Skip to content

Skip to table of contents

“ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল”

“ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল”

“ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল”

“তেওঁ পৃথিবীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য অতি শীঘ্ৰে চলে।”গীতমালা ১৪৭:১৫.

১, ২. যীচুৱে তেওঁৰ শিষ্যসকলক কি কাৰ্য্যভাৰৰ দায়িত্ব দিছিল আৰু ইয়াত কি কি সন্মিলিত আছিল?

 পাঁচনিৰ কৰ্ম্ম ১:৮ পদত সকলোতকৈ আচৰিত ভৱিষ্যতবাণীৰ উল্লেখ কৰা হৈছে। যীচুৰ স্বৰ্গৰোহণ কৰা কিছু সময়ৰ আগতে তেওঁৰ শিষ্যসকলক এইদৰে কৈছিল: “কিন্তু যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে শক্তি পাবা। আৰু যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” কিযে এক অসাধাৰণ কাৰ্য্য সম্পন্ন হʼবলগীয়া আছিল!

গোটেই জগতত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰাটো শিষ্যসকলৰ বাবে ই এক প্ৰত্যাহ্বান কাৰ্য্য আছিল। বিবেচনা কৰক যে এই কাৰ্য্যত কি কি সন্মিলিত আছিল। তেওঁলোকে আনক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা বিষয়ে বুজাত সহায় আগবঢ়াবলৈ লাগিছিল। (মথি ২৪:১৪) তদুপৰি ইয়াৰ অৰ্থ এইটোও আছিল যে যীচুৰ শক্তিশালী বাৰ্ত্তাক প্ৰচাৰ আৰু ঈশ্বৰৰ উদ্দেশ্যৰ সৈতে সম্পৰ্ক থকা তেওঁৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ ওপৰিও, এই কাৰ্য্যত শিষ্য বনোৱা আৰু বাপ্তিষ্মা দিয়াও সন্মিলিত আছিল। তেওঁলোকে এই কাৰ্য্যক গোটেই বিশ্বতে কৰিবলগীয়া আছিল!—মথি ২৮:১৯, ২০.

৩. যীচুৱে তেওঁৰ শিষ্যসকলক কি আশ্বাস দিলে আৰু সেই নিযুক্তি কাৰ্য্যৰ প্ৰতি তেওঁলোকে কেনে মনোবৃত্তি দেখুৱালে?

যিহেতু, যীচুৱে আশ্বাস দিছিল যে এই কাৰ্য্য কৰিবলৈ তেওঁলোকক পবিত্ৰ আত্মাৰ শক্তি প্ৰদান কৰিব। গতিকে তেওঁৰ শিষ্যসকলে কঠিন পৰিস্থিতি আৰু উৎপীড়নৰ সন্মুখীন হোৱা স্বত্ত্বেও সফলতাৰে এই কাৰ্য্যক সম্পন্ন কৰিলে। এইয়া হৈছে ইতিহাসত হোৱা এক সত্য ঘটনা যাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

৪. কেনেকৈ প্ৰচাৰ কাৰ্য্য আৰু শিক্ষা দিয়া আজ্ঞাৰ যোগেদি ঈশ্বৰে নিজৰ প্ৰেম প্ৰকাশ কৰিলে?

যিসকলৰ ওচৰত ঈশ্বৰৰ কোনো জ্ঞান নাই, তেওঁলোকলৈ ঈশ্বৰে প্ৰেম প্ৰকাশ কৰিবলৈ এই বিশ্বব্যাপি প্ৰচাৰ আৰু শিক্ষা দিয়াৰ অভিযানৰ প্ৰবন্ধ কৰিলে। এই অভিযানে লোকসকলক ঈশ্বৰৰ কাষ চাপিবলৈ আৰু পাপৰ পৰা ক্ষমা পাবলৈ সুযোগ কঢ়িয়াই আনিলে। (পাঁচনিৰ কৰ্ম্ম ২৬:১৮) তদুপৰি, যিসকলক প্ৰচাৰ কৰা আৰু শিক্ষা দিয়াৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকেও ঈশ্বৰীয় ভক্তি আৰু সঙ্গী মানৱৰ প্ৰতি প্ৰেম প্ৰকাশ কৰিবলৈ সুযোগ পালে। (মথি ২২:৩৭-৩৯) সেইহেতুকে পাঁচনি পৌলে তেওঁৰ এই কাৰ্য্যক দীপ্তিৰূপ “ধনৰ” সৈতে তুলনা কৰিছিল।—২ কৰিন্থীয়া ৪:৭.

৫. (ক)প্ৰাচীন খ্ৰীষ্টানসকলৰ ভৰসাযুক্ত বিৱৰণিৰ বিষয়ে বাইবেলত কেনে বৃতান্ত পোৱা যায় আৰু তাত কিহৰ বৃদ্ধিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? (খ) বৰ্তমান সময়ত ঈশ্বৰৰ সেৱকসকলৰ বাবে কিয় পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপখন অতি অৰ্থপূৰ্ণ?

প্ৰাচীন খ্ৰীষ্টানসকলৰ এই প্ৰচাৰকাৰ্য্যৰ বিষয়ে ভৰসাযুক্ত ইতিহাস অৰ্থাৎ লূকে লিখা পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপত উল্লেখ কৰিছে। ইয়াত এই কাৰ্য্যক অতি আচৰিত আৰু দ্ৰুতগতিত হোৱা কাৰ্য্য হিচাপে লিপিবদ্ধ কৰা হৈছে। এই বৃদ্ধি হোৱা ঈশ্বৰৰ বাক্যই আমাক গীতমালা ১৪৭:১৫ পদত উল্লেখ কৰা বাক্যশাৰীৰ বিষয়ে মনত পেলাই, যʼত এইদৰে কোৱা হৈছে: “[যিহোৱাই] পৃথিবীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য অতি শীঘ্ৰে চলে।” পবিত্ৰ আত্মাৰ দ্বাৰা ক্ষমতা পাই প্ৰচাৰ কৰা প্ৰাচীন খ্ৰীষ্টানসকলৰ বিবৰণী আজি যিহোৱাৰ সাক্ষীসকলৰ বাবে অতি উৎসাহজনক আৰু অৰ্থপূৰ্ণ। কিয়নো সেই একেই প্ৰচাৰ কাৰ্য্য আৰু শিষ্য বনোৱাৰ দায়িত্বভাৰ আমিও বহন কৰিছোঁ। কেৱল এটাহে পাৰ্থক্য দেখিবলৈ পোৱা যায় যে এই কাৰ্য্য আজি বহুলভাৱে কৰা হৈছে। যেনেকৈ প্ৰথম শতাব্দীত প্ৰাচীন খ্ৰীষ্টানসকলে বিভিন্ন পৰীক্ষাৰ সন্মূখীন হৈছিল, ঠিক তেনেদৰে বৰ্তমান সময়ত আমিও হৈছোঁ। এতেকে আঁহক আমি তেওঁলোকৰ বিষয়ে বিবেচনা কৰিম যে কেনেকৈ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ দিছিল, তেতিয়া তেওঁৰ প্ৰতি আমাৰ বিশ্বাস অধিক শক্তিশালী হৈ উঠিব।

শিষ্যসকলৰ সংখ্যা বৃদ্ধি হোৱা

৬. পাঁচনিৰ কৰ্ম্ম কিতাপখনত তিনিবাৰকৈ উল্লেখ হোৱা বৃদ্ধিৰ বিষয়ে থকা বাক্যশাৰীত কেনেধৰণৰ ভাৱ প্ৰকাশ পাইছে আৰু ইয়াৰ অৰ্থ কি?

ভৱিষ্যতবাণী পূৰ্ণতা হোৱা এটা দিশৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ১:৮ পদত আমি “ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল,” বুলি লিখা বাক্যশাৰী পঢ়িবলৈ পাওঁ। বাইবেলত এই বাক্যশাৰী পাঁচনিৰ কৰ্ম্ম নামৰ কিতাপত মাত্ৰ তিনিবাৰ সামান্য ভিন্নতাৰে উল্লেখ কৰা হৈছে। (পাঁচনিৰ কৰ্ম্ম ৬:৭; ১২:২৪; ১২:২৪; ১৯:২০) “যিহোৱাৰ বাক্য” বা “ঈশ্বৰৰ বাক্য” উল্লেখ কৰা বাক্যশাৰী শুভবাৰ্ত্তা প্ৰচাৰ কৰা কাৰ্য্যক বুজাইছে। ঈশ্বৰৰ শক্তিশালী বাক্য হৈছে জীয়া, কাৰ্য্য-সাধক আৰু যিয়ে ইয়াক গ্ৰহণ কৰে, তেওঁলোকৰ জীৱনত ই এক শক্তিশালী প্ৰভাৱ পেলায়।—ইব্ৰী ৪:১২.

৭. পাঁচনিৰ কৰ্ম্ম ৬:৭ পদত উল্লেখ কৰা ঈশ্বৰৰ বাক্যৰ বৃদ্ধি হোৱা অৰ্থই কিহক বুজাইছে আৰু পেন্টাকোষ্ট সা.যু. ৩৩ চনত কি ঘটনা ঘটিছিল?

ঈশ্বৰৰ বাক্য বৃদ্ধিৰ বিষয়ে প্ৰকাশ কৰা ভাবাৰ্থৰ উল্লেখ প্ৰথমতে পাঁচনিৰ কৰ্ম্ম ৬:৭ পদত কৰা হৈছে। সেই পদত আমি এইদৰে পঢ়িবলৈ পাওঁ: “পাছে ঈশ্বৰৰ বাক্য ব্যাপি গল; আৰু যিৰূচালেমত শিষ্যবিলাকৰ সংখ্যা বৰকৈ বাঢ়িল; পুৰোহিতসকলৰো এটা ডাঙৰ সমাজ বিশ্বাসৰ বশৱৰ্ত্তী হল।” এই পদত শিষ্যসকলৰ বৃদ্ধি হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। পেন্টাকোষ্ট সা.যু. ৩৩ চনত যিৰূচালেমৰ ওপৰৰ কোঠাত জমা হোৱা ১২০ জন শিষ্যৰ ওপৰত পবিত্ৰ আত্মা আহিছিল। তেওঁলোকৰ মাজত পাঁচনি পিতৰো এজন আছিল। তেওঁৰ উৎসাহজনক ভাষণৰ ফলস্বৰূপে সেই একেই দিনা প্ৰায় ৩, ০০০ জনে বাপ্তিষ্মা লৈ ঈশ্বৰৰ সেৱক হয়। যীচুৱে এডাল কাঠৰ স্তম্ভত অপৰাধী হিচাপে মৃত্যু বৰণ কৰাৰ ৫০ দিনৰ পাছত হাজাৰ হাজাৰ লোকে যীচুৰ নামেৰে ওচৰ-পাজৰে থকা নদী বা পুখৰীত বাপ্তিষ্মা লৈছিল। সেই সময়ছোৱা কি যে এক উৎসাহজনক সময় আছিল!—পাঁচনিৰ কৰ্ম্ম ২:৪১.

৮. পেন্টাকোষ্ট সা.যু. ৩৩ চনৰ পাছত শিষ্যবিলাকৰ সংখ্যা কেনেকৈ বৃদ্ধি হʼল?

অৱশ্যে সেইটো একমাত্ৰ আৰম্ভণি আছিল। যিহূদী ধৰ্মগুৰুসকলে প্ৰচাৰ কাৰ্য্যৰ বিৰুদ্ধে কৰা প্ৰচেষ্ঠা বিফল হʼল। কিয়নো “প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে।” (পাঁচনিৰ কৰ্ম্ম ২:৪৭) সেই ধৰ্ম্মগুৰুসকলে কৰা সকলো যোজনা পানীৰ সোঁতত বৈ যোৱা যেন হʼল। অতি সোনকালে, “তাতে সেই মানুহবিলাকৰ সংখ্যা পাঁচ হাজাৰমান হল।” ইয়াৰ পাছত, “আৰু বিশ্বাস কৰা অনেক মুনিহ-তিৰোতাই অধিক অধিককৈ প্ৰভুত যোগ দিছিল।” (পাঁচনিৰ কৰ্ম্ম ৪:৪; ৫:১৪) পাছলৈ তেওঁলোকৰ বৃদ্ধি হোৱা সংখ্যাৰ বিষয়ে এইদৰে পঢ়িবলৈ পাওঁ: “তেতিয়া গোটেই যিহূদিয়া, গালীল, আৰু চমৰিয়া দেশৰ মণ্ডলীয়ে শান্তি পাই, ধৰ্ম্মত বৃদ্ধি হৈ, প্ৰভুৰ ভয়ত দিন নিয়াই, পবিত্ৰ আত্মাৰ উদগণিৰ দ্বাৰাই লেখত বাঢ়ি গল।” (পাঁচনিৰ কৰ্ম্ম ৯:৩১) সম্ভৱতঃ সা.যু. ৫৮ চন অথাৎ কিছু বছৰৰ পাছত এই বিষয়ে বিবৰণীত এইদৰে কোৱা হʼল যে, “যিহূদীবিলাকৰ মাজত বিশ্বাস কৰাবিলাকৰ কত হাজাৰ লোক আছে।” (পাঁচনিৰ কৰ্ম্ম ২১:২০) সেইসময়ত, তেওঁলোকৰ মাজত বহুতো অন্যজাতিয়েও বিশ্বাসী হৈ পৰিছিল।

৯. প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ বিষয়ে আপুনি কেনেকৈ বৰ্ণনা কৰিব?

“শিষ্যসকলৰ বৃদ্ধি হোৱা সংখ্যা” মূল কাৰণ আছিল ধৰ্ম্ম পৰিৱৰ্ত্তন। যিহেতু ই একেবাৰে নতুন ধৰ্ম্ম, কিন্তু অতি প্ৰগতিশালী আছিল। গীৰ্জাৰ সদস্যসকলৰ বিপৰীতে তেওঁলোক সম্পূৰ্ণৰূপে যিহোৱা আৰু তেওঁৰ বাক্যলৈ সমৰ্পিত আছিল। তেওঁলোকে উৎপীড়নৰ সন্মূখীন হোৱা স্বত্ত্বেও আনক সত্য শিকিবলৈ সহায় কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৬:২৩, ২৬-৩৩) যিসকলে খ্ৰীষ্টীয় ধৰ্ম্ম গ্ৰহণ কৰি শিষ্য হৈছিল, তেওঁলোকক যুক্তি দাঙি ধৰি শিকোৱা হৈছিল আৰু পাছলৈ গৈ তেওঁলোকে ভাবি-চিন্তি পদক্ষেপ লৈছিল। (ৰোমীয়া ১২:১) তেওঁলোকে ঈশ্বৰৰ শিক্ষাৰ দ্বাৰা শিক্ষিত হৈছিল; কিয়নো সত্য তেওঁলোকৰ মনত আৰু হৃদয়ত বাস কৰিছিল। (ইব্ৰী ৮:১০, ১১) তেওঁলোকে যি বিশ্বাস কৰিছিল তাৰ বাবে মৃত্যুকো সাৱতি লবলৈ কুণ্ঠাবোধ কৰা নাছিল।—পাঁচনিৰ কৰ্ম্ম ৭:৫১-৬০

১০. প্ৰথম শতাব্দী খ্ৰীষ্টানসকলে কেনেধৰণৰ দায়িত্বভাৰ বহন কৰিছিল আৰু আজি আমি কেনেধৰণৰ সমান্তৰাল দেখিবলৈ পাওঁ?

১০ যিসকলে খ্ৰীষ্টান শিক্ষাক গ্ৰহণ কৰিলে তেওঁলোকে বুজি পালে যে সত্যৰ বিষয়ে আনক কোৱাটো তেওঁলোকৰো দায়িত্ব। যাৰ ফলস্বৰূপে শিষ্যবিলাকৰ সংখ্যাত অধিক বৃদ্ধি হʼল। এজন বাইবেল বিদ্বানে এইদৰে কৈছিল: “কেৱল উত্তেজক আৰু নিযুক্তি পোৱা প্ৰচাৰকে যে প্ৰচাৰ কৰা উচিত, এনে নহয় কিন্তু গীৰ্জাৰ সকলো সদস্যই এই দায়িত্বভাৰ বহন কৰা উচিত . . . যিহেতু তেওঁলোকে সকলো সময়ত আৰু ক্ষেত্ৰত প্ৰচাৰ কৰিছিল আৰু যাৰ বাবে তেওঁলোকৰ সংখ্যা ইমান বৃদ্ধি হʼল।” সেইদৰে আজি প্ৰকৃত খ্ৰীষ্টানসকলেও কৰিব লাগে।

খ্ৰীষ্টান ধৰ্ম্ম স্বীকাৰ কৰা দেশবোৰৰ বৃদ্ধি

১১. পাঁচনিৰ কৰ্ম্ম ১২:২৪ পদত কেনেধৰণৰ বৃদ্ধিৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু ই কেনেকৈ বৃদ্ধি হʼল?

১১ ইয়াৰ দ্বিতীয়টো বৃদ্ধিৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ১২:২৪ পদত এইদৰে কৈছে: “কিন্তু ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গল।” ইয়াত উল্লেখ কৰা ঈশ্বৰৰ বাক্য ব্যাপ্ত, বৃদ্ধি হোৱা ভৌগোলিক স্থানবোৰক বুজাইছে। চৰকাৰে বিৰোধ কৰা স্বত্ত্বেও এই কাৰ্য্য অধিককৈ বৃদ্ধি হৈছে। প্ৰথমতে যিৰূচালেমত থকা খৃষ্টানসকলৰ ওপৰত পবিত্ৰ আত্মা প্ৰদান কৰা হʼল আৰু তাৰ পাছত সকলো পৃথিৱীলৈ বিয়পি গʼল। যিৰূচালেমত অহা উৎপীড়নৰ ফলত শিষ্যসকলে যিহূদিয়া আৰু চমৰিয়াৰ দেশৰ ঠায়ে ঠায়ে গোট হʼল। ইয়াৰ পৰিণাম কি আছিল? এই সম্পৰ্কে বাইবেলে এইদৰে কৈছে: “তাতে যিবিলাক গোট গোট হল, তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:১, ৪) বিশেষকৈ পাঁচনি ফিলিপক প্ৰভুৰ দূতে এনে এজন ব্যক্তিক প্ৰচাৰ কৰিবলৈ আজ্ঞা দিলে যিজনে যিৰূচালেমলৈ আহিছিল। সেই ব্যক্তিজনে সত্য স্বীকাৰ কৰি বাপ্তিষ্মা লয় আৰু কুচ দেশত ইয়াৰ বিষয়ে প্ৰচাৰ কৰে। (পাঁচনিৰ কৰ্ম্ম ৮:২৬-২৮, ৩৮, ৩৯) অতি সোনকালে এই প্ৰচাৰ কাৰ্য্যৰ পৰিণাম লুদ্দা, চাৰোণ আৰু যাফোৰ নামৰ নগৰবোৰত জনাজাত হৈ পৰিল। (পাঁচনিৰ কৰ্ম্ম ৯:৩৫, ৪২) পাছলৈ পাঁচনি পৌলে সমুদ্ৰ আৰু স্থলত হাজাৰ-হাজাৰ কিলোমিটাৰ যাত্ৰা কৰি ভূমধ্যসাগৰৰ উপকূল অঞ্চলত অৱস্থিত দেশসমূহত মণ্ডলী স্থাপিত কৰিলে। পাঁচনি পিতৰে বাবিলত গৈ প্ৰচাৰ কৰিলে। (১ পিতৰ ৫:১৩) পবিত্ৰ আত্মা প্ৰদান কৰা ৩০ বছৰৰ ভিতৰতে “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত” যে প্ৰচাৰ কৰা হʼল, ইয়াৰ বিষয়ে পাঁচনি পৌলে লিখিব পাৰিলে। সম্ভৱতঃ তেওঁৰ অনুসাৰে সেইসময়ত থকা সকলো প্ৰখ্যাত দেশত প্ৰচাৰ কাৰ্য্য সম্পন্ন হৈছিল।—কলচীয়া ১:২৩.

১২. বিভিন্ন দেশত হোৱা ঈশ্বৰৰ বাক্যৰ বৃদ্ধি বিষয়ে বিৰোধীসকলে কি স্বীকাৰ কৰিলে?

১২ আনকি বিৰোধীসকলেও স্বীকাৰ কৰিলে যে ঈশ্বৰৰ বাক্যৰ শিপা গোটেই ৰোমান সম্ৰাজ্যত ব্যপি গʼল। উদাহৰণস্বৰূপে, পাঁচনিৰ কৰ্ম্ম ১৭:৬ পদত উল্লেখ কৰা গ্ৰীক দেশৰ উত্তৰ ভাগত থকা থিচলনীকিয়া নামৰ নগৰত থকা বিৰোধীসকলে ৰিঙিয়াই কৈছিল: “যি মানুহবোৰে জগতকে লণ্ডভণ্ড কৰিলে, সেইবোৰ ইয়ালৈকো আহিল।” তদুপৰি, দ্বিতীয় শতাব্দীৰ আৰম্ভণীত, বিথুনিয়াত থকা প্লিনী দা ইয়্যাংগাৰে ৰোমান সম্ৰাট ট্ৰাজানলৈ খ্ৰীষ্টান ধৰ্ম্মৰ বিষয়ে আপত্তি দৰ্শাই এইদৰে লিখিছিল: “[এই ধৰ্ম্ম] মহামাৰী নিচিনাকৈ মাত্ৰ নগৰবোৰতে নহয়, কিন্তু ওচৰে-পাজৰে থকা সকলো গাওঁ আৰু দেশসমূহতো ব্যপি পৰিছে।”

১৩. পৃথিৱীৰ সকলো ভাগতে ঈশ্বৰৰ বাক্য বৃদ্ধি হোৱা কাৰ্য্যই মানৱজাতিলৈ কেনেকৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিছে?

১৩ বিভিন্ন দেশত ঈশ্বৰৰ বাক্য বৃদ্ধি হোৱা কাৰ্য্য মানৱজাতিৰ উদ্ধাৰৰ বাবে থকা ঈশ্বৰৰ গভীৰ প্ৰেমৰ এক আভাস আছিল। কিয়নো যেতিয়া পাঁচনি পিতৰে অন্যজাতিৰ কৰ্ণালিয় নামৰ এজন ব্যক্তিৰ ওপৰত অহা পবিত্ৰ আত্মাক অনুভৱ কৰিলে: “তেতিয়া পিতৰে মাত লগাই কলে, ঈশ্বৰ পক্ষপাতী নহয়, কিন্তু সকলো জাতিৰ মাজত যি জনে তেওঁলৈ ভয় ৰাখি ধৰ্ম্মআচৰণ কৰে, সেই জন তেওঁৰ গ্ৰাহ্য হয়, ইয়াকে মই নিশ্চয়কৈ বুজ পাইছোঁ।” (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) সঁচাকৈ, এই শুভবাৰ্ত্তা সকলো লোকৰ বাবে আছিল আৰু আজিও আছে। যেনেকৈ ঈশ্বৰৰ বাক্য সকলো দেশলৈ বিয়পি গʼল, সকলো লোকে ঈশ্বৰৰ প্ৰেমক গ্ৰহণ কৰিবলৈ সুযোগ পালে। আজি অৰ্থাৎ এই ২১ শতিকাত পৃথিৱীৰ সকলো ভাগতে ঈশ্বৰৰ বাক্য বিয়পি পৰিছে।

ঈশ্বৰৰ বাক্য বৃদ্ধি হৈ প্ৰবল হʼল

১৪. কেনেধৰণৰ বৃদ্ধিৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ১৯:২০ পদত উল্লেখ কৰা হৈছে আৰু কেনে পৰিস্থিতিসমূহৰ স্বত্ত্বেও ঈশ্বৰৰ বাক্য প্ৰবল হʼল?

১৪ ইয়াৰ তৃতীয়টো বৃদ্ধিৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ১৯:২০ পদত উল্লেখ কৰি কৈছে: “ইমান পৰাক্ৰমেৰে প্ৰভুৰ বাক্য ব্যাপ্ত হৈ জয়ী হল।” “জয়ী” শব্দটো মূল গ্ৰীক ভাষাৰ পৰা আহিছে, ইয়াৰ অৰ্থ হৈছে “অধিক শক্তিশালী” হোৱা বুলিও বুজায়। পাছৰ পদবোৰত কোৱা হৈছে যে ইফিচীয়াত বহুতে বিশ্বাসী হৈ পৰিল আৰু তেওঁলোকৰ ভিতৰত বেছি সংখ্যক ব্যক্তিয়ে যাদু-বিদ্যা শিকিছিল। তেওঁলোকে যাদু-বিদ্যাৰ সকলোবোৰ পুথি জ্বলাই নষ্ট কৰে আৰু সকলোৱে ইয়াৰ সাক্ষী আছিল। এইদৰে, ঈশ্বৰৰ বাক্যই মিছা ধৰ্মীয় অভ্যাসবোৰৰ ওপৰত জয়ী অৰ্থাৎ প্ৰবল হʼল। আনকি বিভিন্ন বাধা আৰু অত্যাচাৰৰ স্বত্ত্বেও ঈশ্বৰৰ বাক্য প্ৰবল হোৱা দেখা গʼল। এই বৃদ্ধিক কোনেও ৰখাব নোৱাৰিলে। আজি আমাৰ সময়তো এনেধৰণৰ সমান্তৰাল দেখিবলৈ পোৱা যায়।

১৫. (ক)এজন বাইবেল ইতিহাস লেখকে প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ বিষয়ে কি লিখিছিল? (খ) শিষ্যসকলে পোৱা সফলতাৰ বাবে কাক প্ৰশংসা কৰিছিল?

১৫ পাঁচনি আৰু প্ৰথম শতাব্দীৰ অন্য খ্ৰীষ্টানসকলে ঈশ্বৰৰ বাক্যক অতি উৎসাহেৰে প্ৰচাৰ কৰিলে। এজন বাইবেল বিদ্বানে তেওঁলোকৰ বিষয়ে এইদৰে মন্তব্য দিছিল: “যেতিয়া লোকসকলে ঈশ্বৰৰ বিষয়ে আনক কবলৈ দৃঢ় সঙ্কল্প কৰে, তেওঁলোকে যিকোনো প্ৰকাৰে উপায় ওলিয়াই লয়। তেওঁলোকৰ প্ৰচাৰ কৰা বিভিন্ন পদ্ধতিয়ে নহয় কিন্তু তেওঁলোকে কৰা দৃঢ় নিৰ্ণয়ে আমাক প্ৰভাৱিত কৰে।” যিহেতু, প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে স্বীকাৰ কৰিলে যে তেওঁলোকৰ এই সফলতা নিজৰ বলৰ দ্বাৰা হোৱা নাছিল। এই দায়িত্বভাৰ বহন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হৈছিল আৰু এই কাৰ্য্যক সম্পন্ন কৰাত ঈশ্বৰেহে শক্তি প্ৰদান কৰিছিল। কিয়নো আধ্যাত্মিক বৃদ্ধি ঈশ্বৰৰ পৰাহে আহে। পাঁচনি পৌলে কৰিন্থীয় মণ্ডলীলৈ লিখা তেওঁৰ পত্ৰখনত উল্লেখ কৰি এইদৰে কৈছিল: “মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে। কিয়নো আমি ঈশ্বৰৰ সহকৰ্ম্মী; তোমালোক ঈশ্বৰৰ ক্ষেত্ৰ, ঈশ্বৰে সজা ঘৰস্বৰূপ।”—১ কৰিন্থীয়া ৩:৬, ৯.

পবিত্ৰ আত্মাৰ কাৰ্য্য

১৬. কেনে কাৰ্য্যই দৰ্শাইছে যে পবিত্ৰ আত্মাই যে শিষ্যসকলক সাহসী হৈ কবলৈ সহায় কৰিলে?

১৬ মনত পেলাওঁক যে যীচুৱে তেওঁৰ শিষ্যসকলক আশ্বাস দিছিল যে পবিত্ৰ আত্মাই ঈশ্বৰৰ বাক্য বৃদ্ধি কৰাত আৰু শিষ্যসকলৰ প্ৰচাৰ কাৰ্য্যৰ বাবে সহায় কৰিব। (পাঁচনিৰ কৰ্ম্ম ১:৮) এইটো কেনেকৈ সম্ভৱ হৈছিল? পেন্টাকোষ্টৰ দিনত শিষ্যবিলাকৰ ওপৰত পবিত্ৰ আত্মা অহা কিছু সময়ৰ পাছত পাঁচনি পিতৰ আৰু যোহনক যিহূদী মহাসভাত উপস্থিত হʼবলগীয়া হʼল। সেইসময়ত যিহূদীসকলৰ দেশত ই এক উচ্চতৰ মহান বিচাৰ সভা আৰু ইয়াত থকা ন্যায়কৰ্তাসকলে যীচুক হত্যা কৰাৰ বাবে দায়ী আছিল। গতিকে তেনে মহাসভাৰ আগত উপস্থিত হোৱাত পাঁচনিসকলে কম্পিত আৰু ভয়াভীত হৈছিল নে? নিশ্চয় তেওঁলোকে ভয়াভীত হোৱা নাছিল। কিয়নো পবিত্ৰ আত্মাই পাঁচনি পিতৰ আৰু যোহনক তেওঁলোকৰ বিৰোধীসকলৰ আগত থিয় হৈ সাহসেৰে উত্তৰ দিবলৈ সহায় কৰিছিল। ইয়াৰ বাবে তাত উপস্থিত থকা শাসনকৰ্তা, বৃদ্ধলোকসকলে বিস্ময় মানিলে আৰু “তেওঁলোক যীচুৰ সঙ্গী আছিল বুলি তেওঁলোকক চিনি পালে।” (পাঁচনিৰ কৰ্ম্ম ৪:৮, ১৩) পাঁচনি স্থিফানকো পবিত্ৰ আত্মাই যীচুৰ বিষয়ে মহাসভাত সাক্ষী দিবলৈ সহায় কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৬:১২; ৭:৫৫, ৫৬) প্ৰথম শতাব্দীত পবিত্ৰ আত্মাই শিষ্যসকলক সাহসী হৈ প্ৰচাৰ কৰিবলৈ সহায় কৰিছিল। এই সন্দৰ্ভত লূকে এইদৰে কৈছে: “এই প্ৰাৰ্থনা কৰিলত, তেওঁবিলাকে গোট খোৱা ঠাই কঁপিবলৈ ধৰিলে; আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, ঈশ্বৰৰ বাক্য সাহেৰে কলে।”—পাঁচনিৰ কৰ্ম্ম ৪:৩১.

১৭. শিষ্যসকলৰ প্ৰচাৰ কাৰ্য্যত পবিত্ৰ আত্মাই আন কেনে প্ৰকাৰে সহায় প্ৰদান কৰিলে?

১৭ যিহোৱাই, মৃত্যুৰ পৰা পুনৰাই জীয়াই উঠা তেওঁৰ পুত্ৰ যীচু আৰু পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰচাৰ কাৰ্য্য কৰিবলৈ নিৰ্দ্দেশনা দিলে। (যোহন ১৪:২৮; ১৫:২৬) যেতিয়া কৰ্ণলিয়া আৰু তেওঁৰ সম্বন্ধীয়া লোক আৰু বন্ধুবিলাকৰ ওপৰত পবিত্ৰ আত্মা আহিল, তেতিয়া পাঁচনি পিতৰে জানিব পাৰিলে যে পৰজাতিবিলাকে যীচুৰ নামত বাপ্তিষ্মা লবলৈ যোগ্য। (পাঁচনিৰ কৰ্ম্ম ১০:২৪, ৪৪-৪৮) পাছত, পবিত্ৰ আত্মাই পাঁচনি বাৰ্ণব্বা আৰু চৌলক (পাঁচনি পৌল) পবিত্ৰ আত্মাৰ দ্বাৰা মিছনাৰী কাৰ্য্যৰ বাবে নিযুক্ত কৰিলে আৰু ইয়ে তেওঁলোকক কʼত কʼত গৈ প্ৰচাৰ কৰিব লাগে আৰু নালাগে, ইয়াৰ নিৰ্দ্দেশনা দিলে। (পাঁচনিৰ কৰ্ম্ম ১৩:২, ৪; ১৬:৬, ৭) পবিত্ৰ আত্মাই যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধসকলক সঠিক নিৰ্ণয় লবলৈ পৰিচালনা কৰিলে। (পাঁচনিৰ কৰ্ম্ম ১৫:২৩, ২৮, ২৯) পবিত্ৰ আত্মাই খ্ৰীষ্টান মণ্ডলীত থকা অধ্যক্ষসকলকো মাৰ্গ-প্ৰদৰ্শন কৰিলে।—পাঁচনিৰ কৰ্ম্ম ২০:২৮.

১৮. প্ৰথম শতাব্দীত খ্ৰীষ্টানসকলে কেনেকৈ প্ৰেম প্ৰকাশ কৰিলে?

১৮ পবিত্ৰ আত্মাই খ্ৰীষ্টানসকলক ব্যক্তিগতভাৱে ঈশ্বৰীয় গুণ যেনে, প্ৰেম উৎপন্ন কৰিবলৈ সহায় কৰিলে। (গালাতীয়া ৫:২২, ২৩) প্ৰেমে, তেওঁলোকৰ এজনে আনজনৰ প্ৰতি যত্ন লবলৈ প্ৰেৰিত কৰিলে। উদাহৰণস্বৰূপে, সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ত যিৰূচালেমত থকা শিষ্যবিলাকৰ ভৌতিক আৱশ্যকতাৰ প্ৰতি যত্ন লবলৈ ফাণ্ডৰ ব্যৱস্থা কৰা হʼল। বাইবেলৰ বৃতান্তই এইদৰে কৈছে: “কিয়নো তেওঁবিলাকৰ মাজৰ কাৰো একোৰো অভাৱ নাছিল; কাৰণ যিমান মানুহৰ মাটি বা ঘৰ আছিল, তেওঁবিলাকে তাক বেচি, তাৰ ধন আনি পাঁচনিবিলাকৰ চৰণত থয়হি; তাতে যাৰ যেনেকৈ প্ৰয়োজন, তেওঁক তেনেকৈ বাঁটি দিয়ে।” (পাঁচনিৰ কৰ্ম্ম ৪:৩৪, ৩৫) এই প্ৰেমে মাত্ৰ তেওঁলোকৰ সহসঙ্গীৰ প্ৰতি যত্ন লবলৈ নহয় কিন্তু আনসকলকো যত্ন লবলৈ সহায় কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ২৮:৮, ৯) যিহেতু যীচুৱে কৈছিল যে পৰস্পৰৰ প্ৰেমৰ দ্বাৰা তেওঁলোকক যীচুৰ শিষ্যৰূপে চিনি পাব। (যোহন ১৩:৩৪, ৩৫) সঁচাকৈ, এই মুখ্য গুণ প্ৰেমে বহুতো লোকক ঈশ্বৰৰ কাষ চাপিবলৈ আৰু বৃদ্ধি সম্বন্ধে থকা দান কৰিবলৈ অনুপ্ৰানিত কৰিলে।—মথি ৫:১৪, ১৬.

১৯. (ক)প্ৰথম শতাব্দীত কেনে তিনি প্ৰকাৰে ঈশ্বৰৰ বাক্যৰ বৃদ্ধি হৈছিল? (খ) পৰৱৰ্ত্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?

১৯ “পবিত্ৰ আত্মাৰ” বিষয়ে পাঁচনিৰ কৰ্ম্ম কিতাপত প্ৰায় ৪১ বাৰ উল্লেখ কৰা হৈছে। স্পষ্টৰূপে দেখা যায় যে প্ৰথম শতাব্দীত শিষ্যসকলৰ বৃদ্ধিত পবিত্ৰ আত্মাৰ মাৰ্গ-দৰ্শন আৰু শক্তি সন্মিলিত আছিল। সেইবাবে শিষ্যসকলৰ সংখ্যাত বৃদ্ধি, ঈশ্বৰৰ বাক্য বিভিন্ন দেশত বিয়পি যোৱা আৰু সেইসময়ত মিছা ধৰ্ম্ম আৰু দাৰ্শনিক তত্ত্বসমূহৰ ওপৰত প্ৰবল হৈছিল। গতিকে সেই বৃদ্ধি হোৱা কাৰ্য্য প্ৰথম শতাব্দীত আৰু বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যত সমান্তৰালভাৱে দেখিবলৈ পোৱা যায়। পৰৱৰ্ত্তী লেখতো আমি আলোচনা কৰিম যে প্ৰথম শতাব্দীত হোৱা ঈশ্বৰৰ বাক্যৰ বৃদ্ধি আজি আধুনিক সময়ৰ সৈতে কেনেকৈ সমান্তৰাল। (w01 4/1)

আপোনাৰ মনত আছেনে?

•প্ৰথম শতাব্দীত শিষ্যসকল সংখ্যা কেনেকৈ বৃদ্ধি হʼল?

•ঈশ্বৰৰ বাক্য কেনেকৈ বিভিন্ন দেশত বিয়পি গʼল?

•প্ৰথম শতাব্দীক কেনেকৈ ঈশ্বৰৰ বাক্য প্ৰবল হʼল?

•পবিত্ৰ আত্মাই ঈশ্বৰৰ বাক্যক বৃদ্ধি কৰাত কি ভূমিকা আদায় কৰিলে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৮ পৃষ্ঠাৰ ছবি]

পাঁচনি ফিলিপে এজন কূচ-দেশীয় নপুংসকক প্ৰচাৰ কৰিলে, এইদৰে বিভিন্ন দেশত ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গʼল

[১৯ পৃষ্ঠাৰ ছবি]

পবিত্ৰ আত্মাই যিৰূচালেমত থকা পাঁচনি আৰু বৃদ্ধসকলক সঠিক নিৰ্ণয় লোৱাত সহায় কৰিছিল

[১৬ পৃষ্ঠাৰ ছবি]

ওপৰৰ সোঁফালে চুকত: দ্বিতীয়বাৰ মন্দিৰ নিৰ্ম্মাণৰ সময়ত পুনৰ স্থাপন কৰা যিৰূচালেম নগৰ - located on the grounds of the Holyland Hotel, Jerusalem