Skip to content

Skip to table of contents

ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ প্ৰতি মনোযোগ দিয়ক

ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ প্ৰতি মনোযোগ দিয়ক

ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ প্ৰতি মনোযোগ দিয়ক

“হে মোৰ ঈশ্বৰ যিহোৱা, তুমি কৰা আচৰিত কাৰ্য্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সঙ্কল্পও অনেক; তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি।”গীতমালা ৪০:৫.

১, ২. আমাৰ ওচৰত ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ সম্পৰ্কে কেনে প্ৰমাণ আছে আৰু এইবিলাকে আমাক কি কৰিবলৈ প্ৰেৰণা দিয়ে?

 আপুনি যেতিয়া বাইবেল পঢ়ে, তেতিয়া ঈশ্বৰে প্ৰাচীন ইস্ৰায়েল লোকসকলৰ বাবে কৰা আচৰিত কাৰ্য্যসমূহক নিশ্চয়ে দেখিবলৈ পায়। (যিহোচূৱা ৩:৫; গীতমালা ১০৬:৭, ২১, ২২) বৰ্তমান সময়ত যদিও ঈশ্বৰে মানুহৰ কৰ্ম্মবোৰত হস্তক্ষেপ কৰা নাই, তথাপিও আমি আমাৰ চাৰিওফালে প্ৰচুৰমাত্ৰাত যিহোৱাৰ আচৰিত কাৰ্য্যসমূহৰ প্ৰমাণ দেখিবলৈ পাওঁ। এতেকে আমিও গীতমালা লিখকৰ দৰে কʼবলৈ কাৰণ আছে, তেওঁ এইদৰে কৈছিল: “হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ! জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; তোমাৰ ঐশ্বৰ্য্যেৰে পৃথিবীখন পৰিপূৰ্ণ।”—গীতমালা ১০৪:২৪; ১৪৮:১-৫.

বৰ্তমান সময়ত বহুতে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে দেখিবলৈ পোৱা প্ৰমাণসমূহক অস্বীকাৰ বা সেইবিলাকৰ প্ৰতি আওকাণ কৰে। (ৰোমীয়া ১:২০) কিন্তু আমি তেওঁৰ সপক্ষে পোৱা প্ৰমাণবোৰক ভালকৈ প্ৰতিফলিত কৰোঁ, তেওঁৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখোঁ আৰু তেওঁৰ প্ৰতি থকা আমাৰ দায়ীত্ববোৰক পালন কৰোঁ। ইয়োব ৩৮ অধ্যায়ৰ পৰা লৈ ৪১ অধ্যায়ত বৰ্ণনা কৰিছে যে যিহোৱাই ইয়োবক তেওঁৰ কিছুমান আচৰিত কৰ্ম্মৰ প্ৰতি মন দিবলৈ কৈছিল। ঈশ্বৰে ইয়োবৰ সন্মূখত দাঙি ধৰা কিছুমান বিষয়ক বিবেচনা কৰক।

তেওঁৰ কৰ্ম্ম শক্তিশালী আৰু আচৰিত

৩. ইয়োব ৩৮:২২, ২৩, ২৫-২৯ পদত উল্লেখ কৰা বিবৰণীৰ অনুসাৰে ঈশ্বৰে কিহৰ বিষয়ে প্ৰশ্ন কৰিছিল?

এটা বিষয়ত ঈশ্বৰে ইয়োবক সুধিছিল: “সঙ্কটৰ কালৰ নিমিত্তে, আৰু ৰণ বা যুদ্ধদিনৰ নিমিত্তে, মই যি হিম আৰু শিলাবৃষ্টি সাঁচি থৈছিলোঁ, সেই হিমৰ ভঁৰালত তুমি সোমাইছিলা নে? তুমি সেই শিলৰ ভঁৰাল দেখিছিলা নে?” পৃথিৱীৰ বহু স্থানত হিম আৰু শিলাবৃষ্টি মানুহৰ বাবে সাধাৰণ কথা। সেই শাস্ত্ৰপদত আগলৈ ঈশ্বৰে এইদৰে কৈছিল: “নিৰ্জন দেশত বৰষাবলৈ, আৰু মানুহ নথকা অৰণ্যত বৰষুণ দিবলৈ, পতিত আৰু উচ্ছন্ন ভূমিক তৃপ্ত কৰিবলৈ, আৰু কুমলীয়া ঘাঁহবোৰ গজাবলৈ, পানীৰ ঢলৰ নিমিত্তে নলা, বা মেঘ-গৰ্জ্জনৰ লগৰ বিজুলীৰ নিমিত্তে বাট কোনে কাটিলে? বৃষ্টিৰ জানো পিতৃ আছে? বা নিয়ৰৰ বিন্দুসমূহ জানো কোনোবাই প্ৰসৱ কৰিলে? কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হল? আৰু আকাশৰ গোট বন্ধা নিয়ৰ কাৰ ঔৰসত জন্ম পালে?”—ইয়োব ৩৮:২২, ২৩, ২৫-২৯.

৪-৬. হিমৰ বিষয়ে মানুহৰ জ্ঞান কিমান সীমিত?

কিছুমানে অত্যন্ত ব্যস্ত সমাজত বাস কৰে আৰু হিম পৰা ৰাস্তাৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হয়। আন কিছুমানে এই হিম পৰা জাৰকালত আনন্দিত হয়, কিয়নো ইয়ে তেওঁলোকলৈ এক বিশেষ কাৰ্য্যৰ বাবে পথ মুকলি কৰে। হিমৰ বিষয়ে ঈশ্বৰে কৰা প্ৰশ্নৰ কথা মনত ৰাখি, আপুনি জানেনে যে সেই হিম দেখাত কেনেকুৱা আৰু তাৰ বিষয়ে আপোনাৰ কোনো জ্ঞান আছেনে? আপুনি হয়তো কʼব পাৰে, আমি হিমৰ বিষয়ে বহুকিছু জানো। আমি চাগৈ কোনো ছবিত হিমেৰে ভৰি থকা দেখিছোঁ বা আমি সঁচাকৈ বহুতো হিম দেখিছোঁ। কিন্তু ব্যক্তিগতভাৱে আপুনি হিমকণিকাৰ বিষয়ে জানেনে? আপুনি জানেনে যে আচলতে সেইবোৰ দেখাত কেনেকুৱা বা সেইবোৰ কʼৰ পৰা আহিছে?

কিছুমান ব্যক্তিয়ে হিমকণিকাৰ বিষয়ে জানিবলৈ বহুবছৰ সময় অতিবাহিত কৰিলে। তেওঁলোকে জানিব পাৰিলে যে হিমকণিকা হৈছে শ-শ কোমল স্ফটিকৰ দ্বাৰা গঠিত। ইয়াক বিভিন্ন মনোৰম আকাৰত পোৱা যায়। এটমছফিয়াৰ নামৰ এখন কিতাপে এইদৰে কৈছে: “অন্তহীন বিভিন্ন হিমকণিকা ৰোমাঞ্চজনক আৰু যদিও বৈজ্ঞানীকসকক প্ৰাকৃতিক নিয়মে প্ৰতিৰূপ হিমকণিকা বনোৱাত কোনো বাধা দিয়া নাই, কিন্তু তথাপিও হিমকণিকাৰ প্ৰতিৰূপ বনাব পৰা নায়। গভীৰভাৱে পৰীক্ষা কৰা . . . উইলচন এ. বেনটেলী নামৰ এজন বৈজ্ঞানীয়ে হিমকণিকা আচলতে দেখাত কেনেকুৱা, এই সম্পৰ্কে ৪০ বছৰ ধৰি নিৰীক্ষণ কৰিছিল আৰু অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা হিমকণিকাৰ বিভিন্ন ফটো তুলিছিল।” যদিও বহু কম ক্ষেত্ৰতে দুটা হিমকণিকা একেই যেন দেখা যায়, কিন্তু আচলতে সেইবিলাকত বৃহৎ হিমকণিকাৰ ভিন্নতা দেখিবলৈ পোৱা নাযায় নে?

ঈশ্বৰে কৰা প্ৰশ্নটোৰ কথা স্মৰণ কৰক, তেওঁ কৈছিল: “হিমৰ ভঁৰালত তুমি সোমাইছিলা নে?” বহুতে ভাবিব পাৰে যে ইয়াত উল্লেখ কৰা শব্দটোৰ অৰ্থ হৈছে হিমৰ ভঁৰাল যেন লগা মেঘক বুজাইছে। কিন্তু আপুনি কল্পনা কৰিব পাৰেনে যদি মেঘক হিমৰ ভঁৰাল বুলি কোৱা হয় তেনেহʼলে বৰফত বিভিন্ন আকাৰত থকা হিমকণিকাৰ তালিকা প্ৰস্তুত আৰু তাক কেনেকৈ নিৰীক্ষণ কৰিব পাৰিলেহেঁতেন? এখন বিজ্ঞান বিশ্বকোষে এইদৰে কৈছে: “বৰফৰ স্বাভাৱিক গুণ আৰু ইয়াৰ পৰমাণু গোট মাৰিবলৈ মেঘৰ তাপমান প্ৰায় -৪০ ছেলচিয়েচ হোৱা আৱশ্যক। তথাপিও ইয়াৰ বিষয়ে স্পষ্টকৈ বুজিব পৰা নায়।”—গীতমালা ১৪৭:১৬, ১৭; যিচয়া ৫৫:৯, ১০.

৭. বৰষুণৰ সম্বন্ধে মানুহৰ কিমান জ্ঞান আছে?

আপুনি বৰষুণৰ বিষয়ে কি জানে? যিহোৱাই ইয়োবক এইদৰে সুধিছিল: “বৃষ্টিৰ জানো পিতৃ আছে? বা নিয়ৰৰ বিন্দুসমূহ জানো কোনোবাই প্ৰসৱ কৰিলে?” এই বিষয়ে সেই একেই বিজ্ঞান বিশ্বকোষে কৈছে: “বায়ুমণ্ডলৰ জটিল সঞ্চাৰণ, বায়ুত থকা বাষ্প আৰু অণুৰ বৃহতভাৱে হোৱা পৰিৱৰ্তনশীলতাই দেখুৱাইছে যে সাধাৰণতে যিদৰে মেঘৰ বৃদ্ধি হয় সেই অনুসাৰে ইয়াৰ গঠনৰ সম্পৰ্কে বৰ্ণনা কৰাটো অসম্ভৱ।” আচলতে বৈজ্ঞানীকসকলে বৰষুণৰ সম্পৰ্কে সম্পূৰ্ণ তথ্য দাঙি ধৰিব নোৱাৰি ইয়াৰ বিষয়ে সাধাৰণভাৱে বাখ্যা কৰিলে। অৱশ্যে আপুনি বৰষুণৰ পৰা হোৱা লাভসমূহৰ বিষয়ে জানে, যেনে, বৰষুণে গছ-গছনি জীয়াই ৰাখে আৰু পৃথিৱীত সকলো প্ৰাণী জীয়াই থাকিবলৈ সম্ভৱ কৰি তুলিছে।

৮. পাঁচনিৰ কৰ্ম্ম ১৪:১৭ পদত লিখা পৌলৰ বাক্য কিয় যথোপযুক্ত?

এতেকে আপুনি পাঁচনী পৌলৰ অভিমতৰ সৈতে সন্মত নহব নে? কিয়নো, তেওঁ পৃথিৱীত থকা আচৰিত কৰ্ম্মসমূহে সৃষ্টিকৰ্ত্তাৰ সম্পৰ্কে কি কয় তাক দৃষ্টি কৰিবলৈ সকলোকে জোৰ দি কৈছিল। পৌলে যিহোৱা ঈশ্বৰৰ বিষয়ে এইদৰে কৈছিল: “তথাপি মঙ্গলকাৰী হৈ তোমালোকলৈ আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দৰে তোমালোকৰ হৃদয় তৃপ্ত কৰাই, সাক্ষী নথকাকৈ নিজকে নেৰিলে, এনে যি জীৱনময় ঈশ্বৰ।”—পাঁচনিৰ কৰ্ম্ম ১৪:১৭; গীতমালা ১৪৭:৮.

৯. ঈশ্বৰৰ আচৰিত কৰ্ম্মসমূহে কেনেকৈ তেওঁৰ শক্তিক প্ৰতিফলিত কৰিছে?

ইয়াত কোনো সন্দেহ নাই যে আচৰিত আৰু লাভজনক কৰ্ম্ম কৰোঁতাজনৰ অসীম জ্ঞান আৰু শক্তি আছে। উদাহৰণস্বৰূপে তেওঁ শক্তিৰ বিষয়ে বিবেচনা কৰক: জানিব পৰা অনুসাৰে প্ৰত্যেকদিনা প্ৰায় ৪৫, ০০০ টা প্ৰকাণ্ড ধুমুহা বতাহ আহে, এক বছৰত ১. ৬ কোটিতকৈও অধিক। ইয়াৰ অৰ্থ হৈছে এবাৰতে ২, ০০০ টা ধুমুহা বতাহ আহে। এটা বজ্ৰপাতৰ শক্তি দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ কৰা পৰমাণবিক বোমাতকৈ দহ গুণ অধিক। আপুনি তাৰে কিছুমাত্ৰা শক্তিক বিজুলী ৰূপত নিশ্চয়ে দেখিছে। আচলতে এই ভয়ানক বিজুলীয়ে ভূমিত নাইট্ৰʼজেন উৎপন্ন কৰে। গছ-গছনিয়ে সেই নাইট্ৰজেনক প্ৰাকৃতিক উৰ্বৰতা হিচাপে গ্ৰহণ কৰে। গতিকে বিজুলীয়ে মাত্ৰ শক্তিয়ে দিয়ে এনে নহয়, কিন্তু লাভসমূহো প্ৰদান কৰে।—গীতমালা ১০৪:১৪, ১৫.

আপুনি কেনে সিদ্ধান্তত উপনীত হʼব?

১০. ইয়োব ৩৮:৩৩-৩৮ পদত কোৱা প্ৰশ্নসমূহৰ উত্তৰ আপুনি কেনেকৈ দিব?

১০ কল্পনা কৰক সৰ্বশক্তিমান ঈশ্বৰে যেতিয়া ইয়োবক প্ৰশ্ন সুধিছিলে, তেতিয়া তেওঁৰ পৰিৱৰ্তে আপুনি তাত উপস্থিত আছিল। আপুনি নিশ্চয়ে সন্মত হলেহেঁতেন যে বহুতো কমলোকেহে ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ প্ৰতি গুৰুত্ব দিয়ে। ইয়োব ৩৮:৩৩-৩৮ পদত উল্লেখ কৰা প্ৰশ্নটো যিহোৱাই আমাক সুধিছে। তাত এইদৰে কৈছে: “তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে? পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পৰা নে? ধল পানীয়ে তোমাক ঢাকিবৰ নিমিত্তে, তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পৰা নে? তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে? সেইবোৰে জানো তোমাক কব, যে, এইয়া আমি? ঘন মেঘক কোনে জ্ঞান দিলে? আৰু পপীয়া-তৰাক কোনে বুদ্ধি দিলে? কোনে জ্ঞানেৰে মেঘসমূহক গণনা কৰিব পাৰে? যেতিয়া ধূলিবোৰ বৈ গৈ গোট খায়, আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?”

১১, ১২. কেনে বস্তুবোৰত ঈশ্বৰৰ আচৰিত কৰ্ম্মসমূহৰ প্ৰমাণ দেখিবলৈ পোৱা যায়?

১১ ইলীহূয়ে ইয়োবৰ সৈতে আলোচনা কৰা মাত্ৰ কিছুমান বিষয়কহে আমি বিবেচনা কৰিলোঁ। তদুপৰি যিহোৱাই ইয়োবক কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ “বীৰৰ দৰে কঁকাল বান্ধা” ব্যক্তিৰদৰে দিবলৈ কোৱাৰ বিষয়েও জানিব পাৰিলোঁ। (ইয়োব ৩৮:৩) ইয়াত আমি এইবাবে “কিছুমান” বুলি উল্লেখ কৰিছোঁ, কিয়নো ৩৮ আৰু ৩৯ অধ্যায়ত ঈশ্বৰে তেওঁৰ সৃষ্টিৰ আন কিছুমান বস্তুকো ধ্যান দিবলৈ কৈছিল। উদাহৰণস্বৰূপে, আকাশত থকা নক্ষত্ৰ মণ্ডল। কোনে তাৰ নিয়ম বা স্থিতিৰ সম্পৰ্কে জানে? (ইয়োব ৩৮:৩১-৩৩) যিহোৱাই ইয়োবক কিছুমান জীৱ-জন্তুৰ ওপৰত ধ্যান দিবলৈ কৈছিল, যেনে, সিংহ আৰু ঢোৰা কাউৰী, পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰ আৰু জেব্ৰা, বনৰীয়া ষাঁৰ আৰু উট পখী, বলৱান ঘোঁৰা আৰু ঈগল চৰাই। এইবিলাকৰ বিষয়ে ঈশ্বৰে ইয়োবক সুধিছিল যে যদি তেওঁ এই বিভিন্ন জন্তুবিলাকৰ বৈশিষ্ট গুণ দিব বা সেইবিলাকক জীয়াই থকা আৰু ডাঙৰ-দীঘল কৰিব পাৰিলেহেঁতেঁন। আপুনি নিশ্চয়ে ঘোঁৰা বা আন জীৱ-জন্তুবোৰৰ সম্পৰ্কে অধ্যয়ন কৰি আনন্দিত হʼব।—গীতমালা ৫০:১০, ১১.

১২ আপুনি ইয়োব ৪০ আৰু ৪১ অধ্যায়ক পৰীক্ষা কৰিব পাৰে। ইয়াত যিহোৱাই পুনৰ ইয়োবক বিশেষকৈ দুটা জন্তুৰ বিষয়ে প্ৰশ্ন সুধিছিল। আমি বুজিব পৰা অনুসাৰে এটা জন্তু হৈছে জলহস্তী (বহেমোৎ)। তাৰ প্ৰকাণ্ড আকাৰ, শক্তিশালী শৰীৰ আছে। আনটো জন্তু হৈছে নীল নদীত থকা কুম্ভীৰ (লিবিয়াথন)। প্ৰত্যেকটো জন্তুকে আচৰিতভাৱে সৃষ্টি কৰা হৈছে আৰু এইবোৰ সঁচাকৈ মন কৰিবলগীয়া। আঁহক আমি পৰীক্ষা কৰি চাওঁহঁক যে আমি কেনে সিদ্ধান্তত উপনীত হʼব পাৰোঁ।

১৩. ঈশ্বৰে কৰা প্ৰশ্নসমূহে ইয়োবৰ মনত কেনে বিচাৰ সৃষ্টি কৰিলে আৰু আমি কেনেদৰে প্ৰভাৱিত হোৱা উচিত?

১৩ ইয়োব ৪২ অধ্যায়ত দেখুৱাইছে যে ঈশ্বৰে সুধা প্ৰশ্নসমূহে ইয়োবৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল। প্ৰথমতে ইয়োবে নিজক আৰু আনৰ প্ৰতি বেছি গুৰুত্ব দিছিল। কিন্তু ঈশ্বৰে প্ৰশ্নবোৰৰ দ্বাৰা ইয়োবক সংশোধন কৰাত, তেওঁ নিজৰ বিচাৰধাৰা সলনি কৰে। তেওঁ এইদৰে নিজৰ দোষ স্বীকাৰ কৰে: “মই জানো, যে, তুমি সকলোকেই কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়। এই যি জনে বিনাজ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখে, এইটো কোন? সেইদৰে কৰি, মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই কলোঁ।” (ইয়োব ৪২:২, ৩) ইয়োবে ঈশ্বৰৰ কৰ্ম্মসমূহত দৃষ্টি কৰাত, তেওঁ নিজেই স্বীকাৰ কৰিছিল যে বাস্তৱতে তেওঁৰ বাবেও সেইবোৰ আচৰিত আছিল। তেওঁ কি সিদ্ধান্তত উপনীত হৈছিল? যিহোৱাৰ অপৰিমিত শক্তি আৰু সমৰ্থত আমি মাত্ৰ প্ৰভাৱিত হোৱাটেৱেই যথেষ্ট নে? বা আমি সেইবোৰৰ দ্বাৰা কাৰ্য্য কৰিবলৈ প্ৰেৰিত হম নে?

১৪. ৰজা দায়ূদে ঈশ্বৰৰ আচৰিত কৰ্ম্মসমূহৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

১৪ গীতমালা ৮৬ অধ্যায়ত আমি ৰজা দায়ূদে লিখা একেই বিবৃতি পঢ়িবলৈ পাওঁ। তেওঁ এইদৰে লিখিছিল: “গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম্ম দেখুৱায়। দিনে দিনৰ আগত কথা কয়; ৰাতিয়ে ৰাতিৰ আগত জ্ঞান প্ৰচাৰ কৰে।” (গীতমালা ১৯:১, ২) কিন্তু ৰজা দায়ূদে আগলৈ কোৱা কথাষাৰ আমি গীতমালা ৮৬:১০, ১১ পদত এইদৰে পঢ়িবলৈ পাওঁ: “হে যিহোৱা, মোক তোমাৰ পথ শিকোৱা, মই তোমাৰ সত্যতাত চলিম; তোমাৰ নামলৈ ভয় ৰাখিবলৈ মোক একান্ত মন দিয়া।” ৰজা দায়ূদে সৃষ্টিকৰ্ত্তাৰ আচৰিত কৰ্ম্মসমূহ দেখি বিস্ময় মানিছিল আৰু ঈশ্বৰীয় ভয় প্ৰকাশ কৰিবলৈ প্ৰেৰিত হৈছিল। আপুনি তেওঁৰ কাৰ্য্যবোৰৰ প্ৰতি প্ৰশংসা কৰিব পাৰে। যিদৰে ৰজা দায়ূদে এই আচৰিত বস্তুসমূহৰ সৃষ্টিকৰ্ত্তাক অসন্তুষ্ট কৰিব নিবিছাৰিছিল, তেনেকৈ আমিও কৰাটো উচিত।

১৫. ঈশ্বৰৰ প্ৰতি ৰজা দায়ূদে ঈশ্বৰীয় ভয় প্ৰদৰ্শন কৰাটো কিয় যুক্তিসঙ্গত?

১৫ ৰজা দায়ূদে নিশ্চয়ে জানিছিল যে ঈশ্বৰে তেওঁৰ প্ৰচুৰ শক্তিক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু যিসকলে তেওঁক বিতুষ্টি কৰে, তেওঁলোকৰ বিপক্ষে সেই শক্তিক প্ৰয়োগ কৰে। তেওঁলোকৰ বাবে সেই শক্তি কিমান যে ভয়াবহজনক! ঈশ্বৰে ইয়োবক এইদৰে সুধিছিল: “সঙ্কটৰ কালৰ নিমিত্তে, আৰু ৰণ বা যুদ্ধদিনৰ নিমিত্তে, মই যি হিম আৰু শিলাবৃষ্টি সাঁচি থৈছিলোঁ, সেই হিমৰ ভঁৰালত তুমি সোমাইছিলা নে?” হিম, শিলাবৃষ্টি, ধুমুহাবতাহ আৰু বজ্ৰপাত এই সকলোবোৰ ঈশ্বৰৰ অস্ত্ৰ। এই প্ৰাকৃতিক শক্তিবোৰ কিমান যে শক্তিশালী!—ইয়োব ৩৮:২২, ২৩.

১৬, ১৭. কেনেবোৰ উদাহৰণে প্ৰকাশ কৰিছে যে ঈশ্বৰৰ প্ৰচুৰ শক্তি আছে আৰু প্ৰাচীনসময়ত তেওঁ সেই শক্তিক কেনেকৈ ব্যৱহাৰ কৰিলে?

১৬ সম্ভৱতঃ আপুনি এনে কিছুমান প্ৰাকৃতিক দুৰ্য্যোগৰ কথা মনত পেলাব পাৰে, যেনে, অতি ভয়ানক ধুমুহা, প্ৰচণ্ড ঘূৰ্ণিবতাহ, শিলাবৃষ্টি বা বান-পানী। উদাহৰণস্বৰূপে ১৯৯৯ চনৰ শেষৰফালে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম ভাগত প্ৰচণ্ড ধুমুহাই সকলোবোৰ ধ্বংস হৈছিল। এই ধুমুহাই বতৰৰ আগজাননী দিয়া বৈজ্ঞানীককো আচিৰত কৰি তুলিছিল। এই ধুমুহা প্ৰতি ঘন্টাত ২০০ কিলোমিটাৰ বেগেৰে বলিছিল, ফলস্বৰূপে হাজাৰ-হাজাৰ ঘৰ, বিজুলী লাইন উঘালি পেলাইছিল আৰু বহুতো মালবাহী ট্ৰাক বেয়াকৈ ধ্বংস কৰিছিল। আপুনি মানৱীয় দৃষ্টিৰে চাবলৈ চেষ্টা কৰক: সেই প্ৰচণ্ড ধুমুহাৰ ফলত ২৭ কোটি গছ-গছনি উভালি পৰিছিল বা আধা টুকুৰা হৈ গৈছিল। তাৰে ১০, ০০০ জোপা গছ পেৰিচ চহৰৰ বাহিৰত থকা ভাৰচেইলা নামৰ উদ্যানৰ আছিল। লাখ-লাখ ঘৰত বিজুলী সংযোগ নষ্ট হৈছিল আৰু প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল। যদিও সেই ধুমুহা ক্ষন্তেকীয়া আছিল, কিন্তু কিমান যে শক্তিশালী আছিল!

১৭ হয়তো কোনো এজনে কʼব পাৰে যে ধুমুহা হঠাৎ আহে, ইয়াৰ কোনো দিশ আৰু নিয়ন্ত্ৰণ নাই। কিন্তু যদি সকলো শক্তিশালী শক্তিক এটা আচৰিত কাৰ্য্য সম্পন্ন কৰিবলৈ দিশ আৰু নিয়ন্ত্ৰণ দি ব্যৱহাৰ কৰাহলে কি হʼলহেঁতেন? ঈশ্বৰে অব্ৰাহামৰ দিনত চদোম আৰু গমোৰা দেশক বিনষ্ট কৰিবলৈ তেওঁ এই প্ৰাকৃতিক শক্তিক নিয়ন্ত্ৰণ কৰি ব্যৱহাৰ কৰিলে। তাত বাস কৰা লোকসকল অত্যন্ত দুষ্ট আছিল, তাত থকা ধাৰ্ম্মিক ব্যক্তিসকলৰ কাতৰোক্তি ঈশ্বৰে শুনিছিল। ঈশ্বৰে সেই ধাৰ্ম্মিকসকলক তেওঁৰ ধ্বংসৰ পৰা ৰক্ষা কৰিছিল। এই ধ্বংসৰ সম্পৰ্কে ইতিহাসে এইদৰে উল্লেখ কৰিছে: ‘এনেতে যিহোৱাই সেই নগৰৰ ওপৰত আকাশৰ পৰা গন্ধক আৰু অগ্নি বৰষালে।’ ঈশ্বৰে ধাৰ্ম্মিক লোকক ৰক্ষা কৰিবলৈ দুষ্ট লোকক ধ্বংস কৰা কাৰ্য্য অতি আচৰিত কৰ্ম্ম আছিল।—আদিপুস্তক ১৯:২৪.

১৮. যিচয়া ২৫ অধ্যায়ত ঈশ্বৰৰ কেনে আচৰিত কৰ্ম্মৰ বিষয়ে উল্লেখ কৰিছে?

১৮ যিচয়া ২৫ অধ্যায়ত উল্লেখ কৰিছে যে পাছলৈ যিহোৱাই প্ৰাচীন বাবিলৰ অহিতে নিজৰ ন্যায় ঘোষণা কৰিলে। ঈশ্বৰে এইদৰে ভৱিষ্যতবাণী কৰিছিল: “তুমি নগৰখনক ভগ্নৰাশি, গড়েৰে আবৃত নগৰক ভগ্নাৱশেষ কৰিলা, বিদেশীবিলাকৰ ৰাজপুৰী পুৰী নোহোৱা কৰিলা, তাক কেতিয়াও সজোৱা নহব।” (যিচয়া ২৫:২) বৰ্তমান সময়ত যিসকলে সেই ঠাইলৈ ভ্ৰমণ কৰিবলৈ যায় তেওঁলোকে স্বীকাৰ কৰে যে যিহোৱাই কোৱা ভৱিষ্যতবাণী আখৰে-আখৰে পূৰ্ণ হʼল। বাস্তৱতে বাবিল চহৰখনৰ ধ্বংস কোনো আকস্মিক ঘটনাৰ ফলত হৈছিল নে? নিশ্চয়ে নহয়। এই সম্পৰ্কে যিচয়া ভৱিষ্যতবক্তাই এইদৰে কৈছিল: “হে যিহোৱা তুমি মোৰ ঈশ্বৰ; মই তোমাক উন্নত কৰিম, তোমাৰ নামৰ প্ৰশংসা কৰিম; কিয়নো তুমি আচৰিত কৰ্ম্ম কৰিলা, আগৰ কালৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলা।”—যিচয়া ২৫:১.

ভৱিষ্যতে হʼবলগীয়া আচৰিত কাৰ্য্যসমূহ

১৯, ২০. যিচয়া ২৫:৬-৮ পদত উল্লেখ কৰা ভৱিষ্যতবাণী পূৰ্ণ হোৱাৰ সম্বন্ধে আমি কি আশা ৰাখিব পাৰোঁ?

১৯ ঈশ্বৰে যিদৰে প্ৰাচীনকালত ওপৰত উল্লেখ কৰা ভৱিষ্যতবাণীসমূহ পূৰ্ণ কৰিলে, তেনেকৈ ভৱিষ্যতেও কৰিব। যিচয়া পুস্তকত উল্লেখ কৰা ঈশ্বৰৰ “আচৰিত কৰ্ম্ম,” হৈছে ভৱিষ্যতে পূৰ্ণ হʼব লগা এক বাস্তৱ ভৱিষ্যতবাণী। যেনেকৈ বাবিলৰ সম্পৰ্কে কৰা ঈশ্বৰৰ ন্যায় বিচাৰৰ ভৱিষ্যতবাণী পূৰ্ণ হৈছিল, তেনেকৈ এতিয়াও হʼব। যিহোৱাই কি যে এক ‘আচৰিত কৰ্ম্মৰ’ প্ৰতিজ্ঞা কৰিছিল? যিচয়া ২৫:৬ পদত এইদৰে কৈছে: “বাহিনীবিলাকৰ যিহোৱাই এই পৰ্ব্বতত সকলো জাতিৰ নিমিত্তে উত্তম উত্তম খোৱা দ্ৰব্যেৰে এক ভোজ, পুৰণি দ্ৰাক্ষাৰসেৰে, এনে কি, অতি তেলীয়া উত্তম উত্তম খোৱা বস্তুৰে, আৰু নিৰ্ম্মল কৰা পুৰণি দ্ৰাক্ষাৰসেৰে এক ভোজ যুগুত কৰিব।”

২০ এই ভৱিষ্যতবাণী ভৱিষ্যতে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসাৰে তেওঁৰ নতুন পৃথিৱীত নিশ্চয়ে পূৰ্ণ হʼব। সেই সময় আমাৰ একেবাৰে কাষ চাপিলহি। সেইসময়ত, মানৱজাতিয়ে বৰ্তমান সময়ত ভোগী থকা সকলোবোৰ সমস্যা সমাধান কৰা হʼব। দৰাচলতে যিচয়া ২৫:৭, ৮ পদে আশ্বাস দিছে যে ঈশ্বৰে সকলো সময়তে আচৰিত কাৰ্য্যসমূহ কৰিবলৈ তেওঁৰ সৃজনকাৰী শক্তিক ব্যৱহাৰ কৰিব। সেই পদত এইদৰে কোৱা হৈছে: “তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিলে, আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব, আৰু গোটেই পৃথিবীৰ পৰা নিজ প্ৰজাবিলাকৰ দুৰ্ণাম দূৰ কৰিব; কিয়নো যিহোৱাই এই কথা কলে।” পাছলৈ পাঁচনি পৌলে মৃত্যুবিলাকৰ পুনৰুত্থান বিষয়ে উল্লেখ কৰি, এই একেই বাক্যক ব্যৱহাৰ কৰিছিল। মৃত্যু ব্যক্তিসকলক পুনৰাই জীৱিত কৰাটো কিমান যে আচৰিত কৰ্ম্ম হʼব!—১ কৰিন্থীয়া ১৫:৫১-৫৪.

২১. ঈশ্বৰে মৃত্যু লোকবিলাকলৈ কেনে আচৰিত কৰ্ম্ম কৰিব?

২১ মানুহৰ চকুলো মচি পেলোৱাৰ কাৰণ হৈছে, সেই সময়ত ঈশ্বৰে মানৱজাতিৰ সকলো ধৰণৰ শাৰীৰিক অসুস্থতাক আঁতৰ কৰিব। ইয়াৰ সত্যতাস্বৰূপে, যীচুৱে যেতিয়া এই পৃথিৱীত আছিল তেতিয়া তেওঁ বহুতো অন্ধ, কলা, মানসিক আৰু শাৰীৰিক বিকলাঙ্গসকলক সুস্থ কৰিছিল। যোহন ৫:৫-৯ পদত এজন ৩৮ বছৰ ধৰি খোঁৰা হৈ থকা ব্যক্তিক সুস্থ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। সঁচাকৈ এই কৰ্ম্ম অদ্ভুত বা আচৰিত আছিল! যিহেতু যীচুৱে কৈছিল যে আটাইতকৈ আচৰিত কাৰ্য্য হৈছে তেওঁ মৃত্যুৰ পৰা পুনৰাই জীয়াই উঠা। সেয়েহে তেওঁ এইদৰে কৈছিল: “তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি, সৎকৰ্ম্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ . . . ওলাব, সেই কাল আহিছে।”—যোহন ৫:২৮, ২৯.

২২. দৰিদ্ৰ আৰু ক্লেশ ভোগীথকাসকলে ভৱিষ্যতলৈ কিয় আশাৰে বাট চাব পাৰে?

২২ এই ভৱিষ্যতবাণী অৱশ্যেই পূৰ্ণ হʼব। কিয়নো এই ভৱিষ্যতবাণীৰ পূৰ্ণতাৰ প্ৰতিজ্ঞা কোনো মানুহে কৰা নাই, কিন্তু সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই নিজেই কৰিছে। পাছত ঈশ্বৰে সাৱধানে তেওঁৰ শক্তিক মহান আৰোগ্য লাভৰ কাৰ্য্যত ব্যৱহাৰ কৰিব, ইয়াৰ ফলাফল নিশ্চয়ে আচৰিত হʼব। গীতমালা ৭২ অধ্যায়ত কৈছে যে এই সকলো কাৰ্য্য ঈশ্বৰে তেওঁৰ ৰজা অৰ্থাত পুত্ৰ যীচুৰ দ্বাৰা পূৰ্ণ কৰিব। তেতিয়া ধাৰ্ম্মিকসকল বৃদ্ধি হʼব। তেতিয়া চাৰিওফালে শান্তি বিৰাজ কৰিব। ঈশ্বৰে ক্লেশ ভোগা আৰু দৰিদ্ৰসকলক উদ্ধাৰ কৰিব। তেওঁ এইদৰে প্ৰতিজ্ঞা কৰিছে: “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ-নিবাসীবিলাক পৃথিবীৰ তৃণৰ দৰে জক্‌মকাব।”—গীতমালা ৭২:১৬.

২৩. ঈশ্বৰৰ আচৰিত কৰ্ম্মসমূহে আমাক কি কৰিবলৈ প্ৰেৰিত কৰা উচিত?

২৩ স্পষ্টৰূপে, আমি যিহোৱাৰ আচৰিত কৰ্ম্মসমূহত মনোযোগ দিয়াৰ কাৰণ আছে। কিয়নো ইয়াত প্ৰাচীন সময়ত তেওঁ কৰা কাৰ্য্য, বৰ্তমান সময়ত কৰি থকা কাৰ্য্য আৰু ভৱিষ্যতে কৰিবলগীয়া কাৰ্য্য সন্মিলিত হৈ আছে। এতেক বাইবেলে এইদৰে কৈছে: “ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ ধন্য হওক, অকল তেৱেঁই আচৰিত কৰ্ম্ম কৰোঁতা। তেওঁৰ গৌৰৱান নাম অনন্ত কাললৈকে ধন্য হওক, আৰু সমুদায় পৃথিবী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওক। আমেন, আৰু আমেন।” (গীতমালা ৭২:১৮, ১৯) আমি আমাৰ সম্বন্ধীয় লোক আৰু আনলোকক গীতমালাত উল্লেখ কৰা বিষয়বোৰ উৎসাহেৰে নিতৌ কোৱা আৱশ্যক। সেইবাবে আঁহক আমি “জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা। সমুদায় লোকসমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম্ম বৰ্ণনা” কৰোঁহঁক।—গীতমালা ৭৮:৩, ৪; ৯৬:৩, ৪. (w01 4/15)

আপুনি কিদৰে উত্তৰ দিব?

•মানুহৰ সীমিত জ্ঞানৰ বিষয়ে ইয়োবক কেনে প্ৰশ্নসমূহ সুধা হৈছিল?

ইয়োব ৩৭-৪১ অধ্যায়ত বৰ্ণনা কৰা ঈশ্বৰৰ কেনেবোৰ আচৰিত কৰ্ম্মই আপোনাক প্ৰভাৱিত কৰিছে?

•ঈশ্বৰৰ আচৰিত কৰ্ম্মৰ কিছুমানক বিবেচনা কৰি আমি কিদৰে প্ৰত্যুত্তৰ দিয়া উচিত?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১০ পৃষ্ঠাৰ ছবি]

হিমকণিকাৰ ভিন্নতা আৰু বজ্ৰপাতৰ অসীম শক্তি দেখি আপুনি কেনে সিদ্ধান্তত উপনীত হʼব?

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

snowcrystals.net

[১৩ পৃষ্ঠাৰ ছবি]

আপোনাৰ কথা-বতৰাৰ জড়িয়তে ঈশ্বৰৰ আচৰিত কাৰ্য্যসমূহৰ বিষয়ে নিতৈ প্ৰকাশ কৰক