Skip to content

Skip to table of contents

আপোনাক ভুল বুজা হৈছেনে?

আপোনাক ভুল বুজা হৈছেনে?

আপোনাক ভুল বুজা হৈছেনে?

 এন্টনিয় বহুত দুখী আছিল। কিয়নো তেওঁৰ বন্ধু লিয়নাৰ্ডই হঠাতে কোনো কাৰণ নোহোৱাকৈ তেওঁৰ সৈতে কথা-বতৰা পাতিবলৈ বন্ধ কৰিলে। * আনকি আন আন

উপলক্ষটো লিয়নাৰ্ডই এন্টনিয়ৰ অভিনন্দন গ্ৰহণ নকৰিলে। তদুপৰি যেতিয়া তেওঁলোকে একেলগ হয়, সেই সময়তো এনেদৰে হয় যেন তেওঁলোকৰ মাজত এখন বেৰ থিয় হৈ আছে। এন্টনিয়ক এই কথাই আমনি কৰিব ধৰিলে, হয়তো তেওঁৰ কোনো কথা বা কাৰ্য্যই লিয়নাৰ্ডৰ মনত আঘাত দিলে যাৰ বাবে তেওঁক ভুল বুজা হʼল। কিন্তু এনে কি হʼব পাৰে?

আজিৰ সময়ত ভুল বুজাবুজিটো একেবাৰে সামান্য বিষয় হৈ পৰিছে। কিছুমান সৰু-সুৰা ভুল বুজাবুজিক পলম নকৰাকৈ আঁতৰাব পৰা যায়। কিন্তু কিছুমানে এনেধৰণৰ ভুল বুজাবুজি হয় যাৰ বাবে আন ব্যক্তিজনে একেবাৰে নিৰাশ হৈ পৰে। বিশেষকৈ সেই সময়ত বহু চেষ্টা কৰিলেও ইয়াক আঁতৰ কৰাটো কঠিন হয়। ভুল কিয় বুজাবুজি হয়? ভুল বুজাবুজিৰ বাবে কেনেকৈ আন ব্যক্তিয়ে ব্যক্তিগতভাৱে প্ৰভাৱিত হয়? যেতিয়া আনে আপোনাক কোনো কথাৰ বাবে ভুল বুজে, সেই সময়ত আপুনি কি কৰিব পাৰে? আনে আপোনাৰ বিষয়ে কি ভাবে, এইটো সচাঁকৈ চিন্তাৰ বিষয়নে?

এক অনিবাৰ্য্য সত্য

যিহেতু লোকসকলে আমাৰ মনৰ কথা বা চিন্তাধাৰা বিষয়ে জানিব নোৱাৰে, সেইবাবে সোনকালে বা পলমকৈ কোনোবাই আমাৰ কথা বা কাৰ্য্যক ভুল অৰ্থত লোৱাৰ বাবে ভুল বুজাবুজি হয়। কেতিয়াবা আমি নিজৰ কথা বা বিচাৰধাৰাৰ বিষয়ে সিমান ভালকৈ আৰু স্পষ্টৰূপে কʼব নোৱাৰো। এইবাবেও ভুল বুজাবুজি হয়। ইয়াৰ আন এটা কাৰণ হৈছে, ওচৰে-পাজৰে হৈ থকা চিঞৰ-বাখৰৰ বাবে এজন ব্যক্তিয়ে আনজনে কোৱা কথা ভালদৰে শুনি নাপায়।

কিছুমানলোকে নিজৰ এনে কিছুমান প্ৰণালী আৰু আচৰণৰ বাবেও ভুল বুজাবুজিৰ বলি হʼবলগীয়া হয়। উদাহৰণস্বৰূপে, যদি এজন ব্যক্তি লাজকুৰীয়া হয়। তেনেহʼলে তেওঁক এজন আত্মপ্ৰত্যয়হীন ব্যক্তি, সকলোতকৈ বেলেগ বা অহঙ্কাৰী ব্যক্তি বুলি ভুল বুজিব পাৰে। তদুপৰি, এনে ব্যক্তিসকলে জীৱনত হৈ যোৱা এনে কোনো ব্যক্তিগত অনুভৱৰ কাৰণে কোনো কনো পৰিস্থিতিত বিবেচক হোৱাৰ পৰিৱৰ্ত্তে আৱেগীক হৈ পৰে। ভিন্ন সংস্কৃতি আৰু ভাষাৰ বাবেও কেতিয়াবা লোকসকলে এটা কথাৰ আন অৰ্থ উলিয়াব পাৰে। ইয়াৰ ওপৰিও, ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই যে কোনো এক কথাক ৰহন হানি কোৱা আৰু পৰচৰ্চা কথায়ে লোকসকলক ভুল সংবাদ দিয়ে। এতেকে আমাৰ সকলোৱে সেই লোকসকলৰ প্ৰতি সহানুভুতি দেখুৱা উচিত, যিসকলৰ অভিপ্ৰায়ক ভুল বুজা হৈছে।

উদাহৰণস্বৰূপে আন্নাৰ বিষয়ে বিবেচনা কৰক। তাই নিৰ্জ্জুভাৱে এজনী বান্ধৱীৰ বিষয়ে অনুপস্থিত থকা অৱস্থাত কʼলে যে সকলোৱে তাইক পছন্দ কৰে। কিন্তু কিছুমানে তাই কোৱা কথাষাৰক ভুলভাবে আন্নাক কোৱা হʼল। এদিনাখন সেই বান্ধৱীগৰাকীয়ে কিছুমান বান্ধৱীৰ পৰা আন্নাই কোৱা কথাষাৰ শুনি অতি ক্ৰোধেৰে আহি আন কেইবাজনী ছোৱালীৰ আগত আন্নাক অভিযোগ কৰি কলে যে, আচলতে সেই যুৱকজনে মোৰ সৈতে কথা-বতৰা হোৱাৰ বাবে তুমি মোৰ ওপৰত বৰ চকুচৰহা হৈছা। তাইৰ এই অভিযোগে আন্নাক আচৰিত কৰি তুলে আৰু মনত অতি বেজাৰ পালে। কিয়নো আন্নাই যি কৈছিল সেই কথাক একেবাৰে বিকৃত কৰি কোৱা হৈছিল। আন্নাই নিজৰ বান্ধৱীক বুজাবলৈ বহু চেষ্টা কৰিছিল যে তাইৰ মনত তেনেধৰণৰ কোনো মনোভাৱ নাই আৰু তাই কিয় নিজৰ বান্ধৱীৰ বিষয়ে এনে বেয়া কʼব! কিন্তু আন্নাৰ সকলো চেষ্টা অথলে গʼল। সেই ঘটনাৰ বাবে আন্নাই মনত অতি আঘাট পালে আৰু সেই ভুল বুজাবুজিক দূৰ কৰিবলৈ আন্নাক বহু সময় লাগিল।

আনে আপোনাৰ বিষয়ে কি ভাবে, এই কথা তেওঁলোকে আপোনোৰ অভিপ্ৰায়ক কিমান ভালকৈ বুজি পাই, ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে, যেতিয়া লোকসকলে আপোনাৰ মতামতৰ ভুল অৰ্থ লʼব, তেতিয়া এইটো স্বাভাৱিক যে আপোনাৰ নিশ্চয় বেয়া লাগিব। হয়তো আপোনাৰ মনত বহুত আঘাট লাগিব পাৰে আৰু ভাবিব পাৰে যে আনে কিয় আপোনাৰ কথাৰ ভুল অৰ্থ উলিয়ালে। তদুপৰি আপোনৰ দৃষ্টিত এনেধৰণৰ মতামত অসত্য, সম্পূৰ্ণৰূপে ভুল বা আপোনাক অপমানিত কৰাৰ অভিপ্ৰায়েৰে কৰা হৈছিল। তেতিয়া হয়তো আপুনি এনে কথাৰ বাবে মনত বহুত আঘাট পাব পাৰে, যেতিয়া আপুনি আনৰ মতামত সঠিক নোহোৱাৰ স্বত্ত্বেও সন্মান কৰে।

যেতিয়া আন ব্যক্তিয়ে আপোনাৰ বিষয়ে এইধৰণৰ ভুল মতামত দিয়ে, সেই সময়ত হয়তো অসন্তুষ্ট হʼব। কিন্তু তথাপি আনৰ মতামতক আদৰ কৰাটো উচিত হʼব। আনে আমাৰ মতামত বা কথা-বতৰাৰ প্ৰতি যিয়ে অভিপ্ৰায় নাৰাখক কিয় কিন্তু সত্য খ্ৰীষ্টান হোৱাৰ বাবে আমি তেওঁলোকক তুচ্ছ জ্ঞান কৰাটো উচিত নহয়। তদুপৰি আমাৰ কথা আৰু কাৰ্য্যই আনৰ মনক আঘাত কৰা বা তেওঁৰ ক্ষতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। (মথি ৭:১২; ১ কৰিন্থীয়া ৮:১২) গতিকে, যদি কোনোবাই আপোনাৰ বিষয়ে ভুল মতামত দিয়ে, তেনেহʼলে আৱশ্যক অনুসৰি আপুনি সেই ভুল বুজাবুজিক আঁতৰ কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু প্ৰত্যেক কথাত আনৰ সন্মতি পোৱাৰ বিষয়ে অধিকৰূপে চিন্তা কৰিলে নিজৰে অনুভূতি বা আত্মসন্মানৰ হানি হʼব পাৰে। দৰাচলতে, আপোনাৰ প্ৰকৃত মূল্য এইটো কথাত নিৰ্ভৰ নকৰে যে আনে আপোনাৰ বিষয়ে কি ভাবে।

আনহাতে, আপুনি হয়তো চিনাক্ত কৰিব পাৰিব যে আপোনোৰ বিষয়ে যি নিন্দা কৰিছে সেইয়া যথাৰ্থ। ইয়াক জানিও আপুনি মনত আঘাত পাব পাৰে, কিন্তু যদি আপুনি আনন্দেৰে আৰু সম্পূৰ্ণ ন্যায়পৰায়ণেৰে নিজৰ দূৰ্ব্বলতা আৰু অসিদ্ধতাক স্বীকাৰ কৰে, তেনেহʼলে এনেবোৰ কথাৰে আপুনি নিজতে সাল-সলনি কৰি লাভৱান হʼব।

বেয়া পৰিণামসমূহ

ভুল বুজাবুজিৰ পৰিণাম অধিক বেয়া হʼব পাৰে বা বেয়া নহবও পাৰে। ধৰি লওঁক, এখন হোটেলত কোনো এজন ব্যক্তিয়ে উচ্চ স্বৰত কথা পতিছে। সেই সময়ত আপুনি হয়তো এইটো মতামত দিব যে তেওঁ নিজকে দেখুৱাব বিচাৰিছে বা আনৰ ধ্যান আকৰ্ষিত কৰিব বিচাৰিছে। আপুনি হয়তো শুনা আৰু বুজাত ভুল কৰিব পাৰে। হয়তো তেওঁৰ সৈতে কথা পতা ব্যক্তিজনে ভালকৈ শুনি নাপাই, এইবাবে উচ্চ স্বৰত কথা পাতিছে। সেইদৰে, দোকানত কাম কৰা এগৰাকী মহিলাৰ প্ৰীতিহীন আচাৰ-ব্যৱহাৰৰ দেখিছে, এইটো এইবাবেও হʼব পাৰে যে হয়তো তাইৰ শৰীৰ অসুস্থ হʼব পাৰে। যিহেতু এইদৰে ভুল বুজাবুজিৰ বাবে কোনো ব্যক্তিৰ বিষয়ে ভুল মতামত স্থাপন কৰা হয়, কিন্তু ইয়াৰ পৰিণাম বেয়া নহয় আৰু ইয়াৰ প্ৰভাৱ বহু সময়লৈকো নাথাকে। কিন্তু কেতিয়াবা ভুল বুজাবুজিৰ বাবে সৰ্বনাশো হʼব পাৰে। আঁহক এই সম্বন্ধে প্ৰাচীন ইস্ৰায়েলৰ দুটা বিৱৰণিক আলোচনা কৰোঁ।

অম্মোনীয়াসকলৰ ৰজা, নাহচৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ পুত্ৰ হানূনে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। ৰজা দায়ূদে তেওঁক তেওঁৰ পিতৃৰ মৃত্যুত শান্ত্বনা দিবলৈ তেওঁৰ ওচৰলৈ নিজৰ দূত পঠিয়ালে। কিন্তু, দূতসকল অহাৰ অৰ্থ ভুলভাৱে লোৱা হʼল আৰু মনত ভাবিব ধৰিলে যে তেওঁলোকে অম্মোনীয়া দেশৰ বিষয়ে জানিবলৈ গুপ্তচৰ হৈ আহিছে। এই ভুল বুজাবুজিৰ বাবে হানূনে প্ৰথমে তেওঁলোকক অপমান কৰিলে আৰু তাৰ পাছত ইস্ৰায়েলৰ সৈতে যুদ্ধ আৰম্ভ কৰিবলৈ ঘোষণা কৰিলে। পৰিণামস্বৰূপে, প্ৰায় ৪৭, ০০০ জন লোকৰ মৃত্যু হʼল। এইটো এইবাবে ঘটিল, কিয়নো ভাল অভিপ্ৰায়ক ভুল বুলি বুজা হʼল।—১ বংশাৱলি ১৯:১-১৯.

ইস্ৰায়েলৰ ইতিহাসত আগতেও এইদৰে ভুল বুজাবুজি উৎপন্ন হৈছিল কিন্তু তাক অলপ বেলেগ ধৰণে সমাধান কৰা হৈছিল। ৰূবেণ আৰু গাদৰ সন্তানবিলাকে আৰু মনচিৰ আধা ফৈদে একেলগে মিলি যৰ্দ্দন নদীৰ দাঁতিত সকলোৱে দেখা পোৱাকৈ এটা যজ্ঞ-বেদীৰ নিৰ্ম্মাণ কৰিলে। ইস্ৰায়েলৰ অৱশিষ্ট ফৈদে এই কাৰ্য্যক বিশ্বাসঘাতী আৰু যিহোৱাৰ বিৰোদ্ধে বিদ্ৰোহী বুলি ভাবিলে। সেইবাবে তেওঁলোকে যুদ্ধ-যাত্ৰা কৰিবৰ নিমিত্তে গোট খালে। কিন্তু, তৎক্ষণাত কোনো কাৰ্য্য কৰাৰ আগতে এই অৱশিষ্ট সেই ফৈদে তেওঁলোকলৈ দূত পঠিয়াই তেওঁলোকৰ কাৰ্য্যৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিলে। তেওঁলোকে দূত পঠোৱাৰ বাবে অতি উত্তম হʼল কিয়নো সেই বেদীক স্থাপন কৰা জাতিসকলে প্ৰত্যুত্তৰৰূপে জনালে যে সত্য উপাসনাৰ পৰা আঁতৰ হোৱাটো তেওঁলোকৰ উদ্দেশ্য নহয়। ইয়াৰ বিপৰীতে, যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ নিষ্ঠাৰ সোঁৱৰণীৰূপেহে সেই যজ্ঞ-বেদী স্থাপন কৰিছিল। এই ভুল বুজাবুজিৰ বাবে তেজৰ নদী বৈ গʼলহেঁতেন, কিন্তু বুদ্ধিমানেৰে কাৰ্য্য কৰাৰ বাবে এনেধৰণৰ সৰ্বনাশৰ পৰা ৰক্ষা পৰিল।—যিহোচূৱা ২২:১০-৩৪.

প্ৰেমেৰে ভুল বুজাবুজিক সমাধান কৰা

এই দুয়োটা ঘটনাক তুলনা কৰি আমি বহু কিছু শিকিব পাৰোঁ। নিঃসন্দেহ, ভুল বুজাবুজিক সমাধান কৰাটো বুদ্ধিমানৰ কাৰ্য্য। এতেকে ওপৰৰ ঘটনাত উল্লেখ কৰা দুয়ো পক্ষৰ লোকে সাধাৰণভাৱে কথা-বতৰা হওঁতেই কিমান লোকৰ প্ৰাণ ৰক্ষা পৰিল তাক কোনে জানে? বেছিভাগ সময়ত যদি আপুনি কোনো ব্যক্তিৰ ভাল অভিপ্ৰায়ক ভুলভাবে বুজে, তেনেহʼলে ইয়াৰ বাবে কাৰো জীৱন-মৰণৰ প্ৰশ্ন নাহে, কিন্তু নিশ্চয় বন্ধুত্ব বজাই ৰখাটো কঠিন হʼব বা নহবও পাৰে। সেইবাবে যদি আপুনি ভাবে যে কোনোবাই আপোনাৰ বিষয়ে ভুল মতামত ৰাখিছে। তেন্তে আপুনি নিশ্চিত হʼব পাৰেনে যে আপুনি বুজাত ভুল কৰা নাই, কিন্তু সঠিক অৰ্থত বুজি পাইছে? সেই ব্যক্তিজনৰ অভিপ্ৰায় কি আছিল? তেওঁক সুধক। আপুনি ভাবেনে যে আপোনাৰ বিষয়ে ভুল মতামত ৰখা হৈছে? এই বিষয়ে তেওঁৰ সৈতে কথা-বতৰা হওঁক। তেনে কৰাৰ সময়ত অহঙ্কাৰী নহব। কিয়নো তেনে কৰিলে আপুনি কেতিয়াও ভুল বুজাবুজিৰ সমাধান কৰিব নোৱাৰে।

ভুল বুজাবুজিক আঁতৰোৱাৰ বিষয়ে যীচুৱে এক উত্তম উপদেশ দি কৈছিল: “এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদিৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰাই সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা।” (মথি ৫:২৩, ২৪) গতিকে, উচিত এইটো হʼব যে আপুনি নিজেই সেই ব্যক্তিজনৰ সৈতে অকলশৰীয়াকৈ কথা-বতৰা হওঁক আৰু আনক ইয়াত চামিল নকৰিব। যি ব্যক্তি বা লোকসমূহে আপোনাক অসন্তুষ্ট কৰিছে, যদি তেওঁ আনৰ পৰা তেওঁৰ প্ৰতি থকা আপোনাৰ আপত্তি শুনে, তেনেহʼলে এই বিষয়টো অধিক বেয়ালৈহে ধাল খাব। (হিতোপদেশ ১৭:৯) প্ৰেমেৰে বিষয়টোক সমাধান কৰাটো আপোনাৰ উদ্দেশ্য হোৱা উচিত। শান্তি, স্পষ্ট, সৰল আৰু অভিযোগহীনভাবে কথা-বতৰা হৈ সমস্যাটোক কওঁক। তেওঁক কওঁক যে এই কাৰণৰ বাবে আপোনাৰ মনত আপুনি কেনেকৈ অনুভৱ কৰিছে। তেওঁৰ দৃষ্টিভঙ্গীও মনোযোগেৰে শুনক। খৰ-খেদাকৈ এনে সিদ্ধান্তত উপনীত নহব যে তেওঁৰ অভিপ্ৰায় ভাল নহয়। ইয়াৰ বিপৰীতে আপুনি ভৰসা কৰক যে সেই ব্যক্তিজনৰ অভিপ্ৰায় ভাল আছিল। কিয়নো বাইবেলে কৈছে যে প্ৰেমে “সকলোতে বিশ্বাস কৰে।”—১ কৰিন্থীয়া ১৩:৭.

এইটো সত্য যে ভুল বুজাবুজি আঁতৰোৱাৰ পাছতো কিছুমান লোকৰ মনত তেতিয়াও বেজাৰ থাকে বা তেওঁলোকে বেয়া পৰিণাম ভূগিব পৰে। তেনে সময়ত কি কৰিব পৰা যায়? যদি আৱশ্যক হয়, হৃদয়েৰে ক্ষমা বিচৰাটো অতি উত্তম হʼব, লগতে সমস্যাটোক ঠিক কৰিবলৈ যদি অতিৰিক্ত কাৰ্য্য কৰিবলগীয়া হয় তেনেহʼলে তাকো কৰা উচিত। এনেধৰণৰ পৰিস্থিতিত ভুল বুজাবুজিৰ পৰিণাম ভোগীবলগীয়া ব্যক্তিয়ে বাইবেলৰ এই উপদেশক পালন কৰে তেনেহʼলে লাভৱান হʼব। কিয়নো বাইবেল এইদৰে পৰামৰ্শ দিছে: “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোনো জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা: আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা; সেয়ে সৰ্ব্বসিদ্ধৰ বান্ধনি।”—কলচীয়া ৩:১৩, ১৪; ১ পিতৰ ৪:৮.

যেতিয়ালৈকে আমি অসিদ্ধ হৈ থাকিম আমাৰ মাজত ভুল বুজাবুজি থাকিবই আৰু লোকসকলে মনত আঘাত পায়ে থাকিব। যিকোনো ব্যক্তিৰে ভুল হʼব পাৰে বা যিকোনো ব্যক্তিয়ে এনেধৰণে কথা-বতৰা পাতিব পাৰে, যিয়ে শুনোতাসকলে আঘাট বা বেয়া পাব পাৰে। এই কাৰণে বাইবলে কৈছে: “কোনোৱে যদি বাক্যত ক্ৰটি নকৰে, তেওঁহে সিদ্ধ লোক, গোটেই শৰীৰকো দমন কৰিবলৈ সমৰ্থ।” (যাকোব ৩:২) যিহোৱা ঈশ্বৰে আমাৰ এই দুৰ্ব্বলতাৰ বিষয়ে ভালদৰে জানে, সেইবাবে তেওঁ আমাক উপদেশ দিছে: “তোমাৰ মনক হঠাতে খং উঠিবলৈ নিদিবা; কিয়নো অজ্ঞানবোৰৰ বুকুৱেই খঙৰ আশ্ৰয়। লোকে কথা পতা আটাই কথালৈ মন নিদিবা, কিয়নো যদি আপুনি তেনে কৰে, কিজানি তোমাৰ দাসে তোমাৰ শাও দিয়াহে শুনিব। কাৰণ, তুমিও যে আনবিলাকক সেই দৰে শাও দিয়া, তাক তোমাৰ মনে অনেকবাৰ জানিবলৈ পাইছে।”—উপদেশক ৭:৯, ২১, ২২.

“যিহোৱাই হৃদয় পৰীক্ষা কৰে”

যদি কোনোবাই আপোনাৰ বিষয়ে ভুল মতামত দিছে আৰু তাক দূৰ কৰাটো অসম্ভৱ যেন লাগিছে, সেই সময়ত আপুনি কি কৰিব পাৰে? নিৰাশ নহʼব! যিমান সম্ভৱ হয় খ্ৰীষ্টীয় গুণবোৰৰ অনুসাৰে কাৰ্য্য কৰিবলৈ চেষ্টা কৰক। যʼত শুধৰণি কৰা আৱশ্যক, তাক কৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক। দৰাচলতে আপোনাৰ প্ৰকৃত মূল্য আন মানুহে নিৰ্দ্ধাৰিত কৰিব নোৱাৰে। মাত্ৰ যিহোৱাই সঠিকভাৱে “হৃদয় পৰীক্ষা” কৰিব পাৰে। (হিতোপদেশ ২১:২) ক্ষন্তেক চিন্তা কৰক, যীচুকো মানুহবিলাকে তুচ্ছ জ্ঞান কৰি তিৰস্কাৰ কৰিছিল কিন্তু ইয়ে যিহোৱাৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভঙ্গীক সলনি কৰিব নোৱাৰিলে। (যিচয়া ৫৩:৩) কিছুমান লোকে হয়তো আপোনাক ভুল বুজিব পাৰে, কিন্তু আপুনি যিহোৱাৰ সন্মূখত “সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি” কʼব পাৰে আৰু ভৰসা ৰাখিব পাৰে যে তেওঁ আপোনাক বুজি পাই, “কিয়নো মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়; কাৰণ মানুহে, যি দেখিব পাৰি, তালৈ চায়, কিন্তু যিহোৱাই মনলৈ দৃষ্টি ৰাখে।” (গীতমালা ৬২:৮; ১ চমূৱেল ১৬:৭) যদি আপুনি ভাল কাৰ্য্যত লাগি থাকে, যিসকলে আপোনাৰ বিষয়ে ভুল মতামত ৰাখিছে, সময় যোৱাৰ লগে-লগে তেওঁলোকে নিজৰ ভুল উপলব্ধি কৰিব আৰু আপোনাৰ বিষয়ে নিজৰ ভুল মতামতক সলনি কৰিব।—গালাতীয়া ৬:৯; ২ তীমথিয় ২:১৫.

এই লেখৰ আৰম্ভণিতে উল্লেখ কৰা এন্টনিয়ৰ কথা মনত আছেনে? তেওঁ বাইবেলৰ উপদেশক পালন কৰিবলৈ সাহস গোটাই তেওঁৰ বন্ধু লিয়নাৰ্ডʼৰ সৈতে কথা পাতি সুধিলে যে তেওঁ কি ভুল কৰিলে যাৰ বাবে তেওঁক বেয়া পালে আৰু কথা-বতৰা বন্ধ কৰিলে। এই কথা-বতৰাৰ ফলাফল কি হʼল আপুনি জানেনে? লিয়নাৰ্ড আচৰিত হʼল। তেওঁ কʼলে যে এন্টনিয়ই তেনেধৰণৰ একো কৰা নাই যাৰ বাবে তেওঁ দুখীত হʼব। লিয়নাৰ্ডʼই এন্টনিয়ক বিশ্বাস দিলে যে তেওঁৰ সৈতে এইদৰে ব্যৱহাৰ কৰাৰ কোনো অভিপ্ৰায় নাছিল। লিয়নাৰ্ডʼই কʼলে, তোমাক যদি কেতিয়াবা এনে লাগে যে মই কথা পতা বন্ধ কৰি দিছিলোঁ, তেনেহʼলে হʼব পাৰে সেই সময়ত মই হয়তো নিজতে মগ্ন আছিলোঁ। তেওঁ অজানিতে নিজৰ বন্ধুক দুখিত কৰাৰ বাবে লিয়নাৰ্ডʼই এন্টনিয়ৰ পৰা ক্ষমা বিচাৰিলে। লগতে ইয়াৰ প্ৰতি তেওঁৰ ধ্যান আকৰ্ষিত কৰাৰ বাবে এন্টনিয়ক ধন্যবাদ জনালে। তেওঁ কʼলে যে আগলৈ তেওঁ সাৱধান হʼব যে তেওঁৰ আচৰণৰ বাবে আনে ভুল বুজাবুজি নহয়। তেওঁলোকৰ মাজত থকা ভুল বুজাবুজিৰ দেৱালখন আঁতৰি গʼল আৰু দুয়োজনে আগৰ দৰে আনন্দেৰে থাকিবলৈ ধৰিলে।

কোনাবাই আমাৰ বিষয়ে ভুল মতামত দিব পাৰে, তেনে কৰাটো আমি কেতিয়াও ভাল নাপাওঁ। কিন্তু যদি আমি সেই বিষয়টোক সমাধান কৰিবলৈ বাইবেলত উল্লেখ কৰা প্ৰেম আৰু ক্ষমাৰ সিদ্ধান্তক পালন কৰোঁ, তেনেহʼলে সম্ভৱ আপুনিও ভাল ফল পাব পাৰে। (w01 4/1)

[ফুটনোটবোৰ]

^ এই লেখত আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[২৯ পৃষ্ঠাৰ ছবি]

প্ৰেম আৰু ক্ষমাৰ দ্বাৰা ভুল বুজাবুজিৰ সমস্যাৰ সমাধান কৰি ভাল ফল পোৱা যায়