Skip to content

Skip to table of contents

আজ্ঞাকাৰী হ’বলৈ শিশুকালৰে পৰা শিক্ষা দিয়াটো কিয় অতি গুৰুত্বপূৰ্ণ?

আজ্ঞাকাৰী হ’বলৈ শিশুকালৰে পৰা শিক্ষা দিয়াটো কিয় অতি গুৰুত্বপূৰ্ণ?

আজ্ঞাকাৰী হʼবলৈ শিশুকালৰে পৰা শিক্ষা দিয়াটো কিয় অতি গুৰুত্বপূৰ্ণ?

 নিউজেলণ্ডত বাতৰি কাকতবিলাকৰ ওপৰত চলোৱা এটা জৰিপৰ অনুসাৰে এখন কাকতত এইদৰে কোৱা হৈছিল “পিতৃ-মাতৃসকলে নিজৰ সন্তানক মাত্ৰ আজ্ঞাকাৰী শিশু হোৱাটোৱেই নহয় কিন্তু আজ্ঞাকাৰী ব্যক্তি হোৱাটোও বিচাৰে।” ইয়াৰ পৰা জনা গʼল যে মাত্ৰ “২২ শতাংশ লোকেহে স্বীকাৰ কৰে যে সন্তানসকলক ঘৰতে আজ্ঞা পালন কৰিবলৈ শিক্ষা দিয়া উচিত।” জৰিপৰ পৰা এইটোও জনা গʼল যে আজি পিতৃ-মাতৃসকলে স্বীকাৰ কৰে যে সন্তানক শিষ্টাচাৰ বিষয়ে শিক্ষা, তেওঁলোকক নিজৰ ভৰিৰ ওপৰত থিয় হোৱা আৰু দায়ীত্ব বহন কৰিবলৈ শিকোৱা কাৰ্য্য আন কথাতকৈ অধিক গুৰুত্বপূৰ্ণ।

আজিৰ এই যুগত স্বাধীন বিচাৰ-ধাৰা আৰু স্বাৰ্থপৰ মনোবৃত্তি ৰখাটো একেবাৰে সাধাৰণ বিষয় হৈ পৰিছে। সেইবাবে বেছিভাগ লোকে সন্তানক আজ্ঞাকাৰীতা হʼবলৈ শিক্ষা দিয়াটো অতি গুৰুত্বপূৰ্ণ বুলি দৃষ্টি নকৰে। তদুপৰি তেওঁলোকে সেই গুণবোৰৰ বিষয়ে নিজৰ সন্তানক শিকোৱাটো প্ৰয়োজনীয়তা বোধ নকৰে। কিন্তু সন্তানক আজ্ঞাকাৰীতা হʼবলৈ শিক্ষা দিয়াটো এটা প্ৰাচীন কালৰ ৰীতি বুলি ভবাটো উচিত হʼবনে? এইটো এটা মহত্বপূৰ্ণ শিক্ষানে যাৰ যোগেদি সন্তানে শিক্ষা লাভ কৰি লাভৱান হʼব পাৰে? ইয়াৰ ওপৰিও, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে পৰিয়ালৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ যিহোৱাই পিতৃ-মাতৃসকলৰ প্ৰতি আজ্ঞাকাৰীতা হোৱাটো কেনে দৃষ্টি ৰাখে আৰু ইয়াৰ পৰা কেনেকৈ লাভৱান হʼব পাৰি?—পাঁচনিৰ কৰ্ম্ম ১৭:২৮; ইফিচীয়া ৩:১৪, ১৫.

“এয়ে উচিত”

প্ৰথম শতাব্দীত, পাঁচনি পৌলে ইফিচীয়া মণ্ডলীলৈ এইদৰে লিখিলে: “হে সন্তানবিলাক, প্ৰভুত তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো এয়ে উচিত।” (ইফিচীয়া ৬:১) গতিকে পিতৃ-মাতৃসকলৰ আজ্ঞা পালন কৰাৰ সকলোতকৈ মুখ্য কাৰণ হৈছে, কিয়নো এইটো ঈশ্বৰৰ সিদ্ধান্ত আৰু এয়াই উচিত। পৌলেও কৈছিল, “এয়ে উচিত।”

এইদৰে ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলে পিতৃ-মাতৃসকলে প্ৰেমেৰে দিয়া অনুশাসনক সুন্দৰ অলঙ্কাৰৰ সৈতে তুলনা কৰিছে। বাইবেলে কৈছে যে অনুশাসনক “ত্যাগ নকৰিবা; কিয়নো সেই দুয়ো তোমাৰ মূৰৰ সুন্দৰ মালা, আৰু তোমাৰ ডিঙিৰ হাৰস্বৰূপ” কিয়নো “প্ৰভুত সেয়েই সন্তোষজনক।” (হিতোপদেশ ১:৮, ৯; কলচীয়া ৩:২০) ইয়াৰ বিপৰীতে, যদি পিতৃ-মাতৃসকলৰ আজ্ঞা পালন নকৰে তেনেহʼলে ঈশ্বৰক অসন্তোষ কৰা হয়।—ৰোমীয়া ১:৩০, ৩২.

“তোমাৰ কল্যাণ হব”

আজ্ঞা পালন কৰি পোৱা আন এটা লাভৱানৰ বিষয়ে পৌলে কৈছে: “নিজৰ পিতৃ-মাতৃক সন্মান কৰা; তেহে তোমাৰ কল্যাণ হব, আৰু দেশত দীৰ্ঘায়ু হব; অঙ্গীকাৰযুক্ত প্ৰথম আজ্ঞা এই।” (ইফিচীয়া ৬:২, ৩; যাত্ৰাপুস্তক ২০:১২) পিতৃ-মাতৃৰ আজ্ঞা পালন কৰিলে আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

সৰ্ব্বপ্ৰথমে, এইটো সঁচা নহয়নে বাৰু পিতৃ-মাতৃসকল সন্তানতকৈ অধিক বয়সীয়াল আৰু অনুভৱী? এইটো হʼব পাৰে যে তেওঁলোকে কম্পিউটাৰ বা স্কুলত পঢ়োৱা বিষয়বোৰৰ সম্বন্ধে অধিক বুজি নাপাবও পাৰে কিন্তু তেওঁলোকে জীৱনৰ আৰু সমস্যাবোৰক সমাধান কৰাৰ বিষয়ে বহু কিছু জানে। এইবিলাক বিষয়ৰ সম্বন্ধে যুৱা ব্যক্তিসকলৰ বহু কম জ্ঞান থাকে। অনুভৱী নোহোৱাৰ বাবে, তেওঁলোকে ভাবি-চিন্তি নিৰ্ণয় লোৱাৰ ক্ষমতা নাথাকে। সেই কাৰণে তেওঁলোকে প্ৰায় নিজৰ বন্ধুবোৰৰ বেয়া অভ্যাসৰ দ্বাৰা প্ৰভাৱিত হয়, নাভাবি-নিচিন্তি এনেধৰণৰ নিৰ্ণয় লয় যাৰ বাবে তেওঁলোকে বিপদৰ সন্মূখীন হʼবলগীয়া হয়। সেইবাবে বাইবেলে এইদৰে কৈছে: “লৰাৰ মনত অজ্ঞানতা বন্ধ হৈ থাকে।” ইয়াক কেনেকৈ আঁতৰ কৰিব পাৰি? “শাস্তিৰ চেকনীয়ে তাক তাৰ পৰা দূৰ কৰিব।”—হিতোপদেশ ২২:১৫.

আজ্ঞা পালন কৰিলে মাত্ৰ পৰিয়ালতেই লাভৱান নহয় কিন্তু সমাজতো লাভৱান হয়। যদি সমাজে ভালদৰে চলা বা উন্নতি কৰিবলৈ বিচাৰে তেনেহʼলে সকলোৱে ইজনে-সিজনক সহযোগ কৰা আৱশ্যক আৰু ইয়াত কিছু পৰিমাণে আজ্ঞাকাৰীতাও সন্মিলিত আছে। উদাহৰণস্বৰূপে, এখন বিবাহৰ বিষয়ে আলোচনা কৰক। যেতিয়া বিবাহিত সঙ্গীয়ে এজনে আনজনৰ কথা শুনিবলৈ সন্মত হয় সেইসময়ত পৰস্পৰৰ মিল, শান্তি আৰু আনন্দ হয়। কিন্তু যদি তেওঁলোকে এজনে আনজনৰ পৰা প্ৰয়োজনতকৈ অধিক আশা কৰে, এজনে আনজনৰ অধিকাৰ আৰু ভাৱনাক মূল্যাঙ্কন নকৰে, তেনেহʼলে বিবাহবন্ধন অতি সোনকালে ভাঙি যাব। সেইদৰে কৰ্ম্মস্থলতো কৰ্ম্মচাৰীসকলে নিজৰ মালিকৰ অধীনত থকা উচিত, তেতিয়াহে ব্যৱসায়ত উন্নতি কৰিব পাৰিব। তদুপৰি চৰকাৰৰ নিয়ম পালন কৰাৰ ক্ষেত্ৰত, আজ্ঞা পালন কৰোঁতাসকলে মাত্ৰ শাস্তিৰ পৰা ৰক্ষা পোৱাই নহয় কিন্তু কিছু পৰিমাণে সুৰক্ষাও পায়।—ৰোমীয়া ১৩:১-৭; ইফিচীয়া ৫:২১-২৫; ইফিচীয়া ৬:৫-৮.

অধিকাৰীসকলৰ আজ্ঞাক ভঙ্গ কৰা যুৱকসকল প্ৰায় সমাজৰ দৃষ্টিৰ পৰা অনুপযোগী ব্যক্তি হৈ পৰে। ইয়াৰ বিপৰীতে, যদি এজন ব্যক্তিক শিশুকালৰ পৰাই আজ্ঞা পালন কৰিবলৈ শিক্ষা দিয়া হয়, তেনেহʼলে তেওঁ গোটেই জীৱনত ইয়াৰ পৰা লাভৱান হʼব পাৰে। সেইবাবে শিশুকালৰ পৰাই আজ্ঞা পালন কৰিবলৈ শিকোৱাটো কিমান যে লাভদায়ক!

আজ্ঞাকাৰীতাৰ পৰা পোৱা মহান প্ৰতিফল

আজ্ঞাকাৰী হোৱাৰ বাবে মাত্ৰ পৰিয়ালৰ সম্বন্ধই শক্তিশালী কৰে বা জীৱনত বহুতো লাভ প্ৰদান কৰে এনে নহয় কিন্তু ই এনে এটা আধাৰশিলা গঢ়ি তোলে যাৰ যোগেদি সৃষ্টিকৰ্ত্তাৰ সৈতে এজন ব্যক্তিৰ ভাল সম্বন্ধ গঢ়ি উঠে, যিটো অতি আৱশ্যক। যিহোৱা ঈশ্বৰ হৈছে ‘মহান সৃষ্টিকৰ্ত্তা’ আৰু “জীৱনৰ উৎস,” সেইবাবে তেৱেঁ আমাৰ আজ্ঞাকাৰীতাৰ প্ৰকৃত অধিকাৰী।—উপদেশক ১২:১; গীতমালা ৩৬:৯.

বাইবেলত “আজ্ঞা” শব্দক বিভিন্ন ৰূপত বহুত বাৰ প্ৰকাশ কৰিছে। তদুপৰি, অন্য ক্ষেত্ৰতো এই শব্দক ঈশ্বৰৰ ব্যৱস্থা, সিদ্ধান্ত, নিৰ্দেশন, নিয়ম-প্ৰণালী আৰু বিধি বুলি ব্যৱহাৰ কৰিছে, তাৰ বাবেও অধীন হোৱা আৱশ্যক। গতিকে ইয়াত কোনো সন্দেহ নাই যে যদি আমি ঈশ্বৰক সন্তোষ্ট কৰাটো বিচাৰো তেনেহʼলে আজ্ঞাকাৰীতা হোৱাটো অতি আৱশ্যক। প্ৰকৃততে, যিহোৱাৰ সৈতে এক নিবিড় সম্বন্ধ স্থাপন কৰিবলৈ এইটো হৈছে এক অতি আৱশ্যকীয় গুণ। (১ চমূৱেল ১৫:২২) কিন্তু দুখৰ বিষয় এই যে অসিদ্ধ মানুহ হোৱাৰ বাবে আমি আজ্ঞাকাৰী নহৈ আজ্ঞা ভঙ্গ কৰিবলৈ ইচ্ছা কৰোঁ। সেইবাবে বাইবেলে কৈছে: “মানুহৰ মনৰ কল্পনা সৰু কালৰে পৰা মন্দ।” (আদিপুস্তক ৮:২১) গতিকে আমি আজ্ঞা পালন কৰা শিক্ষা মাত্ৰ শিশুকালতে শিকিব লাগে এনে নহয় কিন্তু গোটেই জীৱনত ইয়াক শিকি থকা আৱশ্যক। এইদৰে কৰিলে আমি মহান প্ৰতিফলৰ ভাগী হʼব পাৰিম।

স্মৰণ কৰক, পাঁচনি পৌলে কৈছিল যে পিতৃ-মাতৃৰ আজ্ঞা পালন কৰা নিৰ্দ্দেশনৰ সৈতে দুই ধৰণৰ প্ৰতিজ্ঞা সন্মিলিত আছে, অৰ্থাৎ “তোমাৰ কল্যাণ হব, আৰু দেশত দীৰ্ঘায়ু হব।” এই প্ৰতিজ্ঞাৰ নিশ্চয়তা আমি হিতোপদেশ ৩:১, ২ পদত পাওঁ, যʼত কৈছে: “হে মোৰ বোপা, তুমি মোৰ ব্যৱস্থা নাপাহৰিবা, কিন্তু তোমাৰ অন্তঃকৰণে মোৰ আজ্ঞাবোৰ পালন কৰক। কিয়নো তুমি সেইবোৰৰ দ্বাৰাই তোমাৰ আয়ুসৰ দীৰ্ঘতা, আৰু জীৱনৰ বছৰবোৰ ও শান্তি লাভ কৰিবা।” যিসকলে আজ্ঞা পালন কৰে তেওঁলোকে মহান প্ৰতিফলৰ ভাগী হয়। ইয়াৰ এটা হৈছে, যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্বন্ধ গঢ়ি উঠিব আৰু আনটো হৈছে, শান্তিপূৰ্ণ নতুন জগতত চিৰকালৰ জীৱন জীয়াই থাকিব পাৰিব।—প্ৰকাশিত বাক্য ২১:৩, ৪. (w01 4/1)

[৩১ পৃষ্ঠাৰ ছবি]

আজ্ঞাকাৰী হোৱাৰ বাবে পৰিয়াল, কৰ্ম্মস্থাল আৰু যিহোৱাৰ সৈতে থকা সম্বন্ধত আনন্দ কঢ়িয়াই আনে