Skip to content

Skip to table of contents

“বিভিন্নতাৰ মাজত ঐক্যতা” থকা এখন দেশ—ভাৰত

“বিভিন্নতাৰ মাজত ঐক্যতা” থকা এখন দেশ—ভাৰত

ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰ চাৰকসকলৰ বিষয়ে ৰিপৰ্ট

“বিভিন্নতাৰ মাজত ঐক্যতা” থকা এখন দেশ—ভাৰত

 ভাৰতত ব্যৱহাৰ কৰা এক প্ৰচলিত প্ৰবচন হৈছে, “বিভিন্নতাৰ মাজত ঐক্যতা।” ভাৰত হৈছে এখন ডাঙৰ দেশ, গতিকে ইয়াত সংস্কৃতি, ভাষা, ধৰ্ম্ম, জাতি, সাজ-পোছাক আৰু আহাৰৰ বিভিন্ন বৈশিষ্ঠতা থকাৰ বাবে ইয়াত থকা লোকসকলৰ মাজত ঐক্যতা অনাটো এটা সহজ কথা নহয়। কিন্তু মন কৰিবলগীয়া এই যে ভাৰতত থকা যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন কাৰ্য্যালয়ত এনেধৰণৰ ঐক্যতা দেখিব পোৱা যায়। এই প্ৰশাসন কাৰ্য্যলয়ত বেলেগ বেলেগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা বিভিন্ন ভাষা কোৱা লোকসকলে স্বইচ্ছাৰে একেলগে মিলি-জুলি কাৰ্য্য কৰে।

• আঁহক আমি তেওঁলোকৰ কিছুমানৰ বিষয়ে বিবেচনা কৰোঁহঁক। প্ৰথমতে আমি ৰাজৰাণী নামৰ এগৰাকী যুৱা ভনীৰ সৈতে চিনাকী হওঁহঁক। এই ভনী গৰাকীয়ে ভাৰতৰ উত্তৰ-পশ্চিমত থকা পঞ্জাৱ ৰাজ্যৰ পৰা আহিছে। যেতিয়া ৰাজৰাণীয়ে স্কুলত পঢ়ি আছিল, সেই সময়ত তাইৰ শ্ৰেণীত থকা এগৰাকী সহপাঠীয়ে যিহোৱাৰ সাক্ষীৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰে। সেই সহপাঠীজনীয়ে ৰাজৰাণীক বাইবেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা কৰে। যিহেতু তাইৰ সহপাঠীজনীয়ে ভালদৰে ইংৰাজী নাজানিছিল, তদুপৰি সেই সময়ত প্ৰহৰীদুৰ্গ আলোচনীখনো পঞ্জাৱী ভাষাত উপলব্ধ নাছিল। সেইবাবে তাই এই আলোচনীখন পঞ্জাৱী ভাষাত অনুবাদ কৰিবলৈ ৰাজৰাণীৰ পৰা সহায় বিচাৰিলে। ৰাজৰাণীয়ে প্ৰহৰীদুৰ্গ আলোচনীখনত যি পঢ়িলে, ইয়াৰ দ্বাৰা তাই ইমানে গভীৰৰূপে প্ৰভাৱিত হʼল যে তাইৰ পিতৃ-মাতৃয়ে বিৰোধ কৰাৰ স্বত্বেও সত্য শিকিবলৈ আগবাঢ়ি আহিল আৰু সময় অতিক্ৰম কৰা লগে লগে তাই নিজকে যিহোৱা ঈশ্বৰলৈ সমৰ্পিত কৰিলে। বৰ্তমান সময়ত তাই ভাৰতত থকা শাখা কাৰ্য্যালয়ত বেথেলাইট হিচাপে সেৱা কৰি আছে। এতিয়াও এই ভনীগৰাকীয়ে সেই একেই কাৰ্য্য অৰ্থাৎ অনুবাদক হিচাপে কাৰ্য্য কৰিছে, যাৰ যোগেদি তাই জীৱনৰ পথ বিচাৰি পাইছিল। তাই এতিয়া সংস্থাৰ আলোচনীবোৰক পঞ্জাৱী ভাষাত অনুবাদ কৰিছে!

• আনটো উদাহৰণ হৈছে, ভাৰতৰ দক্ষিণ-পশ্চিমত থকা কেৰেলা ৰাজ্যৰ পৰা অহা বিজু নামৰ এজন ভাইৰ কথা বিবেচনা কৰক। তেওঁ হাই স্কুলত পঢ়ি থকাৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উৎসৱত ভাগ নলৈ নিৰপক্ষতা বজাই ৰখাৰ বাবে তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰা হয়। আদালতত তেওঁৰ মোকৰ্দ্দমা বহু দিনৰ লৈকে চলে আৰু শেষত সত্য উপাসনাৰ বৈশিষ্ট্যপূৰ্ণৰূপে জয়লাভ কৰে। বিজুক পুনৰাই স্কুলত লোৱা হʼল। * আগলৈ তেওঁ কলেজীয়া শিক্ষাও গ্ৰহণ কৰে। কিন্তু তাতো অনৈতিক পৰিৱেশে তেওঁৰ বিবেকক আমনি কৰিব ধৰিলে আৰু সেইবাবে তেওঁ কিছু মাহৰ পাছত কলেজৰ শিক্ষা বাদ দিয়ে। আজি তেওঁ বেথেলত সেৱা কৰা দহ বছৰতকৈও অধিক হʼল। তেওঁ এতিয়া অনুভৱ কৰে যে বেথেলত ঐক্যতাবদ্ধ পৰিয়ালত থকি তেওঁ যিমান আধ্যাত্মিকৰূপে লাভৱান হৈছে, সিমান জাগতিক শিক্ষা লোৱা হলে নহলহেঁতেন।

• শেষত আন এটা উদাহৰণ নৰ্মা আৰু লীলী নামৰ দুগৰাকী বিধৱা ভনী। তেওঁলোকৰ বয়স ৭০ বছৰতকৈও অধিক। তেওঁলোক দুয়োৱে ৪০ বছৰতকৈও অধিক বছৰ পূৰ্ণ সময়ৰ সেৱাত অতিবাহিত কৰিছে। লীলী নামৰ ভনীগৰাকীয়ে শাখা কাৰ্য্যালয়ত প্ৰায় ২০ বছৰ ধৰি তামিল ভাষাত অনুবাদক হিচাপে কাৰ্য্য কৰি আছে। নৰ্মা নামৰ ভনীগৰাকীয়ে ১৩ বছৰৰ আগতেই নিজৰ স্বামীক মৃত্যুত হেৰুৱাবলগীয়া হʼল। তদুপৰি তেওঁলোকৰ উত্তম উদাৰহৰণ আৰু কঠোৰ পৰিশ্ৰমে বেথেল পৰিয়ালত থকা আন সকলো ভাই-ভনীকৰ প্ৰেৰিত কৰে। তেওঁলোকে বেথলত ভ্ৰমণ কৰিবলৈ অহা আতিথীসকলৰ মন আনন্দিত কৰে আৰু তেওঁলোকে বেথেল পৰিয়ালত থকা যুৱা সদস্যসকলৰ সৈতে তেওঁলোকে দীৰ্ঘ সময় ধৰি সত্যত থকা অনুভৱৰ বিষয়ে কথা-বতৰা হৈ আনন্দ উপভোগ কৰে। যুৱা সদস্যসকলেও তেওঁলোকৰ সৈতে সঙ্গতি কৰিবলৈ নিজৰ ৰুমলৈ আমন্ত্ৰণ কৰে আৰু তেওঁলোকক আৱশ্যক হোৱাৰ সময়ত সহায় কৰে। সঁচাকৈ এক লেখত লবলগীয়া উত্তম আৰ্হি!

বেথেলত স্বইচ্ছাৰে সেৱা কৰা ভাই-ভনীসকলে নিজৰ মনৰ পৰা হাই-কাজিয়া আৰু মতভেদৰ কাৰণবোৰক আঁতৰ কৰি, ঐক্যতাৰে বেথেল পৰিয়ালৰ সদস্যৰূপে একেলগে আনন্দেৰে কাৰ্য্য কৰিছে।—গীতমালা ১৩৩:১. (w01 4/1)

[ফুটনোট]

^ ইংৰাজী প্ৰহৰীদুৰ্গ, নবেম্বৰ ১, ১৯৮৭ চনৰ ২১ পৃষ্ঠাত চাওঁক।

[১৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Background: Mountain High Maps® Copyright © 1997 Digital Wisdom, Inc.