণ শক্তিৰ বিষয়ে সম্পূৰ্ণকৈ বৰ্ণনা কৰিব নোৱাৰে। এই মাধ্যাকৰ্ষণ শক্তিৰ বাবেহে আমাৰ পৃথিৱীখন নিজ কক্ষপথত গতি কৰিবলৈ সক্ষম হৈছে আৰু আমি জীয়াই থকাৰ আনন্দ লাভ কৰিছোঁ। (ইয়োব ২৬:৭; যিচয়া ৪৫:১৮) এই লেখত এইটো কোৱা নাই যে আমি এতিয়া ইয়াৰ বিষয়ে দকৈ জ্ঞান লোৱা উচিত। কিন্তু ইয়াৰ পৰিবৰ্ত্তে ঈশ্বৰৰ এই আচৰিত কাৰ্য্যৰ ওপৰত ধ্যান দিবলৈহে উৎসাহিত কৰিছে। কোনো এজনে তেওঁৰ আচৰিত বুদ্ধি আৰু জ্ঞানৰ সন্মূখত থিয় হʼব পাৰেনে আৰু কি আমি বুজি পাইছোঁনে যে কিয় আমাক তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিক্ষা লোৱা আৱশ্যক?

১৫-১৭. (ক)ইয়োব ৩৮:৮-১১ পদত কেনেধৰণৰ প্ৰশ্ন দাঙি ধৰিছে? (খ) পৃথিৱীৰ চাৰিওফালে অৱস্থিত সাগৰ, মহাসাগৰ, দ্বীপ-মহাদ্বীপ আৰু পৰ্ব্বত-পাহাৰৰ সম্বন্ধে থকা জ্ঞানৰ দ্বাৰা আমি কি স্বীকাৰ কৰা উচিত?

১৫ ঈশ্বৰে আগলৈ ইয়োবক এইদৰে প্ৰশ্ন কৰিছিল: “গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপ কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক, তাক মেৰোৱা পটিস্বৰূপ কৰিছিলোঁ, আৰু যেতিয়া মই তাৰ নিমিত্তে মোৰ বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলোঁ, তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেচি নহয়, ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব, তেতিয়া দুৱাৰেৰে সমুদ্ৰ কোনে বন্ধ কৰিলে?”—ইয়োব ৩৮:৮-১১.

১৬ গৰ্ভৰ পৰা বাহিৰ হোৱা সমুদ্ৰৰ সৈতে মহাসাগৰ আৰু জোৱাৰ-ভাটাবোৰো সন্মিলিত আছে। এইবোৰৰ বিষয়ে মানুহে কিমান কাল ধৰি বিবেচনা আৰু অধ্যয়ন কৰি আহিছে? হাজাৰ হাজাৰ বছৰ ধৰি আৰু মন কৰিবলগীয়া এই যে যোৱা শতাব্দীত ইয়াৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। গতিকে আপুনি হয়তো ভাবিব পাৰে যে এতিয়ালৈকে নিশ্চয় সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱা গৈছে। তদুপৰি, আজি অৰ্থাৎ ২০০১ চনত যদি আপুনি সকলোতকৈ বিখ্যাত পুথি-ভঁৰাল বা ইনটাৰনেটত এইবোৰৰ বিষয়ে জানিবলৈ অনুসন্ধান চলায়, তেন্তে কি জানিব পাৰিব?

১৭ বিশ্বত সকলোতকৈ পৰিচিত পুস্তকখনত এইদৰে কৈছে: “আজিও বৈজ্ঞানিকসকলৰ বাবে এইটো বুজা বা বৰ্ণনা কৰা অসম্ভৱ যে কেনেকৈ সাগৰ, মহাসাগৰ, মহাদ্বীপ, পৰ্ব্বত-পাহাৰ আৰু জোৱাৰ-ভাটাবোৰক পৃথক কৰা হৈছে।” এই মন্তব্য দিয়াৰ পাছত বিশ্বকোষে এনে চাৰিটা সম্ভাৱনাক দৰ্শাই কৈছিল যে “সেইবোৰৰ বহুতৰে সম্পূৰ্ণ প্ৰমাণ নাই, কিন্তু যুক্তিসঙ্গত ধাৰণা।” তেনেধৰণৰ কাল্পনিক যুক্তিসঙ্গত ধাৰণাক ইংৰাজীত হাইপথ্যাচ্যাচ বুলি কোৱা হয়।”

১৮. ইয়োব ৩৮:৮-১১ পদে আপোনাক কেনেধৰণৰ সিদ্ধান্তত উপনীত হʼবলৈ সহায় কৰে?

১৮ ইয়োব ৩৮:৮-১১ পদত উল্লেখ কৰা প্ৰশ্নসমূহ কালসঙ্গতি নহয়নে বাৰু? সেইবাবে আমি আমাৰ পৃথিৱীখনত পৰিপাটিকৈ সজাই ৰখা বস্তুসমূহৰ বাবে নিজৰ প্ৰশংসা কৰিব নোৱাৰোঁ। তদুপৰি আমি আমাৰ উপগ্ৰহ চন্দ্ৰক তাৰ কক্ষ্যপথত স্থিৰ কৰা নাই যাৰ মাধ্যাৰ্কষণ শক্তিৰ দ্বাৰা জোৱাৰ-ভাটা উৎপন্ন হয় যি সাধাৰণতে আমাক আৰু আমি থকা স্থানত কোনো হানি নকৰে। গতিকে আপুনি জানেনে এই আচৰিত কাৰ্য্যবোৰ কৰোঁতাজন কোন?—গীতমালা ৩৩:৭; ৮৯:৯; হিতোপদেশ ৮:২৯; পাঁচনিৰ কৰ্ম্ম ৪:২৪; প্ৰকাশিত বাক্য ১৪:৭

এই সকলোবোৰৰ বাবে যিহোৱাক প্ৰশংসা কৰক

১৯. ইয়োব ৩৮:১২-১৪ পদত উল্লেখ কৰা কবিতাৰ বাক্যশাৰীয়ে কেনেধৰণৰ প্ৰাকৃতিক সত্যৰ প্ৰতি আমাৰ ধ্যান আকৰ্ষিত কৰে?

১৯ ইয়োব ৩৮:১২-১৪ পদত উল্লেখ কৰা আমাৰ পৃথিৱীখন অতিক্ৰম কৰা বিষয়ে কোনো মানৱে ইয়াৰ প্ৰশংসা গ্ৰহণ কৰিব নোৱাৰে। এই অতিক্ৰমৰ বাবেহে প্ৰত্যেক দিনা আমি এক সুন্দৰ ৰাতিপুৱাৰ পোহৰ দেখিবলৈ পাওঁ। যেতিয়া সূৰ্য্য উদয় হয়, তেতিয়া মাটিৰ পাত্ৰ এক সুন্দৰ পাত্ৰলৈ ৰূপান্তৰিত হোৱাৰ দৰে পৃথিৱীখন সুন্দৰ আৰু উজ্জ্বল হৈ উঠে।। যদি আপুনি পৃথিৱীৰ অতিক্ৰম কৰাৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰে, তেনেহʼলে ইয়াক দৃষ্টি কৰি আচৰিত হʼব যে ই কেতিয়াও অতি বেগেৰে অতিক্ৰম কৰা নাই। নতুবা ই অতি লাহে লাহেও অতিক্ৰম কৰা নাই, যাৰ বাবে দিন আৰু ৰাতিটো দীঘল হোৱাৰ কাৰণে অতি গৰম বা চেঁচা অনুভৱ কৰোঁ। বাস্তৱতে, কোনো মানুহে নহয়, কিন্তু ঈশ্বৰে ইয়াৰ গতি নিৰ্দ্ধাৰিত কৰিলে। সেইবাবে আমি আনন্দিত হোৱা উচিত।।—গীতমালা ১৪৮:১-৫.

২০. ইয়োব ৩৮:১৬, ১৮ পদত দাঙি ধৰা প্ৰশ্নবোৰৰ প্ৰতি আপুনি কেনে প্ৰতিক্ৰিয়া দেখুৱাব?

২০ কল্পনা কৰক যে ঈশ্বৰে আপোনাক এই প্ৰশ্নসমূহ সুধিলে: “তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা? বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা? তুমি পৃথিবীৰ প্ৰস্থ বুজ পালা নে? এই সকলো যদি জানা, তেন্তে কোৱা।” (ইয়োব ৩৮:১৬, ১৮) আপুনি পৃথিৱীখনৰ সকলোবোৰ বা কিছুমান স্থানলৈ যাত্ৰা কৰিলেনে? তদুপৰি, আমাৰ পৃথিৱীত থকা সুন্দৰ মনোৰম স্থানবোৰত থকা বিভিন্ন বস্তুবোৰলৈ দৃষ্টি কৰি আপুনি নিজৰ জীৱনত কিমানবাৰ আচৰিত হৈছে? সেই সময়বোৰ কিমান যে আচৰ্য্যজনক আছিল!

২১. (ক)ইয়োব ৩৮:১৯ পদত উল্লেখ কৰা প্ৰশ্নটোৱে কেনে বৈজ্ঞানীক দৃষ্টিভঙ্গী দাঙি ধৰিছে? (খ) ৰশ্মিৰ বাস্তৱিকতাই আমাক কি কৰিবলৈ প্ৰেৰিত কৰে?

২১ ইয়োব ৩৮:১৯ পদত উল্লেখ কৰা এটা গভীৰ প্ৰশ্নলৈ দৃষ্টি কৰক: “পোহৰ থকা ঠাইলৈ যোৱা বাট, আৰু আন্ধাৰৰেই বা ঠাই কʼত?” আপুনি হয়তো বহু সময়ৰ পৰা জানিব পাৰিছে যে পোহৰ, পুখুৰীত থকা পানীৰ ঢৌৰ দৰে গতি কৰে। ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনে বৰ্ণনা কৰি কৈছিল যে ৰশ্মি, শক্তিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সমূহ বা অনুৰ দৰে কাৰ্য্য কৰে। কিন্তু সিমান বৰ্ণনা কৰিলেই এই বিষয়টোৰ সমাধান হʼবনে? অলপতে প্ৰকাশ পোৱা এখন বিশ্বকোষে এইদৰে প্ৰশ্ন কৰিছিল: ৰশ্মি এটা ঢৌ নে এটা অনু?” উত্তৰত এইদৰে কোৱা হয়: “ৰশ্মি কেতিয়াও ঢৌ বা অনু হʼব নোৱাৰে, কিয়নো এই দুয়োটো দেহৰ মাজত বহু ভিন্নতা আছে। আচলতে ৰশ্মি এই দুটাৰ কোনোটোৱেই নহয়।” এই ক্ষেত্ৰত যদিও মানুহে ঈশ্বৰৰ কৰ্ম্মৰ বিষয়ে সম্পূৰ্ণ বিবৰণ দিব পৰা নাই, তেতিয়াও আমি পোনচাটেই হওঁক বা আওপকীয়াকৈ হওঁক, সূৰ্য্যৰ পৰা পোহৰ পাই আছোঁ। আমি আহাৰ খাই আনন্দ লাভ কৰোঁ আৰু সূৰ্য্যৰ পোহৰৰ দ্বাৰা গছ-গছনিয়ে আমাক উশাহ লবলৈ অক্সিজেন দিয়ে। আমি পঢ়িব পাৰোঁ, আমাৰ আপোনজনাৰ চেহেৰা, সূৰ্য্য উদয় হোৱা আৰু অস্ত যোৱাৰ মনোৰম দৃশ্য দেখিবলৈ পাওঁ। এইবোৰত আমি ঈশ্বৰৰ আচৰিত কাৰ্য্যৰ আভাস নাপাওঁনে?—গীতমালা ১০৪:১, ২; ১৪৫:৫; যিচয়া ৪৫:৭; যিৰিমিয়া ৩১:৩৫.

২২. বৃদ্ধ ৰজা দায়ূদে ঈশ্বৰৰ আচৰিত কৰ্ম্মসূহৰ প্ৰতি কেনে প্ৰত্যুত্তৰ দিছিল?

২২ যিহোৱাৰ আচৰিত কৰ্ম্মবোৰত ধ্যান দিয়াৰ পাছত আমি ভয়ত বিহ্বল বা বিচূৰ্ত্তি খাওঁনে? অৱশ্যেই নহয়। কিয়নো প্ৰাচীন সময়ৰ গীতমালা লিখক ৰজা দায়ূদে স্বীকাৰ কৰিলে যে ঈশ্বৰৰ কৰ্ম্মসমূহক বুজি পোৱা আৰু তাৰ ওপৰত মন্তব্য দিয়া এনে কোনো ব্যক্তি নাই। দায়ূদে এইদৰে লিখিছিল: “হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক . . . মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে, সেইবোৰ অলেখ।” (গীতমালা ৪০:৫) ইয়াৰ অৰ্থ নিশ্চয়ে এইটো নাছিল যে তেওঁ ঈশ্বৰৰ এই মহান কাৰ্য্যত মৌন হৈ থাকিল। গীতমালা ৯:১ পদত ৰজা দায়ূদে প্ৰমাণ কৰি দেখুৱালে যে তেওঁ ইয়াৰ বিষয়ে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত ললে, সেয়েহে তেওঁ এইদৰে কৈছিল: “মই মোৰ সকলো চিত্তেৰে যিহোৱাৰ ধন্যবাদ কৰিম, তোমাৰ সকলো আচৰিত কৰ্ম্ম বৰ্ণাম।”

২৩. ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ প্ৰতি আপুনি কেনে দৃষ্টি ৰাখে আৰু আপুনি কেনেকৈ আনক সহায় কৰিব পাৰে?

২৩ ৰজা দায়ূদৰ দৰে আমিও প্ৰেৰিত হোৱা উচিত নহয়নে? ঈশ্বৰে যি কৰিলে আৰু ভৱিষ্যতে যি কৰিব, সেই মহান কাৰ্য্যসমূহত আশ্চৰ্য্য হৈ তেওঁৰ বিষয়ে কবলৈ প্ৰেৰিত নহমনে? ইয়াৰ উত্তৰ হৈছে, আমি নিশ্চয়ে প্ৰেৰিত হʼম। আমিও ৰজা দায়ূদৰ দৰে কোৱা উচিত যে “জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, সমুদায় লোকসমুহৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম বৰ্ণনা কৰা।” (গীতমালা ৯৬:৩-৫) অৱশ্যে আমি ঈশ্বৰৰ আচৰিত কাৰ্য্যসমূহক শিকাৰ বিষয়ে আনক কোৱাৰ দ্বাৰা নম্ৰ হৈ যিহোৱাৰ প্ৰসংশা কৰিব পাৰোঁ। যদিও আমি এনে পৰিৱেশত ডাঙৰ-দীঘল হোৱা লোকসকলক লগ পাওঁ, যি পৰিৱেশত কোৱা হয় কোনো সৃষ্টিকৰ্ত্তা নাই। তেতিয়াও আমাৰ সঠিক মনোবৃত্তিয়ে তেওঁলোকক সৰ্বশক্তিমান ঈশ্বৰৰ সৈতে পৰিচিত হʼবলৈ সহায় কৰিব। তদুপৰি ইয়ে তেওঁলোকক আচৰিত কৰ্ম্ম কৰোঁতা অৰ্থাত ‘সকলোৰে সৃষ্টিকৰ্ত্তা’ যিহোৱাৰ বিষয়ে শিকি তেওঁক সেৱা কৰিবলৈ প্ৰেৰিত কৰিব।—প্ৰকাশিত বাক্য ৪:১১. (w01 4/15)

আপুনি কেনেদৰে উত্তৰ দিব?

ইয়োব ৩৭:১৪ পদত লিখা বিবৰণীয়ে আপোনাক ঈশ্বৰৰ বিষয়ে কি বিবেচনা কৰিবলৈ প্ৰেৰিত কৰে?

ইয়োব ৩৭ আৰু ৩৮ অধ্যায়ত এনে কি বিষয়বোৰৰ সম্পৰ্কে বৰ্ণনা কৰা হৈছে, যিবোৰৰ বিষয়ে বৈজ্ঞানীকসকলে আজিলৈকে সম্পূৰ্ণ বৰ্ণনা দিব পৰা নাই?

•আপুনি ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ বিষয়ে কেনে অনুভৱ কৰে আৰু ইয়ে আপোনাক কি কৰিবলৈ প্ৰেৰিত কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৭ পৃষ্ঠাৰ ছবি]

কোনে সমুদ্ৰৰ সীমা নিৰ্ণয় কৰি যথাস্থানত ৰাখিলে?

[৭ পৃষ্ঠাৰ ছবি]

পৃথিৱীত ঈশ্বৰে সৃষ্টি কৰা সকলো মনোৰম স্থানবিলাকত কোনে ভ্ৰমণ কৰিলে?